BA 1st Semester Assamese Chapter 2 Question Answer 2025 | গোট-২: প্রত্ন অসমীয়া আৰু প্ৰাক্-শংকৰী যুগৰ সাহিত্য | পাঠ : ৬ | লংকাৰ বিৱৰণ | অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস (১৮২৬ চন পর্যন্ত) | BA 1st Semester Assamese Unit 2 Question Answer 2025 | ba 1st semester assamese question answer

BA 1st Semester Assamese Chapter 2 Question Answer 2025 | গোট-২: প্রত্ন অসমীয়া আৰু প্ৰাক্-শংকৰী যুগৰ সাহিত্য | পাঠ : ৬ | লংকাৰ বিৱৰণ | অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস (১৮২৬ চন পর্যন্ত) | BA 1st Semester Assamese Unit 2 Question Answer 2025 | ba 1st semester assamese question answer

গোট-২: প্রত্ন অসমীয়া আৰু প্ৰাক্-শংকৰী যুগৰ সাহিত্য
পাঠ‌ : ৬
লংকাৰ বিৱৰণ

► অতি চমু প্রশ্নোত্তৰ :

১। প্রাক-শংকৰী যুগৰ শ্ৰেষ্ঠ কবি কোন?

উত্তৰ: মাধৱ কন্দলি।

২। মাধৱ কন্দলিয়ে কেতিয়া ৰামায়ণ অসমীয়া ভাষালৈ ভাঙনি কৰে?

উত্তৰ: চতুৰ্দশ শতিকাত।

৩। মাধৱ কন্দলিয়ে কাৰ পৃষ্ঠপোষকতাত কাব্য চর্চা কৰিছিল?

উত্তৰঃ বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত।

৪। মাধৱ কন্দলীৰ ‘ৰামায়ণ’ত কেইটা কাণ্ড পোৱা যায়?

উত্তৰঃ “সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলো” বুলি মাধৱ কন্দলীয়ে উল্লেখ কৰা কথাৰ পৰা সাতটা কাণ্ড ৰচনা কৰিছিল বুলি জানিব পৰা যায়; যদিও বর্তমানে কন্দলীৰ ৰামায়ণৰ আদি আৰু উত্তৰাকাণ্ডৰ বাহিৰে মাজত পাঁচটা কাণ্ডহে পোৱা যায়।

৫। মাধৱ কন্দলীৰ ৰামায়ণত বর্তমানে সন্নিবিষ্ট কোনটো কাণ্ড শংকৰদেৱে ৰচনা কৰে?

উত্তৰঃ উত্তৰাকাণ্ড।

৬। মাধৱ কন্দলীৰ ৰামায়ণত বর্তমানে সন্নিবিষ্ট কোনটো কাণ্ড মাধৱদেৱে ৰচনা কৰে?

উত্তৰঃ আদি কাণ্ড।

► চমু প্রশ্নোত্তৰ :

১। প্ৰাক্ শংকৰী যুগৰ কবি মাধৱ কন্দলিৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ: প্রাক্-শংকৰী যুগৰ সৰ্বশ্রেষ্ঠ কবি মাধৱ কন্দলি প্রাচীন অসমৰ পূবমধ্যাঞ্চলৰ অধিপতি বৰাহী ৰজা মহামাণিক্যৰ ৰাজকবি আছিল। উত্তৰ ভাৰতীয় প্রান্তীয় ভাষাত পোন। প্ৰথম ৰামায়ণ ৰচনাৰ গৌৰৱ অর্জন কৰিছিল চতুর্দশ শতিকাৰ কবি মাধৱ কন্দলিয়ে। এই ৰামায়ণ অসমীয়া ৰামায়ণী সাহিত্যৰ কীৰ্তিস্তম্ভস্বৰূপ। সপ্তকাণ্ড ৰামায়ণ ৰচনা কৰি অপ্রতিদ্বন্দ্বীৰূপে শ্রেষ্ঠ স্থান পোৱা মাধৱ কন্দলিক মহাপুৰুষ শংকৰদেৱে ‘পূর্বকবি অপ্রমাদী মাধৱ কন্দলি’ বুলি সম্মান জনাইছে।

কোনো বিশেষ বিশেষ ঠাইৰ বৰ্ণনা, গৃহ-প্রাসাদ আদিৰ বৰ্ণনা, প্রাকৃতিক সৌন্দৰ্যৰ বৰ্ণনা, মানবীয় সৌন্দৰ্যৰ বৰ্ণনা, দানৱীয় কদর্য ৰূপৰ বৰ্ণনা, যুদ্ধৰ বৰ্ণনা এই সকলো বিষয়ত কন্দলিয়ে মনোৰম প্রকাশভংগীৰে জীৱন্ত আৰু গতিশীল ৰূপ প্রদান কৰিছে। সুন্দৰাকাণ্ড ইয়াৰ যথার্থ নিদর্শন। জীৱন আৰু জনজীৱনৰ নানা প্ৰতিৰূপ, নগৰ-চহৰ আৰু বন-উপবন আদি বিষয়ৰ বৰ্ণনাত কবিয়ে অসমৰ জাতীয় জীৱনৰ ৰূপ ছবি সততে স্পষ্ট ৰূপত দাঙি ধৰিছে। সংঘটনাৰ পৰিস্থিতিৰ চিত্ৰণত, নৈসর্গিক সৌন্দৰ্যৰ বৰ্ণনাত আৰু বীৰ, করুণ, হাস্য আদি কলাৰস সৃষ্টিৰ ক্ষেত্ৰত কন্দলিয়ে অপৰিসীম দক্ষতাৰ পৰিচয় দিছে। অনুবাদ কার্যত কন্দলিয়ে মূল বাল্মিকী ৰামায়ণৰ অপৰিহাৰ্য আৰু ৰসোত্তীর্ণ শ্লোকবোৰ সযতনে ৰাখি থোৱাৰ উপৰিও কোনো কোনো ঠাইত থকা তেনে সংক্ষিপ্ত বিষয়বিশেষৰ বিস্তাৰ ঘটাইছে। শব্দ চয়নৰ ক্ষেত্ৰতো কন্দলিৰ দক্ষতা অতুলনীয়। মাধৱ কন্দলিৰ ভাষা, ছন্দ, উপমা, অনুপ্রাস, শৈলী আৰু শব্দাৱলীয়ে পৰৱৰ্তী বৈষ্ণৱ কবিসকলৰ ওপৰত বিশেষভাবে প্রভাব বিস্তাৰ কৰিবলৈ সক্ষম হৈছে।

সপ্তকাণ্ড ৰামায়ণৰ উপৰি মাধৱ কন্দলিৰ ভণিতা থকা ‘দেৱজিৎ’, ‘তাম্রধ্বজৰ যুদ্ধ’ আৰু ‘পাতাল কাণ্ড’ নামৰ আন তিনিখন কাব্য পোৱা যায়। ভাব-ভাষা, সাহিত্যিক মান্যতা আৰু কালগত বিচাৰত সেইকেইখন ‘দেৱজিত’ৰ বাহিৰে বাকী দুখন তেওঁৰ ৰচনা নহয় বুলি বর্তমান প্রতিপন্ন হৈছে।

গোট বিষয়বস্তু
গোট: 1অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস (১৮২৬ চন পর্যন্ত); ভাষিক আৰু সাহিত্যিক পটভূমি, সাহিত্যিক আৰু সাহিত্য-কর্ম
গোট: 2
প্রত্ন অসমীয়া আৰু প্ৰাক্-শংকৰী যুগৰ সাহিত্যঃ

পাঠ-১: লোকগীত: একবাৰ হৰি বোল মন ৰচনা

পাঠ-২: লোকগীত: কানাই পাৰ কৰা হে

পাঠ-৩ঃ চর্যাগীত: উঞ্চা উঞ্চা পৰৱত তই সবৰী বালী

পাঠ-৪: বড়ু চণ্ডী দাস: বিজয় নাম বেলাতে
(‘জন্মখণ্ড’ শ্রীকৃষ্ণ কীর্তন)


পাঠ-৫: হেম সৰস্বতী: প্ৰহ্লাদ চৰিত (সম্পূর্ণ)

পাঠ-৬: মাধৱ কন্দলিঃ লংকাৰ বিৱৰণ
(‘সুন্দৰাকাণ্ড’ ৰামায়ণ)
গোট: 3শংকৰদেৱকালীন সাহিত্য:

পাঠ-১: শংকৰদেৱ নাৰায়ণ কাহে ভকতি কৰো তেৰা (বৰগীত)

পাঠ-২: মাধৱদেৱঃ চোৰধৰা (ঝুমুৰা)

পাঠ-৩ঃ ৰাম সৰস্বতী: ভীমচৰিত (বধকাব্য)

পাঠ-৪: সুকবি নাৰায়ণ দেবঃ বেউলাৰ নৃত্য (পদ্মা পুৰাণ)
গোট: 4শংকৰদেৱৰ পৰৱৰ্তীকালৰ সাহিত্যঃ

পাঠ-১: ভট্টদেব: অর্জুনৰ বিষাদ যোগ (কথাগীতা)

পাঠ-২: মহেশ্বৰ নেওগ (সম্পা.): গুৰু শিষ্যৰ মণিকাঞ্চন সংযোগ (গুৰু চৰিত কথা)

পাঠ-৩: সূর্যকুমাৰ ভূঞা (সম্পা.): অসমৰ ৰণোদ্যম (সাতসৰী অসম বুৰঞ্জী)

পাঠ-৪: সুকুমাৰ বৰকাথ: হাতীৰ লক্ষণ (হস্তীবিদ্যার্ণৱ)

৩। মাধৱ কন্দলিয়ে অসমৰ কথ্য ভাষাক কিদৰে কাব্যৰ ভাষাৰূপে সুপ্রতিষ্ঠিত কৰিলে?

উত্তৰঃ ৰামায়ণৰ অনুবাদৰদ্বাৰা কন্দলিয়ে অসমৰ কথ্য ভাষাক কাব্যৰ ভাষাৰূপে সুপ্রতিষ্ঠিত কৰিলে। নৈসর্গিক সৌন্দর্যকে আদি কৰি ভিন্ন ভিন্ন সৌন্দর্য বা পৰিৱেশৰ চিত্ৰণ কবিয়ে সমকালীন অসমৰ পৰিৱেশ-পৰিস্থিতিৰ লগত সংগতি ৰাখিহে চিত্রিত কৰিছে। ফলত অসমীয়া পাঠক-শ্রোতাৰ বাবে বর্ণনীয় বিষয়ৰ লগত আত্মীয়তা স্থাপন কৰিবলৈ সহজ হৈছে। এই প্রসংগত উল্লেখ্য যে কন্দলিয়ে মূলতকৈ কিছু বিস্তৃত ৰূপত চিত্রকূটৰ নৈসর্গিক বর্ণনাখিনি অসমৰ প্ৰাকৃতিক পৰিৱেশৰ অন্তৰ্গত কৰি মনোৰমকৈ দাঙি ধৰিছে। খেল-ধেমালিৰ উপৰি সাজ-পোছাক, আ-অলংকাৰ, উৎসৱ-পার্বণ আদিও অসমীয়া সমাজৰ অনুৰূপে কবিয়ে বর্ণনা কৰিছে।

৪। কন্দলি ৰামায়ণত অসমৰ কৃষিভিত্তিক সমাজখনৰ পৰিচয় কিদৰে পাব পাৰি?

উত্তৰঃ কন্দলি ৰামায়ণৰ বিভিন্ন বৰ্ণনাৰ জৰিয়তে অসমৰ কৃষিভিত্তিক সমাজখনৰ পৰিচয় পাব পাৰি। উদাহৰণ হিচাপে ‘খৰ লগা ধান যেন বৰিষণ জলে’, ‘বোঝাৰ ওপৰে যেন শাক পটন্তৰ’, ‘বিচিধান ৰুইলো যেন উখৰা ভূমিত’, ‘যাণ্ডে ধান খাইলে তাতিৰ কাটে বাটি’ আদি উপমা, অলংকাৰৰ মাজেৰে তৎকালীন অসমৰ কৃষিভিত্তিক সমাজখনৰ আভাস পোৱা যায়।

► ৰচনাধৰ্মী প্রশ্নোত্তৰ:

১। অনুবাদক হিচাপে মাধৱ কন্দলিৰ প্ৰতিভা বর্ণনা কৰা।

উত্তৰ: মাধৱ কন্দলিয়ে ৰামায়ণ অনুবাদ কৰাৰ সময়ত তেওঁৰ সন্মুখত আদর্শস্বৰূপ অনুবাদ-কর্ম নাছিল। কন্দলিয়ে অসমৰ জনগণে বুজিব পৰাকৈ, জনগণৰ বিদ্যা-বুদ্ধি আৰু ৰুচিৰ প্রতি লক্ষ্য ৰাখি মৌলিকভাৱে অনুবাদ-ৰীতি নির্ধাৰণ কৰি লয়। এই অনুবাদ-নীতি আছিল বিংশ শতিকাত প্রসিদ্ধি লাভ কৰা যোগাযোগমূলক নী তিৰ অনুৰূপ। স্থানকাল-পাত্ৰৰ উপযোগী কৈ অনুবাদ কৰাত যোগাযোগমূলক অনুবাদ-নী তিত গুৰুত্ব আৰোপ কৰা হয়। ইয়ে কন্দলিৰ মৌলিক সৃজনাত্মক প্ৰতিভাৰ স্বাক্ষৰ বহন কৰে। কন্দলিয়ে যি অনুবাদ-ৰীতিৰে ৰামায়ণ অনুবাদ কৰিলে, তাৰ প্ৰভাৱ পৰৱৰ্তী কালৰ অনুবাদকসকলৰ অনুবাদ-কৰ্মত দেখা যায়। শংকৰদেৱ, মাধৱদেৱ, দুর্গাবৰ, অনন্ত কন্দলি, ৰঘুনাথ মহন্ত আদিৰ ৰচনাত তাৰ প্ৰভাৱ দৃষ্টিগোচৰ হয়।

মাধৱ কন্দলিয়ে নিজে ঘোষণা কৰা ৰীতিৰ পৰা অকণো আঁতৰি যোৱা দেখা নাযায়। কন্দলিয়ে ঘোষণা কৰাৰ দৰেই বাল্মীকি ৰামায়ণৰ সাৰখিনিহে গ্ৰহণ কৰি লোকৰুচিৰ অনুকূলে বঢ়া-টুটা কৰিছে। উদাহৰণস্বৰূপে, চিত্রকূটৰ বৰ্ণনালৈ আঙুলিয়াব পাৰি। মূলতঃ সাতোটা কি আঠোটা শ্লোকত চিত্রকূটৰ নৈসর্গিক শোভাৰ ছবি চিত্ৰিত কৰিছে। কিন্তু কন্দলিয়ে থলুৱা পৰিৱেশ সৃষ্টি কৰিবলৈ অসমৰ গছ-গছনি, চৰাই-চিৰিকটি আদিৰ নাম সুমুৱাই দি বিস্তৃত বর্ণনা দাঙি ধৰিছে। পাঠক-শ্রোতাৰ উপযোগীকৈ (লোক-ব্যৱহাৰে, সৰ্বজনবোধে) স্থানীয় ৰহণ সানি অনুবাদ-কর্ম মৌলিক আৰু অনুপম কৰি তুলিছে। নিজে ৰামায়ণত প্রক্ষিপ্ত কথা সংযোগ কৰা নাই বুলি ঘোষণা কৰিছে, অথচ লোক-জীৱনৰ দুই-এটা কথা সংযোজন কৰি দায়-দোষ এৰাই থৈছে এইদৰে ‘মহামাণিক্যক বোলে কাব্যৰস কিছো দিলো।’ মন কৰিবলগীয়া কথা যে এনে ধৰণে সংযোজন কৰা কথাই বাল্মীকি-ৰামায়ণক বিকৃত কৰা নাই, বৰং অসমীয়া ৰামায়ণক জনগণৰ বেছি ওচৰ চপাই নিছে।

বিশিষ্ট পণ্ডিত শশী শর্মাই কৈছে, ‘বাল্মীকি-ৰামায়ণৰ পঢ়ুৱৈ মাত্রেই জানে যে বাল্মীকির ৰচনা বহু ক্ষেত্ৰত শিশুৰ মাত-কথাৰ সদৃশ পেনপেনোৱা, একে কথাকে বাৰে বাৰে দোহাি থাকে। বাল্মীকিৰ প্ৰায় সমগ্ৰ ৰামায়ণতে এনে পুনৰুক্তিপূর্ণ ভাষা-ৰীতি দেখা যায়। উদাহৰণ স্বৰূপে, ‘ৰামৰ অভিষেকৰ আয়োজন আৰু কৈকেয়ী ৰ বৰ লাভ’ প্ৰসংগৰ বৰ্ণনালৈ আঙুলিয়ান পাৰি। ৰামৰ অভিষেক প্রসংগত দশৰথে সুমন্ত্ৰৰদ্বাৰা ৰামক ৰাজসভালৈ দুবাৰো মতাই অনাইছে সেই একে সময়তে আৰু কৈছেও সেই একেবোৰ কথাকে। কন্দলিয়ে বাল্মীকিৰ গোটেইখিনি কথা আত্মস্থ কৰি লৈছে আৰু মাথোঁ এটা প্রসংগতে সমগ্র বক্তব্য নিচেই কম কথাতে দাঙি ধৰিছে।… প্রায় একে কথাকে দেখা যায় কৈকেয়ীৰ বৰ লাভৰ প্ৰসংগতো। বাল্মীকি-ৰামায়ণত এই প্রসংগটো চাৰিটা অধ্যায়ত প্রায় আঢ়ৈশ শ্লোকৰ মাধ্যমত প্রকাশ পাইছে, দশৰথে কৈকেয়ীক ককর্থনা কৰিছে, গালি-গালাজ পাৰিছে, দুখ-শোকত বাৰে বাৰে বিব্রত হৈছে, মূর্ছাও গৈছে। কন্দলিয়ে এই প্রসংগতো প্রায় সকলোখিনি কথাকে আত্মস্থ কৰি লৈছে আৰু মূল ভাবার্থ মাথোঁ বাইশটা পদত প্রকাশ কৰিছে। ই সামান্য কথা নহয়। কাৰণ কন্দলিয়ে ক’তো মূল ভাব বিকৃতও কৰা নাই আৰু বক্তব্যও অস্পষ্ট কৰা নাই। কন্দলিৰ ৰচনাত পুনৰুক্তি বুলিবলৈ সমূলি একো নাই, কেৱল নতুনৰ পৰা নতুনলৈ গতি কৰিছে। ইয়ে তেওঁৰ ৰামায়ণক মৌলিকৰ সদৃশ উপভোগ্য কৰি তুলিছে। এনে অনুপম কাব্য-বীতি হেতুকে কন্দলি-ৰামায়ণ বাল্মীকি ৰামায়ণতকৈ বেছি উপভোগ্যহে হৈ উঠিছে।”

কন্দলি-ৰামায়ণৰ এনে ভাষা-নীতিয়ে কন্দলিৰ অনুবাদ-কর্মক মহত্ত্ব প্রদান কৰিছে। তেনেদৰে শব্দ-নির্বাচনৰ ক্ষেত্ৰতো কন্দলিয়ে মৌলিক প্ৰতিভাৰ পৰিচয় দিছে। বাল্মীকিৰ বহু শব্দ বাদ দি কন্দলিয়ে যথোপযুক্ত শব্দ চয়ন কৰিছে। উদাহৰণস্বৰূপে, বাল্মীকিৰ বৰ্ণনা অনুসৰি লংকাত বিজয় হৈ হনুমানে ‘সিংহনাদ’ কৰি আহিছে। অথচ বান্দৰে সিংহনাদ নকৰে। সেয়ে কন্দলিয়ে তাৰ ঠাইত ‘ৰিংগ দিল’ বুলিহে কৈছে। সাগৰৰ ইপাৰে থকা বানৰবিলাকে ‘কিল কিল্ ধ্বনি’ শুনিছে। গতিকে, ই বেছি স্বাভাবিক হৈছে।

কন্দলিয়ে বাল্মীকিৰ সৰ্গ বিভাজন বাদ দি প্রতিটো কাগুক বিভিন্ন অধ্যায়ত ভাগ কৰিছে আৰু বাল্মীকিৰ দুই-তিনিটা সর্গ বা তাতকৈও অধিক সৰ্গৰ কথা ভাবানুবাদ কৰি একোটা অধ্যায়ৰ মাজতে সামৰিছে।… তেনেদৰে প্রতিটো কাণ্ডৰ আৰম্ভণি আৰু সমাপ্তি নিজৰ মতে কৰি কাব্যখনিক মৌলিক সদৃশ কৰি তুলিছে। কেতিয়াবা আগৰ কাণ্ডৰ সমাপ্তিৰ কথা পিছৰ কাণ্ডৰ আৰম্ভণিলৈ, কেতিয়াবা একোটা কাণ্ড কেবাটাও সর্গ থাকোঁতে সমাপ্তি ঘটাই কাগুটো তাৰ পৰাই আৰম্ভ কৰি কাব্যখনক নতুন ৰূপত সজাই তুলিছে।

2 thoughts on “BA 1st Semester Assamese Chapter 2 Question Answer 2025 | গোট-২: প্রত্ন অসমীয়া আৰু প্ৰাক্-শংকৰী যুগৰ সাহিত্য | পাঠ : ৬ | লংকাৰ বিৱৰণ | অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস (১৮২৬ চন পর্যন্ত) | BA 1st Semester Assamese Unit 2 Question Answer 2025 | ba 1st semester assamese question answer”

Leave a comment