পৰিৱৰ্তিত সাংস্কৃতিক ঐতিহ্য | AHSEC Class 11 History Chapter 7 Question Answer Assamese Medium 2025-2026 | Class 11 History Question Answer Assamese Medium | HS 1st Year History Solution | HS 1st Year History Chapter 7 Question Answer Assamese Medium | উচ্চতৰ মাধ্যমিক বুৰঞ্জী | Higher Secondary First Year History Very Important Notes
সপ্তম অধ্যায়
পৰিৱৰ্তিত সাংস্কৃতিক ঐতিহ্য
অতি দৰকাৰী অতি চমু প্ৰশ্নোত্তৰ
প্রশ্ন ১: পণ্ডিত সকলৰ মতে কেতিয়াৰ পৰা আধুনিক যুগ আৰম্ভ হয়।
উত্তৰ: পোন্ধৰ শতিকাৰ পৰা বৰ্তমানলৈ আধুনিক যুগ আৰম্ভ হয় বুলি কয়।
প্রশ্ন ২: তুর্কীসকলে কেতিয়া কনষ্টান্টিনোপল অধিকাৰ কৰিছিল?
উত্তৰ : ১৪৫৩ চনত তুর্কীসকলে কনষ্টান্টিনোপল অধিকাৰ কৰিছিল।
প্রশ্ন ৩: ‘The prince’ নামৰ পুথিখন কোনে লিখিছিল?
উত্তৰ : মেকিয়াভেলিয়ে ‘The prince’ নামৰ পুথিখন লিখিছিল।
প্রশ্ন ৪: মার্টিন লুথাৰ কোন আছিল।
উত্তৰ : মার্টিন লুথাৰ জাৰ্মানীৰ গুটেনবার্গ বিশ্ববিদ্যালয়ৰ এজন অধ্যাপক আৰু সংস্কাৰক আছিল।
প্রশ্ন ৫ : লিওনার্ড দ্যা ভিন্সিৰ বিখ্যাত চিত্র শিল্পসমূহ কি কি আছিল?
উত্তৰ : ‘ভার্জিন অৱ দ্যা ৰকণ্ঠ, ‘দি লাষ্ট চুপাৰ, আৰু ‘মনালিচা’ হ’ল লিওনার্ড দ্যা ভিন্সিৰ উল্লেখযোগ্য চিত্র কর্ম।
প্রশ্ন ৬ : নৱজাগৰণৰ সময়ৰ বিখ্যাত ভাস্কর্য কি আছিল?
উত্তৰ: ‘Florantine Donatello’ হ’ল নৱজাগৰণৰ সময়ৰ বিখ্যাত ভাস্কর্য।
প্রশ্ন ৭: ৰোমৰ চেল্ট পিটার্চবাৰ্গৰ গীৰ্জাৰ নিৰ্মাণৰ কাম কোনে আৰম্ভ কৰিছিল।
উত্তৰ : মিচাইল এংগেলছ (Michelangels)ই ৰোমৰ বিখ্যাত চেন্ট পিটার্চবাৰ্গৰ গীর্জাৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল।
প্রশ্ন ৮: কোনে উটোপিয়া (Utopia) নামৰ বিখ্যাত পুথিখন লিখিছিল?
উত্তৰ : ইমাচমোৰে বিখ্যাত উটোপিয়া নামৰ পুথিখন ৰচনা কৰিছিল। এই পুথিখনৰ জৰিয়তে তেওঁ ষোল্লশ শতিকাৰ ইউৰোপৰ প্ৰচলিত সমাজ ব্যৱস্থাৰ বিৰুদ্ধে কঠোৰ সমালোচনা আগবঢ়াইছিল।
প্রশ্ন ৯: কেলভিন কোন আছিল?
উত্তৰ : কেলভিনে চুইজাৰলেণ্ডত প্ৰটেষ্টান্ট আন্দোলন বিয়পোৱাত সহায় কৰিছিল।
প্রশ্ন ১০ : কোনজন ইংৰাজ সম্রাটে ৰোমত পোপৰ ক্ষমতা বিলুপ্ত কৰিছিল?
উত্তৰ : টিউদৰ সম্ৰাট অষ্টম হেনৰীয়ে ৰোমত পোপৰ ক্ষমতা হ্রাস কৰিছিল।
প্রশ্ন ১১ : বেঁণেচা বা পুনৰজাগৰণ শব্দটোৰ উদ্ভাৱক কোন?
উত্তৰ: জেকব বার্কহার্ড হ’ল বেঁণেচা বা পুনৰজাগৰণ শব্দটোৰ উদ্ভাৱক।
প্রশ্ন ১২ : ‘The Civilization of the Renaissance in Italy’ পুঁথিখন কোনে লিখিছিল?
উত্তৰ: জেকৰ বাৰ্কহার্ডে এই পুথিখন লিখিছিল।
প্রশ্ন ১৩ : ৰোমত ক্ষমতাৰ অধিকাৰী কোন আছিল?
উত্তৰ: পোপ আছিল ৰোমত ক্ষমতাৰ অধিকাৰী।
প্রশ্ন ১৪ : Humanities (হিউমেনিটিছ) শব্দটো ক’ৰ পৰা আহিছে?
উত্তৰ : হিউমেনিটিছ (Humanities) শব্দটো লেটিন শব্দ ‘হিউমেনিটাছ’ (Humanitas) শব্দৰ পৰা আহিছে।
প্রশ্ন ১৫: ‘অন দি ডিগনিটি অব মেন’ নামৰ পুথিখনৰ ৰচক কোন?
উত্তৰ : গিয়ভানি পিকো ডেলা মিৰাণড’ল হ’ল এই পুথিখনৰ ৰচক।
প্রশ্ন ১৬: কোনে ছপাশাল উদ্ভাৱন কৰিছিল?
উত্তৰ : জোহান্স গুটেনবার্গে ছপাশাল উদ্ভাৱন কৰিছিল। তেওঁৰ কাৰখানাত বাইবেলখনৰ ১৫০ কপি ছপা কৰি উলিওৱা হৈছিল।
প্রশ্ন ১৭: পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে বুলি প্রথমে কোনে প্রমাণ কৰিছিল?
উত্তৰ: বিখ্যাত দার্শনিক গেলিলিঅই পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে বুলি প্রমাণ কৰিছিল।
প্রশ্ন ১৮: মধ্যাকর্ষণ শক্তি (Theory of Gravitation)ৰ তত্ত্ববিদজন কোন আছিল?
উত্তৰ: আইজাক নিউটন আছিল এই তত্বৰ জনক।
প্রশ্ন ১৯: প্রটেষ্টান্ট ধর্ম বা প্রটেষ্টান্ট আন্দোলনৰ প্ৰথমজন হোতা কোন?
উত্তৰ: মার্টিন লুথাৰ হ’ল প্ৰটেষ্টান্ট ধর্ম বা আন্দোলনৰ প্ৰধানজন গুৰিয়াল।
অতি দৰকাৰী চমু প্ৰশ্নোত্তৰ
প্রশ্ন ১ : মধ্যযুগৰ দুটা বৈশিষ্ট্যৰ কথা উল্লেখ কৰা?
উত্তৰ: মধ্যযুগৰ দুটা বৈশিষ্ট্য হ’ল-
(ক) গীৰ্জাৰ দ্বাৰা সমাজ ব্যৱস্থা নিয়ন্ত্রণ।
(খ) এই সময়ত মানুহে পৰম্পৰা অনুসৰি শাসন ব্যৱস্থাক বিশ্বাস কৰিছিল। তেওঁলোকে কোনো পৰিৱৰ্তন বিচৰা নাছিল।
প্রশ্ন ২: নৱজাগৰণৰ সূচনা কৰা ইটালীৰ চাৰিখন বিখ্যাত চহৰৰ নাম উল্লেখ কৰা।
উত্তৰ : এই চাৰিখন চহৰ হ’ল- ফ্লোৰেন্স, মিলান, ভেনিচ আৰু জেনোৱা।
প্রশ্ন ৩ : নৱজাগৰণৰ সময়ৰ দুটা উল্লেখযোগ্য আৱিষ্কাৰৰ নাম লিখা।
উত্তৰ : নৱজাগৰণৰ সময়ৰ দুটা উল্লেখযোগ্য আৱিষ্কাৰ হ’ল- ছপাশাল আয় মেৰিনাৰ কম্পাছ।
প্রশ্ন ৪ : ছপাশাল আৱিষ্কাৰৰ এটি উল্লেখযোগ্য ফলাফল উল্লেখ কৰা।
উত্তৰ : ছপাশালৰ আৱিষ্কাৰৰ ফলত বহুতো উল্লেখযোগ্য পুথি প্রণয়নৰ কাম সম্পন্ন হৈছিল। এই উল্লেখযোগ্য পুথিসমূহৰ পৰা মানুহে সহজে সঞ্চিত জ্ঞান আহৰণৰ সুবিধা পাইছিল।
প্রশ্ন ৫ : পেট্রার্ক (Petrarch) কোন আছিল?
উত্তৰ: পেট্রাক এগৰাকী প্রখ্যাত চিন্তাবিদ আৰু দার্শনিক আছিল। তেওঁ এজন মানৱতাবাদী চিন্তা বিষয়কো আছিল। তেওঁ ইটালীক নতুন দিশলৈ ধাৱিত কৰাৰ চিন্তা কৰিছিল। কিছুমান শিক্ষানুষ্ঠান প্ৰতিষ্ঠাৰ জৰিয়তে মানুহক নতুন ধ্যান-ধাৰণাৰ আভাস দিয়াৰ চেষ্টা কৰিছিল।
প্রশ্ন ৬ : পাপমোচন পত্র কি আছিল?
উত্তৰ : সেই সময়ত পোপ বা যাজকসকলে এখন পত্র প্রকাশ কৰি বিক্ৰী কৰিছিল। ইয়াৰ দ্বাৰা কোৱা হৈছিল যে কোনোৱে যদি পাপ কৰে, এইখন কিনিলে ইয়াৰ দ্বাৰা পাপ কৰোতাজন পাপমুক্ত হ’ব। সেয়ে এই পত্রখনক পাপমোচন পত্র বোলা হৈছিল। এইখিনিতে উল্লেখ কৰিব পাৰি যে এই পাপমোচন পত্ৰৰ বিৰুদ্ধে মার্টিন লুথাৰে তীব্র প্রতিবাদ জনাইছিল। আৰু ইয়াৰ বিৰুদ্ধে তেওঁ ৯৫ টা যুক্তি আগবঢ়াইছিল।
প্রশ্ন ৭ : প্রতি-সংস্কাৰ আন্দোলন বুলিলে কি বুজা?
উত্তৰ: মার্টিন লুথাৰৰ নেতৃত্বত জার্মানীত কেথলিক ধৰ্মৰ বিৰুদ্ধে এটি আন্দোলন গঢ়ি উঠিছিল। এই আন্দোলনকে প্রটেস্টান আন্দোলন বুলি কোৱা হৈছিল। লুথাৰৰ নেতৃত্বত হোৱা এই আন্দোলনে বিশেষ প্ৰসাৰ লাভ কৰিছিল।
সেয়ে এই আন্দোলনক প্রত্যাহ্বান জনোৱাৰ কাৰণে কেলিকসকলে প্রটেষ্টান আন্দোলনৰ বিৰুদ্ধে অন্য এক আন্দোলন গঢ়ি তুলিছিল। এই আন্দোলনকে প্রতি সংস্কাৰ বিৰোধী আন্দোলন বুলি কোৱা হয়।
প্রশ্ন ৮: নিকল মেকিয়াভেলি কোন আছিল?
উত্তৰ: মেকিয়াভেলি এজন মানৱতাবাদী ব্যক্তি আছিল। ১৫১৩ খ্রীঃত প্রকাশিত ‘দি প্রিন্স’ নামৰ উল্লেখযোগ্য পুথিখন আছিল তেওঁৰ উল্লেখযোগ্য সৃষ্টি। এই পুথিখনত তেওঁ মানুহৰ প্ৰকৃতি সম্বন্ধে লিখিছিল। মেকিয়াভেলিয়ে বিশ্বাস কৰিছিল যে সকলো মানুহেই বেয়া আৰু নিজৰ বেয়া দিশটোহে প্ৰদৰ্শন কৰে। কাৰণ মানুহৰ আকাংক্ষা হ’ল অতৃপ্ত বা সীমাহীন। তেওঁ আৰু বিশ্বাস কৰিছিল যে মানুহে নিজৰ কৰ্মৰ কাৰণে পোৱা উদ্গনিৰ ফলত তেওঁ অধিক আত্মকেন্দ্রিক হৈ পৰে।
প্রশ্ন ৯ : মানৱতাবাদী বুলি কাক বা কোনসকলক কোৱা হৈছিল?
উত্তৰ: ঊনবিংশ শতিকাত বুৰঞ্জীবিদ সকলে মানৱতাবাদ শব্দটোৰ উদ্ভাৱন কৰিছিল। এই শব্দটো পণ্ডিত সকলৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছিল। যি সকল পণ্ডিতে ব্যাকৰণ, বাগ্মিতা, কবিতা, ইতিহাস আৰু নৈতিক জ্ঞানৰ শিক্ষা দিছিল সেই সকল লোককে মানৱতাবাদী বুলি কোৱা হৈছিল।
প্রশ্ন ১০ : লিঅ’ নার্ড দি ভিন্সিৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: লিঅ’ নার্ড দি ভিন্সি মধ্যযুগৰ এজন প্রখ্যাত চিত্রবিদ আছিল। উদ্ভিদ বিদ্যা, শৰীৰ বিদ্যা, অংক শাস্ত্র, কলা আদিৰ প্ৰতি তেওঁৰ অতি ধাউতি আছিল। ভিন্সিৰ শ্ৰেষ্ঠ আৰু অমৰ চিত্ৰশিল্প হ’ল মনালিছা আৰু দি লাষ্ট চুপাৰ।
প্রশ্ন ১১: ইটালীৰ দুখন বিখ্যাত মহানগৰীৰ নাম উল্লেখ কৰা।
উত্তৰ : ভেনিচ আৰু জেনোৱা হ’ল সেই সময়ৰ ইটালীৰ দুখন বিখ্যাত মহানগৰী।
প্রশ্ন ১২: নৱজাগৰণৰ সময়ত লিখনিৰ দ্বাৰা সমাজত প্ৰভাৱ বিস্তাৰ কৰা দুগৰাকী মহিলাৰ নাম লিখা।
উত্তৰ : এই দুগৰাকী মহিলা হ’ল- (ক) ভেনিচিয়ান কেছেন্দ্রা ফেডেল (১৪৬৫-১৫৮৮) আৰু (খ) মানটুৱাৰ ইজাবেলা ভি ষ্টে (১৪৭৪-১৫৩৯)।
অতি দৰকাৰী ৰচনাধৰ্মী প্রশ্নোত্তৰ
প্রশ্ন ১: ছপাশাল কোনে আৱিষ্কাৰ কৰিছিল? ইয়াত কোনখন কিতাপ প্রথম ছপা কৰা হৈছিল? ছপাশালৰ প্ৰভাৱ কেনে আছিল?
উত্তৰ : ১৪৫৫ খ্রীঃত জোহান্স গুটেমবার্গ নামৰ জাৰ্মান লোক এজনে প্রথম ছপাশাল নিৰ্মাণ কৰিছিল।
তেওঁ ছপাশালত প্রথম কিতাপ হিচাপে বাইবেলৰ ১৫০ টা কপি ছপা হৈ ওলাইছিল। ছপাশালৰ উদ্ভাৱনে সমাজত বিশেষ প্রভাৱ পেলাইছিল। বাইবেলৰ উপৰিও পোন্ধৰশ শতিকাত লেটিন ভাষাত লিখা বহুত ক্লাচিকেল পুথি ইটালীত ছপা হৈ ওলায়। কিতাপৰ প্ৰকাশৰ লগে লগে মানুহৰ অধ্যয়নৰ প্রতি আগ্রহ বাড়ে। কেরল শিক্ষকৰ পাঠদানৰ ওপৰতে আৰু নিৰ্ভৰ কৰিব লগা নোহোৱা হয়। ধাৰণা, মতামত আৰু খবৰে আগতকৈ বিস্তৃতি লাভ কৰে। আৰু ই অতি খৰটকীয়া হৈ পৰিল। নতুন নতুন দিশৰ ওপৰত নানা ধৰণৰ কিতাপ প্রকাশ হ’ল। এইবোৰ সহজ দামত মানুহে কিনিব পৰা হ’ল। কম দামত মানুহে সহজে কিতাপ পঢ়িব পৰা হ’ল। ফলত মানুহৰ মনত কিতাপ পঢ়াৰ অভ্যাস গঢ়ি উঠিল। পঞ্চদশ শতিকাৰ শেষৰফালে ইটালীৰ মানৱতাবাদী সংস্কৃতিয়ে আল্পচ পাৰ হৈ ক্ষিপ্ৰতাৰে বিস্তাৰ লাভ কৰাৰ মূল কাৰণটো আছিল ছপা কিতাপৰ বহুল প্ৰচাৰ। কিতাপৰ প্ৰচলনৰ লগে লগে মানুহৰ মনত মানৱতাবাদী ধাৰণা গঢ়ি উঠে।
প্রশ্ন ২: কপাৰনিকাচৰ সূত্ৰটো কি আছিল? কপাৰনিকাচ সূত্র বিপ্লব কি আছিল?
উত্তৰ : মার্টিন লুথাৰৰ সমসাময়িক কপাৰনিকাচৰ কাম-কাজৰ লগে লগে ইউৰোপৰ বিজ্ঞানৰ ক্ষেত্ৰত এটি নতুন পথ মুকলি হয়।
কপাৰনিকাচৰ আগতে মানুহে বিশ্বাস কৰিছিল যে পৃথিৱীখন এখন পাপৰ ঠাই আৰু পাপৰ বোজাই পৃথিৱীখনক স্থবিৰ কৰি তুলিছে। সেয়ে এই স্থিবিৰ পৃথিৱীৰ চাৰিওফালে স্বর্গীয় গ্রহবিলাক ঘূৰা বুলি বিশ্বাস কৰিছিল।
কিন্তু কপাৰনিকাচে তেওঁৰ নতুন উদ্ভাৱনী সূত্ৰৰ জৰিয়তে এইটো প্রতিপন্ন কৰিছিল যে পৃথিৱীকে আদি কৰি অন্যান্য গ্রহবোৰ আচলতে সূৰ্যৰ চাৰিও পিনে ঘুৰে। এই উদ্দেশ্যে তেওঁ ‘দি ৰিভলিউছনিয়াচ’ নামৰ এখন গ্ৰন্থৰ পাণ্ডুলিপি প্রস্তুত কৰে।
কিন্তু কপাৰনিকাচে সেই গ্ৰন্থখন প্রকাশ কৰিবলৈ ইচ্ছা কৰা নাছিল। কাৰণ পুৰণি ৰীতি-নীতিত বিশ্বাসী ধর্ম যাজকে তেওঁৰ তত্বত প্রতিক্রিয়া প্রকাশ কৰিব বুলি তেওঁ ভয় কৰিছিল। ইয়াৰ উপৰি তেওঁ নিজে আছিল এজন যীচুৰ উপাসক।
অৱশ্যে তেওঁ এই কিতাপখনৰ পাণ্ডুলিপিটো মৃত্যুৰ আগমুহূৰ্তত তেওঁৰ অনুগামী জোৱাচিম ৰেটিকাচৰ হাতত দি গৈছিল। পিছত এই কিতাপখন প্রকাশ হৈছিল। কিন্তু তেওঁৰ তত্ব আনুষ্ঠানিকভাৱে গ্রহণ কৰিবলৈ মানুহক বহু সময় লাগিল। পিছলৈ অৱশ্যে কপাৰনিকাচৰ সূত্ৰ সঁচা বুলি প্রমাণিত হয়।
প্রশ্ন ৩ : সংস্কাৰক হিচাপে মার্টিন লুথাৰৰ বিষয়ে চমুকৈ আলোচনা কৰা।
উত্তৰঃ ধৰ্ম সংস্কাৰ আন্দোলনৰ ক্ষেত্ৰত মার্টিন লুথাৰক পিতৃ পুৰুষ বুলি কোৱা হয়। ১৪৫৩ খ্রীঃত জার্মানীৰ এক কৃষক পৰিয়ালত মার্টিন লুথাৰৰ জন্ম হয়। মাক- দেউতাকে তেওঁক আইনজ্ঞ হোৱাটো বিচাৰিছিল। কিন্তু তেওঁ ধৰ্ম শাস্ত্ৰৰ এজন অধ্যাপক হিচাপেহে নিজক প্রতিষ্ঠা কৰে।
লুথাৰ এজন খ্ৰীষ্টান ধৰ্মৰ প্ৰধান পৃষ্ঠপোষক আছিল। কিন্তু যাজকসকলৰ বিলাসী আৰু ব্যভিচাৰী জীৱন প্রত্যক্ষভাৱে দৰ্শন কৰি তেওঁলোকৰ বিৰুদ্ধে তেওঁৰ বিদ্বেষভার জাগি উঠে। লুথাৰৰ মনত ক্ৰমে ধৰ্ম সংস্কাৰৰ মনোভাব জাগি উঠে। ইতিমধ্যে তেওঁ ধৰ্ম সংস্কাৰৰ কাৰণে এটি সুযোগ লাভ কৰে।
অর্থলোভী পোপ দশম লিঅ’ই জাকজমকতাপূর্ণ চেন্ট পিটাৰ গীর্জা ঘৰৰ নিৰ্মাণ কার্য সম্পূৰ্ণ কৰিবলৈ ইণ্ডালজেন্স বা পাপ মোচন নামৰ এখন পত্ৰ বিক্ৰী কৰাৰ কাৰণে যাজকসকলক নির্দেশ দিয়ে। এই বিষয়ে কোৱা হৈছিল যে যিয়ে এই পত্রখন কিনিব তেওঁৰ পাপ নাশ হৈ পুণ্য অর্জন কৰিব পাৰিব। পোপৰ নিৰ্দেশত তোতজলে নামৰ এজন যাজক এই পত্রখন বিক্ৰীৰ কাৰণে জার্মানীলৈ আহে। তেওঁ বিভিন্ন ঠাইত এই পত্ৰখন বিক্ৰী কৰি লুথাৰে অধ্যাপক কৰা উইটিনবার্গ বিশ্ববিদ্যালয়ত উপস্থিত হয়। তেতিয়া লুথাৰে তোতজলেৰ এনে কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে আৰু ইয়াৰ বিৰুদ্ধে তেওঁ বহুতো যুক্তি আগবঢ়ায়। কেথলিক সকলৰ বিৰুদ্ধে কৰা এনে প্রতিবাদৰ ফলতে লুথাৰৰ নেতৃত্বত প্রতিবাদ বা প্রটেষ্টান আন্দোলনৰ সূত্রপাত ঘটে। লুথাৰে পিছত পোপৰ বিৰুদ্ধে জার্মানবাসীক জগাই তুলিবলৈ সক্ষম হয়। তেওঁ পোপৰ আধিপত্যৰ প্রতিবাদ কৰি তেওঁৰ যুক্তিৰ সপক্ষে তিনিখন কিতাপ প্রকাশ কৰে।
লুথাৰৰ এনে কাৰ্যত পোপ অসন্তুষ্ট হৈ পৰে। সেয়ে তেওঁ লুথাৰক সমাজচ্যুত কৰে। কিন্তু লুথাৰ এনে কার্যত অলপো বিচলিত নহ’ল। পোপে ইয়াৰ পিছতো লুথাৰক দমন কৰাৰ কাৰণে বহুতো ব্যৱস্থা গ্রহণ কৰিছিল। কিন্তু লুথাৰৰ অনুগামীৰ সংখ্যা ক্রমে বৃদ্ধি পাবলৈ ধৰে। জাৰ্মানীৰ বাহিৰেও আন আন দেশত লুথাৰৰ অনুগামীৰ সংখ্যা বৃদ্ধি পায়। লুথাৰৰ আন্দোলন ক্রমে তীব্রতা লাভ কৰে।
এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত শেষত পোপ আৰু লুথাৰৰ মাতত ১৫৫৫ খ্রীঃত এখন চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিখনকে আগচবাৰ্গৰ শান্তি চুক্তি বুলি জনা যায়। এই চুক্তি অনুসৰি লুথাৰৰ সংস্কাৰ আন্দোলনক মানি লোৱা হয়। পিছলৈ এই আন্দোলনে প্রটেষ্টান্ট আন্দোলনে নামে প্রসিদ্ধ হৈ পৰে।
প্রশ্ন ৪ : ইটালীৰ নগৰসমূহৰ পুনৰুত্থানৰ কাৰণবোৰ আলোচনা কৰা।
উত্তৰ: ৰোমান সাম্ৰাজ্যৰ পতনৰ লগে লগে ইটালীৰ বহুতো নগৰ ধ্বংস প্রাপ্ত’ হয়। অৱশ্যে কিছুমান কাৰকে ইটালীৰ নগৰসমূহৰ পুনৰুত্থানৰ ক্ষেত্ৰত অৰিহণা যোগাইছিল। সেই কাৰণসমূহ হ’ল-
(ক) পশ্চিম ইউৰোপত সামন্তসকলৰ বান্ধোনলৈ আনি পুনৰ গঠন কৰা হয়। এই বান্ধোনেও ইটালীৰ নগৰসমূহৰ পুনৰুথানত সহায় কৰিছিল।
(খ) পূব ইউৰোপৰ বাইজানটাইন সাম্রাজ্যক গীৰ্জাৰ অধীনলৈ অনা হৈছিল। এই গীর্জাসমূহেও ইটালীৰ নগৰসমূহৰ পুনৰুত্থানত সহায় কৰিছিল।
(গ) ইছলাম ধৰ্মৰ আবিৰ্ভাবৰ ফলতো ইটালীৰ চহৰসমূহ পুনৰ একগোট হোৱাত সহায় কৰিছিল।
(ঘ) দ্বাদশ শতিকাৰ পৰা মোগলবিলাকে চিল্ক পথেদি চীনৰ লগত ব্যৱসায় আৰম্ভ কৰাৰ পৰা আৰু পশ্চিম ইউৰোপৰ দেশবিলাকৰ লগত ব্যৱসায়-বাণিজ্যৰ লেনদনে বৃদ্ধি পোৱাৰ ফলত ইটালীৰ নগৰ বিলাককো প্রাধান্য কৰিবলৈ লয়। পিছলৈ এই নগৰবোৰ বিশাল সাম্ৰাজ্যৰ অধিকাৰী হোৱাই নহয়, স্ব-নিৰ্ভৰশীল নগৰ ৰাষ্ট্ৰ হৈ পৰিল।
নগৰ ৰাষ্ট্ৰবোৰৰ ভিতৰত ফ্লোৰেন্স আৰু ভেনিচ হ’ল প্রজাতান্ত্রিক আৰু বহুতো নগৰ ৰাষ্ট্ৰ ৰজা সকলৰ দ্বাৰা শাসিত সভা ৰাষ্ট্ৰ। সেই সময়ৰ নগৰবোৰৰ ভিতৰত আন দুখন আছিল ভেনিচ আৰু জেনোৱা। এই দুখন চহৰ ইউৰোপৰ অন্যান্য ঠাইতকৈ কিছু বেলেগ আছিল।