পাঠ্যক্রম | BA 1st Semester Education Chapter 3 Question Answer Assamese Medium 2025 | ba 1st semester education question answer | ba 1st semester education book pdf | BA 1st Semester Education Unit 3 Question Answer Assamese Medium 2025 | Curriculum

পাঠ্যক্রম | BA 1st Semester Education Chapter 3 Question Answer Assamese Medium 2025 | ba 1st semester education question answer | ba 1st semester education book pdf | BA 1st Semester Education Unit 3 Question Answer Assamese Medium 2025 | Curriculum

Unit : 3
পাঠ্যক্রম (Curriculum)

► অতি চমু প্রশ্নোত্তৰ :

১। পাঠ্যক্রম কাক বোলে?

উত্তৰঃ সাধাৰণভাৱে ক’বলৈ হ’লে পঢ়িবলগীয়া বিষয়ৰ সমষ্টিয়ে হৈছে পাঠ্যক্রম।

২। পাঠ্যক্ৰমৰ প্ৰকৃতি কাক বোলে?

উত্তৰঃ (ক) পাঠ্যক্রম হৈছে শিক্ষাৰ আৰ্হি তথা আহিলা স্বৰূপ। পাঠ্যক্রম অবিহনে আনুষ্ঠানিক শিক্ষাৰ কথা চিন্তাই কৰিব নোৱাৰি।

(খ) পাঠ্যক্রম হৈছেশিক্ষা ব্যৱস্থাৰ এক অবিচ্ছেদ্য অংগ। ই হৈছে শিক্ষাৰ উদ্দেশ্যক বাস্তবায়িত কৰাৰ মূল বিন্দু স্বৰূপ।

৩। পাঠ্যক্ৰম কিহৰ এক অপৰিহাৰ্য্য অংগ?

উত্তৰঃ পাঠ্যক্ৰম শিক্ষাৰ এক অপৰিহাৰ্য্য অংগ।

৪। অধ্যয়ণৰ সহ সম্বন্ধ কাক বোলে?

উত্তৰঃ এটা বিষয়ৰ আনটো বিষয়ৰ সৈতে থকা পাৰস্পৰিক সম্বন্ধকে পাঠৰ বা অধ্যয়ণৰ সহ সম্বন্ধ বোলে।

৫। আমাৰ শিক্ষা ব্যৱস্থাত কোনে পাঠৰ সহসম্বন্ধ অৱতাৰণা কৰি কি শিক্ষা প্রচলত কৰিছিল?

উত্তৰঃ আমাৰ শিক্ষা ব্যৱস্থাত মহাত্মা গান্ধীয়ে পাঠৰ সহসম্বন্ধ অৱতাৰণা কৰি বুনিয়াদী শিক্ষা প্রচলন কৰিছিল।

৬। আমেৰিকাৰ কোন শিক্ষাবিদে প্ৰকল্পৰ মাজেৰে বিভিন্ন বিষয়ৰ মাজত সম্পর্ক স্থাপন কৰি শিক্ষা প্ৰদানৰ মত দাঙি ধৰিছিল?

উত্তৰঃ আমেৰিকাৰ বিখ্যাত শিক্ষাবিদ জন ডিউইয়ে প্ৰকল্পৰ মাজেৰে বিভিন্ন বিষয়ৰ মাজত সম্পৰ্ক স্থাপন কৰি শিক্ষা প্রদানৰ মত দাঙি ধৰিছিল।

► চমু প্রশ্নোত্তৰ :

১। পাঠ্যক্রম বুলিলে কি বুজা?

উত্তৰঃ আমাৰ শিক্ষা ব্যৱস্থাত শ্রেণী অনুসৰি কিছুমান নিৰ্ধাৰিত বিষয় থাকে, যিবোৰ নির্দিষ্ট লক্ষ্যত উপনীত হ’বৰ বাবে ছাত্র-ছাত্রীক শিকোৱা হয়, তাকে পাঠ্যক্রম বুলি কোৱা।

S.NoBA 1st Semester Education Solution – All Units
1শিক্ষাৰ ধাৰণা (Concept of Education)
2শিক্ষাৰ লক্ষ্যসমূহ (Aims of Education)
3পাঠ্যক্রম (Curriculum)
4অনুশাসন আৰু স্বাধীনতা (Discipline and Freedom)
5গণতন্ত্ৰ আৰু শিক্ষা (Democracy and Education)

২। পাঠ্যক্ৰমৰ প্ৰকাৰসমূহ উল্লেখ কৰা।

উত্তৰঃ পাঠ্যক্ৰমৰ প্ৰকাৰসমূহ হ’ল-

(ক) বিষয়কেন্দ্রিক পাঠ্যক্রম: অধ্যয়নৰ বিষয়সমূহৰ ওপৰত গুৰুত্ব প্রদান কৰি যি পাঠ্যক্ৰম প্ৰস্তুত কৰা হয়, তাকে আমি বিষয়কেন্দ্রিক পাঠ্যক্রম স্বৰূপে অভিহিত কৰিব পাৰি। এই প্ৰকাৰৰ পাঠ্যক্ৰমত শিক্ষার্থীৰ ৰুছি, অভিৰুচি, আগ্রহ, প্রয়োজন আদিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰাৰ পৰিবৰ্তে শিক্ষণীয় বিষয়য়মূহৰ ওপৰত গুৰুত্ব প্রদান কৰা হয়।

(খ) কর্মকেন্দ্রিক পাঠ্যক্রম: শিক্ষার্থীৰ আগ্রহ, অভিৰুচি আৰু বিভিন্ন কৰ্মৰ ওপৰত ভিত্তি কৰি যি পাঠ্যক্ৰম প্ৰস্তুত কৰা হয় তাকে কর্মকেন্দ্রিক পাঠ্যক্রম বোলে। মনোবিদসকলৰ মনে কর্মভিত্তিক শিক্ষা অধিক ফলপ্রসূ। শিক্ষাৰ নিম্ন স্তৰত এনে পাঠ্যক্রম অতি উপযোগী।

(গ) অবিভাজ্য বা সংহত পাঠ্যক্রম (Undifferentiated or Integrated Curriculum): পাঠ্যক্ৰমৰ এই প্ৰকাৰটোত অধ্যয়ণৰ সহ-সম্বন্ধৰ ভিত্তিত প্রয়োজনীয় বিষয়সমূহৰ মূল অংশবোৰ সংহত ৰূপত উপস্থাপন কৰা হয়। ইয়াত তাত্ত্বিক আৰু ব্যৱহাৰিক দুয়োটা দিশেই অন্তর্ভূক্ত কৰা হয়। শিক্ষাবিদ হার্বাটেও বিভিন্ন বিষয়ৰ মাজত সম্পর্ক স্থাপন কৰি শিক্ষাৰ্থীক শিক্ষা প্রদানৰ মতপোষণ কৰিছিল।

(ঘ) স্থিতিশীল পাঠ্যক্রম (Rigid Curriculum): পাঠ্যক্ৰমৰ মূল উদ্দেশ্য, বিষয়বস্তু আদি দীর্ঘদিনলৈ অপৰিৱৰ্তনীয় ৰূপত ৰাখিলে তাক আমি স্থিতিশীল পাঠ্যক্রম স্বৰূপে অভিহিত কৰিব পাৰো। আদর্শবাদী দার্শনিকসকলে এনে পাঠ্যক্ৰমৰ পোষকতা কৰে। মূল্যবোধ, চিৰন্তন সত্য আদি কিছুমান দিশ পৰিবৰ্তন নকৰাকৈ পাঠ্যক্রমত অন্তর্ভুক্ত কৰি ৰাখিব পাৰি।

(ঙ) অভিজ্ঞতাভিত্তিক পাঠ্যক্রম (Experience-based Curriculum): শিক্ষার্থীসকলৰ তাত্ত্বিক আৰু ব্যৱহাৰিক জ্ঞান বৃদ্ধি কৰি তুলিবলৈ যিবোৰ বিষয় অন্তভূক্ত কৰি পাঠ্যক্ৰম প্ৰস্তুত কৰা হয় তাক অভিজ্ঞতাভিত্তিক পাঠ্যক্রম বোলে। এই পাঠ্যক্ৰমৰ জৰিয়তে শিক্ষার্থীয়ে জ্ঞান অভিজ্ঞতা লাভ কৰি বাস্তৱ জীৱনৰ ব্যৱহাৰিক দিশৰ সৈতে খাপ খাই চলিব পাৰে। যাৰ ফলত শিক্ষাৰ্থীৰ কৰ্ম দক্ষতা বৃদ্ধি পায় আৰু তেওঁলোকৰ সৰ্বাংগীণ দিশৰ বিকাশ সম্ভৱ হয়।

(চ) ব্যৱহাৰিক পাঠ্যক্রম (Practical Curriculum): বর্তমান সময়ত শিক্ষা ব্যবস্থাৰ ব্যৱহাৰিক জ্ঞান আয়ত্বকৰণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে। সেইবাবে বিষয়সমূহৰ ব্যৱহাৰিক দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি যি পাঠ্যক্রম প্রস্তুত কৰা হয়, তাক ব্যৱহাৰিক পাঠ্যক্ৰম বোলে এনে পাঠ্যক্ৰমৰদ্বাৰা শিক্ষাৰ্থীসকলক বিভিন্ন বিষয়ৰ বাস্তৱসন্মত জ্ঞান প্ৰদান কৰা হয়।

৩। পাঠ্যক্ৰম প্ৰস্তুতিৰ দুটা নীতি উল্লেখ কৰা।

উত্তৰ: পাঠ্যক্ৰম প্ৰস্তুতিৰ দুটা নীতি হ’ল-

(১) পাঠ্যক্রম মনোবৈজ্ঞানিক সত্যৰ ওপৰত প্ৰতিষ্ঠিত হ’ব লাগে।

(২) পাঠ্যক্রম ব্যক্তিগত বৈষম্যৰ প্ৰতি সজাগ হ’বলাগে।

৪। যিকোনো দুটা পাঠ্যক্ৰমৰ সংজ্ঞা দিয়া?

উত্তৰঃ (ক)  চাৰ পাৰ্টি নানৰ মতে, “শিক্ষাৰ প্ৰধান লক্ষ্য হৈছে শিশুৰ ব্যক্তিত্বক সুস্থভাবে গঢ় দিয়া। গতিকে শিশুৰ ব্যক্তিত্বক শক্তিশালী কৰি গঢ়ি তুলিবৰ বাবে, শিশুৰ স্বাভাৱিক অনুৰাগ আৰু অভিৰুচি চৰিতাৰ্থ কৰিবৰ বাবে পাঠ্যক্ৰমৰ যোগেদি সুবিধা দিব লাগে।” তেওঁৰ মতে, “মানৱীয় জীৱনশক্তি আত্ম-প্ৰকাশ কৰি উঠিব পৰা আৰু সমগ্র পৃথিৱীৰ অধিকস্থায়িত্বশীলভাবে তাৎপর্যপূর্ণ হৈ উঠা সকলোবিধ ক্রিয়া অভিজ্ঞতাৰ দৃষ্টিকোণৰ পৰাহে পাঠ্যক্ৰমক নিৰীক্ষণ কৰিব লাগে।”

(খ)  ক্ৰো আৰু ক্ৰোৰ মতে পাঠ্যক্রমে স্কুলৰ বাহিৰে-ভিতৰে শিক্ষাৰ্থীৰ সেই সকলোবোৰ কাৰ্যসূচীকেই অন্তর্ভুক্ত কৰে যিসমূহ তেওঁৰ দৈহিক, মানসিক, আৱেগিক, সামাজিক, আধ্যাত্মিক আৰু নৈতিক বিকাশৰ বাবে সহায়ক হ’ব পাৰে।”

৫। যিকোনো দুটা পাঠ্যক্ৰমৰ প্ৰকৃতিবোৰ লিখা।

উত্তৰ: পাঠ্যক্ৰমৰ প্ৰকৃতি (Nature of Curriculum)

পাঠ্যক্ৰমৰ প্ৰকৃতিবোৰ তলত উল্লেখ কৰা ধৰণৰ-

(ক) পাঠ্যক্রম হৈছে শিক্ষাৰ আৰ্হি তথা আহিলা স্বৰূপ। পাঠ্যক্রম অবিহনে আনুষ্ঠানিক শিক্ষাৰ কথা চিন্তাই কৰিব নোৱাৰি।

(খ) পাঠ্যক্রম হৈছেশিক্ষা ব্যৱস্থাৰ এক অবিচ্ছেদ্য অংগ। ই হৈছে শিক্ষাৰ উদ্দেশ্যক বাস্তবায়িত কৰাৰ মূল বিন্দু স্বৰূপ।

► ৰচনাধৰ্মী প্রশ্নোত্তৰ:

১। পাঠ্যক্রম বুলিলে কি বুজা?

উত্তৰঃ শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য নিৰ্দ্ধাৰণ হোৱাৰ পাছত শিক্ষার্থীক যিবোৰ বিষয়বস্তু শিকোৱা হয় সেই বিষয়বস্তুবোৰকে পাঠ্যক্রম বোলা হয়। পাঠ্যক্ৰম শব্দটোৰ ইংৰাজী প্রতিশব্দ হ’ল Curriculum। এই Curriculum শব্দটো মূল ‘Currere’ শব্দৰ পৰা লোৱা হৈছে। যাৰ অৰ্থ হৈছে ‘run way’ বা ‘race course’ অর্থাৎ দৌৰপথ। সেয়ে কোনো নির্দিষ্ট লক্ষ্যত উপনীত হ’বৰ বাবে অনুসৰণ কৰিবলগীয়া বিষয়বস্তুৱেই হ’ল পাঠ্যক্রম।

আভিধানিক অর্থত শিক্ষার্থীৰ পঠিতব্য বিষয়সূচীয়েই হ’ল পাঠ্যক্রম। অর্থাৎ শ্ৰেণী অনুযায়ী নিৰ্দ্ধাৰণ কৰা সু-নির্বাচিত বিষয়সমূহকে পাঠ্যক্রম বোলা হয়। প্রত্যেক শিক্ষা স্তৰৰে কিছুমান নিৰ্ধাৰিত পাঠ্য বিষয় থাকে, যিবোৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’বৰ বাবে ছাত্ৰ-ছাত্ৰীক শিকোৱা হয় সেইবোৰেই হ’ল পাঠ্যক্রম এইয়া হৈছে পাঠ্যক্ৰমৰ সংকীর্ণ অর্থ। আধুনিক শিক্ষাবিদ, পণ্ডিত, দার্শনিক, চিন্তাশীল মহান ব্যক্তিসকলে পাঠ্যক্ৰমৰ ব্যাপক সজ্ঞা আগবঢ়াই কৈছে যে, পাঠ্যক্রমে শ্রেণীত শিক্ষার্থীয়ে আহৰণ কৰিব লগা বিষয়ৰ উপৰিও স্কুল বা অন্যান্য পৰিবেশত আহৰণ কৰা নিত্য নতুন বিচিত্র অভিজ্ঞতাকে বুজায়।

২। পাঠ্যক্ৰমৰ প্ৰকৃতিবোৰ লিখা।

উত্তৰ: পাঠ্যক্ৰমৰ প্ৰকৃতিবোৰ তলত উল্লেখ কৰা ধৰণৰ-

(ক) পাঠ্যক্রম হৈছে শিক্ষাৰ আৰ্হি তথা আহিলা স্বৰূপ। পাঠ্যক্রম অবিহনে আনুষ্ঠানিক শিক্ষাৰ কথা চিন্তাই কৰিব নোৱাৰি।

(খ) পাঠ্যক্রম হৈছেশিক্ষা ব্যৱস্থাৰ এক অবিচ্ছেদ্য অংগ। ই হৈছে শিক্ষাৰ উদ্দেশ্যক বাস্তবায়িত কৰাৰ মূল বিন্দু স্বৰূপ।

(গ) শ্রেণীকক্ষৰ ভিতৰে বাহিৰে শিক্ষাৰ্থীক দিব পৰা বিদ্যালয়ৰ সামগ্রিক অভিজ্ঞতাই হৈছে পাঠ্যক্রম।

(ঘ) পাঠ্যক্রম হৈছে শিক্ষক-শিক্ষার্থীৰ নিজ নিজ দায়িত্ব আৰু কৰ্তব্য পালনৰ সংকেটদায়ক আৰু সীমা নির্ধাৰক আহিলা।

(ঙ) পাঠ্যক্রম হৈছে শিক্ষাৰ্থীক শিকনৰ বাঞ্চিত ফলাফল পার্যমানে লাভ কৰিবৰ বাবে শিক্ষানুষ্ঠানে সুবিধা কৰি দিয়া সামগ্রিক পৰিকল্পিত অভিজ্ঞতা।

(চ) পাঠ্যক্রম হৈছে পাঠ্য তালিকাৰ লগতে শিক্ষকৰ পাঠদান পদ্ধতি, শিক্ষার্থীৰ অর্জিত জ্ঞানৰ মূল্যাংকন পদ্ধতি, পৰীক্ষা ব্যৱস্থা, শিক্ষার্থীয়ে শিক্ষানুষ্ঠানত লাভকৰা শাৰীৰিক, মানসিক, সামাজিক, আৱেগিক আদি সকলো অভিজ্ঞতাৰ সমষ্টি।

(ছ) পাঠ্যক্রম হৈছে এখন সমাজৰ ভাবধাৰা, আশা-আকাংক্ষাৰ বৰ্হিপ্রকাশ ব্যক্তি বিশেষৰ নহয়।

(জ) পাঠ্যক্রম হৈছে শিক্ষার্থীয়ে শিক্ষানুষ্ঠানৰ পৰিৱেশ অর্থাৎ শ্রেণীকক্ষ, খেলপথাৰ, গ্ৰন্থাগাৰ, ৰসায়নাগাৰ, পৰীক্ষাগাৰ, মঞ্চ আৰু শিক্ষকৰ লগত গঢ়ি উঠা সম্পৰ্কৰ সহায়েৰে আয়ত্ব কৰা বিচিত্র অভিজ্ঞতাৰ সমষ্টি।

(ঞ) পাঠ্যক্রম একো একোখন শিক্ষানুষ্ঠানৰ সকলো শিক্ষকৰ বাবে একে হয়।

(ঝ) পাঠ্যক্ৰম চৰকাৰ বা বিদ্যালয় বা মহাবিদ্যালয় প্রশাসনে নির্ধাৰণ কৰে।

(ট) একোখন পাঠ্যক্রম দীর্ঘ দিনৰ বাবে ব্যৱহাৰ কৰিব পাৰি। অর্থাৎ যেতিয়ালৈ নির্ধাৰিত পাঠ্যসূচী শেষ নহয় বা শিক্ষাৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত নহয় তেতিয়ালৈকে ই চলি থাকে।।।

(ঠ) পাঠ্যক্রম হৈছে শিক্ষানুষ্ঠানৰ শৈক্ষিক আঁচনি পৰিকল্পনা কৰাত সহায় কৰা কিছুমান উপাদানৰ সমষ্টি।

Leave a comment