মধ্য ইছলামীক দেশ | AHSEC Class 11 History Chapter 4 Question Answer Assamese Medium 2025-2026 | Class 11 History Question Answer Assamese Medium | HS 1st Year History Solution | HS 1st Year History Chapter 4 Question Answer Assamese Medium | উচ্চতৰ মাধ্যমিক বুৰঞ্জী | Higher Secondary First Year History Very Important Notes
চতুৰ্থ অধ্যায়
মধ্য ইছলামীক দেশ
অতি দৰকাৰী অতি চমু প্ৰশ্নোত্তৰ
প্রশ্ন ১: ‘ইছলামীয় সভ্যতাৰ চাবেক ভূমি’ বুলি কোনখিনি সময়ক কোৱা হয়।
উত্তৰ: ৬০০ৰ পৰা ১২০০ খ্রীঃলৈ এই সময়খিনিক কোৱা হয়।
প্রশ্ন ২ : হজৰত মহম্মদে কেতিয়া এক ভগৱানৰ উপসনা কৰা বিধি প্ৰচাৰ কৰে।
উত্তৰ: ৬১২-৩২ খ্রীঃত হজৰত মহম্মদে এনে বিধি প্ৰচাৰ কৰিছিল।
প্রশ্ন ৩ : কোন চনত হজৰত মহম্মদে নিজকে ভগৱানৰ দূত বা ৰচুল বুলি ঘোষণা কৰিছিল?
উত্তৰ: ৬১২ খ্ৰীঃত হজৰত মহম্মদে নিজকে ভগৱানৰ দূত বা ৰচুল বুলি ঘোষণা কৰিছিল।
প্রশ্ন ৪ : কোন খ্রীঃত হজৰত মহম্মদ শিষ্যসকলৰ সৈতে মদিনালৈ পলায়ন কৰিছিল?
উত্তৰ: ৬২২ খ্ৰীঃত মদিনালৈ পলায়ন কৰিছিল।
প্রশ্ন ৫: খলিফা কোন আছিল?
উত্তৰ: মুছলমান ধৰ্মণ্ডৰুৰ সহায়ক আছিল খলিফাসকল।
প্রশ্ন ৬ : প্রথম খলিফাজন কোন আছিল?
উত্তৰ: আবু বক্কৰ আছিল প্রথমজন খলিফা।
প্রশ্ন ৭ : দ্বিতীয়জন খলিফা কোন আছিল?
উত্তৰ: খলিফা ওমৰ আছিল দ্বিতীয়জন খলিফা।
প্রশ্ন ৮ : বাইজানটাইন সাম্রাজ্যই কোন ধৰ্মৰ পোষকতা কৰিছিল।
উত্তৰ : বাইজানটাইন সাম্রাজ্যই খ্ৰীষ্টান ধৰ্মৰ পৃষ্ঠপোষকতা কৰিছিল।
প্রশ্ন ৯ : ছাছানিয়ান সাম্রাজ্যই কোন ধৰ্মৰ পৃষ্ঠপোষকতা কৰিছিল।
উত্তৰ : জোৰাথুষ্ট্ৰ ধৰ্মক ছাছানিয়ান সাম্রাজ্যই পৃষ্ঠপোষকতা কৰিছিল।
প্রশ্ন ১০ : মুছলমান লোকসকলে আদায় দিয়া কৰক কি বুলি কোৱা হৈছিল।
উত্তৰ: খেৰাজ আৰু জিজিয়া বুলি কোৱা হৈছিল।
প্রশ্ন ১১ : কোনে আৰু কেতিয়া উমেইড ৰাজবংশ প্রতিষ্ঠা কৰিছিল?
উত্তৰ: ৬৬১ খ্ৰীঃত মুৱাইৱাই নামৰ খলিফা এজনে উমেইড ৰাজবংশ প্রতিষ্ঠা কৰিছিল।
প্রশ্ন ১২ : উমেইড সকলৰ পিছত কোন ৰাজবংশই শাসন কৰিছিল?
উত্তৰ: উমেইড সকলৰ পিছত আব্বাছিদ নামে এটি নতুন ৰাজবংশই শাসন কৰিছিল।
প্রশ্ন ১৩ : বৰ্তমানৰ পেলেষ্টাইন পূৰ্বৰ কোন সাম্ৰাজ্যৰ অন্তর্ভুক্ত আছিল?
উত্তৰ : পূৰ্বৰ বাইজানটাইন সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল।
প্রশ্ন ১৪: প্রথম ক্রছেদ বা ধর্মযুদ্ধ কিমান চনৰ ভিতৰত সংঘটিত হৈছিল?
উত্তৰ: ১০৯৫-১২৯১ খ্ৰীঃৰ ভিতৰত প্ৰথম ক্রছেদ বা ধর্মযুদ্ধ সংঘটিত হৈছিল।
প্রশ্ন ১৫: কোৰাণ কিহৰ ওপৰত ৰচিত?
উত্তৰ: কোৰাণ হ’ল ৬১০ আৰু ৬৩২ খ্ৰীঃৰ ভিতৰত আল্লাই বা ভগৱানে মহম্মদক দিয়া এলানী বাণীৰ ওপৰত ৰচিত।
প্রশ্ন ১৬: কোন চনত কোৰাণক লিখিত ৰূপ দিয়া হৈছিল?
উত্তৰঃ ৬৫০ খ্ৰীঃত ইয়াক লিখিত ৰূপ দিয়া হৈছিল।
প্রশ্ন ১৭: হিজৰী বা শকাব্দ কেতিয়াৰ পৰা আৰম্ভ হৈছিল?
উত্তৰ: ৬২২ খ্ৰীঃত হজৰত মহম্মদ আৰু সহযোগীসকল মক্কাৰ পৰা মদিনালৈ পলাই অহাৰ সময়ৰ পৰাই হিজৰী বা শকাব্দ আৰম্ভ হৈছিল।
প্রশ্ন ১৮: আবু বক্কৰ কোন আছিল?
উত্তৰ : আবু বক্কৰ ইছলাম সকলৰ প্ৰথমজন খলিফা আছিল।
প্রশ্ন ১৯: প্রথম চাৰিজন খলিফাৰ শাসন কালৰ সময়ৰ আৰবৰ অঞ্চলসমূহৰ নাম লিখা।
উত্তৰ: চাইৰিয়া, ইৰাক, পাৰ্টিয়া আৰু পেলেষ্টাইন আছিল চাৰিজন খলিফাৰ শাসন কালৰ আৰবৰ অধিকৃত অঞ্চল।
প্রশ্ন ২০: কেতিয়া আৰবসকলে স্পেইন দখল কৰিছিল?
উত্তৰ: ৭১০ খ্রীঃত আৰবসকলে স্পেইন দখল কৰিছিল।
অতি দৰকাৰী চমু প্ৰশ্নোত্তৰ
প্রশ্ন ১ : ছিয়া আৰু চুন্নী বুলিলে কি বুজা?
উত্তৰ : ছিয়া আৰু চুন্নী হ’ল মুছলমান সকলৰ দুটা বিপৰীতমুখী সম্প্রদায়। দুয়োটাৰ মাজত নীতিগত পার্থক্য দেখা যায়।
মক্কাৰ চতুৰ্থ খলিফা আলীৰ সময়ত মুছলমান সম্প্ৰদায়ৰ মাজত ভাঙোনমুখী প্ৰৱণতা আৰু অধিক গভীৰ হৈ পৰিছিল। আলীৰ সমৰ্থক আৰু বিৰোধীসকলে পিছত ইছলামৰ দুটা সংকীর্ণ সাম্প্রদায়িক গোটৰ সৃষ্টি কৰিছিল। এটা গোট দুটাৰ এটাক ছিয়া আৰু আনটোক চুন্নী গোট বুলি জনা যায়।
প্রশ্ন ২: কোনে উমেইড ৰাজবংশ প্রতিষ্ঠা কৰিছিল? এই বংশটোৱে কিমান বছৰ শাসন কৰিছিল।
উত্তৰ: ৬৬১ খ্ৰীঃত মুৱাইয়া নাম এজন খলিফাই উমেইড ৰাজবংশ প্রতিষ্ঠা কৰিছিল। এই বংশটোরে ৭৫০ খ্রীঃলৈ শাসন কৰিছিল।
প্রশ্ন ৩: কোনে আৰু কেতিয়া ফাতিমাইড খলিফাতন্ত্র প্রতিষ্ঠা কৰিছিল।
উত্তৰ: হজৰত মহম্মদৰ জীয়ৰী ফাতিমাৰ নামেৰে ফাতিমাইডসকলে ৯৬৯ খ্রীঃত ইজিপ্ত জয় কৰি তাতে ফাতিমাইড খলিফাতন্ত্র প্রতিষ্ঠা কৰিছিল।
প্রশ্ন ৪ : ইছলাম পঞ্জিকাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: হজৰত মহম্মদে মক্কাৰ পৰা মদিনালৈ পলায়ন (৬২২) কৰাৰ সময়ৰ পৰা মুছলমান পঞ্জিকা বা হিজৰা আৰম্ভ হয়। হিজৰা শব্দটো খলিফা ওমৰৰ শাসন কালত প্ৰৱৰ্তন কৰা হৈছিল। হিজৰা পঞ্জিকাত চন এটা সদায় AH আখৰৰ পিছত উল্লেখ কৰা হয়। হিজৰা বছৰ হ’ল চন্দ্ৰ বছৰ। ৩৫৪ দিনীয়া ১২ টা মাহত বিভক্ত প্রতিটো মাহতে দিনৰ সংখ্যা ২৯ বা ৩০। প্রতিটো দিনেই আৰম্ভ হয় সূর্যাস্ত আৰু প্ৰতিটো মাহেই কাঁচি জোন দৃশ্যমান হোৱাৰ দিন। হিজৰা পঞ্জিকা সৌৰ পঞ্জিকাতকৈ ১১ দিন কম।
প্রশ্ন ৫: ইছলামীয় ৰাষ্ট্ৰত কি কি মুদ্ৰাৰ প্ৰচলন ঘটিছিল?
উত্তৰ: ইছলামীয় ৰাষ্ট্ৰত প্ৰধানকৈ তিনিবিধ মুদ্ৰাৰ প্ৰচলন ঘটিছিল। এই মুদ্রা কেইবিধ হ’ল স্বর্ণ, ৰৌপ্য আৰু তাম্র মুদ্রা।
প্রশ্ন ৬ : ইছলাম শাসক ব্যৱস্থাত আইন বা বিধিৰ মুৰব্বী সকলক কি নামেৰে জনা গৈছিল?
উত্তৰ: ইছলাম শাসন ব্যৱস্থাত আইন বা বিধিৰ মুখিয়াল সকলক মালিকী, হানাফী, স্বাফী আৰু হানবালী গোট ৰূপে পৰিচিত হৈ পৰিছিল।
প্রশ্ন ৭ : আৰবী ভাষাত বিনিময় পত্রক কি বুলি কোৱা হৈছিল?
উত্তৰ : আৰবী ভাষাত বিনিময় পত্র বা ‘ছুফতাজা’ বুলি কোৱা হৈছিল।
প্রশ্ন ৮ : অদ্বৈতবাদ বুলি কি বুজা?
অথবা
অদ্বৈতবাদৰ অৰ্থ কি?
উত্তৰ : চুফীসকলৰ পৰা অদ্বৈতবাদৰ মতবাদৰ সূচনা হয়। অদ্বৈতবাদৰ অৰ্থ হ’ল সকলো বস্তু ঈশ্বৰৰ সৈতে এক হৈ যোৱা। আন কথাত ক’বলৈ গ’লে মানৱাত্মা ইয়াৰ স্রষ্টা বা ঈশ্বৰৰ সৈতে অভিন্নভাৱে বিলীন হৈ যাব লাগিব। স্রষ্টা বা ঈশ্বৰৰ সৈতে অভিন্নভাবে বিলীন হৈ যাব লাগিব। এই তত্বটো বাছৰাৰ চুফী সন্ন্যাসিনী ৰাৰিয়াই প্রথমে প্ৰচাৰ কৰিছিল। তেওঁৰ মতে কেৱল ঈশ্বৰৰ প্ৰতি গভীৰ প্ৰেমৰ জৰিয়তেহে
মানুহ মিলি যাব পাৰে। পোনতে বয়াজিদ বিস্তানী নামৰ ইৰাণীয়ান চুফী সাধকজনে ভগৱানৰ সৈতে আত্মাৰ মিলনৰ তত্ত্ব কথা শিকাইছিল।
প্রশ্ন ৯ : খ্রীষ্টান দার্শনিক আৰু বৈজ্ঞানিকসকল ইছলাম ভাষা-সাহিত্য বা বিজ্ঞানৰ প্ৰতি কেনে বৰঙণি আগবঢ়াইছিল?
অথবা
খ্রীষ্টান দার্শনিক আৰু বৈজ্ঞানিক সকলে ঈশ্বৰ আৰু বিশ্ব সম্বন্ধে মানুহক কেনে ধৰণে প্ৰভাৱান্বিত কৰিছিল।
উত্তৰ : গ্রীক দৰ্শন আৰু বিজ্ঞানৰ দ্বাৰা প্ৰভাৱান্বিত হৈ ইছলাম দার্শনিক আৰু বৈজ্ঞানিকসকলে ঈশ্বৰ আৰু বিশ্ব সম্পর্কে নানা কিতাপ পত্ৰৰ জৰিয়তে মানুহৰ মনত নানা ধাৰণা আৰু চিন্তাৰ খোৰাক যোগাইছিল। এইখিনিতে উল্লেখ কৰিব পাৰি যে আলেকজেন্দ্ৰীয়া, ছিৰিয়া আৰু মেছোপ’টেমিয়াৰ পঢ়াশালিবোৰত গ্ৰীক দর্শন, অংক শাস্ত্র আৰু চিকিৎসা বিজ্ঞানৰ শিক্ষা দিয়া হৈছিল। সেয়ে উমেইড আৰু আব্বাছিদ খলিফাসকলে খ্ৰীষ্টান পণ্ডিতৰ আৰু দার্শনিক জৰিয়তে গ্ৰীক আৰু ছাইৰিয়াক ভাষাত লিখিত গ্রন্থসমূহ আৰবী ভাষালৈ তর্জমা বা অনুবাদ কৰাইছিল। খলিফা অল-মামুনৰ শাসনকালত এনে অনুবাদৰ কাম অতি ক্ষিপ্ৰতাৰে আগবাঢ়িছিল। তেওঁৰ শাসনকালত বাগদাদত এটি বিখ্যাত পুথিভঁড়াল আৰু বিজ্ঞান শিক্ষা কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছিল। এই দুয়োটা অনুষ্ঠানত বহুতো বিজ্ঞান লোকে নানা বিষয়ৰ ওপৰত অধ্যয়ন কৰিছিল। এৰিষ্টটলৰ গ্ৰন্থৰাজি, ইউক্লিডৰ উপপাদ্য, টলেমিৰ ‘Almagest’ আদি গ্রন্থসমূহ পোন প্ৰথমবাৰৰ বাবে আৰবী ভাষালৈ অনুবাদ কৰিছিল। সেয়ে একে সময়তে জ্যোতি বিজ্ঞান, অংক শাস্ত্ৰ আৰু চিকিৎসা বিজ্ঞান সম্পৰ্কীয় ভাৰতীয় গ্রন্থসমূহো আৰবী ভাষালৈ তর্জমা বা অনুবাদ কৰা হৈছিল। এই গ্রন্থসমূহ ইউৰোপতো সমাদৰ লাভ কৰিছিল। সেই বিলাকে মানুহৰ মনত দৰ্শন আৰু বিজ্ঞান সম্পর্কে আগ্ৰহৰ সৃষ্টি কৰিছিল।
প্রশ্ন ১০: প্রাচ্যতত্ববিদ বুলি কাক কোৱা হৈছিল?
উত্তৰ: ফৰাচী আৰু ইংৰাজ গৱেষকসকল ইছলামৰ ইতিহাস চৰ্চাৰ প্ৰতি আকর্ষিত হৈছিল। এই পণ্ডিত আৰু গৱেষকসকলে আৰবী আৰু পাচী ভাষাত ইছলামৰ ওপৰত ভালেমান ভাল গ্রন্থ প্রণয়ন কৰিছিল। ইয়াৰ উপৰি এই পণ্ডিতসকলে ভালেমান মূল গ্ৰন্থৰ মূল্যবান টীকাভাষ্য প্রস্তুত কৰিছিল। সেই পণ্ডিতসকলকে প্রাচ্যতত্ববিদ বোলা হৈছিল।
অতি দৰকাৰী ৰচনাধৰ্মী প্রশ্নোত্তৰ
প্রশ্ন ১ : হজৰত মহম্মদৰ বিষয়ে চমু আভাষ দিয়া।
উত্তৰ : ধৰ্মগুৰু হজৰত মহম্মদ ইছলাম ধৰ্মৰ প্ৰৱৰ্তক আছিল। ৫৭০ খ্রীঃত সেই সময়ৰ আৰবৰ বিখ্যাত চহৰ মক্কাত হজৰত মহম্মদৰ জন্ম হৈছিল। তেওঁ মূলত কোৰেচিনামৰ জনজাতি বংশোদ্ভৱ আছিল। সেই সময়ত আৰবৰ সমাজত নানা ধৰণৰ ক্রিয়া-কাণ্ড বা পূজা-পাতলৰ প্ৰচলন আছিল। সমাজত নানা ধৰণৰ মূৰ্তি পূজাৰ প্ৰচলন হৈছিল। সমাজ ব্যৱস্থা অন্ধ বিশ্বাসৰ দ্বাৰা পৰিচালিত আছিল।
হজৰত মহম্মদ প্রচলিত ধৰ্ম ব্যৱস্থাৰ ঘোৰ বিৰোধী আছিল। সেয়ে তেওঁ আৰব সমাজৰ মাজৰ পৰা এনে ধৰ্ম বিশ্বাসৰ পৰা মুক্ত কৰাৰ কাৰণে দৃঢ় প্রতিজ্ঞ হৈছিল।
চল্লিছ বছৰ বয়সত হজৰত মহম্মদে প্ৰকৃত ধৰ্মৰ সন্ধান লাভ কৰিছিল। সেয়ে তেওঁ ঘোষণা কৰিছিল তেৱেঁই হ’ল প্রকৃত আল্লা বা ভগৱানৰ দূত। এনেদৰে তেওঁ এক ধর্মত বিশ্বাসী ইছলাম ধর্ম প্রতিষ্ঠা কৰে। তেওঁ ঘোষণা কৰি কৈছিল যে আল্লা হ’ল একক আৰু তেৱেঁই প্রকৃত ভগৱান। কোৰান পুথিখন ইছলাম ধৰ্মৰ প্ৰকৃত পুথি। এই কোৰান পুথিৰ জৰিয়তে প্ৰকৃত আল্লাক পাব পাৰি। ইয়াৰ বিপৰীতে প্ৰচলিত মূর্তি পূজাক তেওঁ জনসাধাৰণক ঘৃণা কৰাৰ কাৰণে আহ্বান জনায়।
হজৰত মহম্মদৰ এনে বাণীয়ে অতি সোনকালে বহুতো মানুহক আকর্ষণ কৰে।
ফলত বহুতো মানুহ হজৰত মহম্মদৰ বা ইছলাম ধৰ্মৰ শিষ্যত্ব গ্রহণ কৰে। বিশেষকৈ সেই সময়ৰ মক্কাত সমাজৰ দ্বাৰা অৱহেলিত লোকসকলে হজৰত মহম্মদৰ প্ৰতি আস্থা প্ৰকাশ কৰাৰ কাৰণে আগবাঢ়ি আহিছিল। কাৰণ তেওঁলোকে সমাজত এটা নতুন সম্প্রদায় হিচাপে প্রতিষ্ঠা লাভ কৰাৰ কাৰণে চেষ্টা কৰি আহিছিল। এনেদৰে ইছলাম ধৰ্ম বা হজৰতৰ প্ৰতি আস্থা প্রকাশ কৰা লোকসকল পিছলৈ ‘মুছলীম’ নামে জনাজাত হৈ পৰিল।
আনহাতে, সমাজৰ প্ৰতিষ্ঠিত আন কিছুমান লোকে হজৰত মহম্মদৰ নতুন ধৰ্মৰ প্রতি তীব্র প্রতিবাদ জনালে। এই লোকসকল মহম্মদৰ প্ৰধান শত্ৰুৰূপে থিয় দিয়ে। হজৰত মহম্মদে সমাজৰ ধৰ্মীয় দিশত বিভ্রান্তিৰ সৃষ্টি কৰা বুলি তেওঁৰ বিৰুদ্ধে প্ৰচাৰ আৰম্ভ কৰে। ইয়াৰ ফলস্বৰূপে শেষত হজৰত মহম্মদ বাধ্য হৈ তেওঁৰ কিছুমান অনুগামীৰ সৈতে ৬২২ খ্ৰীঃত মক্কাৰ পৰা মদিনালৈ পলায়ন কৰে। উল্লেখযোগ্য যে মহম্মদে মক্কাৰ পৰা মদিনালৈ পলায়ন কৰা কাৰ্য যাত্রা (হিজৰা) ইছলাম ইতিহাসত এক বিৱৰ্তন বিন্দুৰূপে পৰিগণিত হৈছিল। মদিনাত উপস্থিত হোৱা বছৰটোৰ পৰাই মুছলমান পঞ্জিকাৰ সূচনা হয়।
ইতিমধ্যে মদিনাৰ লোকসকলে হজৰত মহম্মদৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিল।
সেয়ে তেওঁ মদিনাত উপস্থিত হোৱাৰ পিছতে জনসাধাৰণে তেওঁক বিপুলভাৱে স্বাগতম জনাইছিল। তেওঁলোকে মক্কা পুনৰ জয় কৰাৰ কাৰণে মহম্মদক পূৰ্ণ সমর্থন জনাইছিল। এনেদৰে হজৰত মহম্মদে তেওঁৰ মৃত্যুৰ আগমুহূৰ্তলৈ সমগ্ৰ আৰবৰ জনসাধাৰণ তেওঁৰ নিয়ন্ত্রণলৈ নিবলৈ সক্ষম হৈছিল। সকলো মানুহে ইছলাম ধর্ম গ্রহণ কৰিছিল। শেষত ৬৩২ খ্ৰীঃত মহম্মদৰ মক্কাতে মৃত্যু হৈছিল। পিছত তেওঁক মদিনাতে কবৰস্থ কৰা হৈছিল। উল্লেখযোগ্য যে হজৰত মহম্মদৰ মৃত্যুৰ প্ৰায় এশ বছৰ পিছত তেওঁৰ শিষ্য বা খলিফা সকলে পুৰণি বিশ্বৰ প্রায় আধা অংশ দখল কৰিছিল আৰু সেই ঠাই বিলাকত ইছলাম ধর্ম প্ৰচাৰ কৰিবলৈ সক্ষম হৈছিল।
হজৰত মহম্মদে সেই সময়ৰ সমাজৰ অৱহেলিত শ্ৰেণীটোৰ প্ৰতি বিশেষ মনোযোগ দিছিল। ফলত এই লোকসকলে তেওঁৰ প্ৰতি আস্থা প্রকাশ কৰিছিল। ইয়াৰ উপৰি মহম্মদৰ দৃঢ় ধর্মীয় নীতি আৰু কঠোৰ নিয়মাৱলীয়েও সমাজৰ সাধাৰণ জনসাধাৰণৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছিল।
প্রশ্ন ২ : ইছলাম ধৰ্মৰ মূলমন্ত্ৰবোৰ কি আছিল? আলোচনা কৰা।
উত্তৰ : ইছলাম ধৰ্মৰ কিছুমান নির্দিষ্ট নীতি-নিয়ম আছিল। অর্থাৎ ধর্মীয় দিশত জনসাধাৰণৰ প্ৰতি কিছুমান নীতি-নির্দেশনা জাৰি কৰা হৈছিল। এই নীতি-নিয়মবোৰ হ’ল-
(ক) ইছলাম ধর্মই এক ঈশ্বৰৰ ওপৰত বিশ্বাস কৰিছিল।
(খ) হজৰত মহম্মদক আল্লা বা ঈশ্বৰৰ প্ৰধান দূত বুলি গণ্য কৰা হৈছিল।
(গ) প্রতিদিনে পাঁচবাৰকৈ নামাজ পঢ়ি আল্লাক স্মৰণ কৰিব লাগিছিল।
(ঘ) সমাজৰ দুখীয়া-দৰিদ্ৰক দান (জাকাত) দিয়া।
(ঙ) ৰমজান মাহটো সম্পূর্ণ উপবাসে থকা।
(চ) মক্কালৈ তীর্থস্থান দৰ্শনৰ কাৰণে যোৱা।
(ছ) কোৰাণ পুথিখনক ইছলাম ধৰ্মৰ পবিত্র গ্রন্থ বুলি ঘোষণা কৰা হৈছিল।
(জ) ইছলাম ধর্ম মূর্তি পূজাৰ ঘোৰ বিৰোধী আছিল।
(ঝ) ইছলাম ধর্ম যিকোনো ধৰণৰ ৰাগীয়াল দ্রব্য বস্তুবোৰৰ ঘোৰ বিৰোধী আছিল।
(ঞ) ইছলাম ধর্ম সমাজত সমতা বিচাৰিছিল। বিশেষ ধৰ্মগুৰুৰ অস্তিত্ব মানি লোৱা নাছিল।
(ট) ইছলাম ধর্মই শ্রেণী বিভাজন আৰু সমাজত বৈষম্যবাদৰ বিৰোধী আছিল।
(ঠ) আইনৰ দৃষ্টিত সকলোৱে সমান হোৱাটো ইছলাম ধৰ্মৰ আন এক মূলমন্ত্র আছিল।
প্রশ্ন ৩ : ইছলামীয় ভূ-খণ্ডৰ বিষয়ে আমি জানিবলৈ কি উৎসৰ সহায় ল’ব লাগিব? আলোচনা কৰা।
অথবা
ইছলামীয় ভূ-খণ্ডৰ বিষয়ে জনাৰ ক্ষেত্ৰত বিভিন্ন উৎস সমূহৰ বিষয়ে আলোচনা কৰা।
উত্তৰ : ইছলামীয় সম্প্রদায়টোৰ শিপা এটি সু-সংহত অতীতৰ সৈতে জড়িত আছিল। তাৰ উন্মোচন ঘটিছিল আজিৰ পৰা প্ৰায় চৈধ্যশ বছৰ পূৰ্বে। এই ইছলাম সভ্যতা ইজিপ্তৰ পৰা আফগানিস্তানলৈ সম্প্ৰসাৰণ ঘটিছিল। ৬০০ৰ পৰা ১২০০ খ্রীঃলৈ বিস্তৃত কালছোৱাৰ ভিতৰত উক্ত ভূ-খণ্ডই আছিল ইছলামীয় সভ্যতাৰ চাবেক ভূমি। ইয়াত ইছলাম শব্দটো অকল সেই ধর্মক বুজাবলৈ ব্যৱহাৰ কৰা হোৱা নাই। এই শব্দৰ জৰিয়তে এই সভ্যতাৰ সমাজ আৰু সংস্কৃতিকো বুজোৱা হৈছে।
ইছলাম সভ্যতাৰ বিভিন্ন দিশ জানিবলৈ হ’লে আমি এই দিশত কিছুমান উৎস বা সমল পাওঁ। তলত ইয়াৰ সমল সমূহৰ বিষয়ে আলোচনা কৰা হ’ল-
(ক) ধাৰাবাহিক বিৱৰণ আৰু ঐতিহাসিক পুথি : নানা ধৰণৰ ধাৰবাহিক বিৱৰণ আৰু সেই সময়ত ৰচনা কৰা ইতিহাস সমূহৰ জৰিয়তে ৬০০ৰ পৰা ৭২০০ খ্ৰীঃলৈ ইছলাম সভ্যতাৰ বিষয়ে জানিব পাৰি। সেই সময়ত নানা ধৰণৰ বিৱৰণ আৰু ঐতিহাসিক পুথি সংগ্রহ আৰু ৰচনা কৰা হৈছিল। লিখনিৰ জৰিয়তে ঘটনা সমূহৰ ধাৰবাহিক বিৱৰণ দিয়া হৈছিল বিশেষকৈ মধ্য যুগৰ মুছলমান লেখকসকলে তেওঁলোকৰ নানা ধৰণৰ লেখনিৰ জৰিয়তে ইছলাম ধৰ্ম আৰু সভ্যতাৰ বিষয়ে নানা তথ্যৰ সন্ধান দিছে। সেই সময়ৰ বিখ্যাত লেখক টাৱাৰিৰ টাৱাৰিখ (Tawarikh) নামৰ পুথিখন আছিল ইছলাম সভ্যতা জনাৰ বিষয়ে শ্রেষ্ঠ পুথি। এই পুথিখন ইংৰাজী ভাষালৈ ৩৮ টা খণ্ডত তর্জমা বা অনুবাদ কৰা হৈছিল। ইয়াৰ উপৰি কিছুমান পাঠ্যপুথি, ভূগোল বিষয়ক পুথি আদিৰ পৰাও ইছলাম সভ্যতাৰ বিষয়ে সম্যক জ্ঞান লাভ কৰিব পাৰো।
(খ) বিভিন্ন নথি-পত্র : নানা ধৰণৰ নথি-পত্ৰৰ পৰাও আমি ইছলাম সভ্যতাৰ বিষয়ে জানিব পাৰো। এই নথি-পত্ৰৰ ভিতৰত গ্ৰীক, আৰবী আৰু গজনী ৰাজ্যত উদ্ধাৰ হোৱা নথি-পত্ৰসমূহ আছিল অতি উল্লেখযোগ্য। বিশেষকৈ গ্ৰীক সকলৰ লেখনিৰ পৰাও ইছলামীয় সভ্যতাৰ বিষয়ে বহুতো তথ্য পোৱা যায়।
(গ) শিল্প, স্থাপত্য-ভাস্কর্য আৰু মুদ্রা : সেই সময়ত খনন কাৰ্যৰ দ্বাৰা উদ্ধাৰ হোৱা নানা ধৰণৰ মূৰ্তি, মুদ্রা আদিৰ পৰাও ইছলাম সভ্যতাৰ বিষয়ে জানিব পাৰি। বিশেষকৈ মৰুভূমি অঞ্চলত খনন কাৰ্যৰ ফলত লাভ কৰা মুদ্রা, পুৰালিপি আদি সমলসমূহ অর্থনৈতিক আৰু কলা-কৃষ্টিৰ ইতিহাস চৰ্চাৰ বাবে অনুকূল হোৱাৰ উপৰিও নাম আৰু চন-তাৰিখ নিৰ্ণয়ৰ বাবে অপৰিহাৰ্য।
(ঘ) উনৈশ আৰু কুৰি শতিকাৰ ঐতিহাসিক গৱেষণা কার্য : উনৈশ আৰু কুৰি শতিকাত জার্মানী আৰু নেদাৰলেণ্ডৰ বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলে ইছলামৰ প্ৰকৃত ইতিহাস ৰচনা কৰাৰ কাম আৰম্ভ কৰে। আনহাতে, মধ্যপ্রাচ্য আৰু ইজিপ্তৰ প্ৰতি সৃষ্টি হোৱা উপনিবেশিক স্বাৰ্থৰ কাৰণে ফৰাচী আৰু ইংৰাজ গৱেষকসকলেও ইছলাম ইতিহাস চৰ্চাৰ প্ৰতি মনোযোগ দিয়ে। ইছলামৰ সৈতে খ্ৰীষ্টান ধৰ্মৰ তুলনা কৰাটোৱে মূল লক্ষ্য আছিল যদিও ইছলাম ধৰ্মৰ প্ৰতি খ্ৰীষ্টান পুৰোহিত সকলৰ মনোযোগ আকৰ্ষণ কৰিছিল। তেওঁলোকও ইছলাম ধৰ্মৰ ওপৰত ভালেমান ভাল গ্রন্থ ৰচনা কৰিছিল। এই পণ্ডিত সকলৰ আৰবী আৰু পাচী ভাষাৰ বুৎপত্তি আছিল। তেওঁলোকে উক্ত ভাষা সমূহত ৰচিত ভালেমান মূল গ্রন্থৰ মূল্যবান টিকা-ভাষা প্রস্তুত কৰিছিল। এই পণ্ডিত সকলক সাধাৰণতে প্রাচ্যতত্ববিদ বুলি কোৱা হৈছিল। এই পণ্ডিতসকলে নতুন নতুন আনুষংগিক বিষয় যেনে অর্থনীতি, নৃতত্ত্ব আৰু পৰিসংখ্যা আদি সন্নিবিষ্ট কৰি ইছলাম ইতিহাসৰ পৰিসৰ বৃদ্ধি কৰিছিল। মুঠতে এই পণ্ডিতসকলে ইছলাম ইতিহাস চৰ্চাৰ দিশত এক নতুন মাত্রা প্রদান কৰিছিল।
প্রশ্ন ৪ : চুফীবাদৰ বিষয়ে চমুকৈ আলোচনা কৰা।
উত্তৰ : ইছলাম সভ্যতাৰ মধ্যভাগত মুছলমান সমাজৰ এদল অত্যন্ত ধর্মীয় লোকে বৈৰাগ্য আৰু ইন্দ্ৰিয়াতীত সাধনাৰ মাধ্যমত ঈশ্বৰ বা আল্লাহ সম্পৰ্কে গভীৰ জ্ঞান আয়ত্ত কৰাৰ কাৰণ চেষ্টা কৰিছিল। তেওঁলোকে চুফী নামে জনা গৈছিল। মুছলমান সমাজখন যিমানেই বৈষয়িক সম্পদ আহৰণৰ বাবে চেষ্টাত ব্ৰতী হৈছিল, সিমানেই চুফী সাধু-সন্তসকলে সংস্কাৰ ত্যাগ কৰি ঈশ্বৰ বা আল্লাৰ ওচৰত নিজকে সপি দিছিল। অষ্টম আৰু নৱম শতিকাত অদ্বৈতবাদ আৰু প্ৰেমৰ ধাৰণাৰ মাধ্যমত বৈৰাগ্যবোধক এক উচ্চ স্তৰৰ ৰহস্যবাদলৈ উন্নীত কৰা হৈছিল। অদ্বৈতবাদৰ অৰ্থ হ’ল সকলো বস্তু ঈশ্বৰৰ সৈতে এক হৈ যোৱা। আন কথাত মানৱাত্মা বা ঈশ্বৰৰ সৈতে অভিন্নভাৱে বিলীন হৈ যাবই লাগিব। কেৱল ঈশ্বৰৰ প্ৰতি গভীৰ প্ৰেমৰ জৰিয়তেহে তেওঁৰ সৈতে মিলি যাব পাৰি। এই কথাটো বাছৰা নামে ঠাইৰ মহিলা চুফী-সন্ন্যাসিনী ৰাবিয়াই প্ৰচাৰ কৰিছিল। পিছত ইৰাণৰ এজন চুফী সাধকে পোনতে ভগৱানৰ সৈতে আত্মাৰ মিলৰ তত্ব কথা প্ৰচাৰ কৰিছিল। চুফী সাধু-সন্তসকলে মানুহৰ মনত আনন্দৰ জোৱাৰ তোলাৰ কাৰণে আৰু প্ৰেম আৰু আসক্তিৰ প্ৰতি উত্তেজনাৰ সৃষ্টি কৰিবলৈ গান বাজনা বা সংগীতৰ আশ্রয় লৈছিল।
চুফী মতবাদ অনুসৰি সমাজৰ সকলো স্তৰত পুৰুষ মহিলাৰ সম অধিকাৰ আছিল। আনকি বহুতো চুফী মহিলাৰ পৰা ইছলামৰ জ্ঞান লাভ কৰিছিল।
প্রশ্ন ৫: আবাছিদসকল কোন আছিল? তেওঁলোকৰ দ্বিসীমা সম্পর্কে আলোচনা কৰা।
উত্তৰ: উমেইড সকলৰ পিছত আৰবত আব্বাছিদ সকলে শাসন কাৰ্য পৰিচালনা কৰিছিল। আব্বাছিদসকল হজৰত মহম্মদৰ খুড়াকৰ বংশধৰ আছিল। অর্থাৎ তেওঁলোক মক্কামূলৰ লোক আছিল।
আবৃাছিদসকলে উমেইড সকলৰ শাসনকাল মুঠেই ভালপোৱা নাছিল। কাৰণ তেওঁলোকে উমেইড সকলৰ শাসন আপদীয় বুলি অভিহিত কৰিছিল। সেয়ে তেওঁলোকে জনসাধাৰণক প্ৰকৃত ইছলামৰ পুনৰ প্ৰতিষ্ঠাৰ প্ৰতিশ্রুতি দিছিল।
ইতিমধ্যে উমেদসকলৰ শাসনে আৰবৰ জনসাধাৰণক অসন্তুষ্ট কৰি তুলিছিল।
খোৰছানত থকা আৰবমূলৰ লোকসকলেও উমেইড শাসনক ঘৃণা কৰিছিল। কাৰণ তেওঁলোকে সকলো ধৰণৰ চৰকাৰী সা-সুবিধা আৰু কৰ ব্যৱস্থাৰ পৰা ৰেহাই পোৱা নাছিল।
এনে অৱস্থাৰ সুযোগ গ্রহণ কৰি শেষত আব্বাছিদ সকলে উমেইড বিৰোধী বিভিন্ন গোটক সংগঠিত কৰিছিল আৰু তেওঁলোক ক্ষমতাৰ অধিকাৰী হোৱাৰ কাৰণে দৃঢ় হৈছিল। আব্বাছিদসকলে নিপীড়িত জনসাধাৰণক উমেইডসকলৰ কবলৰ পৰা ৰক্ষা কৰিব বুলি প্রতিশ্রুতি দিছিল।
এনেদৰে এক শক্তিশালী সৈন্যবাহিনী গঠন কৰাৰ পিছত আৰ্বাছিদসকলে আবু মুছলিম নামৰ দাস এজনৰ নেতৃত্বত উমেইডসকলৰ বিৰুদ্ধে দ্বিন্দ্বীজয় আৰম্ভ কৰে। তেওঁৰ নেতৃত্বত উমেইড বংশৰ শেষ খলিফা মাৰৱানক ‘জার’ নামৰ নদীৰ পাৰৰ এখন যুদ্ধত পৰাজিত কৰে। এনেদৰে ৭৫০ খ্ৰীঃত উমেইড শাসনৰ পতন ঘটিছিল আৰু আৰবত আব্বাছিদসকলে এক নতুন ৰাজবংশ স্থাপন কৰিছিল।
আব্বাছিদ শাসনৰ আমোলত আৰবৰ ঠাইত ইৰাণীয়ান সংস্কৃতিৰ গুৰুত্ব বৃদ্ধি পাইছিল। আব্বাছিদসকলে নতুনকৈ বাগদাদত ৰাজধানী স্থাপন কৰিছিল। ইৰাক আৰু খোৰচানৰ ব্যাপক অংশ গ্ৰহণৰ পথ সুগম কৰাৰ কাৰণে অজনজাতীয় আদৰ্শৰ আধাৰত সামৰিক বাহিনী আৰু শাসন ব্যৱস্থা গঢ়ি তুলিছিল। তেওঁলোক ইছলাম সংস্কৃতিক আগুৱাই নিয়াৰ কাৰণে পণ্ডিতসকলৰ পৃষ্ঠপোষকতা কৰিছিল। অৱশ্যে তেওঁলোকে শাসন ব্যৱস্থা পূৰ্বৰ পৰা চলি অহা নিয়মৰ কোনো পৰিৱৰ্তন সাধন কৰা নাছিল।
প্রশ্ন ৬ : ক্রচ্ছেদ বা ধর্ম যুদ্ধ বুলিলে কি বুজা? ক্ৰচ্ছেদ বা ধৰ্মযুদ্ধবোৰৰ চমু ইতিহাস বর্ণনা কৰা।
উত্তৰ : ইছলাম ধৰ্মক কেন্দ্ৰ কৰিয়ে ইছলাম সভ্যতা গঢ়ি উঠে। হজৰত মহম্মদ ৬৩২ খ্রীঃত স্বর্গীয় হয়। সেই সময়ৰ পৰাই প্রায় এশ বছৰৰ ভিতৰত সমগ্ৰ আৰব জাতি ঐক্যবদ্ধ হৈ এখন বিশাল সাম্রাজ্য গঢ়ি তোলে। এই বিশাল সাম্ৰাজ্যৰ ভিতৰত যীচুখ্ৰীষ্টৰ জন্মভূমি বেথেলহাম বা বৰ্তমানৰ পেলেষ্টাইনো (কনষ্টান্টিনোপল) মুছলমান সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হৈছিল। সেয়ে যীচুৰ জন্মস্থান বা পবিত্র ভূমি পেলেষ্টাইন উদ্ধাৰৰ কাৰণে ইউৰোপৰ খ্ৰীষ্টানসকল ক্রমে এঘাৰশ-বাৰশ আৰু তেৰশ শতিকাৰ ভিতৰত মুছলমান সকলৰ লগত কে’বাবাৰো সামৰিক সংঘৰ্ষত মিলিত হৈছিল। ইয়াকে ধর্মযুদ্ধ বা ক্রচ্ছেদ যুদ্ধ বুলি কোৱা হয়। খ্রীষ্টান ধৰ্মৰ লোকসকলে ক্ৰছ চিহ্নটো পৰিধান কৰি মুছলমানৰ বিৰুদ্ধে যুদ্ধ কৰিছিল কাৰণে ইয়াক সাধাৰণতে ক্ৰছেদ বুলি কোৱা হয়।
১০৯৫ খ্ৰীঃৰ পৰা ১২৭০ খ্ৰীঃৰ ভিতৰত কে’বাখনো ধর্ম যুদ্ধ হৈছিল। এই ধর্ম যুদ্ধৰ সময়ত এনেকুৱা মতবাদ প্ৰচাৰ হৈছিল যি লোকে এই যুদ্ধত অংশ গ্রহণ কৰিব, তেওঁলোক সকলো ধৰণৰ পাপৰ মুক্তি পাব। ফলত হেজাৰ হেজাৰ লোকে এই ধর্ম যুদ্ধত অংশ গ্রহণ কৰিছিল। ৰজা মহাৰজা আৰু সম্ভ্রান্ত বংশৰ লোকসকলে নিজৰ নিজৰ সম্পত্তি বিক্ৰী কৰি একো একোটা সৈন্য বাহিনী গঠন কৰি যুদ্ধত অংশ গ্রহণ কৰিছিল। ক্ৰচ্ছেদ বা ধৰ্ম যুদ্ধত অংশ গ্রহণ কৰা ৰজাসকলৰ ভিতৰত ইংলেণ্ডৰ ৰজা প্রথম ৰিচাৰ্ডৰ নাম বিশেষভাবে উল্লেখযোগ্য।
পোন প্ৰথমে তুৰস্কৰ লোকসকলে কনষ্টান্টিনোপল আক্রমণ কৰে। তেওঁলোক অতি সমৰ কৌশলী আছিল। গতিকে তেওঁলোকক পৰাজয় কৰাৰ কাৰণে দ্বিতীয় পোপ আৰবানে খ্ৰীষ্টান সকলৰ সহায়-সহযোগিতা কামনা কৰে। ইয়াৰ উপৰি তেওঁ জেৰুজালেম উদ্ধাৰৰ কাৰণেও খ্ৰীষ্টান সমাজক আহ্বান জনায়। কাৰণ যীচুৰ জন্মস্থান হিচাপে জেরুজালেমৰ প্ৰতি খ্ৰীষ্টান সকলৰ অগাধ ভক্তি আছিল। কনষ্টান্টিনোপল আৰু জেরুজালেম উদ্ধাৰৰ কাৰণে যি যুদ্ধ কৰা হৈছিল সেই যুদ্ধক প্রথমখন ধর্ম যুদ্ধ বুলি কোৱা হৈছিল।
প্রথম ক্রচ্ছেদ বা ধৰ্ম যুদ্ধ : ১০৯৭ চনৰ পৰা ১০৯৯ চনলৈ প্রথম ধর্ম যুদ্ধ চলিছিল। এই যুদ্ধত তুৰস্ক বাহিনীৰ পৰাজয় ঘটে। ফলত ধর্মযোদ্ধা সকলে জেৰুজালেম উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অৱশ্যে এই যুদ্ধত ভালেমান খ্রীষ্টান সৈন্যৰ মৃত্যু ঘটে।
দ্বিতীয় ক্রচ্ছেদ বা ধর্ম যুদ্ধ : প্রথম ধর্ম যুদ্ধৰ পিছত মুছলমান সকলৰ মাজত একতা ভাব জাগি উঠে। তেওঁলোক একগোট হৈ খ্ৰীষ্টান সকলৰ বিৰুদ্ধে যুদ্ধৰ প্ৰস্তুতি চলায়। ১১৪৪ খ্রীঃত তেওঁলোকে হঠাৎ ‘ইদেছা চহৰ’ দখল কৰে। এয়া হ’ল দ্বিতীয় ধর্ম যুদ্ধ। আনহাতে, ইউৰোপৰ খ্ৰীষ্টান সকলৰ সহায়-সহযোগ নোপোৱাৰ কাৰণে এইবাৰ ধৰ্মাযোদ্ধা সকলে মুছলমান সকলৰ আক্ৰমণ প্রতিহত কৰিব নোৱাৰিলে। ফৰাচী আৰু জার্মানী আগবাঢ়ি আহিছিল যদিও দুয়োটা সৈন্য বাহিনীয়ে একগোট হৈ যুদ্ধ কৰিব নোৱাৰিলে। এইদৰে দ্বিতীয় ধৰ্ম যুদ্ধত খ্রীষ্টানসকলে সফলতা লাভ কৰিব নোৱাৰিলে। জেৰুজালেম পুনৰ মুছলমানৰ অধীনলৈ যায়।
তৃতীয় ধর্ম যুদ্ধ : জেৰুজালেমৰ পতনৰ ফলত ইউৰোপৰ নেতা সকলক হতাশ কৰিছিল। সেয়ে এইবাৰ পুনৰ ফ্রান্স, ইংলেণ্ড আৰু জার্মানীয়ে জেৰুজালেম উদ্ধাৰৰ কাৰণে চেষ্টা চলায়। এই উদ্দেশ্যে তেওঁলোকে সৈন্যদল প্ৰেৰণ কৰে। কিন্তু এইবাৰো তেওঁলোকে মুছলমানৰ বিৰুদ্ধে সমূহীয়াভাৱে যুদ্ধ কৰাত ব্যর্থ হয়। কাৰণ ফ্রান্স আৰু ইংলেণ্ডৰ মাজত বিবাদ চলি আহিছিল। আনহাতে, জার্মানীৰ ৰজা ফ্রেডেৰিকে যাত্রা কালতে পানীৰ ডুবি মৰে। তথাপি খ্ৰীষ্টানসকলে মুছলানৰ বিৰুদ্ধে সংগ্ৰামত লিপ্ত হয়।
কিন্তু এইবাৰো সফলতা লাভ কৰাত ব্যর্থ হয়। এইদৰে তৃতীয় ক্ৰচ্ছেদতো ধৰ্মযোদ্ধা সকল বিফল মনোৰৰ্থ হ’ব লগা হয়।
চতুর্থ ধৰ্ম যুদ্ধ : ইয়াৰ পিছত পোপ তৃতীয় ইমোচেন্টে চতুৰ্থ ক্ৰচ্ছেদৰ সৃষ্টি কৰে। কিন্তু এইবাৰ ধৰ্মৰ স্বাৰ্থত মানুহে যুদ্ধত অৱতীর্ণ হোৱাৰ কাৰণে ইচ্ছা কৰা নাছিল। তথাপিও ফ্ৰান্সৰ এদল ল’ৰা-ছোৱালীৰ নেতৃত্বত ১২১২ খ্রীঃত ক্রচ্ছেদত অৱতীর্ণ হোৱাৰ কাৰণে যাত্ৰা কৰে। কিন্তু এইবাৰো ধৰ্ম যুদ্ধত খ্রীষ্টানসকল বিফল হয়।
পঞ্চম ক্ৰচ্ছেদ : ইয়াৰ পিছত পঞ্চম ক্ৰচ্ছেদ আৰম্ভ হয়। এইবাৰ ধৰ্মযোদ্ধাসকল জেৰুজালেমৰ পৰিৱৰ্তে নীল নদীৰ মোহনাত থকা দামিয়তা চহৰ অৱৰোধ কৰি দখল কৰো। তেতিয়া চুলতানে দামিয়তাৰ পৰিৱৰ্তে জেৰুজালেম দিয়াৰ প্ৰস্তাৱ দিয়ে। কিন্তু দুয়োপক্ষ ঐক্যমতত উপনীত হ’ব নোৱাৰিলে। তথাপিও এইবাৰ পোপে মুছলমান সকলৰ লগত সন্ধি কৰি জেৰুজালেম, বেথেলহাম আদি ঠাই সমূহ মুছলমান সকলৰ কবলৰ পৰা মুক্ত কৰে।
ইয়াৰ পিছত ক্ৰমে ১২৪৯ খ্রীঃত ষষ্ঠ ক্রচ্ছেদ আৰু ১২৬৭ খ্রীঃত সপ্তম ক্রচ্ছেদ আৰম্ভ হৈছিল। কিন্তু মুছলমান সকলৰ শক্তি বৃদ্ধি হৈ অহাৰ ফলত পুনৰ জেৰুজালেম, বেথেলহাম আদি ঠাইবোৰ মুছলমান সকলৰ নিয়ন্ত্রণলৈ যায়। ফলত ধর্ম যুদ্ধ বিফল হয়। অর্থাৎ খ্রীষ্টান সকলৰ পৰাজয় ঘটে।
প্রশ্ন ৭ : বিজ্ঞানৰ বিভিন্ন দিশৰ অগ্ৰগতিৰ দিশত মুছলমান সকলৰ বৰঙণিৰ বিষয়ে আলোচনা কৰা।
উত্তৰ: দশম শতিকাৰ প্ৰথম ভাগত আৰবৰ মুছলমানসকলে বিজ্ঞানৰ অগ্ৰগতিৰ দিশত বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। জ্যামিতি, বীজগণিত, ভূগোল, জ্যোতিষশাস্ত্ৰ, ৰসায়ন, ঔষধি আদি নানা দিশত অনুসন্ধানমূলক কাৰ্যৰ জৰিয়তে উক্ত বিষয়সমূহৰ উন্নতিৰ দিশত যথেষ্ট সফলতা লাভ কৰিছিল। এই বিষয়সমূহত বহুতো বিজ্ঞানৰ পণ্ডিতে নিজকে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল।
গ্রীক দৰ্শন আৰু বিজ্ঞানৰ দ্বাৰা প্ৰভাৱান্বিত হৈ মুছলমান দার্শনিক আৰু বৈজ্ঞানিকসকলে ঈশ্বৰ আৰু বিশ্ব চৰাচৰৰ এক বিকল্প তত্ত্বৰ সন্ধান দিছিল। আলেকজেন্দ্ৰীয়া, ছিৰিয়া আৰু মেছোপটেমিয়াৰ পঢ়াশালিবোৰত অন্যান্য বিষয়ৰ লগতে গ্রীক দর্শন, অংক শাস্ত্ৰ আৰু চিকিৎসা বিজ্ঞানৰ শিক্ষা দিয়া হৈছিল। উমেইড আৰু আব্বাছিদ খলিফাসকলে গ্রীক পণ্ডিতৰ দ্বাৰা গ্ৰীক আৰু ছাইৰিয়ান ভাষাত লিখিত গ্রন্থসমূহ আৰবী ভাষালৈ অনুবাদ কৰি জনসাধাৰণক অধ্যয়নৰ সুবিধা কৰি দিছিল। খলিফা অল-মামুনৰ আমোলত অনুবাদ কার্যটো এক দু-সংগঠিত কাৰ্যত পৰিণত হৈছিল। তেওঁ বাগদাদত এটি বিখ্যাত পুথিভঁড়াল আৰু এটি বিজ্ঞান শিক্ষা কেন্দ্র স্থাপন কৰিছিল। এই কেন্দ্ৰসমূহত বহু লোকে অধ্যয়ন কৰিছিল। এৰিষ্টটলৰ সমূহ গ্ৰন্থৰাজি, ইউক্লিডৰ উপপাদ্য, টলেমিৰ ‘Almagest’ আদি গ্রন্থসমূহ পোন প্ৰথমবাৰৰ বাবে আৰবী ভাষালৈ অনুবাদ কৰিছিল। এনে অনুবাদ কার্যই বিজ্ঞানৰ অগ্রগতিক এক নতুন মাত্রা প্রদান কৰিছিল। সেই একে সময়তে জ্যোতিষ বিজ্ঞান, অংক শাস্ত্ৰ আৰু চিকিৎসা বিজ্ঞান সম্পৰ্কীয় ভাৰতীয় গ্রন্থসমূহ আৰবী ভাষালৈ অনুবাদ কৰা হৈছিল। এই গ্রন্থসমূহ ইউৰোপতো বিশেষ সমাদাৰ লাভ কৰিছিল। সেই বিলাকে দর্শন আৰু বিজ্ঞান সম্পর্কে মানুহৰ মনত আগ্ৰহৰ সৃষ্টি কৰিছিল। মুছলমান খলিফাসকলে জাতি-বর্ণ নির্বিশেষে শিক্ষাৰ দিশত সকলো লোককে সমান ক্ষমতা প্রদান কৰিছিল। খলিফা হাৰুণ ৰছিদে হিন্দু চিকিৎসকৰ পৰাও পৰামৰ্শও গ্ৰহণ কৰিছিল। আনকি তেওঁ বহুতো হিন্দু পণ্ডিতক বিজ্ঞান আৰু ডাক্তৰী বিষয়ত অধ্যয়ন আৰু অনুসন্ধানৰ কাৰণে ভাৰতলৈ প্ৰেৰণ কৰিছিল।
1 thought on “মধ্য ইছলামীক দেশ | AHSEC Class 11 History Chapter 4 Question Answer Assamese Medium 2025-2026 | Class 11 History Question Answer Assamese Medium | HS 1st Year History Solution | HS 1st Year History Chapter 4 Question Answer Assamese Medium | উচ্চতৰ মাধ্যমিক বুৰঞ্জী | Higher Secondary First Year History Very Important Notes”