অঘৰী সাম্ৰাজ্য | AHSEC Class 11 History Chapter 5 Question Answer Assamese Medium 2025-2026 | Class 11 History Question Answer Assamese Medium | HS 1st Year History Solution | HS 1st Year History Chapter 5 Question Answer Assamese Medium | উচ্চতৰ মাধ্যমিক বুৰঞ্জী | Higher Secondary First Year History Very Important Notes
পঞ্চম অধ্যায়
অঘৰী সাম্ৰাজ্য
অতি দৰকাৰী অতি চমু প্ৰশ্নোত্তৰ
প্রশ্ন ১ : অঘৰীসকল কোন আছিল?
উত্তৰ : যাযবৰী লোকসকলক অঘৰী বুলি কোৱা হয়।
প্রশ্ন ২ : অঘৰীসকল ক’ৰ লোক আছিল?
উত্তৰ: অঘৰীসকল মধ্য এছিয়াৰ লোক আছিল।
প্রশ্ন ৩: জেংগিছ খাঁ কোন আছিল?
উত্তৰ: জেংগিছ খাঁ মোগলসকলৰ নেতা আছিল।
প্রশ্ন ৪ : মংগোলসকল ক’ৰ লোক আছিল?
উত্তৰ: মংগোলসকল মধ্য এছিয়াৰ লোক আছিল।
প্রশ্ন ৫ : কোনজন মংগোল নেতাই মংগোলীয়সকলক একত্ৰিত কৰিছিল?
উত্তৰ: জেংগিচ খাঁ নামৰ বিখ্যাত মোগল নেতাজনে মংগোলীয়সকলক একত্রিত কৰিছিল।
প্রশ্ন ৬ : কোন চনত জেংগিচ খাঁই ক্ষমতা লাভ কৰিছিল?
উত্তৰ: ১২০৬ খ্রীঃ জেংগিচ খাঁই ক্ষমতা লাভ কৰিছিল।
প্রশ্ন ৭ : মংগোলসকলৰ প্ৰধান অস্ত্র কি আছিল?
উত্তৰ: মংগোলসকলৰ প্ৰধান অস্ত্র ধনু আছিল।
প্রশ্ন ৮ : কোন চনত কুবলাই খানে চীনৰ ওপৰত আধিপত্য বিস্তাৰ কৰিছিল?
উত্তৰ: ১২৫৯ খ্রীঃ কুৱলাই খানে চীনৰ ওপৰত আধিপত্য বিস্তাৰ কৰিছিল।
প্রশ্ন ৯ : কোনজন ইটালী পৰিৱাজকে কুবলাই খানৰ ৰাজদৰবাৰত আছিল?
উত্তৰ: মাৰ্কোপলো নামৰ ইটালীৰ পৰিব্ৰাজকজনে কুবলাই খানৰ ৰাজদৰবাৰলৈ আহিছিল।
প্রশ্ন ১০: কুবলাই খানে তেওঁৰ ৰাজসভা ক’লৈ স্থানান্তৰিত কৰিছিল?
উত্তৰ: বেইজিঙলৈ কুবলাই খানে তেওঁৰ ৰাজসভা স্থানান্তৰিত কৰিছিল।
প্রশ্ন ১১: মোগল সাম্রাজ্য পতনৰ এটি মুখ্য কাৰণ উল্লেখ কৰা?
উত্তৰ : ৰাজবংশৰ লোকসকলৰ মাজত চলা অভ্যন্তৰীণ গৃহকন্দলেই আছিল মোগল সাম্ৰাজ্যৰ পতনৰ অন্যতম কাৰণ।
প্রশ্ন ১২: আছা (Yasa) বুলিলে কি বুজা?
উত্তৰ: আছা আছিল মোগলসকলৰ আইন বিধি। ইয়ে মোগল শাসন ব্যৱস্থাৰ নিয়ম-বিধি প্রস্তুত কৰিছিল।
প্রশ্ন ১৩: কোন চনত জেংগিছ খাঁৰ মৃত্যু হৈছিল?
উত্তৰ: ১২২৭ খ্রীঃত জেংগিছ খাঁৰ মৃত্যু হৈছিল।
অতি দৰকাৰী চমু প্ৰশ্নোত্তৰ
প্রশ্ন ১ : কেতিয়া জেংগিছ খানে ক্ষমতা লাভ কৰিছিল?
উত্তৰ: ১২০৬ খ্ৰীঃত নিৰ্মাণ নামৰ জনগোষ্ঠী আৰু পৰাক্ৰমী জামুকাক পৰাভূত কৰাৰ পিছত টেমুনিজ বা জেংগিছ খাঁ অতি পৰাক্ৰমী হৈ পৰে। তেনে অৱস্থাত এখন সভাত মিলিত হৈ বিভিন্ন জনেগোষ্ঠীত বিভক্ত মোগল গোষ্ঠীপতিসকলে টেমুনিজ বা জেংগিছ খাঁক মোগলসকলৰ ‘মহান খাঁ’ বা সর্বময় শাসনকর্তা’ৰূপে ঘোষণা কৰি তেওঁৰ প্রতি নিজৰ নিজৰ আনুগত্য প্রকাশ কৰিছিল।
প্রশ্ন ২ : মোগলসকলৰ শাসনৰ শীৰ্ষ অৱস্থাত দেশৰ পৰিসীমা কোন ধৰণ আছিল?
উত্তৰ: মোগলসকলৰ শাসনৰ কেন্দ্ৰবিন্দু অৱস্থাত মোগল এখন বিশাল সাম্রাজ্যত পৰিণত হৈছিল। ইয়াৰ সীমা কোৰিয়াৰ পৰা হাঙ্গেৰীলৈ বিস্তাৰিত হৈছিল। ইয়াৰ উপৰি আফগানিস্তান, জর্জিয়া, আর্মেনিয়া, ৰাছিয়া, পাচীয়া, চীন আৰু মধ্য এছিয়াৰ বেছিভাগ অঞ্চল ইয়াৰ অন্তৰ্ভুক্ত হৈ পৰিছিল।
প্রশ্ন ৩ : মোগলসকল কোন আছিল?
উত্তৰ: মোগলসকল মধ্য এছিয়াৰ এটি শক্তিশালী বহুধাবিভক্ত জনগোষ্ঠীৰ লোক আছিল। ভাষাৰ ফালৰ পৰা পূব দিশত থকা তাৰ্তাৰ, খিতান, মাঞ্জু আৰু পশ্চিম দিশত থকা তার্কিক জনগোষ্ঠীৰ সৈতে তেওঁলোকৰ সাদৃশ্য আছিল। মোগলসকল কিছুমান পশুচাৰণ আৰু কিছুমান চিকাৰীজীৱী আছিল। পশুচাৰণ বৃত্তিৰ লোকসকলে ঘোঁৰা, ভেড়া, গৰু, ছাগলী আৰু উট পালন কৰিছিল।
প্রশ্ন ৪ : য়ছা কি আছিল?
উত্তৰ : য়ছা আছিল জেংগিছ খাঁৰ আইন সংহিতা। সেইখন তেওঁ ১২০৬ খ্রীঃত কুৰি লতাইত ঘোষণা কৰিছিল। পূৰ্বৰ সূত্রায়ন মর্মে শব্দটি ‘য়ছা’ক ৰূপে লিখা হৈছিল আৰু তাৰ অৰ্থ আছিল আইন বা বিধি, হুকুম আৰু নির্দেশ বা আদেশ। য়ছাক আছিল প্রশাসনিক অধিনিয়ম, চিকাৰ অভিযানৰ সংগঠন, সেনা বাহিনী আৰু ডাক ব্যৱহাৰ গঠন। ত্রয়োদশ শতিকাৰ মধ্যভাগৰ পৰা অৱশ্যে মোগলসকলে শব্দটো অন্যান্য আনুষংগিক কথাৰ সৈতে সংগতি ৰাখি তাক বহল আৰু সাধাৰণ অৰ্থত জেংগিছ খাঁৰ বিধি বা সংহিতাক বুজাবলৈ ব্যৱহাৰ কৰিবলৈ লোৱা হৈছিল।
প্রশ্ন ৫ : চীনৰ সংস্কৃতি সম্পর্কে বুলাই খানৰ দৃষ্টিভংগী কেনে আছিল?
উত্তৰ : কুবলাই খানে চীনৰ সংস্কৃতিৰ পৃষ্ঠপোষকতা কৰিছিল। তেওঁৰ শাসনকাল চীনৰ নাট্য অনুষ্ঠানসমূহৰ প্ৰচাৰ আৰু পৃষ্ঠপোষকতা আগবঢ়াইছিল।
প্রশ্ন ৬ : মনস্তাত্ত্বিক যুদ্ধ কৌশল বুলিলে কি বুজা?
উত্তৰ: মোগলসকল মনস্তাত্ত্বিক যুদ্ধ কৌশল পৰিচালনত অতি পাকৈত আছিল। মনস্তাত্ত্বিক যুদ্ধ কৌশল মতে মোগলসকলে শত্রু পক্ষৰ ওচৰত নিজৰ শক্তি আৰু যুদ্ধ কৌশলবোৰ অতি কৌশলেৰে শিবিৰবোৰত প্ৰচাৰ দিছিল। ফলত শত্রুপক্ষ শংকিত হৈ পৰিছিল। এনে অৱস্থাৰ সুযোগ গ্রহণ কৰি তেওঁলোকে সহজে বিপক্ষক পৰাভূত কৰিবলৈ সক্ষম হৈছিল। আনকি বন্দী সৈন্যক তেওঁলোকৰ নিজৰ সৈন্যৰ বিৰুদ্ধেও এনে নীতি প্রয়োগ কৰি যুদ্ধ কৰিবলৈ বাধ্য কৰাইছিল।
প্রশ্ন ৭ : মংকি খান (Mongke Khan) কোন আছিল?
উত্তৰ: জেংগিছ খাঁৰ নাতি আছিল মংগি খান। তেওঁ তেওঁৰ মাতৃ চৰঘানি বেকি (Sorghagni Beki) ৰ সহায়ত সিংহাসন লাভ কৰিবলৈ সক্ষম হৈছিল।
প্রশ্ন ৮ : ইজিপ্তৰ হাতত মোগলসকলৰ পৰাজয়ৰ দুটা কাৰণ উল্লেখ কৰা।
উত্তৰ : ইজিপ্তৰ হাতত মোগলসকলৰ পৰাজয়ৰ দুটা কাৰণ হ’ল-
(ক) চীনৰ প্ৰতি মোগলসকলে অধিক মনোযোগ দিয়াৰ বিপৰীতে ইজিপ্তৰ প্ৰতি বিশেষ মনোযোগ দিয়া নাছিল।
(খ) যুদ্ধৰ সময়ত ইজিপ্তৰ বিৰুদ্ধে কৰ্মশক্তি প্রয়োগ কৰিছিল। ফলত ইজিপ্তৰ হাতত মোগলসকলৰ পৰাজয় ঘটিছিল।
প্রশ্ন ৯ : চীনৰ বৃহৎ প্ৰাচীৰ সম্বন্ধে চমুকৈ লিখা।
উত্তৰ: মোগল আৰু মধ্য এছিয়াৰ যাবাবৰী বা অঘৰী লোকসকলে চীনৰ ভূ-খণ্ডৰ ওপৰত লাহে লাহে প্ৰভাৱ বিস্তাৰ কৰিছিল। এনে প্ৰভাৱ চীনৰ লগত হোৱা বাণিজ্যৰ মাধ্যমেৰে আহি পৰিছিল। কাৰণ এই লোকসকলে সহজ চৰ্তত চৈনিক বা চীনৰ চুবুৰীয়াসকলক বাণিজ্য কৰিবলৈ বাধ্য কৰাইছিল। যদি চৰ্ত ভংগ হয়, তেতিয়াহ’লে তেওঁলোকে পোনপটীয়াকৈ লুণ্ঠনৰ পথ বাচি লৈছিল। আনকি চীনৰ সীমান্ত অঞ্চলত মোগল আৰু অঘৰীসকলে সামৰিক সংঘৰ্ষৰো সূচনা কৰিছিল। অঘৰীবিলাকে কৃষি কার্য ধ্বংস কৰাৰ লগতে নগৰ-চহৰবিলাক লুণ্ঠন কৰিছিল। এনেদৰে অঘৰীসকলৰ দ্বাৰা চীনৰ জনসাধাৰণ বহু বছৰজুৰি বহু বিস্তৰ ক্ষতিৰ সন্মুখীন হ’ব লগা হৈছিল।
এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত বাহিৰা আক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ কাৰণে খ্রীঃ পূঃ তৃতীয়ৰ পৰাই চীনৰ সীমান্ত অঞ্চলত সুৰক্ষাৰ বাবে বহু ৰজাই কোঠ মাৰিছিল। পিছলৈ এই কোঠবিলাকেই ‘চীনৰ বৃহৎ প্ৰাচীৰ’ নামে জনাজাত হৈ পৰিছিল। উত্তৰ চীনৰ সীমান্ত অঞ্চলত গঢ়ি উঠা এই প্রাচীৰখন ইটা, মাটি আৰু শিলেৰে নিৰ্মাণ কৰা হৈছিল।
প্রশ্ন ১০ : অঘৰী মানে কি বুজা?
উত্তৰ : অঘৰী বা যাযাবৰীসকল হ’ল এক অসংগঠিত ৰূপে বাস কৰা লোক। তেওঁলোকৰ কোনো নির্দিষ্ট ভূমি বা বাসস্থান নাছিল। নাছিল তেওঁলোকৰ নিজা কোনো প্রশাসনীয় ব্যৱস্থা। দৈনন্দিন জীৱনৰ লগত সংগতি ৰাখি তেওঁলোকে বাসস্থান সলনি কৰি ফুৰিছিল। তেওঁলোকৰ কোনো সামাজিক সংগঠন নাছিল। উদাহৰণ হিচাপে ৰোমান সাম্রাজ্য। কাৰণ ৰোমান সাম্রাজ্য গঠন হৈছিল আৰব উপ-মহাদেশৰ অঘৰী বেদুইনসকলৰ ঐতিহ্য-পৰম্পৰাৰ পটভূমিত।
প্রশ্ন ১১ : সাম্রাজ্য বুলিলে কি বুজা?
উত্তৰ : সাম্রাজ্য শব্দটিৰ এক বৈষয়িক অৱস্থানৰ লগতে জটিল সামাজিক আৰু অর্থনৈতিক গাঁথনিৰ পৰা উদ্ভৱ হোৱা এক স্থায়ী অস্তিত্বৰ কথা জড়িত হৈ আছে। এখন সাম্রাজ্য হ’বলৈ হ’লে এক বিশাল ভূ-খণ্ড আৰু সেই ভূ-খণ্ড বা ৰাজ্যখনৰ শাসন প্ৰণালীৰ কথা জড়িত হৈ থাকে।
অতি দৰকাৰী ৰচনাধৰ্মী প্রশ্নোত্তৰ
প্রশ্ন ১: মোগলসকলৰ ইতিহাস সম্বন্ধে জনাৰ উৎসসমূহৰ বিষয়ে চমু আভাস দিয়া।
উত্তৰ: মধ্য এছিয়া আৰু দক্ষিণ-পূব ইউৰোপত মোগলসকলৰ বিষয়ে জানিবলৈ কোনো লিখিত ইতিহাস পোৱা নাযায়। কাৰণ মোগলসকলৰ কোনো নিজা সাহিত্য নাছিল। মাত্র ঐতিহাসিক ঘটনাৰ চন-তাৰিখ, ভ্রমণকাৰী, সেই সময়ৰ চহৰসমূহত গঢ়ি উঠা সাহিত্যগত তথ্য আদিৰ পৰা মোগলসকলৰ বিষয়ে ধাৰণা কৰিব পাৰি। সেয়ে এই উৎসবোৰ বাস্তৱসন্মত বুলি ক’ব পৰা নাযায়। ইয়াৰ উপৰি যিবিলাক পণ্ডিতে খ্রীষ্টান, বৌদ্ধ ধর্ম, কনফুচিয়াচ আদি ধর্ম সম্পর্কে তথ্য আগবঢ়াইছিল, তেওঁলোকৰ লেখনিৰ পৰাও মাত্ৰ কিছুমান মোগল সম্পর্কীয় সহানুভূতিশীল তথ্য লাভ কৰিব পাৰি। অৱশ্যে তেনেধৰণৰ লেখনিয়ে নগৰকেন্দ্ৰিক লেখক সাহিত্যিকে শুকান বৰি ভূমিৰ বাসিন্দা সেই লুণ্ঠনকাৰী দস্যুসকলৰ বিষয়ে লিখি থৈ যোৱা টোকাসমূহৰ প্ৰতি প্ৰত্যাহ্বান জনোৱাৰ লগতে তাক জটিল আৰু বৈষম্যমূলক কৰি তুলিছে।
কিন্তু এইটো কথা সত্য যে মধ্য এছিয়াৰ জাৰতন্ত্রই নিজৰ প্ৰভৃত্ব স্থাপন কৰাৰ পিছত ৰাছিয়াৰ পণ্ডিতসকলে পোন প্রথমবাৰ মোগলসকলৰ বিষয়ে পদ্ধতিগতভাবে অতি মূল্যৱান গৱেষণামূলক অধ্যয়ন কৰাৰ প্ৰমাণ পোৱা যায়। অষ্টবিংশ আৰু উনবিংশ শতিকাত তেওঁলোকে এনে গৱেষণাৰ কাম সম্পাদনা কৰিছিল। অৱশ্যে সেই গৱেষণামূলক কৰ্মৰাজি সম্পাদিত হৈছিল বিশেষ ঔপনিৱেশিক পৰিস্থিতিত। সেইবিলাক আছিল প্রধানতঃ ভ্রমণকাৰী, সৈনিক, বণিক-সদাগৰ আৰু পুৰাতাত্ত্বিক সদাগৰসকলে প্ৰস্তুত কৰা অনুসন্ধানমূলক টোকা।
বিংশ শতিকাৰ আদিতে ৰাছিয়াত ছোভিয়েট ৰাষ্ট্ৰ প্ৰৱৰ্তন হোৱাত অঘৰী মোগলসকলে বসতি কৰা অঞ্চললৈ ছোভিয়েট প্রজাতন্ত্ৰৰ সম্প্ৰসাৰণ ঘটিছিল। তেতিয়া ছোভিয়েট দেশত এক নতুন মার্ক্সীয় ইতিহাস ৰচনা পদ্ধতিৰ সূচনা হৈছিল। আৰু ইয়াৰ আধাৰতে তেওঁলোকে এইটো প্রতিপন্ন কৰিব বিচাৰিছিল যে কোনো এখন নিকৃষ্ট সমাজত প্রচলিত অর্থনৈতিক উৎপাদন পদ্ধতিয়ে সেই সমাজৰ সামাজিক কাৰ্যসমূহক নিৰূপণ কৰি দিয়ে। এই ৰচনা পদ্ধতিয়ে জেংগিছ খাঁ আৰু উদীয়মান মোগল সাম্ৰাজ্যৰ ক্ৰমবিকাশৰ ইতিহাসক জনজাতীয় উৎপাদন পদ্ধতি তথা স্তৰৰ পৰা সামন্তবাদী উৎপাদন পদ্ধতিৰ স্তৰলৈ তথা সামন্তবাদলৈ উত্তৰণৰ পথত বিকশিত হ’বলৈ লোৱা সমাজৰূপে চিহ্নিত কৰিছিল। উত্তৰণৰ আগতে তুলনামূলকভাৱে শ্রেণীহীন সমাজত বাস কৰা এই অঘৰী মোগলসকলৰ মাজতেই শ্রেণী সমাজৰ বিকাশ হ’বলৈ লৈছিল- সমাজত সম্পত্তিৰ অধিকাৰক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল শ্রেণী বিভাজন, য’ত সৃষ্টি হৈছিল সামন্ত, প্রভু তথা ভূ-স্বামী আৰু কৃষক। অর্থনৈতিক সম্পদৰ অধিকাৰক ভিত্তি কৰি সৃষ্টি হোৱা শ্রেণী বিভক্ত সমাজৰ ইতিহাস চর্চা পদ্ধতিৰ এই ধৰণৰ প্ৰয়োগ সত্ত্বেও, মোগলসকলৰ ভাষা, তেওঁলোকৰ সমাজ আৰু সংস্কৃতি সম্পর্কে বৰিচ য়াকোলেভিছ ভূলাডিমিৰছত আদি পণ্ডিতে ভালেমান তথ্যগধুৰ গৱেষণামূলক কাম সম্পাদন কৰিছিল। অৱশ্যে স্টেলিনে জেংগিছ খাঁৰ নেতৃত্বত মোগলসকলৰ জীৱন আৰু কৃতিত্বৰ আলোচনাক ভাল পোৱা নাছিল। সেয়ে বৰ্বৰ আক্ৰমণকাৰী ইতিহাস চর্চাক তেওঁ বাধা দিবলৈ চেষ্টা কৰিছিল।
মোগলসকলৰ বুৰঞ্জী সম্পর্কে চৈনিক, মংগোলীয়ান, পাচীয়ান আৰু আৰৱী ভাষাতো বহুতো তথ্য পোৱা যায়। ইয়াৰ উপৰি লেটিন আৰু ফৰাচী ভাষাতো মোগলসকলৰ অতীত কাহিনীৰ বহুতো তথ্য পোৱা যায়। অৱশ্যে এনে লিখিনিসমূহৰ মাজত প্রভেদ দেখা যায়। উদাহৰণ হিচাপে চৈনিক আৰু মংগোলীয়ান ভাষাত লিপিবদ্ধ কৰা জেংগিছ খাঁ সম্পৰ্কীয় প্ৰথমৰ লিখনী সম্পূৰ্ণ বিপৰীত। ঠিক তেনেদৰে ইটালিয়ান আৰু লেটিন ভাষাত পোৱা মার্কো প’লোৰ মংগোলীয়ান ভ্ৰমণৰ কাহিনীও এটা আনটোৰ পৰা পৃথক। মোগলসকলে নিজে তেওঁলোকৰ বিষয়ে সাহিত্য ৰচনা কৰিছিল যদিও তাৰ পৰিমাণ আছিল অতি নগণ্য। আৰু তেওঁলোকৰ বিষয়ে লিখা লিখনিসমূহ আছিল ভিন্ন সাংস্কৃতিক পৰিবেশৰ পৰা অহা বিদেশী লেখকৰ ৰচনা।
প্রশ্ন ২ : জেংগিছ খাঁৰ জীৱনী আৰু কৃতিত্বৰ বিষয়ে আলোচনা কৰা।
উত্তৰ : ১১৬২ খ্ৰীঃৰ কোনোবা এটি দিনত বৰ্তমান মংগোলীয়াৰ উত্তৰাংশত অৱস্থিত ওনন নদীৰ সমীপত জেংগিছ খাঁৰ জন্ম হৈছিল। তেওঁৰ আদি নাম আছিল টেমুজিন। তেওঁ আছিল বৰ্জীগিদ গোষ্ঠীৰ অন্তর্ভুক্ত কিয়াতসকলৰ গোষ্ঠীপতি য়েছুগিৰ সন্তান। তেওঁৰ সৰু অৱস্থাতে দেউতাকক কোনোবাই হত্যা কৰিছিল। সেয়ে তেওঁৰ মাতৃ গুলুন-ইকে তেওঁৰ লগতে তেওঁৰ ভাতৃসকলক অতি কষ্টৰে ডাঙৰ-দীঘল কৰিছিল।
সেই সময়ত সমাজত দাসত্ব প্রথা চলি আহিছিল। ফলত তেওঁ দাস হিচাপে কিছুকাল জীৱন অতিবাহিত কৰিব লাগিছিল। আনকি বিয়াৰ পিছত তেওঁৰ পত্নীকো কোনোবাই অপহৰণ কৰিছিল। কিন্তু বুদ্ধিমান আৰু চতুৰ জেংগিছ খাঁই দাসত্বৰ পৰা মুকলি হৈ আহিছিল আৰু এখন যুদ্ধৰ জৰিয়তে নিজ পত্নীক অপহৰণকাৰীৰ কবলৰ পৰা মুক্ত কৰিবলৈ সক্ষম হৈছিল। এই ক্ষেত্ৰত তেওঁৰ ভাতৃ জামুকা আৰু বোঘাৰছু নামৰ এজন বন্ধুৱে তেওঁক সহায় কৰিছিল। ইয়াৰ উপৰি টেমুনিজ ওৰফে জেংগিছ খাঁই কেৰেইটৰ শাসনকর্তা তুঘ্রীল ওৰফে ওন খাঁৰ পৰা সহায় লাভ কৰিছিল।
জেংগিছ খাঁৰ সহোদৰ ভাতৃ আছিল জামুকা। তেওঁ এটি অঞ্চলৰ শাসনকর্তা আছিল। পিছত জেংগিছ খাঁৰ সৈতে জামুকাৰ মাজত বিবাদ আৰম্ভ হয়। সেয়ে দুয়োজনৰ মাজত সংঘৰ্ষ আৰম্ভ হয়। এই সংঘর্ষত জেংগিছ খাঁই জামুকাক পৰাভূত কৰিবলৈ সক্ষম হয়।
জেংগিছ খাঁৰ ক্ষমতা লাভ: সহোদৰ ভাতৃ জামুকাক পৰাভূত কৰাৰ পিছত জেংগিছ খাঁ অধিক আত্মবিশ্বাসী হৈ পৰিল। সেয়ে তেওঁ সাম্রাজ্য প্ৰতিষ্ঠাৰ কাৰণে অন্যান্য জনগোষ্ঠীৰ বিৰুদ্ধে সংঘৰ্ষত লিপ্ত হ’বলৈ সাহস গোটায়।
প্রথমে তেওঁ ১২০৩ খ্ৰীঃত কেৰেইটসকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। ইয়াৰ পিছত তেওঁ তেওঁৰ পিতৃ হত্যাকাৰী কেৰেইটৰ ওন খাঁৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে।
ওন খাঁক তেওঁ সহজে পৰাভূত কৰে। পিছত ১২০৬ খ্রীঃত নৈমান জনগোষ্ঠী আৰু পৰাক্ৰমী জামুকাক পৰাভূত কৰাৰ পিছত শুকান বৰি ভূমি অঞ্চলত টেমুনিজ বা জেংগিছ খাঁ একমাত্ৰ পৰাক্ৰমী ব্যক্তিৰূপে পৰিগণিত হয়। তেনে অৱস্থাত এখন সভাত (কুৰিলটাই) মিলিত হৈ বিভিন্ন জনগোষ্ঠীত বিভক্ত মোগল গোষ্ঠীপতিসকলে তেওঁক জেংগিছ খাঁ উপাধি প্রদান কৰে। ইয়াৰ উপৰি বিভিন্ন জনগোষ্ঠীৰ নেতাসকলে ‘মহান খাঁ’, ‘সাগৰ সদৃশ খাঁ’ অথবা ‘সর্বময় শাসনকর্তা’ হিচাপে ঘোষণা কৰি সকলোৱে তেওঁৰ ওচৰত আনুগত্য প্রকাশ কৰে।
জেংগিছ খাঁৰ সমৰ অভিযান বা দ্বিগ্বিজয়: ক্ষমতা গ্ৰহণৰ পিছত জেংগিছ খাঁই মোগলসকলক এটি অতি ক্রিয়াশীল আৰু সু-শিক্ষিতৰ এটি সামৰিক বাহিনী গঢ়ি তুলিছিল। ইয়াৰ পিছতে তেওঁ তেওঁৰ সামৰিক অভিযান আৰম্ভ কৰিছিল।
চীনদেশ জয়: প্রথমে তেওঁ সেই সময়ৰ শক্তিশালী দেশ চীন আক্ৰমণৰ প্ৰতি মনোনিৱেশ কৰে। সেই সময়ত চীন তিনিখন প্রধান ৰাজ্যত বিভক্ত আছিল। প্রথমতে, উত্তৰ-পশ্চিম দিশত তিব্বতী মূলৰ ছি ছি জনগোষ্ঠীয়ে বাস কৰিছিল। দ্বিতীয়তে, উত্তৰ চীনত চীন ৰাজবংশই পিকিঙৰ পৰা শাসনকার্য চলাইছিল। তৃতীয়তে, দক্ষিণ চীনত ছুং ৰাজবংশই শাসন কৰিছিল। জেংগিছ খাঁই যথাক্রমে ১২০৯ খ্রীঃত ছি ছিসকলক পৰাভূত কৰিছিল। ইয়াৰ পিছত তেওঁ ১২১৩ খ্ৰীঃত চীনৰ বৃহৎ প্ৰাচীৰখন ভাঙি পেলাইছিল। ঠিক ইয়াৰ পিছত ১২১৫ খ্রীঃত পিকিং লুটপাত কৰিছিল। চীনৰ বিৰুদ্ধে এই যুদ্ধ ১২৩৪ খ্রীঃলৈকে চলিছিল। অৱশ্যে জেংগিছ খাঁই তেওঁৰ তলতীয়া কৰ্মচাৰীৰ হাতত ‘যুদ্ধ পৰিচালনাৰ দায়িত্ব এৰি দি নিজ গৃহভূমি মংগোলীয়ালৈ ১২১৬ খ্রীঃত প্রত্যাৱৰ্তন কৰিছিল। ১২১৬ খ্রীঃলৈ মোগলসকলৰ সাম্ৰাজ্যৰ সীমা আমুডাৰিয়া নদী আৰু ট্রেন্স ওকাছিয়ানা আৰু খাৱাৰাজাম ৰাজ্যপর্যন্ত বিস্তৃতি লাভ কৰিছিল। এনেদৰে ১২১৯ খ্রীঃৰ পৰা ১২২১ খ্রীঃলৈকে জেংগিছ খাঁই সামৰিক অভিযানৰ জৰিয়তে ওট্টাৰ, বোখৰা, ছমৰখণ্ড, ব্য, গুৰগঞ্জ, মার্ভ, নিশাপুৰ আৰু হিৰাট নামৰ চহৰসমূহ মোগল সাম্ৰাজ্যৰৰ অন্তর্ভুক্ত কৰিবলৈ সক্ষম হৈছিল। যিবিলাক নগৰে জেংগিছ খাঁৰ বিৰুদ্ধে প্রতিৰোধ সংগ্রাম গঢ়ি তুলিছিল, তেওঁলোকক তেওঁ বিধ্বস্ত কৰি পেলাইছিল। জেংগিছ খাঁই তেওঁৰ সেনাপতিসকলক প্রতিৰোধকাৰী নগৰসমূহক এফালৰ পৰা ধ্বংস কৰি দিবলৈ নিৰ্দেশ জাৰি কৰিছিল।
নিশাপুৰৰ চুলতানক বিচাৰি মোগল সেনাবাহিনীয়ে আজাৰবাইজানত সোমাই পৰিছিল।
ইফালে ক্রিমিয়াত মোগলসকলে ঝচসকলক পৰাজিত কৰিছিল। আন এটি মোগল বাহিনীয়ে চুলতান মহম্মদৰ পুত্ৰ জালাল উদ্দিনক অনুসৰণ কৰি সিন্ধু আৰু আফগানিস্তানত সোমাই পৰিছিল। ইয়াৰ পিছত জেংগিছ খাঁই উত্তৰ ভাৰতত প্ৰৱেশৰ কথা চিন্তা কৰিছিল। কিন্তু অতি গৰম আৰু প্ৰতিকূল পৰিৱেশৰ কাৰণে সেই চিন্তা ত্যাগ কৰিছিল। এনেদৰে এক সফল অভিযানৰ জৰিয়তে জেংগিছ খাঁই এখন বিশাল মোগল সাম্রাজ্য প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। জীৱনৰ অধিক কাল যুদ্ধ-বিগ্রহৰ মাজেৰে কটোৱা জেংগিছ খাঁৰ ১২২৭ খ্ৰীঃত ৰহস্যজনকভাবে মৃত্যু ঘটিছিল।
প্রশ্ন ৩ : জেংগিছ খাঁৰ সামৰিক অভিযানৰ বিষয়ে চমুকৈ লিখা।

প্রশ্ন ৪ : মোগলসকলৰ সামৰিক সংগঠনৰ বিষয়ে চমুকৈ আলোচনা কৰা।
উত্তৰ : মোগল বা অঘৰীসকল যুদ্ধবিদ্যাত অতি পার্গত আছিল। সেয়ে জেংগিছ খাঁই প্রয়োজন অনুসৰি সকলো সুস্থ লোককে সামৰিক বাহিনীত নিয়োগ কৰিছিল। সকলো লোকৰ সহযোগিতা পোৱাৰ কাৰণে তেওঁৰ অধীনৰ সকলো জনগোষ্ঠীৰ লোককে তেওঁ অৰ্হতা অনুসৰি সামৰিক পদত নিয়োগ কৰিছিল। আনকি তুর্কীমূলৰ উইঘোৰসকলৰ দৰে সদস্যও এই সৈন্যবাহিনীত অন্তর্ভুক্ত হৈছিল। পিছত এই উইঘোৰসকলে জেংগিছ খাঁৰ অধীনতা বিনাদ্বিধাই মানি লৈছিল।
জেংগিছ খাঁৰ সেনাবাহিনীটো শুকান বৰি ভূমি অঞ্চলত প্রচলিত পুৰণি দশমিক আর্হিত সংগঠিত কৰা হৈছিল। তেওঁৰ সেনা বাহিনীৰ প্ৰতিটো গোটৰ সংখ্যা তলৰ পৰা ওপৰলৈ আছিল ১০, ১০০, ১,০০০ আৰু ১০,০০০ ইত্যাদি। প্রাচীন প্রথা মতে ফৈদ আৰু জনজাতি বা খেল প্রত্যেকেই দশমিক গোটত সহবস্থানৰ মাজেৰে বৰ্তি আছিল। কিন্তু জেংগিছ খাঁই এই প্রথা বা পদ্ধতি পৰিহাৰ কৰিছিল। তেওঁ পূৰ্বৰ জনজাতীয় গোটবিলাক বিভক্ত কৰি তাৰ সদস্যসকলক নতুন সামৰিক গোটৰ সদস্যভুক্ত কৰিছিল। জেংগিছ খাঁৰ বিনা অনুমতিত যিকোনো ব্যক্তি সামৰিক গোটৰ পৰা ওলাই গ’লে তেনে ব্যক্তিয়ে কঠোৰ শাস্তিৰ সম্মুখীন হ’ব লগা হৈছিল। ১০,০০০ সৈন্য বাহিনীৰে গঠিত গোটটো আছিল অতি বৃহৎ গোট। ইয়াক টুমান’ বোলা হৈছিল। এই গোটটোত ভালেমান ক্ষুদ্র গোটত বিভক্ত বিভিন্ন জনজাতি আৰু ফৈদৰ লোক আছিল। এইটোৱে শুকান বৰি ভূমি অঞ্চলত প্রচলিত পূৰ্বৰ সামাজিক শৃংখলাৰ পৰিৱৰ্তন সাধন কৰিছিল। ইয়াৰ জৰিয়তে উক্ত সেনা বাহিনীৰ জন্মদাতা জেংগিছ খাঁই তেওঁলোকক এটি নতুন পৰিচয় প্রদান কৰিছিল।
এই নতুন সামাজিক গোটবিলাকে জেংগিছ খাঁৰ চাৰিজন পুত্ৰৰ লগতে সামৰিক গোটসমূহৰ পৰা বিশেষভাৱে নির্বাচিত কেপ্টেইনৰ তত্ত্বাৱধানত সেৱা দান কৰিব লাগিছিল। অতি কঠোৰ পৰিশ্ৰমী আৰু নিয়মানুবর্তিতা থকা সৈন্য আৰু বিষয়াসকলক জেংগিছ খাঁই ৰাজহুৱাভাৱে সন্মান প্রদর্শন কৰিছিল।
প্রশ্ন ৫ : বিশ্ব ইতিহাসত মোগল আৰু জেংগিছ খানৰ স্থান সম্পর্কে আলোচনা কৰা।
উত্তৰ: জেংগিছ খানৰ নেতৃত্বত বৃহৎ মংগোলীয় সাম্রাজ্য প্রতিষ্ঠা কৰা কাৰ্য বিশ্ব ইতিহাসৰ এক উল্লেখযোগ্য অধ্যায়। অৱশ্যে সামগ্রিক দৃষ্টিত জেংগিছ খাঁ আৰু মোগলসকল বিভীষিকা আছিল। কাৰণ জেংগিছ খাঁ এজন বিজেতা, চহৰ ধ্বংসকাৰী আৰু এজন ব্যক্তি যি হাজাৰ হাজাৰ মানুহৰ মৃত্যুৰ বাবে আছিল প্রধান দায়ী। ত্রয়োদশ শতিকাৰ চীন, ইৰান আৰু পূব ইউৰোপৰ পৰা বহুতো বাসিন্দাই শুকান বৰি ভূমি অঞ্চলৰ পৰা দলে দলে অহা লোকক কেৱল ভয় আৰু বিৰক্তিৰে চাইছিল আৰু প্ৰধান শত্রুরূপে গণ্য কৰিছিল।
তথাপি মোগলসকলৰ বাবে জেংগিছ খাঁ আছিল সেই ফালৰ এজন বিখ্যাত নেতা। তেওঁ মোগলসকলক একত্ৰিত কৰি এখন বিশাল মোগল সাম্রাজ্য প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। তেওঁ মোগলসকলক এফালে নিৰৱচ্ছিন্ন জনজাতীয় সংঘর্ষ আৰু আনফালে চৈনিক বা চীনা লোকৰ শোষণৰ পৰা মুক্তি দিছিল। তেওঁলোকক ঐশ্বর্যশালী কৰি তুলিছিল। এখন বিশাল সাম্রাজ্য প্রতিষ্ঠা কৰিছিল। আনকি ভেনিচৰ মাৰ্কো প’লোৰ দৰে ভ্ৰমণকাৰীকো তেওঁ আকৰ্ষণ কৰিছিল।
মোগল শাসনকর্তাসকলে সকলোবোৰ জনগোষ্ঠী আৰু ধর্মীয় লোকৰ মাজৰ পৰা প্রশাসনিক আমোলা-বিষয়া আৰু সেনা বাহিনীৰ বাবে সৈনিক নিয়োগ কৰিছিল। তেওঁলোকৰ সমাজখনেই আছিল বহু জাতীয়, বহু ভাষিক আৰু বহু ধর্মীয় সমাজ। কিন্তু তেওঁলোক সকলো ধৰণৰ শংকাৰ পৰা মুক্ত আছিল। মোগলসকলেই প্রথমে এক সু- সংহত শাসন ব্যৱস্থা গঢ়ি তুলিছিল। পিছলৈ এনে শাসন ব্যৱস্থাৰ আঁত ধৰি ভাৰতত প্রসিদ্ধ মোগল শাসন ব্যৱস্থা গঢ় লৈছিল আৰু ভাৰতত মোগল সাম্রাজ্য প্রতিষ্ঠা হৈছিল।
মংগোলীয়াৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত জেংগিছ খাঁ আকৌ এবাৰ মোগল জনসাধাৰণৰ বাবে জাতীয় পুৰুষৰূপে প্রতিভাত হৈছে। তেওঁৰ আদৰ্শক কেন্দ্ৰ কৰি সূচনা হোৱা মহান অতীতৰ স্মৃতিচাৰণে মংগোলীয়াত জাতীয় আত্মপৰিচয়ৰ উন্মোচন ঘটিছিল, যিয়ে ৰাষ্ট্ৰখনক ভৱিষ্যতৰ দিশলৈ লৈ গৈছিল।
1 thought on “অঘৰী সাম্ৰাজ্য | AHSEC Class 11 History Chapter 5 Question Answer Assamese Medium 2025-2026 | Class 11 History Question Answer Assamese Medium | HS 1st Year History Solution | HS 1st Year History Chapter 5 Question Answer Assamese Medium | উচ্চতৰ মাধ্যমিক বুৰঞ্জী | Higher Secondary First Year History Very Important Notes”