BA 1st Semester Political Science Chapter 3 Question Answer Assamese Medium 2025 | ৰাজনৈতিক তত্ত্বত ধাৰণাসমূহ | BA 1st Semester Political Science Unit 3 Question Answer Assamese Medium | BA 1st Sem Political Science | BA First Semester Political Science Chapter 3 Question Answer

BA 1st Semester Political Science Chapter 3 Question Answer Assamese Medium 2025 | ৰাজনৈতিক তত্ত্বত ধাৰণাসমূহ | BA 1st Semester Political Science Unit 3 Question Answer Assamese Medium | BA 1st Sem Political Science | BA First Semester Political Science Chapter 3 Question Answer

Unit : 3

ৰাজনৈতিক তত্ত্বত ধাৰণাসমূহ

► অতি চমু প্রশ্নোত্তৰ :

১। Social contract গ্ৰন্থৰ লেখক কোন?

উত্তৰ : ৰুছো।

২। তলত দিয়া ৰাজনীতিবিজ্ঞানীসকলৰ ভিতৰত কোনজন এলিট তত্বৰ পৃষ্ঠপোষক?

ক) ভিল ফ্রেডো পেৰেটো

খ) মেক্স উৱেবাৰ

উত্তৰ: ক) ভিল ফ্ৰেবো পেৰেটো।

৩। আইনৰ শাসন কি?

উত্তৰ: আইনৰ শাসনৰ অৰ্থ হ’ল আইনৰ চকুত সকলো সমান আইনৰ আগত জাতি, ধর্ম, উচ্চ-নীচ, ধনী-দুখীয়া বুলি কোনো কথা নাথাকে।

৪। ‘ন্যায় হ’ল এটা সৎ গুণ’- কথাষাৰি কাৰ?

উত্তৰ: প্লেটোৰ।

৫। ‘A theory of Justice’ গ্ৰন্থৰ ৰচিয়তা কোন?

উত্তৰ: জন বলছ।

৬। অধিকাৰৰ এটা বৈশিষ্ট্য লিখা।

উত্তৰ: অধিকাৰ ৰাজনৈতিক প্ৰক্ৰিয়াৰ এক অভিচ্ছেদ্য অংগ।

৭। ‘সার্বজনীন মানৱ অধিকাৰৰ ঘোষণাপত্র’ কেতিয়া স্বাক্ষৰ কৰা হয়।

উত্তৰ: ১৯৪৮ চনত।

৮। ৰাষ্ট্ৰ এখন গঠন হ’ব লাগিলে কেইটা উপাদানৰ প্ৰয়োজন হ’ব

উত্তৰ : চাৰিটা।

৯। বৈজ্ঞানিক সমাজবাদৰ প্ৰবক্তা কোন?

উত্তৰ : কার্ল মার্ক্স।

১০। প্রাকৃতিক অধিকাৰৰ এটা উদাহৰণ দিয়া।

উত্তৰ জীৱনৰ অধিকাৰ।

১১। অধিকাৰ আৰু কৰ্তব্য এটা আনটোৰ পৰিপূৰক সত্য নে অসত্য লিখা।

উত্তৰ : সত্য।

১২। ৰাষ্ট্ৰৰ গুৰুত্ব হ্ৰাসৰ এটা কাৰণ লিখা।

উত্তৰ : বিশ্বায়নৰ প্ৰভাৱ।

► চমু প্রশ্নোত্তৰ :

১। নকৰাত্মক স্বাধীনতা বুলিলে কি বুজা?

উত্তৰ: নকৰাত্মক স্বাধীনতাই সীমাহীন বা বাধাহীন ব্যক্তি স্বতন্ত্রবাদ সমর্থন কৰে। ৰাষ্ট্ৰৰ স্বেচ্ছাচাৰিতাৰ কবলৰ পৰা ব্যক্তি স্বতন্ত্রতাক সুৰক্ষিত কৰাই এই মতবাদৰ লক্ষ্য।

২। সকৰাত্মক স্বাধীনতা বুলিলে কি বুজা?

উত্তৰ : সকৰাত্মক স্বাধীনতাই সকলোৰে বাবে সমান স্বতন্ত্ৰতাৰ পৰিৱেশ সৃষ্টি তথা স্বাধীনতা উপভোগ কৰাৰ ক্ষেত্ৰত থকা বাধাসমূহ আঁতৰ কৰাকেই বুজায়।

৩। সমতাৰ অৰ্থ ব্যাখ্যা কৰা।

উত্তৰ: সমতাই বর্ণ, লিংগ, জাতি আৰু জাতীয়তা নির্বিশেষে সকলো মানুহৰ সমান মূল্য থকাটোৱেই প্রতিপন্ন কৰে। ইয়াৰ অৰ্থ অনুসৰি প্ৰাকৃতিকভারে সকলো মানুহেই সমান আৰু সেয়ে সকলোৰে সমান ব্যৱহাৰ আৰু সুবিধা পোৱাটো বাঞ্ছনীয়।

৪। ন্যায় বুলিলে কি বুজা?

উত্তৰ: ন্যায় মানে হ’ল কাৰো প্রতি অন্যায় নকৰা। ন্যায় বুলিলে আনৰ অন্যায় নকৰাকৈ সজভাৱে আৰু সহজভাৱে নিজৰ দায়িত্ব পালন কৰাকে বুজায়।

৫। অধিকাৰৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰ:

ক) অধিকাৰ ৰাজনৈতিক প্ৰক্ৰিয়াৰ এক অবিচ্ছেদ্য অংগ।

খ) অধিকাৰসমূহ সুনির্দিষ্ট আৰু নিৰ্ধাৰিত।

S.NoBA 1st Semester Political Science solution – All Units
1ৰাজনৈতিক তত্ত্বৰ ধাৰণা
2সাম্প্রতিক প্রেক্ষাপটত ৰাজনৈতিক তত্ত্বৰ দৃষ্টিভংগী
3ৰাজনৈতিক তত্ত্বৰ ধাৰণাসমূহ
4গণতন্ত্ৰৰ পৰিচয়

৬। মানৱ অধিকাৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰ:

ক) মানৱ অধিকাৰসমূহ অবিচ্ছিন্ন।

খ) মানৱ অধিকাৰসমূহ বৈধ অধিকাৰ।

৭। ৰাষ্ট্ৰৰ সংজ্ঞা দিয়া।

উত্তৰ : ৰাজনীতিবিজ্ঞানৰ মূল বিষয়বস্তু হ’ল ৰাষ্ট্ৰ। উইলচনৰ মতে, ‘কোনো নির্দিষ্ট ভূখণ্ডত আইন অনুসাৰে সংগঠিত জনসমষ্টিক ৰাষ্ট্ৰ বোলে।’

৮। ৰাষ্ট্ৰৰ দুটা উপাদান উল্লেখ কৰা।

উত্তৰ:

ক) জনসমষ্টি।

খ) নির্দিষ্ট ভূখণ্ড।

৯। সামাজিক চুক্তি তত্ত্বৰ দুগৰাকী প্ৰবক্তাৰ নাম লিখা।

উত্তৰ: থমাছ হ’বছ আৰু ৰুছো।

১০। প্রাকৃতিক অধিকাৰ আৰু আইনগত অধিকাৰৰ মাজত দুটা পার্থক্য উল্লেখ কৰা।

উত্তৰঃ ক) প্রাকৃতিক অধিকাৰ ৰাষ্ট্ৰৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত নহয়, আনহাতে, আইনগত অধিকাৰ ৰাষ্ট্ৰৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত।

খ) প্রাকৃতিক অধিকাৰবোৰ ৰক্ষণাবেক্ষণ দিবলৈ কোনো কর্তৃত্বপক্ষ নাই, কিন্তু আইনগত অধিকাৰবোৰ ৰক্ষা কৰিবলৈ কর্তৃপক্ষ আছে।

১১। ইতিবাচক স্বতন্ত্রতা।

উত্তৰ : ইতিবাচক স্বতন্ত্রতাই স্বতন্ত্রতা ভোগৰ পৰিস্থিতিৰ সৃষ্টি কৰাক বুজায়। প্রচলিত আর্থ-সামাজিক পৰিস্থিতিত কোনো লোকে স্বতন্ত্রতা ভোগ কৰাৰ পৰা বঞ্চিত হ’লে ইতিবাচক স্বতন্ত্রতাই তেনে পৰিস্থিতিৰ পৰিৱৰ্তনক বুজায়।

► ৰচনাধৰ্মী প্রশ্নোত্তৰ:

১। সংৰক্ষণ ব্যৱস্থাই কিদৰে ন্যায়ৰ নীতি উলংঘা কৰে বৰ্ণনা কৰা।

উত্তৰ: সকলো সময়তে প্রয়োগ কৰিব পৰা আৰু সকলো লোকৰ বাবে গ্রহণযোগ্য ন্যায়ৰ সংজ্ঞা আগবঢ়োৱা যথেষ্ট অসুবিধাজনক। বিভিন্নজনে ন্যায়ৰ ব্যাখ্যা বিভিন্ন ধৰণে আগবঢ়াইছে, লগতে সময়ৰ লগে লগে ন্যায়ৰ অৰ্থ বা ধাৰণাৰ সলনি হয়। ন্যায়ৰ ধাৰণাক বাস্তৱক্ষেত্ৰত প্রয়োগ কৰাতো বিভিন্নতা আহিব পাবে।

যদিও বিভিন্ন সময়ত আৰু বিভিন্ন পৰিৱেশত ন্যায়ৰ বিবিধ অর্থ দাঙি ধৰা হয় তথাপি এক কথাত ক’বলৈ গ’লে স্বাভাবিক পৰিস্থিতিত এজন মানুহৰ প্রাপ্যখিনি প্রদান কৰাহে হৈছে ন্যায়।

ন্যায়ৰ প্ৰকাৰ : বৰ্তমান যুগত ন্যায়ৰ সংকল্পনা বিধিগত সামাজিক, ৰাজনৈতিক আৰু অর্থনৈতিক।

বিধিগত ন্যায়: যি দেশ বা সমাজত প্রচলিত আইন-কানুন তথা বিধি-বিধানৰ জৰিয়তে বাদ বিবাদৰ মীমাংসা কৰাৰ ব্যৱস্থা আছে আৰু যি ৰাষ্ট্ৰত ৰাষ্ট্ৰীয় আইন-কানুনসমূহ সমভাৱে প্রয়োগ কৰাৰ ব্যৱস্থা আছে তেনে ৰাষ্ট্ৰ বা সমাজত বিধিগত ন্যায়ৰ প্ৰচলন আছে বুলি কোৱা হয়।

সামাজিক ন্যায়: সামাজিক ন্যায়ৰ ভিত্তিত গঠিত সমাজ এখনত জাতি-ভাষা, বর্ণ, ধৰ্ম আদিৰ ভিত্তিত মানুহৰ মাজত উচ্চ-নীচ,, সৰু-ডাঙৰ আদি ভেদাভাৱ নাথাকে। কিন্তু সামাজিক ন্যায় প্ৰতিষ্ঠাৰ অৰ্থ হৈছে সমাজৰ পৰা এনে জাতি ভেদ প্রথাক নির্মূল কৰা।

ৰাজনৈতিক ন্যায়: যিখন সমাজত জাতি বর্ণ, ধর্ম নির্বিশেষে সকলো প্রাপ্তবয়স্ক লোকে সমানে ৰাজনৈতিক অধিকাৰ ভোগ কৰাৰ সুবিধা লাভ কৰে তেনে সমাজ এখনত ৰাজনৈতিক ন্যায় প্রতিষ্ঠা হোৱা বুলি কোৱা হয়।

অর্থনৈতিক ন্যায়: ন্যায়ৰ সংকল্পনাক অর্থনৈতিক দিশৰ পৰাও বিচাৰ কৰা হয়।

অর্থনৈতিক ন্যায়ৰ অবিহনে ৰাজনৈতিক বা সামাজিক ন্যায় তাৎপর্যহীন হৈ পৰে। অর্থনৈতিক ন্যায়ে অর্থনৈতিক সমতা প্রতিষ্ঠা কৰা, এটা শ্ৰেণীৰ দ্বাৰা আনটো শ্ৰেণীৰ শোষণ বন্ধ কৰা, মানুহৰ মাজৰ পৰা নিম্নতম সা-সুবিধাৰ যোগান ধৰা আদিক বুজায়।

ওপৰত দিয়া ধৰণে ন্যায় ধাৰণাটোৰ লগত সমতা, অধিকাৰ আদি ধাৰণাবোৰৰ সম্পৰ্ক থাকে। সমাজৰ পিছপৰা লোকসকলক আগবঢ়াই আনিবৰ বাবে সংৰক্ষণ ব্যৱস্থাৰ জৰিয়তে বিশেষ সুবিধা দিয়া হয়। এনে কৰাৰ ফলস্বৰূপে সংৰক্ষণৰ আওতাত নহা সকলে ন্যায়ৰ পৰা বঞ্চিত হয়। আকৌ সংৰক্ষণৰ নীতিৰ সুবিধা সকলোৱে ল’ব বিচাৰে বাবে দুনীর্তিয়ে ঠাই পাব।

২। ৰাষ্ট্ৰ কি? ৰাষ্ট্ৰৰ উপাদানসমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰ : ৰাজনীতিবিজ্ঞান অধ্যয়নৰ মূল বিষয়বস্তুৱেই হ’ল ৰাষ্ট্র। প্রাচীন গ্রীক আৰু ৰোমানসকলে নগৰৰাষ্ট্ৰত বাস কৰিছিল। সেয়ে তেওঁলোকে ৰাষ্ট্ৰক বুজাবলৈ ‘পলিচ’ আৰু ‘চিভিটাচ’ শব্দ দুটা ব্যৱহাৰ কৰিছিল। এৰিষ্টটলৰ মতে ৰাষ্ট্ৰ হৈছে পৰিয়াল আৰু গাঁৱৰ সমষ্টি আৰু উদ্দেশ্য হৈছে পূর্ণাংগ, সুখী, স্বাৱলম্বী আৰু মর্যাদাসম্পন্ন জীৱন-যাপন কৰা।

ৰাষ্ট্ৰৰ উপাদানসমূহ: ৰাষ্ট্ৰ গঠনৰ মুঠ চাৰিটা উপাদান আছে।

ক) জনসমষ্টি: জনসমষ্টি হৈছে ৰাষ্ট্ৰ গঠনৰ এক মৌলিক উপাদান। জনসংখ্যা অবিহনে ৰাষ্ট্ৰ হ’ব নোৱাৰে। ৰাষ্ট্ৰৰ জনসমষ্টি সম্পর্কে কোনো ধৰাবন্ধা নিয়ম নাই। জনসমষ্টি অতি কম হ’লে ৰাষ্ট্ৰখন পৰমুখাপেক্ষী হ’ব পাৰে।

খ) নির্দিষ্ট ভূখণ্ড: ৰাষ্ট্ৰ গঠনৰ আন এটা প্রয়োজনীয় উপাদান হ’ল নির্দিষ্ট ভূখণ্ড। নির্দিষ্ট ভূখণ্ড বুলিলে কোনো এখন ৰাষ্ট্ৰৰ চাৰিসীমাৰ ভিতৰত থকা ভূমিৰ উপৰিও নদী, পর্বত, হ্রদ, ভূ-গৰ্ভৰ খনিজ পদাৰ্থ আদিবোৰ ৰাষ্ট্ৰৰ অন্তর্ভুক্ত।

গ) চৰকাৰ : ৰাষ্ট্ৰৰ আন এটা গুৰুত্বপূৰ্ণ উপাদান হৈছে চৰকাৰ। চৰকাৰ হ’ল ৰাষ্ট্ৰৰ এক কাৰ্যকৰী শক্তি যি শক্তিৰ সহায়ত ৰাষ্ট্ৰই ইয়াৰ আদৰ্শ আৰু নীতিসমূহক বাস্তৱ ৰূপ দিব পাৰে।

ঘ) সার্বভৌমত্ব : ৰাষ্ট্ৰৰ আন এটা গুৰুত্বপূৰ্ণ উপাদান হ’ল সার্বভৌমত্ব। ই হৈছে ৰাষ্ট্ৰৰ প্ৰাণসদৃশ। সার্বভৌমত্ব অবিহনে বাকী তিনিটা উপাদান থাকিলেও ৰাষ্ট্র গঠন হ’ব নোৱাৰে। সার্বভৌমত্বৰ অৰ্থ হ’ল সর্বোচ্চ ক্ষমতা। উপৰোক্ত চাৰিটা উপাদানৰ উপৰিও আধুনিক ৰাজনীতিবিজ্ঞানীসকলৰ মতে ৰাষ্ট্ৰৰ আৰু কিছুমান আৱশ্যকীয় উপাদান আছে। সেইবোৰ হ’ল ক) স্বীকৃতি খ) স্থায়িত্ব গ) ৰাষ্ট্ৰসংঘৰ সদস্যপদ ঘ) সার্বজনীনতা।

1 thought on “BA 1st Semester Political Science Chapter 3 Question Answer Assamese Medium 2025 | ৰাজনৈতিক তত্ত্বত ধাৰণাসমূহ | BA 1st Semester Political Science Unit 3 Question Answer Assamese Medium | BA 1st Sem Political Science | BA First Semester Political Science Chapter 3 Question Answer”

Leave a comment