লিখনি আৰু নগৰীয়া জীৱন | AHSEC Class 11 History Chapter 2 Question Answer Assamese Medium 2025-2026 | Class 11 History Question Answer Assamese Medium | HS 1st Year History Solution | HS 1st Year History Chapter 2 Question Answer Assamese Medium | উচ্চতৰ মাধ্যমিক বুৰঞ্জী | Higher Secondary First Year History Very Important Notes
দ্বিতীয় অধ্যায়
লিখনি আৰু নগৰীয়া জীৱন
অতি দৰকাৰী অতি চমু প্ৰশ্নোত্তৰ
প্রশ্ন ১: প্রথম নগৰীয়া জীৱন ক’ত আৰম্ভ হৈছিল?
উত্তৰ: মেছোপটেমিয়া নামৰ ভূমি ভাগত প্রথম নগৰীয়া জীৱন আৰম্ভ হৈছিল।
প্রশ্ন ২ : চুমেৰৰ অৰ্থ কি?
উত্তৰ: ইটা নির্মিত নগৰ হ’ল চুমেৰৰ অর্থ।
প্রশ্ন ৩ : কিমান বছৰ আগতে মেছোপটেমিয়াত কৃষি কাৰ্য আৰম্ভ হৈছিল?
উত্তৰ : ৭০০০-৬০০০ খ্রীঃ পূঃ মানৰ পৰা মেছোপটেমিয়াত কৃষি কাৰ্য আৰম্ভ হৈছিল।
প্রশ্ন ৪ : ব্ৰ’ঞ্জৰ যুগ কাক কোৱা হয়?
উত্তৰ: মেছোপটেমিয়াক ব্ৰ’ঞ্জৰ যুগ বুলি কোৱা হয়।
প্রশ্ন ৫ : কোনখন নদীক বিশ্ব পথ বুলি কোৱা হৈছিল?
উত্তৰ: ইউফ্রেটিছ নদীক কোৱা হৈছিল।
প্রশ্ন ৬ : মাটিৰ ফলি কেতিয়া ব্যৱহাৰ হৈছিল?
উত্তৰ: আনুমানিক ৩২০০ খ্ৰীঃ পূঃ পৰা আৰম্ভ হৈছিল।
প্রশ্ন ৭: চুমেৰীয় ভাষাই কেতিয়াৰ পৰা সম্পূর্ণ বিকাশ লাভ কৰিছিল?
উত্তৰ: প্রায় ২৬০০ খ্রীঃ পূঃ মানৰ পৰা বিকাশ লাভ কৰিছিল।
প্রশ্ন ৮: কিউনিফর্ম লিপিৰ বিকাশ কেতিয়া হৈছিল?
উত্তৰ: ২৬০০ খ্রীঃ পূঃত বিকাশ হৈছিল।
প্রশ্ন ৯ : মেছোপটেমিয়াসকলৰ প্ৰধান উপাস্য দেৱতা কোন আছিল?
উত্তৰ: তেওঁলোকৰ উপাস্য দেৱতা হ’ল চন্দ্ৰ দেৱতা ‘উৰ’ আৰু প্ৰেমৰ দেৱী ‘ইনান্না’।
প্রশ্ন ১০ : দক্ষিণ মেছোপটেমিয়াত প্রাচীনতম মন্দিৰবোৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল?
উত্তৰ: ৫০০০ খ্রীঃ পূঃত নিৰ্মাণ কৰা হৈছিল বুলি অনুমান কৰা হয়।
অতি দৰকাৰী চমু প্ৰশ্নোত্তৰ
প্রশ্ন ১ : মেছোপটেমিয়াৰ উচ্চ ভূমি আৰু পার্বত্য অঞ্চলত উৎপাদিত সামগ্রী সমূহৰ নাম লিখা।
উত্তৰ : এই অঞ্চলত পশুজাত দ্রব্য যেনে মাংস, গাখীৰ, উল, চামৰা আদি প্ৰচুৰ পৰিমাণে উৎপন্ন হৈছিল। আনহাতে, নদীবোৰত নানা ধৰণৰ সোৱাদপূর্ণ মাছ পোৱা গৈছিল। গ্রীষ্মকালত এই অঞ্চলটোত খেজুৰ ফল প্ৰচুৰ পৰিমাণে পোৱা গৈছিল।
প্রশ্ন ২ : মেছোপটেমিয়া যুগৰ ব্যৱসায়-বাণিজ্যৰ বিষয়ে আলোচনা কৰা।
উত্তৰ: মেছোপটেমিয়া যুগৰ ব্যৱসায়-বাণিজ্য অতি উন্নত ধৰণৰ আছিল। এই দিশত ‘মাৰি’ নামৰ ৰাজ্যখনে ব্যৱসায়-বাণিজ্যত উল্লেখযোগ্য ভূমিকা গ্রহণ কৰিছিল। মাৰি ৰাজ্যখন ইউফ্রেটিছ নদীৰ পাৰত অৱস্থিত আছিল। ফলত এই নদীয়েদি অনা ঠাইলৈ ব্যৱসায়-বাণিজ্যৰ প্ৰসাৰ ঘটিছিল। ইউফ্রেটিছ নদীৰ জৰিয়তে কাঠ, তোম, বর্গীতাম, ফটিকা আৰু অন্যান্য পণ্য সামগ্রী দক্ষিণ অঞ্চল আৰু তুর্কী, চিৰিয়া, লেবাননৰ উচ্চ ভূমিৰ মাজলৈ সৰবৰাহ কৰা হৈছিল। দক্ষিণৰ নগৰাবোৰলৈ ইউফ্রেটিছ নদীৰ জৰিয়তে গুড়ি শিল, কাঠ, ফাটিকা আৰু টেলৰ টেকেলী কঢ়িওৱা নাওবোৰ বাইতে মাৰি নগৰত ৰখোৱা হৈছিল। মাৰি নগৰৰ বিষয়াসকলে নাৱত উঠি সামগ্ৰীবোৰ পৰীক্ষা কৰিছিল। এনে বোজাই নাওবোৰ ভটিয়াই যোৱাৰ আগতে সামগ্ৰীৰ এক দশমাংশ মূল্যৰ শুল্ক আদায় দিব লাগিছিল। বিশেষভাৱে নির্মিত নাৱত য-ধান কঢ়িওৱা হৈছিল। চাইপ্রাচ দ্বীপৰ আলাচিয়া নামৰ ঠাইৰ পৰা ধাতু আমদানি কৰা হৈছিল। ব্ৰঞ্জ ধাতু স্তম্ভৰ আহিলা আৰু অস্ত্ৰৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল। সেয়ে ব্ৰঞ্জৰ ব্যৱসায় অতি গুৰুত্বপূৰ্ণ আছিল। এনেদৰে মাৰি ৰাজ্য সামৰিক শক্তিত শক্তিশালী নাছিল যদিও ব্যৱসায় বাণিজ্যৰ জৰিয়তে ৰাজ্যখন অর্থনৈতিকভারে শক্তিশালী হৈ পৰিছিল।
প্রশ্ন ৩: আমি কিয় কওঁ যে মাটিৰ উৰ্বৰতা তথা উচ্চ হাৰৰ খাদ্য শস্যৰ উৎপাদনেই প্রাচীন নগৰীকৰণৰ একমাত্ৰ কাৰণ নাছিল?
উত্তৰ : প্রাচীন নগৰ বিলাক অকল খাদ্য উৎপাদনৰ প্ৰতি লক্ষ্য ৰাখি প্রতিষ্ঠা হোৱা নাছিল। প্রাচীন সভ্যতা-সংস্কৃতি বজাই ৰখাৰ কাৰণেও এই নগৰসমূহ সৃষ্টি হৈছিল। কাৰণ এই নগৰসমূহৰ কাৰু কাৰ্যই সমগ্র এছিয়াৰ জনসাধাৰণক আকৰ্ষণ কৰিছিল।
প্রশ্ন ৪ : ব্যৱসায়-বাণিজ্যৰ দিশত ইউফ্রেটিছ নদীৰ গুৰুত্ব আলোচনা কৰা।
উত্তৰ : মেছোপটেমিয়াৰ সভ্যতাৰ যুগত ব্যৱসায়-বাণিজ্যৰ দিশত ইউফ্রেটিছ নদীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিছিল। উল্লেখযোগ্য যে সেই সময়ত ব্যৱসায়- বাণিজ্যৰ প্ৰধান উৎস আছিল জলপথ। সেয়ে ইউফ্রেটিছ নদীয়ে এই দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কাৰণ নদী পথেদি নদীৰ সোঁত বা বতাহৰ গতি শক্তি ব্যৱহাৰ কৰি পণ্য সামগ্রী অতি কম খৰছত সৰবৰাহ কৰিব পৰা গৈছিল। সেয়ে বিশ্বৰ সকলোতে যাতায়াতৰ আটাইতকৈ কম খৰচী মাধ্যম হ’ল জলপথ। মেছোপটেমিয়াৰ নদী-নলাবোৰ সৰু-ডাঙৰ বসতিবিলাকৰ মাজত পণ্য সৰবৰাহৰ কাৰণে উৎকৃষ্ট জলপথ আছিল। সেয়ে জল পৰিবহণৰ ক্ষেত্ৰত ইউফ্রেটিছ নদীক ‘বিশ্ব জল পথ’ বুলি কোৱা হৈছিল।
প্রশ্ন ৫: মেছোপটেমিয়া যুগৰ মোহৰৰ বিষয়ে আলোচনা কৰা।
উত্তৰ: মেছোপটেমিয়াত খ্রীঃ পূঃ প্রথম সহস্রাব্দৰ শেষলৈ মাজত খাঁজকটা চুঙা আকৃতিৰ টুকুৰা মোহৰবোৰ বোকা-মাটিৰ কোমল ফলিত বেলনা মাৰিৰ দৰে হেঁচা মাৰি পিহি আৰু দীঘলীয়া সাঁচ কৰি মোহৰবোৰৰ সৃষ্টি কৰা হৈছিল। সাধাৰণতে অতি দক্ষ শিল্পীবোৰেহে মোহৰবোৰৰ নক্সা তৈয়াৰ কৰিব বা কাটিব পাৰিছিল। এই মোহৰবোৰ উপৰি ভাগত সাধাৰণতে গৰাকীৰ নাম, তেওঁৰ কুলদেৱতা আৰু পদমর্যাদাৰ বিষয়ে অংকন কৰিছিল। কাপোৰ আদিৰ টোপোলা বন্ধা ৰছীৰ গাঁঠিৰ মূৰ নাইবা কোনো পাত্ৰৰ চাকনিৰ ওপৰত এনে ধৰণৰ মোহৰ মাৰি টোপোলা বা পাত্ৰৰ ভিতৰত বস্তু নিৰাপদে ৰখা হৈছিল। মোহৰৰ জৰিয়তে কৰা এনেকুৱা কাৰ্য প্রামাণিক কর্তৃত্বৰ প্ৰতীকস্বৰূপ আছিল। এনে মোহৰবোৰে ৰজা বা অন্য কোনো নগৰীয়া উচ্চ ব্যক্তিৰ সামাজিক পদমর্যাদা আৰু সামাজিক জীৱনৰ মূল্যক বুজাইছিল।
প্রশ্ন ৬: মেছোপটেমিয়াৰ নগৰবোৰৰ খনন কাৰ্যৰ বিষয়ে চমুকৈ উল্লেখ কৰা।
উত্তৰ : খনন কাৰ্যৰ জৰিয়তে পুৰাতত্ত্ববিদসকলে মেছোপটেমিয়াৰ বহুতো নগৰৰ ধ্বংসাৱশেষ খান্দি উলিয়াইছে। এনে কালত পুৰাতত্ত্ববিদসকলে বহুতো বনুৱা নিয়োগ কৰিছে।
খনন কাৰ্যৰ পিছত উদ্ধাৰ হোৱা মেছোপটেমিয়াৰ সভ্যতা ২৫০০ খ্রীঃ পূঃৰ বুলি অনুমান কৰা হৈছে। ইয়াৰ এখন নগৰ হৈছে আবুচালাবিখ্। এই চহৰখনৰ পৰিসীমা প্রায় দহ হেক্টৰ এলেকা। আনুমানিক ১০,০০০ৰ মান ইয়াৰ জনসংখ্যা আছিল। এই চহৰত নানা ধৰণৰ উচ্চমানৰ ঘৰ-দুৱাৰ উদ্ধাৰ কৰা হৈছে। ইয়াৰ উপৰি পুৰাতত্ত্ববিদসকলে টন টন পৰিমাণৰ মাটি চালনীৰে চালি বিভিন্ন জন্তু আৰু উদ্ভিদৰ অৱশিষ্ট উদ্ধাৰ কৰি বহু প্রজাতি চিনাক্ত কৰিছে। ইয়াৰ উপৰি নগৰৰ বাট-পথবোৰত সাৰি-পুচি পেলাই দিয়া মাছৰ বৃহৎ পৰিমাণৰ কাঁইটো উদ্ধাৰ কৰিছে। ইন্ধন হিচাপে ব্যৱহাৰ হোৱা গোৱৰৰ পিঠাৰ মাজৰ পৰা পুৰি যোৱা উদ্ভিদৰ ঘাঁহ আৰু বীজ উদ্ধাৰৰ দ্বাৰা ৰান্ধনিশালবোৰ চিনাক্ত কৰা হৈছে। ইয়াৰ পৰা পুৰাতত্ত্ববিদসকলে ধাৰণা কৰিছে যে মেছোপটেমিয়াৰ অন্য চহৰবোৰৰ দৰে ইয়াতো গাহৰীবিলাকে মুকলি মূৰীয়াকৈ ঘূৰি ফুৰিছিল। কাৰণ এটা গৃহ সমাধিৰ পৰা গাহৰীৰ কিছুমান হাড় উদ্ধাৰ কৰিব পৰা হৈছে। গাহৰীক ধর্মীয় কাজ-কৰ্মৰ বাবে ব্যৱহাৰ কৰা হৈছিল বুলি প্রমাণ পোৱা গৈছে।
প্রশ্ন ৭: কিউনিফর্ম বুলিলে কি বুজা?
উত্তৰ: কিউনিফর্ম হ’ল চিহ্ন লিপি। কিউনিফর্ম শব্দৰ অৰ্থ হ’ল চেপেটামুৰীয়া। আৰু ফর্মা শব্দৰ অৰ্থ হ’ল আকৃতি। এই দুয়োটা শব্দ লেটিন ভাষাৰ পৰা আহিছে।
প্রশ্ন ৮: মেছোপটেমিয়া যুগৰ মানুহৰ সাক্ষৰতাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: মেছোপটেমিয়া যুগৰ মানুহ কম সংখ্যকহে শিক্ষিত বা সাক্ষৰ আছিল। কাৰণ শিক্ষা গ্রহণ সহজ পদ্ধতি নাছিল। শিক্ষা গ্ৰহণৰ কাৰণে শতাধিক চিহ্ন লিপি বা অক্ষৰ জানিব লাগিছিল। আনহাতে এই চিহ্ন বা আখৰবোৰ আয়ত্ত কৰাটো জটিল আছিল। সেয়ে শিক্ষিত লোকসকল সমাজৰ অতি উচ্চ ব্যক্তি আছিল। আনকি শিক্ষিত ৰজাসকলে তেওঁলোকৰ বিষয়ে বা তেওঁলোকৰ শিক্ষাৰ বিষয়ে অতি গৰ্বৰে শিলত বা লিপিত খোদিত কৰাইছিল, আনহাতে লিখিত ভাষাৰ দৰে কথিত ভাষাও সহজ নাছিল।
প্রশ্ন ৯ : মাৰিৰ ৰজা জিমৰিলিমৰ ৰাজমহলৰ বিষয়ে চমুকৈ আলোচনা কৰা।
উত্তৰ : মাৰি নামৰ ৰাজ্যখনৰ ৰজা জিমৰিলিমৰ বিখ্যাত ৰাজমহলটো খনন কাৰ্যৰ দ্বাৰা উদ্ধাৰ কৰা হৈছে। এই ৰাজমহলটোত নানা ধৰণৰ অলংকাৰ উদ্ধাৰ হৈছে। লগতে এই ৰাজ ভৱনটো প্ৰশাসনৰ মুখ্য কেন্দ্ৰ আছিল বুলি অনুমান কৰা হৈছে। তথ্যৰ পৰা প্রমাণ পোৱা গৈছে যে সমগ্র এছিয়াৰ বাবে এই ৰাজমহলটো নামজ্বলা আছিল। কাৰণ ইয়াক পৰিদৰ্শনৰ কাৰণে সমগ্র এছিয়াৰ পৰা পৰ্যটক আহিছিল। উদ্ধাৰ হোৱা তালিকাৰ পৰা জনা যায় যে ৰজাই নিজৰ খাদ্য হিচাপে আটা, ৰুটি, মাংস, মাছ, ফলমূল আৰু সুৰা ব্যৱহাৰ কৰিছিল। তথ্যৰ পৰা আৰু জনা যায় যে খোৱাৰ সময়ত ৰজাই ১০৬ নং বগা ৰঙৰ বহল মজিয়াৰ চোতালত বহু ব্যক্তিৰ লগত খাদ্য গ্রহণ কৰিছিল। এই কোঠালিটোও পৰ্যটকৰ আকৰ্ষণৰ খনি আছিল। ৰজাৰ সু-বৃহৎ অট্টালিকাটোত প্রায় ২৮০ টা কোঠা আছিল। আৰু এক হেক্টৰ মাটি কালিৰে সামৰি এই বৃহৎ অট্টালিকাটো নিৰ্মাণ কৰা হৈছিল।
প্রশ্ন ১০: পৌৰাণিক কাহিনীবোৰে প্ৰাচীন মেছোপটেমিয়াৰ সভ্যতাৰ বিষয়ে কি বর্ণনা দিয়ে?
উত্তৰ: মেছোপটেমিয়াৰ সভ্যতাৰ বিষয়ে বহুতো পৌৰাণিক কাহিনী পোৱা যায়। এই কাহিনীবোৰ সাধাৰণতে বাইবেলত বৰ্ণনা কৰা হৈছিল। বাইবেলৰ জৰিয়তে এতিয়ালৈ মেছোপটেমিয়াত উদ্ধাৰ হোৱা নানা ধৰণৰ প্ৰসাদ, মূর্তি, সমাধি আদিৰ বিষয়ে কাহিনী পঢ়িবলৈ পাওঁ।
বাইবেলত বর্ণনা কৰা অনুসৰি সৃষ্টি তত্ত্বত ‘চিমাৰ’ অর্থাৎ চুমেৰ বুলি এখন ঠাইৰ নাম উল্লেখ আছে। ইয়াৰ অৰ্থ হ’ল ‘ইটা নির্মিত নগৰ’। বাইবেলত উল্লেখ কৰা মতে ইউৰোপৰ পৰিব্ৰাজক আৰু পণ্ডিতসকলে মেছোপটেমিয়াক ‘পূর্ব পুৰুষৰ ভূমি’ বুলি জ্ঞান কৰিছিল। সেয়ে মেছোপটেমিয়াৰ খনন কাৰ্য চলাৰ সময়ত বাইবেলত উল্লেখিত ঘটনাবিলাকৰ সত্যতা নিৰূপণৰ কাৰণে চেষ্টা চলোৱা হৈছিল। অৱশ্যে পিছলৈ প্রমাণ হৈছিল যে মেছোপটেমিয়াৰ সত্যতা সম্বন্ধে বাইবেলত উল্লেখিত কাহিনীবিলাকৰ কোনো প্রমাণ নাই। ইয়াৰ পৰিৱৰ্তে এই কাহিনীবিলাক ইতিহাসৰ গুৰুত্বপূৰ্ণ পৰিবৰ্তনবোৰৰ স্মৰণৰ উপায়হে আছিল।
প্রশ্ন ১১: এছিৰীয়া ৰাজ্যৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ : ২০০০ খ্ৰীঃ পূঃৰ পাছত বেবিলন এখন অতি গুৰুত্বপূৰ্ণ চহৰ হিচাপে প্রতিষ্ঠা লাভ কৰে। পিছত প্রায় ১১০০ খ্রীঃ পূঃত বেলিলনৰ উত্তৰত এছিৰীয়াসকলে এখন ৰাজ্য প্ৰতিষ্ঠা কৰে। তেতিয়াৰ পৰা এই অঞ্চল এছিৰীয়া হৈ পৰিল। প্রথমে এছিৰীয়াত চুমেৰীয় ভাষাৰ প্ৰচলন হৈছিল। অৱশ্যে পিছলৈ ইয়ালৈ আক্কাডীয়সকল অহাৰ ফলত তাত আক্কাডীয় ভাষাই প্রাধান্য লাভ কৰে।
অতি দৰকাৰী ৰচনাধৰ্মী প্রশ্নোত্তৰ
প্রশ্ন ১ : মেছোপটেমিয়া যুগৰ লিখন পদ্ধতিৰ বিকাশ সম্বন্ধে ব্যাখ্যা কৰা।
উত্তৰ : অৰ্থ প্ৰকাশৰ বাবে ব্যৱহাৰ কৰা শব্দৰ সমষ্টিকে ভাষা বুলি কোৱা হয়। এয়া হৈছে মৌখিক ভাব বিনিময়। লিপি বা লিখন পদ্ধতিও এবিধ মৌলিক ভাব বিনিময়েই। অৱশ্যে ইয়াৰ ধাৰাটো কিছু বেলেগ। সাধাৰণতে লিপি বা লিখন পদ্ধতিৰ কথা কওঁতে কথিত শব্দবোৰক কিছুমান দৃশ্যমান চিহ্নই প্রতিনিধিত্ব কৰে।
তেনেদৰে মেছোপটেমিয়াৰ প্ৰথম লিপিবোৰত কিছুমান ছবিৰ দৰে চিহ্ন দেখা যায়। এই চিহ্নবোৰ সাধাৰণতে ফলিত অংকন কৰা হৈছিল। এই বিলাক আছিল ষাড় গরু।
মাছ, কটি, পাওঁকটি আদি বিভিন্ন ধৰণৰ সামগ্ৰীৰ প্রায় পাঁচ হেজাৰখন তালিকা। এই সামগ্ৰীবোৰ দক্ষিণৰ উৰক চহৰৰ মন্দিৰবোৰলৈ অনাৰ সময়ত আৰু মানুহৰ মাজত এইবোৰ বিলোৱাৰ সময়ত তালিকাৰ আকাৰত হিচাপ ৰখা হৈছিল। এই কথাৰ পৰা প্রমাণ পোৱা যায় পণ্য সামগ্ৰীৰ লেনদেনৰ লগে লগে নথি-পত্ৰৰ তথ্য সংৰক্ষণৰ প্রয়োজনতেই প্রথমতে লিপিৰ সৃষ্টি হৈছিল। কাৰণ সেই সময়ৰ মেছোপটেমিয়াৰ নগৰবোৰৰ জনসাধাৰণৰ মাজত বিভিন্ন সামগ্ৰীক লৈ অনবৰত আদান-প্রদান চলিছিল।
সাধাৰণতে ফলিবোৰ আলতীয়া মাটিৰে তৈয়াৰ কৰিছিল। ফলিসমূহ সাধাৰণতে এখন হাতেৰে সহজে দাঙি ধৰিব পৰাকৈ চেপেটা আকাৰত বনোৱা হৈছিল। তাৰ পিছত হেলনীয়াকৈ কাটি লোৱা নল-খাগৰী বা বাঁহৰ কাঁঠি এডালেৰে কিউনিফর্ম চিহ্ন লিপিবোৰ খাজ বহুৱাই গৈছিল। লিখাৰ সময়ত ফলিখন সেমেকা আৰু কোমল কৰি লোৱা হৈছিল। লিখাৰ পাছত ফলিখন শুকাই লোৱা হৈছিল। কাৰণ ইয়াৰ ফলত আখৰ বা চিহ্নবোৰ নষ্ট নোহোৱাকৈ ৰাখিব পৰা গৈছিল। লেনদেন অনুসৰি ফলিৰ ব্যৱহাৰো সিমানেই হৈছিল। সেয়েহে মেছোপটেমিয়াৰ ঐতিহাসিক স্থানবোৰত শ শ ফলি উদ্ধাৰ হৈছে। আৰু এই ফলিবোৰৰ জৰিয়তে মেছোপটেমিয়া সভ্যতাৰ বিষয়ে বহুতো তথ্য লাভ কৰিব পৰা গৈছে।
এনেদৰে ফলিৰ ব্যৱহাৰৰ যোগেদি চুমেৰীয়া বা মেছোপটেমিয়া ভাষাই প্রায় ২৮০০ খ্ৰীঃ পূঃ মানৰ ভিতৰত সম্পূৰ্ণ বিকাশ লাভ কৰিছিল। তথ্য সংৰক্ষণৰ উপৰিও অভিধান ৰচনা, ভূমি হস্তান্তৰক আইনী বৈধতা দিয়া, ৰজাৰ কীৰ্তি-কলাপৰ কাহিনী বর্ণনা আৰু প্রচলিত আইন-কানুন প্ৰচাৰৰ কাৰণে লিখিত ভাষাৰ বহুল প্ৰচাৰ হ’বলৈ আৰম্ভ কৰিছিল। অৱশ্যে বিভিন্ন সময়ত বিভিন্ন ভাষাৰ উত্থান-পতন ঘটিছিল। কাৰণ ২৪০০ স্ত্রীঃ পূঃ মানত মেছোপটেমিয়াৰ প্ৰাচীনতম ভাষা চুমেৰীয় ভাষাৰ বিলুপ্ত ঘটিছিল। ইয়াৰ ঠাইত আক্কাডিয় ভাষা গঢ় লৈ উঠিছিল। প্রায় ২০০০ খ্রীঃ পূঃ মানলৈ আক্কাডিয় ভাষাটো কিউনিফর্ম লিপিবোৰৰ ব্যৱহাৰ হৈছিল।
প্রশ্ন ২ : মেছোপটেমিয়া যুগত কৃষিৰ ক্ষেত্ৰত নদীবোৰৰ ভূমিকা কেনে আছিল?
উত্তৰ: মেছোপটেমিয়া যুগত জনসাধাৰণ প্রধানকৈ কৃষিজীরী আছিল বুলি ধাৰণা কৰা হয়। কৃষিৰ ক্ষেত্ৰত নদীসমূহে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল। বেছি বৰষুণ হ’লে নদীবোৰত বানপানীৰ সৃষ্টি হৈছিল। ফলত এনে বানপানীয়ে খেতি পথাৰবোৰ নষ্ট কৰি মানুহৰ আর্থিক দিশত কু-প্রভাৱ পেলাইছিল।
আনহাতে, কম বৰষুণ হ’লে নদীৰ পানীৰ ওপৰতে নিৰ্ভৰ কৰি খেতি-বাতি কৰা হৈছিল। মূল নদীৰ পৰা সুঁতিৰ সৃষ্টি কৰি খেতিপথাৰলৈ পানী বোৱাই নিয়া হৈছিল। এনে ব্যৱস্থাৰ দ্বাৰা উজনিত বাস কৰা লোকসকল উপকৃত হৈছিল যদিও নামনিৰ জনসাধাৰণ পানীৰ সমস্যাত ভুগিব লগা হৈছিল। পানীৰ সমস্যাক কেন্দ্ৰ কৰি আনকি খেতিয়কৰ মাজত বিবাদ লাগিছিল বুলি প্রমাণ পোৱা যায়।
প্রশ্ন ৩ : মেছোপটেমিয়াৰ ধৰ্মীয় ধৰ্ম ব্যৱস্থা বা ধর্ম সম্পর্কে আলোচনা কৰা।
উত্তৰঃ খ্রীঃ পূঃ প্রায় ৫০০০ মানৰ পৰা মেছোপটেমিয়াত মানৱ সমাজৰ বসতি বিস্তাৰ আৰম্ভ হৈছিল। খনন কাৰ্যৰ দ্বাৰা উদ্ধাৰ হোৱা নগৰসমূহৰ অৱস্থিতিৰ পৰাই এই কথাৰ প্ৰমাণ পোৱা যায়। এই নগৰবোৰ সাধাৰণতে মঠ-মন্দিৰক কেন্দ্ৰ কৰি গঢ়ি উঠিছিল। অৱশ্যে আন কিছুমান নগৰ বেহা-বেপাৰক কেন্দ্ৰ কৰিও গঢ়ি উঠিছিল। ইয়াৰ উপৰি এনে কিছুমান নগৰ ৰাজকীয় নগৰ হিচাপেও জনা গৈছিল।
মেছোপটেমিয়াৰ জনসাধাৰণে গাঁওসমূহৰ কিছুমান নির্বাচিত ঠাইত মঠ-মন্দিৰ নিৰ্মাণ কৰিছিল। এতিয়ালৈ আৱিস্কৃত হোৱা প্রাচীনতম মন্দিৰটো কেচা বা নোপোৰা ইটাৰে নিৰ্মাণ কৰিছিল বুলি জনা যায়। মন্দিৰ বিলাকত বিভিন্ন দেৱ-দেৱীৰ মূর্তি আছিল। কিন্তু ইয়াৰ ভিতৰত চন্দ্ৰ দেৱতা উৰ (Ur) আৰু প্ৰেমৰ দেৱী ইনান্না (Inanna) আছিল প্রধান উপাস্য দেৱ-দেৱী। সময়ৰ লগে লগে মুকলি ঠাইত মন্দিৰবোৰ ডাঙৰ আৰু আহল-বহলকৈ নির্মাণ কৰা হৈছিল। পুৰণি মন্দিৰবোৰ সাধাৰণতে বৰ্তমানৰ মন্দিৰ আকাৰে নিৰ্মাণ কৰা হৈছিল। মন্দিৰবোৰৰ চাৰিওফালে দেৱাল নিৰ্মাণ কৰা হৈছিল। দেৱালবোৰ সদায়ে নিৰ্দিষ্ট দূৰত্বৰ মূৰে মূৰে বাহিৰলৈ ওলোৱা আৰু ভিতৰলৈ সোমোৱা ধৰণৰ আছিল।
দেৱতা বা দেৱীগৰাকী আছিল পূজাৰ মূল উপলক্ষ্য দেৱতা। দেৱী বা দেৱতা সকললৈ পূজাৰ উপাচাৰ হিচাপে ভক্তসকলে শস্য, দৈ আৰু মাছ আনিছিল। কাৰণ প্রাচীন মন্দিৰৰ ভগ্নাৱশেষৰ তলত কিছুমান মাছৰ কাইটৰ ডাঠ তৰপ পোৱা গৈছে। ভক্তসকলে নির্দিষ্ট উপাস্য দেৱতাজনকেই গাঁওখনৰ সকলো দিশৰ প্ৰধান ৰক্ষক বুলি জ্ঞান কৰিছিল। পিছলৈ শস্য মৰণা মৰা, খুন্দা, সূতাকটা, উলৰ কাপোৰ বোৱা আদি কামবোৰ মন্দিৰ প্ৰাঙ্গণতে কৰা হৈছিল। লাহে লাহে মন্দিৰৰ কাম-কাজ বাঢ়িবলৈ ধৰে। আৰু মন্দিৰবোৰে সমাজ জীৱনত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল। কালক্ৰমত এই মন্দিৰবোৰক কেন্দ্ৰ কৰিয়ে ডাঙৰ ডাঙৰ নগৰবোৰ গঢ়ি উঠিছিল। মন্দিৰবোৰ সমাজৰ মুখ্য অনুষ্ঠানত পৰিণত হৈছিল।
প্রশ্ন ৪ : মেছোপটেমিয়া যুগৰ সমাজ ব্যৱস্থা সম্বন্ধে চমুকৈ আলোচনা কৰা।
উত্তৰ: মেছোপটেমিয়াৰ সমাজ ব্যৱস্থা প্রধানতঃ চহৰীয়া আৰু গ্রাম্য দুটা ভাগত ভাগ কৰা হৈছিল। নগৰ সমূহত বাস কৰা লোক সকলক নগৰীয়া বোলা হৈছিল। লাহে
লাহে নগৰবোৰত এটা অভিজাত শাসক শ্ৰেণীৰ সৃষ্টি হৈছিল। পিছলৈ এই শ্ৰেণীটোৰ হাততে শাসনৰ ক্ষমতা কেন্দ্রীভূত হৈছিল। উৰু নগৰৰ কিছুমান ৰজা আৰু ৰাণীৰ সমাধি আৰু তাৰ পৰা প্ৰচুৰ পৰিমাণে উদ্ধাৰ হোৱাৰ প্ৰভৃত পৰিমাণৰ সম্পদৰ পৰা এই তথ্যৰ প্ৰমাণ পোৱা যায়। এই সমাধিত উদ্ধাৰ হোৱা সম্পদবোৰ আছিল বিভিন্ন মূল্যবান অলংকাৰ পাতি, সোণৰ পাত্ৰ, খোলা, নীলম পাথৰ খচিত কাঠৰ বাদ্য যন্ত্র আদি। ইয়াৰ বিপৰীতে গাঁৱলীয়া সমাজত কাম কৰা লোকসকলে সাধাৰণভাৱে জীৱন নির্বাহ কৰিছিল বুলি জনা যায়।
নানা উৎসৰ পৰা জনা যায় যে সাধাৰণতে মানুহবোৰ সৰু সৰু পৰিয়ালত ভাগ হৈ বাস কৰিছিল। অৱশ্যে যৌথ পৰিয়াল ব্যৱস্থা আছিল। সমাজ ব্যৱস্থা পিতৃ প্রধান আছিল। কাৰণ পিতৃ আছিল পৰিয়ালৰ মুৰব্বী প্রধান।
উৰুক নগৰত আৱিষ্কাৰ হোৱা তথ্যৰ পৰা জনা যায় যে ৰাস্তাবোৰ আঁকোৱা-পকোৱা আছিল। সেয়ে ঘৰবোৰত চকা থকা বাহন সোমাব নোৱাৰিছিল। বস্তু বা আন সামগ্ৰীসমূহ গাধৰ পিঠিত তুলি ঘৰলৈ নিয়া হৈছিল। ঠেক আৰু আঁকোৱা-পকোৱা ৰাস্তা আৰু বিভিন্ন আকাৰ-প্ৰকাৰৰ আবাসিক চৌহদবোৰে অ-পৰিকল্পিত আৰু নগৰ ব্যৱস্থাকে বুজায়।
মহেঞ্জোদাৰোৰ দৰে মেছোপটেমিয়াৰ যুগৰ নগৰবোৰত কোনো ধৰণৰ নলা-নর্দমা দেখা নাযায়। নলা-নর্দমাৰ সলনি নগৰৰ ঘৰবিলাকৰ ভিতৰৰ চোতালত আলতীয়া মাটিৰ নলী নিৰ্মাণ কৰা দেখা যায়। মুধৰ চালিবোৰ ভিতৰৰ ফাললৈ হেলনীয়া আছিল আৰু চালিৰ পানী এনে নলীবোৰৰ মাজেদি ওলাই গৈ ঢাকোন থকা পিতনি বা খালত পৰিছিল। বৰষুণৰ ফলত যাতে ৰাস্তাবোৰ বোকাময় নহয় তাৰ কাৰণে সম্ভৱ তেনে নলীৰ ব্যৱস্থা কৰা হৈছিল।
নাগৰিকবোৰ সম্ভৱ সমাজ সচেতক নাছিল। কাৰণ বেছিভাগ জাবৰ-জোঁথৰ ৰাস্তাৰ ওপৰতে পেলাইছিল। ফলত তেনে আবৰ্জনাৰ পৰা ৰক্ষা পৰাৰ কাৰণে নাগৰিকসকলে নিজৰ ঘৰৰ ভেটিবোৰ ওখ কৰি লৈছিল।
গৃহ নিৰ্মাণৰ ক্ষেত্ৰত উৰুক নগৰীৰ জনসাধাৰণে অন্ধবিশ্বাসত বিশ্বাসী আছিল।
উদ্ধাৰ হোৱা ফলিসমূহত অমঙ্গলৰ লক্ষণবোৰ লিখিত ৰূপত পোৱা গৈছে। ফলিত উল্লেখ থকা মতে ওখ দুৱাৰডলিয়ে ঘৰলৈ সম্পদ আনে বুলি বিশ্বাস কৰিছিল। আনৰ ঘৰৰ ফালে মেল নোখোৱা সম্মুখৰ দুৱাৰক সৌভাগ্যৰ প্ৰতীক বুলি বিবেচনা কৰা হৈছিল। তেনেদৰে দুৱাৰখন বাহিৰলৈ মেল খোৱা ধৰণৰ হ’লে পত্নীগৰাকী স্বামীজনৰ যন্ত্ৰণাৰ কাৰণ হয় বুলি বিশ্বাস কৰিছিল। উৰুক নগৰত এখন ৰাজহুৱা সমাধি ক্ষেত্ৰ আৱিষ্কৃত হৈছে। এই সমাধি ক্ষেত্ৰত সাধাৰণ লোকৰ লগতে ৰাজকীয় লোকৰো সমাধি পোৱা গৈছে।
প্রশ্ন ৫ : মেছোপটেমিয়া যুগত পণ্য সামগ্ৰী সৰবৰাহৰ বিষয়ে চমুকৈ উল্লেখ কৰা।
উত্তৰ: মেছোপটেমিয়া খাদ্য উৎপাদনত চহকী আছিল যদিও খনিজাত সম্পদৰ দিশত পিছপৰা আছিল। মেছোপটেমিয়াৰ দক্ষিণ অঞ্চলত চীল-মোহৰ, আহিলা তৈয়াৰৰ বাবে শিল নাইবা অলংকাৰৰ বাবে প্ৰয়োজনীয় পৰিমাণৰ মণি-মুকুতা পোৱা নগৈছিল। নাইবা ধাতুৰ কোনো ভাণ্ডাৰ নাছিল। সেয়ে এইটো সহজে অনুমান কৰিব পাৰি যে মেছোপটেমিয়াই তেওঁলোকৰ অপৰ্যাপ্ত খাদ্য সামগ্ৰী আৰু বস্ত্ৰ সামগ্ৰীসমূহৰ আন আন দেশৰ লগত বিনিময় ঘটিছিল। এনে বিনিময়ৰ জৰিয়তে ইৰাণ নাইবা পাৰস্য উপ- সাগৰৰ সিপাৰৰ পৰা উন্নত কাঠ, তাম, বর্গীতাম, ৰূপ, সোণ, খোলাজাতীয় দ্রব্য আৰু অন্যান্য মণি-মুকুতা, কঠিন পাথৰ আদি মেছোপটেমিয়ালৈ সৰবৰাহ কৰা হৈছিল। আনহাতে, সেই দেশৰ সম্পদত উন্নত আছিল যদিও খাদ্য সামগ্ৰী আৰু বস্তু সামগ্ৰীত পিছপৰা আছিল। গতিকে এনে দেশবোৰৰ লগত নিয়মীয়া বাণিজ্যিক আদান-প্রদানৰ বাবে সামাজিক, অর্থনৈতিক সংগঠনৰ দিশত মেছোপটেমিয়াৰ দক্ষিণ অঞ্চলত বাস কৰা জনসাধাৰণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
প্রশ্ন ৬ : মেছোপটেমিয়াৰ উৰুক নগৰীৰ চমু বৰ্ণনা দিয়া।
উত্তৰ: মেছোপটেমিয়া যুগত গঢ়ি উঠা বৃহৎ বৃহৎ নগৰসমূহৰ ভিতৰত উৰুক নগৰী আছিল অতি উল্লেখযোগ্য। এই নগৰীখন প্রায় ৪০০ হেক্টৰ এলেকা সামৰি গঢ়ি উঠিছিল। এই নগৰীখনত নানা ধৰণৰ মঠ-মন্দিৰবোৰ গঢ়ি উঠিছিল কাৰণে উৰুকক ‘মন্দিৰ নগৰী’ হিচাপেও জনা যায়।
নগৰখনৰ নিৰাপত্তাৰ কাৰণে ইয়াৰ চাৰিওফালে এখন বৃহৎ প্ৰাচীৰ তৈয়াৰ কৰা হৈছিল। এই নগৰীত অৱস্থিত মন্দিৰবোৰৰ কাম-কাজৰ কাৰণে যুদ্ধবন্দী আৰু প্ৰজাসকলক কামত লগোৱা হৈছিল। কৃষিৰ বিনিময়ত কৰ পৰিশোধ কৰাৰ সলনি শাৰীৰিক শ্ৰম সকলো ধৰণৰ সাধাৰণ প্ৰজাৰ ক্ষেত্ৰত বাধ্যতামূলক আছিল। যি সকলে নগৰী আৰু মন্দিৰৰ কাৰণে কাম কৰিছিল তেওঁলোকে ৰজাৰ পৰা প্ৰয়োজনীয় ৰচদ-পাতি লাভ কৰিছিল। এক তথ্য মতে উৰুক নগৰীৰ এটি বিশেষ মন্দিৰ নিৰ্মাণ কৰিবলৈ নিতৌ প্রায় পোন্ধৰশ বনুৱাই দহ ঘণ্টাকৈ কাম কৰিছিল। এটি মন্দিৰ নিৰ্মাণৰ কাৰণে কমেও পাঁচ বছৰ সময়ৰ প্ৰয়োজন হৈছিল।