সাম্রাজ্য | AHSEC Class 11 History Chapter 3 Question Answer Assamese Medium 2025-2026 | Class 11 History Question Answer Assamese Medium | HS 1st Year History Solution | HS 1st Year History Chapter 3 Question Answer Assamese Medium | উচ্চতৰ মাধ্যমিক বুৰঞ্জী | Higher Secondary First Year History Very Important Notes

সাম্রাজ্য | AHSEC Class 11 History Chapter 3 Question Answer Assamese Medium 2025-2026 | Class 11 History Question Answer Assamese Medium | HS 1st Year History Solution | HS 1st Year History Chapter 3 Question Answer Assamese Medium | উচ্চতৰ মাধ্যমিক বুৰঞ্জী | Higher Secondary First Year History Very Important Notes
তৃতীয় অধ্যায়

সাম্রাজ্য

অতি দৰকাৰী অতি চমু প্ৰশ্নোত্তৰ

প্রশ্ন ১: পাপিৰাছ কি?

উত্তৰ : পাপিৰাছ হ’ল ইজিপ্তৰ নীল নদী উপত্যকাত উৎপন্ন হোৱা এবিধ ইকৰা জাতীয় উদ্ভিদ।

প্রশ্ন ২ : ৬৩০ খ্রীঃলৈ উত্তৰ আফ্ৰিকা আৰু মধ্য প্রাচ্যৰ ভূখণ্ডত শাসন ব্যৱস্থা চলোৱা দুখন সাম্রাজ্য নাম লিখা।

উত্তৰ : এই দুখন সাম্রাজ্য হ’ল ৰোমান সাম্রাজ্য আৰু ইৰাণী সাম্রাজ্য।

প্রশ্ন ৩ : ইউৰোপ আৰু আফ্রিকা মহাদেশক ভাগ কৰা সাগৰটোৰ নাম কি?

উত্তৰ : এই সাগৰটো হ’ল ভূ-মধ্য সাগৰ।

প্রশ্ন ৪ : ৰোমান সাম্ৰাজ্যৰ সীমা নিৰ্দ্ধাৰণ কৰা নদী দুটাৰ নাম লিখা।

উত্তৰ : ৰাইন আৰু ডানিউব নদীয়ে ৰোমান সাম্ৰাজ্যৰ সীমা নিৰ্দ্ধাৰণ কৰিছিল।

প্রশ্ন ৫ : ৰোমান সাম্ৰাজ্যৰ প্ৰথম সম্রাটজনৰ নাম লিখা।

উত্তৰ: আগাষ্টাছ হ’ল ৰোমান সাম্ৰাজ্যৰ প্ৰথমজন সম্রাট।

প্রশ্ন ৬ : ৰোমান সাম্ৰাজ্যৰ সংসদৰ নাম কি আছিল?

উত্তৰ: চিনেট আছিল ৰোমান সাম্ৰাজ্যৰ সংসদৰ নাম।

প্রশ্ন ৭ : ৰোমানসকলে কাক ‘বৰ্বৰ’ বুলি আখ্যা দিছিল?

উত্তৰ: বিদেশী বা আভ্যন্তৰীণ আক্রমণকাৰী সকলক।

প্রশ্ন ৮: ‘Natural History’ৰ লেখক কোন?

উত্তৰ: জ্যেষ্ঠ প্লিনিয়ে ‘Natural History’ খন লিখিছিল।

প্রশ্ন ৯: ৰোমান সমাজ ব্যবস্থা কেইটা ভাগত বিভক্ত আছিল?

উত্তৰ: ৰোমান সমাজ ব্যৱস্থা প্রধানকৈ ছয়টা ভাগত বিভক্ত আছিল।

প্রশ্ন ১০: কোন সময়ছোৱাক ৰোমান যুগৰ শেষ কালছোৱা বুলি কোৱা হয়।

উত্তৰ : চতুৰ্থ শতাব্দীৰ পৰা সপ্তম শতাব্দীৰ এই সময়ছোৱাক ৰোমান যুগৰ শেষ কালছোৱা বুলি কোৱা হয়।

প্রশ্ন ১১ : ডায়োক্লেটিয়াৰ ৰাজত্ব কালৰ সময়ছোৱা কিমান আছিল?

উত্তৰ : ২৮৪-৩০৫ খ্ৰীঃৰ সময়ছোৱা আছিল ডায়োক্লেটিয়াৰ ৰাজত্ব কালৰ সময়ছোৱা।

প্রশ্ন ১২ : ৰোমান সাম্ৰাজ্যৰ কোন ৰজাই কনষ্টান্টিনোপলত দ্বিতীয়খন ৰাজধানী প্রতিষ্ঠা কৰিছিল?

উত্তৰ : ডায়োক্লেটিয়ামে কনষ্টান্টিনোপলত দ্বিতীয়খন ৰাজধানী প্ৰতিষ্ঠা কৰিছিল।

প্রশ্ন ১৩: কনষ্টান্টিনোপলৰ বৰ্তমানৰ নাম কি?

উত্তৰ: তুৰস্কত কনষ্টান্টিনোপলক বর্তমানে ইষ্টানবুল নামে জনা যায়।

প্রশ্ন ১৪: ‘জুডাইজিম’ বুলিলে কি বুজা?

উত্তৰ: জুডাইজিম হ’ল ইহুদীসকলৰ উপাসনা বিধি।

প্রশ্ন ১৫: আগাষ্টাছৰ পূৰ্বৰ নাম কি আছিল?

উত্তৰ: আক্টাভিয়ান আছিল আগষ্টাছৰ পূৰ্বৰ নাম।

অতি দৰকাৰী চমু প্ৰশ্নোত্তৰ

প্রশ্ন ১ : পাপিৰাচ কি?

উত্তৰ: পাপিৰাচ হ’ল ইজিপ্তৰ নীল নদী উপত্যকাত উৎপন্ন হোৱা ইকৰা জাতীয় এবিধ উদ্ভিদ। এই উদ্ভিদৰ পৰা এবিধ লিখন সমল তৈয়াৰ কৰা হৈছিল। আৰু লিখন সমল দৈনন্দিন জীৱনত ব্যাপক হাৰত ব্যৱহাৰ কৰা হৈছিল। হাজাৰ হাজাৰ চুক্তি-পত্ৰ, হিচাপ-নিকাচ, চিঠি-পত্র, চৰকাৰী নথি আদি পেপিৰাচৰ মাধ্যমত বর্তি আছিল। এই বিলাক ‘পেপিৰোলোজিষ্ট’ নামে পণ্ডিতসকলে প্রকাশ কৰি উলিয়াইছিল।

প্রশ্ন ২: ৰোমান বুৰঞ্জী অধ্যয়নৰ কাৰণে কি কি সমল পোৱা যায়? সেই সমল কেইটা কি কি?

উত্তৰ: ৰোমান বুৰঞ্জী বা ইতিহাস অধ্যয়নৰ কাৰণ প্ৰধানকৈ তিনিটা উৎস বা সমল পোৱা যায়। সেই সমলকেইটা হ’ল (ক) লিখিত তথা পাঠ কেন্দ্রীক সমল (খ) নথি-পত্ৰ আৰু (গ) ভগ্নাৱশেষ।

প্রশ্ন ৩ : ৰোমান সাম্ৰাজ্যৰ সীমা কেনে ধৰণৰ আছিল?

উত্তৰ : দুটা নদীয়ে উত্তৰ ফালে ৰোমান সাম্ৰাজ্যৰ সীমা নিৰ্দ্ধাৰণ কৰিছিল। এই নদী দুটা হ’ল ৰাইন আৰু ডানিউব। আনহাতে, দক্ষিণে আছিল বিশাল চাহাৰা মৰুভূমি।

এই বিশাল ভূমিখণ্ডই আছিল বোমান সাম্রাজ্য।

প্রশ্ন ৪: ৰোমান সাম্ৰাজ্যখনক কেইটা যুগত ভাগ কৰিছে? এই ভাগ কেইটা কি কি?

উত্তৰ: খ্ৰীষ্টীয় তৃতীয় শতিকাত ৰোমান সাম্রাজ্যখনক দুটা ভাগত ভাগ কৰিছিল। এই ভাগ দুটা হ’ল- আদি ভাগ আৰু শেষৰ ভাগ।

প্রথমৰ পৰা তৃতীয় খ্ৰীষ্টাব্দলৈ এই সময়খিনিক আদি সাম্ৰাজ্যৰ যুগ বুলি কোৱা হৈছিল। আনহাতে, তৃতীয় খ্ৰীষ্টাব্দৰ পৰা শেষৰ সময়লৈ এই সময়খিনিক ‘শেষৰ সাম্রাজ্য’ বুলি কোৱা হৈছিল।

প্রশ্ন ৫ : ৰোমান যুগৰ সংসদ বা চিনেটৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ: চিনেট হ’ল ৰোমান যুগৰ সংসদীয় ব্যৱস্থা। ৰজাৰ ক্ষমতা চিনেটে নিয়ন্ত্রণ কৰিছিল। এই চিনেটেই ৰোমান যুগৰ শাসন ব্যৱস্থা নিয়ন্ত্ৰণ কৰিছিল। শ শ বছৰ ধৰি এই চিনেটে ৰোমান শাসন ব্যৱস্থা পৰিচালনা কৰিছিল।

চিনেট সভা অভিজাত শ্ৰেণীৰ লোকৰ দ্বাৰা গঠিত হৈছিল। অর্থাৎ চিনেটে অভিজাত শ্ৰেণীৰ লোককহে প্রতিনিধিত্ব কৰিছিল। ৰোমান ইতিহাসৰ গ্ৰন্থসমূহ চিনেটৰ প্রাক্তন সদস্যসকলে লিখিছিল। চিনেটৰ আস্থাৰ ওপৰতে এজন শাসককৰ্তাৰ ভাগা নিৰূপণ কৰিছিল। অর্থাৎ চিনেটক অৱমননা কৰাৰ পৰা সম্রাটসকল বিৰত আছিল।

প্রশ্ন ৬ : ৰোমান সাম্ৰাজ্যৰ সেনা বাহিনীৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ : ক্ষমতাৰ পিনৰ পৰা সম্রাট আৰু চিনেটৰ পিছতেই স্থান লাভ কৰিছিল। দেশৰ সেনা বাহিনীয়ে ৰোমান সাম্ৰাজ্যৰ সেনা বাহিনী আছিল বেতনভোগী বৃত্তিজীৱিৰ লোক। গতিকে তেওঁলোকে অতি কমেও ২৫ বছৰ কাল দেশৰ সেৱাৰ বাবে কাম কৰিব লাগিছিল। অৱশ্যে সেনাবাহিনীৰ লোকসকলে উন্নত সা-সুবিধা আৰু উচ্চ বেতনৰ দাবীত সততে আন্দোলনৰ লগত জড়িত হৈ পৰিছিল। মাজে মাজে সেনাধ্যক বা সম্ৰাটৰ দ্বাৰা অপমানিত হোৱাৰ বিষয়ক লৈ সেনা বাহিনীত সামৰিক বিদ্রোহো সংঘটিত হৈছিল।

চিনেট সভাৰ লগতো সামৰিক বাহিনীৰ সদভাব নাছিল। কাৰণ চিনেট সভাই সত্যত সামৰিক বাহিনীক ঘৃণা আৰু ভয় কৰিছিল। কাৰণ সেনা বাহিনী আছিল সাম্রাজ্যত সততে সংঘটিত আৰু অনাকাংক্ষিত হিংস্রতাৰ আধাৰ আৰু উৎস। আনহাতে, সেনা বাহিনীৰ ক্ৰমবর্ধমান খৰচৰ জোৰা মৰাৰ কাৰণে খ্ৰীষ্ট্ৰীয় তৃতীয় শতিকাত চৰকাৰে খাজনাৰ পৰিমাণ বহু পৰিমাণে বৃদ্ধি কৰিছিল। ফলত দেশত এক ভয়ানক পৰিস্থিতিৰ সূচনা হৈছিল। ৰজা আৰু সামৰিক বাহিনীৰ মাজত হোৱা মতভেদৰ ফলস্বৰূপে মাজে সময়ে ৰোমান যুগত গৃহযুদ্ধৰ সূচনা হোৱাৰো উদাহৰণ দেখা যায়।

প্রশ্ন ৭ : ৰোমান সাম্ৰাজ্যৰ ৰাজনৈতিক ইতিহাসত কোন তিনিটা প্রধান চালিকা শক্তি আছিল?

অথবা

কোন কেইটা শ্রেণীক ৰোমান সাম্ৰাজ্যৰ ৰাজনৈতিক ইতিহাসৰ প্ৰধান নির্ণায়ক বা ‘খেলুৱৈ’ বুলি কোৱা হৈছিল?

উত্তৰ: ৰোমান সাম্ৰাজ্যৰ ৰাজনৈতিক ইতিহাসৰ প্ৰধান নির্ণায়ক বা খেলুৱৈ বুলি সাধাৰণতে সম্রাট, অভিজাত শ্ৰেণী আৰু সামৰিক বাহিনী-এই তিনিওটাকে কোৱা হৈছিল।

প্রশ্ন ৮ : ৰোমান সাম্ৰাজ্যৰ প্ৰধান চালিক শক্তি তিনিটাৰ নাম উল্লেখ কৰি প্রত্যেকৰে বিষয়ে চমুকৈ লিখা। কাৰ সহযোগিতা এই ক্ষেত্রত উল্লেখযোগ্য আছিল?

উত্তৰ: ৰোমান সাম্ৰাজ্যৰ প্ৰধান চালিক শক্তি আছিল সম্রাট, অভিজাত শ্রেণী আৰু সামৰিক বাহিনী।

সম্রাট: সম্রাটজন আছিল ৰোমান যুগৰ শাসন ব্যৱস্থাৰ প্ৰধান গৰাকী। তেওঁৰ নীতি-নির্দেশনা মতে দেশৰ শাসন কাৰ্য পৰিচালনা হৈছিল। অৱশ্যে চিনেট সভাই সম্ৰাটৰ কাম-কাজবোৰ নিয়ন্ত্ৰণ কৰিছিল।

অভিজাত শ্ৰেণী: ৰজাৰ পিছতে সমাজত অভিজাত শ্রেণীটোৱে আসন লাভ কৰিছিল। উল্লেখযোগ্য যে চিনেট সভা অভিজাত শ্ৰেণীৰ লোকক লৈ গঠিত হৈছিল। শাসন কার্যত এই অভিজাত শ্রেণীটোয়েও গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল।

সামৰিক বাহিনী: সামৰিক বাহিনী আছিল দেশৰ প্ৰশাসনীয় ব্যৱস্থাৰ অন্যতম কাণ্ডাৰী স্বৰূপ। সামৰিক বাহিনীৰ লোকসকল চৰকাৰৰ বেতনভোগী কৰ্মচাৰী আছিল। সেয়ে দেশৰ প্রয়োজনীয় স্বার্থত তেওঁলোকে প্রয়োজন অনুসৰি সেৱা আগবঢ়াবলৈ বাধ্য থাকিব লাগিছিল। উচ্চ বেতন আৰু সা-সুবিধাৰ দাবীত সেয়ে তেওঁলোকে, চৰকাৰৰ বিৰুদ্ধে মাজে-সময়ে বিদ্রোহী হৈ পৰাৰো উদাহৰণ পোৱা যায়।

দেশ প্রশাসনৰ ক্ষেত্ৰত সম্রাটে প্রধানকৈ সামৰিক বাহিনীৰ সহযোগিতা বিচাৰিবলৈ বাধ্য হৈছিল। কাৰণ সামৰিক বাহিনীৰ সহযোগ অবিহনে সম্রাটৰ পক্ষে দেশ শাসন কৰাটো সহজসাধ্য নাছিল।

প্রশ্ন ৯ : তৃতীয় শতাব্দীত ৰোমান সাম্রাজ্যই কিয় সংকটৰ সন্মুখীন হ’ব লগা হৈছিল।

উত্তৰ: তৃতীয় শতাব্দীত ৰোমান সাম্রাজ্য আভ্যন্তৰীণ সংকটৰ সম্মুখীন হ’ব লগা হৈছিল। শাসকসকলৰ দুৰ্বলতাৰ কাৰণে এনে অৱস্থাৰ সৃষ্টি হৈছিল। ফলত আভ্যন্তৰীণ আৰু বাহিৰৰ আক্ৰমণৰ সন্মুখীন হ’ব লগা হৈছিল ৰোমান সাম্রাজ্যই।

২২৫ খ্ৰীঃত ইৰাণত এটি নতুন আৰু অতি যুঁজাৰু ৰাজবংশৰ উত্থান ঘটিছিল।

তেওঁলোকে নিজকে ছাছানিয়ান বুলি চিনাকী দিছিল। পোন্ধৰ বছৰৰ ভিতৰত তেওঁলোকে নিজৰ সম্প্ৰসাৰণ ইউফ্রেটিছ নদীলৈ ঘটাবলৈ সক্ষম হৈছিল। ইৰাণৰ শাসনকর্তা প্রথম ছাপুৰে ইয়াৰ নেতৃত্ব বহন কৰিছিল। ইৰাণৰ হাতত ৰোমানসকল বেয়াকৈ বিধ্বস্ত হ’ব লগা হৈছিল।

ঠিক তেনেদৰে কিছুমান জার্মান জনজাতিয়েও ৰাইন আৰু ডানিয়ুব সীমান্ত অঞ্চললৈ আগবাঢ়ি আহিছিল। অৱশ্যে ৰোমানসকলে জার্মান জনজাতিসকলক পৰাভূত কৰিবলৈ সক্ষম হৈছিল। পিছত ৰোমানসকলে ডানিয়ুব অঞ্চল দখল কৰিবলৈ সক্ষম হৈছিল।

মুঠতে বাহিৰা শত্ৰৰ আক্ৰমণৰ বাবে ৰোমানসকল প্রায়ে ব্যতিব্যস্ত হৈ থাকিব লগা হৈছিল। তেনে অৱস্থাত সেই সময়ৰ ৰোমান সম্রাটসকলে প্রায়ে বাহিৰা শত্রু তথা ‘বৰবৰসকল’ৰ বিৰুদ্ধে ৰণক্ষেত্ৰত ব্যস্ত হৈ থাকিব লগা হৈছিল। উল্লেখযোগ্য যে এই সময়ছোৱাৰ ৪৭ বছৰৰ ভিতৰত প্ৰায় ২৫ জন সম্ৰাটৰ ৰোমান সাম্রাজ্যত উত্থান-পতন ঘটিছিল। এনে কার্যই বোমান সাম্ৰাজ্যৰ আভ্যন্তৰীণ বিশৃংখলতাৰ কথাকে প্রমাণ কৰে।

প্রশ্ন ১০: প্রাচীন ৰোমান সাম্ৰাজ্যত কেনেকুৱা শ্ৰেণী ব্যৱস্থাক লৈ সমাজ ব্যবস্থা পৰিচালিত হৈছিল?

উত্তৰ : প্ৰাচীন কালৰ পৰা সমাজ ব্যৱস্থা শ্ৰেণী বিভাজনৰ দ্বাৰা পৰিচালিত হৈছিল। ঠিক তেনেদৰে ৰোমান সমাজ ব্যৱস্থাত কেইটামান শ্রেণী আছিল। এই শ্রেণী কেইটা হ’ল- চিনেটৰসকল (অর্থ পিতৃ), ঘোঁৰাছোৱাৰী শ্ৰেণীৰ নেতৃত্ব দিয়া লোকসকল বা যি সকলে চাৰ্কাচ আৰু নাট্যভিনয়ত জড়িত হৈ আছিল আৰু শেষত আছিল দাস সকল।

প্রশ্ন ১১: ৰোমান যুগৰ আইনী ব্যৱস্থা কেনে আছিল।

অথবা

ৰোমান যুগত শান্তি-শৃংখলা কেনেদৰে ৰক্ষা কৰা হৈছিল?

উত্তৰ: ৰোমান যুগৰ আইনী ব্যৱস্থা অতি কঠোৰ আছিল। কাৰণ ৰাষ্ট্ৰ আছিল এক কর্তৃত্বশীল শাসনৰ প্ৰতিভূ। বিপৰীত মত কেতিয়াবাহে সহ্য কৰা হৈছিল। চৰকাৰৰ বিৰুদ্ধাচৰণ কৰা সকলক কঠোৰভাৱে দমন কৰা হৈছিল। উল্লেখ্য যে চতুর্থ শতাব্দীত ৰোমান আইনৰ এক শক্তিশালী পৰম্পৰা গঢ়ি উঠিছিল। আনকি এনে আইনে ভয়াৱহ বা স্বেচ্ছাচাৰী সম্রাটসকলকো নিয়ন্ত্রণ কৰিছিল। সেয়ে সেই সময়ৰ পৰাই ৰজা বা সম্রাটসকলে ইচ্ছা অনুযায়ী কাম কৰাত বাধা আহি পৰিছিল। এই কাৰণেই চতুৰ্থ শতাব্দীৰ শেষৰ পিনে স্বেচ্ছাচাৰী ধৰ্মগুৰু আৰু সম্রাটসকলৰ অনৈতিক আৰু নিষ্ঠুৰ কাৰ্যৰ বিৰুদ্ধে জনসাধাৰণে জনমত গঢ়ি তুলিবলৈ সক্ষম হৈছিল।

প্রশ্ন ১২: ইছলাম ধৰ্মৰ সম্প্ৰসাৰণে কেনেকৈ ৰোমান সাম্ৰাজ্যৰ পতন ঘটাইছিল?

উত্তৰ : ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ মৃত্যুৰ পিছত তেওঁৰ শিষ্য বা খলিফা সকলে গোটেই বিশ্বতে ইছলাম ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে উঠি পৰি লাগিছিল। ইয়াৰ ফলত মুছলমান আৰু ৰোমান সাম্ৰাজ্যৰ মাজত সংঘৰ্ষৰ পথ মুকলি হয়। ফলত হজৰত মহম্মদৰ মত্যুৰ দহ বছৰ পিছত পূবৰ ৰোমান সাম্রাজ্য আৰু ছাচানিয়া সাম্ৰাজ্যৰ লগত মুছলমানসকল মাজত সাম্রাজ্য বিস্তাৰৰ প্ৰশ্নত প্রবল সংঘর্ষ হয়। এই সংঘৰ্ষৰ অন্তত এই দুই সাম্রাজ্য আৰবসকলৰ হস্তগত হয়। এনেদৰে প্ৰায় এক শতাব্দীৰ পিছত আৰবসকলৰ আধিপত্য ক্রমাগতভাৱে স্পেইন, সিন্ধু আৰু মধ্য এছিয়ালৈ সম্প্ৰসাৰিত হৈছিল। এনেদৰে ঐশ্লামিক ৰাষ্ট্ৰ ব্যৱস্থা গঢ়ি উঠিছিল।

প্রশ্ন ১৩: কোন তিনিটা অংশ বা মহাদেশক লৈ প্রাচীন ৰোমান সাম্রাজ্য গঢ়ি উঠিছিল?

উত্তৰ : বৰ্তমানৰ ইউৰোপ মহাদেশৰ অধিকাংশ, পশ্চিম এছিয়াৰ অধ-চন্দ্ৰাকৃতিৰ সাৰুৱা সমতল ভূ-খণ্ড আৰু উত্তৰ আফ্রিকাক লৈ প্রাচীন ৰোমান সাম্রাজ্য গঢ়ি উঠিছিল।

অতি দৰকাৰী ৰচনাধৰ্মী প্রশ্নোত্তৰ 

প্রশ্ন ১ : ৰোমান যুগৰ সামাজিক অৱস্থাৰ বিষয়ে চমু বর্ণনা দিয়া।

উত্তৰ: ৰোমান সাম্ৰাজ্যৰ যুগত ক্ষুদ্র ক্ষুদ্ৰ পৰিয়ালত ভাগ হৈ লোকসকলে বাস কৰিছিল। কাৰণ যৌৱনপ্রাপ্ত হোৱাৰ পিছত ডেকা ল’ৰাসকলে মাক-দেউতাকৰ সৈতে নাথাকিছিল। আনকি যৌৱনপ্রাপ্ত ককায়েক-ভায়েকসকলেও বেলেগে বেলেগে বাস কৰিছিল।

বিয়াৰ পিছত ছোৱালীগৰাকীৰ সম্পত্তি তেওঁ নিজে চোৱা-চিতা কৰিছিল। বিবাহ সূত্রে লাভ কৰা সম্পত্তি তেওঁৰ স্বামীৰ অধিকাৰ নাছিল। কাৰণ বিবাহ সূত্রে লাভ কৰা সম্পত্তি স্বামী-স্ত্ৰীৰ মাজৰ সম্পৰ্ক মধুৰ হৈ থকাৰ সময়লৈ গিৰিয়েকৰ অধীনত আছিল যদিও মহিলাগৰাকী পৈতৃক সম্পত্তিৰ প্ৰাথমিক উত্তৰাধিকাৰী আছিল। পিতৃৰ মৃত্যুৰ পিছত ছোৱালীগৰাকী তেনে সম্পত্তিৰ ওপৰত স্বতন্ত্ৰ গৰাকী হৈছিল। এনেদৰে দেখা যায় যে সম্পত্তি লাভ কৰা আৰু তাক পৰিচালনা কৰাৰ ক্ষেত্ৰত মহিলাগৰাকীয়ে বহুখিনি আইন সংগত অধিকাৰ লাভ কৰিছিল। অন্য কথাত ক’বলৈ গ’লে ৰোমান দম্পতী সম্পত্তিৰ মালিকী স্বত্বৰ ক্ষেত্ৰত আইনত কেতিয়াও যুগ্ম অধিকাৰী নাছিল। এই ক্ষেত্ৰত তেওঁলোকৰ পৃথক সত্বা স্বীকৃত হৈছিল আৰু সম্পত্তিৰ ক্ষেত্ৰত স্ত্ৰীগৰাকীয়ে সম্পূর্ণভাৱে আইন সংগত অধিকাৰ লাভ কৰিছিল।

বিবাহ বিচ্ছেদ সাধাৰণতে সহজ আছিল। কাৰণ ইচ্ছা সাপেক্ষে স্বামী বা স্ত্রীয়ে এখন আবেদনৰ জৰিয়তে বিবাহ বিচ্ছেদৰ ব্যৱস্থা ল’ব পাৰিছিল।

স্বামী আৰু স্ত্ৰীৰ মাজত বয়সৰ বেছি ব্যৱধান আছিল। বৈবাহিক সম্পর্ক সাধাৰণতে খোজা-বঢ়াৰ জৰিয়তে সম্পন্ন কৰা হৈছিল। অৱশ্যে সম্বন্ধীয় স্ত্ৰীৰ ওপৰত সততে কর্তৃত্ব চলাইছিল। কাৰণ আগষ্টাইন নামৰ এজন কেথলিক পুৰোহিতৰ তথ্যৰ পৰা এই কথা জনা যায়। তেওঁৰ মতে স্বামীয়ে পত্নীক সততে মাৰধৰ কৰিছিল। মহিলাসকলে স্বামীৰ মাৰ কিলৰ চিন বহন কৰি ফুৰিব লগীয়া হৈছিল বুলি উক্ত পুৰোহিতজনে উল্লেখ কৰি গৈছে। সন্তানৰ ওপৰত পিতৃৰ আইনসংগত অধিকাৰ আছিল। এনে অধিকাৰ কঠোৰভাৱে পালন কৰা হৈছিল। কাৰণ বহুতো পিতৃয়ে নিজৰ সন্তানক বহু ধৰণৰ কঠোৰ শাস্তি বিহিছিল।

প্রশ্ন ২ : ৰোমান যুগৰ দাসত্ব প্রথা সম্বন্ধে আলোচনা কৰা।

উত্তৰ : মানৱ সমাজৰ আদিম অৱস্থাৰ পৰাই সমাজত দাস প্রথাৰ প্ৰচলনৰ কথা জনা যায়। দার্শনিক প্লেটো, এৰিষ্টটল, মুণি আগাষ্টাইন আদিয়ে দাস প্রথাৰ সপক্ষে মত পোষণ কৰিছিল। এৰিষ্টটলে মত পোষণ কৰি কৈছিল যে যিহেতু সমাজত সকলোবে সমানভাৱে বাস কৰিব নোৱাৰে তেনে অৱস্থাত স্থান ভেদে মানুহৰ মাজত দাসত্ব প্রথাটো হ’ল এটি প্রকৃতিগত নিয়ম। আগষ্টাইনে দাস প্রথা সম্পর্কে যুক্তি দাঙি কৈছিল যে সমাজৰ যিসকল লোক পাপত নিমজ্জিত তেনে লোকে দাস হিচাপে জীৱন নির্বাহ কৰাটো সমাজৰ এটি সাধাৰণ নিয়ম। গতিকে দেখা যায় অতীত কালৰ পৰা উনৈশ শতিকাৰ শেষ ভাগলৈ দাস প্রথা চলি আহিছিল। ইয়াৰ ব্যতিক্ৰম ৰোমান সাম্রাজ্যতো হোৱা নাছিল।

ৰোমান সাম্ৰাজ্যৰ প্ৰথম সম্রাট আগষ্টাছৰ শাসন কালত ইটালীৰ বহু অঞ্চলত দাস প্রথা বহুলভারে প্রচলিত হৈ আছিল। উল্লেখ্য যে ইটালীৰ মুঠ জনসংখ্যাৰ ৭.৫ মিলিয়নৰ বিপৰীতে দাসৰ সংখ্যা আছিল তিনি মিলিয়ন।

দাস সকলৰ জীৱন ধাৰণৰ মানদণ্ড অতি শোচনীয় আছিল। এজন লোক দাস হিচাপে চিনাক্ত হোৱাৰ পিছৰে পৰা তেওঁৰ প্ৰকৃত নামটো হেৰাই যায়। ইয়াৰ পৰিৱৰ্তে তেওঁক এটি অসন্মানজনক নামেৰে নামকৰণ কৰা হয়। দাস সকলক কঠোৰ কষ্ট কৰিবলৈ দিয়া হৈছিল। দৈনিক তেওঁলোকে কমেও ওঠৰ ঘণ্টাকৈ মালিকৰ তলত কাম কৰিব লাগিছিল। ইয়াৰ বিপৰীতে তেওঁলোকক খোৱা আৰু পিন্ধা-উৰাত যথেষ্ট কষ্ট দিছিল। বহু দিন কাম কৰাৰ পিছত বা বয়স হোৱাৰ পিছত দাস সকল দুর্বল হৈ পৰিছিল। কিন্তু তেওঁলোকৰ ভৰণ-পোষণৰ দায়িত্বৰ পৰা মালিকসকল আঁতৰি আহিছিল। ইয়াৰ বিপৰীতে তেওঁলোকক কোনো নির্জন দ্বীপলৈ আনি তাতে অনাহাৰে মৃত্যুক আঁকোৱালি ল’বলৈ বাধ্য কৰোৱা হৈছিল।

স্পার্টাকাচৰ নেতৃত্বত দাস মুক্তি আন্দোলন: এনেদৰে দেখা যায় যে ৰোমান যুগত দাস সকলক অতি কষ্টৰ মাজেৰে জীৱন নিৰ্বাহ কৰাৰ কাৰণে বাধ্য কৰোৱা হৈছিল। বিশেষকৈ ইটালীত দাস সকলৰ অৱস্থা অতি শোচনীয় হৈ পৰিছিল।

এনে অৱস্থাৰ পৰা মুক্তি পোৱা কাৰণে খ্ৰীষ্টীয় ৭৪ত স্পার্টাকাচৰ নেতৃত্বত এটি দাস মুক্তি আন্দোলন আৰম্ভ হ’ল। এই আন্দোলনত অংশ লৈছিল যুদ্ধৰ কলা-কৌশলত পার্গত দাসসকলে। স্পার্টাকাচ এজন অতি সাহসী আৰু সুদক্ষ নেতা আছিল। উল্লেখযোগ্য যে স্পার্টাকাচো এজন বন্দী দাস আছিল। পিছত তেওঁ বল্কান অঞ্চলৰ পৰা পলাই আহি এনে দাস মুক্তি আন্দোলনৰ নেতৃত্ব লৈছিল।

স্পার্টাকাচৰ নেতৃত্বত দাস আন্দোলনে চূড়ান্ত ৰূপ লাভ কৰে। দাস সকলে বেছিভাগ গৰাকীৰ কবলৰ পৰা শক্তি প্ৰদৰ্শনেৰে মুকলি হ’বলৈ সক্ষম হয়। চৰকাৰী আক্রমণক দাস সকলে প্রত্যাহ্বান জনাবলৈ সক্ষম হয়। অলপ সময়ৰ ভিতৰতে সমগ্ৰ ইটালীৰ দাস সকলক একত্ৰিত কৰিবলৈ স্পার্টাকাচ সক্ষম হয়। দাস সকলৰ মাজত ভাষাৰ মিল নাছিল। কিন্তু স্পার্টাকাচে দাস সকলৰ তেনে সমস্যা সমাধান কৰি তেওঁলোকৰ মাজত কঠোৰ নিয়মানুবর্তিতা পালন কৰিছিল। আনকি তেওঁ ৰোমান আর্হিত এটি শক্তিশালী সৈন্য বাহিনীও গঠন কৰিছিল। অৱশ্যে স্পার্টাকাচৰ নেতৃত্বত সংগঠিত হোৱা দাস মুক্তি আন্দোলনে সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল খ্রীঃ পৃঃ ৭১ত হোৱা ৰাজকীয় আক্ৰমণত এই আন্দোলন স্তিমিত হৈ পৰিছিল।

প্রশ্ন ৩ : ৰোমান যুগৰ ধৰ্মীয় অৱস্থাৰ বিষয়ে আলোচনা কৰা।

উত্তৰ : প্রাচীন কালত গ্রীক আৰু ৰোমান সাম্রাজ্যত বহু দেৱ-দেৱীৰ পূজা-অর্চনা চলিছিল। এই দেৱ-দেৱীসকল আছিল ৰোমান বা ইটালীয়ান দেৱতা যেনে জুপিটাৰ, জুনো, মিনাভা আৰু ৰণ দেৱতামঞ্জল। ইয়াৰ উপৰি গোটেই সাম্ৰাজ্যখনতে অজস্র গ্রীক আৰু প্ৰাচ্যৰ দেৱ-দেৱীক মঠ-মন্দিৰ আৰু গুহাত পূজা কৰা হৈছিল। বহু দেৱ-দেৱীৰ পূজা কৰা সকলৰ কোনো সামুহিক নাম বা পৰিচয় নাছিল। সাম্রাজ্যত প্রচলিত অন্যতম প্রধান ধর্মীয় ধাৰা আছিল জুডাইজিম। অর্থাৎ ইহুদীসকলৰ উপাসনা বিধি। আকৌ জুডাইজিমো এক ঈশ্বৰ পূজক নাছিল। অৱশ্যে শাসনৰ শেষৰ কালছোৱাত ইহুদীসকলৰ মাজতো অনেক বিভিন্নতা বিৰাজ কৰা দেখা গৈছিল।

চতুৰ্থ আৰু পঞ্চম শতিকাত খ্ৰীষ্টান ধৰ্ম গ্ৰহণৰ পিছত ধৰ্মত নানা বেমেজালিয়ে দেখা দিছিল। ৰাতিটোৰ ভিতৰতে ধৰ্মৰ বহুতো পৰিৱৰ্তন ঘটিছিল। কাৰণ খ্ৰীষ্টান পুৰোহিত আৰু পূৰ্বৰ ধৰ্মৰ গুৰুসকলৰ মাজত ধর্ম বিষয়ক লৈ অনব্ৰতে যুঁজ বাগৰ চলি আহিছিল। কিন্তু সময়ৰ লগে লগে সৰল নীতি আদৰ্শৰ দ্বাৰা প্ৰতিষ্ঠিত খ্ৰীষ্টান ধৰ্মৰ প্ৰতি মানুহৰ অনুৰাগ বাঢ়ি গৈছিল। খ্রীষ্টান ধর্মত দীক্ষা ল’বলৈ মানুহ আগবাঢ়ি আছিল। এই ক্ষেত্রত খ্রীষ্টান ধর্মগুৰুসকলে নানা ধৰণৰ প্ৰচেষ্টা চলাই সফলতা লাভ কৰিছিল। খ্রীষ্টান ধর্ম গ্ৰহণৰ লগে লগে কিছুমান কঠোৰ নীতি-নিয়ম অৱলম্বন কৰিবলৈ মানুহে দ্বিধাবোধ কৰা নাছিল।

প্রশ্ন ৪ : ৰোমান যুগৰ অৰ্থনৈতিক দিশৰ চমু আভাষ দিয়া।

অথবা

অলিভ তেলৰ উৎপাদন আৰু ইয়াৰ প্ৰসাৰৰ বিষয়ে আলোচনা কৰা।

উত্তৰ: ৰোমান যুগৰ অর্থনীতি উন্নত আছিল বুলি জনা যায়। বয়বস্তু উৎপাদনৰ কাৰণে নানা ধৰণৰ উদ্যোগ গঢ়ি উঠিছিল। এই উদ্যোগসমূহৰ ভিতৰত বন্দৰ, খনি, কুৱেৰী, ইটাৰ ভাটা, অলিভ তেল তৈয়াৰ কৰা কাৰখানা আদিবোৰ। ব্যৱসায়ৰ ক্ষেত্ৰত গম, মদ আৰু অলিভ তেল আছিল অতি উল্লেখযোগ্য। কাৰণ এই তিনিবিধ সামগ্রী সমাজৰ সকলো লোকেই ব্যৱহাৰ কৰিছিল। এই খাদ্য বিলাক প্রধানকৈ স্পেইন, ফ্রান্স, উত্তৰ আফ্রিকা, ইজিপ্ত আৰু কিছু পৰিমাণে ইটালীৰ পৰা আমদানি কৰা হৈছিল। মদ আৰু অলিভ তেল সৰবৰাহ কৰাৰ কাৰণে এম্ফোৰাই নামৰ এবিধ মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিল। ভগ্নাৱশেষৰ পৰা লাভ কৰা তথ্য অনুসৰি এই পাত্ৰটোৰ প্ৰচলন বহুল ধৰণৰ আছিল। ভূমধ্য সাগৰীয় অঞ্চলত পোৱা বিশেষ বোকা মাটিৰে এই পাত্ৰটো সজা হৈছিল। স্পেইনৰ পৰা অলিভ তেল সৰবৰাহৰ ক্ষেত্ৰত এই পাত্ৰটোৰ বহুল ব্যৱহাৰ হৈছিল।

সেই সময়ত স্পেইনৰ পৰা অলিভ তেল অনা-নিয়া কৰা পাত্ৰটোৰ নাম আছিল ‘ড্ৰেজেল-২০’। যিজন পূৰাতত্ববিদে এই পাত্ৰটো আৱিষ্কাৰ কৰিছিল তেওঁৰ নামেৰেই এই পাত্ৰটোৰ নামকৰণ কৰা হৈছিল। প্ৰথমে অলিভ তেলৰ উৎপাদন ইটালীত হৈছিল যদিও পিছলৈ স্পেইনে এই দিশত বিশেষ অগ্রগতি লাভ কৰে। পিছলৈ স্পেইন অলিভ তেল উৎপাদনকাৰী প্রধান দেশ হিচাপে পৰিগণিত হয়। পিছলৈ উত্তৰ আফ্রিকাতো স্পেইনক আর্হি হিচাপে লৈ অলিভ তেল উৎপাদন কৰিছিল। অৱশ্যে পঞ্চম শতিকাৰ শেষৰ পিনে এজিয়ান, দক্ষিণে এছিয়া মাইনৰ (তুৰস্ক), চিৰিয়া, পেলেষ্টাইন আদি দেশসমূহো মদ আৰু অলিভ তেল ৰপ্তানীকাৰী দেশ হিচাপে পৰিগণিত হ’বলৈ সক্ষম হৈছিল।

প্রশ্ন ৫ : ৰোমান যুগৰ কৃষি প্ৰণালীৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ : ৰোমান যুগৰ লোকসকল প্রধানতঃ কৃষিৰ ওপৰত নিৰ্ভৰশীল আছিল। কৃষিয়েই আছিল জীৱিকাৰ প্ৰধান উৎস।

ৰোমান সাম্ৰাজ্যৰ বেছিভাগ অঞ্চলেই আছিল সাৰুৱা। ষ্টেবো আৰু প্লিনিৰ লিখনিৰ পৰা জনা যায় যে ইটালীৰ কাম্পানিয়া, ছিচিলী, ইজিপ্তৰ ফাইউম, গেলিলি, বাইজাছিয়াম, দক্ষিণ গল, বোয়েটিকা আদি অঞ্চলসমূহ আছিল অতি জনবসতিপূর্ণ আৰু আটাইতকৈ চহকী অঞ্চল। উত্তম ধৰণৰ মদ কাম্পিনিয়াৰ পৰা ৰোমলৈ আহিছিল। ছিচিলী আৰু বাইজাছিয়ামে ৰোমলৈ প্ৰচুৰ পৰিমানৰ গম ৰপ্তানী কৰিছিল। গেলিলি অঞ্চলত যথেষ্ট পৰিমাণৰ কৃষি উৎপাদন হৈছিল।

আনহাতে, ৰোমান সাম্ৰাজ্যৰ বিশাল ভূখণ্ড উন্নয়নৰ ফালৰ পৰা অত্যন্ত নিম্ন খাপৰ আছিল। উদাহৰণ হিচাপে নুমিডিয়াৰ গ্ৰাম্য অঞ্চলত তেতিয়াও পশুচাৰণ লোকৰ ব্যাপক অস্তিত্ব আৰু প্রব্রজন চলি আছিল। এই লোকসকল য’লৈ গৈছিল তালৈ তেওঁলোকৰ অস্থায়ী ঘৰবিলাক লগত লৈ ফুৰিছিল। উত্তৰ আফ্রিকাত ৰোমানসকলৰ খাট-পামৰ বিস্তৃতি ঘটাৰ লগে লগে সেই জনজাতি সমূহৰ পশুচাৰণ ভূমিৰ ব্যাপক সংকোচন ঘটিছিল।

1 thought on “সাম্রাজ্য | AHSEC Class 11 History Chapter 3 Question Answer Assamese Medium 2025-2026 | Class 11 History Question Answer Assamese Medium | HS 1st Year History Solution | HS 1st Year History Chapter 3 Question Answer Assamese Medium | উচ্চতৰ মাধ্যমিক বুৰঞ্জী | Higher Secondary First Year History Very Important Notes”

Leave a comment