BA 1st Semester Geography Chapter 2 Question Answer Assamese Medium 2025 | ভূ-আকৃতি তত্ত্ব পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ | BA 1st Semester Geography | BA 1st Semester Geography Unit 2 Question Answer Assamese Medium 2025 | BA 1st Sem Geography | ভূ-আকৃতি তত্ত্ব (Geomorphology)
Unit : 2
ভূ-আকৃতি তত্ত্ব (Geomorphology)
► অতি চমু প্রশ্নোত্তৰ :
১। ‘ভূ-আকৃতিতত্ত্ব’ কি?
উত্তৰ: প্রাকৃতিক ভূগোলৰ যিটো শাখাত ভূ-পৃষ্ঠৰ উৎপত্তিৰ পৰা আৰম্ভ কৰি ইয়াৰ প্রতিবিধ স্থলাকৃতি বা প্রাকৃতিক অৱয়বৰ উৎপত্তি, বিকাশ, পৰিৱৰ্তন, বিতৰণ, শ্ৰেণী বিন্যাস আৰু ইয়াৰ লগত জড়িত কাৰকসমূহৰ পূৰ্ণ ব্যাখ্যা কৰা হয় তাকে ‘ভূ-আকৃতিতত্ত্ব’ বুলি কোৱা হয়।
২। নদীৰ তিনিটা কাৰ্য উল্লেখ কৰা।
উত্তৰ: নদীৰ তিনিটা কার্য হ’ল-
(ক) খনন
(খ) পৰিবহণ আৰু
(গ) অবক্ষেপণ
৩। ৰাসায়নিক বিচূর্ণীভৱনত কি কি ক্রিয়াই সহায় কৰে?
উত্তৰ : ৰাসায়নিক বিচূর্ণীভৱনত সহায় কৰা ক্ৰিয়াবোৰ হ’ল-
(ক) জাৰণ
(খ) অংগাৰীকৰণ আৰু
(গ) আৰ্দ্ৰকৰণ।
৪। বতাহে তিনিটা পদ্ধতিৰে খনন কাৰ্য সম্পাদন কৰে। সেইকেইটা কি কি?
উত্তৰ: অৱনমন, অপঘৰ্ষণ আৰু সংনিঘর্ষণ।
৫। ধৰাপৃষ্ঠৰ স্থলাবয়ববোৰক কি কি পৰ্যায়ত বিভক্ত কৰা হয়?
উত্তৰঃ ধৰাপৃষ্ঠাৰ স্থলাৱয়ববোৰক তলৰ পৰ্যায়বোৰত বিভক্ত কৰা হৈছে-
(ক) প্রথম পৰ্যায়ৰ স্থলাবয়ব
(খ) দ্বিতীয় পর্যায়ৰ স্থলাৱয়ব
(গ) তৃতীয় পৰ্যায়ৰ স্থলাবয়ব।
৬। আন্তঃশৈলীৰ মালভূমি কাক বোলে? এটি উদাহৰণ দিয়া।
উত্তৰঃ চাৰিওফালে পৰ্বতে আগুৰি ৰখা মালভূমিক আন্তঃশৈলী মালভূমি বোলে। তিবৃত হ’ল এনে মালভূমিৰ এটা উদাহৰণ।
S.No | BA 1st Semester Geography Solution – All Units |
---|---|
1 | প্রাকৃতিক ভূগোল-বিজ্ঞানৰ বিবর্তন আৰু বিকাশ (Evolution and Growth of Physical Geography) |
2 | ভূ-আকৃতি তত্ত্ব (Geomorphology) |
3 | জলবায়ু বিজ্ঞান (Climatology) |
4 | সমুদ্র বিজ্ঞান (Oceanography) |
5 | জীৱ-ভূগোল (Biogeography) |
৭। হ্রদীয় সমভূমি কাক বোলে? উদাহৰণ দিয়া।
উত্তৰঃ হ্ৰদৰ তলিত অৱক্ষেপ জমা হৈ যি সমভূমিৰ সৃষ্টি হয় তাকে হ্রদীয় সমভূমি বোলা হয়। কাশ্মীৰ উপত্যকা আৰু মণিপুৰ অৱবাহিকা হ্ৰদীয় সমভূমিৰ উদাহৰণ।
৮। বিৱৰ্তনিক ভূ-আন্দোলন কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ বিৱৰ্তনিক ভূ-আন্দোলন দুই প্ৰকাৰৰ। সেয়া হ’ল-
(ক) মহীভাৱক আন্দোলন আৰু
(খ) গিৰিজনী আন্দোলন।
৯। ভংগিল পৰ্বতৰ উৎপত্তি কি ধৰণৰ ভূ-আন্দোলনৰ বাবে হয়?
উত্তৰ: ভংগিল পৰ্বতৰ উৎপত্তি গিৰিজনী আন্দোলনৰ বাবে হয়।
১০। পৃথিৱীৰ অন্তৰ ভাগৰ কেন্দ্ৰ অংশ বা গুৰুমণ্ডল কি কি পদাৰ্থৰে গঠিত?
উত্তৰ: (ক) নিকেল আৰু (খ) লোৰে গঠিত।
► চমু প্রশ্নোত্তৰ :
১। ‘ভূ-আকৃতিতত্ত্ব’ মানে কি?
উত্তৰ: প্রাকৃতিক ভূগোলৰ যিটো শাখাত ভূ-পৃষ্ঠৰ উৎপত্তিৰ পৰা আৰম্ভ কৰি ইয়াৰ প্রতিবিধ স্থলাকৃতি বা প্রাকৃতিক অৱয়বৰ উৎপত্তি, বিকাশ, পৰিৱৰ্তন, বিতৰণ, শ্ৰেণী বিন্যাস আৰু ইয়াৰ লগত জড়িত কাৰকসমূহৰ পূৰ্ণ ব্যাখ্যা কৰা হয় তাকে ‘ভূ-আকৃতিতত্ত্ব’ বুলি কোৱা হয়। মূলতঃ প্রাকৃতিক ভূগোলৰ এই শাখাটোৱে ভূ-পৃষ্ঠৰ অশ্মমণ্ডলৰ (lithosphere) বিবিধ কথাৰ বিজ্ঞানভিত্তিক বিশ্লেষণ কৰে। ইংৰাজীত ভূ-আকৃতিতত্ত্বৰ সংজ্ঞা দিছে এনেদৰে ‘Geomorphology is the interpretatine description of the relief features of the earth.’ গতিকে ভূ-আকৃতিতত্ত্বৰ এই সংজ্ঞাৰ পৰা ভালদৰে বুজিব পাৰি যে প্ৰাকৃতিক ভূগোলৰ এই গুৰুত্বপূৰ্ণ শাখাটোত ভূতত্ত্বকৰ সংৰচনাৰ পৰা আৰম্ভ কৰি ইয়াৰ পৰিৱৰ্তন, পৰ্বত, মালভূমি, সমভূমি আদিৰ কি ধৰণে উৎপত্তি হৈছে আৰু বাহ্যিক আৰু আন্তঃশক্তিৰ প্ৰভাৱত এইবোৰ কি ভাবে পৰিৱৰ্তন হৈ আহিছে এই সকলোবিলাক কথা ভূ-আকৃতিতত্ত্বৰ পাঠত বিতংভাবে আলোচনা কৰা হয়। আলোচ্য বিষয়বস্তুৰ পৰা অনুমান কৰিব পাৰি ‘ভু-আকৃতি তত্ত্ব’ অধ্যয়নৰ গুৰুত্ব ভূগোল বিজ্ঞানৰ অন্যান্য ভাগবোৰৰ সদায়ে ঊর্ধত আছে আৰু থাকিবও। প্রাকৃতিক ভূগোলৰ এই শাখাটোৰ আশানুৰূপ সাফল্যৰ বাবে বৈজ্ঞানিক থর্নবেৰি, উইলিয়াম ম’ৰিচ ডেভিছ, ফিলিপ লেক, মংক হাউছ, পেঙ্ক, এল চি কিং, ওৱেচেষ্টাৰ আদিৰ নাম চিৰস্মৰণীয় হৈ থাকিব। বর্তমান অৱস্থাত ভূ-আকৃতি তত্ত্বৰ পৰিসৰ ইমানেই বৃদ্ধি পাইছে যে ইয়াকো পুনৰ ভিন ভিন শাখাত ভাগ কৰি অধ্যয়ন কৰিবলৈ লোৱা হৈছে।
২। লাহে লাহে হোৱা পৰিবৰ্তনৰ (Uniformitarianism) মতবাদটো কোনে আগবঢ়াইছিল? মতবাদটো কি চমুকৈ লিখা।
উত্তৰঃ স্কটলেণ্ডৰ ভূতত্ববিদ জেম্ছ হাটনে (James Hutton) লাহে লাহে হোৱা পৰিৱৰ্তনৰ মতবাদটো আগবঢ়াইছিল।
লাহে লাহে হোৱা পৰিবৰ্তনৰ (Uniformitarianism) মতবাদটো চাৰলেচ লিয়েলে সমৰ্থন কৰিছিল। তেওঁৰ মতে ওখ ঠাইবোৰ লাহে লাহে চাপৰি গৈ এসময়ত সমান হৈ পৰে। অর্থাৎ ওখ ঠাই যেনেকৈ চাপৰি যায়, চাপৰ ঠাইবোৰো লাহে লাহে ওখ হৈ আহে। এই দুই প্ৰক্ৰিয়াৰ ফলত মহাদেশ (উচ্চভূমি) আৰু মহাসাগৰৰ তলিভাগ (নিম্নভূমি) অসমান হৈ আহিছে আৰু চিৰকাল অসমান হৈ থাকিব।
৩। ভূ-আকৃতি সৃষ্টিত চক্ৰ তত্ত্বৰ ধাৰণা (Davisian concept of landform development) সর্ম্পকে চমুকৈ লিখা।
উত্তৰ: দেখা যায় জীৱ সম্পদৰ দৰে জড় সম্পদবোৰৰো উৎপত্তি ধ্বংস আৰু স্থিতিৰ চক্ৰাকাৰ গতি আছে। জীৱৰ ক্ষেত্ৰত সময়ৰ পৰিমাণ কম হোৱা বাবে, ই সহজে বোধগ্যম হয় আৰু ভূ-আকৃতি গঠন বাধ্বংসৰ ক্ষেত্রত এই সময় ইমানেই দীঘলীয়া যে লাখ লাখ বছৰৰ দীর্ঘ সময়ৰ প্ৰয়োজন হয়।
তুলনামূলকভাবে নদী চক্ৰবোৰৰ সময়সীমা কিছু ছুটি আৰু সেইবাবে তাক বুজিবলৈ অলপ হ’লেও সহজ। নদীচক্ৰবোৰ চলিবলৈ দুটা অৱস্থাৰ প্ৰয়োজন হয়। তাৰ এটা হ’ল ভূখণ্ডৰ ঢাল আৰু আনটো হ’ল বৰষুণৰ প্ৰভাৱ। বৰষুণৰ পৰিমাণ আৰু স্থলভাগৰ ঢালে নদী চক্রক নিয়ন্ত্ৰণ কৰাৰ লগতে, ভূমি সমতায়ো নিয়ন্ত্রণ কার্যত ভাগ লয়। নদীৰ ক্ষেত্ৰত, নদীয়ে তলৰ ফালে মাত্র ভূমি সমতললৈকেহে খনন কাৰ্য চলাব পাৰে। তাৰ পাছত নদীৰ খন্দা-পোতা দুয়ো কার্য বন্ধ হৈ যায়। সাগৰত পৰা নদী হ’লে তাৰ ভূমি সমতল হ’ব সাগৰ পৃষ্ঠ, হ্ৰদত পৰা নদী হ’লে ভূমি-সমতল হ’ব হ্রদ পৃষ্ঠ।
৪। বিচূর্ণীভবন প্ৰক্ৰিয়াৰ প্ৰধান ভাগসমূহ কি কি।
উত্তৰঃ বিচূর্ণীভবন প্রক্ৰিয়াৰ প্ৰধান ভাগসমূহ হ’ল-
(ক) ভৌতিক বা যান্ত্রিক বিচূর্ণীভবন
(খ) ৰাসায়নিক বিচূর্ণীভৱন আৰু
(গ) জৈৱিক অৱক্ষয়।
৫। ভূমিকম্পৰ উৎপত্তি কেনেকৈ হয়?
উত্তৰঃ একে জাতীয় শিলাৰে পৃথিৱীৰ খোলাটো গঠিত নহয় আৰু ই কেবাটা খণ্ড বা ফলকৰ (Plates) সমষ্টি। এই ফলকসমূহ সদায় বিভিন্ন দিশত গতি কৰি থাকে। ইয়াৰ উপৰি চ্যুতিৰ ফলত দুয়োকাষৰ শিলাস্তৰবিলাকে বিপৰীত দিশত লৰচৰ কৰে। দুখন ফলকৰ মুখামুখি হেঁচাৰ ফলতেই হওক বা চ্যুতিৰ উপস্থিতিৰ বাবেই হওক এটা শিলাস্তৰ আন এটা শিলাস্তৰৰ পৰা পিছলি যায়। ইয়াৰ ফলত শক্তি মুক্ত হৈ পৰে আৰু শক্তিটো সকলো দিশতে গমন কৰে আৰু ফলস্বৰূপে ভূ-পৃষ্ঠৰ খণ্ড একোটা কঁপি উঠে। এনেকৈয়ে ভূমিকম্পৰ উৎপত্তি হয়।
৬। গতিশীল কাৰক বুলিলে কি বুজা? ভূ-পৃষ্ঠাৰ ওপৰত ইয়াৰ ক্ৰিয়াৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ পৃথিবীপৃষ্ঠৰ ওপৰত যিবোৰ কাৰকে পদাৰ্থৰ ক্ষয়সাধন কৰাৰ লগতে সেই পদাৰ্থবোৰ পৰিবহণো কৰা পৰিলক্ষিত হয়, তেনে কাৰকক গতিশীল কাৰক বুলি কোৱা হয়।
আমি দেখিবলৈ পাই থকা প্ৰধান গতিশীল কাৰকবোৰৰ ভিতৰত বতাহ, বোৱতী পানী, বৰষুণ, হিমবাহ, সমুদ্ৰৰ সোঁত আদিয়ে উল্লেখযোগ্য।
ভূ-পৃষ্ঠৰ ৰূপ পৰিৱৰ্তনত এই গতিশীল কাৰকবোৰৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ কিয়নো এই শক্তিসমূহে অনবৰতে কম-বেছি পৰিমাণে ক্ৰিয়া কৰাটো পৰিলক্ষিত হয়। এই কাৰকবোৰৰ ক্ৰিয়া ধীৰ গতিৰ যদিও ইহঁতৰ ফলাফলবোৰ সুদূৰপ্ৰসাৰী।
৭। বিচূণীভৱনৰ তাৎপর্য সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ বিচূর্ণীভৱনৰ তাৎপর্য অতি গুৰুত্বপূৰ্ণ। কিয়নো বিচূর্ণীভবন অবিহনে মৃত্তিকা সৃষ্টি (Soil formation) হোৱাটো অসম্ভব। মৃত্তিকা নহ’লে জীৱ-জন্তু তথা গছ-গছনি আদিৰ সৃষ্টি অসম্ভৱ। সেয়েহে মানুহকে আদি কৰি এই ধৰাপৃষ্ঠত আন জীৱ-জন্তু বসবাস কৰাৰ পৰিৱেশ সৃষ্টি হৈছে বিচূর্ণীভৱনৰ বাবে।
বিচূর্ণীভবন কোনো এক অঞ্চলত বা গোটেই পৃথিৱীৰ উপৰিভাগতে জৈৱ-বৈচিত্র্যৰ (Biodiversity) বাবে জগৰীয়া। কিয়নো বিচূর্ণীভৱনৰ ফলত বিচূর্ণীভূত অঞ্চলৰ শিলাসমূহৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়, যাৰ ফলত তাত বসবাস কৰা জীৱ-জন্তু, কীট-পতংগ আদিৰ ওপৰত কুপ্ৰভাৱ পৰা দেখা যায়। ইয়াৰ উপৰি ঠাইবোৰ খনন আদি কাৰ্যৰদ্বাৰা বন্ধুৰতা (Relief) হ্রাস হোৱাৰ লগতে ভূ-আকৃতিৰ যথেষ্ট পৰিৱৰ্তন সাধন কৰে। বিচূর্ণীভূত অঞ্চলসমূহ খনিজ পদার্থত চহকী হোৱা দেখা যায়।
►ৰচনাধৰ্মী প্রশ্নোত্তৰ :
১। ভূ-আকৃতি তত্ত্ব বুলিলে কি বুজা? আলোচনা কৰা।
উত্তৰ: প্রাকৃতিক ভূগোলত আলোচনা কৰিব লগা বিষয়বস্তু ইমান বিশাল আৰু জটিল প্ৰকৃতিৰ যে বৰ্তমান অৱস্থাত ইয়াৰ সকলোবিলাক কথা একেটা বিষয় হিচাপে অধ্যয়ন কৰাটো যথেষ্ট কঠিন হৈ পৰিছে। কিয়নো প্রাকৃতিক ভূগোলত ধৰাপৃষ্ঠৰ সংৰচনাৰ পৰা আৰম্ভ কৰি ইয়াৰ উৎপত্তি, বিকাশ, পৰিৱৰ্তন আৰু এইবোৰৰ লগত ওতপ্রোতভাবে জড়িত বিভিন্ন কাৰকসমূহৰ বহলভাৱে বিশ্লেষণ কৰাৰ লগতে ভূগোলৰ এই গুৰুত্বপূর্ণ শাখাতে বাৰিমণ্ডল, বায়ুমণ্ডল তথা জীবমণ্ডলৰ বিষয়েও বহলভাবে আলোচনা কৰা হয়। এই সকলোবিলাক বিষয়কে প্রাকৃতিক ভূগোলত সামৰি লোৱা পৰিপ্ৰেক্ষিতত ইয়াক শ্ৰেণী বিভাজন কৰি সুকীয়া সুকীয়া বিষয় হিচাপে অধ্যয়ন কৰাৰ নিতান্ত প্রয়োজনীয়তা অনুভৱ কৰা হৈছে। প্রাকৃতিক ভূগোলৰ অন্তৰ্গত বিষয়বস্তুৰ জটিলতা হ্রাস কৰাৰ উদ্দেশ্যে আৰু ইয়াৰ অন্তৰ্গত প্ৰতিটো ঘটনাকে পুংখানুপুংখৰূপে আলোচনাৰ অৰ্থে প্রাকৃতিক ভূগোলক কেইবাটাও ভাগত ভাগ কৰা হৈছে। ‘ভূ-আকৃতি তত্ত্ব’ বা ‘Geomorphology প্রাকৃতিক ভূগোলৰ সবাতোকৈ গুৰুত্বপূর্ণ এটা শাখা।
প্রাকৃতিক ভূগোলৰ যিটো শাখাত ভূ-পৃষ্ঠৰ উৎপত্তিৰ পৰা আৰম্ভ কৰি ইয়াৰ প্ৰতিবিধ স্থলাকৃতি বা প্রাকৃতিক অৱয়বৰ উৎপত্তি, বিকাশ, পৰিৱৰ্তন, বিতৰণ, শ্ৰেণী বিন্যাস আৰু ইয়াৰ লগত জড়িত কাৰকসমূহৰ পূৰ্ণ ব্যাখ্যা কৰা হয় তাকে ‘ভূ-আকৃতি তত্ত্ব’ বুলি কোৱা হয়। মূলতঃ প্রাকৃতিক ভূগোলৰ এই শাখাটোৱে ভূ-পৃষ্ঠৰ অশ্মমণ্ডলৰ (lithosphere) বিবিধ কথাৰ বিজ্ঞানভিত্তিক বিশ্লেষণ কৰে। ইংৰাজীত ভূ-আকৃতি তত্ত্বৰ সংজ্ঞা দিছে এনেদৰে ‘Geomorphology is the interpretatine description of the relief features of the earth.’ গতিকে ভূ-আকৃতিতত্ত্বৰ এই সংজ্ঞাৰ পৰা ভালদৰে বুজিব পাৰি যে প্ৰাকৃতিক ভূগোলৰ এই গুৰুত্বপূর্ণ শাখাটোত ভূতত্ত্বকৰ সংৰচনাৰ পৰা আৰম্ভকৰি ইয়াৰ পৰিৱৰ্তন, পর্বত, মালভূমি, সমভূমি আদিৰ কি ধৰণে উৎপত্তি হৈছে আৰু বাহ্যিক আৰু আন্তঃশক্তিৰ প্ৰভাৱত এইবোৰ কি ভাবে পৰিৱৰ্তন হৈ আহিছে এই সকলোবিলাক কথা ভূ-আকৃতি তত্ত্বৰ পাঠত বিতংভাবে আলোচনা কৰা হয়। আলোচ্য বিষয়বস্তুৰ পৰা অনুমান কৰিব পাৰি ‘ভূ-আকৃতি তত্ত্ব’ অধ্যয়নৰ গুৰুত্ব ভূগোল বিজ্ঞানৰ অন্যান্য ভাগবোৰৰ সদায়ে ঊর্ধ্বত আছে আৰু থাকিবও। প্রাকৃতিক ভূগোলৰ এই শাখাটোৰ আশানুরূপ সাফল্যৰ বাবে বৈজ্ঞানিক থর্নবেবি, উইলিয়াম ম’ৰিচ ডেভিছ, ফিলিপ লেক, মংক হাউছ, পেঙ্ক, এল চি কিং, ওৱেচেষ্টাৰ আদিৰ নাম চিৰস্মৰণীয় হৈ থাকিব। বর্তমান অৱস্থাত ভূ-আকৃতি তত্ত্বৰ পৰিসৰ ইমানেই বৃদ্ধি পাইছে যে ইয়াকো পুনৰ ভিন ভিন শাখাত ভাগ কৰি অধ্যয়ন কৰিবলৈ লোৱা হৈছে।
২। স্থলাকৃতিৰ কোনটো ক্রমত সমভূমি, মালভূমি আৰু পৰ্বত পোৱা যায়? এই তিনিটা স্থলাকৃতিৰ শ্ৰেণীবিভাগসমূহ উল্লেখ কৰা আৰু দুটাকৈ বহলাই লিখা।
উত্তৰঃ স্থলাকৃতিৰ দ্বিতীয় ক্রমত মহাদেশীয় স্থলভাগত পর্বত, মালভূমি আৰু সমভূমি পোৱা যায়। বন্ধুৰতা আৰু বৈশিষ্ট্যৰ ফালৰ পৰা মহাদেশীয় স্থলভাগৰ এই শ্ৰেণীবিভাগ কৰা হৈছে। এই স্থলাৱয়বসমূহৰ বিষয়ে আমি এনেধৰণে আলোচনা কৰিব পাৰো।
পৰ্বত: দ্বিতীয়বৰ্গৰ সকলোতকৈ উল্লেখযোগ্য স্থলাবয়ব হ’ল পর্বত (Mountain)।
এই শ্ৰেণীৰ স্থলাৱয়বসমূহে পৃথিবীপৃষ্ঠত এক গুৰুত্বপূৰ্ণ অৱস্থান লৈ আহিছে। সাধাৰণতে বিস্তীর্ণ এলেকাজুৰি থকা অতি ওখোৰা-মোখোৰা উচ্চ শিলাময় স্থলাবয়বকে পর্বত বোলে। সাধাৰণতে যদিও ৯০০ মিঃৰ অধিক উচ্চতাবিশিষ্ট অঞ্চলক পর্বত বোলে, কেৱল উচ্চতাই
পৰ্বতৰ একমাত্র বৈশিষ্ট্য নহয়। ইয়াৰ আয়তন, ভূ-তাত্ত্বিক গঠনো বিচার্য বিষয়। সকলোবোৰ পৰ্বতৰ উৎপত্তি তথা প্রাকৃতিক গঠন একে বুলিব পৰা নাযায়।
উৎপত্তি আৰু প্ৰাকৃতিক গঠনৰ ভিত্তিত পার্বত্য অঞ্চলসমূহক ৪টা শ্রেণীত ভাগ কৰা হৈছে
(ক) ভংগিল বা ভাজবিশিষ্ট পর্বত (Folded mountain)
(খ) স্তূপ পর্বত (Block mountain)
(গ) জ্বালামুখী বা সঞ্চিত পর্বত (volcanic mountain)
(ঘ) ক্ষয়জাত বা অৱশিষ্ট পর্বত (Erosional or residual mountain)
(ক) ভংগিল বা ভাগবিশিষ্ট পর্বত: ভংগিল পর্বতেই হ’ল, ধৰাপৃষ্ঠৰ সৰ্ববৃহৎ পর্বত। পৃথিৱীৰ তাপ বিকিৰণ হৈ সংকোচন ঘটি বা মহাদেশীয় বিস্থাপন বা থাল বিবর্তনত মহাদেশৰ গতিৰ ফলত ভূ-অভিনতিবিলাকত জমা হোৱা গেদীয় শিলৰ চাপ আৰু পর্যায়ক্রমে তাত কিছুমান ভাঁজ সৃষ্টি হৈ ভাঁজবোৰ ক্ৰমে ওপৰলৈ উঠি আহি পৰ্বত সৃষ্টি কৰে – এনে পর্বতবিলাকক ভাঁজ বিশিষ্ট পর্বত বা ভংগিল পর্বত বোলা হয়। শিলাস্তৰত দীর্ঘদিন ধৰি চলি থকা সংকোচন চাপৰ প্ৰভাৱত ঊর্ধ্বভংগ বা অধোভংগবোৰ যথেষ্ট ওখ। হৈ পৰাৰ ফলতে ই পৰ্বতৰ ৰূপ ধাৰণ কৰে।
(খ) স্তূপ পর্বত: ভূপৃষ্ঠৰ প্ৰতিচাপ বা অত্যধিক চাপৰ ফলত ভূ-পৃষ্ঠত চ্যুতিৰ সৃষ্টি হৈ ওপৰলৈ উঠি গৈ বা চাৰিওকাষে তললৈ বহি গৈ মধ্যাংশ ওখ হৈ ৰৈ পৰ্বত সৃষ্টি কৰিব। পাৰে। এনে স্তূপাকাৰে থিয় হৈ থকা পর্বতক স্তূপ পর্বত বোলা হয়। বিবর্তনিক ভূ আন্দোলনৰ ফলত শিলাস্তৰত সংকোচন চাপৰ দৰে সম্প্ৰসাৰণ চাপৰো উদ্ভৱ হয়। স্তূপ। পর্বতবিলাকৰ লগে লগে গভীৰ নিম্ন ভূমি বা গ্রস্ত উপত্যকাও দেখা যায়। বিন্ধ্যা, সাতপুৰা, আদি এই শ্ৰেণীৰ পৰ্বত।
মালভূমি: বিস্তীর্ণ এলেকাজুৰি থকা ওখ সমান স্থলাবয়বক সাধাৰণতে মালভূমি বুলি কোৱা হয়। মালভূমি মহীভাৱক ভূ-আন্দোলনৰদ্বাৰা সাধাৰণতে সৃষ্টি হয় যদিও গিৰিজনি (orogenic) ভূ-আন্দোলনৰ ফলতো মালভূমি গঠিত হয় বা আগ্নেয়গিৰি লাভা অৱক্ষেপণৰ ফলতো মালভূমি গঠন হয়।
উৎপত্তিৰ ধৰণ আৰু গঠন অনুসৰি মালভূমিবোৰক তলত উল্লেখ কৰা ভাগবোৰত শ্ৰেণীবিভাজন কৰিব পাৰি-
(১) পর্বত বেষ্টিত মালভূমি (Intermontane Plateau)
(২) গিৰিপদ মালভূমি (Piedmont Plateau)
(৩) লাভা মালভূমি (Lava Plateau)
(৪) প্রাচীন শ্বিল্ড বা শিলাখণ্ডৰ ক্ষয়জাত মালভূমি (Old rigid mass erosional Plateau)
(৫) খণ্ডিত মালভূমি (Dissected Plateau)
( ১) পর্বত বেষ্টিত মালভূমি: এই প্ৰকাৰৰ মালভূমি হ’ল ধৰাপৃষ্ঠৰ সৰ্ববৃহৎ মালভূমি।
মূলতঃ ভূ-আন্দোলনৰ ফলত এইবোৰৰ উৎপত্তি হয়। এইবোৰ মালভূমিক সাধাৰণতে চাৰিওফালে ওখ ওখ পার্বত্য ভূ-খণ্ডই আৱৰি ৰাখে। সেয়ে এনে মালভূমিক পর্বতবেষ্টিত মালভূমি বুলি কোৱা হয়।
(২) গিৰিপদ মালভূমি: পৰ্বতৰ পাদভূমিত অর্থাৎ কাষতে লাগি থাকিলে তাক গিৰিপদ মালভূমি বোলা হয়। গিৰিপদ মালভূমিবোৰক যিদৰে এফালে বৃহৎ পৰ্বতে আগুৰি ৰখাৰ দৰে আনটো কাষ সামুদ্রিক উপকূল বা কোনো নিম্নভূমিৰ সৈতে মিলিত হয়। ক’লেৰাডো, পাটাগোনিয়া, মালৱা (ভাৰত) মালভূমি এই শ্ৰেণীৰ মালভূমি।
সমভূমি: সমভূমিসমূহ ধৰাপৃষ্ঠৰ অতি ব্যৱহাৰযোগ্য আৰু গুৰুত্বপূৰ্ণ স্থলাৱয়ব। সাধাৰণতে কম উচ্চতাবিশিষ্ট সমান ঠাইক সমভূমি বুলি কোৱা হয়। ধৰাপৃষ্ঠৰ ভিন্ ভিন্ ঠাইত সমভূমিবোৰ সিঁচৰতি হৈ আছে। অৱশ্যে সকলো সমভূমিৰে গঠন আৰু বৈশিষ্ট্য একে নহয়। সমভূমিসমূহৰ কিছুমানৰ সৃষ্টি যদি খনন কাৰ্যৰদ্বাৰা হৈছে আন কিছুমানৰ সৃষ্টি আকৌ অৱক্ষেপণ প্রণালীৰে হৈছে। বহু সমভূমি আকৌ বিৱৰ্তনিক ভূ-আন্দোলনৰ ফলতো সৃষ্টি হৈছে।
পৃথিৱীৰ সমভূমিবিলাকক কিছুমান শ্রেণীত ভাগ কৰিব পাৰি-
(১) উপকূলীয় সমভূমি (Coastal plain)
(২) অন্তর্দেশীয় সমভূমি (Interior plain)
(৩) সমপ্রায় সমভূমি (Peneplain)
(৪) লাভা সমভূমি (Lava plain)
(৫) হিমবাহী সমভূমি (Glacial plain)
(১) উপকূলীয় সমভূমিঃ সাগৰৰ ঢৌৰদ্বাৰা বিধৌত উপকূলৰ কাষতে থকা ক্ষয়জাত আৰু অৱক্ষেপণৰদ্বাৰা সৃষ্টি হোৱা সমভূমিক উপকূলীয় সমভূমি বোলা হয়। এই শ্ৰেণীৰ সমভূমিবোৰ সাধাৰণতে পৰ্বত-পাহাৰৰ পাদদেশ, হ্রদ, সাগৰৰ উপকূল, নদীৰ মোহনাত, নদী উপত্যকাৰ নিম্নভূমিবোৰত সৃষ্টি হয়।
(২) অন্তর্দেশীয় সমভূমিঃ মহাদেশৰ মাজত ভূ-আন্দোলনৰদ্বাৰা সৃষ্টি হোৱা সমভূমিক অন্তর্দেশীয় বা অন্তর্বর্তী সমভূমি বোলা হয়।
৩। ভূ-পৃষ্ঠৰ স্থলাকৃতি গঠনত বিচূর্ণীভবন আৰু ক্ষয়ীভৱনৰ পাৰ্থক্য নিৰূপণ কৰা।
উত্তৰ: ধৰাপৃষ্ঠৰ স্থলাবয়বসমূহৰ পৰিৱৰ্তনত আন্তঃশক্তি আৰু বাহ্যিক শক্তি এই দুই প্ৰকাৰৰ শক্তিয়ে প্ৰভাৱ বিস্তাৰ কৰে। বিচূর্ণীভৱন আৰু ক্ষয়ীভৱন বাহ্যিক শক্তিৰ দুবিধ প্রক্রিয়া, যি ভূ-ত্বকৰ পৰিৱৰ্তন সাধন কৰে। ভূ পৃষ্ঠৰ কোনো বস্তুৱেই চিৰস্থায়ী নহয়। পৃথিৱীৰ জন্মৰ পৰাই ইয়াৰ অন্তৰ্গত সকলো বস্তুৰে নিৰন্তৰ পৰিৱৰ্তন হৈ আহিছে। ভু-ত্বক প্রধানতঃ শিল আৰু মাণিকেৰে গঢ়া। ইয়াৰ কোনো শিলেই সম্পূর্ণ ক্ষয় প্রতিৰোধক হ’ব নোৱাৰে। বাহ্যিক কাৰকসমূহ যেনে ৰ’দৰ উত্তাপ, বতাহৰ গতি, বৰষুণৰ পৰিমাণ আৰু আন আন কাৰকৰদ্বাৰা ভূ-পৃষ্ঠৰ শিলাস্তৰৰ ক্ষয় হওঁতে কিছুমান ক্ষয় কার্যত ক্ষয়ীভূত সামগ্ৰীৰ স্থানান্তৰ নহয়। গতিশক্তিহীন এইধৰণৰ ক্ষয়কার্যক বিচূর্ণীভবন বোলা হয়। আনহাতে, আন কিছুমানত ক্ষয়কাৰ্যৰদ্বাৰা খণ্ড-বিখণ্ড হোৱা শিলাখণ্ডবোৰ এঠাইৰ পৰা আন ঠাইলৈ পৰিবাহিত হয় আৰু অৱশেষত কোনো দ ঠাইত অৱক্ষেপিত হয়। গতিশক্তিশীল এইবিধ প্রক্রিয়াক ক্ষয়ভরন বুলি কোৱা হয়। গতিকে দেখা যায় যে বিচূর্ণীভবন প্রক্রিয়াত গতিশক্তিহীনতাৰ বাবে ক্ষয়জাত পদার্থসমূহ একে ঠাইতে থাকি যায় আৰু গতিশীলতাৰ শক্তিৰ বাবে ক্ষয়ীভৱন প্রক্রিয়াত ক্ষয়জাত পদাৰ্থসমূহৰ স্থানান্তৰ ঘটে।
বিচূর্ণীভৱন প্রক্রিয়াক সিহঁতৰ বৈশিষ্ট্য আৰু গুণ অনুসৰি প্ৰধানকৈ তিনিভাগত ভাগ কৰিব পাৰি –
(ক) ভৌতিক বা যান্ত্রিক বিচূর্ণীভৱন
(খ) ৰাসায়নিক বিচূর্ণীভৱন আৰু
(গ) জৈৱিক অৱক্ষয়।
(ক) যান্ত্রিক বিচূর্ণীভবন: এই প্ৰকাৰৰ বিচূর্ণীভৱনত ভূ-পৃষ্ঠৰ শিলাস্তৰ ভাঙি চূর্ণ-বিচূর্ণ হয়। সিহঁতৰ আকাৰৰ পৰিৱৰ্তন হয় আৰু কেতিয়াবা স্থানান্তৰিতও হ’ব পাৰে। কিন্তু শিলাখণ্ডৰ কোনো গুণগত পৰিৱৰ্তন নহয়। আনকি আৱশ্যক বোধ কৰিলে খণ্ডিত শিলবোৰ সংযোজিত কৰিলে পুনৰ আগৰ অৱস্থাত ঘূৰাই পাব পাৰি।
(খ) ৰাসায়নিক বিচূর্ণীভবন: এইবিধ বিচূর্ণীভৱনত শিলাস্তৰসমূহৰ ৰাসায়নিক পৰিৱৰ্তন ঘটে। গতিকে সিহঁতৰ গুণগত আৰু মৌলিক পৰিৱৰ্তন হয়। শিলবোৰ খণ্ড-বিখণ্ড হোৱাৰ সলনি দ্রবীভূত হয়। এনে বিচূর্ণীভৱনৰ পিছত শিলৰ পূৰ্বৰ উপাদান ঘূৰাই পাব নোৱাৰি।
(গ) জৈৱিক অবক্ষয়: জীবজগতৰ অন্তর্ভুক্ত বিভিন্ন উদ্ভিদ বা প্ৰাণীৰদ্বাৰা শিলৰ অৱক্ষয় হোৱাকে জৈৱিক অবক্ষয় বোলা হয়। সাধাৰণভাৱে এই বিচূর্ণীভবনক ভৌতিক বা যান্ত্রিক বিচূর্ণীভৱনৰ অন্তৰ্ভুক্ত কৰিব পাৰি।
বিচূর্ণীভূত পদার্থসমূহ কোনো বাহকে তুলি লৈ কঢ়িয়াই নি অন্য এঠাইত জমা কৰোঁতে ঘৰ্ষণ আৰু অন্যান্য কাৰ্যৰ ফলত ভূ-পৃষ্ঠ আৰু শিলবিলাক ক্ষয় নিয়ায়। বাহিত পদাৰ্থৰ সমস্ত কৰ্মৰাজিক ক্ষয়ীভবন বোলা হয়। এই সমস্ত কৰ্মৰাজিৰ ভিতৰত বাহিত পদাৰ্থৰ সংগ্রহ, বহন, অৱক্ষয় আৰু অৱক্ষেপণ সকলোকে অন্তর্ভুক্ত কৰা হৈছে। বাহকৰ কাৰ্যবলীয়েই ক্ষয়ীভৱনৰ আলোচনাৰ বিষয়বস্তু। যদিও পৰিবহণ, ক্ষয়ীভৱন আৰু অৱক্ষেপণ স্বতন্ত্ৰৰীয় কাৰ্য, কিন্তু ইহঁতৰ কৰ্ম-কাণ্ডসমূহ ইটো সিটোৰ পৰিপূৰক। ক্ষয়ীভৱনৰ প্ৰধান হাতিয়াৰ বহন পদার্থ। ইহঁতৰ কামৰ ক্ষেত্ৰ সুকীয়া সুকীয়া। হিমবাহে ঠাণ্ডা বা মেৰু অঞ্চলত কাম কৰে। সেইদৰে নদীয়ে আর্দ্র অঞ্চলত, বতাহে মৰুভূমি অঞ্চলত বিশেষকৈ প্ৰভাৱ বিস্তাৰ কৰে। ইহঁতৰ প্ৰত্যেকৰে কামসমূহ স্বতন্ত্র। অৱশ্যে বহন, ক্ষয়ীভৱন আৰু অৱক্ষেপণৰ যৌথ কাৰ্যৰ ফলশ্রুতিত ভূ-পৃষ্ঠৰ পৰিবৰ্তন ঘটে আৰু ন ন স্থলাবয়বৰ সৃষ্টি হয়।
স্থলভাগৰ চক্রায়িত ক্ষয়কার্যক ক্ষয় চক্র বোলা হয়। সাধাৰণভাবে এই ক্ষয়চক্রক স্থলভাগৰ জীৱন বুৰঞ্জী বুলিও কোৱা হয়। ক্ষয়চক্ৰৰ তৰুণ পৰ্যায়ত ক্ষয়কাৰ্য আৰম্ভ হয়, প্রৌঢ় অৱস্থাত সর্বাধিক কার্য সংঘটিত হয় আৰু বৃদ্ধ অৱস্থাত ক্ষয় কার্য কমি আহে।
ক্ষয়কাৰ্য বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। যেনে ভূ-পৃষ্ঠৰ গঠন, উচ্চতা আৰু অৱস্থান আদি। সেইদৰে জলবায়ু, ভূ আন্দোলনৰদ্বাৰা ভূ-পৃষ্ঠৰ গঠন আৰু উচ্চতা বা সমুদ্ৰৰ জলপৃষ্ঠ বা খনন সীমাৰ পৰিৱৰ্তনে ক্ষয়কাৰ্যৰ ধাৰাবাহিক গতি বাধাপ্রাপ্ত কৰে বা পৰিৱৰ্তন ঘটায়।
৪। মহাদেশীয় বিস্থাপন তত্ত্ব আৰু ফলক বিবর্তন তত্ত্বৰ মাজত থকা মূল পার্থক্যবোৰ বিচাৰি উলিওৱা।
উত্তৰ: মহাদেশীয় বিস্থাপন তত্ত্ব (Continental Drief Theory) আৰু ফলক বিবর্তন তত্ত্ব (Plate Tectonic)ৰ মাজত থকা মূল পার্থক্যবোৰ তলত উল্লেখ কৰা হ’ল-
মহাদেশীয় বিস্থাপন তত্ত্বঃ
(ক) ১৯১২ চনত, জার্মান বতৰ বিজ্ঞানী আলফ্রেড বেগেনাৰ (Alfred Wegener) নামৰ বিজ্ঞানীজনে, মহাদেশ আৰু মহাসাগৰৰ বিতৰণ সম্বন্ধে দাঙি ধৰা এক বিজ্ঞানভিত্তিক তত্ত্ব।
(খ) এই তত্ত্বৰ মতে, আদিতে সকলো মহাদেশ লগ লাগি এক বিৰাট স্থলভাগ আছিল। এই স্থলখণ্ডৰ নাম পেংগিয়া আছিল।
(গ) মহাদেশীয় বিস্থাপন তত্ত্ব অনুসৰি ছিয়াল (Sial) স্তৰ ছিমা (Sima) স্তৰৰ ওপৰত অৱস্থিত। আৰু এই ছিয়াল স্তৰত অৱস্থিত বিশাল ভূ-খণ্ডবিলাক গতিৰ ফলত মহাদেশ তথা মহাসাগৰসমূহৰ বৰ্তমান অৱস্থিতি আমি দেখিবলৈ পাইছো।
(ঘ) মহাদেশীয় বিস্থাপন তত্ত্বই কেৱল মহাদেশ আৰু মহাসাগৰবিলাকৰ উৎপত্তি বা বিতৰণ সম্বন্ধে আলোচনা আগবঢ়াইছে।
ফলক বিবর্তন তত্ত্বঃ
(ক) ১৯৬৯ চনত মেকেঞ্জী পাৰ্কৰ আৰু মৰগান নামৰ পণ্ডিতকেইজনে নিজববীয়াকৈ তথ্যপাতি সংগ্ৰহ কৰি ফলক বিৱৰ্তন নামৰ তত্ত্বটো উপস্থাপন কৰিছিল।
(খ) ফলক বিবর্তন তত্ত্বই অৱশ্যে পেংগিয়াৰ সমৰ্থন কৰি কয় যে ফলকবোৰ এক বিন্দুগামী হোৱাত পেংগিয়া গঠিত হৈছিল।
(গ) এই তত্ত্ব অনুসৰি পৃথিৱীৰ খোলাটো বা অশ্মমণ্ডল একো একোটা অনিয়মিত। আকৃতিৰ প্রকাণ্ড টান শিলৰ গোট বা খণ্ড। এই ফলকবোৰ মহাদেশ আৰু মহাসাগৰৰ একো একো বৃহৎ খণ্ডক একেলগে লগ লগোৱা দেখা যায়।
(ঘ) ফলক বিৱর্তন তত্ত্বই মহাদেশ তথা মহাসাগৰৰ বিতৰণ আৰু উৎপত্তিৰ উপৰি ভূমিকম্পৰ উৎপত্তি আৰু বিতৰণ, পৃথিৱীত আগ্নেয়গিৰিৰ বিতৰণ সম্বন্ধে অনেক তথ্য যুক্তিপূর্ণভাৱে দাঙি ধৰিছে।
(ঙ) ফলক তত্ত্বত আমি কেবাপ্ৰকাৰৰ ফলক সীমা (Plate boundary) দেখিবলৈ পাওঁ।
4 thoughts on “BA 1st Semester Geography Chapter 2 Question Answer Assamese Medium 2025 | ভূ-আকৃতি তত্ত্ব পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ | BA 1st Semester Geography | BA 1st Semester Geography Unit 2 Question Answer Assamese Medium 2025 | BA 1st Sem Geography | ভূ-আকৃতি তত্ত্ব (Geomorphology)”