আধুনিকীকৰণৰ পথত | AHSEC Class 11 History Chapter 11 Question Answer Assamese Medium 2025-2026 | Class 11 History Question Answer Assamese Medium | HS 1st Year History Solution | HS 1st Year History Chapter 11 Question Answer Assamese Medium | উচ্চতৰ মাধ্যমিক বুৰঞ্জী | Higher Secondary First Year History Very Important Notes
একাদশ অধ্যায়
আধুনিকীকৰণৰ পথত
অতি দৰকাৰী অতি চমু প্ৰশ্নোত্তৰ
প্রশ্ন ১: কোন চনত ৰুচ-জাপান যুদ্ধ সংঘটিত হৈছিল?
উত্তৰ: ১৯০৫ খ্ৰীঃত ৰুচ-জাপান যুদ্ধ সংঘটিত হৈছিল।
প্রশ্ন ২: জাপানৰ আধুনিকীকৰণৰ পথটো কি তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত আছিল?
উত্তৰ : পুঁজিবাদী তত্বৰ ওপৰত জাপানৰ আধুনিকীকৰণৰ পথটো প্রতিষ্ঠিত আছিল।
প্রশ্ন ৩: প্রাচীন চীনৰ শ্রেষ্ঠতম ঐতিহাসিকজন কোন আছিল?
উত্তৰ: ছিমা কিয়ান আছিল প্রাচীন চীনৰ শ্ৰেষ্ঠতম ঐতিহাসিক।
প্রশ্ন ৪ : মার্ক প’ল কোন আছিল?
উত্তৰ: মার্ক প’ল এজন ইটালীৰ পৰিব্ৰাজক আছিল।
প্রশ্ন ৫ : ১৮৫৩ চনত জাপান ভ্ৰমণ কৰা প্ৰথম আমেৰিকাৰ বিষয়াজন কোন আছিল?
উত্তৰ: মেথিউ পেৰী আছিল আমেৰিকাৰ বিষয়াজন।
প্রশ্ন ৬: কোন চনত জাপানত আধুনিক বেংক প্রতিষ্ঠা কৰা হৈছিল?
উত্তৰ : ১৮৭২ খ্রীঃত প্ৰতিষ্ঠা কৰা হৈছিল।
প্রশ্ন ৭: বিশ্বযুদ্ধোত্তৰ কালত জাপানৰ প্ৰথম নির্বাচন কোন চনত অনুষ্ঠিত হৈছিল?
উত্তৰ : ১৯৪৬ চনত জাপানৰ প্ৰথম নির্বাচন অনুষ্ঠিত হৈছিল।
প্রশ্ন ৮: কোন চনত চীনত প্রজাতন্ত্র প্রতিষ্ঠা হৈছিল?
উত্তৰ: ১৯১১ চনত চীনত প্রজাতন্ত্র প্রতিষ্ঠা হৈছিল।
প্রশ্ন ৯: কেতিয়া প্রথম আফিং বা অপিয়াম যুদ্ধ সংঘটিত হৈছিল?
উত্তৰ: ১৮৩৯-৪২ চনত প্ৰথম আফিঙৰ যুদ্ধ সংঘটিত হৈছিল।
প্রশ্ন ১০: কোন চনত নানকিং সন্ধি স্বাক্ষৰিত হৈছিল?
উত্তৰ: ১৮৪২ চনত নানকিং সন্ধি স্বাক্ষৰিত হৈছিল।
প্রশ্ন ১১: কাৰ নেতৃত্বত চীনত প্রজাতন্ত্র প্রতিষ্ঠা হৈছিল?
উত্তৰঃ ডাঃ চান-য়েৎ-চেনৰ নেতৃত্বত চীনত প্রজাতন্ত্র প্রতিষ্ঠিত হৈছিল।
প্রশ্ন ১২: ‘ছান-মিন-দুই’ৰ অৰ্থ কি?
উত্তৰ: ‘ছান-মিন-চুই’ৰ অৰ্থ হ’ল তিনিটা নীতি বা বাণী।
প্রশ্ন ১৩: মাও-জে-ডং কোন আছিল?
উত্তৰ: চীনৰ সাম্যবাদী দলৰ নেতা আছিল মাও-জে-ডং।
প্রশ্ন ১৪: ‘গ্রেট্ লিপ্ ফৰৱাৰ্ড’ কি আছিল?
উত্তৰ : এখন সংস্কাৰকামী আঁচনি আছিল।
প্রশ্ন ১৫: কোন চনত আৰু ক’ত চিয়াং-কাই-চেকৰ মৃত্যু ঘটিছিল?
উত্তৰ: ১৯৭৫ চনত তাইৱানত চিয়াং-কাই-চেকৰ মৃত্যু হৈছিল।
প্রশ্ন ১৬: কোন চনত টকিঅ’ অলিম্পিক খেল অনুষ্ঠিত হৈছিল?
উত্তৰ : ১৯৬৪ চনত টকিঅ’ অলিম্পিক খেলখন অনুষ্ঠিত হৈছিল।
অতি দৰকাৰী চমু প্ৰশ্নোত্তৰ
প্রশ্ন ১: চীনৰ তিনিটা প্রধান নদীৰ নাম লিখা।
উত্তৰ: চীনৰ তিনিটা প্রধান নদী হ’ল হোৱাংহু, ইয়াংচে তথা চাং-জিয়াং আৰু পার্ল নদী।
প্রশ্ন ২: জাপানৰ চাৰিটা বৃহৎ দ্বীপৰ নাম লিখা।
উত্তৰ: জাপানৰ চাৰিটা বৃহৎ দ্বীপ হ’ল হনচু, কিউচিউ, চিকোকু আৰু হকাইডো।
প্রশ্ন ৩ : চীনে আধুনিকীকৰণৰ কাৰণে কি নীতি গ্রহণ কৰিছিল?
উত্তৰ: চীনে উপনিবেশিক শাসন ব্যৱস্থাৰ পৰা মুক্ত হৈ চীনক এখন আধুনিক ৰাষ্ট্ৰ হিচাপে গঢ়াৰ কাৰণে বিপ্লৱী কমিউনিষ্ট শাসন ব্যৱস্থাৰ পোষকতা কৰিছিল।
প্রশ্ন ৪ : নিজকে আধুনিক দেশ হিচাপে প্ৰতিষ্ঠাৰ কাৰণে জাপানে কেনে নীতি গ্রহণ কৰিছিল?
উত্তৰ: জাপানক এখন আধুনিক ৰাষ্ট্ৰ গঢ়াৰ ক্ষেত্ৰত ধনতান্ত্রিক নীতি গ্রহণ কৰিছিল। ইয়াৰ উপৰি জাপানক এখন ঔদ্যোগিক দেশ হিচাপে প্রতিষ্ঠা কৰাৰ কাৰণেও তাৰ চৰকাৰে ব্যৱস্থা গ্রহণ কৰিছিল।
প্রশ্ন ৫: ‘চ’গান’ বুলিলে কি বুজা?
উত্তৰ : চ’গান হ’ল এটা উপাধি। জাপানৰ সকলোতকৈ অধিক শক্তিশালী সামন্ত প্রভুজনে ‘চ’গান’ উপাধি গ্রহণ কৰিছিল। দেশত যদিও ৰজা আছিল, তথাপিও প্রকৃত সামৰিক ক্ষমতাৰ অধিকাৰী আছিল চ’গান নামৰ সামন্ত নেতাসকল। উল্লেখযোগ্য যে ১৬০৩ চনত চ’গান হৈছিল ইয়েয়াচু। আৰু তেওঁ প্রতিষ্ঠা কৰিছিল জাপানৰ ইতিহাসৰ সকলোতকৈ বিখ্যাত ‘চ’গান-ৰাজত্ব’।
প্রশ্ন ৬: মেইজি ৰেষ্টৰেচন (Restoration)।
উত্তৰ: ইতিমধ্যে চ’গানটৰ শাসন ব্যৱস্থাত জনসাধাৰণ অসন্তুষ্ট হৈ পৰিছিল। সেয়ে ১৮৬৮ চনত জাপানলৈ আহিছিল ‘মেইজি ৰেষ্টৰেচন’। এই ৰেষ্টৰেচন বা পুনৰ সংস্থাপন নীতিৰ জৰিয়তে অতদিনে নামত ৰজা হৈ থকা জাপানৰ সম্রাটে চ’গানট বা সামন্ত প্রভুসকলৰ কর্তৃত্বক আঁতৰ কৰি প্ৰকৃতাৰ্থত দেশৰ শাসন ভাৰ নিজৰ হাতলৈ আনিছিল। সম্রাট মেইজিৰ নামেৰে ইয়াক মেইজি ৰেষ্টৰেচন বুলি কোৱা হয়।
প্রশ্ন ৭: কমোডৰ মেথিউ পেৰীৰ জাপান ভ্ৰমণৰ তাৎপর্য কি আছিল?
উত্তৰ : ১৮৫৩ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে কমোডৰ মেথিউ পেৰীক জাপানলৈ প্ৰেৰণ কৰিছিল। পিছত জাপানৰ সৈতে পেৰীয়ে এখন বাণিজ্যিক চুক্তি স্বাক্ষৰিত কৰিছিল।
পেৰীৰ আগমনে জাপানৰ ৰাজনীতিত এক গুৰুত্বপূর্ণ অধ্যায় সংযোজন কৰিছিল।
সেই সময়ত ৰাজনৈতিক ক্ষমতাৰ দিশত মিলিত হৈ পৰা জাপানৰ সম্রাট তথা ৰাজতন্ত্রই এই সুযোগতে পুনৰ এক শক্তিশালী ৰাজবংশ হিচাপে মূৰ দাঙি উঠিবলৈ সক্ষম হৈছিল। আমেৰিকাৰ হস্তক্ষেপৰ ফলত ১৮৬৪ খ্রীঃত সংঘটিত এক আন্দোলনৰ জৰিয়তে চণ্ডনেতন্ত্রক ওফৰাই সম্রাটে পুনৰ ক্ষমতা লাভ কৰিবলৈ সক্ষম হৈছিল। সেই সময়ৰ পৰা ইডোক জাপানৰ ৰাজধানী হিচাপে ঘোষণা কৰা হৈছিল। পিছলৈ ইডো টকিঅ’ নামে জনাজাত হ’ল।
প্রশ্ন ৮ : মেজি সংবিধানৰ দ্বাৰা কি ধৰণৰ চৰকাৰ প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰ: মেজি সংবিধানৰ দ্বাৰা সংসদীয় শাসন ব্যৱস্থা প্রতিষ্ঠা কৰিলে। অৱশ্যে ভোটাধিকাৰ ব্যৱস্থা সীমিত কৰা হৈছিল। দ্বি-সদনীয় ব্যৱস্থা সম্পন্ন সংবিধান গ্রহণ কৰিলে, য’ত সদনৰ ক্ষমতা সীমিত কৰা হ’ল। সম্রাটক বিপুল পৰিমাণৰ ক্ষমতা প্রদান কৰা হ’ল। শিল্প-বাণিজ্যিৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ল। প্ৰযুক্তিবিদ্যা আহৰণৰ কাৰণে বহুতো লোকক উন্নত বিদেশী ৰাষ্ট্ৰলৈ প্ৰেৰণ কৰা হৈছিল।
প্রশ্ন ৯: কোনে আৰু কেতিয়া চীনত প্রজাতন্ত্র প্রতিষ্ঠা কৰিছিল?
উত্তৰ: ১৯১১ চনত ডাঃ ছান-য়েৎ-চেনৰ নেতৃত্বত চীনত প্রজাতন্ত্র প্রতিষ্ঠা হৈছিল। সেয়ে ডাঃ ছেনক আধুনিক চীনৰ নির্মাতা বুলি কোৱা হয়।
প্রশ্ন ১০: ছান-য়েৎ-চেনৰ তিনিটা বাণী তথা মূল নীতি কি আছিল?
উত্তৰঃ ডাঃ ছেনে নিজৰ লক্ষ্যত উপনীত হোৱাৰ কাৰণে তিনিটা নীতি ঘোষণা কৰিছিল। এই নীতি তিনিটা হ’ল (ক) জাতীয়তাবাদ (খ) গণতন্ত্ৰ আৰু (গ) ৰাইজৰ জীৱন জীৱিকা।
প্রথম নীতিৰ জৰিয়তে তেওঁ মাঞ্চু ৰাজবংশ আৰু বিদেশী সাম্রাজ্যবাদীৰ পতন ঘটাব বিচাৰিছিল।
দ্বিতীয় নীতিৰ জৰিয়তে চীনত গণতান্ত্রিক চৰকাৰ প্ৰতিষ্ঠা কৰিব বিচাৰিছিল।
তৃতীয় নীতিৰ জৰিয়তে পুঁজি নিয়ন্ত্ৰণ আৰু ভূমিৰ মালিকীস্বত্বৰ সম-বিতৰণ হোৱাটো তেওঁ বিচাৰিছিল।
প্রশ্ন ১১: লং মার্চ বুলিলে কি বুজা?
উত্তৰ : ১৯২১ চনত মাও-জে-ডঙৰ নেতৃত্বত কমিউনিষ্টসকল শক্তিশালী হৈ পৰে। ইয়াৰ ফলত চেইংকাই চেকৰ লগত কমিউনিষ্ট সকলৰ তীব্ৰ মতানৈক্যই দেখা দিয়ে। সেয়ে চেকে কমিউনিষ্টসকলক নিশেষ কৰাৰ কাৰণে এক অভিযান আৰম্ভ কৰে। ইয়াকে দীঘলীয়া যাত্রা বা লং মার্চ বুলি জনা যায়। চেকৰ সৈন্যবাহিনীয়ে মাওৰ লাল ফৌজ বাহিনীক পাছে পাছে খেদি নিয়ে। এই সময়ছোৱাত লাল ফৌজ বা কমিউনিষ্টসকলে ১৮ খন পর্বত, ২৪ খন নদী আৰু প্ৰায় ছয় হাজাৰ মাইল দুর্গম পথ অতিক্রম কৰে। শেষত অৱশ্যে কমিউনিষ্ট (লাল ফৌজ) সকলেই জয় লাভ কৰে।
প্রশ্ন ১২: ‘টাইনানমেন স্কুইৱাৰ’ (Tiananment Square incident) বুলিলে কি ‘বুজা?
উত্তৰ : ১৯৮৯ চনত বেইজিঙত ছাত্ৰসকলৰ নেতৃত্বত বিক্ষোভ ঘটনা সংঘটিত হৈছিল। সেই চনতে ছাত্রসকলে একে বিক্ষোভৰ জৰিয়তে ৰাজনৈতিক সংস্কাৰ, গণতন্ত্র আৰু কমিউনিষ্ট দলৰ দুৰ্নীতিৰ সংস্কাৰ বিচাৰিছিল। কিন্তু ছাত্ৰসকলৰ এনে শান্তিপূর্ণ গণতান্ত্রিক আন্দোলন চৰকাৰে কঠোৰ হাতেৰে দমন কৰিছিল। সৈন্য সকলৰ বৰ্বোচিত দমন কাৰ্যৰ ফলত প্রায় পোন্ধৰশ ছাত্রব মৃত্যু ঘটিছিল। বহুতো ছাত্ৰক বন্দী কৰি কাৰাগাৰত ৰখা হৈছিল। চীনা চৰকাৰৰ এনে কাৰ্যৰ বাবে গোটেই বিশ্বব্যাপি তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগত সংবাদ মাধ্যমৰ ফালৰ পৰাও এনে বৰ্বোচিত কাৰ্যৰ তীব্র সমালোচনা কৰা হৈছিল।
অতি দৰকাৰী ৰচনাধৰ্মী প্রশ্নোত্তৰ
প্রশ্ন ৫ : ১৯১১ চনৰ চীনৰ বিপ্লৱৰ বিষয়ে আলোচনা কৰা।
উত্তৰ: মাঞ্চু নামৰ এটা ৰাজবংশই শতিকাৰ শেষৰ ফালে চীনৰ শাসনভাৰ চলাইছিল। সেই সময়ত চীনৰ সম্রাট আছিল কোৱাংছ (Kuang Hsce)। কিন্তু শাসনৰ বাঘজৰী ধৰিছিল সম্রাটৰ খুড়ায়েক (Txt Hgt) চুছিয়ে।
বিভিন্ন যুদ্ধৰ সহায়ত চীনৰ পৰা বহুতে বহিঃক্ষেত্রিক সা-সুবিধা আদায় কৰি লৈছিল। চীনৰ জনসাধাৰণৰ লগতে চীনৰ ভৌগোলিক অখণ্ডতা ৰক্ষাকৰণত সম্রাট ব্যর্থ হোৱাত জনসাধাৰণ বিমুগ্ধ হৈ পৰিল। কিন্তু তেওঁলোকে সাফল্য লাভ কৰিব নোৱাৰিলে।
সচেতন আৰু জাতীয়তাবাদী ৰূপে নিজকে আত্মপ্রকাশ কৰে চীনৰ শিক্ষিত লোকসকলে। এই লোকসকলে পশ্চিমীয়া ধ্যান-ধাৰণাৰ দ্বাৰা আকৃষ্ট হৈ মাঞ্চু ৰাজবংশ উচ্ছেদৰ যোগেদি এখন গণৰাজ্য আৰু প্ৰতিনিধিত্বমূলক চৰকাৰ গঠন কৰিবলৈ দৃঢ় হয়। এই ক্ষেত্রত ডাঃ চান ইয়েট-ছেন (Dr.Sun-Yet-Sen) আছিল উল্লেখযোগ্য ব্যক্তি।
মাঞ্চু ৰাজ ফৈদৰ ১৯০১ চনত জাতীয় মানহানিকৰ চুক্তিয়ে পতন ঘটায়। আনহাতে, সম্রাট ছুৱান তুং নাবালক হোৱা হেতুকে এই বিপ্লৱক প্ৰতিৰোধ কৰিব পৰা ক্ষমতা তেওঁৰ নাছিল। কিন্তু ডাঃ ছেন আৰু তেওঁৰ অনুগামীসকলে এই ক্ষেত্রত মুঠেও আপোচ নকৰিলে। ১৯১১ চনত জাতীয়তাবাদীসকলে মাঞ্চু বংশৰ বিৰুদ্ধে সশস্ত্র বিপ্লৱ আৰম্ভ কৰে। ইয়াক দমাবলৈ চৰকাৰে কঠোৰ ব্যৱস্থা গ্রহণ কৰিছিল যদিও সফল হ’ব পৰা নাছিল। ডাঃ ছান ইয়েট ছেনক প্রেচিডেন্ট হিচাপে লৈ ১৯১১ চনৰ ডিচেম্বৰ মাহত এখন চৰকাৰ গঠন কৰে। শেষত বাধ্য হৈ সম্রাট চুৱান তুঙে ১৯১২ চনৰ ফেব্ৰুৱাৰী মাহত সিংহাসন ত্যাগ কৰে। লগে লগে এই ৰাজবংশৰ পতন হয় আৰু নতুন গণৰাজ্য এখন প্রতিষ্ঠিত হয়।
প্রশ্ন ৬: আধুনিক চীনৰ নিৰ্মাতা হিচাপে ডাঃ ছান-য়েৎ-ছেনৰ বৰঙণিৰ বিষয়ে আলোচনা কৰা।
উত্তৰ: ১৮৬৬ চনৰ ২ নৱেম্বৰ তাৰিখে কেণ্টনৰ ওচৰত ডাঃ চানয়েট ছেনৰ জন্ম হয়। তেওঁৰ পিতৃ আছিল এজন অতি সাধাৰণ শ্ৰেণীৰ খেতিয়ক। তেৰ বছৰ বয়সত তেওঁ এখন বিখ্যাত খ্রীষ্টান স্কুলত শিক্ষা আহৰণ কৰে। সৰুৰে পৰা মেধাসম্পন্ন ছেনে অতি কম সময়ৰ ভিতৰত পশ্চিমীয়া ভাবধাৰাৰে পৰিপুষ্ট হৈ এক গভীৰ জ্ঞান আয়ত্ত কৰে। ১৮৮৫ চনত তেওঁ নিজ ঘৰলৈ উভতি আহে আৰু ১৮৮৫ চনত ছেনে বিবাহ কাৰ্য সম্পন্ন কৰে। ১৮৮৯ চনত ছেনে পুনৰ এখন মেডিকেলত নাম ভর্তি কৰে আৰু ১৮৯২ চনত অতি সুখ্যাতিৰে ডাক্তৰী উপাধি গ্রহণ কৰে। তেওঁ কিছুদিন নিজাববীয়াকৈ ৰোগী পৰিচৰ্যাৰ কামত ব্যস্ত হৈ থাকে।
মাঞ্চু ৰাজবংশৰ পতন: চানয়েট ছেনে ১৮৯৫ চনত মাঞ্চু ৰাজবংশৰ বিৰুদ্ধে হোৱা আন্দোলনত জড়িত হয়। তেওঁৰ জীৱনৰ মূল লক্ষ্য আছিল মাঞ্চু বংশটো চীনৰ পৰা আঁতৰ কৰা, কিন্তু তেওঁ এই বিষয়ক আন্দোলনত ফলৱতী নোহোৱাত চৰকাৰে তেওঁক দেশৰ পৰা বহিষ্কাৰ কৰে। এই দলটোৱেই পৰৱৰ্তী কালত চীনত কুৱা মিনটং পার্টি (Kowmintang Party) নামে জনাজাত হয়।
১৯৩১ চনৰ বিপ্লৱ আৰু চানয়েট ছেন: ১৯১১ চনত এক ভয়ানক বিপ্লবে মাঞ্জু বংশৰ বিৰুদ্ধে চীনত পুনৰ মূৰ দাঙি উঠে। ছেনে এই বিপ্লৱত প্রত্যক্ষভাৱে অংশ গ্রহণ কৰিছিল আৰু মূল লক্ষ্য আছিল মাঞ্চু বংশৰ পতন ঘটাই চীনত এক প্রজাতান্ত্রিক ৰাষ্ট্ৰত পৰিণত কৰা। চানয়েট ছেনৰ সবল নেতৃত্বৰ কাৰণে চীনত এই বিপ্লবে অধিক জনপ্রিয়তা অর্জন কৰিছিল। জনসাধাৰণক ১৯১১ চনৰ এই বিপ্লৱে অনুপ্ৰেৰণা যোগাইছিল।
জাতীয় চৰকাৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ছেনৰ বৰঙণি: জাতীয় চৰকাৰ (Democratic Government) চানয়েট ছেনে কেণ্টৰ চহৰত প্ৰতিষ্ঠা কৰে। অৱশ্যে চীনৰ উত্তৰাঞ্চল আৰু দক্ষিণ অঞ্চল একত্ৰিত নোহোৱা কাৰণে এওঁৰ চৰকাৰে কাম-কাজবোৰ নিয়াৰিকৈ কৰিব পৰা নাছিল। অৱশ্যে বলছেভিক ৰুছ চৰকাৰে ছেনক সকলোপিনৰ পৰা সহায়- সহযোগিতা আগবঢ়াইছিল।
চীনৰ সম্ৰাট হিচাপে প্রতিষ্ঠিত হোৱা আশা কৰিছিল চানয়েট ছেনৰ ৱান (Yuan) নামৰ সেনাপতিজনে। দেশৰ বৃহত্তম স্বাৰ্থত আৰু চীনৰ উত্তৰাঞ্চল আৰু দক্ষিণাঞ্চল একগোট হোৱাৰ কাৰণে ছেনে ৰাষ্ট্ৰপতি পদত্যাগ কৰি ৱানৰ হাতত সেই দায়িত্ব অর্পণ কৰে। তেওঁৰ বিয়োগৰ পাছত উক্ত দুই অঞ্চলৰ চামিলকৰণৰ একতা নোহোৱা হ’ল।
আধুনিক চীনৰ নিৰ্মাতা হিচাপে চানয়েট ছেন: আজীৱন কর্মময় জীৱনৰ মাজেৰে আধুনিক চীনৰ নিৰ্মাণৰ ক্ষেত্ৰত ছেনে এক বিশেষ বৰঙণি আগবঢ়াই থৈ গৈছে। ছেন আছিল এজন প্রতিবাদী নেতা। জনসাধাৰণৰ উন্নতিৰ কাৰণে এই দলটোৱে তিনিটা নীতি ঘোষণা কৰিছিল। পশ্চিমীয়া শিক্ষাৰ দ্বাৰা প্ৰভাৱান্বিত ছেনে চীন দেশক পশ্চিমীয়া আৰ্হিৰে গঢ় দিবলৈ আজীৱন প্রচেষ্টা চলাইছিল। এই ক্ষেত্রত তেওঁ কিছু পৰিমাণে সফলতা লাভ কৰিছিল। চানয়েট ছেনক চীনৰ আধুনিক জনক বুলি কোৱা হয়। ১৯১৬ চনত আধুনিক চীনৰ জনক বুলি খ্যাতি অর্জন কৰা চানয়েট ছেনৰ মৃত্যু হয়।
প্রশ্ন ৩ : চীনৰ সাংস্কৃতিক বিপ্লৱৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: মাও-জে-ডাঙ তেওঁৰ বিৰোধীসকলক এসেকা দিবলৈ এক সাংস্কৃতিক মহা বিপ্লৱ আৰম্ভ কৰে। এই বিপ্লৱ ১৯৬৬ চনৰ পৰা ১৯৬৯ চনলৈ চলিছিল।
এই বিপ্লৱত ছাত্ৰ আৰু সামৰিক বাহিনীৰ পৰিপুষ্ট বেডগার্ডে অংশ গ্রহণ কৰে। এই বিপ্লৱৰ মূল লক্ষ্য আছিল পুৰণি কৃষ্টি, ৰীতি-নীতি আৰু অভ্যাসৰ পৰিৱৰ্তন ঘটোৱা। এই ক্ষেত্ৰত সৰ্বসাধাৰণ জনসাধাৰণৰ মাজত জাগৰণ অনাৰ কাৰণে ভালেমান ছাত্ৰ আৰু বুদ্ধিজীরিয়ে গ্রামাঞ্চল ভ্রমণ কৰে। বৃত্তিজীৱি জ্ঞানতকৈ সাম্যবাদী আদর্শ অধিক গুৰুত্বপূৰ্ণ বুলি প্ৰচাৰৰ বিৰাট আয়োজন চলিল। যুক্তি তৰ্কৰ ঠাইত শ্লোগান আৰম্ভ হ’ল। প্রকাশ্যে ইজনে-সিজনৰ গালৈ বোকা ছটিওৱাৰ ৰাজনীতি আৰম্ভ হ’ল। এনে অৱস্থাত সাংস্কৃতিক বিপ্লবে সফলতা লাভ নকৰাটোৱে স্বাভাৱিক আছিল। এনে কাৰ্যৰ ফলত সাম্যবাদী দল দুর্বল হোৱাহে দেখা গ’ল।