শিক্ষাৰ ধাৰাণা | BA 1st Semester Education Chapter 1 Question Answer Assamese Medium 2025 | ba 1st semester education question answer | ba 1st semester education book pdf | BA 1st Semester Education Unit 1 Question Answer Assamese Medium 2025

শিক্ষাৰ ধাৰাণা | BA 1st Semester Education Chapter 1 Question Answer Assamese Medium 2025 | ba 1st semester education question answer | ba 1st semester education book pdf | BA 1st Semester Education Unit 1 Question Answer Assamese Medium 2025

Unit : 1
শিক্ষাৰ ধাৰাণা (Concept of Education)

► অতি চমু প্রশ্নোত্তৰ :

1. শিক্ষা শব্দটোৰ ইংৰাজী প্রতিশব্দ ‘Education’ শব্দটো মূলতঃ কোন ভাষাৰ পৰা উৎপত্তি হৈছিল?

উত্তৰ: লেটিন ভাষাৰ পৰা।

2. লেটিন ভাষাৰ কি কি শব্দৰ পৰা ‘Education’ শব্দৰ উৎপত্তি হৈছিল?

উত্তৰ: E আৰু Duco শব্দৰ পৰা উৎপত্তি হৈছিল আকৌ Educare আৰু Educere শব্দৰ পৰাও উৎপত্তি হোৱা বুলি কোৱা হয়।

3. লেটিন ভাষাৰ E. আৰু Duco শব্দৰ অৰ্থ কি?

উত্তৰ: E মানে হ’ল Out of বা বাহিৰ কৰা আৰু Duco মানে হ’ল 1 lead বা নেতৃত্ব প্রদান কৰা।

4. শিক্ষা কি?

উত্তৰঃ শিক্ষা মানে হ’ল জ্ঞান আহৰণ কৰাৰ উদ্দেশ্য। ই এবিধ সাজন প্রক্রিয়া আৰু ই শিশুৰ সুসামঞ্জস্য বিকাশক উন্নত অৱস্থালৈ নিয়ে।

5. “শিক্ষা হৈছে এক জীৱন প্রক্রিয়া, যাৰ যোগেদি অভিজ্ঞতাৰ পুনৰ নিৰ্মাণ কৰিব পৰা যায়।”- কথাষাৰ কোনে কৈছিল?

উত্তৰ: আমেৰিকাৰ শিক্ষাবিদ জন ডিউইয়ে কৈছিল।

6. মহাত্মা গান্ধীয়ে শিক্ষা সন্দর্ভত আগবঢ়োৱা সংজ্ঞাটো কি?

উত্তৰ: ‘শিক্ষাৰদাৰা মই শিশুৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বিকাশৰ কথাকেই বুজোঁ।

7. ‘সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰাটোৱে শিক্ষা’- কথাষাৰ কোনে কৈছিল?

উত্তৰ : এৰিষ্টটলে।

8. শিক্ষাৰ মুখ্য কাম কি?

উত্তৰ: শিক্ষাৰ মুখ্য কাম হ’ল সমাজৰ কল্যাণ আৰু বিকাশ সাধন কৰা।

9. শিক্ষাক ত্রিপাক্ষিক প্রক্রিয়া বুলি কোনে অভিহিত কৰিছিল?

উত্তৰ: জন ডিউইয়ে।’

10. শিক্ষাৰ প্ৰকাৰ কেইটা কি কি?

উত্তৰ: আনুষ্ঠানিক শিক্ষা, অনানুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষা।

11. আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ এটা পাৰ্থক্য লিখা।

উত্তৰঃ অনানুষ্ঠানিক শিক্ষা সমাজৰ যিকোনো ক্ষেত্ৰৰ পৰা যেতিয়াই-তেতিয়াই আয়ত্ত কৰা শিক্ষা।

► চমু প্রশ্নোত্তৰ :

1. ‘Education’ শব্দটোৰ উৎপত্তি ব্যাখ্যা কৰা।

Ans: শিক্ষাৰ ইংৰাজী প্রতিশব্দ ‘Education’ শব্দটো লেটিন শব্দৰ ‘ Educare’, ‘Educere ‘আৰু ‘Educatum’ ৰ পৰা উৎপত্তি হোৱা বুলি কোৱা হয়। ‘Educare’ শব্দৰ অৰ্থ হৈছে ‘যত্ন লোৱা’, লালন পালন কৰা। শব্দৰ অৰ্থ হৈছে- ‘উন্নতি কৰা’, ‘বৃদ্ধি কৰা’ আৰু ‘Educatum’ শব্দৰ অৰ্থ হৈছে ‘শিক্ষাদান কার্য’।

S.NoBA 1st Semester Education solution – All Units
1শিক্ষাৰ ধাৰণা (Concept of Education)
2শিক্ষাৰ লক্ষ্যসমূহ (Aims of Education)
3পাঠ্যক্রম (Curriculum)
4অনুশাসন আৰু স্বাধীনতা (Discipline and Freedom)
5গণতন্ত্ৰ আৰু শিক্ষা (Democracy and Education)

2. শিক্ষাৰ সংকীর্ণ অর্থ কি?

Ans: সংকীর্ণ অর্থত শিক্ষা বুলিলে উদ্দেশ্য প্রণোদিতভাবে, নির্দিষ্ট সময়ৰ বাবে নির্দিষ্ট পাঠ্যক্ৰমৰ জ্ঞান দিয়াকে বুজায়। ইয়াৰ বাবে প্রয়োজন হয় সুপৰিকল্পিত শিক্ষণ পদ্ধতিৰ।

সংকীর্ণ অর্থত শিক্ষা মানে শিক্ষানুষ্ঠানৰ চাৰিবেৰৰ মাজত লাভ কৰা গতানুগতিক জ্ঞান আহৰণ কৰা কাৰ্য। এনে শিক্ষাই নিৰ্ধাৰিত পাঠ্যক্ৰম অনুসৰি পূর্ব পৰিকল্পিত নির্দিষ্ট উদ্দেশ্য, সময় সাপেক্ষে আৰু নিৰ্ধাৰিত গণ্ডীৰ ভিতৰত আৱদ্ধ শিক্ষাকে বুজায়।

3. শিক্ষাৰ ব্যাপক অর্থ কি?

Ans: ব্যাপক অর্থ, শিক্ষা হৈছে গোটেই জীৱন জুৰি চলি থকা অবিৰত প্রক্রিয়া। এনে শিক্ষা ব্যক্তি বিশেষৰ বা জীৱনৰ বিশেষ স্তৰত সীমাবদ্ধ নহয়। এনে শিক্ষা জন্মলগ্নৰে পৰা আৰম্ভ হয় আৰু মৃত্যুৰ আগলৈকে অবিৰামৰ গতিত চলি থাকে। যেনে বহল অর্থত ক’বলৈ গ’লে শিক্ষা হ’ল ব্যক্তিৰ গোটেই জীৱনত লাভকৰা বিভিন্ন অভিজ্ঞতাৰ সমষ্টিসমূহ।

4. আনুষ্ঠানিক শিক্ষা মানে কি?

Ans: কোনো নির্দিষ্ট লক্ষ্য আগত ৰাখি ছাত্র-ছাত্ৰীৰ আচৰণৰ পৰিৱৰ্তনৰ বাবে স্বতঃস্ফূর্ত আৰু পৰিকল্পিতভাৱে যি শিক্ষা প্রদান কৰা হয় তাকেই আনুষ্ঠানিক শিক্ষা বুলি ক’ব পাৰি। আনুষ্ঠানিক শিক্ষা, বিদ্যালয়, মহাবিদ্যালয় বা তেনে কোনো অনুষ্ঠানৰ জড়িয়তে দিয়া হয়। এই শিক্ষা ব্যৱস্থা সুপৰিকল্পিত আৰু উদ্দেশ্য প্রণোদিত। আনুষ্ঠানিক শিক্ষা পদ্ধতি নিৰ্ধাৰিত সময়সূচী, পাঠ্যক্রম, নীতি-নিয়ম আদিৰ দ্বাৰা নিয়ন্ত্রিত।

5. অনানুষ্ঠানিক শিক্ষা মানে কি?

Ans: অনানুষ্ঠানিক শিক্ষা আনুষ্ঠানিক শিক্ষাতকৈ বহল। এই শিক্ষা পূর্বপৰিকল্পিত নহয়। বিদ্যালয়, মহাবিদ্যালয় আদি শিক্ষানুষ্ঠানৰ বাহিৰত অন্যান্য উৎসৰ পৰা পৰোক্ষভাৱে লাভ কৰা শিক্ষাকে অনানুষ্ঠানিক শিক্ষা বুলি কোৱা হয়।

6. অগতানুগতিক শিক্ষা মানে কি?

Ans: যিসকল লোকে আনুষ্ঠানিক শিক্ষা গ্রহণ কৰিব নোৱাৰে তেওঁলোকৰ বাবে সুকীয়াকৈ শিক্ষাৰ ব্যৱস্থা কৰিব লাগে। কিছুমান শিক্ষার্থীয়ে শিক্ষা সমাপ্ত নকৰাকৈয়ে শিক্ষানুষ্ঠান পৰিত্যাগ কৰিব লগা হৈছে। এনেবোৰ ছাত্ৰ-ছাত্ৰীৰ বাবে চৰকাৰে ব্যৱস্থা কৰিছে। এক অনুকূল পৰিৱেশত কোনো নির্দিষ্ট লক্ষ্য আগত ৰাখি নিয়ম প্রণালী, নির্দিষ্ট পাঠ্যক্রম, নির্দিষ্ট শিক্ষা পদ্ধতি, নিৰ্ধাৰিত সময়সূচী, পৰীক্ষা ব্যৱস্থা, অনুশাসন আদিৰ জৰিয়তে শিক্ষার্থীক যি শিক্ষা প্রদান কৰা হয় তাকে অগতানুগতিক শিক্ষা বোলা হয়।

7. শিক্ষাৰ ব্যক্তিকেন্দ্রিক লক্ষ্য মানে কি?

Ans: ব্যক্তিৰ অন্তর্নিহিত গুণ আৰু সম্ভাৱনীয়তা সমূহৰ চৰম উৎকর্ষ সাধনেই শিক্ষাৰ লক্ষ্য হোৱাটোত বিশ্বাস কৰা হয়। মানুহক বিশ্বাসযোগ্য এক জৈৱিক অস্তিত্ব স্বৰূপে বিবেচনা কৰা হয়। এই লক্ষ্য অনুসৰি প্ৰতিজন লোকৰেই নিজ নিজ দেহ-মানসিক গুণ বা ক্ষমতা থাকে, যি আন এজন লোকতকৈ মূলতে পৃথক হয়। শিক্ষাই এই জন্মগত গুণসমূহৰ স্বাভাৱিক ৰূপত তাৰ পূৰ্ণ বিকাশ কৰি তুলিব লাগে। শিক্ষাৰ যোগেদি ব্যক্তি সত্ত্বাৰ বিকাশৰ বাবে এক প্রয়োজনীয় চর্ত হৈছে ব্যক্তি-স্বাধীনতা প্রদান কৰা। এক মুক্ত, স্বাধীন আৰু স্বতঃস্ফূর্ত শিক্ষা পৰিৱেশেহে ব্যক্তিৰ গুণ বা সম্ভাৱনীয়তা সমূহ তাৰ স্বাভাৱিক ৰূপত বিকাশৰ সুবিধা দিব পাৰে। ব্যক্তিয়ে নিজ ক্ৰিয়াৰ যোগেদি ব্যক্তি স্বাধীনতাৰ কাৰ্যকৰী ৰূপ দিব পাৰে। এনে ব্যক্তি স্বাধীনতাৰ অৱস্থাই মানুহক আত্ম উপলব্ধি আৰু তাত্বিক পূর্ণতা আনি দিব পাৰে। সেয়াই হৈছে শিক্ষাৰ ব্যক্তিকেন্দ্রিক লক্ষ্য।

► ৰচনাধৰ্মী প্রশ্নোত্তৰ:

1. শিক্ষা কি? শিক্ষাৰ ব্যাপক আৰু সংকীর্ণ অৰ্থৰ বিষয়ে চমুকৈ লিখা।

Ans: ‘শিক্ষা’ শব্দটোৰ তাৎপৰ্য বৰ বহল। প্রত্যেকেই শিক্ষাক বিভিন্ন দৃষ্টিকোণৰ পৰা বিচাৰ কৰি পৃথক পৃথক ধাৰণাৰ সৃষ্টি কৰে। কাৰোবাৰ বাবে শিক্ষা হৈছে অভিজ্ঞতা আহৰণ। অন্য এজন মতে, শিক্ষা হৈছে পৰিৱেশৰ লগত খাপ খাব পৰা ক্ষমতা। কোনোবাজনৰ মতে, হয়তো অন্তর্নিহিত মানসিক শক্তিকেই বিকশাই তোলাৰ কথা বুজোৱা হৈছে। শিক্ষা বুলিলে দেহ, মন আৰু আত্মাৰ সামূহিক বিকাশকে বুজা যায়। শিক্ষাৰ ব্যাপক অৰ্থত জন্মৰ পৰা মৃত্যুৰ আগমুহূর্তলৈ লাভকৰা প্ৰতিটো অভিজ্ঞতাকে অন্তর্ভুক্ত কৰা হৈছে।

সংকীর্ণ অর্থত শিক্ষা বুলিলে উদ্দেশ্য প্রণোদিতভাবে নির্দিষ্ট সময়ৰ বাবে নির্দিষ্ট পাঠ্যক্ৰমৰ জ্ঞান দিয়াকে বুজায়। ইয়াৰ বাবে প্রয়োজন হয় সুপৰিকল্পিত শিক্ষণ পদ্ধতিৰ। শিক্ষকে বিদ্যালয়ত শিশুক বিভিন্ন শিক্ষা দি সুঅভ্যাস গঠনত সহায় কৰাৰ উপৰি জীৱনৰ মূল্যবোধৰো শিক্ষা দিয়ে। বিদ্যালয়ত নির্দিষ্ট পাঠ্যক্রম, অনুশাসন, শিক্ষণ পদ্ধতি মানি চলা হয়। ছাত্ৰ-ছাত্ৰী সকলক পৰীক্ষাৰ মাধ্যমেৰে নম্বৰ বা গ্রেড দিয়া হয়। প্রচলিত সমাজৰ সাংস্কৃতিক ঐতিহ্যসমূহ ভবিষ্যৎ সমাজৰ উঠি অহা চামলৈ প্রেৰণ কৰাই হৈছে সংকীৰ্ণ অৰ্থত শিক্ষাৰ উদ্দেশ্য।

ব্যাপক অৰ্থত জন্মৰ পৰা মৃত্যুলৈকে এজন ব্যক্তিয়ে কৰা জ্ঞানকেই শিক্ষা বুলি কোৱা হয়। প্রত্যেক ব্যক্তিয়ে নিজৰ জীৱনৰ পৰাই শিক্ষা আহৰণ কৰে। বহল অর্থত শিক্ষা হ’ল- এক সামাজিক প্রক্রিয়া। সমাজৰ সকলো ধৰণৰ অনুষ্ঠানৰ লগত মানুহ জড়িত হৈ থাকে, সেয়েহে সমাজৰ লগত থকা ওতঃপ্রোত সম্বন্ধই এজন ব্যক্তিক শিক্ষিত কৰি তোলে। ব্যাপক অর্থত শিক্ষাক এজন ব্যক্তিৰ বিকাশ বুলি জনা যায়।

2. আনুষ্ঠানিক শিক্ষা কি? আনুষ্ঠানিক শিক্ষাৰ বৈশিষ্ট্য সমূহ উল্লেখ কৰা।

Ans: কোনো নির্দিষ্ট লক্ষ্য আগত ৰাখি ছাত্ৰ-ছাত্ৰীৰ আচৰণৰ পৰিৱৰ্তনৰ বাবে স্বতঃস্ফূর্ত আৰু পৰিকল্পিতভাৱে যি শিক্ষা প্রদান কৰা হয় তাকেই আনুষ্ঠানিক শিক্ষা বুলি ক’ব পাৰি।

আনুষ্ঠানিক শিক্ষাৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল:

(a) আনুষ্ঠানিক শিক্ষা এক সুনির্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰদান কৰা হয়। এই শিক্ষা পূর্বনির্ধাৰিত আৰু উদ্দেশ্যপ্রণোদিত।

(b) আনুষ্ঠানিক শিক্ষা এক নিৰ্ধাৰিত সময়ৰ বাবে প্ৰদান কৰা হয়। গতিকে শিক্ষাৰ পৰিসৰ নিৰ্ধাৰিত আৰু সীমাবদ্ধ।

(c) আনুষ্ঠানিক শিক্ষা খৰচী আৰু সামাজিকভাৱে স্বীকৃতিপ্রাপ্ত।

(d) ছাত্র-ছাত্ৰীয়ে লাভ কৰা শিক্ষণীয় জ্ঞান-অভিজ্ঞতাৰ অন্তত পৰীক্ষাৰ দ্বাৰা শৈক্ষিক কৃতিত্বৰ মূল্যাংকণ কৰা হয়।

(e) এনে ব্যৱস্থাত শিক্ষক-শিক্ষার্থী উভয়ে নিজ নিজ কাৰ্যৰ প্ৰতি সজাগ হৈ শিক্ষাৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’বলৈ চেষ্টা কৰিব লাগে।

(f) আনুষ্ঠানিক শিক্ষা স্কুলৰ চাৰিবেৰৰ মাজত আৱদ্ধ আৰু সেয়ে ইয়াত অনুশাসন বজাই ৰখাৰ বাবে কেতবোৰ নীতি-নিয়ম, আইন-শৃংখলা অনুসৰণ কৰা হয়।

Leave a comment