ঔদ্যোগিক বিপ্লৱ | AHSEC Class 11 History Chapter 9 Question Answer Assamese Medium 2025-2026 | Class 11 History Question Answer Assamese Medium | HS 1st Year History Solution | HS 1st Year History Chapter 9 Question Answer Assamese Medium | উচ্চতৰ মাধ্যমিক বুৰঞ্জী | Higher Secondary First Year History Very Important Notes
নৱম অধ্যায়
ঔদ্যোগিক বিপ্লৱ
অতি দৰকাৰী অতি চমু প্ৰশ্নোত্তৰ
প্রশ্ন ১: শিল্প বিপ্লৱ বুলিলে কি বুজা?
উত্তৰ: ১৯৮০-১৮৫০৩ ব্রিটেইনত সংঘটিত ঔদ্যোগিক আৰু অর্থনৈতিক বিৱৰ্তনক প্রথম শিল্প বিপ্লর বোলা হৈছিল।
প্রশ্ন ২ : কোনটো উদ্যোগত প্রথমে ইংলেণ্ডত শিল্প বিপ্লৱ আৰম্ভ হৈছিল?
উত্তৰ: হস্ততাঁত বা বস্ত্র উদ্যোগত প্রথমে ইংলেণ্ডত শিল্প বিপ্লৱ আৰম্ভ হৈছিল।
প্রশ্ন ৩ : বাষ্পীয় কল কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ: জেমছৱাটে বাষ্পীয় কল আৱিষ্কাৰ কৰিছিল।
প্রশ্ন ৪ : স্পিনিং জেনি কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ: জেমছ হাৰগ্ৰীভছে স্পিনিং জেনি আৱিষ্কাৰ কৰিছিল।
প্রশ্ন ৫ : ভাপ ইঞ্জিন কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ: ১৮১৪ চনত ষ্টিফেনছনে ৰকেট নামৰ ভাপ ইঞ্জিন আৱিষ্কাৰ কৰিছিল।
প্রশ্ন ৬ : কোন চনত ইংলেণ্ডত ‘Bank of England’ প্রতিষ্ঠা হয়?
উত্তৰ: ১৬৯৪ খ্ৰীঃত ইংলেণ্ডত ‘Bank of England’ প্রতিষ্ঠা হয়।
প্রশ্ন ৭ : ওঠৰ শতিকাত ইংলেণ্ডত কোন কেইটা উদ্যোগেই বিশেষ প্ৰসাৰ লাভ কৰিছিল?
উত্তৰ : লো উদ্যোগ, কপাহী আৰু বয়ন উদ্যোগ আৰু বাষ্পীয় উদ্যোগ সমূহে বিশেষ প্ৰসাৰ লাভ কৰিছিল।
প্রশ্ন ৮ : মিউল নামৰ যন্ত্ৰটো কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ: ছামুৱেল ক্রমটাউনে মিউল নামৰ যন্ত্ৰটো আৱিষ্কাৰ কৰিছিল।
প্রশ্ন ৯ : যন্ত্রচালিত তাঁতশাল কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ: ১৭৮৫ খ্ৰীঃত কাৰ্টৰাইটে যন্ত্রচালিত তাঁতশাল আৱিষ্কাৰ কৰিছিল।
প্রশ্ন ১০: ইংলণ্ডত শিল্প বিপ্লৱৰ দ্বিতীয় পর্যায় কেতিয়া মানৰ পৰা আৰম্ভ হয়?
উত্তৰ: ১৮৩০ চনৰ পৰা আৰম্ভ হয়।
অতি দৰকাৰী চমু প্ৰশ্নোত্তৰ
প্রশ্ন ১ : শিল্প বিপ্লৱ বুলিলে কি বুজা?
উত্তৰ: ১৭৮০-১৮৫০ খ্রীঃত ইংলেণ্ডত সংঘটিত ঔদ্যোগিক আৰু অর্থনৈতিক বিৱৰ্তনক প্রথম শিল্প বিপ্লৱ বোলা হয়। শিল্প বিপ্লৱৰ ফলত উৎপাদনৰ দিশত নতুন নতুন যন্ত্রপাতিৰ আৱিষ্কাৰ হয়। উৎপাদনৰ ক্ষেত্ৰত জন্তু আৰু মানুহৰ পৰিৱৰ্তে নানা ধৰণৰ যন্ত্ৰ পাতিৰ ব্যৱহাৰ ঘটিল। ইয়াৰ ফলত কম সময়তে একেলগে বহুতো সামগ্ৰীৰ উৎপাদন সম্ভৱ হ’ল। শিল্প বিপ্লৱৰ লগে লগে উদ্যোগপতিৰ আবিৰ্ভাৱ ঘটে। ইয়াৰ উপৰি শিল্প বিপ্লৱৰ লগে লগে বণুৱা সকলৰো সৃষ্টি হয়। ফলত সমাজত শ্রেণী বিভাজনৰ সূচনা হ’ল।
প্রশ্ন ২ : ইংলেণ্ডৰ যোগাযোগৰ ক্ষেত্ৰত শিল্প বিপ্লবে কেনে পৰিৱৰ্তন সাধন কৰিছিল?
উত্তৰ : যোগাযোগৰ উন্নতিৰ দিশত শিল্প বিপ্লবে উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। বহুতো ৰাস্তা আৰু ৰেল লাইনৰ সম্প্ৰসাৰণ ঘটিছিল। যোগাযোগৰ দিশত ডাক-সেৱাৰ প্ৰৱৰ্তন আছিল অতি উল্লেখযোগ্য। ইয়াৰ উপৰি বৈদ্যুতিক ব্যৱস্থাৰো উন্নতি সাধন হৈছিল। ১৮৩৯ খ্রীঃত মৰ্চিয়ে টেলিগ্রাফ সেৱাৰ প্ৰৱৰ্তন কৰিছিল।
প্রশ্ন ৩ : শিল্প বিপ্লবে জনসাধাৰণৰ জীৱন-ধাৰণৰ পদ্ধতিত কেনে প্রভাব পেলাইছিল?
উত্তৰঃ শিল্প বিপ্লৱে সাধাৰণ মানুহৰ জীৱন ধাৰণৰ পদ্ধতিৰ আমূল পৰিৱৰ্তন সাধন কৰিছিল। উদ্যোগ সমূহত জড়িত হৈ পৰাৰ লগে লগে তেওঁলোকে পুৰণি পৰম্পৰা ত্যাগ কৰি নতুন ধ্যান-ধাৰণাৰ জীৱন-নিৰ্বাহ কৰাত ব্যক্ত হৈ পৰিছিল। উদ্যোগ সমূহ জড়িত হৈ পৰাৰ লগে জনসাধাৰণৰ অৰ্থনৈতিক দিশৰ উন্নতি সাধন হৈছিল। ফলত তেওঁলোকৰ জীৱনশৈলীৰো পৰিৱৰ্তন ঘটিছিল।
প্রশ্ন ৪ : উদ্যোগসমূহ নিয়োজিত মহিলা আৰু শিশুসকলৰ অৱস্থা কেনে আছিল?
উত্তৰ: উদ্যোগ সমূহত শ্রমিক হিচাপে কাম কৰা মহিলা আৰু শিশুসকলৰ অৱস্থা অতি শোচনীয় আছিল। ১৭৫০ খ্রীঃত ৫০,০০০ জন লোকে বাস কৰা নগৰৰ সংখ্যা দুখনৰ বিপৰীতে ১৮৫০ খ্ৰীঃত এনে নগৰৰ সংখ্যা ২৯ খনলৈ বৃদ্ধি পাইছিল। কিন্তু নগৰ সমূহৰ বৰ্দ্ধিত সংখ্যাৰ সৈতে দ্রুতগতিত বৃদ্ধি পোৱা লোকসংখ্যাৰ বাবে প্রয়োজনীয় গৃহ, স্বাস্থ্য, বিধিসম্মত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু বিশুদ্ধ পানী যোগানৰ কোনো ব্যৱস্থা নাছিল। ফলত মহিলা শ্রমিক সকলৰ কম বয়সতে মৃত্যু হৈছিল। আনহাতে, শিশুসকলৰ অধিকাংশই পাঁচ বছৰ হোৱাৰ আগতে মৃত্যু ঘটিছিল। উল্লেখযোগ্য যে অপৰিষ্কাৰ পানী, কলেৰা, টাইফয়দৰ দৰে মহামাৰী নাইবা বতাহৰ দ্বাৰা সংক্রমিত যক্ষ্মা ৰোগত অধিক মহিলা আৰু শিশু-শ্রমিকৰ মৃত্যু ঘটিছিল। উল্লেখযোগ্য যে ১৮৩২ খ্রীঃত ৩১ হাজাৰতকৈও অধিক শ্রমিক কলেৰা মহামাৰীত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল।
প্রশ্ন ৫ : ‘প্রাচীৰ বেষ্টিত ভূমি’ (Enclosure) বুলিলে কি বুজা?
উত্তৰ : ‘প্রাচীৰ বেষ্টিত ভূমি’ নামৰ নীতিটো ১৭৭০ দশকত প্রয়োগ কৰা হৈছিল। এই নীতি বা পদ্ধতিৰ জৰিয়তে গ্রামাঞ্চলৰ বহুতো ক্ষমতাশালী ভূ-স্বামীয়ে ক্ষুদ্র পামসমূহ নিজ ভূমিৰ প্ৰাচীৰৰ ভিতৰত অন্তর্ভুক্ত কৰিছিল। এনে নীতিৰ দ্বাৰা ক্ষতিগ্রস্ত হোৱা লোকসকলে ঔদ্যোগিক খণ্ডত শ্রমিক হিচাপে কাম কৰাৰ বাহিৰে কোনো গত্যন্তৰ নাছিল।
প্রশ্ন ৬ : ‘লুডিজিম’ বুলিলে কি বুজা?
উত্তৰ: ১৮১১-১৭ চনত জেনেৰেল লুড নামৰ এজন সামৰিক অৱসৰপ্ৰাপ্ত বিষয়াই এটি ভিন্নসুৰীয়া আন্দোলনৰ নেতৃত্ব বহন কৰিছিল। লুডৰ নাম অনুসৰি এই আন্দোলনটোক লুডিজিম বুলি কোৱা হৈছিল। শ্ৰমিকৰ বাবে ন্যূনতম মজুৰি মহিলা আৰু শিশু শ্রমিকৰ বাবে কামৰ নিৰ্দিষ্ট সময়, কলৰ ব্যৱহাৰৰ ফলত ক্ষতিগ্রস্ত হোৱা লোকসকলৰ কৰ্মসংস্থান, ট্রেড ইউনিয়ন গঠন আদিবোৰেই আছিল লুডিজিম আন্দোলনৰ প্রধান উদ্দেশ্য আৰু লক্ষ্য।
প্রশ্ন ৭ : ১৮৪২ জনৰ ভূ-গর্ভ আইন (Mines Act)ৰ প্ৰধান উদ্দেশ্যে কি আছিল?
উত্তৰ: ১৮৪২ চনৰ চৰকাৰৰ দ্বাৰা নিযুক্ত খনি আয়োগে দাখিল কৰা প্ৰতিবেদন মতে ১৮৩৩ চনৰ আইনখনে খনি সমূহৰ কাম-কাজৰ ক্ষেত্ৰত অধিক বেমেজালিৰ সৃষ্টি কৰিছিল। এই আইনত ৯ বছৰৰ তলৰ শিশু শ্রমিকৰ খনিৰ কামত কোনো ধৰণৰ নিষেধাজ্ঞা নথকাৰ সুযোগ লৈ এই বয়সৰ শিশুৱে দলে দলে খনিৰ কামত সোমাই পৰিছিল।
সেয়ে এনে অৱস্থাৰ পৰিৱৰ্তন সাধন কৰাৰ অৰ্থে ১৮৪২ চনৰ খনি আৰু ভাৰতীয় আইনখনৰ দ্বাৰা দহ বছৰৰ তলৰ শিশু আৰু মহিলাসকলে ভূ-গৰ্ভত কাম কৰাটো নিষেধ কৰিছিল।
প্রশ্ন ৮ : স্পিনিং জেনিৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: জেম হাৰগ্ৰীভছে ১৭৬৫ খ্রীঃত এই যন্ত্ৰটো আৱিষ্কাৰ কৰে। এই স্পিনিং জেনি বা নেওঠনী কলৰ দ্বাৰা এজন লোকে একেবাৰতে বহু পৰিমাণৰ সূতা প্রস্তুত কৰিব পৰা হ’ল। এইদৰে বেছি সূতা কটাৰ ফলত অধিক বস্তু উৎপাদন কৰিবলৈ সক্ষম হৈছিল।
প্রশ্ন ৯: শিল্প বিপ্লৱৰ ফলত উদ্ভৱ হোৱা দুটা মতবাদ (ism)ৰ কথা উল্লেখ কৰা।
উত্তৰ : শিল্প বিপ্লৱৰ ফলত উদ্ভৱ হোৱা দুটা মতবাদ হ’ল-
(ক) উপনিৱেশিকতাবাদ আৰু
(খ) ধনতন্ত্রবাদ।
অতি দৰকাৰী ৰচনাধৰ্মী প্রশ্নোত্তৰ
প্রশ্ন ১: ইংলেণ্ডত শিল্প বিপ্লৱ আৰম্ভ হোৱাৰ কাৰণবোৰ কি কি আছিল?
উত্তৰ: আন দেশত নহৈ ইংলেণ্ডত শিল্প বিপ্লৱ আৰম্ভ হোৱাৰ কিছুমান কাৰণ দেখা যায়। এই কাৰণ সমূহ হ’ল-
(ক) খনিজ পদাৰ্থৰ প্ৰচুৰতা: যিকোনো উদ্যোগ গঢ়ি তুলিবলৈ হ’লে খনিজ
পদাৰ্থৰ প্ৰয়োজন। ইংলেণ্ডত প্ৰচুৰ পৰিমাণে লো, কয়লা আদি খনিজ পদার্থ আছিল। সেয়েহে ইংলেণ্ডত প্রথম শিল্প বিপ্লৱ আৰম্ভ হৈছিল।
(খ) মূলধনঃ ইংলেণ্ড অর্থনৈতিকভাৱে আগবঢ়া আছিল। নতুন নতুন উদ্যোগ প্রতিষ্ঠাৰ বা মূলধন বিনিয়োগ কৰিবলৈ ধনী লোকৰ অভাৱ নাছিল। অধিক লাভৰ আশাত ডাঙৰ ডাঙৰ উদ্যোগ প্ৰতিষ্ঠাৰ বাবে এনে ধনী লোকসকল আগবাঢ়ি অহাৰ ফলত ইংলেণ্ডত শিল্প বিপ্লৱ সম্ভৱ হৈছিল।
(গ) ইংৰাজ সকলৰ ব্যৱসায়ৰ প্ৰতি আগ্ৰহ: ইংৰাজ সকল আছিল প্রধান ব্যৱসায়িক জাতি। তেওঁলোকে বিশ্বৰ বহুতো ঠাইত উপনিৱেশ পাতি তাৰ পৰা প্রয়োজনীয় কেঁচামাল সংগ্ৰহ কৰি ইংলেণ্ডত সামগ্রী উৎপাদন কৰিছিল। পুনৰ সেই সামগ্ৰীবোৰ উপনিৱেশ সমূহত বিক্ৰী কৰিবলৈ প্রয়োজনীয় বজাৰ থকাৰ বাবেই সামগ্রী উৎপাদনৰ নতুন পদ্ধতি গ্রহণ কৰিছিল।
(ঘ) উপযুক্ত জলবায়ু: ইংলেণ্ডৰ জলবায়ু শিল্প বাণিজ্যৰ বাবে উপযোগী আছিল। কাৰণ ইয়াৰ জলবায়ু অতি গৰম বা অতি শীতল নহয়। এনেকুৱা জলবায়ুত মানুহৰ কর্মদক্ষতা বেছি হয় আৰু ই শিল্প বাণিজ্য গঢ়ি উঠাত সহায় কৰিছিল।
(ঙ) সাহসী আৰু পৰিশ্ৰমী গুণ: ইংলেণ্ডৰ লোকসকল আছিল অতি সাহসী আৰু পৰিশ্ৰমী। যিকোনো কঠিন কাম কৰা বা যিকোনো ঠাইলৈ গৈ বেহা-বেপাৰ কৰাটো তেওঁলোকৰ পক্ষে সহজ আছিল। এনে অৱস্থায়ো ইংলেণ্ডত শিল্প বিপ্লৱ গঢ়ি উঠাত সহায় কৰিছিল। এনে পৰিবেশ অন্য দেশত নোহোৱা হেতুকে ইংলেণ্ডত প্রথম শিল্প বিপ্লব গঢ়ি উঠা বুলি কোৱা হয়।
প্রশ্ন ২: শিল্প বিপ্লবে বিভিন্ন শ্ৰেণীৰ ইংৰাজ মহিলা আৰু শিশুৰ জীৱন ধাৰণত কেনে ধৰণে প্ৰভাৱ বিস্তাৰ কৰিছিল?
উত্তৰ : শিল্প বিপ্লৱে ইংৰাজ মহিলা আৰু শিশুৰ জীৱন ধাৰণত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাইছিল। উদ্যোগ সমূহ বাঢ়ি অহাৰ লগে লগে শ্রমিকৰো প্ৰয়োজন হৈছিল। আনহাতে, উদ্যোগপতি সকলে কাৰখানাত মহিলা আৰু শিশু শ্রমিকক নিয়োগ কৰাৰ পক্ষপাতী আছিল। কাৰণ এনে শ্রমিকক কম মজুৰিত খটাব পৰা গৈছিল। আৰু তেওঁলোকে যিকোনো কাম কৰাৰ কাৰণে ইচ্ছুক আছিল।
লংকাচিয়েৰ আৰু ইয়র্কচিয়েৰৰ কপাহ উদ্যোগত মহিলা আৰু শিশু শ্রমিকক নিয়োগ কৰা হৈছিল, ৰেছম, লেচ্ আৰু উল গোঠাৰ বাবে প্রধানতঃ মহিলা শ্রমিকে কাম কৰিছিল। বিৰবিংহামত ধাতু উদ্যোগতো মহিলা আৰু শিশু শ্রমিকে কাম পাইছিল।
স্পিনিং জেনিৰ দৰে কপাহ নেওঠনী কলবোৰ শিশু শ্রমিকে তেওঁলোকৰ ক্ষুদ্র দেহ আৰু আঙুলিৰে ক্ষিপ্ৰতাৰে চলোৱাৰ উপযোগীকৈ সাজি উলিওৱা হৈছিল। তদুপৰি কলেৰে ঠাহ খাই থকা ঠাইৰ মাজেদি সহজে অহা-যোৱা কৰিবলৈ সক্ষম হোৱাৰ বাবে বহুবোৰ বস্ত্ৰ শিল্প উদ্যোগীয়ে শিশু শ্রমিককহে পচন্দ কৰা দেখা গৈছিল। অৱশ্যে এনে পৰিবেশত শিশু আৰু মহিলা শ্রমিকসকলে নানা ধৰণৰ অসুবিধা ভোগ কৰিব লগা হৈছিল। কেতিয়াবা শ্রমিকসকল আঘাত প্রাপ্ত হৈছিল। আনকি টোপনিৰ ভৰত কলত পৰি কোনো কোনো শিশুৱে প্রাণ ত্যাগ কৰিব লগা হৈছিল।
শিশু শ্রমিকক ‘ফান্দী’ হিচাপেও ব্যৱহাৰ কৰা হৈছিল। ফান্দী শিশু শ্রমিকে খনিৰ ভিতৰত কয়লা অনা-নিয়া কৰা দবা বিলাকৰ বাবে দুৱাৰ খোলা আৰু বন্ধ কৰা কাম কৰিছিল। কেতিয়াবা এই শিশুসকলে কুলী হিচাপত কাম কৰিব লাগিছিল।
কাৰখানাৰ মালিক সকলে শিশু শ্রমিক সকলক ভৱিষ্যতে উপযুক্ত শ্রমিক হিচাপে গঢ়ি তুলিবৰ বাবে প্রশিক্ষণ দিয়াত গুৰুত্ব আৰোপ কৰিছিল। অৱশ্যে এনেবোৰ সুবিধাতকৈ মহিলা আৰু শিশু শ্রমিকসকলে নানা ধৰণৰ অসুবিধা ভোগ কৰিহে কাৰাখানাত কাম কৰিবলৈ বাধ্য হৈছিল।
প্রশ্ন ৩ : যোগাযোগ ব্যৱস্থাৰ ওপৰত শিল্প বিপ্লৱৰ প্ৰভাৱ কেনে আছিল?
উত্তৰ : শিল্প বিপ্লৱে ইংলেণ্ডৰ যোগাযোগ ব্যৱস্থাৰ ওপৰত বিশেষ প্রভাৱ পেলাইছিল। উদাহৰণ হিচাপে (ক) কেঁচা সামগ্ৰী আৰু উৎপাদিত সামগ্রী সমূহ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ সৰবৰাহ কৰাৰ কাৰণে আৰু নিৰাপদ হিচাপে আহল- বহল পকী ৰাস্তাবোৰ নিৰ্মাণ কৰা হৈছিল।
(খ) নগৰ সমূহলৈ কয়লা সৰবৰাহ কৰাৰ কাৰণে ভালেমান খাল খন্দা হৈছিল।
কয়লাৰ পৰিমাণ আৰু ওজন বেছি হোৱা বাবে এইবোৰ স্থলপথেদি অনাটো কঠিন আৰু খৰচ বেছি হৈছিল। আনহাতে, খাল সমূহত চলাচল কৰা মালবাহী নাৱেৰে কয়লা অনাটো উজু বুলি বিবেচিত হৈছিল।
(গ) শিল্প বিপ্লৱৰ আন এটা উল্লেখযোগ্য দিশ হ’ল ভাপ ইঞ্জিনৰ আৱিষ্কাৰ।
১৮১৪ খ্রীঃত জর্জ ষ্টিফেনছনে ‘দি ব্লুটচেৰ’ নামৰ ইঞ্জিনটোৰ দ্বাৰা চালিত গাড়ীখনেৰে ত্রিশ টন ওজনৰ মাল ঘণ্টাত চাৰি মাইল বেগে ওখ পাহাৰত তুলি সকলোকে চমকিত কৰিছিল। ১৮৫০ খ্রীঃৰ ভিতৰত ইংলেণ্ডৰ অধিকাংশ ঠাই ৰেল আলিৰ দ্বাৰা সংযোজিত হ’ল।
(ঘ) বাষ্প চালিত ইঞ্জিনৰ দ্বাৰা নাৱেৰে বা জাহাজেৰে সাগৰত মানুহ আৰু বয়বস্তু কঢ়িওৱাৰ ব্যৱস্থা কৰা হৈছিল।
এনেদৰে দেখা যায় যে শিল্প বিপ্লবে ইংলেণ্ডৰ যোগাযোগ ব্যৱস্থাৰ ওপৰত এক সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল।
প্রশ্ন ৪ : শিল্প বিপ্লবে মানুহৰ জীৱন ধাৰণৰ ওপৰত কোন ধৰণৰ কু-প্ৰভাৱ পেলাইছিল আলোচনা কৰা।
উত্তৰ : শিল্প বিপ্লৱে জনসাধাৰণৰ জীৱন ধাৰণৰ ওপৰত বহুতো পৰিমাণে কু- প্রভাৱত পৰিছিল। যেনে-
(ক) শিল্প বিপ্লবে সমাজত শ্রেণী বিভাজন কৰিছিল। এদল হ’ল কল-কাৰখানাৰ মালিক শ্রেণী তথা পুঁজিপতি আৰু আনটো দল হ’ল বনুৱা শ্রমিক শ্রেণী। মালিকসকলে অধিক ধনীক শ্রেণীত পৰিণত হোৱাৰ বিপৰীতে বনুৱাসকলে অতি কষ্টৰ মাজেৰে জীৱন নিৰ্বাহ কৰিব লগা হৈছিল।
(খ) শিল্প উদ্যোগৰ ফলত বহুতো নগৰৰ সৃষ্টি হৈছিল। ফলত এই নগৰসমূহলৈ কাম বিচাৰি মানুহৰ লানি নিচিগা’ সোঁত হৈছিল। ফলত মানুহ বিলাক চহৰমুখী হয়। চহৰৰ জনসংখ্যা বাঢ়িবলৈ লয়।
(গ) চহৰৰ জনসংখ্যা বৃদ্ধিৰ লগে লগে কিছুমান বস্তি অঞ্চলৰ সৃষ্টি হয়। বস্তিসমূহ লেতেৰা পৰিবেশত গঢ়ি উঠিছিল। এই বিলাকে বেয়া প্ৰদূষণৰ সৃষ্টি কৰিছিল। এনে অস্বাস্থ্যকৰ পৰিবেশত বাস কৰাৰ ফলত বাসিন্দাসকল নানা ধৰণৰ ৰোগত আক্রান্ত হ’ব লগা হয়।
(ঘ) বেয়া পৰিবেশত বাস কৰাৰ ফলত গঢ় হিচাপত মানুহৰ জীৱন আয়ুস কমি আহিছিল। উল্লেখযোগ্য যে ১৮৩২ খ্রীঃত মহামাৰী আৰু কলেৰা সদৃশ ৰোগত বহুতো লোকৰ অকাল মৃত্যু ঘটিছিল।
(ঙ) জনসংখ্যা বঢ়াৰ লগে লগে সমাজত অসামাজিক কার্যও বৃদ্ধি পাইছিল। হত্যা, লুণ্ঠন আদি নিয়মিত ঘটনাত পৰিণত হৈছিল।
(চ) বনুৱা শ্ৰেণীৰ উন্নতিৰ কাৰণে নানা ধৰণৰ গণতান্ত্রিক আন্দোলন আৰম্ভ হৈছিল। অৱশ্যে এনে আন্দোলনৰ ন্যায্যতা মানি লোৱাৰ বিপৰীতে চৰকাৰে ইয়াক কঠোৰ হাতেৰে দমনৰ কাৰণেহে চেষ্টা কৰিছিল।
(ছ) কাম কৰা মহিলা শ্রমিকে শ্ৰমৰ বিনিময়ত দেখাত আর্থিত স্বাধীনতাৰ উপৰিও মর্যাদা লাভ কৰিছিল যদিও বাস্তৱ দিশত এইবোৰ অতি নগণ্য আছিল। কাৰণ তেওঁলোকে অপমানসূচক চৰ্তত কাম কৰিব লাগিছিল। বহুতো শিশুৰ জন্মতেই মৃত্যু ঘটিছিল। ইয়াৰ উপৰি অতি দৈন্যপীড়িত বস্তিত তেওঁলোকে বাস কৰিব লাগিছিল।