বৰগীত | Class 10 Assamese Chapter 1 Question Answer 2025-2026 | SEBA Class 10 Assamese Chapter 1 Question Answer 2025 | class 10 assamese question answer | Class 10 Assamese Chapter 1 Question and Answer Solution | class 10 assamese chapter 1 question answer

Class 10 Assamese Chapter 1 Question Answer 2025-2026

বৰগীত

– শ্ৰীশ্ৰীমাধৱদেৱ

প্রশ্নাৱলী

ভাব-বিষয়ক:

১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া:

(ক) “……. নেৰিবা বান্ধৱ মোক জীৱনে মৰণে।”

– কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে?

উত্তৰ: হৰিক অনুৰোধ কৰিছে।

(খ) ‘সনক সনন্দ যোগী যাহাকু ধিয়ায়।’

– সনক, সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে?

উত্তৰ : হৰিক ধ্যান কৰে বুলি কবিয়ে কৈছে।

(গ) কবি কিহত আতুৰ হোৱা বুলি কৈছে?

উত্তৰ: কবিয়ে সাংসাৰিক মায়া-মোহ, বিষয়-বাসনাত আতুৰ হোৱা বুলি কৈছে।

(ঘ) তোমাৰ পাঠ্য বৰগীতটি কোনে ৰচনা কৰা?

উত্তৰ : বৰগীতটি মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা।

(ঙ) বৰগীতটি কি ৰাগত বন্ধা আছে?

উত্তৰ : বৰগীতটি ৰাগ বসন্ত ৰাগত বন্ধা আছে।

(চ) কবিয়ে ‘বান্ধব’ বুলি কাক সম্বোধন কৰিছে?

উত্তৰঃ কবিয়ে ‘বান্ধব’ বুলি হৰিক সম্বোধন কৰিছে।

(ছ) ‘মোহ-পাশ’ মানে কি?

উত্তৰ: ‘মোহ-পাশ’ মানে হ’ল- মায়াৰ বান্ধোন।

২। বৰগীতটিৰ মূলভাৱ লিখা।

উত্তৰ : হৰিয়েই জগতৰ একমাত্ৰ ঈশ্বৰ। তেওঁৰ মহিমা অসীম। সাধাৰণ মানুহে হৰিৰ মহত্ত্বৰ বিষয়ে জানিবলৈ কোনো পথ নাপায়। যোগী আৰু মহাযোগীসকলেও ধ্যান কৰি তেওঁৰ মহিমা উপলব্ধি কৰিব পৰা নাই। সেয়েহে কবিয়ে কেনেকৈ হৰিক চিনি পাব? কবি তুচ্ছ জীৱ, মায়া-মোহত আবদ্ধ। গতিকে কবিয়ে নিজকে হৰিৰ চৰণত অধম সেৱক হিচাপে সমৰ্পণ কৰিছে। তেওঁ হৰিক প্ৰাৰ্থনা কৰিছে যাতে জীৱনৰ শেষলৈকে কবিক হৰিৰ সেৱাত ৰাখে।

৩। বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া।

উত্তৰঃ বৰগীতৰ ৰচক মহাপুৰুষ মাধৱদেৱ শংকৰদেৱৰ শ্ৰেষ্ঠ শিষ্য। তেওঁৰ জন্ম ১৪৮৯ খ্ৰীষ্টাব্দত লখিমপুৰ জিলাৰ নৰায়ণপুৰৰ ওচৰৰ লেটেকুপুখুৰীত হৈছিল। পিতৃ গোবিন্দগিৰী আৰু মাতৃ মনোমাৰ ঘৰত তেওঁ ডাঙৰ-দীঘল হৈছিল।  

শিক্ষা জীৱনত তেওঁ বাংলাদেশৰ বাকাত ৰাজেন্দ্ৰ অধ্যাপকৰ টোলত অধ্যয়ন কৰিছিল। ১৫২২ খ্ৰীষ্টাব্দত শংকৰদেৱৰ সৈতে সাক্ষাৎ হোৱাৰ পিছত, তেওঁ নৱ-বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰি জীৱনটো ধৰ্ম-সাধনালৈ উৎসৰ্গা কৰে।  

সাহিত্যিক অৱদান :

(ক) আখ্যানমূলক: আদিকাণ্ড ৰামায়ণ, ৰাজসূয় কাব্য।

(খ) তত্ত্বমূলক: নামঘোষা, জন্মৰহস্য, ভক্তি ৰত্নাৱলী, নামমালিকা।

(গ) নাটক: অৰ্জুন ভঞ্জন, চোৰধৰা, পিম্পৰা গুচোৱা, ভোজন-বেহাৰ, ভূমি লেটোৱা।

(ঘ) গীত: বৰগীত (১৫৭ টা) আৰু ভটিমা।

নামঘোষা তেওঁৰ অমৰ সৃষ্টি; হেজাৰ ঘোষা থকা বাবে ইয়াক “হেজাৰী ঘোষা” বুলিও জনাজাত। বৰগীতবোৰত মূলতঃ বাৎসল্য ভাৱৰ প্ৰকাশ হৈছে, যদিও দাস্য ভাৱৰ গীতো আছে। তেওঁৰ ৰচনাত ভাষাৰ সৌন্দৰ্য, আবেগৰ গভীৰতা আৰু বৰ্ণনাৰ জীৱন্ততা বিশেষভাৱে ফুটি উঠে। সংখ্যাত সীমিত হ’লেও, অসমীয়া সাহিত্যত শংকৰদেৱৰ পিছৰে পৰা তেওঁৰ স্থান দ্বিতীয়। “জালিকটা পুষ্পহাৰ”ৰ দৰে তেওঁৰ সাহিত্যকৃতি আজিও অমৰ হৈ আছে। ১০৭ বছৰ বয়সত, ১৫৯৬ খ্ৰীষ্টাব্দত কোচবিহাৰৰ ভেলামধুপুৰত তেওঁৰ দেহাৱসান ঘটে।

৪। ব্যাখ্যা কৰা:

(ক) সহস্র বয়নে যাৰ নপাৱন্ত সীমা। অধমে জানিবো কেনে তোমাৰ মহিমা।

উত্তৰ: এই কবিতাফাঁকি আমাৰ পাঠ্য ‘সাহিত্য সুবাস’ৰ অন্তৰ্গত মাধৱদেৱৰ ‘বৰগীত’ৰ পৰা লোৱা হৈছে। 

ইয়াৰ জৰিয়তে ভগৱান হৰিৰ অসীম মহিমাৰ কথাকে প্ৰকাশ কৰা হৈছে।  

হৰিয়েই জগতৰ স্ৰষ্টা আৰু প্ৰভু। সহস্ৰমুখী শেযনাগেও তেওঁৰ মহিমাৰ সীমা উলিয়াব পৰা নাই। যোগী-মুনিসকলে বছৰৰ পিছ বছৰ ধ্যানত মগ্ন হৈও হৰিৰ স্বৰূপ ধৰিব পৰা নাই। এনে অৱস্থাত মই এজন সাধাৰণ, মায়াৰ বান্ধোনত আবদ্ধ অধম জীৱ—কিদৰে তেওঁৰ মহত্ত্ব বুজিম? হৰিৰ কৃপা অবিহনে কোনোৱেই তেওঁক সম্পূৰ্ণৰূপে উপলব্ধি কৰিব নোৱাৰে, মায়াৰ জালৰ পৰাও মুক্ত হ’ব নোৱাৰে।

(খ) আতুৰ ভৈলোহো হৰি বিষয় বিকলে।

কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে।

উত্তৰঃ এই কবিতাফাঁকি ‘সাহিত্য সুবাস’ৰ মাধৱদেৱৰ ‘বৰগীত’ৰ পৰা উদ্ধৃত।

ইয়াত কবিয়ে সংসাৰৰ বন্ধনৰ পৰা মুক্তি বিচাৰি ভগৱান হৰিৰ ওচৰত আকুল প্ৰাৰ্থনা জনাইছে।  

হৰি সকলোৰে স্ৰষ্টা আৰু ৰক্ষক। তেওঁৰ চৰণত শৰণ লোৱাটোৱেই জীৱৰ পৰম কৰ্তব্য। কিন্তু মানুহ জাগতিক বিষয়-বাসনা আৰু মায়াৰ ফান্দত সোমাই ভগৱানক পাহৰি পাপৰ পথত আগবাঢ়ে। কবিও এই মোহজালত বান্ধ খাইছোঁ—বিষয়ৰ আকৰ্ষণত অস্থিৰ, অসহায় হৈ পৰিছোঁ। গতিকে মই মুক্তিৰ আশাত, সকলো দুখ-বেদনাৰ পৰা উদ্ধাৰ পাবলৈ ভগৱানৰ পদ্মৰ দৰে পবিত্ৰ চৰণত শৰণাগত হৈছোঁ।

(গ) তোমাৰ চৰণ দুই মোৰ মহা ধন। ভকত জনেৰ নিজ তুমিসে জীবন।

উত্তৰ: উক্ত কবিতাফাঁকি ‘সাহিত্য সুবাস’ৰ মাধৱদেৱৰ ‘বৰগীত’ৰ পৰা লোৱা হৈছে। 

ইয়াত ভক্তৰ মুক্তিৰ একমাত্ৰ পথ—হৰিৰ চৰণত শৰণ লোৱাৰ গুৰুত্ব ফুটি উঠিছে।  

সংসাৰী মানুহ বস্তুৰ মোহ আৰু কামনা-বাসনাত আৱদ্ধ হৈ পাপৰ পথত ঘূৰি ফুৰে। কবিও এই মায়াৰ বান্ধোনত বন্দী হৈ পৰিছে। সেয়ে তেওঁ হৰিৰ ওচৰত প্ৰকাশ কৰিছে: “তোমাৰ দুই চৰণেই মোৰ অমূল্য সম্পদ”। ভক্তসকলৰ বাবে হৰিৰ পদযুগলেই জীৱনৰ আশ্ৰয়স্থল। ইয়াৰ বাহিৰে মায়াৰ পৰা উদ্ধাৰ পোৱাৰ আন কোনো উপায় নাই। গতিকে কবিয়ে নিজকে সম্পূৰ্ণৰূপে হৰিৰ চৰণত সমৰ্পণ কৰিছে—এই দুখময় সংসাৰৰ পৰা তৰিবলৈ।

৫। ‘সনক সনন্দ যোগী যাহাকু ধিয়ায় সকল নিগমে যাক বিচাৰি নপায়।’

– তাৎপর্য বিচাৰ কৰা।

উত্তৰ: এই কবিতাফাঁকিৰ মৰ্ম হ’ল – শুদ্ধ ধ্যানৰ জৰিয়তেহে হৰিক পাই সংসাৰৰ বন্ধনৰ পৰা মুক্ত হ’ব পাৰি। সনক-সনন্দ আদি মহান যোগীসকলেও সদায় হৰিৰ ধ্যানত মগ্ন হৈ থকা সত্ত্বেও তেওঁৰ অপাৰ মহিমা সম্পূৰ্ণৰূপে উপলব্ধি কৰিব পৰা নাই। বেদ-উপনিষদ আদি সকলো পবিত্ৰ শাস্ত্ৰই হৰিক বিচাৰি ফুৰে, তথাপি তেওঁৰ সীমা নিৰ্ধাৰণ কৰিব পৰা নাই। এনে পৰিস্থিতিত কবিৰ দৰে এজন সাধাৰণ মানুহে—যি মায়া-মোহত জৰ্জৰ—কিদৰে হৰিৰ স্বৰূপ বুজিব? এই কথাকে কবিয়ে আক্ষেপৰ সৈতে প্ৰকাশ কৰিছে।

৬। বৰগীতৰ চাৰিটা লক্ষণৰ বিষয়ে লিখা।

উত্তৰ: বৰগীতৰ চাৰিটা লক্ষণ হ’ল-

(ক) বৰগীতসমূহ শাস্ত্ৰীয় ৰাগযুক্ত।

(খ) বৰগীতৰ ভাষা বজ্ৰাৱলী।

(গ) বৰগীতসমূহ ভক্তিমূলক।

(ঘ) বৰগীতসমূহত ভক্তিৰসৰ ওপৰিও দাস্য ৰস, শান্ত ৰস, বাৎসল্য ৰস আদিৰো সমাবেশ ঘটিছে।

ভাষা-বিষয়ক :

১। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখাঃ নপাৱন্ত, কেনে, ভৈলোহো, তুমিসে, জনেৰ, কহয়।

উত্তৰঃ

নাপাৱন্ত – নাপায়

কেনে – কেনেদৰে

ভৈলোহো – হ’লো

তুমিসে – তুমিয়ে

জনেৰ- সকলৰ

কহয়- কয়

২। ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ অসমীয়া সাহিত্যত বৈষ্ণৱ গুৰু শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীত আৰু অংকীয়া নাটত ব্যৱহৃত ভাষাটো “ব্ৰজবুলি” বা “ব্ৰজাৱলী” নামেৰে জনাজাত। পঞ্চদশ শতিকাৰ শেষৰ পৰা উনবিংশ শতিকাৰ শেষলৈ অসমীয়া বৈষ্ণৱ সন্ত-মহন্তসকলে এই ভাষাত গীত-নাট ৰচনা কৰিছিল।

ব্ৰজাৱলী ভাষাৰ মূল বৈশিষ্ট্যসমূহ হ’ল:  

(ক) সংস্কৃত শব্দৰ প্ৰয়োগ এই ভাষাত বহুলভাৱে পৰিলক্ষিত হয়।  

(খ) আৰবী, ফাৰ্চী আদি বিদেশী ভাষাৰ শব্দো ইয়াত ব্যৱহৃত হৈছে।  

(গ) অসমীয়া ব্ৰজাৱলীত স্বৰধ্বনি মূলতঃ ছয়টা : ই, এ, আ, অ, ও, উ।  

(ঘ) দ্বিস্বৰ (যেনে: ঐ, ঔ) আৰু ত্ৰিস্বৰৰ (যেনে: ৱি, ৱে) প্ৰয়োগ প্ৰচুৰ পৰিমাণে আছে।  

(ঙ) ‘ঙ’ ধ্বনি বাদে আটাইকেইটা ব্যঞ্জনধ্বনি আদি, মধ্য আৰু অন্ত্য স্থানত ব্যৱহৃত হয়।  

(চ) মৈথিলী, অবধী, ভোজপুৰী আদিৰ দৰে ব্ৰজাৱলীত বিশেষণ বা ক্রিয়া পদত স্ত্ৰী প্ৰত্যয় যোগ নহয়; বিশেষ্য পদতহে প্ৰযোজ্য।

Leave a comment