BA 1st Semester Political Science Chapter 2 Question Answer Assamese Medium 2025 | ৰাজনৈতিক তত্ত্বৰ বিভিন্ন দৃষ্টিভংগীসমূহ | BA 1st Semester Political Science Unit 2 Question Answer Assamese Medium | BA 1st Sem Political Science | BA First Semester Political Science Chapter 2 Question Answer

BA 1st Semester Political Science Chapter 2 Question Answer Assamese Medium 2025 | ৰাজনৈতিক তত্ত্বৰ বিভিন্ন দৃষ্টিভংগীসমূহ | BA 1st Semester Political Science Unit 2 Question Answer Assamese Medium | BA 1st Sem Political Science | BA First Semester Political Science Chapter 2 Question Answer

Unit : 2

ৰাজনৈতিক তত্ত্বৰ বিভিন্ন দৃষ্টিভংগীসমূহ

► অতি চমু প্রশ্নোত্তৰ :

১। ‘ৰাষ্ট্ৰ এক প্রয়োজনীয় অশুভ’- এই মতটো কোনে সমর্থন কৰিছিল?

ক) উদাৰতাবাদীসকলে

খ) মার্ক্সবাদীসকলে

গ) আদর্শবাদীসকলে (শুদ্ধ উত্তৰ বাছি উলিওৱা)

উত্তৰ: ক) উদাৰতাবাদীসকলে।

২। ‘লেভিয়াথান’ গ্রন্থখনৰ লিখক কোন আছিল?

উত্তৰ: থমাছ হ’ৱছ।

৩। ৰাজনীতিবিজ্ঞানৰ পিতৃ বুলিলে কাক জনা যায়?

উত্তৰ : এৰিষ্টটলক।

৪। সমাজবাদৰ পিতৃ কোন?

উত্তৰ: কার্ল মার্ক্স।

৫। Das Capital কোনে লিখিছিল?

উত্তৰ: কার্ল মার্ক্স।

৬। A theory of Justice-ৰ লিখক কোন?

উত্তৰ: জন ৰ’লছ।

৭। The Second Sex গ্ৰন্থৰ ৰচক কোন?

উত্তৰ: চাইমন ডি বিয়ভয়াব।

৮। আচৰণবাদোত্তৰবাদী ধাৰণাৰ মুখ্য হোতা কোন?

উত্তৰ: ডেভিদ ইষ্টন

৯। তলৰ কোনটো পৰম্পৰাগত দৃষ্টিভংগী নহয়?

ক) দার্শনিক দৃষ্টিভংগী

খ) ঐতিহাসিক দৃষ্টিভংগী

গ) আচৰণবাদী দৃষ্টিভংগী। (শুদ্ধ উত্তৰ বাছি উলিওৱা)

উত্তৰ : গ) আচৰণবাদী দৃষ্টিভংগী।

১০। আচৰণবাদোত্তৰ দৃষ্টিভংগীৰ এটা বৈশিষ্ট্য লিখা।

উত্তৰ : বুদ্ধিজীৱীসকলৰ সামাজিক দায়বদ্ধতাৰ ওপৰত গুৰুত্ব প্রদান।

১১। মার্ক্সীয় দর্শনৰ এটা বৈশিষ্ট্য লিখা।

উত্তৰ : সৰ্বহাৰাৰ একনায়কত্ববাদ।

১২। ৰাজনৈতিক তত্ত্বৰ এটা বৈশিষ্ট্য লিখা।

উত্তৰ : ৰাজনৈতিক তত্ত্ব আদর্শবাদী বা অভিজ্ঞতাবাদী হ’ব পাৰে।

► চমু প্রশ্নোত্তৰ :

১। ৰাজনৈতিক তত্ত্ব কি?

উত্তৰ : ৰাজনৈতিক তত্ত্ব হ’ল ৰাজনীতিবিজ্ঞানৰ এটা ভাগ। ইয়াত ৰাষ্ট্ৰৰ উৎপত্তি, বিকাশ, প্রকৃতি আৰু ইয়াৰ উদ্দেশ্য আদিৰ আলোচনাৰ লগতে ই ব্যাপক দৃষ্টিৰে ৰাজনৈতিক প্ৰাণী হিচাপে মানুহ আৰু মানুহৰ কাৰ্যকলাপৰ বিষয়ে আলোচনা কৰা দেখা যায়।

২। ৰাজনৈতিক তত্ত্বৰ সংজ্ঞা লিখা।

উত্তৰ: চেবাইনৰ মতে বহল অৰ্থত ৰাজনৈতিক তত্ত্ব ৰাজনীতিৰ লগত জড়িত আৰু সীমিত অৰ্থত ই ৰাজনৈতিক সমস্যাৱলীৰ প্ৰণালীবদ্ধ অনুসন্ধানকে বুজায়।

৩। বৈজ্ঞানিক সমাজবাদ কি?

উত্তৰ: কার্ল মার্ক্সক বৈজ্ঞানিক সমাজবাদৰ জন্মদাতা বোলা হয়। আৰু সমাজবাদ সম্পৰ্কে তেওঁৰ ধাৰণাক বৈজ্ঞানিক সমাজবাদ বোলা হয়।

৪। নাৰীবাদ কি?

উত্তৰ: নাৰীবাদে পুৰুষ আৰু নাৰীৰ মাজত এনে জৈৱিক প্রভেদৰ কোনো সহসম্পর্ক নথকা বুলি দাবী কৰে। মার্গাৰেট মিডৰ মতে, প্রত্যেক সমাজে এনে জৈৱিক গাঁথনি আৰু সত্তাৰ আধাৰত কিছুমান সামাজিক আৰু সাংস্কৃতিক পৰম্পৰাক পুৰুষৰ বাবে আৰু আন কেতবোৰ নাৰীৰ বাবে নিৰ্ধাৰণ কৰে। নাৰীবাদৰ মতে, নাৰীৰ ওপৰত পুৰুষ সমাজৰ আধিপত্য, নিয়ন্ত্রণ, দমন, শোষণ আৰু নিগ্ৰহৰ কাৰণ এনে জৈৱিক পার্থক্য নহয় বৰঞ্চ সমাজ ব্যৱস্থাৰ পুৰণিকলীয়া কেতবোৰ সামাজিক আৰু সাংস্কৃতিক মূল্যবোধ।

৫। আচৰণবাদোত্তৰ দৃষ্টিভংগীৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰ: ক) ৰাজনৈতিক গৱেষণাৰ বিষয়ত নতুন নতুন কৌশল অৱলম্বন কৰাৰ ওপৰত গুৰুত্ব দিয়াতকৈ মূল বিষয়বস্তুৰ ওপৰত গুৰুত্ব দিয়া।

খ) এই দৃষ্টিভংগীৰ সমৰ্থকসকলে বুদ্ধিজীৱীসকলৰ সামাজিক দায়িত্বত বিশ্বাস কৰে।

S.NoBA 1st Semester Political Science solution – All Units
1ৰাজনৈতিক তত্ত্বৰ ধাৰণা
2সাম্প্রতিক প্রেক্ষাপটত ৰাজনৈতিক তত্ত্বৰ দৃষ্টিভংগী
3ৰাজনৈতিক তত্ত্বৰ ধাৰণাসমূহ
4গণতন্ত্ৰৰ পৰিচয়

৬। আচৰণবাদী আন্দোলন বুলিলে কি বুজা?

উত্তৰ : আচৰণবাদ ৰাজনীতিবিজ্ঞান অধ্যয়নৰ এক নতুন ধাৰণা। ই ৰাজনীতিবিজ্ঞানৰ আলোচনাত এনে কিছুমান পৰিৱৰ্তন আনিলে যাৰ বাবে ইয়াক আচৰণবাদী আন্দোলন বুলি কোৱা হয়।

৭। উদাৰতাবাদৰ দুটা গুৰুত্ব লিখা।

উত্তৰ: ১) মানুহৰ স্বাধীন আৰু শাশ্বত ইচ্ছাৰ ধাৰণাক ই সমর্থন কৰে।

২) মানৱতাবোধৰ দৰ্শনৰ প্ৰতি ইয়াৰ আৱেদন তাৎপর্যপূর্ণ।

৮। মার্ক্সৰ দুখন গ্ৰন্থৰ নাম লিখা।

উত্তৰ : Communist Menifesto, Das Capital.

৯। মার্ক্সবাদৰ দুটা সমালোচনা লিখা।

উত্তৰ : ১) ইতিহাসৰ বস্তুবাদী ব্যাখ্যা সম্পূর্ণ সত্য নহয়। অর্থনৈতিক প্ৰভাৱৰ বাহিৰেও সামাজিক বিৱৰ্তনৰ ক্ষেত্ৰত অন্যান্য কিছুমান কাৰণ আছে।

২) মার্ক্সৰ শ্ৰেণীসংগ্ৰামৰ তত্ত্বও সমালোচনাৰ সন্মুখীন হৈছে। সামাজিক প্রগতিক অকল শ্রেণীসংগ্ৰামৰ জৰিয়তে ব্যাখ্যা কৰিব নোৱাৰি।

১০। অভিজ্ঞতাবাদী তত্ত্বৰ দুগৰাকী প্ৰবক্তাৰ নাম লিখা।

উত্তৰ : ডেভিদ ইষ্টন আৰু মেক্স ৱেবাৰ।

১১। পৰম্পৰাগত দৃষ্টিভংগীৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰ: ক) অবিজ্ঞানসম্মত।

খ) মূলতঃ প্রতিষ্ঠানকেন্দ্রিক

১২। ৰাজনৈতিক তত্ত্বৰ গুৰুত্ব হ্ৰাসৰ দুটা কাৰণ লিখা।

উত্তৰ: ১। কিছুমান চিন্তাবিদৰ মতে বৰ্তমান বিশ্বৰ পৰিস্থিতি ৰাজনৈতিক তত্ত্বৰ উপযোগী নহয়।

২। ইষ্টনৰ মতে ৰাজনৈতিক তত্ত্বৰ গুৰুত্ব কমি যোৱাৰ এটা কাৰণ হৈছে নৈতিক আপেক্ষিকতাবাদ।

► ৰচনাধৰ্মী প্রশ্নোত্তৰ:

১। উদাৰতাবাদ কি? উদাৰনৈতিক তত্ত্বটো আলোচনা কৰা।

উত্তৰ : সাধাৰণ অৰ্থত উদাৰতাবাদে এনে এটা মনোভাৱক বুজায় যি আপোচ বা বুজাপৰা নীতিক বুজায়। প্রধানকৈ ব্যক্তিস্বাধীনতা আৰু সমাজকল্যাণৰ পৰিপ্ৰেক্ষিতত ই মনোভাৱ গ্ৰহণ কৰা হয়। উদাৰতাবাদ চৰকাৰী নীতি আৰু পদ্ধতিৰ ক্ষেত্ৰত স্বাধীনতা নীতিত বিশ্বাসী, ই সমাজ সংগঠনৰ এটা নীতি আৰু ব্যক্তি আৰু সম্প্ৰদায়ৰ ওচৰত ই এটা জীৱনধাৰা। উদাৰতাবাদী দৰ্শন মুক্ত জীৱনৰ প্ৰকাশ, স্বাধীনতাৰ প্ৰতিফলন, নীতিগত আৰু সামাজিক জীৱনবোধ আৰু উপলব্ধিৰ পৰিণত ৰূপ। সংকীর্ণ অৰ্থত উদাৰতাবাদ হ’ল ব্যক্তিৰ পৌৰ, ৰাজনৈতিক আৰু অর্থনৈতিক স্বাধীনতাৰ অবাধ প্রকাশ, ব্যাপক অর্থত ই বুদ্ধিগত, নীতিগত, সামাজিক-অর্থনৈতিক সম্পৰ্কৰ বিকাশ সাধনৰ প্রচেষ্টা।

উদাৰতাবাদ আৰু ব্যক্তিস্বাধীনতা: ব্যক্তিস্বাধীনতা হ’ল উদাৰতাবাদৰ প্ৰাণস্বৰূপ।

সমাজত যিকোনো ব্যক্তি সকলো ধৰণৰ শোষণ আৰু উৎপীড়নৰ পৰা মুক্ত হ’ব লাগে। তেতিয়াহে ব্যক্তিৰ মৰ্যাদা সমাজত সুৰক্ষিত হ’ব। তেওঁৰ নিজৰ ইচ্ছামতে জীৱন-ধাৰণ কৰাৰ অধিকাৰ আছে। তেহে তেওঁ নিজৰ ব্যক্তিত্বৰ বিকাশ সাধন কৰিব পাৰিব। স্বাধীনতাবিনে কোনো ব্যক্তিয়ে নিজৰ উন্নতি সাধন কৰিব নোৱাৰে। উদাৰতাবাদে বিশ্বাস কৰে যিকোনো সমাজৰ জনসাধাৰণৰ স্বনিয়ন্ত্ৰণ ক্ষমতা থাকিব লাগে। এই নীতিৰ ওপৰতে যিকোনো সমাজ প্রতিষ্ঠিত হ’ব লাগে। তেতিয়াহ’লে এনে সমাজৰ ভেটি শক্তিশালী হ’ব আৰু ইয়াক কোনেও ভাঙিব নোৱাৰে। এতেকে দেখা যায় যে উদাৰতাবাদে ব্যক্তিস্বাধীনতাৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব আৰোপ কৰিছে। ব্যক্তিস্বাধীনতা বিনে সুস্থ সমাজ এখনৰ কথা চিন্তা কৰিব নোৱাৰি।

বৰ্তমান বা আধুনিক যুগৰ উদাৰতাবাদ হৈছে ইতিবাচক। এই ধাৰণাই কল্যাণকামী ৰাষ্ট্ৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ই গণতান্ত্রিক সমাজবাদ সমর্থন কৰে। অৱশ্যে ই নতুন উদাৰতাবাদে ধনতান্ত্রিক ব্যৱস্থাক পৰিত্যাগ কৰিব পৰা নাই। ই মুক্ত বজাৰৰ পক্ষপাতী।

ইতিবাচক বা আধুনিক উদাৰতাবাদৰ মূল নীতিবিলাক তলত উল্লেখ কৰা হ’ল-

১) স্বাধীনতা অকল অর্থনৈতিক স্বাধীনতাই নহয়। জনসাধাৰণে সাংবিধানিক উপায়সমূহৰ জৰিয়তে চৰকাৰৰ ওপৰত ৰাজনৈতিক প্ৰভাৱ পেলাব পৰা ক্ষমতা থাকিব লাগিব বুলি আধুনিক উদাৰতাবাদে মত পোষণ কৰে।

২) এই মতবাদে প্রশাসন যন্ত্ৰৰ আধুনিকীকৰণ কৰি পিছপৰা আৰু অৱহেলিত লোকৰ কল্যাণ সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

৩) আধুনিক উদাৰতাবাদে সাংবিধানিক সংস্কাৰৰ ওপৰত গুৰুত্ব দিছে। এই সংস্কাৰৰ জৰিয়তে আঞ্চলিক সংগঠনবিলাকৰ হাতত ক্ষমতা অর্পণ কৰিব লাগিব।

৪) এই মতবাদে সংসদীয় চৰকাৰ শক্তিশালী কৰাৰ মত পোষণ কৰে। ইয়াৰ মতে সংসদীয় শাসনব্যৱস্থা দুর্বল হোৱাটো এটা অশুভ লক্ষণ। এই ধৰণৰ চৰকাৰৰ সংস্কাৰ সাধন কৰি ইয়াত জনমত প্রতিফলিত কৰাৰ চেষ্টা কৰা উচিত।

৫) আন্তজার্তিক ক্ষেত্ৰত নতুন উদাৰতাবাদে ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব সীমিত কৰি ৰাষ্ট্ৰসংঘক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিছে। কাৰণ, ৰাষ্ট্ৰসংঘ শক্তিশালী হ’লেহে বিশ্বশান্তি ৰক্ষা কৰিব পৰা যাব আৰু ই জনসাধাৰণৰ কল্যাণ সাধন কৰিব পাৰিব।

উদাৰতাবাদৰ গুৰুত্ব: অন্যতম ৰাষ্ট্ৰদৰ্শন হিচাপে উদাৰতাবাদৰ অপৰিসীম মূল্য আছে। ৰাজনীতিবিজ্ঞানৰ বিকাশৰ ক্ষেত্ৰত ইয়াৰ অৱদান কোনেও নুই কৰিব নোৱাৰে। তলত ইয়াৰ গুৰুত্বসমূহ উল্লেখ কৰা হ’ল:

১) ৰাষ্ট্ৰচিন্তাৰ ক্ষেত্ৰত ই এটা নতুন বিচাৰবোধ আৰু চিন্তাধাৰাৰ সূচনা কৰিছে বুলি ক’ব পাৰি।

২) প্রচলিত বিশ্বাস আৰু ঐতিহ্যগত ধাৰণাৰ পৰিৱৰ্তে ইয়েই প্রথম প্রতিক্রিয়া।

৩) ৰক্ষণশীল আৰু ঐতিহ্যগত ধাৰণাৰ পৰিৱৰ্তে ইয়েই প্রথম প্রতিক্রিয়া।

৪) সাম্য, স্বাধীনতা আৰু মৈত্ৰীৰ বাণী এই দৰ্শনত প্রথম উচ্চাৰিত হয়।

৫) মানৱতাবোধৰ দৰ্শনৰ প্ৰতি ইয়াৰ আবেদন তাৎপর্যপূর্ণ।

উদাৰতাবাদৰ ত্রুটি বা দুর্বলতাসমূহ:

উদাৰতাবাদৰ কিছুমান বিষয়ত যথেষ্ট অৱদান আছে। ৰাজনৈতিক বিকাশত ইয়াৰ অৱদান গুৰুত্বপূৰ্ণ। কিন্তু কিছুমান ক্ষেত্রত ইয়াৰ ত্রুটি বা দুৰ্বলতা থকা দেখা যায়।

সেইবিলাক তলত উল্লেখ কৰা হ’ল:

১) উদাৰতাবাদত পৰস্পৰ বিৰোধিতাৰ দোষ থকা দেখা যায়। এই মতবাদটো যদিও কর্তৃত্ববাদৰ বিৰোধী কিন্তু বাস্তৱত লক্ষ্য কৰা যায় যে অর্থনৈতিক ক্ষেত্রত অবাধ স্বাধীনতাৰ নীতিক সমর্থন কৰি ই শ্রেণী বৈষম্য আৰু বিশেষ শ্ৰেণীৰ কর্তৃত্বৰ বিকাশত সহায় কৰিছে।

২) এই মতবাদে ৰাষ্ট্ৰৰ ন্যূনতম ভূমিকাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছে। কিন্তু ইয়াৰ ফলত জনসাধাৰণৰ কল্যাণ সাধন কৰিব নোৱাৰি। যি ৰাষ্ট্ৰৰ ক্ষমতা সীমিত সেই ৰাষ্ট্ৰই জনহিতকৰ কাম কৰিব নোৱাৰে।

৩) সমাজ কল্যাণ আৰু সামাজিক স্বাৰ্থৰ প্ৰতিষ্ঠাৰ এই মতবাদ যিমান তাত্বিক সিমান ব্যৱহাৰিক নহয়। অর্থাৎ, উদাৰতাবাদ বাস্তৱ নহয়। ইয়াৰ কিছুমান ধাৰণা উদ্ভাৱন কৰাৰ ক্ষেত্ৰতে সীমাবদ্ধতা আছে।

৪) গণতান্ত্রিক আদৰ্শৰ সঠিক আৰু সফল ৰূপায়ণৰ ক্ষেত্ৰত ইয়াৰ ভূমিকা বিশেষ সুস্পষ্ট নহয়।

৫) তদুপৰি এই মতবাদে অর্থনৈতিক ব্যৱস্থা আৰু শক্তিৰ সামাজিক আৰু বাস্তৱ ব্যৱহাৰৰ কোনো নির্দেশ দিব পৰা নাই।

উদাৰতাবাদৰ বহুতো দোষ থাকিলেও, এই মতবাদৰ গুৰুত্ব আৰু অৱদানক অস্বীকাৰ কৰিব নোৱাৰি। নতুন উদাৰতাবাদৰ ধাৰণাবিলাক ইমানেই গুৰুত্বপূৰ্ণ যে এইবিলাক ধাৰণা গণতান্ত্রিক সমাজবাদত গ্রহণ কৰা হৈছে।

তাৰোপৰি, উদাৰতাবাদীসকলে এখন আদর্শ সমাজৰ ছবিও আমাৰ আগত দাঙি ধৰিব পাৰিছে। উদাৰতাবাদৰ মূল নীতিবিলাকৰ গুৰুত্ব এতিয়াও আছে। এতিয়াও এই নীতিবলাক বিভিন্ন ক্ষেত্রত প্রয়োগ কৰা দেখা যায়। বর্তমানে ইয়াৰ জনপ্রিয়তা বৃদ্ধি পাইছে বুলি ক’ব পাৰি।

২। মার্ক্সীয় তত্ত্বটো আলোচনা কৰা।

উত্তৰ: মার্ক্সৰ ৰাষ্ট্ৰৰ বিষয়ে মূল সূত্ৰবিলাক পোৱা যায় মার্ক্স আৰু এঞ্জেলচৰ ৰচিত ‘Communist Menifesto’ (1848) আৰু মার্ক্স লিখিত “Das Capital (1867) গ্রন্থ দুখনত।

মার্ক্সৰ চিন্তাধাৰা অনুসাৰে ৰাষ্ট্ৰ হ’ল বল বা শক্তিৰ ওপৰত প্ৰতিষ্ঠিত এটা কৃত্রিম অনুষ্ঠান। ৰাষ্ট্ৰৰ উদ্ভৱ, প্ৰকৃতি আৰু ভূমিকা শ্ৰেণী আৰু শ্ৰেণীসংগ্ৰামৰ মাজত নিহিত আছে। মার্ক্সৰ মতে ৰাষ্ট্ৰ চিৰন্তন অনুষ্ঠান নহয়। মার্ক্সে ৰাষ্ট্ৰৰ উৎপত্তি আৰু প্ৰকৃতি বিশ্লেষণ কৰিবলৈ যাওঁতে সামাজিক অগ্ৰগতিৰ স্তৰক চাৰি ভাগত বিভক্ত কৰিছে- আদিম সাম্যবাদী সমাজ, দাস সমাজ, সামন্তবাদী সমাজ আৰু পুঁজিবাদী সমাজ। আদিম সাম্যবাদী সমাজ আছিল মানৱ সমাজৰ অগ্ৰগতিৰ প্ৰথম স্তৰ। এই স্তৰত ব্যক্তিগত সম্পত্তিৰ কোনো অস্তিত্ব নথকাত সমাজত কোনো শ্রেণী বা শ্রেণী শোষণ নাছিল। এই অৱস্থাত সমাজ ব্যৱস্থা আছিল ৰাষ্ট্ৰহীন।

মার্ক্সে ৰাষ্ট্ৰৰ উৎপত্তিৰ সম্পূৰ্ণ বিষয়টোক অর্থনৈতিক দৃষ্টিকোণৰ পৰা পৰ্যালোচনা কৰিছে। ধনীসকলৰ স্বাৰ্থৰক্ষাৰ্থে শক্তিক ভিত্তি কৰি ৰাষ্ট্ৰৰ সৃষ্টি কৰা হৈছে। এতেকে ৰাষ্ট্ৰ হ’ল শ্রেণীস্বাৰ্থৰ ধাৰক আৰু বাহক আৰু কেন্দ্ৰীভূত শক্তিৰ প্ৰকাশ। মার্ক্সীয় ধাৰণা অনুসাৰে ৰাষ্ট্ৰ হ’ল শ্রেণী শাসনৰ প্রতীক আৰু এটা শ্ৰেণীৰ দ্বাৰা আনটো শ্ৰেণীৰ শাসন আৰু শোষণ কৰাৰ যন্ত্র বিশেষ।

মার্ক্সবাদ অনুসাৰে পৃথিৱীত যেতিয়া আদিম সাম্যবাদী সমাজ প্রতিষ্ঠিত হৈছিল, তেতিয়া তাত শোষণ নাছিল। সেই কাৰণে, তেতিয়া শোষণৰ ৰাষ্ট্ৰও নাছিল। ব্যক্তিগত সম্পত্তিবোধ জাগি উঠাৰ লগে লগে শোষণৰ সূত্রপাত হ’ল। সমাজৰ যি শ্ৰেণীয়ে ক্ষমতা দখল কৰিলে, সেই শ্রেণীয়ে ক্ষমতা ৰক্ষা কৰিবৰ বাবে আৰু শোষণ অব্যাহত ৰখাৰ উদ্দেশ্যে ৰাষ্ট্ৰৰ সৃষ্টি কৰিলে। মার্ক্সৰ মতে ৰাষ্ট্ৰৰ প্ৰকৃতি সমাজৰ অৰ্থনৈতিক গাঁথনিৰ ওপৰত নিৰ্ভৰ কৰে।

শিল্প-বিপ্লৱৰ পিছতেই পুঁজিবাদৰ আৱিৰ্ভাৱ ঘটে। ইয়াত উৎপাদনৰ উপকৰণবিলাকৰ গৰাকী হয় পুঁজিপতিসকল। উৎপাদনৰ সকলো প্ৰকাৰৰ উপাদানৰ পৰা শ্রমিক শ্রেণীক বঞ্চিত কৰা হয়। এওঁলোকে পুঁজিপতিসকলৰ ওচৰত জীৱন-ধাৰণৰ বাবে তেওঁলোকৰ শ্রমশক্তি বিক্ৰী কৰিবলৈ বাধ্য হয়। মালিক শ্রেণীয়ে শ্রমিকসকলক শোষণ কৰে।

 পুঁজিবাদৰ পতনৰ লগে লগে সমাজবাদী সমাজৰ আৱিৰ্ভাৱ হয়। সমাজবাদ হ’ল পুঁজিবাদী ব্যৱস্থা আৰু সাম্যবাদী সমাজ ব্যৱস্থাৰ মধ্যবর্তী স্তৰ। এই পৰ্যায়ত সৰ্বহাৰা শ্ৰেণীৰ একনায়কত্ব প্রতিষ্ঠিত হয়। ৰাষ্ট্ৰৰ ক্ষমতা এই সৰ্বহাৰা শ্ৰেণীৰ হাতত থাকে। ইয়াত শোষিত শ্রেণী নাথাকে। উৎপাদনৰ উপাদানৰ মালিক হয় সমাজ।

সমালোচনা: মার্ক্সীয় ৰাজনৈতিক দর্শনে পৃথিৱীত যেনেকৈ অভূতপূর্ব আলোড়নৰ সৃষ্টি কৰিছে, তেনেকৈ ই তীব্র সমালোচনাৰো সম্মুখীন হৈছে। বিভিন্ন দৃষ্টিভংগীৰ পৰিপ্ৰেক্ষিতত মার্ক্সবাদৰ সমালোচনা কৰা হয়।

ক) ইতিহাসৰ বস্তুবাদী ব্যাখ্যা সম্পূর্ণ সত্য নহয়। অর্থনৈতিক প্ৰভাৱৰ বাহিৰেও, সামাজিক বিৱৰ্তনৰ ক্ষেত্ৰত অন্যান্য কিছুমান কাৰণ আছে।

খ) মার্ক্সৰ শ্ৰেণীসংগ্ৰামৰ তত্ত্বও সমালোচনাৰ সন্মুখীন হৈছে। সামাজিক প্রগতিক অকল শ্রেণীসংগ্ৰামৰ জৰিয়তে ব্যাখ্যা কৰিব নোৱাৰি।

গ) মার্ক্সে ৰাষ্ট্ৰৰ অৱসানৰ কথা কৈছে। তেওঁৰ এই বক্তব্য গ্রহণযোগ্য নহয়। সাম্যবাদী দেশসমূহত ৰাষ্ট্ৰ বিলুপ্ত হোৱা নাই। তদুপৰি মার্ক্সৰ শ্ৰেণীহীন সমাজ এটি সপোনৰ দৰে, ই বাস্তৱ নহয়।

ঘ) মার্ক্সৰ মতানুসাৰে ৰাষ্ট্ৰ শক্তি প্ৰয়োগৰ এটা বিশেষ অনুষ্ঠান। কিন্তু মেকাইভাৰৰ মতে ‘শক্তি ৰাষ্ট্ৰৰ এটা লক্ষণ হ’ব পাৰে, কিন্তু ই ৰাষ্ট্ৰৰ ভিত্তি নহয়।’

ঙ) মানৱ চৰিত্ৰৰ বৈশিষ্ট্য সম্পর্কে মার্ক্সৰ ধাৰণা সত্য নহয়। অকল অর্থনৈতিক ধাৰণাৰ পৰাই ৰাষ্ট্ৰৰ উদ্ভৱ নহয়। তেওঁ জাতীয়তা আৰু গোষ্ঠীৰ প্ৰতি আনুগত্য যে কিমান শক্তিশালী হ’ব পাৰে সেইটো উপলব্ধি কৰিব পৰা নাই।

মূল্যায়ন: মার্ক্সবাদী ধাৰণাক তীব্ৰভাৱে সমালোচনা কৰা হৈছে। বর্তমানে মার্ক্সবাদৰ অৱস্থা সিমান শক্তিশালী নহয়। প্রায়বিলাক দেশতে ইয়াৰ ভাঙোনে দেখা দিছে। তাৰ মানে এয়েই নহয় যে মার্ক্সবাদ এটি মূল্যহীন মতবাদ। ৰাষ্ট্ৰ জন্ম আৰু বিকাশৰ দিশত মার্ক্সবাদৰ যথেষ্ট প্রভার দেখা যায়।

ক) সামাজিক প্ৰগতিৰ ক্ষেত্ৰত অর্থনৈতিক ক্রিয়া-কলাপৰ গুৰুত্বপূৰ্ণ ভূমিকাক আজিও অস্বীকাৰ কৰিব নোৱাৰি।

খ) মার্ক্সৰ শ্ৰেণী সংগ্ৰামৰ তত্ত্বয়ো যথেষ্ট সমাদৰ লাভ কৰিছে।

গ) মার্ক্সে শোষিত জনসাধাৰণৰ মুক্তিৰ বাবে এটি গুৰুত্বপূৰ্ণ তত্ত্বৰ উদ্ভাৱন কৰিছে।

ৰাষ্ট্ৰৰ উৎপত্তি সম্পর্কে মার্ক্সীয় মতবাদ সম্পূর্ণরূপে গ্রহণযোগ্য নহ’লেও ইয়াৰ গুৰুত্ব কোনেও অস্বীকাৰ কৰিব নোৱাৰে। ৰাষ্ট্ৰৰ উৎপত্তি, বিরর্তন আৰু কাৰ্যাৱলীত অর্থনৈতিক কাৰণৰ গুৰুত্ব অপৰিসীম। ৰাষ্ট্ৰীয় জীৱনৰ মূলতে যে অর্থনৈতিক কাৰণ আছে ইও ধ্রুব সত্য। ৰাষ্ট্ৰৰ উৎপত্তিৰ অর্থনৈতিক কাৰণ যে বৰ গুৰুত্বপূৰ্ণ ইয়াৰ সত্যতা কোনেও নুই কৰিব নোৱাৰে। অৱশ্যে, ৰাষ্ট্ৰৰ উৎপত্তিৰ বাবে অর্থনৈতিক কাৰণেই একমাত্র দায়ী নহ’ব পাৰে।

3 thoughts on “BA 1st Semester Political Science Chapter 2 Question Answer Assamese Medium 2025 | ৰাজনৈতিক তত্ত্বৰ বিভিন্ন দৃষ্টিভংগীসমূহ | BA 1st Semester Political Science Unit 2 Question Answer Assamese Medium | BA 1st Sem Political Science | BA First Semester Political Science Chapter 2 Question Answer”

Leave a comment