সংস্কৃতিৰ সংঘাত | AHSEC Class 11 History Chapter 8 Question Answer Assamese Medium 2025-2026 | Class 11 History Question Answer Assamese Medium | HS 1st Year History Solution | HS 1st Year History Chapter 8 Question Answer Assamese Medium | উচ্চতৰ মাধ্যমিক বুৰঞ্জী | Higher Secondary First Year History Very Important Notes
অষ্টম অধ্যায়
সংস্কৃতিৰ সংঘাত
অতি দৰকাৰী অতি চমু প্ৰশ্নোত্তৰ
প্রশ্ন ১: কেতিয়া পর্তুগীজ আৰু স্পেইনৰ ভ্ৰমণকাৰীসকলে দক্ষিণ আমেৰিকালৈ আহিছিল?
উত্তৰ : পর্তুগীজ আৰু স্পেইনৰ ভ্ৰমণকাৰীসকল ১৫শ আৰু ১৬শ শতিকাৰ ভিতৰত দক্ষিণ আমেৰিকালৈ আহিছিল।
প্রশ্ন ২: কলম্বাছ কোন আছিল?
উত্তৰ : কলম্বাছ এজন ইটালীৰ পৰিভ্ৰমণকাৰী আছিল। সেই সময়ৰ স্পেইনৰ সম্রাটে কলম্বাছক সাগৰীয় পথ আৱিষ্কাৰৰ কাৰণে পৃষ্ঠপোষকতা কৰিছিল। বাণিজ্য আৰু দাস ব্যৱসায় কৰাই আছিল স্পেইন ৰাজ্যৰ প্ৰধান উদ্দেশ্য।
প্রশ্ন ৩ : ইউৰোপীয়সকলে দক্ষিণ আমেৰিকালৈ ক’ৰ পৰা দাসসকলক আমদানি কৰিছিল?
উত্তৰ : ইউৰোপীয় বণিকসকলে আফ্রিকা মহাদেশৰ পৰা দাসবোৰ আমেৰিকালৈ ৰপ্তানি কৰিছিল।
প্রশ্ন ৪ : ইনকাসকলে দক্ষিণ আমেৰিকাৰ কোনখিনি অংশত শাসন চলাই আছিল?
উত্তৰ: ইনকাসকলে পেৰুৰ উপকূলীয় উচ্চভূমি অঞ্চল, ইকুৱেডৰৰ উচ্চ ভূমি অঞ্চল, উত্তৰ চিলি, বলিভিয়াৰ পশ্চিম অংশ আৰু আর্জেন্টিনাৰ উত্তৰ-পশ্চিম অঞ্চলত শাসন ব্যৱস্থা গঢ়ি তুলিছিল।
প্রশ্ন ৫: কেতিয়া পিজাৰুসকলে ইনকা সাম্রাজ্য দখল কৰিছিল?
উত্তৰ : ১৫৩২ খ্ৰীঃত পিজাৰুসকলে ইনকা সাম্রাজ্য দখল কৰিছিল।
প্রশ্ন ৬ : মন্টিজুমা (Montejuma) কোন আছিল?
উত্তৰ : আজটেকৰ ৰজা আছিল মন্টিজুমা।
প্রশ্ন ৭: স্পেইনে দখল কৰা দক্ষিণ আমেৰিকাৰ ঠাইবোৰৰ নাম উল্লেখ কৰা।
উত্তৰ : স্পেইনে দক্ষিণ আমেৰিকাত দখল কৰা ঠাইবোৰ হ’ল মেক্সিকো, গুৱাটিমালা, নিকাৰাগুৱা আৰু হন্দুৰাচ।
প্রশ্ন ৮ : পর্তুগীজসকলে দক্ষিণ আমেৰিকাৰ’ কোনখন গুৰুত্বপূৰ্ণ ঠাঁই দখল কৰিছিল?
উত্তৰ : ব্রাজিলখন দখল কৰিছিল।
প্রশ্ন ৯ : ব্রাজিল নামটো ক’ৰ পৰা আহিছে?
উত্তৰ : ব্রাজিলউড গছৰ পৰা ব্রাজিল নামটো আহিছে।
প্রশ্ন ১০: কেতিয়া আৰু ক’ত আজটেকৰ ৰাজধানী স্থাপন কৰা হৈছিল?
উত্তৰঃ ১৩২৬ খ্রীঃত টেনচটিটলান নামৰ ঠাইত আজটেকৰ ৰাজধানী স্থাপন কৰা হৈছিল।
প্রশ্ন ১১: ইনকা সাম্ৰাজ্যৰ ৰাজধানী ক’ত আছিল?
উত্তৰ: কুজকো নামৰ ঠাইত ৰাজধানী স্থাপন কৰিছিল।
প্রশ্ন ১২: আজটেক আৰু ইনকা সভ্যতাৰ এটি উমৈহতীয়া বৈশিষ্ট্যৰ কথা উল্লেখ কৰা।
উত্তৰ : এই বৈশিষ্ট্যটো হ’ল দুয়োটা সভ্যতাৰ সমাজ শ্ৰেণীবিভক্ত আছিল।
প্রশ্ন ১৩: কেতিয়া ইউৰোপীয়সকলে জলপথেদি যাত্ৰা আৰম্ভ কৰিছিল?
উত্তৰ: ১৩৮০ খ্ৰীঃৰ পৰা ইউৰোপীয়সকলে জলপথেদি যাত্ৰা আৰম্ভ কৰিছিল।
প্রশ্ন ১৪: স্পেনিছ আৰু পর্তুগীজসকলৰ ভৌগোলিক আৱিষ্কাৰৰ প্ৰধান উদ্দেশ্য কি আছিল?
উত্তৰ : ৰাজনৈতিক, অর্থনৈতিক আৰু ধর্মীয় দিশত আধিপত্য বিস্তাৰ কৰাই আছিল স্পেনিছ আৰু পর্তুগীজসকলৰ ভৌগোলিক আৱিষ্কাৰৰ মূল উদ্দেশ্য।
প্রশ্ন ১৫: কোন চনত তুর্কীসকলে কনষ্টান্টিনোপল জয় কৰিছিল?
উত্তৰ : ১৪৫৩ খ্ৰীঃত তুর্কীসকলে কনষ্টান্টিনোপল জয় কৰিছিল।
প্রশ্ন ১৬: কেতিয়া আৰু কাৰ দখলৰ পৰা পর্তুগালে স্বাধীনতা লাভ কৰিছিল?
উত্তৰ: ১১৩৯ খ্রীঃত স্পেইনৰ কৱলৰ পৰা পর্তুগালে স্বাধীনতা লাভ কৰিছিল।
প্রশ্ন ১৭: কোন চনত কলম্বাছে স্পেইনৰ সহযোগত সমুদ্র যাত্ৰা আৰম্ভ কৰিছিল?
উত্তৰ: ১৪৯২ খ্ৰীঃত কলম্বাছে স্পেইনৰ সহযোগত সমুদ্র যাত্ৰা আৰম্ভ কৰিছিল।
প্রশ্ন ১৮: আজটেক আৰু ইনকা সভ্যতা বর্তমানৰ কোন কোন দেশৰ অন্তর্ভুক্ত?
উত্তৰ : এই দুয়োটা সভ্যতা বৰ্তমানৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ অন্তৰ্ভুক্ত।
প্রশ্ন ১৯: কোন চনত আমেৰিকাই স্বাধীনতা লাভ কৰিছিল?
উত্তৰ: ১৭৭৬ চনত আমেৰিকাই স্বাধীনতা লাভ কৰিছিল।
প্রশ্ন ২০: লেটিন আমেৰিকাত কি কি দুটা ভাষাৰ প্ৰচলন আছে?
উত্তৰ: স্পেনিছ আৰু পর্তুগীজ হ’ল লেটিন আমেৰিকাৰ দুটা প্রধান ভাষা।
অতি দৰকাৰী চমু প্ৰশ্নোত্তৰ
প্রশ্ন ১ : ইউৰোপীয়সকলে কিয় সমুদ্র যাত্রালৈ মন মেলিছিল?
উত্তৰ : ইউৰোপীয়সকলৰ সমুদ্র যাত্ৰাৰ কেইটামান কাৰণ দেখা যায়।
(ক) নতুন ঠাই আৱিষ্কাৰৰ জৰিয়তে সোণ আৰু ৰূপৰ খনিৰ সন্ধান কৰিব বিচাৰিছিল।
(খ) নতুন ব্যৱসায়-বাণিজ্যৰ থলীৰ সন্ধান কৰিব বিচাৰিছিল।
(গ) ভৌগোলিক আৱিষ্কাৰৰ লগত ধৰ্মীয় দিশটোও জড়িত আছিল।
প্রশ্ন ২ : আজটেক আৰু ইনকা সভ্যতাৰ উমৈহতীয়া বৈশিষ্ট্যবোৰ উল্লেখ কৰা।
উত্তৰ : আজেটক আৰু ইনকা সভ্যতাৰ উমৈহতীয়া বৈশিষ্ট্যবোৰ হ’ল-
(ক) দুয়োটা সভ্যতা ইউৰোপীয় সভ্যতাতকৈ কিছু পৃথক আছিল।
(খ) ইউৰোপীয় সমাজৰ বিপৰীতে এই দুয়োটা সভ্যতাৰ সকলো মানুহৰ হাতত সম্পত্তিৰ অধিকাৰ আছিল। অর্থাৎ প্রত্যেকেই নিজৰ নিজৰ সম্পত্তি ভোগ কৰাৰ অধিকাৰ পাইছিল।
(গ) দুয়োটা সভ্যতাৰ লোকসকলে পুৰোহিতসকলক সম্মান কৰিছিল আৰু সোণ খোদিত মন্দিৰ নিৰ্মাণ কৰিছিল।
(ঘ) দুয়োটা সভ্যতাৰ লোকে ইউৰোপীয়সকলৰ দৰে সোণ আৰু ৰূপৰ মূল্য নুবুজিছিল।
প্রশ্ন ৩ : কি কি কাৰণৰ কাৰণে পর্তুগীজ আৰু স্পেইনীজসকলে সমুদ্র যাত্রা আৰম্ভ কৰিছিল?
উত্তৰ: (ক) সোণ আৰু মছলা আহৰণৰ কাৰণে দুয়োখন দেশে সমুদ্র যাত্ৰা আৰম্ভ কৰিছিল।
(খ) সামৰিক বিষয়ৰ জৰিয়তে স্পেইনৰ লোকসকল বীৰ হ’ব বিচাৰিছিল।
(গ) পর্তুগীজসকল মাছমৰা কাৰ্যত বৰ পাৰ্গত আছিল। সেয়ে সমুদ্র যাত্রাতো তেওঁলোকে অগ্রণী ভূমিকা গ্রহণ কৰিছিল।
(ঘ) দাস ব্যৱসায়ো আছিল দুয়োখন দেশৰ সাগৰীয় বিষয় অভিযানৰ অন্যতম কাৰণ।
(ঙ) ক্রছেড বা ধর্ম যুদ্ধৰ ফলত তুর্কীসকলে প্রাচ্যৰ ফালে অহা-যোৱা কৰা সাগৰীয়া পথ বন্ধ কৰি দিছিল। এনে অৱস্থাত প্রাচ্যৰ লগত ব্যৱসায়-বাণিজ্য কৰাৰ কাৰণে নতুন সাগৰীয় পথৰ সন্ধানৰ আৱশ্যকতা আহি পৰিছিল। এনে অৱস্থাৰ পৰিপ্ৰেক্ষিততে প্রথমে পর্তুগীজসকলে নতুন সাগৰীয় পথৰ আৱিষ্কাৰৰ কাৰণে অভিযানত নামি পৰিছিল।
প্রশ্ন ৪ : খ্ৰীষ্টফাৰ কলম্বাছৰ অভিযানৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: খ্ৰীষ্টফাৰ কলম্বাছ ইটালীৰ লোক আছিল। সেই সময়ৰ স্পেইনৰ সম্ৰাটৰ পৰা পৃষ্ঠপোষকতা লাভ কৰি ১৪৯২ খ্রীঃত তেওঁ সমুদ্র যাত্ৰা আৰম্ভ কৰিছিল। তেওঁ এই অভিযান পালছ বন্দৰৰ পৰা অজান সমুদ্রলৈ যাত্রা কৰিছিল।
তেওঁৰ দলটোত বেছি মানুহ নাছিল। ‘চান্টামেৰিয়া’ নামৰ এখন সৰু জাহাজ আৰু ‘পিণ্টা’ নামৰ দুখন পাতল জাহাজ লৈ তেওঁ যাত্ৰা আৰম্ভ কৰিছিল। চল্লিশজন সুদক্ষ নাৱিকৰ সহযোগত তেওঁ নিজে এই অভিযানৰ নেতৃত্ব দিছিল।
তেত্রিশদিন সমুদ্র যাত্রা চলাই গৈ থাকিও নাৱিকৰ দলটোৱে সাগৰ আৰু আকাশৰ বাহিৰে একো দেখা পোৱা নাছিল। সেয়ে নাৱিকসকল ঘূৰি আহিবলৈ ইচ্ছা কৰে। হঠাতে ১৪৯২ খ্রীঃৰ ১২ অক্টোবৰত তেওঁলোকে ভূ-পৃষ্ঠ বা মাটি দেখা পালে। এই ঠাইখিনিক কলম্বাছে ‘ইণ্ডিজ’ নাম দিয়ে। তেওঁ এইখিনি ঠাইক ভাৰতবৰ্ষ বুলি ভাবিছিল। কিন্তু পিছলৈ এইখিনি ঠায়ে বৰ্তমানৰ আমেৰিকা যুক্তৰাষ্ট্ৰ নামে পৰিচিত হয়। ইয়াতে কলম্বাছে এখন পতাকা পুতিলে। ঠিক ইয়াৰ ছয় বছৰ পিছত, অর্থাৎ ১৪৯৮ খ্রীঃত কলম্বাছে ভাৰতবৰ্ষ আৱিষ্কাৰ কৰে।
কলম্বাছে প্রথমে আৱিষ্কাৰ কৰা ঠাইখিনিক আমেৰিগো ভেচপুছি নামে এজন ফ্লোৰেন্সৰ ভূগোলবিদে ‘নতুন’ পৃথিৱী বুলি অভিহিত কৰিছিল। পিছলৈ তেওঁৰ নাম অনুসৰি ‘নতুন পৃথিৱী’ৰ নাম আমেৰিকা হিচাপে নামকৰণ কৰা হয়।
প্রশ্ন ৫ : বৰ্তমানৰ আমেৰিকা যুক্তৰাষ্ট্ৰখন কাৰ নামেৰে নামকৰণ কৰা হৈছিল? আমেৰিকা নামটো কোনে আৰু কেতিয়া আনুষ্ঠানিকভাৱে ব্যৱহাৰ কৰিছিল।
উত্তৰ: (ক) কলম্বাছে প্রথমে আৱিষ্কাৰ কৰা এইখিনিক আমেৰিগো ভেচপুছি নামে এজন ফ্লোৰেন্সৰ ভূগোলবিদে নতুন পৃথিৱী বুলি অভিহিত কৰিছিল। পিছলৈ তেওঁৰ নাম অনুসৰি নতুন পৃথিৱীৰ নাম আমেৰিকা হিচাপে নামকৰণ হয়।
(খ) আমেৰিকা নামটো প্রথমে ১৫০৭ চনত জার্মান প্রকাশক এজনে ব্যৱহাৰ কৰিছিল।
প্রশ্ন ৬: দক্ষিণ আমেৰিকাক বৰ্তমান কিয় লেটিন আমেৰিকা বুলিও জনা যায়।
উত্তৰ: দক্ষিণ আমেৰিকাক বৰ্তমান লেটিন আমেৰিকা বুলিও কয়। কাৰণ এই মহাদেশত দুটা প্রধান ভাষা স্পেনিছ আৰু পর্তুগীজ লেটিন ভাষা গোষ্ঠীৰ অংশ। ইয়াৰ উপৰি বাসিন্দাসকল আছিল প্রথমে গৈ থিতাপি লোৱা ইউৰোপীয়ানসকল (কেৱল বুলি জনা গৈছিল)। পিছত গৈ বাস কৰাসকল আৰু আফ্রিকান মূলৰ। তাৰ বেছিভাগ মানুহেই কেথলিক সম্প্ৰদায়ৰ লোক আছিল।
প্রশ্ন ৭ : ইণ্ডিজলৈ অহা সাগৰীয় পথটো কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল?
উত্তৰ: স্পেইনৰ ৰজাৰ অৰ্থসাহায্য লৈ খ্ৰীষ্টফাৰ কলম্বাছ নামৰ এজন ইটালীৰ লোকে ১৪৯২ খ্রীঃত ইণ্ডিজলৈ অহা সাগৰীয় পথটো আৱিষ্কাৰ কৰিছিল।
প্রশ্ন ৮ : কুইপা (Quipa) বুলিলে কি বুজা?
উত্তৰ: কৃষিয়ে আছিল ইনকা সভ্যতাৰ প্ৰধান জীৱিকা। গতিকে তেওঁলোক লিখা- পঢ়াত সিমান আগবঢ়া নাছিল। সেয়ে হিচাপ ৰখাৰ কাৰণে তেওঁলোকে এক পদ্ধতি অৱলম্বন কৰিছিল। এই হিচাপ ৰখা পদ্ধতিকে কুইপা বুলি জনা যায়। এই পদ্ধতি অনুসৰি তেওঁলোকে ৰছী বা জড়িত গাঁঠি দি দি হিচাপ ৰাখিছিল। পণ্ডিতসকলৰ মত অনুসৰি সূতা গাঁথি ইনকাসকলে কিছুমান বিধিও (Code) তৈয়াৰ কৰি লৈছিল।
প্রশ্ন ৯ : আজটেক আৰু ইনকাসকলৰ লগত ইউৰোপীয়সকলৰ কি পার্থক্য লক্ষ্য কৰা যায়?
উত্তৰ : আজটেক আৰু ইনকাসকলৰ লগত ইউৰোপীয়সকলৰ কিছু পার্থক্য লক্ষ্য কৰা যায়। যেনে-
(ক) আজটেক আৰু ইনকা সভ্যতা প্রাচীন হোৱাৰ বিপৰীতে ইউৰোপীয়সকল আছিল আধুনিক সভ্যতাৰ যুগৰ।
(খ) ইউৰোপীয় শাসন ব্যৱস্থা বংশানুক্রমিক হোৱাৰ বিপৰীতে আজটেক আৰু ইনকা সভ্যতাক পৰিচালিত কৰা তেনে কোনো বংশানুক্রমিক ৰাজবংশৰ শাসন দেখা নাযায়।
(গ) ইউৰোপীয়সকলৰ মাজত সোণ আৰু ৰূপৰ মূল্য অধিক হোৱাৰ বিপৰীতে এই দুই সভ্যতাৰ লোকে সোণ আৰু ৰূপৰ মূল্যৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা নাছিল।
প্রশ্ন ১০ : ‘চকুপানীৰ ৰাতি’ বুলিলে কি বুজা?
উত্তৰ: আজটেক আৰু স্পেনিয়াৰ্ডৰ লগত যুদ্ধ চলি থকাৰ সময়ত আজটেকসকলৰ দৃশ কুংকুইষ্টেডৰ আৰু ট্রেক্ৰালান সেনাক হত্যা কৰা হৈছিল। এই ঘটনাকে ‘চকুপানীৰ ৰাতি’ বুলি জনা গৈছিল।
প্রশ্ন ১১ : আৱিষ্কাৰৰ যুগ বুলিলে কি বুজা?
উত্তৰ : সাগৰীয় পথৰ আৱিষ্কাৰৰ লগতে নতুন নতুন দেশ আৱিষ্কাৰ হোৱাৰ সময়খিনিকে আধুনিক বিশ্ব ইতিহাসত আৱিষ্কাৰৰ যুগ বুলি কোৱা হয়। পোন্ধৰ শতিকাৰ শেষৰ বছৰটোৰ পৰা আৰম্ভ কৰি ষোল্ল শতিকাৰ আৰম্ভণিৰ সময়ছোৱাক সাধাৰণতে আৱিষ্কাৰৰ যুগ বা সময় বুলি ধৰা হয়।
প্রশ্ন ১২: ক্ৰছেডৰ স্মৃতি বা সামৰিক বিজয় (Reconquista) বুলিলে কি বুজা?
উত্তৰ: ক্ৰছেডৰ স্মৃতি বা সামৰিক বিষয় বুলিলে ধর্মযুদ্ধৰ কথাকে সোঁৱৰাই দিয়ে। এই ক্ৰছেড বা ধৰ্ম যুদ্ধৰ স্মৃতিয়েও স্পেইনৰ বহু ব্যক্তিক সাগৰৰ বীৰ হোৱাৰ কাৰণে উৎসাহিত কৰিছিল। স্পেইনৰ সম্রাটে জয় কৰা ৰাজ্যবিলাকৰ ওপৰত অধিকাৰ দাবী কৰিলে আৰু অভিযানৰ নেতাসকলক উপাধি আৰু জয় কৰা ঠাই শাসন কৰিবলৈ দি পুৰস্কৃত কৰিলে।
অতি দৰকাৰী ৰচনাধৰ্মী প্রশ্নোত্তৰ
প্রশ্ন ১ : পঞ্চদশ শতিকাত পোন প্রথমে স্পেইন আৰু পর্তুগালে আটলান্টিক মহাসাগৰ পাৰ হৈ এই দুঃসাহসিক অভিযান আৰম্ভ কৰাৰ কাৰণবোৰ কি কি?
উত্তৰ : সমুদ্র যাত্ৰাৰ দিশত প্রথম পদক্ষেপ লোৱা ইউৰোপৰ প্ৰধান দুখন দেশ হ’ল পর্তুগাল আৰু স্পেইন। তেওঁলোকে সমুদ্রা যাত্ৰা আৰম্ভ কৰাৰ কেইটামান কাৰণ লক্ষ্য কৰা যায়। এই কাৰণকেইটা হ’ল ৰাজনৈতিক, অর্থনৈতিক আৰু ধর্মীয়।
ৰাজনৈতিক কাৰণ: ৰাজনৈতিক কাৰণত পর্তুগালে সমুদ্র অভিযান আৰম্ভ কৰাৰ প্রমাণ পোৱা যায়। পর্তুগাল এখন সৰু দেশ আছিল। ১১৩৯ খ্রীঃত তেওঁলোক স্পেইনৰ কৱলৰ পৰা স্বাধীনতা লাভ কৰিছিল। আনহাতে, পর্তুগীজসকল সাগৰত মাহ মৰা কাৰ্যত পাৰ্গত আছিল। এনে কাৰ্যৰ দ্বাৰা উৎসাহিত হৈ ১৪১৫ খ্রীঃত পর্তুগালব ৰাজকোঁৱৰ হেনৰীয়ে কিউটা আক্রমণ কৰে। ইয়াৰ উপৰি এনে আক্ৰমণৰ জৰিয়তে তেওঁলোকে আফ্রিকাৰ বজাডোৰ অন্তৰীপত বাণিজ্য কেন্দ্ৰ স্থাপন কৰি নিজৰ ৰাজনৈতিক আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল।
অর্থনৈতিক কাৰণ: সমুদ্র যাত্রা অভিযানত অর্থনৈতিক কাৰণটোও জড়িত আছিল কাৰণ চতুৰ্দশ শতিকাৰ পৰা আৰম্ভ কৰি পঞ্চদশ শতিকাৰ মাজভাগলৈ ইউৰোপৰ অর্থনীতি অতি শোচনীয় হৈ পৰিছিল, ব্যৱসায়-বাণিজ্য মন্থৰ হৈ পৰিছিল। মুদ্রা তৈয়াৰ কৰাৰ কাৰণে ইউৰোপৰ দেশসমূহৰ মাজত সোণ-ৰূপৰো নাটনি হৈছিল। ইয়াৰ উপৰি ধর্মযুদ্ধ বা ক্রুছেদ যুদ্ধৰ ফলত ইউৰোপৰ অর্থনীতি একেবাৰে দুৰ্বল হৈ পৰিছিল। সেয়ে অর্থনীতি টনকিয়াল কৰাৰ কাৰণে এটা নতুন দিশ বিচাৰি ইউৰোপীয়সকলে সমুদ্র যাত্রা আৰম্ভ কৰিছিল।
ধর্মীয় কাৰণ: সমুদ্র যাত্ৰাৰ লগত ধর্মীয় দিশটোও জড়িত হৈ আছিল। কাৰণ নতুন ঠাই আৱিষ্কাৰ কৰিলে বহুতো মানুহক খ্রীষ্টান ধৰ্মলৈ নিব পৰা যাব বুলি ইউরোপীয়সকলে ভাবিছিল। আৰু এই সম্ভাৱনাই তেওঁলোকক নতুন ঠাই অধিকাৰ কৰৰ কাৰণে অনুপ্রাণিত কৰিছিল। উল্লেখযোগ্য যে সমুদ্র অভিযানকাৰীসকলৰাধিকাৰ বহুতো খ্ৰীষ্টান ধৰ্মৰ ধৰ্ম প্ৰচাৰক বা পুৰোহিত শ্ৰেণীও গৈছিল।
প্রশ্ন ২ : কেনেধৰণৰ নতুন খাদ্যসম্ভাৰ দক্ষিণে আমেৰিকাৰ পৰা পৃথিৱীৰ অন্যান্য ঠাইলৈ অনা হৈছিল?
উত্তৰ : আমেৰিকা আৱিষ্কাৰৰ পিছত বিশেষকৈ দক্ষিণ আমেৰিকাৰ পৰা বহুতো ধৰণৰ খাদ্যসামগ্ৰী পৃথিৱীৰ অন্যান্য ঠাইলৈ আমদানি কৰা হৈছিল। দক্ষিণ আমেৰিকাত ধঁপাত, আলু, কুঁহিয়াৰ, ককোয়া, ৰবৰ আদি সামগ্ৰীবোৰ উৎপাদন হৈছিল। এই সামগ্ৰীসমূহ অতি কম সময়ৰ ভিতৰত ইউৰোপীয় জনসাধাৰণৰ কাৰণে জনপ্রিয় হৈ পৰিল। আমেৰিকাৰ পৰা আমদানি কৰা আলু আৰু জলকীয়া ইউৰোপীয়সকলৰ মাজত অতি জনপ্ৰিয় হৈ পৰে। ইয়াৰ উপৰি ইউৰোপৰ অন্যান্য ঠাইৰ লগতে ভাৰততো এনে সামগ্ৰীৰ চাহিদা বৃদ্ধি পায়।
প্রশ্ন ৩ : আজটেক সভ্যতাৰ বিষয়ে চমুকৈ আলোচনা কৰা।
উত্তৰ : বৰ্তমানৰ আমেৰিকা যুক্তৰাষ্ট্ৰত মধ্যযুগত আজটেক সভ্যতা গঢ়ি উঠিছিল।
তেওঁলোকে উত্তৰৰ মেক্সিকোৰ পৰা মধ্য আমেৰিকাৰ উপত্যকালৈ স্থানান্তৰিত হৈছিল। সেই সময়ৰ অন্যান্য জাতিক পৰাস্ত কৰি তেওঁলোকে নিজৰ সাম্ৰাজ্যৰ পৰিসৰ বৃদ্ধি কৰিছিল।
আজটেক সমাজ প্রধানতঃ দুটা ভাগত বিভক্ত আছিল। অভিজাত শ্ৰেণী আৰু পুৰোহিত শ্ৰেণী। সমাজত পুৰোহিত শ্ৰেণী আৰু অভিজাত শ্রেণীয়ে মুখ্য ভূমিকা গ্রহণ কৰিছিল। তেওঁলোকে চৰকাৰ আৰু সৈন্য বিভাগ গঠন হৈছিল।
অভিজাতসকলৰ মাজৰ পৰা নেতা বাছি লৈছিল। এই নেতাজনে মৃত্যুৰ আগলৈ শাসন কৰিছিল। ৰজাজনক পৃথিৱীত সূৰ্যৰ প্রতিনিধি হিচাপে বিবেচনা কৰা হৈছিল। যোদ্ধা, পুৰোহিত, সম্ভ্রান্ত লোকসকলেই সমাজৰ আটাইতকৈ সন্মানীয় ব্যক্তি হিচাপে পৰিগণিত হৈছিল। ব্যৱসায়ীসকলে চৰকাৰৰ দূত আৰু চোৰাংচোৱা হিচাপে কাম কৰিছিল। প্ৰতিভাৱান শিল্পী, চিকিৎসক আৰু শিক্ষকসকলো সমাজৰ সন্মানীয় ব্যক্তি আছিল।
আজটেকসকলৰ মাটিৰ পৰিমাণ কম আছিল। সেয়ে তেওঁলোকে কৃত্রিমভাবে দ্বীপ তৈয়াৰ কৰিছিল আৰু এই কৃত্রিম দ্বীপৰ ওপৰতে ৰাজধানী চহৰ টেলচটিটলান নির্মাণ কৰিছিল।
আজটেক সভ্যতা গ্রাম্য সভ্যতা আছিল, এই গাঁওসমূহত নানাধৰণৰ খেতি-বাতি কৰা হৈছিল। অৱশ্যে মাটি কাৰো ব্যক্তিগত সম্পত্তি নাছিল। মাটিৰ গৰাকী আছিল দেশখন বা চৰকাৰ। সমাজত দাস প্রথাৰ প্ৰচলনৰ কথা জনা যায়।
পুৰুষসকলক শিক্ষা গ্ৰহণৰ সুবিধা দিয়া হৈছিল। শিক্ষানুষ্ঠানবোৰক ‘কেলমেক’ বোলা হৈছিল। ছোৱালীবিলাক শিক্ষানুষ্ঠানলৈ যোৱা নাছিল যদিও ঘৰুৱা কাম-কাজত তেওঁলোক অতি পাকৈত আছিল। পিছত ষোড়শ শতিকাৰ প্ৰথম ভাগত আজটেক সভ্যতাৰ পতন ঘটে।
প্রশ্ন ৪ : দক্ষিণ আমেৰিকা আৱিষ্কাৰে ইউৰোপৰ ঔপনিৱেশিক বিস্তাৰক কেনেকৈ আগুৱাই নিছিল?
উত্তৰ : কলম্বাছৰ আমেৰিকা আৱিষ্কাৰৰ লগে লগে ইউৰোপৰ দেশসমূহে ঔপনিৱেশিক সাম্রাজ্য প্রতিষ্ঠাৰ দিশত আগবাঢ়ে। পিছত পর্যায়ক্রমে পর্তুগীজসকলে দক্ষিণ আমেৰিকাৰ লগতে এছিয়া মহাদেশৰ ওপৰতো আধিপত্য স্থাপনৰ কাৰণে প্রচেষ্টা চলায়।
পর্তুগীজসকলৰ পিছত স্পেইনে দক্ষিণ আমেৰিকাৰ লগত বিশ্বৰ বিভিন্ন প্রান্তত উপনিৱেশ স্থাপনৰ কাৰণে প্রচেষ্টা হাতত লয়। স্পেনিছসকলে বৰ্তমানৰ আর্জেন্টিনা, প্রশান্ত মহাসাগৰৰ ফিলিপাইন দ্বীপপুঞ্জ, মধ্য আমেৰিকাৰ নিকাৰাগুৱা, পেৰু আদি ঠাইসমূহ দখল কৰে। ১৭০০ খ্ৰীঃৰ ভিতৰত স্পেইনৰ উপনিৱেশ স্থাপনৰ প্রক্রিয়া উচ্চ শিখৰ পায়গৈ।
ঠিক তেনেদৰে ওলন্দাজসকলে দক্ষিণ আমেৰিকাত উপনিৱেশ স্থাপনৰ কাৰণে প্রচেষ্টা হাতত লয়। তেওঁলোকে প্রশান্ত মহাসাগৰৰ দ্বীপ জাভাৰ বাণ্টামত, জাকার্টা, ব্রাজিল আদিত নিজৰ ঔপনিৱেশিক সাম্রাজ্য স্থাপন কৰে। ইয়াৰ উপৰি চীন, জাপান, ভাৰতবৰ্ষ, শ্রীলংকা, পাৰস্য আদি এছিয়াৰ দেশসমূহৰ লগতো ওলন্দাজসকলে ঔপনিৱেশিক আধিপত্য স্থাপন কৰিবলৈ সক্ষম হৈছিল।
ঔপনিৱেশিক সাম্রাজ্য স্থাপনৰ দিশত ইংৰাজসকল আছিল অতি উল্লেখযোগ্য।
তেওঁলোকেই পিছলৈ আমেৰিকাত একক আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। ইংৰাজসকলেই আমেৰিকাত তেৰখন ঔপনিৱেশ স্থাপন কৰি সম্পূৰ্ণৰূপে নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰি ইংৰাজসকলে সমগ্র এছিয়া মহাদেশতো নিজৰ ঔপনিৱেশিক আধিপত্য প্রতিষ্ঠা কৰাত সফল হৈছিল।