পৰিৱেশ অধ্যয়নৰ পৰিচয় | BA, B.Sc, B.Com 1st Semester VAC Environmental Studies Chapter 1 Question Answer Assamese Medium 2025 | পৰিৱেশ অধ্যয়ন | ba 1st semester vac question answer | b.a 1st sem evs question answer assamese medium pdf | BA 1st Semester VAC Environmental Studies Unit 1 Question Answer Assamese Medium 2025
Unit : 1
পৰিৱেশ অধ্যয়নৰ পৰিচয়
► অতি চমু প্রশ্নোত্তৰ :
১। বায়ু, পানী আৰু মাটিক লৈ গঢ়ি উঠা বাতাবৰণটোক কি বোলে?
উত্তৰঃ পৰিবেশ।
২। পৰিবেশ বুলিলে কি বুজা?
উত্তৰঃ সাধাৰণ অৰ্থত আমাৰ চাৰিওফালে থকা জীবীয় আৰু অজীবীয় উপাদানসমূহৰ সমষ্টিকে পৰিবেশ বোলে।
৩। অ’জন স্তৰত কুপ্ৰভাৱ পেলোৱা এবিধ প্ৰদূষকৰ নাম লিখা।
উত্তৰঃ ক্ল’ৰ’ফ্ল’ৰ’ কার্বন (CFC)
৪। উদ্ভিদৰ খাদ্য প্রস্তুতকৰণ প্ৰণালীটোক কি বোলে?
উত্তৰ: সালোক সংশ্লেষণ।
৫। পানীৰ মূল উৎস কি?
উত্তৰ: সাগৰ আৰু মহাসাগৰ।
৬। পৰিবেশৰ অজৈৱিক উপাদানসমূহ কি কি?
উত্তৰ: পৰিবেশৰ অজৈৱিক উপাদানবোৰ হ’ল ক্রমে বায়ু, পানী আৰু মাটি।
৭। পৰিবেশৰ ভাৰসাম্য কিদৰে চলি আছে?
উত্তৰ: জীৱবোৰে নিজৰ প্ৰয়োজনভেদে পৰিবেশ ৰচনা কৰি ল’ব পাৰে। তথাপি কিছুমান প্রতিকূল পৰিবেশত জীবকুল লুপ্ত হয়। এবিধ জীব লুপ্ত হ’লে আন এবিধ নতুন জীৱই সেই ঠাই পূৰণ কৰে। এইদৰে জীৱমণ্ডলে স্বাভাৱিক প্রক্রিয়া অটুট ৰাখি পাৰিপাৰ্শ্বিক ভাৰসাম্য বজাই ৰাখিছে।
৮। পানীৰ বিশুদ্ধতা কিদৰে প্ৰভাবিত হ’ব পাৰে লিখা।
উত্তৰঃ ঔদ্যোগিক আৱৰ্জনা, নগৰ-চহৰৰ পেলনীয়া আৱৰ্জনা, জীৱ-জন্তুৰ মলমূত্র আদি নলা-নর্দমাৰে আহি নৈ, জান-জুৰিত পৰা বাবে পানীৰ বিশুদ্ধতা নষ্ট হৈছে।
৯। সম্পদ কি?
উত্তৰঃ জীৱনৰ বাবে আৱশ্যক হোৱা পদাৰ্থৰ ভঁৰালেই হ’ল সম্পদ। কোনো নির্দিষ্ট উৎসৰ পৰা মানুহৰ প্ৰয়োজনত ব্যৱহাৰ কৰিব পৰা সামগ্ৰীসমূহকে সম্পদ বোলা হয়।
১০। প্রাকৃতিক সম্পদ বুলিলে কি বুজা?
উত্তৰ: প্রকৃতিয়ে দিয়া বস্তুবিলাকৰ প্ৰদান কাৰ্যৰ বাবে পৃথিৱীৰ প্ৰাণীবিলাক জীয়াই থকাৰ সম্ভৱ হৈছে। এই বস্তুবিলাকক প্রাকৃতিক সম্পদ বোলে।
১১। প্রাকৃতিক সম্পদ কেই প্ৰকাৰৰ?
উত্তৰঃ প্রাকৃতিক সম্পদ দুই প্ৰকাৰৰ পৰিমিত আৰু অপৰিমিত।
১২। ধাৰণক্ষম উন্নয়ন বুলিলে কি বুজে?
উত্তৰঃ পৰিবেশৰ সম্পদসমূহৰ যথোচিত ব্যৱহাৰ কৰি, ভাৰসাম্য ৰক্ষা কৰি দেশ বা অঞ্চল একোটাই অর্থনৈতিক প্রগতি বা উন্নয়নৰ পথত আগুৱাই যাব পৰাকে ধাৰণক্ষম উন্নয়ন বুলি কোৱা হয়।
১৩। বনাঞ্চল ধ্বংসৰ ফলত পৰিৱেশত কেনেকুৱা প্ৰভাৱ পৰে?
উত্তৰ : বৰষুণৰ পৰিমাণ হ্রাস হয়, বায়ুমণ্ডলৰ গড় উষ্ণতা বৃদ্ধি হয়, মাটিৰ উৰ্বৰা শক্তি হ্রাস হয়, ভূমিস্খলনৰ পৰিমাণ বৃদ্ধি হয়, বানপানীৰ আধিক্য বেছি হয় ইত্যাদি।
► চমু প্রশ্নোত্তৰ :
১। পৰিৱেশ বুলিলে কি বুজা?
উত্তৰঃ সাধাৰণ অৰ্থত আমাৰ চাৰিওফালে থকা জীৱীয় আৰু অজীবীয় উপাদানসমূহৰ সমষ্টিকে পৰিবেশ বোলে।
কোনো জীৱসমষ্টিৰ কেউকাষে থকা প্রাকৃতিক বাতাবৰণকে সেই ঠাইৰ আৰু জীৱসৃষ্টিৰ পৰিৱেশ বুলি কোৱা হয়। প্রাকৃতিক বাতাবৰণ বুলি কওঁতে সকলো ধৰণৰ কথাই আহি পৰে। তাৰ ভিতৰত জৈৱিক, অজৈৱিক আদি সকলো উপাদান।
একোটা নির্দিষ্ট পৰিবেশত থকা জৈৱিক আৰু অজৈৱিক পৰিবেশৰ মাজত এৰাব নোৱাৰা সম্পর্কই বিৰাজ কৰে। অজৈৱিক উপাদান আৰু জৈৱিক উপাদানৰ মাজত এটা এৰাব নোৱৰা সম্পৰ্কৰ সৃষ্টি হৈছে। এই সম্পর্কজনিত অৱস্থাটোৱেই হ’ল পৰিবেশ।
ঠাইভেদে আৰু জীব সমষ্টিভেদে পৰিবেশবোৰ বেলেগ বেলেগ হয়। নিৰক্ষীয় পৰিবেশত জৈৱিক আৰু অজৈৱিক উপাদানবোৰ বেলেগ বেলেগ। একেদৰে মৰুভূমীয় পৰিবেশতো বেলেগ। গতিকে বেলেগ বেলেগ পৰিবেশত জৈবিক-অজৈৱিক কাম-কাজবোৰো বেলেগ হৈ পৰে।
২। বহনক্ষম উন্নয়ন (Sustainable Development) বুলিলে কি বুজা?
উত্তৰঃ “কোনো এখন দেশৰ বা সমাজৰ উন্নয়ন প্রক্রিয়াত প্রাকৃতিক সম্পদৰ ব্যৱহাৰ যদি এনেদৰে কৰা হয়, যাতে ভৱিষ্যৎ প্রজন্মৰ বাবেও সেই সম্পদ ব্যৱহাৰযোগ্য হৈ থাকে, তেনেহ’লে সেই উন্নয়নক বহনক্ষম উন্নয়ন বোলা হয়।”- এই সংজ্ঞাটো আগবঢ়াইছিল বিশ্ব স্বাস্থ্য সংস্থাৰ ভূতপূর্ব সঞ্চালক আৰু নৰৱে দেশৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী জি এইচ ব্রাল্টলেণ্ডে। বহনক্ষম উন্নয়নৰ ধাৰণা মতে, উন্নয়নৰ প্ৰক্ৰিয়াৰদ্বাৰা সকলো মানুহ উপকৃত হ’ব লাগে আৰু অকল বর্তমানতে আবদ্ধ নাথাকি মানুহৰ চিন্তাধাৰা ভৱিষ্যতলৈকে সম্প্ৰসাৰিত হ’ব লাগে। প্রাকৃতিক সম্পদৰ ওপৰত যে সকলোৱে সমঅধিকাৰ আছে সেই কথা আজিৰ প্ৰজন্মই উপলব্ধি কৰা উচিত। ভৱিষ্যৎ বংশধৰসকলে যাতে সম্পদ ভোগৰ পৰা বঞ্চিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্যব্যৱস্থা গ্রহণ কৰা উচিত।
৩। গোলকীয় উত্তাপ বৃদ্ধি কি? ইয়াৰ কাৰকবোৰ উল্লেখ কৰা।
উত্তৰ: সৌৰশক্তিয়েই হৈছে ভূ-পৃষ্ঠ আৰু বায়ুমণ্ডলৰ উত্তাপৰ চিৰন্তন উৎস। ভূ-পৃষ্ঠলৈ অহা মুঠ সৌৰশক্তিৰ ৩০ শতাংশ বায়ুমণ্ডলত থকা মেঘ আদিৰ লগতে ভূ-পৃষ্ঠই প্রতিফলিত কৰে। মুঠ সৌৰশক্তিৰ ১৯ শতাংশ বায়ুমণ্ডলে শুহি লয় আৰু বাকী ৫১ শতাংশ শক্তি পৃথিৱীয়ে বাষ্পীভৱন আদিৰ যোগেদি লীন তাপ (Latent heat) হিচাপে পুনৰ বায়ুমণ্ডললৈ এৰি দিয়ে। এইদৰে উত্তাপৰ ক্ষেত্ৰত বায়ুমণ্ডল আৰু ভূ-পৃষ্ঠই এক প্ৰকাৰৰ ভাৰসাম্য ৰক্ষা কৰি আহিছে। ভূ-পৃষ্ঠ আৰু বায়ুমণ্ডলৰ বিশেষ গঠন আৰু বিশেষকৈ বায়ুমণ্ডলত নির্দিষ্ট অনুপাতত থকা গেছ আদিয়ে এনে ধৰণে উত্তাপৰ ভাৰসাম্য ৰক্ষা কৰাটো সম্ভৱ কৰি তুলিছে।
বর্তমানে পৰিৱেশৰ যিবোৰ সমস্যাই মানৱ সমাজক অতি উদ্বিগ্ন কৰি তুলিছে, তাৰ ভিতৰত ভূপৃষ্ঠ আৰু বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিৰ সমস্যাটো প্রধান। এইটো এটা বিশ্ব ব্যাপী অনুভূত সমস্যা আৰু ইয়াৰ লগত সমগ্ৰ জীৱজগত বৰ্তি থকাৰ প্ৰশ্ন জড়িত হৈ আছে।
সেই কাৰণে শিক্ষা-দীক্ষা, প্রশাসন, ৰাজনীতি, অর্থনীতি আদি সকলো ক্ষেত্রতে আজি গোলকীয় উত্তাপ বৃদ্ধিৰ কথাটো এটা প্রধান আলোচ্য বিষয় হৈ পৰিছে।
বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিত সেউজগৃহ গেছবোৰৰ ভিতৰত কাৰ্বন-ডাই-অক্সাইডৰ ভূমিকা সর্বাধিক। আমি সকলোৱে জানো যে শিল্প-বিপ্লৱৰ পৰৱৰ্তীকালত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ ক্রমে বৃদ্ধি পাবলৈ ধৰে আৰু কিছুমান উদ্যোগৰ চাহিদা পূৰণ কৰিবলৈ গছ-গছনি ধ্বংস কাৰ্যও বাঢ়ে। ইয়াৰ পৰিণতিস্বৰূপে বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰে। মানুহৰ কাৰ্যাৱলীৰ লগতে আগ্নেয় উদ্গিৰণেও বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি কৰে।
৪। পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: পৃথিৱীৰ পৰিৱেশৰ চাৰিওটা মণ্ডল পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। এই
মণ্ডলকেইটাৰ মাজত চলি থকা আন্তঃক্রিয়াই পৃথিৱীৰ পৰিৱেশ গঢ়ি তুলিছে। এই মণ্ডলসমূহ অগণন উপাদানেৰে গঠিত। এই উপাদানসমূহে পাৰস্পৰিক ক্ৰিয়াৰ দ্বাৰা সৃষ্টি কৰা এক জটিল জালিৰ যোগেদি পৃথিৱীৰ বৰ্তমানৰ পৰিবেশ নিৰূপণ কৰিছে। এই পৰিবেশ পৰিৱৰ্তনশীল। স্থান আৰু কালভেদে পৃথিৱীৰ পৰিৱেশৰ পৰিৱৰ্তন ঘটে।
৫। প্রাকৃতিক সম্পদ কাক বোলে?
উত্তৰ: প্রকৃতিপ্রদত্ত বস্তুবোৰক যেনে- মাটি, পানী, বায়ু, খনিজ দ্রব্য, ভূ-গর্ভস্থ ইন্ধন, উদ্ভিদ প্রাণী আদি সকলোকে প্রাকৃতিক সম্পদ বুলি কোৱা হয়। মানুহে সৃষ্টি কৰিব নোৱাৰা প্ৰকৃতিজাত এই বস্তুবোৰ লুপ্ত বা ধ্বংস হৈ গ’লে অথবা এইবোৰ সংৰক্ষণ কৰিব নোৱাৰিলে প্রাকৃতিক ভাৰসাম্য নাইকিয়া হ’ব পাৰে। ইয়াৰ ফলত আমাৰ সভ্যতা-সংস্কৃতি বিপদাপন্ন হোৱাই নহয়, পৃথিৱীত জীবজগতৰ অস্তিত্বই নেথাকিব। প্রকৃতিত থকা মাটি, পানী, বায়ু, গছ-গছনি, জীৱ-জন্তু আদি সকলো বস্তুৰ উমৈহতীয়া ক্ৰিয়া প্ৰক্ৰিয়াৰ ফলতহে জীৱজগতৰ বাবে এক অনুকূল সুস্থিৰ প্ৰাকৃতিক পৰিবেশ বৰ্তি আছে।
৬। প্রাকৃতিক সম্পদ কেই প্ৰকাৰৰ?
উত্তৰ: প্রকৃতিক সম্পদ মূলতঃ দুই প্ৰকাৰৰ-
(ক) নবীকৰণ (Renewable) সম্পদ: এই প্ৰকাৰৰ সম্পদ এবাৰ খৰচ হ’লেও কালানুক্ৰমত পুনৰ প্ৰস্তুত কৰিব পাৰি। যেনে- বনজ সম্পদ, বন্যপ্রাণী, বায়ু শক্তি জৈৱভৰ (Biomass) শক্তি, জলবিদ্যুৎ, জোৱাৰ শক্তি (Tidal power) ইত্যাদি।
(খ) অনবীকৰণ (Non-Renewable) সম্পদ: এই প্ৰকাৰ সম্পদ এবাৰ আহৰণ বা খৰচ কৰাৰ পাছত পুনৰ প্ৰস্তুত কৰিব নোৱাৰি। যেনে- জীৱাষ্ম, কয়লা, খনিজ ধাতু ইত্যাদি।
এটা মনকৰিবলগীয়া বিষয় যে, নবীকৰণ সম্পদক অতিমাত্ৰা আহৰণ কৰিলে অনবীকৰণ সম্পদলৈ ৰূপান্তৰিত হ’ব পাৰে।
৭। নবীকৰণ শক্তি কাক বোলে? ইয়াৰ প্ৰধান উৎসসমূহ লিখা।
উত্তৰ: যিবোৰ শক্তিৰ উৎসৰ পৰা অবিৰতভাৱে শক্তি উৎপাদন হৈ থাকে আৰু দীর্ঘদীন ধৰি ব্যৱহাৰ কৰিলেও কেতিয়াও শেষ হোৱাৰ সম্ভাৱনা নাই, তেনে শক্তিক নবীকৰণ শক্তি বোলে। ইয়াৰ প্ৰধান উৎসসমূহ হ’ল সৌৰশক্তি, পবনশক্তি, জলশক্তি, জৈব গেছ, ভূ-তাপীয় শক্তি, সাগৰত সঞ্চিত শক্তি, হাইড্র’জেন আদি নবীকৰণ শক্তিৰ উৎস।
৮। এছিড বৰষুণ কিয় হয়? স্মগ কি?
উত্তৰঃ এছিড বৰষুণ (Acid rain): ইন্ধনত থকা ছালফাৰৰ জাৰণৰ ফলত S*O_{2} আৰু S*O_{3} উৎপন্ন হয়। S*O_{2} আৰু S*O_{3} পানীত দ্ৰৱীভূত হৈ (H_{2}*S*O_{3}) ছালফিউৰাহ আৰু (H_{2}*S*O_{4}) ছালফিউৰিক এছিড উৎপন্ন কৰে। আকৌ ইন্ধনৰ নাইট্ৰ’জেনৰ জাৰণৰ ফলত N*O_{2} আৰু NO (নাইট্রিক অক্সাইড) উৎপন্ন হয়। বৰষুণৰপানীত এই গেছসমূহ (N*O_{x}, S*O_{3}) দ্রবীভূত হৈ এছিড বৰষুণৰ সৃষ্টি কৰে। এছিড বৰষুণে পৃথিৱীৰ আপুৰুগীয়া বুৰঞ্জীপ্ৰসিদ্ধ অট্টালিকাসমূহৰ ক্ষতিসাধন কৰে। এনে এছিড বৰষুণৰ বাবে আগ্রা তাজমহলৰ ক্ষতি সাধন হ’ব ধৰিছে। বেছিকৈ বায়ু প্ৰদূষিত অঞ্চলত এছিড বৰষুণ হয়। এছিড বৰষুণ হোৱা অঞ্চলত গছ-গছনি, শস্য পথাৰ আৰু জীৱ-জন্তুৰ ক্ষতি হয়।
পেট্র’ল আৰু ডিজেল সম্পূৰ্ণৰূপে নোপোৰাৰ ফলত যিবোৰ দ্রব্য বায়ুলৈ এৰি দিয়ে সেইবোৰে নাইট্ৰ’জেন অক্সাইডৰ লগত বিক্রিয়া কৰি স্মগ সৃষ্টি কৰে। স্মগে বহু অসুবিধাৰ সৃষ্টি কৰাৰ উপৰিও মাৰাত্মক ৰূপ ল’ব পাৰে। আন উৎসৰ পৰা ওলোৱা ধোঁৱাকো স্মগ বুলি কোৱা হয়। নাইট্র’জেন অক্সাইড আৰু নাইট্রিক অক্সাইডে বায়ুমণ্ডলত প্ৰৱেশ কৰি হাইড্ৰ’কাৰ্বনৰ লগত বিক্ৰিয়া কৰি স্মগ সৃষ্টি কবে। এই স্মগে উদ্ভিদ আৰু প্ৰাণীৰ ওপৰত বিষক্রিয়া কৰে। স্মগে ৰবৰটো ফাট মেলায়।
► ৰচনাধৰ্মী প্রশ্নোত্তৰ:
১। গোলকীয় উত্তাপ বৃদ্ধি মানে কি? ইয়াৰ কাৰকবোৰ উল্লেখ কৰা।
উত্তৰঃ সৌবশক্তিয়েই হৈছে ভূ-পৃষ্ঠ আৰু বায়ুমণ্ডলৰ উত্তাপৰ চিৰস্তন উৎস। ভূ-পৃষ্ঠলৈ অহা মুঠ সৌৰশক্তিৰ ৩০ শতাংশ বায়ুমণ্ডলত থকা মেঘ আদিৰ লগতে ভূ-পৃষ্ঠত প্রতিফলিত কৰে। মুঠ সৌৰশক্তিৰ ১৯ শতাংশ বায়ুমণ্ডলে শুহি লয় আৰু বাকী ৫১ শতাংশ শক্তি পৃথিবীয়ে বাষ্পীভবন আদিৰ যোগেদি লীন তাপ (Latent heat) হিচাপে পুনৰ বায়ুমণ্ডললৈ এৰি দিয়ে। এইদৰে উত্তাপৰ ক্ষেত্ৰত বায়ুমণ্ডল আৰু ভূ-পৃষ্ঠই এক প্ৰকাৰৰ ভাৰসাম্য ৰক্ষা কৰি আহিছে। ভূ-পৃষ্ঠ আৰু বায়ুমণ্ডলৰ বিশেষ গঠন আৰু বিশেষকৈ বায়ুমণ্ডলত নির্দিষ্ট অনুপাতত থকা গেছ আদিয়ে এনে ধৰণে উত্তাপৰ ভাৰসাম্য ৰক্ষা কৰাটো সম্ভৱ কৰি তুলিছে।
বর্তমানে পৰিৱেশৰ যিবোৰ সমস্যাই মানৱ সমাজক অতি উদ্বিগ্ন কৰি তুলিছে, তাৰ ভিতৰত ভূপৃষ্ঠ আৰু বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিৰ সমস্যাটো প্রধান। এইটো এটা বিশ্ব ব্যাপী অনুভূত সমস্যা আৰু ইয়াৰ লগত সমগ্ৰ জীৱজগত বৰ্তি থকাৰ প্ৰশ্ন জড়িত হৈ আছে। সেই কাৰণে শিক্ষা-দীক্ষা, প্রশাসন, ৰাজনীতি, অর্থনীতি আদি সকলো ক্ষেত্রতে আজি গোলকীয় উত্তাপ বৃদ্ধিৰ কথাটো এটা প্রধান আলোচ্য বিষয় হৈ পৰিছে।
বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিত সেউজগৃহ গেছবোৰৰ ভিতৰত কাৰ্বন-ডাই-অক্সাইডৰ ভূমিকা সর্বাধিক। আমি সকলোৱে জানো যে শিল্প-বিপ্লৱৰ পৰৱৰ্তীকালত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ ক্রমে বৃদ্ধি পাবলৈ ধৰে আৰু কিছুমান উদ্যোগৰ চাহিদা পূৰণ কৰিবলৈ গছ-গছনি ধ্বংস কাৰ্যও বাঢ়ে। ইয়াৰ পৰিণতিস্বৰূপে বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰে। মানুহৰ কাৰ্যাৱলীৰ লগতে আগ্নেয় উদ্দ্গৰণেও বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি কৰে।
২। অজন স্তৰৰ অবক্ষয় বুলিলে কি বুজা? কি কি কাৰণৰ বাবে এনে ক্রিয়া হয়? ইয়াৰ পৰিণামসূহ আলোচনা কৰা।
উত্তৰ: অজন গেছ হ’ল অক্সিজেনৰ বহুৰুপ। বায়ুমণ্ডলৰ ষ্টেট’স্ফিয়াৰ তৰপত আৰু পৃথিৱীৰ পৰা 25-26 কি.মি. উচ্চতাত অজন গেছৰ স্তৰটো অৱস্থিত। এই স্তৰটোৱে সৌৰজগতৰ পৰা অহা জীৱজগতৰ অনিষ্টকাৰী ৰশ্মি যেনে- অতিবেঙুনীয়া ৰশ্মি, গামা ৰশ্মি ইত্যাদিক শোষণ কৰিব আমাক নিৰাপদে ৰাখিকছে। অজ’ন তৰপটো বিষুৱ অঞ্চলত পাতল আৰু মেৰু অঞ্চলত তুলনামূলকভাৱে ডাঠ। কিন্তু পৃথিৱীৰ উপৰিাভাগত উদ্যোগজাত ৰাসায়নিক দ্ৰব্যৰ (যেনে- ক্ল’ৰফ’ৰ কাৰ্বন, মিথেন আৰু নাইট্রাচ অক্সাইড) সৃষ্টি আৰু বায়ুগুলত হোৱা নিক্ষেপণৰ বাবে ওপৰৰ অ’জন গেছ স্তৰটোৰ ক্ষতি সাধন কৰি এই স্তৰটো ক্রমান্বয়ে পাতল হৈছে। ইয়াকেই অজন স্তৰৰ অৱক্ষয় বোলে।
কাৰণঃ
(ক) ৰেফ্ৰিজাৰেটৰ, বাতানুকুল, উৰাজাহাজ, পৰিষ্কাৰকৰণত ব্যৱহৃত দ্রব্য ইত্যাদিত ক্ল’ৰফ’ৰ কাৰ্বন (CFC) ৰ বহুল ব্যৱহাৰৰ ফলস্বৰূপে এই গেছৰ সৃষ্টি হয়।
(খ) উত্তৰ মেৰু অঞ্চলত একপ্ৰকাৰৰ ঘূৰ্ণি বতাহৰ বাবে অজন স্তৰৰ ক্ষতি সাধন হয়। পৰিণাম: অজন স্তৰৰ অৱক্ষয়ৰ ফলত হোৱা পৰিণামসমূহ তলত উল্লেখ কৰ হ’ল-
(ক) অতিবেঙুনীয়া ৰশ্মিৰ প্ৰবেশৰ ফলত মানুহৰ চৰ্ম কেন্সাৰ ৰোগ বাঢ়িব।
(খ) চকুৱে সহজে অতি বেঙুনীয়া ৰশ্মি শোষণ কৰাৰ ফলত চকুৰ কেটেৰেক্ বেমাৰ হ’ব।
(গ) জলজ প্রাণীৰ হ্ৰাস আৰু খাদ্য শৃঙ্খলত আঘাত হানিব।
(ঘ) ধান, চয়াবীন, কপাহ, হিন, মটৰ ইত্যাদিৰ উৎপাদন কমিব।
৩। বহনক্ষম উন্নয়নৰ বাবে পৰিৱেশ শিক্ষা প্রয়োজনীয়তা সম্পর্কে ব্যাখ্যা কৰা।
উত্তৰঃ বহনক্ষম উন্নয়ন সাধন কৰিবলৈ দেশৰ প্ৰত্যেকজন ব্যক্তিৰ পৰিৱেশ শিক্ষা থকা দৰকাৰ। কাৰণ পৰিৱেশৰ প্ৰতি সতর্কতা নাথাকিলে বহনক্ষম উন্নয়ন অসম্ভৱ। বহনক্ষম উন্নয়নৰ বাবে কিদৰে পৰিৱেশ শিক্ষাৰ প্ৰয়োজন সেই কথা বহনক্ষম উন্নয়নৰ লক্ষ্যসমূহৰপৰা অনুধাৱন কৰিব পাৰি। বহনক্ষম উন্নয়নৰ লক্ষ্যসমূহ হ’ল-
(a) দৰিদ্ৰতা নির্মূল
(b) ক্ষুধা নিবাৰণ
(c) সুস্বাস্থ্যৰ জৰিয়তে পৰিয়ালৰ কল্যাণ সাধন
(d) গুণগত শিক্ষা
(e) লিংগ সমতা ৰক্ষা
(f) বিশুদ্ধ খোৱাপানী আৰু অনাময় ব্যৱস্থা
(g) সুলভ আৰু স্বচ্ছ শক্তি
(h) ভাল কাৰ্যৰ জৰিয়তে অর্থনৈতিক বিকাশ সাধন
(i) উদ্যোগ, নতুনত্ব আৰু অভিনৱত্ব
(j) অসমানতা হ্রাস কৰা
(k) বহনক্ষম চহৰ আৰু সম্প্রদায়
(l) দায়িত্বশীল সেৱন আৰু উৎপাদন
(m) জলবায়ু নিয়ন্ত্রণ
(n) সাগৰীয় জীৱকুল
(o) জীৱন আৰু ভূমি
পৰিৱেশ শিক্ষা প্রদান কৰিবৰ বাবে সাধাৰণ শিক্ষা ব্যৱস্থাটো সকলো স্তৰত গুণগত প্রণালীৰে প্ৰদান কৰাটো বাঞ্ছনীয়। সেই বহনশীল উন্নয়নৰ লক্ষ্যসমূহ যাতে শিক্ষাৰ গুণগত মানদণ্ডৰদ্বাৰা পূৰণ কৰিব পাৰি সেই উদ্দেশ্যে ২০১৫ চনৰ ছেপ্টেম্বৰ মাহৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ এক সিদ্ধান্ত অনুসৰি এক বিভাগীয় কাৰ্যসূচীৰ অন্তৰ্গত আমাৰ বিশ্বৰ ৰূপান্তৰণ – বহনক্ষম উন্নয়নৰ লক্ষ্য ২০৩০ৰ অধীনত বিশ্বজোৰা উন্নয়নৰ লক্ষ্য বান্ধি দিছে। সেইসমূহ এনেধৰণৰ –
(i) ২০৩০ চনৰ ভিতৰত প্ৰাসংগিক আৰু কাৰ্যকৰী জ্ঞানার্জনৰ ফলাফলৰ দিশে আগুৱাই নিবৰ বাবে সকলো ল’ৰা-ছোৱালীয়ে যাতে সম্পূর্ণ বিনামূলীয়া ন্যায় সংগত আৰু গুণগত প্রাথমিক আৰু মাধ্যমিক শিক্ষা লাভ কৰে সেইটো নিশ্চিত কৰা।
(ii) ২০৩০ চনৰ ভিতৰত সকলো ল’ৰা-ছোৱালীকে প্রাক্-শৈশৱকালীন বিকাশ, যতন আৰু প্ৰাক্ প্রাথমিক শিক্ষা লাভ কৰাব লাগে যাতে তেওঁলোকে নিজকে প্রাথমিক শিক্ষাৰ বাবে প্ৰস্তুত কৰি তোলে তাক নিশ্চিত কৰা।
(iii) ২০৩০ৰ ভিতৰত সকলো পুৰুষ-মহিলাৰ বাবে বিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ সহিতে সুলভ আৰু গুণগত কাৰিকৰী বৃত্তিমূলক তথা তৃতীয় পৰ্যায়ৰ শিক্ষাৰ সমান সুযোগ প্রদান কৰা।
(iv) ২০৩০ৰ ভিতৰত শিক্ষাৰ ক্ষেত্ৰত থকা সকলো ধৰণৰ লিংগ বৈষম্য দূৰ কৰি সমাজৰ অৱহেলিত দুৰ্বল শ্ৰেণীৰ লগতে খিলঞ্জীয়া লোকসকলৰ বাবেও বৃত্তিমূলক শিক্ষাৰ সমান সুযোগ প্রদান কৰা।
(v) ২০৩০ৰ ভিতৰত সকলো যুৱক-যুৱতী আৰু পুৰুষ-মহিলা উভয়ে যাতে সাক্ষৰতা আৰু সংখ্যাসূচকতা অর্জন কৰে তাক নিশ্চিত কৰা।
(vi) ২০৩০ৰ ভিতৰত শিক্ষাৰ মাধ্যমেৰে বহনক্ষম উন্নয়নৰ বিকাশ জীবনধাৰা, মানৱ অধিকাৰ, লিংগৰ সমতা, শান্তি আৰু অহিংসাৰ এক সাংস্কৃতিক প্ৰচাৰ, বিশ্বব্যাপী নাগৰিকত্ব আৰু সাংস্কৃতিক বৈচিত্র্যৰ প্ৰশংসা আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত সংস্কৃতিৰ অৱদানৰ বাবে সকলো শিক্ষার্থীয়ে জ্ঞান আৰু প্রয়োজনীয় দক্ষতা অর্জন কৰাটো নিশ্চিত কৰা।
(vii) শিশু, বিশেষভাবে সক্ষম আৰু লিংগ সংবেদনশীলৰ বাবে শিক্ষাৰ সুবিধাসমূহ প্ৰৱৰ্তন কৰা আৰু ইয়াৰ উন্নয়ন সাধন কৰাৰ লগতে সকলোৰে বাবে নিৰাপদ, অহিংস, সম আৰু এক কাৰ্যকৰী শিক্ষাৰ পৰিৱেশ গঢ়ি তোলা।
(viii) ২০২০ চনৰ ভিতৰত সমগ্ৰ বিশ্বৰ উন্নয়নশীল ৰাষ্ট্ৰ, আর্থিকভাৱে পিছপৰি থকা অনুন্নত ৰাষ্ট্ৰ আফ্রিকা মহাদেশৰ দেশসমূহৰ বাবে আৰু ক্ষুদ্র দ্বীপ ৰাষ্ট্ৰসমূহত উচ্চশিক্ষাৰ নিমিত্তে আৰু বৃত্তিমূলক শিক্ষা, তথ্য আৰু যোগাযোগ শিক্ষা, কাৰিকৰী আৰু অভিযান্ত্রিক শিক্ষা আৰু বৈজ্ঞানিক আঁচনি প্রণয়নৰ স্বার্থত উন্নয়নশীল ৰাষ্ট্ৰ আৰু আন আন উন্নত ৰাষ্ট্ৰসমূহত এই পর্যন্ত উপলব্ধ আর্থিক বৃত্তিৰ পৰিমাণ বৃদ্ধি কৰা।