BA 1st Semester Assamese Chapter 2 Question Answer 2025 | গোট-২: প্রত্ন অসমীয়া আৰু প্ৰাক্-শংকৰী যুগৰ সাহিত্য | পাঠ : 8 | বিজয় নাম বেলাতে | অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস (১৮২৬ চন পর্যন্ত) | BA 1st Semester Assamese Unit 2 Question Answer 2025 | ba 1st semester assamese question answer

BA 1st Semester Assamese Chapter 2 Question Answer 2025 | গোট-২: প্রত্ন অসমীয়া আৰু প্ৰাক্-শংকৰী যুগৰ সাহিত্য | পাঠ : 8 | বিজয় নাম বেলাতে | অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস (১৮২৬ চন পর্যন্ত) | BA 1st Semester Assamese Unit 2 Question Answer 2025 | ba 1st semester assamese question answer

গোট-২: প্রত্ন অসমীয়া আৰু প্ৰাক্-শংকৰী যুগৰ সাহিত্য
পাঠ : 8
বিজয় নাম বেলাতে

► অতি চমু প্রশ্নোত্তৰ :

১। শ্রীকৃষ্ণ-কীৰ্ত্তন কোন শ্ৰেণীৰ গ্ৰন্থ?

উত্তৰ: শ্রীকৃষ্ণ-কীৰ্ত্তন মিশ্র-অসমীয়া বা অসমীয়া বাংলা উমৈহতীয়া শ্ৰেণীৰ গ্ৰন্থ।

২। ‘শ্রীকৃষ্ণ কীৰ্ত্তন’ পুথিৰ উদ্ধাৰকৰ্তা আৰু প্ৰথম সম্পাদকগৰাকী কোন?

উত্তৰ: বসন্তৰঞ্জন বায় বিদ্বৎবস্।

৩। বড়ু চণ্ডীদাসে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি?

উত্তৰ: শ্রীকৃষ্ণ কীৰ্ত্তন।

► চমু প্রশ্নোত্তৰ :

১। অসমীয়া ভাষাৰ উদ্ভৱকালীন স্তৰৰ উল্লেখযোগ্য গ্রন্থ ‘শ্রীকৃষ্ণ কীৰ্ত্তন’ৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰ: অসমীয়া ভাষাৰ উদ্ভৱকালীন স্তৰত ধৰিব পৰা এখন উল্লেখযোগ্য গ্রন্থ হ’ল বড়ুচণ্ডীদাসৰ ‘শ্রীকৃষ্ণ কীর্তন।’ ১৯১৬ চনত বসন্ত ৰঞ্জন ৰায়ে সম্পাদনা কৰি শ্রীকৃষ্ণ কীৰ্ত্তন প্রকাশ কৰে। চর্যাপদৰ দৰে শ্ৰীকৃষ্ণ কীৰ্ত্তনকো বঙালী পণ্ডিতসকলে বঙলা ভাষাৰ প্ৰাচীন সম্পদ বুলি দাবী কৰি আহিছে। সুনীতি কুমাৰ চট্টোপাধ্যায়ে ‘শ্রীকৃষ্ণ কীর্ত্তন’ বঙলা ভাষাৰ প্রাচীন মধ্য স্তৰৰ সম্পদ বুলিছে। ডঃ বাণীকান্ত কাকতিৰ মতে অসমীয়া আৰু বাংলা ভাষা পৃথক হৈ পৰাৰ আগৰ ৰচনা শ্রীকৃষ্ণ কীৰ্ত্তন। ড° মহেশ্বৰ নেওগৰ মতে, ‘ইয়াৰ (শ্রীকৃষ্ণ কীৰ্ত্তন) ভাষাক কামৰূপ গৌড়ৰ সীমা মূৰিয়লিৰ বস্তু বুলি কোৱা সমীচীন হ’ব। বাংলা পণ্ডিতসকলে সামান্য সাদৃশ্য পালেও যিকোনো সাহিত্যৰূপক নিভাঁজ বাংলা বুলি ক’বলৈ কুণ্ঠাবোধ নকৰাটোৱেই তেওঁলোকৰ নিয়ম।’ ভাষাতত্ত্বৰ বিচাৰত শ্রীকৃষ্ণ কীৰ্ত্তনৰ ভাষাত প্রাচীন অসমীয়াৰ বহুখিনি সাদৃশ্য দেখা যায়, যিখিনি বাংলা ভাষাত পাবলৈ নাই।

গ্রন্থখন ‘শ্রীকৃষ্ণ কীর্তন’ বুলিলেও অসমীয়া মধ্যযুগীয় বৈষ্ণর সাহিত্যৰ লক্ষণ ইয়াত নাই। কাব্যখন আদিৰসাত্মক। ৰাধা চৰিত্ৰৰ বিকাশ ইয়াত লক্ষ্য কৰা যায়। ‘কৃষ্ণ’, ‘বাধা’ আৰু তেওঁলোকৰ মিলনত ভূমিকা গ্রহণকাৰী ‘বড়ায়ি’ এই তিনিটা চৰিত্ৰৰ জৰিয়তে কাহিনীক অগ্রগতি দিয়া হৈছে। ৰচনাৰ মাজে মাজে সংস্কৃত শ্লোক সুমুৱাই বিষয়বস্তু গহীন কৰি তুলিবলৈ প্রয়াস কৰা দেখা যায়।

ৰাধা-কৃষ্ণৰ প্রেমলীলা বিষয়ক কাব্যখন মুঠ বাৰটা খণ্ডত বিভক্ত। খণ্ডকেইটা হ’ল-জন্মখণ্ড, তাম্বুলখণ্ড, দানখণ্ড, নৌকাখণ্ড, ভাৰখণ্ড, বৃন্দাবনখণ্ড, কালিয়দমন খণ্ড, যমুনা খণ্ড, বংশীখণ্ড, বাধা বিৰহখণ্ড। কাব্যখনৰ ভাষাগত দিশতে নহয়, মাজে মাজে অসমীয়া লোকগীতৰ চাপো পৰিছে। উদাহৰণস্বৰূপে-

‘পাখি নহোঁ তাৰ ঠাই উৰি পৰি যাওঁ। মেদিনী বিদাৰি দিয়ো পশিয়া লুকাওঁ।।

বসন্ত ৰঞ্জন ৰায়ে কৈছিল যে কোনো সময়ত শেষ লিপিকাৰৰ হাতত পৰাৰ আগতে পুথিখনে অসম ভ্ৰমণ কৰিছিল। কিন্তু ডঃ সত্যেন্দ্রনাথ শর্মাই এক সুকীয়া যুক্তিৰে পুথিখনৰ লেখকজনো অসমৰ আছিল বুলি প্ৰমাণ কৰিব বিচাৰিছে। তেওঁৰ মতে- ‘শ্রীকৃষ্ণ কীর্ত্তনব কবি হ’ল বড়ুচণ্ডীদাস। বডু শব্দ আমাৰ বৰুৱা (বড়ুৱা) শব্দৰে এটা ৰূপান্তৰ। কিন্তু ‘বটু’ (ব্রাহ্মণ) শব্দৰ পৰা হৈছে বড় হৈছে বুলি বঙালী সাহিত্যিক দুই এজনে মত প্রকাশ কৰিছে। কাব্যখনৰ ভিতৰতে থকা ‘বড়ুয়াৰ ঝিয়াৰী বড় নাম ধৰি, তাহে বড়ুৱাই বৌ’- আদি পদে এই কথা প্রমাণ কৰে।

গোট বিষয়বস্তু
গোট: 1অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস (১৮২৬ চন পর্যন্ত); ভাষিক আৰু সাহিত্যিক পটভূমি, সাহিত্যিক আৰু সাহিত্য-কর্ম
গোট: 2
প্রত্ন অসমীয়া আৰু প্ৰাক্-শংকৰী যুগৰ সাহিত্যঃ

পাঠ-১: লোকগীত: একবাৰ হৰি বোল মন ৰচনা

পাঠ-২: লোকগীত: কানাই পাৰ কৰা হে

পাঠ-৩ঃ চর্যাগীত: উঞ্চা উঞ্চা পৰৱত তই সবৰী বালী

পাঠ-৪: বড়ু চণ্ডী দাস: বিজয় নাম বেলাতে
(‘জন্মখণ্ড’ শ্রীকৃষ্ণ কীর্তন)


পাঠ-৫: হেম সৰস্বতী: প্ৰহ্লাদ চৰিত (সম্পূর্ণ)

পাঠ-৬: মাধৱ কন্দলিঃ লংকাৰ বিৱৰণ
(‘সুন্দৰাকাণ্ড’ ৰামায়ণ)
গোট: 3শংকৰদেৱকালীন সাহিত্য:

পাঠ-১: শংকৰদেৱ নাৰায়ণ কাহে ভকতি কৰো তেৰা (বৰগীত)

পাঠ-২: মাধৱদেৱঃ চোৰধৰা (ঝুমুৰা)

পাঠ-৩ঃ ৰাম সৰস্বতী: ভীমচৰিত (বধকাব্য)

পাঠ-৪: সুকবি নাৰায়ণ দেবঃ বেউলাৰ নৃত্য (পদ্মা পুৰাণ)
গোট: 4শংকৰদেৱৰ পৰৱৰ্তীকালৰ সাহিত্যঃ

পাঠ-১: ভট্টদেব: অর্জুনৰ বিষাদ যোগ (কথাগীতা)

পাঠ-২: মহেশ্বৰ নেওগ (সম্পা.): গুৰু শিষ্যৰ মণিকাঞ্চন সংযোগ (গুৰু চৰিত কথা)

পাঠ-৩: সূর্যকুমাৰ ভূঞা (সম্পা.): অসমৰ ৰণোদ্যম (সাতসৰী অসম বুৰঞ্জী)

পাঠ-৪: সুকুমাৰ বৰকাথ: হাতীৰ লক্ষণ (হস্তীবিদ্যার্ণৱ)

► ৰচনাধৰ্মী প্রশ্নোত্তৰ:

১। শ্রীকৃষ্ণ কীৰ্ত্তনৰ পৰিচিতি প্রদান কৰি ইয়াক অসমীয়া সাহিত্যৰ আদিতম নিদর্শন হিচাপে কিয় কোৱা হয় সেয়া প্রতিপন্ন কৰা।

উত্তৰ: শ্রীকৃষ্ণ-কীৰ্ত্তনৰ কবি বড়ু চণ্ডীদাস চতুর্দশ শতিকাৰ লোক। বাসুলী বা বাশুলী অৰ্থাৎ চণ্ডীৰ ভক্ত চণ্ডীদাসৰ ঘৰ বীৰভূনান্নুৰত আৰু কোনোৰ মতে বাঁকুড়া-চাতনাত। শ্রীকৃষ্ণ কীৰ্ত্তন এক প্ৰকাৰ কাহিনী কাব্য আৰু মূলতঃ শৃংগাৰ ৰসাত্মক। ইয়াৰ বিষয়বস্তু ‘কৃষ্ণলীলা’। ৰাধা-কৃষ্ণৰ মধুৰ প্রেম-কাহিনী ইয়াত বর্ণিত হৈছে। বিষয়বস্তুৰ বৰ্ণনাত কবিয়ে ভাগৱতৰ কৃষ্ণলীলা আগত ৰাখিলেও জয়দেৱৰ গীত-গোবিন্দৰ দ্বাৰাও প্ৰভাৱিত নোহোৱাকৈ থকা নাই।

ইয়াৰ উপৰি গ্ৰাম্য-জীৱনৰ ৰুচিসাপেক্ষ কৃষ্ণলীলা বিষয়ক কিছুমান কথাও কাব্যখনিৰ প্ৰধান উপজীব্য। কবিয়ে পুৰাণ আৰু লোককাহিনীৰ পৰা নানা উপাদান সংগ্ৰহ কৰি কল্পনাৰ ৰহণ সানি এই লৌকিক কাব্যখন ৰচনা কৰিছে। কাব্যখনৰ আৰম্ভণিৰ দুটা পৃষ্ঠা, মাজৰ কেইবাটাও পৃষ্ঠা আৰু শেষৰ পৃষ্ঠা কেইটি নাই, কবিয়ে কাব্যখনৰ কি নাম দিছিল তাকো জনা নাযায়, কিন্তু কাব্যখনৰ উদ্ধাৰকৰ্তা আৰু প্রথম সম্পাদক বসন্ত ৰঞ্জন ৰায়ে আগৰেপৰা শুনি অহা মতে এইখনক শ্রীকৃষ্ণ-কীৰ্ত্তন নাম দি প্রকাশ কৰাত সেই নামেৰেই কাব্যখন পৰিচিত হয়। তেওঁ ১৯০৯ চনত এই পুথিখন পশ্চিমবংগৰ বাঁকুৰা জিলাৰ বন বিষ্ণুপুৰৰ কাষৰ ক্যাঁকিলা গাঁও নিবাসী দেবেন্দ্রনাথ মুখোপাধ্যায়ৰ ঘৰৰ পৰা উদ্ধাৰ কৰিছিল। পৰৱৰ্তী সময়ত ১৯১৬ চনত। বঙ্গীয় সাহিত্য পৰিষদৰ দ্বাৰা প্রকাশ কৰোৱায়। এই কাব্যখনত অংকীয়া নাটৰ দৰে মাজে মাজে সংস্কৃত শ্লোক আছে আৰু কথোপকথনৰ ভংগী সন্নিবিষ্ট হোৱাত নাটকীয় গুণ লাভ কৰিছে। কাব্যখনত ১৬১ টা শ্লোক আৰু ৪১৮ টা পদ আছে। মুঠ ১৩ টা খণ্ডত কাব্যখন বিভক্ত। যথা- জন্ম, তাম্বুল, দান, নৌকা, ভাৰ, ছত্র, বৃন্দাবন, কালীয় দমন, বস্ত্ৰহৰণ, হাৰ, বাণ, বংশী আৰু ৰাধা-বিৰহ খণ্ড। ভূভাৰ হৰণৰ কাৰণে গোলোকেশ্বৰ বিষ্ণুৱে ধামত অৱতৰণ কৰি ৰাধা চন্দ্রাৱলীৰূপে জন্মলাভ কৰা লক্ষ্মীৰ লগত যি লীলাকাৰ্য কৰিছে, তাৰেই কাব্যিক ৰূপায়ণ পোৱা যায় শ্রীকৃষ্ণ-কীৰ্ত্তন ত।

শ্রীকৃষ্ণ-কীৰ্ত্তন প্রধানতঃ শৃংগাৰ ৰসাত্মক কাব্য। কবিয়ে বর্ণনাৰ মাজে মাজে বিবিধ অলংকাৰ প্রয়োগ কৰি কাব্যখন অধিক ৰসাল আৰু সাহিত্যিক গুণেৰে সমৃদ্ধ কৰিছে। উদাহৰণ স্বৰূপে-

(ক) মেঘ যেহ্ন আষাঢ় শ্রাবণে

ঝৰে তাৰে পানী নয়নে গো।

(খ) আপন গাএৰ মাঁয়ে হৰিণি বিকলী।।

বাংলা ভাষাত ব্যৱহাৰ নোহোৱা অথচ অসমীয়া ভাষাত এতিয়াও প্রচলিত ভালেমান শব্দ বা পদ শ্রীকৃষ্ণ-কীৰ্ত্তনত পোৱা যায়, যেনে- বাটে বাটে, আছিলা, আই, পেলাইয়া, বিচনি, বুঢ়া, তিৰী, পো, নাতিনী, ঘৰিয়াল, লাজ, ঘৰ, পানী ইত্যাদি।

অসমীয়াত উত্তম পুৰুষৰ বৰ্তমান কালৰ ক্ৰিয়াত ‘ওঁ’ বা ‘উ’ (যেনে- জাঁউ, দেখাওঁ, কৈলো), ক্ৰিয়াৰ আগত নিষেধার্থক ‘ন’ সংযোগ (নাবোলসি, নহোঁ), অপাদান কাৰকত পঞ্চমী বিভক্তিৰ চিন ‘হন্তে’ৰ ব্যৱহাৰ, ভৱিষ্যত ক্ৰিয়াৰ্থা ক্রিয়া বুজাবলৈ ‘ইত’ আৰু ‘ইব্‌’ প্রত্যয়ৰ প্ৰয়োগ অসমীয়া ভাষাৰ স্বকীয় বিশেষত্ব। ধ্বনিতত্ত্ব আৰু ৰূপতত্ত্বৰ ক্ষেত্ৰত মন কৰিবলগীয়া বিশেষত্ব হ’ল ইয়াৰ প্ৰতিলিপিত পেটকটা ‘ৰ’ আৰু ‘ব’ৰ ব্যৱহাৰ।

অৱশ্যে ছপাপুথিত সম্পাদকে এই দুটা বৰ্ণ পৰিহাৰ কৰিছে। এনেবোৰ বিশেষত্বলৈ চাই সত্যেন্দ্রনাথ শৰ্মাৰ মত সমৰ্থন কৰি ক’ব পাৰি যে শ্রীকৃষ্ণ-কীৰ্ত্তনৰ ভাষাত বঙলুৱা ঠাঁচ থাকিলেও প্রাচীন স্তৰৰ জঁকাটোত অসমীয়া ৰূপ স্পষ্টভাবে জিলিকি আছে। সেইদৰে উপেন্দ্ৰনাথ গোস্বামীয়েও পুৰণি অসমীয়া আৰু আধুনিক অসমীয়াৰ লগত শ্রীকৃষ্ণ কীৰ্ত্তনৰ শব্দগত আৰু ধাতুগত সাদৃশ্য, আনকি হুবহু মিলবোৰ বহলাই দেখুৱাইছে।

পুথিখনিৰ আৱিষ্কাৰক আৰু প্রথম সম্পাদক বসন্ত ৰঞ্জন বায়ে ইয়াৰ ভাষা আলোচনা কৰি সেই প্রসংগত ক’ব লৈ বাধ্য হৈছে যে পুথিখনে (শ্রীকৃষ্ণ-কীৰ্ত্তন) শেষ লিপিকাৰৰ হাতত পৰাৰ আগতে সম্ভৱতঃ কামৰূপ বা অসম ভ্রমণ কৰি আহিছিল। এইধৰণৰ মন্তব্যই বায় মহাশয়েও কামৰূপী বা অসমীয়া ভাষাৰ লগত শ্রীকৃষ্ণকীৰ্ত্তনৰ ভাষাৰ মিল লক্ষ্য কৰিছিল। সেয়েহে ক’ব পাৰি- শ্রীকৃষ্ণ-কীৰ্ত্তনৰ ভাষাত বঙলুৱা ঠাঁচ থাকিলেও ইয়াৰ মূল বিশেষত্ববোৰত অসমীয়া ভাষাৰ লক্ষণ সুস্পষ্ট।

Leave a comment