পৰিৱৰ্তিত ঐতিহ্য | AHSEC Class 11 History Chapter 6 Question Answer Assamese Medium 2025-2026 | Class 11 History Question Answer Assamese Medium | HS 1st Year History Solution | HS 1st Year History Chapter 6 Question Answer Assamese Medium | উচ্চতৰ মাধ্যমিক বুৰঞ্জী | Higher Secondary First Year History Very Important Notes

পৰিৱৰ্তিত ঐতিহ্য | AHSEC Class 11 History Chapter 6 Question Answer Assamese Medium 2025-2026 | Class 11 History Question Answer Assamese Medium | HS 1st Year History Solution | HS 1st Year History Chapter 6 Question Answer Assamese Medium | উচ্চতৰ মাধ্যমিক বুৰঞ্জী | Higher Secondary First Year History Very Important Notes
ষষ্ঠ অধ্যায়

পৰিৱৰ্তিত ঐতিহ্য

অতি দৰকাৰী অতি চমু প্ৰশ্নোত্তৰ

প্রশ্ন ১ : মধ্য যুগত সমাজত প্রধানকৈ কেইটা শ্রেণী আছিল?

উত্তৰ: মধ্য যুগত সমাজ ব্যৱস্থা প্রধানকৈ তিনিটা শ্রেণীত বিভক্ত আছিল।

প্রশ্ন ২ : সামন্তবাদ শব্দটো ক’ৰ পৰা আহিছে?

উত্তৰ: জার্মান শব্দ ‘Feud’ৰ পৰা পৰা সামন্তবাদ শব্দটো আহিছে।

প্রশ্ন ৩: কোনখিনি সময়ক মধ্য যুগ বুলি কোৱা হয়?

উত্তৰ: ইউৰোপৰ ইতিহাসত পঞ্চম শতিকাৰ পৰা পঞ্চদশ শতিকাৰ মাজৰ সময়খিনিক মধ্যযুগ বুলি কোৱা হয়।

প্রশ্ন ৪ : ফ্রান্সত কেতিয়া সামন্তবাদৰ অৱসান ঘটে?

উত্তৰ: ১৭৮৯ চনৰ ফৰাচী বিপ্লৱৰ সময়ৰ পৰা ফ্ৰান্সত সামন্তবাদৰ অৱসান ঘটে।

প্রশ্ন ৫ : ইংলেণ্ডত কোনে সামন্ত প্ৰথাৰ সৃষ্টি কৰিছিল?

উত্তৰ : ফ্ৰান্সৰ সম্ৰাট প্রথম উইলিয়ামে ১০৬৬ খ্রীঃত ইংলেণ্ড দখল কৰাৰ পিছত তেওঁ ইংলেণ্ডত সামন্ত প্ৰথাৰ সূচনা কৰে।

প্রশ্ন ৬ : কৃষকসকলে পুৰোহিত সকলক কিমান শতাংশ পৰিমাণৰ উৎপাদিত সামগ্ৰী কৰ হিচাপে দিব লাগিছিল।

উত্তৰ : উৎপাদনৰ দহ শতাংশ সামগ্ৰী কৰ হিচাপে দিব লাগিছিল।

প্রশ্ন ৭ : Abbey শব্দৰ অৰ্থ কি?

উত্তৰ: Abbey শব্দৰ অৰ্থ হৈছে পিতা।

প্রশ্ন ৮ : মধ্যযুগত ডাঙৰ ডাঙৰ জমিদাৰীবিলাকত কিমানটা পৰিয়ালে বাস কৰিব পাৰিছিল?

উত্তৰ : এই জমিদাৰী বিলাকত পঞ্চাশৰ পৰা ষাঠিটা পৰিয়ালে বাস কৰিব পাৰিছিল।

প্রশ্ন ৯ : কোনটো তাৰিখ যীচুৰ জন্মদিন হিচাপে পালন কৰা হয়?

উত্তৰ : ২৫ ডিচেম্বৰৰ দিনটো যীচুৰ জন্মদিন হিচাপে পালন কৰা হৈছিল।

প্রশ্ন ১০ : ‘নাইট ‘ উপাধি কাক দিয়া হৈছিল?

উত্তৰ : অশ্বাৰোহী বা সামৰিক পদমর্যাদা প্রাপ্ত সম্ভান্ত ব্যক্তিসকলক ‘নাইট’ উপাধি প্ৰদান কৰা হৈছিল।

প্রশ্ন ১১ : ‘পাইকান মাটি’ বুলিলে কি বুজা?

উত্তৰ : সামন্ত প্রভূসকলে নাইটসকলক এটকুৰা মাটি প্রদান কৰিছিল। এটি মাটিখিনিক পাইকানা মাটি (Filf) বুলি কোৱা হৈছিল।

প্রশ্ন ১২: ইষ্টেট জেনেৰেল (Estate General) কোন দেশৰ লগত জড়িত আছিল?

উত্তৰ: ইষ্টেট জেনেৰেল ফ্ৰান্সৰ লগত জড়িত আছিল।

প্রশ্ন ১৩ : কেতিয়া ফ্রান্সত ধর্মীয় যুদ্ধ সংঘটিত হৈছিল?

উত্তৰঃ ষষ্ঠদশ শতিকাত ফ্রান্সত ধর্মীয় যুদ্ধ সংঘটিত হৈছিল।

প্রশ্ন ১৪: কেতিয়া ৰাছিয়াত সামন্তবাদৰ অৱসান ঘটে?

উত্তৰ: ১৯১৭ চনৰ বলজেভিক বিপ্লৱৰ পিছত ৰাছিয়াত সামন্তবাদৰ অৱসান ঘটে।

অতি দৰকাৰী চমু প্ৰশ্নোত্তৰ

প্রশ্ন ১: মার্ক ব্লক কোন আছিল? তেওঁৰ উল্লেখযোগ্য বৰঙণি কি আছিল?

উত্তৰ : সামন্তবাদৰ ওপৰত গৱেষণা কৰা ফ্ৰান্সৰ পণ্ডিত সকলৰ ভিতৰত মার্ক ব্লক আছিল অন্যতম। মাৰ্কৰ যুক্তি মতে ইতিহাস ৰাজনৈতিক বুৰঞ্জী, আন্তর্জাতিক ঘটনা আৰু মহান লোকৰ জীৱনীৰ উপৰিও আন বহু কথা সামৰি লয়। মানৱ জীৱন গঢ় দিয়াৰ দিশত তেওঁ ভূগোলৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰিছিল। ব্লকে ৯০০ৰ পৰা তেৰশ শতিকাৰ ভিতৰৰ সময়খিনিক ইউৰোপ তথা ফ্ৰান্সৰ সামন্তবাদৰ যুগ বুলি কব খোজে। উল্লেখযোগ্য দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নাজী বাহিনীৰ হাতত মার্ক ব্লক নিহত হ’ব লগা হয়।

প্রশ্ন ২ : ‘অধীন’ বা ভেচেল (Vassal) কোন সকলক কোৱা হৈছিল?

উত্তৰ : মাটিৰ ওপৰত নিয়ন্ত্রণ থকা শ্ৰেণীটোক ‘অধীন’ বা ভেচেল বুলি কোৱা হৈছিল। সাধাৰণতে সামন্ত যুগৰ দ্বিতীয় শ্ৰেণী সম্ভ্রান্ত সকল এই শ্ৰেণীৰ লোক আছিল। তেওঁলোকৰ মাটিৰ ওপৰত থকা অধিকাৰ ব্যৱস্থাটোক অধীনতা (Vassalage) বুলি কোৱা হৈছিল।

প্রশ্ন ৩: টেইল (Taille) কি আছিল?

উত্তৰ : ৰজাই প্রয়োজন অনুসৰি মাজে সময়ে কৃষকৰ ওপৰত এবিধ প্রত্যক্ষ কৰ আৰোপ কৰিছিল। এই কৰ ব্যৱস্থাকে টেইল বুলি কোৱা হৈছিল। উল্লেখযোগ্য যে এই কৰৰ পৰা পুৰোহিত আৰু সম্ভ্রান্ত ব্যক্তিসকলে ৰেহাই পাইছিল।

প্রশ্ন ৪ : প্রথম শ্রেণীটো কাক কাক লৈ গঠিত হৈছিল?

উত্তৰ: পুৰোহিত বা গীৰ্জাৰ বিচপ সকলক লৈ প্রথম শ্রেণীটো গঠন হৈছিল।

প্রশ্ন ৬: তিথি (Tithi) বুলিলে কি বুজা?

উত্তৰ: তিথি হ’ল গীৰ্জাক পৰিশোধ কৰিবলগীয়া এবিধ কৰ ব্যৱস্থা। ইয়াৰ অৰ্থ হ’ল দহ ভাগৰ এভাগ। খেতিয়ক সকলে তেওঁলোকৰ বছৰি উৎপাদিত শস্যৰ দহ ভাগৰ এভাগ গীর্জাক দান হিচাপে আগবঢ়াব লাগিছিল।

প্রশ্ন ৯ : গাইল্ড (Guild) বুলিলে কি বুজা?

উত্তৰ: অর্থনৈতিক সংগঠন গঢ়ি তোলাৰ দিশত ভূমিকা লোৱা সংগঠনটোক গাইল্ড বা সমাজ বোলা হৈছিল। এই সমাজ বা সংগঠনটোৱে হস্তশিল্প কলাৰ উদ্যোগ শিল্প সংগঠিত কৰিছিল। এই সংগঠনটোৱে সামগ্ৰীৰ মান, মূল্য আৰু বিক্ৰীৰ ওপৰত ব্যৱস্থা গ্রহণ কৰিছিল। প্ৰত্যেক চহৰতে সমাজ ঘৰ (Guild Hall) গঢ়ি তোলা হৈছিল। এই সমাজ ঘৰত সমূহীয়াকৈ উৎসৱ-পার্বণ আদি উদ্যাপন কৰা হৈছিল। এই সমাজ ঘৰত কোনো এটা অঞ্চল বা চহৰৰ মুখিয়াল সকল লগ হৈছিল। সমাজ ঘৰৰ ৰখীয়া সকলে চহৰৰ ওচৰৰ দেৱালৰ ওচৰে-পাঁজৰে ঘূৰি ফুৰিছিল।

প্রশ্ন ৮: পেৰিছ (Parish) বুলিলে কি বুজা?

উত্তৰ: কোনো এজন পুৰোহিতৰ নিয়ন্ত্ৰণত থকা কোনো এখন গাঁও বা অঞ্চলকে পেৰিছ বা পুৰোহিতৰ তদাৰকত থকা মাটি বুলি কোৱা হৈছিল। মধ্য যুগত গাঁও অঞ্চলত এনেকুৱা পুৰোহিতৰ দ্বাৰা তদাৰকী সমূহীয়া জীৱন-যাপনৰ গাঁও সমূহ গঢ়ি উঠিছিল।

অতি দৰকাৰী ৰচনাধৰ্মী প্রশ্নোত্তৰ 

প্রশ্ন ১ : সামন্ত যুগৰ সমাজৰ প্ৰথম শ্ৰেণীটো কেনেদৰে গঠিত হৈছিল? তেওঁলোকৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা।

উত্তৰ : সামন্ত যুগৰ প্ৰথম শ্ৰেণীটো পুৰোহিত বা যাজক শ্ৰেণীৰ দ্বাৰা গঠিত হৈছিল। খ্রীষ্টান পুৰোহিত বা যাজক শ্রেণীয়ে সমাজৰ বিশেষ ভূমিকা গ্রহণ কৰিছিল। গীর্জাসমূহৰ নিজা ভূমি আৰু নিজা আইন ব্যৱস্থা আছিল। সেই ভূমিসমূহ ৰজাৰ পৰা দান হিচাপে লাভ কৰিছিল। গীর্জাসমূহে ৰজাৰ পৰা ৰাজহ লাভ কৰিছিল। গীর্জাসমূহৰ প্রধান ধর্মগুৰু আছিল পোপ। তেওঁ ইটালীৰ ৰোম নগৰীত বাস কৰিছিল। বিচপ আৰু আন আন ধর্মগুৰুসকলে গোটেই ইউৰোপৰ খ্ৰীষ্টানসকলক নিয়ন্ত্রণ কৰিছিল। প্ৰতিখন গাঁও বা নগৰতে নিজা নিজা গীর্জা আছিল। সেই গীর্জাবোৰত প্ৰতি দেওবাৰে পুৰোহিতৰ বাণী শুনিবলৈ আৰু প্ৰাৰ্থনা কৰিবলৈ সকলো মানুহ গোট খাইছিল। প্রতিজন মানুহেই পুৰোহিত হ’ব নোৱাৰিছিল। কাম বা ভৃত্য আৰু শাৰীৰিকভাৱে অক্ষম লোকসকল পুৰোহিত হোৱাৰ পৰা বঞ্চিত হৈছিল। মহিলাসকল কেতিয়াও পুৰোহিত হ’ব নোৱাৰিছিল। পুৰোহিতসকল সাংসাৰিক হোৱাত বাধা আছিল। তেওঁলোক অর্থনৈতিকভাবেও ক্ষমতাশালী আছিল। এই পুৰোহিত শ্ৰেণীটো শক্তিশালী ভূমি সম্পত্তিৰ মালিক হোৱাৰ উপৰিও আটকধুনীয়া ৰাজপ্রাসাদত বাস কৰিছিল। কৃষকসকলে উৎপাদন কৰা শস্যৰ দহ ভাগ কৰ হিচাপে পুৰোহিতসকলক দিব লাগিছিল। ধনী লোকসকলে নিজৰ আৰু পৰিয়ালৰ কোনো বেমাৰী লোকৰ ভৱিষ্যতৰ নিৰাপত্তাৰ কাৰণে ৰখা সাঁচতীয়া ধনৰ পৰাও বিচপসকলে কৰ লাভ কৰিছিল।

গীর্জা ঘৰবিলাকে পালন কৰা কিছুমান উৎসৱ বা ৰীতি-নীতি সামন্তবাদী আঢ্যৱন্ত লোকসকলৰ পৰা লোৱা হৈছিল। প্ৰাৰ্থনাৰ সময়ত আঁঠু কঢ়া, হাত দুখন একেলগ কৰি মূৰটো তলমুৱা কৰা নিয়মবোৰ নাইটসকলে সামন্ত প্ৰভুৰ প্ৰতি আনুগত্য প্রকাশ কৰা নিয়মৰ প্ৰতিফলন আছিল। ঠিক তেনেদৰে ভগৱানক ‘প্রভু’ সম্বোধন কৰাটো সামন্তবাদী সংস্কৃতিৰ আন এক উদাহৰণ। যিটো গীর্জা ঘৰৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছিল। এনেদৰে গীর্জা আৰু সামন্তবাদী লোকসকলৰ মাজত ধৰ্মৰ লগতে ৰীতি-নীতিৰ আদান- প্রদান ঘটিছিল।

প্রশ্ন ২ : সামন্ত যুগৰ সমাজৰ তৃতীয় শ্ৰেণীটো কেনেকৈ গঠন হৈছিল? তেওঁলোকৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা। মুক্ত কৃষক আৰু দাস সকলৰ মাজত কেনে পার্থক্য আছিল?

উত্তৰ : সামন্ত যুগত তৃতীয় শ্রেণীটো কৃষক সকলক লৈ গঠিত হৈছিল। খেতিয়কসকল আকৌ দুটা ভাগত বিভক্ত আছিল। মুক্ত কৃষক আৰু আনটো হৈছে দাস সকল।

মুক্ত কৃষকসকলে পাম বা জমিদাৰীবোৰত সামন্ত বা জমিদাৰ সকলৰ ৰায় হিচাপে আছিল। পুৰুষসকলে সামৰিক সেৱা আগবঢ়াব লাগিছিল। সামন্ত বা জমিদাৰ সকলক কাম কৰি দিয়াৰ কাৰণে মুক্ত কৃষকসকলে সপ্তাহটোত তিনি বা চাৰিদিন আছুতীয়াকৈ ৰাখিব লাগিছিল। এনেদৰে কাম কৰা কৃষকৰ উৎপাদনক ‘শ্রম ভৰা’ বুলি কোৱা হৈছিল আৰু এইবিলাক পোনে পোনে জমিদাৰসকলে লাভ কৰিছিল। ইয়াৰ উপৰি তেওঁলোকে খাল খন্দা, খৰি গোটোৱা, জেওঁৰা দিয়া, ৰাস্তা বনোৱা, ঘৰৰ কাম কৰা আদি কামবোৰ মজুৰিবিহীনভাৱে কৰিব লাগিছিল।

মহিলা আৰু শিশুসকলে পথাৰত সহায় কৰাৰ লগতে অন্যান্য কামো কৰিব লাগিছিল। মহিলাসকলে মদ তৈয়াৰ কৰিছিল। আৰু সামন্ত প্ৰথাৰ ব্যৱহাৰৰ বাবে প্রয়োজনীয় মদ তৈয়াৰৰ কামত সহায় কৰিব লাগিছিল।

আনহাতে, ভৃত্য বা দাস সকলেও মাটিত খেতি কৰিছিল। কিন্তু তেওঁলোক মাটিৰ গৰাকী নাছিল। আনহাতে, উৎপাদনৰ সকলোখিনি সামন্ত প্রভুসকলক দিব লাগিছিল। তেওঁলোকে মালিকনাবিহীনভাৱে প্রভু বা জমিদাৰৰ তলত বসতি কৰিব লাগিছিল। খেতি কৰাৰ বিনিময়ত তেওঁলোকে কোনো মজুৰি নাপাইছিল। আনহাতে, জমিদাৰৰ অনুমতি অবিহনে তেওঁলোকে মাটি এৰিও যাব নোৱাৰিছিল। দাস সকলে বহুতো বস্তু উৎপাদন কৰিছিল যদিও এই সকলোবোৰৰ মালিক হৈছিল প্ৰভু বা জমিদাৰসকল। দাস সকলে খোৱা সামগ্রীসমূহ জমিদাৰৰ মিলতহে গুড়ি কৰিব লাগিছিল। খাদ্য সামগ্রী প্রভুসকলৰ জুহালতহে তৈয়াৰ কৰিব লাগিছিল। ইয়াৰ উপৰি দাস সকলৰ বৈবাহিক দিশটোও জমিদাৰ সকলৰ ইচ্ছাৰ দ্বাৰা নিৰ্ণিত হৈছিল। নিজৰ পছন্দ মতে দাস সকলে বৈবাহিক কাৰ্য কৰিলে তাৰ বিনিময়ত প্রভু সকলক মাছুল দিব লাগিছিল। মুঠতে মুক্ত খেতিয়ক আৰু দাস সকলৰ মাজত যথেষ্ট পার্থক্য দেখা যায়। মুক্ত কৃষক সকলৰ বিপৰীতে দাস সকলৰ কোনো ব্যক্তিগত স্বাধীনতা নাছিল।

প্রশ্ন ৩ : সমাজৰ দ্বিতীয় শ্রেণী বা সম্ভ্রান্ত (Nobility) সকলৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰ : সামন্তবাদ যুগত মজাৰ দ্বিতীয় শ্রেণীটো গঠন হৈছিল সমাজৰ সম্ভ্রান্ত ব্যক্তিসকল লৈ। এই শ্রেণীটোৱে সমাজত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মাটিৰ ওপৰত তেওঁলোকৰ নিয়ন্ত্রণ থকা কাৰণে তেওঁলোকে সমাজত এনে ভূমিকা পালন কৰিবলৈ সক্ষম হৈছিল। মাটি বা ভূমিৰ ওপৰত তেওঁলোকৰ অধিকাৰ প্ৰতিষ্ঠা হোৱা বিষয়টোক ‘অধীনতা’ (Varsalsge) বুলি কোৱা হৈছিল।

ফ্ৰান্সৰ ৰজাসকলৰ মানুহৰ লগত এই ব্যৱস্থাৰ জৰিয়তে সম্পৰ্ক হৈছিল। জার্মান জাতি ফ্ৰেংকছসকলৰ মাজত প্রচলিত ব্যৱস্থাৰ লগত ই একেই আছিল। মাটিৰ ডাঙৰ গৰাকীসকল আৰু সম্ভ্রান্ত লোকসকল ৰজাৰ তলতীয়া আছিল। আনহাতে, কৃষকসকল মাটিৰ গৰাকীৰ তলতীয়া বা অধীন আছিল। সম্ভ্রান্ত সকল ৰজাক জ্যেষ্ঠ হিচাপে সম্মান কৰিছিল। এই নীতিৰ জৰিয়তে জ্যেষ্ঠসকলে বা লর্ড সকলে তেওঁলোকৰ অধীনতা স্বীকাৰ কৰা ব্যক্তি সকলক সুৰক্ষা প্ৰদান কৰাৰ নিয়ম আছিল। কোনো ধর্মীয় উৎসৱত গীর্জা ঘৰত লোৱা সংকল্পৰে এনে সম্পর্কতো মানি লোৱা হৈছিল। এই উৎসৱত অধীনতা মানি লোৱাজনে গৰাকীৰ পৰা এখন চনদ, কাম কৰা মানুহ বা প্রতীক হিচাপে এটা ‘মাটিৰ চপৰা’ পাইছিল।

সমাজত সম্ভ্রান্ত লোকসকলৰ বিশেষ মর্যাদা আছিল। তেওঁৰ সম্পত্তিৰ ওপৰত সম্পূর্ণ নিয়ন্ত্ৰণ আছিল। সম্পত্তিৰ অধিকাৰ বংশানুক্রমিক আছিল। তেওঁৰ নিজৰ লগত সৈন্যদল ৰাখিব পাৰিছিল। এই ব্যৱস্থাটোক ‘সামন্ত সৈন্য’ বোলা হৈছিল। সামন্ত প্রভুসকলে নিজে বিচাৰালয়ো পাতি ল’ব পাৰিছিল। আনিক তেওঁলোকে নিজৰ নামত মুদ্রাও তৈয়াৰ কৰিছিল।

সম্ভ্রান্তসকল তেওঁৰ তলত কাম কৰা লোক সকলৰ মনত প্ৰভু আছিল। তেওঁৰ বৃহৎ পৰিমাণৰ মাটিত তেওঁৰ বাসগৃহ, কৃষক ৰায়তৰ, চৰণীয়া পথাৰ আৰু ব্যক্তিগত ঘৰ আছিল। সম্ভ্রান্ত লোকজনৰ ঘৰটোক ‘খাত’ বুলি কোৱা হৈছিল। খেতিয়কসকলে তেওঁলোকৰ নিজা নিজা মাটিত কাম কৰাৰ লগতে তেওঁৰ প্ৰভুৰ মাটিত খেতি কৰিব লাগিছিল। প্রয়োজন অনুসৰি প্ৰভুৰ সামৰিক বা সৈনিক হিচাপেও নিয়োজিত হ’বলৈ ৰায়ত সকল বাধ্য থাকিব লাগিছিল।

প্রশ্ন ৪: সামন্ত যুগত নতুন কৃষি প্রযুক্তি বিদ্যাই কৃষিৰ ক্ষেত্ৰত কেনে পৰিবৰ্তন সাধন কৰিছিল?

উত্তৰ : একাদশ শতিকাৰ শেষফালে কৃষিৰ দিশত নতুন প্রযুক্তিবিদ্যাৰ সূচনা ঘটিল। উদাহৰণ হিচাপে কাঠৰ সলনি কৃষকসকলে লো-খচিত ওজনযুক্ত হাল আৰু মৈ তৈয়াৰ কৰি ব্যৱহাৰ কৰিবলৈ লয়। এই হালবোৰে মাটি ভালদৰে চহ কৰি পাৰিছিল। আৰু মৈৰ দ্বাৰা মাটিবোৰ সমান কৰিব পৰা হ’ল। ইয়াৰ ফলত মাটিৰ উৰ্বৰতা বৃদ্ধি পাবলৈ লয়। মাটি চহাবলৈ হালত গৰু-ম’হ ব্যৱহাৰ পদ্ধতিৰো পৰিৱৰ্তন ঘটিল। গলধনত হাল ব্যৱহাৰ কৰাৰ সলনি কান্ধত ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰা হ’ল। ফলত গৰু-ম’হে বেছি শক্তি দিব পৰা হ’ল। ঘোঁৰাবোৰৰ গেৰোৱাত লো-খচিত উন্নত জোতা বনোৱা হৈছিল। যিটোৱে ভৰিৰ ৰোগৰ পৰা ৰক্ষা কৰিছিল। কৃত্রিম বতাহ আৰু পানীৰ শক্তি ব্যৱহৃত হৈছিল। ইউৰোপত পানী আৰু বতাহ শক্তিৰ দ্বাৰা চালিত মিল স্থাপন কৰা হৈছিল। ইয়াৰ উপৰি শস্য গুৰি কৰা আৰু ৰস চেপা মেছিনৰ ব্যৱহাৰ আৰম্ভ হৈছিল।

মাটিৰ ব্যৱহাৰৰ ক্ষেত্ৰতো পৰিৱৰ্তন ঘটিল। দুখন পথাৰ ব্যৱস্থাৰ পৰা তিনিখন পথাৰ ব্যৱস্থালৈ ৰূপান্তৰ ঘটোৱাটো আছিল আটাইতকৈ ডাঙৰ পৰিৱৰ্তন। এনে ব্যৱস্থাত কৃষকে তিনিখন পথাৰৰ ভিতৰত এখন পথাৰ দুবছৰ ব্যৱহাৰ কৰিব পাৰিছিল। তিনিখন পথাৰৰ ভিতৰত কৃষকে তেওঁলোকৰ খেতিবিলাক ভগাই লৈছিল। উদাহৰণ স্বৰূপে শৰৎ কালত এখন ঘেঁহু বা গমৰ খেতি কৰিব পাৰিছিল। বসন্ত কালত দ্বিতীয়খনত মটৰ, বিন, মচুৰ দাইল, গমধান, বার্লি আদিৰ খেতি কৰিব পাৰিছিল। তৃতীয়খন পথাৰ চন পৰি গৈছিল। চক্ৰাকাৰ পদ্ধতিৰে খেতি কৰাৰ কাৰণে প্ৰত্যেক বছৰে তিনিওখন পথাৰেই ব্যৱহাৰ হৈছিল। এনে ব্যৱস্থাৰ ফলত খেতিৰ উৎপাদনৰ পৰিমাণ বহুতো বাঢ়িছিল। মটৰ আৰু বিনৰ দৰে শস্য উৎপাদনৰ ফলত ইউৰোপীয় সকলৰ মাজত এনে নিৰামিষ খাদ্যই বিশেষ জনপ্রিয় হৈ পৰিছিল। ফলত খেতিয়ক সকলো আর্থিকভাবে লাভবান হৈছিল। ইয়াৰ উপৰি কম মাটিত অধিক শস্য উৎপাদন কৰিব পৰা হ’ল। যি সকলৰ হাতত কম মাটি আছিল তেওঁলোকে বেছি ভাল ধৰণে খেতি কৰিব পাৰিছিল আৰু শ্ৰমিকৰ সংখ্যাও হ্রাস কৰিব পাৰিছিল।

এনে ধৰণৰ প্ৰযুক্তিৰ পৰিৱৰ্তনৰ ফলত কম খৰচত অধিক খেতি কৰিব পৰাটো সম্ভৱ হৈছিল। কৃষকৰ উন্নতিৰ কিছু ক্ষেত্ৰত সামন্ত প্রভুসকলেও সহায় কৰা দেখা গৈছিল।

কৃষিৰ পৰিৱৰ্তনৰ লগে লগে অর্থনৈতিক লেনদেনৰ ক্ষেত্ৰত মুদ্রাৰ প্ৰচলন আৰম্ভ হ’ল। জমিদাৰসকলে সেৱাৰ সলনি টকাৰে খাজনা লোৱাত সুবিধা হ’ল। কৃষক সকলেও তেওঁলোকৰ উৎপাদিত সামগ্ৰী মুদ্ৰাৰ বিনিময়ত বিক্ৰী কৰিব পৰা হ’ল। ব্যৱসায়ীসকলে এনে উৎপাদিত সামগ্ৰীবোৰ চহৰলৈ নি বিক্ৰী কৰাত সুবিধা হৈছিল। টকাৰ বৰ্দ্ধিত ব্যৱহাৰে মূল্য নিৰ্দ্ধাৰণত প্ৰভাৱ পেলাইছিল।

Leave a comment