BA 1st Semester Assamese Chapter 2 Question Answer 2025 | গোট-২: প্রত্ন অসমীয়া আৰু প্ৰাক্-শংকৰী যুগৰ সাহিত্য | পাঠ : ৫ | প্ৰহ্লাদ চৰিত | অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস (১৮২৬ চন পর্যন্ত) | BA 1st Semester Assamese Unit 2 Question Answer 2025 | ba 1st semester assamese question answer

BA 1st Semester Assamese Chapter 2 Question Answer 2025 | গোট-২: প্রত্ন অসমীয়া আৰু প্ৰাক্-শংকৰী যুগৰ সাহিত্য | পাঠ : ৫ | প্ৰহ্লাদ চৰিত | অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস (১৮২৬ চন পর্যন্ত) | BA 1st Semester Assamese Unit 2 Question Answer 2025 | ba 1st semester assamese question answer

গোট-২: প্রত্ন অসমীয়া আৰু প্ৰাক্ -শংকৰী যুগৰ সাহিত্য
পাঠ : ৫
প্ৰহ্লাদ চৰিত

► অতি চমু প্রশ্নোত্তৰ :

১। প্ৰহ্লাদ চৰিত্ৰ আৰু হৰগৌৰী-সংবাদ এই দুখন কাব্যৰ ৰচক কোন?

উত্তৰ: হেম সৰস্বতী।

৩। হেম সৰস্বতীৰ ‘প্রহ্লাদ চৰিত্ৰ’ কাব্যখনিৰ উৎস কি?

উত্তৰঃ হেম সৰস্বতীয়ে বামন পুৰাণ চাই এশটা পদত প্রহ্লাদ চৰিত্ৰ নামেএখনি কাব্য ৰচনা কৰে। 

৫। হৰগৌৰী সংবাদ কাব্যত কিমানটা পদ আছে? হৰগৌৰী সংবাদত কি কি ঘটনা। সন্নিবিষ্ট হৈছে?

উত্তৰ: ‘হৰগৌৰী সংবাদ’ কাব্যত ৮৯৯ টা পদ আছে। হৰগৌৰী-সংবাদত নৰসিংহৰ হাতত হিৰণ্যকশিপুৰৰ বধ তাৰকাসুৰৰ অত্যাচাৰ, হৰৰ কোপত মদন ভষ্ম, হৰগৌৰী-সংবাদ, কার্ত্তিকৰ জন্ম আদি ঘটনা সন্নিবিষ্ট হৈছে।

► চমু প্রশ্নোত্তৰ :

১। হেম সৰস্বতীৰ ‘প্রহলাদ চৰিত্ৰ’ কোন সময়ৰ ৰচনা? ইয়াৰ ভিত্তি কি?

উত্তৰঃ হেম সৰস্বতীৰ প্রহলাদ চৰিত্ৰ ত্ৰয়োদশ শতিকাৰ শেষ বা চতুদর্শ শতিকাৰ আদিভাগত ৰচনা কৰা বুলি পণ্ডিতসকলে ক’ব খোজে। কিয়নো হেম সৰস্বতীৰ ‘প্রহলাদ চৰিত্ৰ’ত প্রয়োগ হৈছে আৰবী শব্দ নফৰ। নফৰ শব্দৰ অৰ্থ ভৃত্য, কিংকৰ, অনুচৰ, দাস। ত্রয়োদশ শতিকাৰ প্রথম দশকৰ পৰাই মুছলমানৰ অসম আক্ৰমণৰ বিষয়ে জনা যায়। ১২০৫ খ্রীঃত বংগৰ নবাব মালিক উজবেকৰ কামৰূপ আক্রমণ, ১২০৬, ১২২৬ আৰু ১২২৮ খ্রীঃত নাছিরুদ্দিন ইবাজৰ কামৰূপ আক্রমণ আদিয়েই প্রধান। সেই সময়ৰ পৰা অসমৰ ভাষা-সংস্কৃতিত মুছলমান উপাদান সোমাই পৰাটো ঠাৱৰ কৰিব পাৰি। গতিকে হেম সৰস্বতীৰ প্রহলাদ চৰিত্ৰ নিশ্চয় ত্রয়োদশ শতিকাৰ শেষ বা চতুদর্শ শতিকাৰ আদিভাগত ৰচনা কৰাটোৱেই নিশ্চিত হ’ব।

গোট বিষয়বস্তু
গোট: 1অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস (১৮২৬ চন পর্যন্ত); ভাষিক আৰু সাহিত্যিক পটভূমি, সাহিত্যিক আৰু সাহিত্য-কর্ম
গোট: 2
প্রত্ন অসমীয়া আৰু প্ৰাক্-শংকৰী যুগৰ সাহিত্যঃ

পাঠ-১: লোকগীত: একবাৰ হৰি বোল মন ৰচনা

পাঠ-২: লোকগীত: কানাই পাৰ কৰা হে

পাঠ-৩ঃ চর্যাগীত: উঞ্চা উঞ্চা পৰৱত তই সবৰী বালী

পাঠ-৪: বড়ু চণ্ডী দাস: বিজয় নাম বেলাতে
(‘জন্মখণ্ড’ শ্রীকৃষ্ণ কীর্তন)


পাঠ-৫: হেম সৰস্বতী: প্ৰহ্লাদ চৰিত (সম্পূর্ণ)

পাঠ-৬: মাধৱ কন্দলিঃ লংকাৰ বিৱৰণ
(‘সুন্দৰাকাণ্ড’ ৰামায়ণ)
গোট: 3শংকৰদেৱকালীন সাহিত্য:

পাঠ-১: শংকৰদেৱ নাৰায়ণ কাহে ভকতি কৰো তেৰা (বৰগীত)

পাঠ-২: মাধৱদেৱঃ চোৰধৰা (ঝুমুৰা)

পাঠ-৩ঃ ৰাম সৰস্বতী: ভীমচৰিত (বধকাব্য)

পাঠ-৪: সুকবি নাৰায়ণ দেবঃ বেউলাৰ নৃত্য (পদ্মা পুৰাণ)
গোট: 4শংকৰদেৱৰ পৰৱৰ্তীকালৰ সাহিত্যঃ

পাঠ-১: ভট্টদেব: অর্জুনৰ বিষাদ যোগ (কথাগীতা)

পাঠ-২: মহেশ্বৰ নেওগ (সম্পা.): গুৰু শিষ্যৰ মণিকাঞ্চন সংযোগ (গুৰু চৰিত কথা)

পাঠ-৩: সূর্যকুমাৰ ভূঞা (সম্পা.): অসমৰ ৰণোদ্যম (সাতসৰী অসম বুৰঞ্জী)

পাঠ-৪: সুকুমাৰ বৰকাথ: হাতীৰ লক্ষণ (হস্তীবিদ্যার্ণৱ)

► ৰচনাধৰ্মী প্রশ্নোত্তৰ:

১। প্রাক্ শংকৰী যুগৰ সাহিত্যৰ সম্যক পৰিচয় দি এই যুগৰ কবি হেম সৰস্বতীৰ বিষয়ে লিখা।

উত্তৰ: মহাপুৰুষ শংকৰদেৱ সৃষ্ট বৈষ্ণৱ সাহিত্যৰাজিৰ পূৰ্ববর্তী স্তৰৰ সাহিত্য সম্ভাৰকে ‘প্রাক্-বৈষ্ণৱ যুগৰ সাহিত্য’ বুলি কোৱা হয়। এই যুগটোক ড° মহেশ্বৰ নেওগে ‘প্রাক্-শংকৰী যুগ’ আৰু পিছৰ যুগটোক ‘শংকৰী যুগ’ বুলি অভিহিত কৰিছে। চৰ্যাপদ ৰচনাকালৰ পৰা হেম সৰস্বতীৰ ‘প্রহলাদ চৰিত্ৰ’ ৰচনা কাললৈকে মাজৰ প্ৰায় তিনিশ বছৰৰ ভিতৰত ৰচিত কোনো সাহিত্যিক নিদর্শন আজিকোপতি উদ্ধাৰ হোৱা নাই। সাহিত্য সৃষ্টি হৈছিল যদিও হয়তো কালৰ বুকুত বিলীন হৈ গ’ল। অৱশ্যে এই সময়ছোৱাত চহা কবিৰ দ্বাৰা বহুতো মৌখিক সাহিত্যৰ সৃষ্টি হৈছিল। তথাপি, সেই সময়ছোৱাত যে অসমীয়া ভাষাই অধিক প্রকাশিকা শক্তি আহৰণ কৰি আত্ম-বিকাশৰ পথত সময়োচিতভাৱে আগবাঢ়ি গৈছিল সেই কথা খ্রীষ্টীয় চতুর্দশ শতিকাৰ কবি হেম সৰস্বতী, ৰুদ্ৰ কন্দলি, হৰিবৰ বিপ্ল, কবিৰত্ন সৰস্বতী, মাধৱ কন্দলিৰ উচ্চন্তৰীয় সাহিত্যৰাজিয়েই প্ৰমাণ কৰে। এই পাঁচজন কবিৰ ৰচনাসম্ভাৰেই প্ৰাক্-বৈষ্ণৱ যুগৰ অসমীয়া সাহিত্যক ঐতিহাসিক মর্যাদা প্রদান কৰিছে।

প্রাক্-বৈষ্ণৱ যুগৰ সাহিত্যৰাজি মূলতঃ কাব্য-সাহিত্য। ৰাজপৃষ্ঠপোষকতাত কবিসকল সাহিত্য চর্চাত ব্রতী হৈছিল। তেওঁলোকে বিষয়বস্তু আৰু কাব্য ধাৰণা আহৰণ কৰিছিল প্রধানকৈ ৰামায়ণ আৰু মহাভাৰতৰ পৰা। এই যুগৰ সাহিত্যৰাজি আছিল অনন্য সাহিত্য গুণসম্পন্ন।

হেম সৰস্বতীৰ ‘প্রহলাদ চৰিত্ৰ’ৰ পৰা মাধৱ কন্দলিৰ ৰামায়ণলৈকে প্রাক্-বৈষ্ণৱ যুগৰ কাব্যকৃতি অসমীয়া সাহিত্যৰ উজ্জ্বল আলোকস্তম্ভ। হেম সৰস্বতী, ৰুদ্ৰ কন্দলি, হৰিবৰ বিপ্ৰ, কবিৰত্ন সৰস্বতী আৰু মাধৱ কন্দলি- এই পাঁচজন কবি প্রাক্-বৈষ্ণৱ যুগৰ সাহিত্য-জগতৰ পঞ্চৰতু স্বৰূপ। তলত হেম সৰস্বতীৰ চমু পৰিচয় আগবঢ়োৱা হ’ল-

কমতাধিপতি দুর্লভ নাৰায়ণ ৰজাৰ পৃষ্ঠপোষকতাত কবি হেম সৰস্বতীৰ কাব্যিক প্রতিভাৰ বিকাশ ঘটিছিল। এইজনা ৰজাৰ ৰাজত্বকালতেই কবি সৰস্বতীয়ে ‘প্রহলাদ চৰিত্ৰ’ আৰু ‘হৰ-গৌৰী সংবাদ’ ৰচনা কৰে। সংস্কৃতজ্ঞ ৰুদ্ৰ সৰস্বতীৰ পুত্ৰ হেম সৰস্বতী পুৰুষানুক্রমে পণ্ডিত বংশৰ সন্তান; পাণ্ডিত্যসূচক ‘সৰস্বতী’ উপাধি তাৰেই প্ৰমাণ। পাণ্ডিত্যৰ উপৰিও হেম সৰস্বতীৰ আছিল অনন্য কবি প্রতিভা।

হেম সৰস্বতীয়ে ৰচনা কৰা ‘প্রহলাদ চৰিত্ৰ’ অসমীয়া ভাষাৰ প্ৰথমখন গ্রন্থ বুলি কোৱা হয়।

এইখন হ’ল সৰু বৰ্ণনাত্মক কাব্য। দৈত্যৰাজ হিৰণ্যকশিপুৰ পুতেক প্রহ্লাদক বিষ্ণুভক্তি আচৰণ কৰা কাৰণে কৰা উৎপীড়ন আৰু শেষত নৰসিংহ ৰূপী বিষ্ণুৰ হাতত হিৰণ্যকশিপু বধৰ বিৱৰণ পোৱা যায়। তেওঁৰ বৰ্ণনা সৰল আৰু ঘৰুৱা, ভাষাৰ আড়ম্বৰতা নাই। কঠিন আৰু যুক্তাক্ষৰ কোমল কৰি ব্যৱহাৰ কৰা দেখা যায়। উদাহৰণস্বৰূপে ‘ৰ’ৰ ঠাইত ‘ল’; ‘ও’ কাৰৰ ঠাইত ‘উ’কাৰ; ‘ষ্ণ’ৰ ঠাইত ‘ষ্ট’ আদি প্রয়োগ উল্লেখযোগ্য। সূক্ষ্ম কলাবোধ আৰু সহজবোধ্য বিৱৰণ ‘প্রহলাদ চৰিত্ৰ’ গ্ৰন্থখনত পোৱা যায়। তদুপৰি এই গ্ৰন্থখন হ’ল বিষ্ণুৰ মাহাত্ম্য প্রকাশক গ্রন্থ।

হেম সৰস্বতীৰ অন্য এখন গ্রন্থ হ’ল- ‘হৰ-গৌৰী সংবাদ’। তাৰকাসুৰৰ অত্যাচাৰ, শিৱৰ তপস্যা, মদন ভস্ম, হৰ-পাৰ্বতীৰ বিবাহ, কার্তিকৰ জন্ম আদিৰ বিৱৰণ এইখন গ্রন্থত পোৱা যায়। কালিদাসৰ কুমাৰসম্ভৱ, কালিকা পুৰাণ আদি গ্ৰন্থৰ প্রভাৱ কাব্যখনত পোৱা যায়। পৈণত বয়সত ৰচনা কৰা ‘হৰ-গৌৰী সংবাদ’ত হেম সৰস্বতীৰ কবিত্ব গুণৰ পৰিচয় পোৱা যায়।

২। ‘প্রহ্লাদ চৰিত্ৰ’ কবিতাংশত হৰিৰ প্ৰতি প্ৰহ্লাদে কেনেদৰে ভক্তি প্রকাশ কৰিছে লিখা।

উত্তৰঃ ‘প্রহ্লাদ চৰিত্ৰ’ নামৰ আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট কবিতাংশটি হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত্ৰ নামৰ পুথিখনৰ পৰা লোৱা হৈছে। কবিতাংশটি পাঠ্যপুথিত যিদৰে আৰম্ভ কৰা হৈছে তালৈ চাই বুজিব পাৰি যে প্ৰহ্লাদক ইয়াৰ আগতে হৰিক নিন্দা কৰিবলৈ বা মাধৱক গালি পাৰিবলৈ কোৱা হৈছে। সেই কথাত আপত্তি জনাই প্রহ্লাদে হৰিক স্মৰণ কৰিছে আৰু কৈছে যে মাধৱেই তেওঁৰ পিতা মাতা আৰু মাধৱেই তেওঁৰ প্ৰাণ, তেওঁৰ এক মাত্র বন্ধু। গতিকে সেই মাধৱক তেওঁ কোনোপধ্যেই গালি পাৰিব নোৱাৰে।

প্রহ্লাদে কৈছে যে এই পৃথিৱীত আমি যত পাহাৰ-পৰ্বত, নদ-নদী বা গছ-বিৰিখ আছে, য’ত দেৱতা আছে সকলোৰে মাজ হৰিয়ে আছে। তিনিও জগতৰ সৰ্বত্ৰতে ব্যাপ্ত হৈ আছে তেওঁৰ হাতে। এনেদৰে প্ৰহ্লাদে তেওঁৰ হৰিৰ প্ৰতি থকা একান্ত ভক্তি প্রকাশ কৰিছে।

প্রহ্লাদৰ কথা শুনি বাপেক হিৰণ্যকশিপুৱে পুনৰাই গৰজি উঠিছে যে যদি সকলোতে ঈশ্বৰ আছে তেনেহলে সকলো সমান হব লাগিছিল। প্রহ্লাদে পুনৰ উত্তৰ দিছে যে নিৰ্মল দৃষ্টি থাকিলেহে হৰি দৰ্শন সম্ভব। কিন্তু সকলোতে ঈশ্বৰ থকা সত্বেও সকলো সমান নহয় এই বাবেই যে জীৱই নিজৰ কৰ্ম অনুসাৰে ফল ভোগ কৰে। ঈশ্বৰ আকাৰত বেলেগ কিন্তু বিচাৰত এক। লগতে প্রহ্লাদে স্ফটিকৰ স্তম্ভতো হৰি আছে বুলি নিষ্ঠাৰে ঘোষণা কৰিলে আৰু বাপেকক তাতেই হৰিক প্ৰত্যক্ষ কৰিবলৈ ক’লে।

সামান্য আলাপৰ মাজতেই প্ৰহ্লাদৰ কথা আৰু কাৰ্যত হৰিৰ প্ৰতি ভক্তি থকা এটল বিশ্বাসৰ কথা প্রকাশ পাইছে। তেওঁ সম্পূর্ণ কায়-মনো-বাক্যে হৰিৰ আৰাধনা কৰিছে। হৰিক তেওঁ সকলো বস্তুৰ মাজতে প্রত্যক্ষ কৰিছে। তিনিও জগতৰ সকলো সম্পদৰ মাজতে হৰিক প্ৰত্যক্ষ কৰিব পৰা অৱস্থা প্রাপ্ত মানেই বুজিব পাৰি যে প্ৰহ্লাদৰ হৰি ভক্তিৰ নমুনা কিমান গভীৰ। সেয়েহে প্রহ্লাদৰ এই হৰিভক্তি আজিও ভক্ত সমাজৰ পাথেয় হৈ আছে।

4 thoughts on “BA 1st Semester Assamese Chapter 2 Question Answer 2025 | গোট-২: প্রত্ন অসমীয়া আৰু প্ৰাক্-শংকৰী যুগৰ সাহিত্য | পাঠ : ৫ | প্ৰহ্লাদ চৰিত | অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস (১৮২৬ চন পর্যন্ত) | BA 1st Semester Assamese Unit 2 Question Answer 2025 | ba 1st semester assamese question answer”

Leave a comment