শিক্ষাৰ লক্ষ্যসমূহ | BA 1st Semester Education Chapter 2 Question Answer Assamese Medium 2025 | ba 1st semester education question answer | ba 1st semester education book pdf | BA 1st Semester Education Unit 2 Question Answer Assamese Medium 2025 | Aims of Education

শিক্ষাৰ লক্ষ্যসমূহ | BA 1st Semester Education Chapter 2 Question Answer Assamese Medium 2025 | ba 1st semester education question answer | ba 1st semester education book pdf | BA 1st Semester Education Unit 2 Question Answer Assamese Medium 2025 | Aims of Education

Unit : 2
শিক্ষাৰ লক্ষ্যসমূহ (Aims of Education)

► অতি চমু প্রশ্নোত্তৰ :

১। শিক্ষাৰ লক্ষ্যসমূহ কি কি?

উত্তৰঃ শিক্ষাৰ লক্ষ্য হৈছে সুচিন্তা আৰু সুপৰিকল্পনাৰ দ্বাৰা ব্যক্তিক পূর্বনিৰ্দ্ধাবিত কাৰ্যত উপনীত কৰাৰ এক প্রক্রিয়া।

২। প্রাচীন শিক্ষাৰ লক্ষ্য কি আছিল?

উত্তৰঃ প্রাচীন শিক্ষাৰ লক্ষ্য আছিল আধ্যাত্মিক বিকাশ সাধন কৰা।

৩। শিক্ষাৰ লক্ষ্যসমূহ কিহৰ লগত জড়িত?

উত্তৰঃ শিক্ষাৰ লক্ষ্যসমূহ সময় আৰু স্থানৰ লগত জড়িত।

৪। শিক্ষাৰ লক্ষ্যসমূহ কিহৰ লগত জড়িত?

উত্তৰঃ শিক্ষাৰ লক্ষ্যসমূহ স্থান, শিক্ষাবিদ, সময় আৰু সমাজৰ লগত জড়িত।

৫। ব্যক্তিকেন্দ্ৰীক লক্ষ্যৰ প্ৰধান পৃষ্ঠপোষক কোন?

উত্তৰঃ ব্যক্তিকেন্দ্ৰীক লক্ষ্যৰ প্ৰধান পৃষ্ঠপোষক ছাৰ পাচী নান।

৬। ব্যক্তিকেন্দ্রীক লক্ষ্য কাক বোলে?

উত্তৰঃ ব্যক্তিৰ শাৰীৰিক, মানসিক, আধ্যাত্মিক, বৌদ্ধিক আৱেগিক আদি সকলো দিশৰ সৰ্বাংগীণ বিকাশৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাৰ যি লক্ষ্য স্থিৰ কৰা তাকে ব্যক্তিকেন্দ্রীক লক্ষ্য বোলা হয়।

৭। গান্ধীজীৰ মতে প্রকৃত শিক্ষা কেনেকুৱা হ’ব লাগে?

উত্তৰঃ গান্ধীজীৰ মতে প্রকৃত শিক্ষা এক প্ৰকাৰৰ নিবনুৱাৰ বিপক্ষে বীমা কৰাৰ নিচিনা হ’ব লাগে।

৮। প্রকৃতার্থত বৃত্তিমূলক শিক্ষায়ে কি কি প্ৰকাৰে ব্যক্তিৰ জীৱনৰ কাৰণে কম উৎসাহিত কৰে?

উত্তৰঃ প্ৰকৃতাৰ্থত বৃত্তিমূলক শিক্ষা ব্যক্তিক কৃত্রিম, যান্ত্ৰিক আৰু নিৰস পৰিৱেশ প্ৰদান কৰে যিয়ে ব্যক্তিক জীৱনৰ কাৰণে কম উৎসাহিত কৰে।

৯। উদাৰনৈতিক শিক্ষাই আমাৰ জীৱনত কি কি দিশসমূহৰ প্ৰয়োজন পূর্ণ কৰে? 

উত্তৰঃ উদাৰনৈতিক শিক্ষাই আমাৰ জীৱনৰ সাংস্কৃতিক, শৈক্ষিক আৰু সৌন্দর্যবোধ সম্পর্কীয় দিশসমূহৰ প্ৰয়োজন পূর্ণ কৰে।

S.NoBA 1st Semester Education Solution – All Units
1শিক্ষাৰ ধাৰণা (Concept of Education)
2শিক্ষাৰ লক্ষ্যসমূহ (Aims of Education)
3পাঠ্যক্রম (Curriculum)
4অনুশাসন আৰু স্বাধীনতা (Discipline and Freedom)
5গণতন্ত্ৰ আৰু শিক্ষা (Democracy and Education)

► ৰচনাধৰ্মী প্রশ্নোত্তৰ:

১। ব্যক্তিতান্ত্রিক শিক্ষা আৰু সমাজতান্ত্রিক লক্ষ্যৰ মাজত পাৰ্থক্য লিখা।

উত্তৰঃ ব্যক্তিতান্ত্রিক শিক্ষা আৰু সমাজতান্ত্রিক লক্ষ্যৰ মাজত বহুতো পার্থক্য পৰিলক্ষিত হয়। ইয়াৰে উল্লেখযোগ্য দিশ সমূহ হৈছে-

(ক) ব্যক্তিতান্ত্রিক শিক্ষাই ব্যক্তি বিকাশৰ ওপৰত প্ৰাধান্য আৰোপ কৰে।

আনহাতে, সমাজতান্ত্রিক লক্ষ্যই সামাজিক বিকাশৰ ওপৰত প্রাধান্য দিয়ে।

(খ) ব্যক্তিতান্ত্রিক শিক্ষাৰ লক্ষ্য হৈছে- ব্যক্তিসকলৰ উন্নতি সাধন কৰা।

আনহাতে, সমাজতান্ত্রিক শিক্ষাৰ লক্ষ্য হৈছে সমাজৰ দিশসমূহক উদ্‌গণি যোগোৱা।

(গ) ব্যক্তিতান্ত্রিক শিক্ষা অনুসৰি ব্যক্তিৰ উন্নতিয়ে সমাজৰ বিকাশ ঘটায়।

আনহাতে, সমাজতান্ত্রিক শিক্ষা অনুসৰি সমাজৰ উন্নতিয়েহে ব্যক্তিৰ বিকাশ ঘটায়।

(ঘ) ব্যক্তিতান্ত্রিক শিক্ষাৰ মতে ব্যক্তি অবিহনে সমাজ অচল অবস্থা। সেয়েহে, ব্যক্তিতান্ত্রিক শিক্ষাই ব্যক্তিৰ বিকাশ সাধন কৰাতো আলোচনা কৰে।

আনহাতে, সমাজতান্ত্রিক শিক্ষাৰ অনুসৰি ‘সামাজিক পৰিৱেশক বাদ দিলে ব্যক্তি পৃথক অস্তিত্ব আৰু ব্যক্তিত্ব সম্পূর্ণ অর্থহীন।’

(ঞ) ব্যক্তিতান্ত্রিক শিক্ষাৰ লক্ষ্য হৈছে ব্যক্তিৰ মাধ্যমেৰে সামাজিক বিকাশ সাধন কৰা।

আনহাতে, সমাজতান্ত্রিক শিক্ষাৰ লক্ষ্য হৈছে সামাজিক জীব হিচাপে সমাজৰ বিকাশ সাধন কৰি ব্যক্তিৰ বিকাশ ঘটোৱা।

(চ) ব্যক্তিতান্ত্রিক শিক্ষা অনুসৰি সমাজ গঢ়িবলৈ ব্যক্তিত্ব গঢ়ি তুলিব লাগে।

আনহাতে, সমাজতান্ত্রিক শিক্ষা অনুসৰি ব্যক্তিত্ব গঠন কৰিবলৈ সমাজৰ গঢ় দি তুলিব লাগে।

Leave a comment