BA 1st Semester Assamese Chapter 2 Question Answer 2025 | গোট-২: প্রত্ন অসমীয়া আৰু প্ৰাক্-শংকৰী যুগৰ সাহিত্য | পাঠ : ১ | লোকগীত : একবাৰ হৰি বোল মন ৰচনা | অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস (১৮২৬ চন পর্যন্ত) | BA 1st Semester Assamese Unit 2 Question Answer 2025 | ba 1st semester assamese question answer
গোট-২: প্রত্ন অসমীয়া আৰু প্ৰাক্-শংকৰী যুগৰ সাহিত্য
পাঠ : ১
লোকগীত : একবাৰ হৰি বোল মন ৰচনা
► অতি চমু প্রশ্নোত্তৰ :
১। মাধৱ কন্দলিয়ে কাৰ পৃষ্ঠপোষকতাত কাৰ্য চৰ্চা কৰিছিল?
উত্তৰঃ বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত।
২। প্রাক-শংকৰী যুগৰ শ্ৰেষ্ঠ কবি কোন?
উত্তৰ: প্রাক-শংকৰী যুগৰ শ্ৰেষ্ঠ কবি মাধৱ কন্দলি।
৩। গোৱালপৰীয়া লোকসাহিত্যৰ জনপ্রিয় সমল বুলিলে কিহক বুজায়?
উত্তৰঃ গোৱালপৰীয়া লোকগীত।
৪। চর্যাপদ কি?
উত্তৰঃ খ্ৰীষ্টীয় দশম শতিকাৰ পৰা চতুৰ্দশ শতিকাৰ সময়ছোৱাৰ ভিতৰত অসমৰ লিখিত সাহিত্যৰ সহজযানপন্থীয় গীতৰ কথাকেই চর্যাপদ বুলি কোৱা হয়।
৫। অসমীয়া ভাষাৰ লিখিত ৰূপৰ প্ৰথম চানেকি ক’ত পোৱা যায়?
উত্তৰঃ অসমীয়া ভাষাৰ লিখিত ৰূপৰ প্ৰথম চানেকি চর্যাপদত পোৱা যায়।
► চমু প্রশ্নোত্তৰ :
১। লোক-সাহিত্য কি? অসমীয়া লোক-সাহিত্যৰ অন্তৰ্গত লোকগীতৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: লোকসাহিত্য লোকসমাজৰ অমূল্য সম্পদ। ই লোকসমাজৰ দ্বাৰা সৃষ্ট আৰু জনসমাদৃত। ই মৌখিক সাহিত্য। মানুহৰ মুখে মুখে মুখ বাগৰি অহা ই জনসাধাৰণৰ আপুৰুগীয়া সমল। লোকসাহিত্য মূলতঃ গ্রাম্য সমাজতে পৰিস্ফুট। গাঁৱলীয়া অনাখৰী লোকৰ ই এক স্বতঃস্ফুৰিত অভিব্যক্তি।
লোককবিতাৰাজিকেই লোকগীত বুলি অভিহিত কৰা হয়। মানৱ সভ্যতা আৰু সংস্কৃতিৰ কঠীয়াতলিতেই ইয়াৰ জন্ম আৰু বিকাশ সাধন হৈছে। লোকগীত লোকসমাজৰে সৃষ্টি। ই মৌলিক ৰূপত ৰচিত হৈ মুখে মুখে মুখ বাগৰি ফুৰে। ই হ’ল চহা প্ৰাণৰ মুক্ত পৰিস্ফুৰণ আৰু মৌলিক ভাবাৱেগৰ অকৃত্রিম প্রকাশ। লোকগীতসমূহক পুনৰ কেইবাটাও সৰু সৰু বিভাগত বিভাজিত কৰি আলোচনা কৰা হয়, সেইবোৰ হ’ল- মালিতা, ধর্মীয় গীত, কর্ম গীত, প্রণয় গীত, উৎসৱ-অনুষ্ঠানৰ সৈতে জড়িত গীত, সংস্কাৰমূলক কৃত্যৰ সৈতে জড়িত গীত, তত্ত্বপূর্ণ বা দার্শনিক ভাবপ্রধান গীত, ল’ৰা-ছোৱালীৰ সৈতে জড়িত গীত ইত্যাদি। অসমীয়া লোকগীতসমূহলৈ চকু ফুৰালেই আমি এই বিভাজনকেইটা সুন্দৰভাৱে অনুধাৱন কৰিব পাৰিম।
২। প্রাক্-শংকৰী যুগ বুলিলে কি বুজা আৰু এই যুগৰ সময় নিৰূপণ কেনেকৈ কৰা হয়?
উত্তৰ: এই যুগটো মাধৱ কন্দলি, হেম সৰস্বতী, হৰিবৰ বিপ্ৰ আৰু কবিৰত্ন সৰস্বতী শংকৰদেৱৰ আগৰ, কিন্তু তেওঁলোকৰ সময় নিৰূপণ কৰোঁতে সাহিত্যিক প্ৰমাণৰ ওপৰতহে নিৰ্ভৰ কৰিবলগীয়া হোৱাত খাটাংকৈ বছৰৰ হিচাপে ধৰা টান হৈছে। শংকৰদেৱৰ সাহিত্যিক উদ্ভৱৰ আগৰ ত্ৰয়োদশ, চতুর্দশ আৰু পঞ্চদশ এই তিনি শতিকাকে এওঁলোকৰ কাল বুলি ধৰিবলগীয়া হয়।
৩। প্রাক্ শংকৰী যুগৰ অসমীয়া সাহিত্যৰ বৈশিষ্ট্যসমূহ বর্ণনা কৰা।
উত্তৰ : প্ৰাক্ শংকৰী যুগৰ অসমীয়া সাহিত্যৰ বৈশিষ্ট্যসমূহ তলত বর্ণনা কৰা হ’ল-
(ক) প্ৰাক্ শংকৰী যুগৰ সমগ্ৰ সাহিত্যৰাজি কাব্য ৰূপত ৰচিত। ইয়াৰ গদ্য ৰূপৰ ব্যৱহাৰ নাই।
(খ) প্ৰাক্ শংকৰী যুগৰ সাহিত্যৰাজি ঘাইকৈ, অনুবাদমূলক। মহাকাব্য, পুৰাণ আদি সংস্কৃত গ্ৰন্থৰ কাহিনীৰ অৱলম্বনত ৰচিত। অৱশ্যে সেই যুগৰ কবিসকলে দেশ আৰু পাত্ৰৰ উপযোগী হোৱাকৈ ঠায়ে ঠায়ে নিজা ৰহণ নিদিয়াকৈ থকা নাই।
(গ) প্রাক্ শংকৰী যুগৰ কবিসকলৰ হাততেই অসমীয়া ভাষাৰ সাহিত্যিক ৰূপ এটাই নির্দিষ্ট গঢ় লয়।
(ঘ) এই যুগৰ সাহিত্যৰাজি আৰ্যভিন্ন গোষ্ঠীৰ ৰজাসকলৰ পৃষ্ঠপোষকতাত সৃষ্ট।
(ঙ) প্রাক্ শংকৰী যুগৰ সাহিত্যৰাজিয়ে পৰৱৰ্তী সময়ৰ সাহিত্যিকসকলক বিশেষভাবে প্ৰভাৱ বিস্তাৰ কৰি গৈছে।
(চ) এই যুগৰ কাব্যৰাজি প্রধানতঃ কাহিনীপ্রধান।
(ছ) এই যুগৰ সাহিত্যৰাজিত পদ, দুলড়ী, ছবি আদি ছন্দৰ ব্যৱহাৰৰ উপৰি ভিন্ন ভিন্ন অলংকাৰতো সুপ্রয়োগ ঘটা দেখা যায়।
৪। গোৱালপৰীয়া লোকগীতৰ ভাষা কি? এইশ্রেণী লোকগীতৰ বিশেষত্ব সম্পর্কে চমুকৈ আলোচনা কৰা।
উত্তৰঃ গোৱালপৰীয়া লোকগীতৰ ভাষা মূলতঃ গোৱালপৰীয়া। আজিকালি এই ভাষাটোক একাংশ লোকে কোঁচ-ৰাজবংশী ভাষা বুলিও কয়।
গোৱালপৰীয়া উপভাষাত ৰচিত এই লোকগীত সমূহৰ বিশেষত্ব এই যে ই কোনো ধর্মীয় অনুষ্ঠানৰ লগত জড়িত নহয়। সাধাৰণতে জনজীৱনৰ বিভিন্ন ছবি, জীৱন-জীবিকা, খেতি-বাতি, হাতী-ম’হ, ঈশ্বৰ বন্দনা আদি বিভিন্ন বিষয়বস্তুক লৈ এই গীতসমূহ ৰচিত হৈছে যদিও প্রেম হ’ল গোৱালপৰীয়া লোকগীতৰ প্ৰধান উপজীব্য। গোৱালপৰীয়া লোক সমাজৰ সৌন্দর্য চেতনা আৰু আনন্দ অভিলাষী ধাৰক আৰু বাহক ৰূপে এই গীতসমূহে বিশেষ ভূমিকা গ্রহণ কৰি আহিছে।
► ৰচনাধৰ্মী প্রশ্নোত্তৰ:
১। লোকগীত কি? গোৱালপৰীয়া লোকগীত সম্পর্কে সংক্ষিপ্ত বিশ্লেষণ আগবঢ়োৱা।
উত্তৰ: লোককবিতাৰাজিকেই লোকগীত বুলি অভিহিত কৰা হয়। মানব সভ্যতা আৰু সংস্কৃতিৰ কঠীয়াতলিতেই ইয়াৰ জন্ম আৰু বিকাশ সাধন হৈছে। লোকগীত লোকসমাজবে সৃষ্টি। ই মৌলিক ৰূপত ৰচিত হৈ মুখে মুখে মুখ বাগৰি ফুৰে। ইহ’ল চহা প্ৰাণৰ মুক্ত পৰিস্ফুৰণ আৰু মৌলিক ভাবাৱেগৰ অকৃত্রিম প্রকাশ। লোকগীতসমূহক পুনৰ কেইবাটাও সৰু সৰু বিভাগত বিভাজিত কৰি আলোচনা কৰা হয়, সেইবোৰ হ’ল- মালিতা, ধর্মীয় গীত, কর্ম গীত, প্রণয় গীত, উৎসব-অনুষ্ঠানৰ সৈতে জড়িত গীত, সংস্কাৰমূলক কৃত্যৰ সৈতে জড়িত গীত, তত্ত্বপূর্ণ বা দার্শনিক ভাবপ্রধান গীত, ল’ৰা-ছোৱালীৰ সৈতে জড়িত গীত ইত্যাদি।
গোৱালপৰীয়া লোকসাহিত্যৰ জনপ্রিয় সমল হ’ল গোৱালপৰীয়া লোকগীত। ক’বলৈ গ’লে গোৱালপৰীয়া লোকসাহিত্য মূলতঃ লোকগীতৰ দ্বাৰাই পৰিপুষ্ট। গোৱালপৰীয়া লোকগীত বৃহত্তৰ গোৱালপাৰা সমাজৰ এখন দাপোণ স্বৰূপ। ভালদৰে গোৱালপৰীয়া লোকগীতে গোৱালপাৰা সমাজৰ সভ্যতা, সংস্কৃতিৰ এখন স্বচ্ছ প্রতিচ্ছবি প্রতিফলিত কৰিছে। সাধাৰণতে গাঁৱলীয়া জীৱন পদ্ধতিৰ বিভিন্ন দিশৰে ই এক স্বতঃস্ফূৰিত অভিব্যক্তি। চহা জীৱনৰ সুখ-দুখ, আশা-নিৰাশা হৰ্ষ-বিষাদৰ স্বতঃস্ফূর্ত অভিব্যক্তি এই গোৱালপৰীয়া লোকগীতবোৰ সহজ, সৰল অথচ অর্থব্যঞ্জক।
গোৱালপৰীয়া লোকগীতবোৰো শ্ৰমৰ গীত। গোৱালপৰীয়া ‘ভাৱাইয়া’ আৰু ‘চট্কা’ গীতবোৰত শ্ৰমৰ মাদকতা পৰিস্ফুট। গোৱালপৰীয়া ‘মৈষাল’ গীতত শ্ৰমৰ মাজতেই প্ৰেমৰ স্বৰূপ ফুটি ওলাইছে। গোৱালপৰীয়া এইবোৰ গীতত শ্ৰম আৰু প্রেম অভিন্ন ৰূপত প্রকাশ পাইছে। অনাখৰী হোজা গাঁৱলীয়াৰ মৌখিক প্রকাশ এই গীতবোৰৰ ব্যৱহাৰিক শ্রেষ্ঠতা উপলব্ধি কৰা যায় মনোগ্রাহিতাত, বস্তুনিষ্ঠতাত নহয়। গীতবোৰৰ স্বকীয়তা আৰু কাব্যিকতাই লোকসাহিত্যৰ মূল্যায়নত এটা সুকীয়া দিশৰ সন্ধান দিয়াৰ প্ৰয়াস কৰা দেখা গৈছে। গোৱালপাৰাৰ বিভিন্ন অঞ্চলত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ মাজত সিঁচৰতি হৈ থকা এই অর্থব্যঞ্জক লোকগীতবোৰে জনজীৱনৰ আশা-আকাংক্ষা, হাঁহি-কান্দোন, আবেগ-অনুভূতি কঢ়িয়াই অনাৰ লগতে যুৱক-যুৱতীৰ প্ৰেমৰ বাতৰিকো প্রাধান্য দিছে। ভাব আৰু সাঙ্গীতিক গাঁথনিৰ পৰা এই গীতবোৰক দুটা ভাগত ভাগ কৰা হৈছে। সেয়া হৈছে দোতৰা আৰু খঞ্জৰীৰ সংগতত গোৱা ‘ভাৱাইয়া’ আৰু ‘চটকা’। বর্তমান গোৱালপাৰা জিলা (বিভক্ত) কেইবাটাও ভাষা-ভাষীৰ জাতি, জনজাতি, উপজাতিৰ আবাসস্থল। সেয়ে সকলো জাতি, জনজাতিৰে সুকীয়া লোকগীত, লোকসঙ্গীত আছে। গোৱালপৰীয়া লোকগীতে ‘ভাৱাইয়া’, ‘চট্ক্কা’ গীতৰ লগতে এই আটাইবোৰকে সাবটি লৈছে। এই দুই গীতৰ উপৰিও সকলো জনগোষ্ঠীৰ পূজা-পাতল, উৎসৱ-অনুষ্ঠান আদিত পৰিবেশিত আনুষ্ঠানিক গীত, অনানুষ্ঠানিক গীত, নাটকীয়, অর্ধনাটকীয় আদি দিশত গীত-মাতো গোৱালপৰীয়া লোকগীতত সন্নিৱিষ্ট হৈ আছে।
‘গোৱালপৰীয়া লোকগীত’ নামেৰে নামাংকিত হোৱাৰ পূৰ্বে ‘ভাৱাইয়া’ আৰু ‘চট্কা’ গীতবোৰ ‘দেশীগান’ বুলিহে পৰিচিত আছিল। ইয়াৰ হাতী, মাউত, ফান্দিক লৈ ৰচিত গীতবোৰ গোৰীপুৰীয়া জমিদাৰ কেন্দ্রিক গীত বুলি ক’ব পাৰি। কাৰণ গৌৰীপুৰীয়া জমিদাৰৰ পৰিয়ালবগই আছিল তেতিয়া কলা-কৃষ্টিৰ বাহক। জমিদাৰ পৰিয়ালত হাতীয়ে প্রাধান্য লাভ কৰা হেতু তেতিয়া হাতীকলৈয়ে ৰচিত হৈছিল হস্তীৰ কন্যা, মাহত বন্ধুৰ গীত। সেহদৰে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ দক্ষিণ গোৱালপাৰাতো (আজিৰ গোৱালপাৰা জিলাত) মৈষাল গীতে বিশেষ প্রাধান্য লাভ কৰিছিল। সেই সময়ত বঙ্গৰ সুপ্রতিষ্ঠিত গায়ক আব্বাছ উদ্দিনৰ ‘ভাটিয়ালী’ সুৰৰ গীতবোৰে ম’হৰ বাথানৰ ‘মৈষাল বন্ধু’ক কেন্দ্ৰ কৰি ৰচিত আৰু সেই সুৰতে ৰচিত হোৱা বাবে এই গীতবোৰ গোৱালপৰীয়া লোকগীত বুলি প্রতিষ্ঠিত হৈছিল। সেয়ে ‘বর্তমান গোৱালপাৰা জিলাৰ এই মৈষাল বন্ধুৰ গীতবোৰেই প্ৰকৃতাৰ্থত গোৱালপৰীয়া লোকগীত। অভিবক্ত গোৱালপাৰা জিলাৰ গৌৰীপুৰৰ জমিদাৰ কেন্দ্ৰিক মাহুত বন্ধু, হস্তীৰ কন্যা গীতৰ সৈতে মৈষাল বন্ধু, গাৰোৱান ভাই আদি গীতবোৰ সংযোজিত হৈ ‘গোৱালপৰীয়া লোকগীত’ বুলি তেতিয়াৰ পৰা আজিলৈকে নিজক প্রতিষ্ঠিত কৰিছে। হস্তীৰ কন্যা, মাহুত বন্ধুৰ লগতে মৈষাল বন্ধু, গাৰোৱানৰ আকুল মনৰ আবেগ, অনুভূতি, প্রেম-বিৰহ, সুখ-দুখৰ প্ৰতিচ্ছৱি গীতবোৰৰ মাজেৰে প্ৰতিফলিত হৈ উঠিছে। নানা দিশত ৰচিত সকলোবোৰ গীতেৰে সমৃদ্ধ গোৱালপাৰাৰ সঙ্গীতৰ বহল পথাৰখন সমূহ গোৱালপৰীয়াৰে অতি আপোন।
1 thought on “BA 1st Semester Assamese Chapter 2 Question Answer 2025 | গোট-২: প্রত্ন অসমীয়া আৰু প্ৰাক্-শংকৰী যুগৰ সাহিত্য | পাঠ : ১ | লোকগীত : একবাৰ হৰি বোল মন ৰচনা | অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস (১৮২৬ চন পর্যন্ত) | BA 1st Semester Assamese Unit 2 Question Answer 2025 | ba 1st semester assamese question answer”