মূল বাসিন্দাৰ স্থানান্তৰকৰণ | AHSEC Class 11 History Chapter 10 Question Answer Assamese Medium 2025-2026 | Class 11 History Question Answer Assamese Medium | HS 1st Year History Solution | HS 1st Year History Chapter 10 Question Answer Assamese Medium | উচ্চতৰ মাধ্যমিক বুৰঞ্জী | Higher Secondary First Year History Very Important Notes

মূল বাসিন্দাৰ স্থানান্তৰকৰণ | AHSEC Class 11 History Chapter 10 Question Answer Assamese Medium 2025-2026 | Class 11 History Question Answer Assamese Medium | HS 1st Year History Solution | HS 1st Year History Chapter 10 Question Answer Assamese Medium | উচ্চতৰ মাধ্যমিক বুৰঞ্জী | Higher Secondary First Year History Very Important Notes
দশম অধ্যায়

মূল বাসিন্দাৰ স্থানান্তৰকৰণ

অতি দৰকাৰী অতি চমু প্ৰশ্নোত্তৰ

প্রশ্ন ১ : উপনিবেশ বুলিলে কি বুজা?

উত্তৰ: ইউৰোপীয় আৰু আন আন দেশৰ লোকসকল প্ৰব্ৰজনৰ জৰিয়তে কোনো এঠাইত বাস কৰি অধিকাৰ কৰা স্থানসমূহক উপনিবেশ বুলি কোৱা হয়।

প্রশ্ন ২: আমেৰিকাক কিয় নতুন পৃথিবী বুলি কোৱা হৈছিল?

উত্তৰ: কলম্বাছে প্রথমে আৱিষ্কাৰ কৰা ঠাইখনক নতুন পৃথিৱী বুলি কোৱা হৈছিল। কাৰণ তাৰ আগতে তেওঁলোকে তেনে নতুন ঠাই দেখা নাছিল। পিছলৈ এই নতুন পৃথিৱীৰ নাম আমেৰিকা হয়।

প্রশ্ন ৩ : ‘কানাডা’ শব্দটো ক’ৰ পৰা আহিছিল?

উত্তৰ: জাকুইছ কাৰটিয়েৰ নামৰ ভৌগোলিক অন্বেষণকাৰীজনে হুৰুণ ইৰোকুৱছসকলৰ ভাষাৰ ওপৰত ভিত্তি কৰি কানাডা নামটোৰ সৃষ্টি কৰিছিল। কানাডা শব্দটো ‘কানাটা’ শব্দৰ অপভ্রংশ আৰু ইয়াৰ অৰ্থ হ’ল গাঁও।

প্রশ্ন ৪ : উত্তৰ আমেৰিকাৰ কিমানখন উপনিবেশে ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে বিদ্রোহ ঘোষণা কৰিছিল?

উত্তৰ : তেৰখন উপনিবেশে বিদ্রোহ ঘোষণা কৰিছিল।

প্রশ্ন ৬ : কাৰ নামেৰে আমেৰিকা নামটো দিয়া হৈছিল?

উত্তৰ : ফ্লোৰেন্সৰ এজন ভূগোলবিদ আমেৰিগো ভেচপুৰিয়ে নতুন ঠাইখনক এক ‘নতুন পৃথিৱী’ বুলি অভিহিত কৰিছিল। সেই অঞ্চল কিমান বৃহৎ তেওঁ অনুমান কৰিছিল। তেওঁৰ নাম অনুসৰিয়ে পিছলৈ ঠাইখনৰ নাম হয় ‘আমেৰিকা’। অৱশ্যে ‘আমেৰিকা’ নামটো ১৫০৭ চনত এগৰাকী জার্মান প্রকাশকে পোনপ্ৰথমে ব্যৱহাৰ কৰিছিল।

প্রশ্ন ৯ : আমেৰিকাৰ পৰা কেতিয়া দাস প্রথাৰ অৱসান ঘটিছিল?

উত্তৰ: ১৮৬১-৬৫ খ্ৰীঃৰ ভিতৰত আইনসংগতভাৱে আমেৰিকাৰ পৰা দাস প্রথা তুলি দিয়া হৈছিল।

প্রশ্ন ১৬ : ‘অস্ট্রেলিয়া’ শব্দটো ক’ৰ পৰা আহিছে?

উত্তৰ: ‘অষ্ট্ৰেলিয়া’ শব্দটো লেটিন শব্দ ‘অষ্টৰল’ শব্দৰ পৰা আহিছে। ইয়াৰ অৰ্থ হ’ল দক্ষিণ।

প্রশ্ন ১৮ : বেড ইণ্ডিয়ান কাক কোৱা হৈছিল?

উত্তৰ : বাদামী ৰঙৰ আমেৰিকান ভাৰতীয় লোকক ৰেড ইণ্ডিয়ান বুলি কোৱা হৈছিল।

প্রশ্ন ১৯: কোন চনত সাত বছৰীয়া যুদ্ধৰ অন্ত পৰিছিল?

উত্তৰ: ১৭৬৩ চনত সাত বছৰীয়া যুদ্ধৰ অন্ত পৰিছিল।

প্রশ্ন ২০ : কোন চনত কানাডাক এখন স্বায়ত্তশাসিত সংযুক্ত ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিল?

উত্তৰ: ১৮৬৭ চনত কানাডাক স্বায়ত্তশাসিত সংযুক্ত ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিল।

অতি দৰকাৰী চমু প্ৰশ্নোত্তৰ

প্রশ্ন ১: কেতিয়া অস্ট্রেলিয়াত মানৱ বসতিকৰণ আৰম্ভ হৈছিল?

উত্তৰ: আমেৰিকাৰ দরে অষ্ট্ৰেলিয়াৰ মানৱ বসতিকৰণৰ ইতিহাসো অতি দীঘলীয়া। প্রায় চল্লিশ হেজাৰ বছৰ বা তাৰো পূৰ্বৰে পৰা সেই দেশলৈ আদিবাসীসকলৰ আগমন ঘটিছিল। বিভিন্ন জনগোষ্ঠীৰ প্ৰব্ৰজনকাৰীসকলক থোৰতে আদিবাসী বুলি কোৱা হৈছিল। এই লোকসকলক নিউগিয়েনাৰ পৰা অহা বুলি ঠাৱৰ কৰা হৈছিল। উল্লেখযোগ্য যে নিউগিয়েনা এখন স্কুল দলঙেৰে অষ্ট্ৰেলিয়াৰ সৈতে সংলগ্ন আছিল। অৱশ্যে এই লোকসকলে দাবী কৰা অনুসৰি তেওঁলোক অষ্ট্ৰেলিয়াৰ আদিম জনগোষ্ঠী। তেওঁলোক বাহিৰৰ পৰা প্ৰব্ৰজন কৰা নাছিল। এই লোকসকলে অষ্ট্ৰেলিয়াৰ বিগত শতিকাসমূহক ‘সসমৰ সপোন’ বুলি অভিহিত কৰে।

প্রশ্ন ২ : ‘অষ্ট্ৰেলিয়াৰ মহা মৌনতা’ বুলিলে তুমি কি বুজা?

উত্তৰ: ১৯৬৮ চনত ডব্লিউ ই এইচ্ ষ্টেনাৰ নামৰ এজন নৃতত্ত্ববিদে ‘অষ্ট্ৰেলিয়াৰ মহা মৌনতা’ শীর্ষক এলানি বক্তৃতা দিছিল। এই বক্তৃতাৰ জৰিয়তে তেওঁ অষ্ট্ৰেলিয়াৰ অধিবাসীসকলৰ বিষয়ে ঐতিহাসিকসকলৰ মৌনতা সম্বন্ধে উল্লেখ কৰিছিল। ঐতিহাসিকসকলে অষ্ট্ৰেলিয়াৰ অধিবাসীসকলৰ বিষয়ে বুৰঞ্জীৰ পৰা বাদ দিয়া কার্যক তেওঁ সমালোচনা কৰি এই বিষয়ে সকলোকে সজাগ কৰাৰ কাৰণে তেওঁ এইলানি বক্তৃতা প্রদান কৰিছিল।

প্রশ্ন ৩ : ১৯৭৪ চনটো অষ্ট্ৰেলিয়াৰ কাৰণে কিয় উল্লেখযোগ্য আছিল।

উত্তৰ: ১৯৭৪ চনত অস্ট্রেলিয়া চৰকাৰে এটি উল্লেখযোগ্য নীতি গ্রহণ কৰিছিল। বহু বছৰৰ পৰা প্ৰব্ৰজনৰ যোগেদি অষ্ট্ৰেলিয়াত বসবাস কৰা লোকসকলৰ প্ৰতি অষ্ট্ৰেলিয়াৰ চৰকাৰে মুক্ত নীতি গ্রহণ কৰিছিল। সকলোকে নিজ দেশৰ নাগৰিক বুলি স্বীকৃতি দিছিল। সার্বজনীন সাংস্কৃতিক বিকাশৰ বাবে বহুমুখী নীতি গ্রহণ কৰি থলুৱা, ইউৰোপীয় আৰু এছিয়াৰ পৰা অহা পমুৱা আদি সকলো লোকৰ প্ৰতি সমমর্মিতা আৰু সমযশ্রদ্ধা প্রকাশৰ বাবে এক অভূতপূর্ব সিদ্ধান্ত গ্রহণ কৰিছিল। সেই বছৰতে শ্বেতাংগ অস্ট্রেলিয়া নীতিৰো অৱসান ঘটিছিল।

প্রশ্ন ৪ : চকুলোৰ স্মৃতিৰেখাবোৰ কি আছিল?

উত্তৰ: ১৮৩২ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুখ্য ন্যায়াধীশ জন মাৰ্চালে আইনৰ দৃষ্টিত চেৰোকী নামৰ জনগোষ্ঠীটোৰ মৰ্যাদা সম্বন্ধে এক গুৰুত্বপূৰ্ণ ৰায়দান দি কৈছিল যে তেওঁলোক এটা স্বতন্ত্র জনগোষ্ঠী। তদুপৰি যিহেতু তেওঁলোক এক বিধিসম্মত নিজস্ব ভৌগোলিক ক্ষেত্ৰৰ অধিবাসী, সেয়ে তেওঁলোক কিছুমান ক্ষেত্রত সার্বভৌম আৰু সেইবাবে তেওঁলোকৰ ওপৰত বলপূর্বকভাৱে জর্জিয়াৰ আইন জাপি দিব নোৱাৰে।

কিন্তু সেই সময়ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি এন্দ্ৰজেকচনে জন মাৰ্চালৰ ৰায়দানৰ বিৰোধিতা কৰিছিল। তেওঁ এই ৰায় সম্পূৰ্ণৰূপে আওকাণ কৰিছিল আৰু সৈন্যৰ দ্বাৰা চেৰোকীসকলক উচ্ছেদ কৰি আমেৰিকাৰ বৃহৎ মৰুভূমিৰ সিপাৰলৈ খেদি পঠিয়াইছিল। এনেদৰে খেদি নিয়া ১৫০০০ চেৰোকীৰ চাৰিভাগৰ এভাগৰ পথৰ ওপৰতে মৃত্যু ঘটিছিল। এই ঘটনাকে চকুলোৰ স্মৃতিৰেখা বুলি কোৱা হয়।

প্রশ্ন ৫ : ‘Terra Nullius’ বা এই ভূমি কাৰো নহয়’ বাক্যটোৱে কি বুজাইছে?

উত্তৰ: Terra Nullius (টেৰা নুলিউচ) ৰ অৰ্থ হ’ল এই ভূমি কাৰো নহয়। এইখিনিতে উল্লেখ কৰিব পাৰি যে ইউৰোপীয়সকলে অষ্ট্ৰেলিয়াত নিজৰ নামত ভূমি অধিগ্রহণ কৰিব বিচাৰিছিল। কিন্তু অস্ট্রেলিয়া চৰকাৰে এনে কাৰ্যৰ বিৰোধিতা কৰি অষ্ট্ৰেলিয়াৰ ভূমি টেৰা নুলিউচ বা এই ভূমি কাৰো নহয় বুলি উল্লেখ কৰিছিল।

প্রশ্ন ৬ : অষ্ট্ৰেলিয়াৰ ৰাজধানীখনৰ নাম কি? ইয়াক কেতিয়া নিৰ্মাণ কৰা হৈছিল? ৰাজধানীখনৰ নামৰ অৰ্থ কি?

উত্তৰ: কানবেৰা আছিল অষ্ট্ৰেলিয়াৰ ৰাজধানী। ১৯১১ চনত এই ৰাজধানীখন নিৰ্মাণ কৰা হৈছিল।

কানবেৰা এটা থলুৱা নাম। ইয়াৰ অৰ্থ হ’ল মিলনভূমি।

প্রশ্ন ৭ : আমেৰিকাত সোণ আৱিষ্কাৰৰ দুটা উল্লেখযোগ্য ফলাফল উল্লেখ কৰা।

উত্তৰ : এই দুটা ফলাফল হ’ল (ক) সোণৰ সন্ধানত ১৮৪০ চনৰ ভিতৰত ইউৰোপৰ পৰা হাজাৰ হাজাৰ লোকৰ আমেৰিকালৈ প্ৰব্ৰজন ঘটিল। (খ) সোণৰ খনি আৱিষ্কাৰৰ ফলত চীনৰ পৰা হাজাৰ হাজাৰ বনুৱা আমদানি কৰি আমেৰিকাৰ ইমূৰৰ পৰা সিমূৰলৈ ৰে’ল আলি সম্প্ৰসাৰণৰ কাম আগবাঢ়িল। ফলত ১৮৭০ খ্রীঃত যুক্তৰাষ্ট্ৰ আৰু ১৮৮৫ খ্রীঃত কানাডাত ৰে’ল আলি নিৰ্মাণৰ কাম সমাপ্ত হ’ল।

প্রশ্ন ৮ : ১৯৩৪ চনৰ ‘আমেৰিকা-ইণ্ডিয়ান’ সকলৰ পুনর্গঠন আইনখন কিয় আমেৰিকাৰ কাৰণে গুৰুত্বপূৰ্ণ বুলি কোৱা হয়?

উত্তৰ : ১৯৩৪ চনৰ আমেৰিকা-ইণ্ডিয়ান পুনর্গঠন আইন নামৰ যুগান্তকাৰী আইনখনৰ দ্বাৰা সংৰক্ষিত অঞ্চলবাসী থলুৱাসকলৰ বাবে ভূমি ক্ৰয় আৰু ঋণ গ্ৰহণৰ অধিকাৰ সাব্যস্ত কৰিছিল। সেই কাৰণে এই আইনখনক আমেৰিকাৰ কাৰণে গুৰুত্বপূৰ্ণ বুলি কোৱা হয়।

প্রশ্ন ৯ : ন-বাসিন্দা (Settler colonies) ৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ: ন-বাসিন্দা বুলিলে সাধাৰণতে দক্ষিণ আফ্রিকাত ওলন্দাজসকল, আয়াৰলেণ্ডত ব্রিটিছসকল আৰু আমেৰিকা, নিউজীলেণ্ড, অস্ট্রেলিয়া আৰু অন্যান্য ইউৰোপীয় বসতিকাৰী লোকসকলক বুজায়। ইয়াৰ দুটা বৈশিষ্ট্য হ’ল-

(ক) এই দেশসমূহত ইউৰোপীয়সকলে যি আবাস ভূমি গঢ়ি তুলিছিল তাকে উপনিবেশ বুলি কোৱা হয়। ইউৰোপীয়সকলৰ হেঁচাত এই ক’লনিসমূহত বাস কৰা অধিবাসীসকল অন্য ঠাইলৈ যাবলৈ বাধ্য হৈছিল।

(খ) কানাডাৰ বাহিৰে বাকী ঔপনিবেশসমূহত প্রচলিত ভাষা আছিল ইংৰাজী। কাৰণ কানাডাত চৰকাৰী ভাষা হিচাপে ফ্রান্স ভাষাক স্বীকৃতি দিয়া হৈছিল।

অতি দৰকাৰী ৰচনাধৰ্মী প্রশ্নোত্তৰ 

প্রশ্ন ১ : আমেৰিকাৰ গৃহযুদ্ধৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰ: প্ৰধানকৈ দাস ব্যৱসায়ৰ প্রশ্নক লৈ উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ মাজত ১৮১৬-১৮০৫ চনৰ ভিতৰত এখন গৃহযুদ্ধ হৈছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ অঞ্চলৰ উষ্ণ জলবায়ুত ইউৰোপীয় লোকসকলে ঘৰৰ বাহিৰত তথা উন্মুক্ত অঞ্চলত কাম কৰাৰ ক্ষেত্ৰত বিশেষ কষ্ট পাইছিল। উত্তৰ অঞ্চলৰ থলুৱা লোকৰ বাবেও এনে জলবায়ু আছিল অসহনীয়া। সেয়ে তেওঁলোকৰ কিছুমানক ধৰি নি দক্ষিণৰ উপনিবেশসমূহত দাস হিচাপে কামত লগায়। কিন্তু কামৰ বোজা সহিব নোৱাৰি তেওঁলোকৰ বেছিভাগৰ মৃত্যু ঘটে। সেইবাবে দক্ষিণৰ কৃষি পামসমূহৰ গৰাকীসকলে দাস ব্যৱসায়ীসকলৰ পৰা আফ্রিকাৰ পৰা অনা দাস ক্ৰয় কৰিছিল। এই দাস ব্যৱসায়ক লৈ পিছলৈ তুমুল প্রতিবাদ হৈছিল। ফলত এই ব্যৱসায় নিষেধ কৰা হৈছিল।

কিন্তু যিসকল আফ্রিকাৰ লোকে ইতিমধ্যে আমেৰিকাত দাস হিচাপে বাস কৰিছিল, তেওঁলোক দাস হিচাপেই থাকি গ’ল। আনকি তেওঁলোকৰ সতি-সন্ততিসকলেও সেই দাসত্বৰ পৰা মুক্তি নাপালে।

আনহাতে, উত্তৰ অঞ্চলৰ জনসাধাৰণে দক্ষিণৰ দিশত চলা এনে দাস ব্যৱসায় ভাল পোৱা নাছিল। কাৰণ উত্তৰ অঞ্চল কৃষিপ্রধান ঠাই নোহোৱা বাবে দাসৰো প্রয়োজন নাছিল। সেয়ে উত্তৰ আমেৰিকাৰ জনসাধাৰণে দক্ষিণ আমেৰিকাত চলি অহা দাস ব্যৱসায় বন্ধ কৰাৰ কাৰণে দাবী জনায়। এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত দাস প্রথা সমর্থক আৰু বিৰোধী পক্ষৰ মাজত বিবাদ আৰম্ভ হয়। এই বিবাদে পিছলৈ গৃহযুদ্ধৰ ৰূপ লয়। উল্লেখযোগ্য যে ১৮১৬-৬৫ চনৰ ভিতৰত এই গৃহযুদ্ধ চলি আছিল। অৱশেষত বিৰোধী বা উত্তৰ আমেৰিকাই এই গৃহযুদ্ধত জয়লাভ কৰিবলৈ সক্ষম হৈছিল। অৱশ্যে এই গৃহযুদ্ধই আমেৰিকাত দাস প্রচলন বন্ধ কৰে যদিও আমেৰিকাবাসী আফ্রিকাৰ দাসসকলে নাগৰিক অধিকাৰ লাভৰ বাবে কুৰি শতিকালৈ আন্দোলন চলাই থাকিব লগা হৈছিল।

প্রশ্ন ২: ইউৰোপীয় লোক আৰু আমেৰিকাৰ থলুৱাসকলে ইদলে সিদলৰ প্ৰতি কি ধাৰণা পোষণ কৰিছিল আৰু প্ৰকৃতি সম্বন্ধে তেওঁলোকৰ দৃষ্টিভংগীৰ কি পাৰ্থক্য আছিল আলোচনা কৰা।

উত্তৰ: ইউৰোপীয় লোকসকলে শিক্ষা, সু-সংগঠিত ধৰ্ম আৰু নগৰীয়া জীৱন পদ্ধতিৰ মাফকাঠিৰে জুখিহে কোনো লোকক ‘সভ্য’ আখ্যা দিছিল। ইউৰোপীয়সকলৰ মতে আমেৰিকাৰ থলুৱা লোকসকল আছিল অসভ্য। থলুৱা আমেৰিকানসকলৰ প্ৰতি আমেৰিকাৰ তৃতীয়জন ৰাষ্ট্ৰপতি থমাছ জেফাৰচনে কঠুৱা মন্তব্য দি কৈছিল যে বহু কষ্ট কৰি আমি সভ্য কৰিবলৈ চেষ্টা কৰা এই দুৰ্ভগীয়া জাতিটোক দৰাচলতে ইহঁতৰ কণ- কঠীয়া মাৰি উৎখাত কৰা উচিত।

থলুৱা লোকসকলে ইউৰোপীয় বেপাৰীসকলে দিয়া সামগ্ৰীসমূহ ‘উপহাৰ’ বুলি গণ্য কৰিছিল। আনহাতে, ইউৰোপীয় বেপাৰীসকলে এই লোকসকলৰ পৰা সংগ্ৰহ কৰা মাছ, নোমাল জন্তুৰ ছাল আদি ইউৰোপৰ বজাৰত উচ্চ মূল্যত বিক্ৰী কৰি চহকী হোৱাৰ সপোন দেখিছিল। সুদূৰ ইউৰোপত থকা এনে বজাৰ সম্বন্ধে থলুৱা লোকৰ কোনো ধৰণা নাছিল। বৰং এনে সামগ্ৰীৰ বাবে ইউৰোপীয় বেপাৰীসকলে কিয় কেতিয়াবা বহু বেছি আৰু কেতিয়াবা নিচেই কম উপহাৰ দিয়ে, সেইটোৱেহে তেওঁলোকক বিবুদ্ধিত পেলাইছিল।

প্রকৃতি সম্বন্ধে বা অৰণ্যসমূহৰ ক্ষেত্ৰত থলুৱা আৰু ইউৰোপীয় থলুৱা তথা নতুন বাসিন্দাসকলৰ দৃষ্টিভংগীৰ যথেষ্ট প্রভেদ আছিল। থলুৱাসকলে ইউৰোপীয় পমুৱাই নেদেখা স্থানবোৰলৈ নিজ বসতি সম্প্ৰসাৰণ কৰিছিল। পমুৱাসকলে অৰণ্যসমূহৰ গছ গছনি কাটি তাত শস্যপথাৰ সৃষ্টি কৰিলে। কিন্তু থলুৱাসকলে এনেবোৰ কথা বুজি পোৱা নাছিল। তেওঁলোকে নিজৰ আৱশ্যকখিনিৰহে খেতি-বাতি কৰিছিল। শস্য বেচা- কিনাৰ কোনো নিয়ম নাছিল। মাটিবোৰ নিজৰ কৰি লোৱাৰ কাৰণে তেওঁলোকে কেতিয়াও চিন্তা কৰা নাছিল। জেফাৰচনৰ মতে এনেধৰণৰ ধ্যান-ধাৰণাই তেওঁলোকক সভ্যতাৰ বহির্ভূত কৰি ৰাখিছিল।

প্রশ্ন ৩ : কোনে আৰু কেতিয়া ‘আমেৰিকান ভাৰতীয়সকলৰ অধিকাৰ’ শীর্ষক ঘোষণা-পত্ৰ জাৰি কৰিছিল? এই ঘোষণা-পত্ৰখনৰ তাৎপর্য ব্যাখ্যা কৰা।

উত্তৰ : ১৯৪৫ চনত থলুৱাসকলে ‘আমেৰিকান ভাৰতীয় লোকসকলৰ অধিকাৰ’ শীর্ষক ঘোষণা-পত্ৰখন জাৰি কৰিছিল।

এই ঘোষণা-পত্ৰৰ জৰিয়তে থলুৱাসকলে চৰকাৰক এই বুলি অৱগত কৰিছিল যে দুটা বিশেষ চৰ্তৰ ভিত্তিত তেওঁলোকে যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব লাভৰ বাবে সাজু। সেই চর্ত দুটা হ’ল-

(ক) থলুৱাসকলৰ পৰা সংৰক্ষিত অঞ্চলবোৰ চৰকাৰে কেতিয়াও ল’ব নোৱাৰিব।

(খ) তেওঁলোকৰ (থলুৱা) পৰম্পৰাগত কৃষ্টি-সভ্যতাত চৰকাৰে কোনোধৰণৰ হস্তক্ষেপ নকৰিব বুলি প্রতিশ্রুতি দিব লাগিব।

এই ঘোষণা-পত্র অতি গুৰুত্বপূৰ্ণ আছিল। কাৰণ পিছলৈ চৰকাৰে থলুৱাসকলৰ দুয়োটা দাবীয়ে মানি ল’বলৈ বাধ্য হয়।

Leave a comment