অনুশাসন আৰু স্বাধীনতা | BA 1st Semester Education Chapter 4 Question Answer Assamese Medium 2025 | ba 1st semester education question answer | ba 1st semester education book pdf | BA 1st Semester Education Unit 4 Question Answer Assamese Medium 2025 | Discipline and Freedom

অনুশাসন আৰু স্বাধীনতা | BA 1st Semester Education Chapter 4 Question Answer Assamese Medium 2025 | ba 1st semester education question answer | ba 1st semester education book pdf | BA 1st Semester Education Unit 4 Question Answer Assamese Medium 2025 | Discipline and Freedom

Unit : 4
অনুশাসন আৰু স্বাধীনতা (Discipline and Freedom)

১। ইংৰাজী ‘Discipline’ শব্দটো কোন ভাষাৰ পৰা অনা হৈছে?

উত্তৰঃ ইংৰাজী ‘Discipline’ শব্দটো লেটিন ভাষাৰ পৰা অনা হৈছে।

২। দুই প্ৰকাৰৰ অনুশাসন কি কি?

উত্তৰঃ দুই প্ৰকাৰৰ অনুশাসন হৈছে-

(ক) বাহ্যিক আৰু

(খ) আভ্যন্তৰীণ অনুশাসন।

৩। আদেশ আৰু অনুশাসনৰ এটা পার্থক্য কি?

উত্তৰঃ আদেশ আৰু অনুশাসনৰ এটা পাৰ্থক্য হৈছে-

(ক) আদেশে বৰ্তমানৰ লক্ষ্য নিৰূপণ কৰে। আনহাতে অনুশাসনে ভৱিষ্যতৰ বিচাৰ কৰে।

৪। পুৰস্কাৰৰ দুটা উপকাৰিতা কি কি?

উত্তৰঃ পুৰস্কাৰৰ দুটা উপকাৰিতা হৈছে-

(ক) পুৰস্কাৰে ছাত্ৰ-ছাত্ৰীৰ মনত আনন্দ দিয়ে আৰু ভৱিষ্যতে ভাল কাম কৰিবলৈ প্ৰেৰণা যোগায়।

(খ) পুৰস্কাৰৰদ্বাৰা শিশুক অসুস্থ মানসিক প্রভাৱৰ পৰা মুক্ত কৰিব পাৰি।

৫। পুৰস্কাৰৰ দুটা অপকাৰিতা লিখা?

উত্তৰঃ পুৰস্কাৰৰ দুটা অপকাৰিতা হৈছে-

(ক) পুৰস্কাৰে কেতিয়াবা ছাত্ৰ-ছাত্ৰীক প্ৰকৃত উদ্দেশ্যৰ পৰা আঁতৰাই কেৱল পুৰস্কাৰৰ প্ৰতিহে আকৰ্ষিত কৰি তোলে। যেনে- বৃত্তি পাবৰ বাবে বছা বছা প্রশ্ন মুখস্থ কৰি পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰা, পৰীক্ষাগৃহত নকল কৰা আদি।

(খ) পুৰস্কাৰে ছাত্ৰসকলৰ মাজত হিংসা, দ্বন্দ্ব আৰু অসুস্থ প্রতিযোগিতাৰ ভাব জগাই তোলে। আনকি প্রতিযোগিতাত জয়ী হ’বলৈ ছাত্র-ছাত্রীয়ে প্ৰতাৰণা আৰু মিছা কথা কোৱা, হাই-কাজিয়া কৰা আদি নানা ধৰণৰ অসৎ কার্যত লিপ্ত হয়।

S.NoBA 1st Semester Education Solution – All Units
1শিক্ষাৰ ধাৰণা (Concept of Education)
2শিক্ষাৰ লক্ষ্যসমূহ (Aims of Education)
3পাঠ্যক্রম (Curriculum)
4অনুশাসন আৰু স্বাধীনতা (Discipline and Freedom)
5গণতন্ত্ৰ আৰু শিক্ষা (Democracy and Education)

৬। অনুশাসনৰ প্ৰয়োজনীয়তা সম্পর্কে এটি আলোচনা কৰা?

উত্তৰঃ অনুশাসনৰ প্ৰয়োজনীয়তাসমূহ হ’ল-

(ক) অনুশাসন কেৱল শিশুৰ ব্যক্তিগত আয়োজনৰ বাবে উপযোগী নহয়, সিহঁতৰ শান্তি, আনন্দ আৰু ভাল পৰিপূৰ্ণ জীৱনৰ বিকাশৰ বাবে ই প্রয়োজন।

(খ) শিশুৰ সুস্থ শাৰীৰিক আৰু বৌদ্ধিক বিকাশ, সুস্থ সন্মত স্বাস্থ্যৰ বিকাশ আৰু মৰম অথবা অন্যান্য প্রয়োজনৰ বাবে অনুশাসনৰ প্ৰভাৱ পৰিলক্ষিত হয়।

(গ) আত্ম-অনুশাসন, আনক সন্মান প্রদর্শন, সমনীয়াৰ লগত সহযোগিতাৰ ভাৱ বৃদ্ধি আদিৰ বাবে অনুশাসন দৰকাৰ।

(ঘ) অনুশাসনে ব্যক্তিৰ মনৰ দক্ষতা, অভিপ্রায়, আত্ম-নিয়ন্ত্ৰণ আৰু গ্রহণযোগ্য আচৰণৰ বিকাশ সাধনত সহায় কৰে।

(ঙ) ছাত্র-ছাত্ৰীৰ সজ আচৰণ, নৈতিক গুণ, নিয়মানুবর্তীতা, সহনশীলতা, দয়ালু, আত্ম-ত্যাগ, একতা আদি দিশৰ বিকাশৰ বাবে অনুশাসনৰ প্ৰয়োজন অনুভৱ কৰা হয়।

(চ) বিদ্যালয়ৰ প্ৰশাসনীয় কাম-কাজ অথবা শৈক্ষিক দিশৰ বিভিন্ন পৰিবেশৰ উন্নতি সাধনৰ বাবে অনুশাসনৰ প্ৰয়োজন হয়।

(ছ) শিশুৰ আবেগিক, নৈতিক, মানসিক, সামাজিক আদি ব্যক্তিত্বৰ সকলো দিশৰ সুস্থ বিকাশ আৰু প্ৰকাশৰ বাবে অনুশাসনে সহায় কৰে।

(জ) বিদ্যালয়ৰ পাঠদান কার্য, পৰীক্ষা-পাতি, সহঃপাঠ্যক্রমিক কাৰ্যসূচীৰ পৰিচালনা কৰাত অনুশাসনে সহায় কৰে।

(ঝ) অনুশাসিত শিশুৱে নিজকে নিয়ন্ত্ৰিত কৰি বিকাশৰ পথত আগুৱাই যাব পাৰে। শিশুৱে নিজেই নিৰাপত্তাৰ অনুভৱ কৰিব পাৰে।

(ঞ) সমাজৰ আশা-আকাংক্ষা আৰু প্ৰগতিৰ পথত বিকাশ হ’বলৈ হ’লে কেতবোৰ গঠনাত্মক নীতি-নিয়মৰ প্রয়োজন হয় আৰু ইয়াতেই অনুশাসনৰ প্ৰয়োজন হয়।

Leave a comment