BA 1st Semester Assamese Chapter 2 Question Answer 2025 | গোট-২: প্রত্ন অসমীয়া আৰু প্ৰাক্-শংকৰী যুগৰ সাহিত্য | পাঠ : ৩ | চর্যাগীত : উঞ্চা উঞ্চা পৰৱত তই সবৰী বালী | অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস (১৮২৬ চন পর্যন্ত) | BA 1st Semester Assamese Unit 2 Question Answer 2025 | ba 1st semester assamese question answer
গোট-২: প্রত্ন অসমীয়া আৰু প্ৰাক্ শংকৰী যুগৰ সাহিত্য
পাঠ : ৩
চর্যাগীত : উঞ্চা উঞ্চা পৰৱত তই সবৰী বালী
► অতি চমু প্রশ্নোত্তৰ :
১। চর্যাপদ কি?
উত্তৰ: প্রত্ন অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিদর্শন হ’ল চর্যাপদ। চর্যাপদবোৰ হ’ল সহজযান ধৰ্মৰ দার্শনিক মতবাদ প্রকাশ কৰা এক বিশেষ সাহিত্যিক ৰূপ।
২। অসমীয়া ভাষাৰ লিখিত ৰূপৰ প্ৰথম চানেকি ক’ত পোৱা যায়?
উত্তৰঃ চর্যাপদত।
৩। চৰ্যাপদৰ ভাষাক হৰপ্ৰসাদ শাস্ত্রীয়ে কি ভাষা বুলি নাম দিছে?
উত্তৰঃ সন্ধ্যাভাষা বা আলো-আঁধাৰি ভাষা বুলি নাম দিছে।
৪। ‘উঞ্চা উঞ্চা পাবত তাঁহ বসই সবৰী বালী’ চর্যাগীতটিৰ ৰচক কোন?
উত্তৰ: শবৰপাদানাম্।
৫। মোৰঙ্গি পীচ্ছ পৰহিণ’ মানে কি অর্থ প্রকাশ কৰিছে?
উত্তৰঃ ময়ূৰৰ দীঘল পাখিযুক্ত পিছভাগ বা ফিচা পৰিহিত, অর্থাৎ ভাৱ-বিকল্পৰূপ ময়ূৰৰ নানা ৰং-চঙীয়া ফিচাৰে নিজৰ স্বৰূপ অলঙ্কৃত কৰি ৰাখিছে।
৬। চর্যাগীতটিত ‘কণ্ঠে লইআমহাসুহে ৰাতি পোহাই’ৰ অৰ্থ কি?
উত্তৰঃ কণ্ঠে লইআমহাসুহে ৰাতি পোহাই- কণ্ঠত অর্থাৎ সম্ভোগচক্ৰত নৈৰাত্মাৰ সৈতে সহাসুখেৰে ৰাতি পুৱায়। ৰাতি বুলিলে আন্ধাৰ নিশাক বুজায়; ইয়াত আন্ধাৰক ক্লেশ আদিব লগত তুলনা কৰা হৈছে। ‘বাতি পোহাই’ শব্দৰ দ্বাৰা ক্লেশ গুচাই পোহৰ লাভ কৰা অৰ্থ বুজাইছে।
► চমু প্রশ্নোত্তৰ :
১। চর্যাপদ মানে কি?
উত্তৰঃ চৰ্যাপদ হৈছে অসমীয়া সাহিত্যৰ আটাইতকৈ পুৰণি লিখিত নিদর্শন। ই মূলত ৭ম-৮ম শতিকাৰ মাজত বজ্রযান আৰু সহজযান ধৰ্মীয় ধাৰাৰ অধীনত ৰচিত গীত। এই গীতসমূহত তন্ত্র-মন্ত্র, ধ্যান-সাধনা আৰু চিৰআনন্দ (মহাসুখ) লাভৰ উপায় বৰ্ণনা কৰা হৈছে। সিদ্ধগণে সাধনাৰ গূঢ় অৰ্থ গীতৰ ৰূপত প্ৰকাশ কৰিছিল। এইবোৰ গীতকেই “চৰ্যাপদ”, “চৰ্যাগীত” বা “বৌদ্ধ দোহা” বুলি জনা যায়। এই গীতবোৰত অসমীয়া ভাষাৰ প্ৰথম ধাপৰ শব্দ, ভাব আৰু ৰূপ দেখা যায়।
২। ‘উঞ্চা উঞ্চা পাবত তাঁহ বসই সবৰী বালী’ চৰ্যাগীতটিৰ মূলকথাখিনি লিখা।
উত্তৰঃ এই চৰ্যাগীতটিত দেহক এটা ওখ পাহাৰৰ দৰে দৰ্শোৱা হৈছে। তাৰ শীৰ্ষত — অৰ্থাৎ মূৰত — আছে মহাসুখচক্র, য’ত নৈৰাত্মা নামৰ এটি জ্ঞানদায়িনী শক্তিয়ে বাস কৰে। তেখেত বজ্ৰধাৰী শবৰীৰ ৰূপত অৱস্থান কৰি সাধকক আত্মজ্ঞানৰ পথ দেখুৱায়। সাধকজনে নিজৰ দেহত ইন্দ্ৰিয়ৰ জালৰে বান্ধি থোৱা এই আত্মাক চিনে আৰু তাতে সাধনাৰে লীন হয়। তেওঁ নিজৰ কায়-বাক্-চিত্ত একত্ৰ কৰি সহজানন্দ লাভ কৰে। গীতটিত এই ভাবে ধৰ্মসাধনা, তত্বজ্ঞানেৰে মুক্তি তথা শাশ্বত আনন্দ পাবলৈ নিৰ্দেশ দিয়া হৈছে।
► ৰচনাধৰ্মী প্রশ্নোত্তৰ:
১। চর্যাপদ মানে কি? অসমীয়া গীতি-সাহিত্যত চর্যাপদৰ স্থান নিৰূপণ কৰা।
উত্তৰ: অসমীয়া লিখিত সাহিত্যৰ প্ৰথম নিদর্শন হ’ল চর্যাপদ। ৭ম, ৮ম শতিকা মানত সৃষ্ট বজ্রযান মহাযান আদি সম্প্রদায়ে বৌদ্ধ ধৰ্মৰ মূল আচাৰ-ৰীতিৰ লগত তন্ত্র-মন্ত্র, ইন্দ্রজাল আদিকো স্থান দিছিল। এই সম্প্রদায়ৰ লোকসকলে নির্বাণ বা মুক্তিৰ মূলতে মহাসুখবাদ বা চিৰ আনন্দ বুলি ভাবিছিল। এই মহাসুখ লাভেই সাধনাৰ চৰম লক্ষ্য বুলি লৈছিল। পৰৱৰ্তী যুগত সিদ্ধ-পুৰুষে এই মতকে গীতৰ আকাৰে প্ৰচাৰ কৰে। এই গীতবোৰকেই চর্যাপদ, চৌর্য্যাগীত, বৌদ্ধ গান বা দোহা বুলি জনা যায়। লুইপাদ, সৰহপাদ, মীননাথ, মৎস্যেন্দ্রনাথ আদিয়ে ৰচিত গীতসমূহত অসমীয়া ভাষাৰ আদি নিদর্শন সুস্পষ্ট।
চর্যাগীতৰ ৰচকসকল হ’ল যথাক্রমে আজদের, কংকনপাদ, কম্বলাম্বৰপাদ, কুকুৰীপাদ, কৃষ্ণবজ্রপাদ, কৃষ্ণাচার্যপাদ, গুণ্ডৰীপাদ, চটিল্লপাদ, জয়নন্দীপাদ, ডোম্বীপাদ, ঢেন্টনপাদ, তন্ত্রীপাদ, তাড়কপাদ, দাৰিকপাদ, ধামপাদ, বিৰুৱাপাদ, বীণাপাদ, ভাদেপাদ, ভুসুকুপাদ, মহীধৰপাদ, লুইপাদ, শবৰপাদ, শান্তিপাদ আৰু সৰহপাদ।
চর্যাপদৰ ভাষা সাংকেতিক যদিও চর্যাকাৰসকলে পাৰ্যমানে সাধাৰণ শ্ৰেণীৰ লোকৰ ভাষাৰ ওচৰ চপাই দিবলৈ চেষ্টা কৰিছিল। তত্ত্ব কথাসমূহ সহজবোধ্য কৰিবলৈ তেওঁলোকে উপমা ৰূপকৰ সহায় লৈছিল। তেওঁলোকৰ লক্ষ্য আছিল তত্ত্ব ৰহস্য প্রকাশ কৰা। ৰূপকৰ মাধ্যমত তত্ত্ব কথা স্পষ্ট হয় আৰু ইন্দ্ৰিয় জগতৰ বোধগম্য হৈ পৰে। সেই কাৰণে চর্যাকাৰসকলে দুর্বোধ্য তত্ত্ব বুজাবলৈ বস্তু জগতৰপৰা, সৰ্বসাধাৰণৰ দৈনন্দিন জীৱনৰ ক্ৰিয়াকাৰ্যৰ অভিজ্ঞতাৰপৰা বিবিধ ৰূপক গ্রহণ কৰিছে। এই তত্ত্ব আৰু উপমা, ৰূপক আদি অলংকাৰৰ প্রৱাহতেই চৰ্যাপদৰ কাব্যিক সৌন্দর্য ফুটি উঠিছে।
চৰ্যাৰ ৰচকসকলৰ ভিতৰত শৱৰপদৰ দুটি চৰ্যাত কাব্যিক সৌন্দর্য অধিক দেখা যায়। দুয়োটা চর্যাতে মানৱীয় অনুভূতি উপলব্ধি হয়। ২৮নং চৰ্যাৰ শাৰীবোৰত কবিৰ ৰূপাত্মক চিন্তাৰ বৈচিত্র্য আৰু শব্দ ব্যঞ্জনা অতি মনোৰম। ময়ূৰৰ পাখিৰে শৱৰীয়ে প্রেম মিলনক উদ্বেলিত কৰাৰ অভিলাস এক মধুৰ কল্পনা। আনহাতে, হৃদয়-অনুভূতিৰ এই উদ্যম শৱৰৰ ব্যৱহাৰত স্পষ্ট হৈ পৰিছে। লগতে সেই দৈহিক মিলনৰ পটভূমিত অনুকূল প্রাকৃতিক পৰিৱেশৰ সংস্থাপনে কবি মনৰ সৌন্দৰ্য চেতনাৰ পৰিচয় দিছে। কুসুমতি তৰুৰাজি, মৃদুল মলয়া আৰু সুনীল আকাশৰ মধুৰ পৰিৱেশে শৱৰ-শৱৰীৰ মিলনশয্যাৰ ওপৰত চন্দ্ৰতাপ তৰি দিছে।
শৱৰপাদৰ ৫০নং চৰ্যাটিত কবি মনৰ ৰমণীয়তা সুন্দৰভাৱে প্রকাশ পাইছে। প্রেমিক শৱৰ আৰু প্রেমিক শৱৰীৰ বৰ্ণনা দিবলৈ গৈ কবিয়ে এক চমৎকাৰ কল্পনাৰ প্ৰয়োগ কৰিছে। ওখ পবৰ্তৰ শিখৰত ঘৰ, চাৰিওফালে কপাহ ফুলেৰে আবৃত। আকাশত পূর্ণ চন্দ্র, পৃথিৱীত তাৰ পোহৰৰ লগতে মৃদুমলয়া বতাহ আৰু পকা কংগুচিনা ফলৰ গোন্ধ, ইয়াৰ মাজতেই প্রেমিক-প্রেমিকা থাকে। এই বর্ণনা অতিশয় মধুৰ। কবিৰ কল্পনাও অতি মনোৰম হৈছে। কবিয়ে ইয়াত প্রাকৃতিক সৌন্দৰ্যৰ চিত্ৰণ আৰু ব্যক্তিপ্ৰেমৰ নিৰ্দেশনাৰ দ্বাৰা গূঢ়তত্ত্ব ব্যাখ্যা কৰিছে। এই কথা মঞ্জু চক্ৰৱৰ্তী আৰু কৰৱী ডেকা হাজৰিকাই লিখা ‘চর্যাপদ আৰু বৰগীত’ পুথিত সুন্দৰভাবে বিশ্লেষিত হৈছে।
কোনো কোনো চর্যাত ভাবচিত্ৰৰ প্রয়োগ দেখা পোৱা যায়। এইক্ষেত্রত উল্লেখ কৰা ভাল যে চৰ্য্যাপদবোৰ অকল ৰূপক-উপমা, ভাবচিত্র আদিৰে চমৎকৃত হোৱা নাই, সেইবোৰক ছন্দ আৰু অলংকাৰৰ প্ৰয়োগেও মনোহাৰিত্ব প্রদান কৰিছে। তদুপৰি এইবোৰত কাব্যৰসৰ আস্বাদনো ক্ষীণভাৱে হ’লেও পোৱা যায়।