BA 1st Semester Assamese Chapter 2 Question Answer 2025 | গোট-২: প্রত্ন অসমীয়া আৰু প্ৰাক্-শংকৰী যুগৰ সাহিত্য | পাঠ : ২ | লোকগীত : কানাই পাৰ কৰা হে | অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস (১৮২৬ চন পর্যন্ত) | BA 1st Semester Assamese Unit 2 Question Answer 2025 | ba 1st semester assamese question answer
গোট-২: প্রত্ন অসমীয়া আৰু প্ৰাক্ শংকৰী যুগৰ সাহিত্য
পাঠ : ২
লোকগীত : কানাই পাৰ কৰা হে
► অতি চমু প্রশ্নোত্তৰ :
১। সাধাৰণতে কামৰূপী লোকগীত কি কি বাদ্য সংগত কৰি গোৱা হয়?
উত্তৰ: কামৰূপত একতাৰা, মঞ্জিৰা, দোতোৰা, খঞ্জৰী, খুৰি, বাঁহী, তাল, ঢোলক আদি সংগত কৰি এজন বা একাধিক গায়কে গায়।
২। সাধাৰণতে কামৰূপী লোকগীতত কি কি চৰিত্ৰৰ প্ৰাধান্য দেখা যায়?
উত্তৰঃ শিৱ-পাৰ্বতী, কৃষ্ণ-যশোদা আদি চৰিত্ৰৰ প্রাধান্য এই গীতবোৰত দেখা যায়।
৩। “কানাই পাৰ কৰা হে” শীর্ষক লোকগীতটিৰ বিষয়বস্তু কি?
উত্তৰ: ‘কানাই পাৰ কৰা হে’ শীর্ষক কামৰূপী লোকগীতটিৰ বিষয়বস্তু হ’ল দুগ্ধ বিক্রী কৰিবলৈ বুলি মথুৰালৈ যাব বিচৰা ৰাধাৰ লগত যমুনা নৈ পাৰ কৰাই দিয়াৰ নামত নাৱৰীয়া ৰূপী কৃষ্ণই কৰা চুপতি।
► চমু প্রশ্নোত্তৰ :
১। কামৰূপী লোকগীতসমূহ প্ৰধানকৈ কোন কোন ঠাইত প্রচলিত হৈছে?
উত্তৰঃ কামৰূপী লোকগীতসমূহ প্ৰধানকৈ পুৰণি কামৰূপ জিলাত, অৰ্থাৎ বৰ্তমানৰ কামৰূপ, কামৰূপ মহানগৰ, নলবাৰী, বৰপেটা আৰু বাগসা জিলাত বিশেষভাৱে প্ৰচলিত। ইয়াৰ উপৰিও কামৰূপ জিলাৰ কাষৰীয়া দৰং, মৰিগাঁও আদিৰ কিছুমান অঞ্চলতো এই লোকগীতসমূহৰ প্ৰচলন দেখা যায়। এতিয়া যান্ত্রিক যুগৰ বিভিন্ন মাধ্যম আৰু সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে অসমৰ অন্যান্য অঞ্চলতো এই গীতসমূহৰ জনপ্রিয়তা বাঢ়িছে।
এই গীতবোৰৰ আকৰ্ষণ গীতৰ কাব্যিকতা, সুৰ-মাধুৰী, ভক্তিভাৱ আৰু ৰাধা-কৃষ্ণ, শিৱ-পাৰ্বতী আদিৰ লৌকিক চৰিত্ৰৰ উপস্থিতিৰ বাবে।
২। কামৰূপী লোকগীতৰ লগত ব্যৱহৃত বাদ্যযন্ত্ৰসমূহৰ নাম কি কি?
উত্তৰঃ কামৰূপী লোকগীতসমূহ সাধাৰণতে গ্ৰাম্য সমাজত পৰম্পৰাগতভাৱে পৰিবেশন হোৱা বাবে ইয়াৰ সৈতে ঐতিহ্যবাহী বাদ্যযন্ত্ৰসমূহ ব্যৱহাৰ কৰা দেখা যায়।
এই গীতৰ সৈতে প্ৰধানকৈ ব্যৱহাৰ হোৱা বাদ্যসমূহ হৈছে — দোতাৰা, একতাৰা, খুৰি, বাঁহী, তাল আৰু ঢোলক। এই বাদ্যযন্ত্ৰবোৰেই লোকগীতৰ আনন্দ বঢ়াই তোলে।
৩। “কানাই পাৰ কৰা হে” শীৰ্ষক লোকগীতটিৰ মূলভাৱ লিখা।
উত্তৰঃ ‘কানাই পাৰ কৰা হে’ শীর্ষক কামৰূপী লোকগীতটি জনসমাজত অতীতৰ পৰা পৰম্পৰাগতভাৱে চলি অহা এটি অতি জনপ্রিয় গীত। গীতটিৰ বিষয়বস্তু হ’ল দুগ্ধ বিক্রী কৰিবলৈ বুলি মথুৰালৈ যাব বিচৰা ৰাধাৰ লগত যমুনা নৈ পাৰ কৰাই দিয়াৰ নামত নাৱৰীয়া ৰূপী কৃষ্ণই কৰা চুপতি।
ৰাধাই মথুৰাৰ ঘাটলৈ গাখীৰ বিক্ৰী কৰিব যাবলৈ যমুনা নৈখন পাৰ কৰি দিবলৈ নাৱৰীয়া ৰূপী কানাইক খাটনি ধৰিছে। কাৰণ ইতিমধ্যেই বেলি পৰি আহিছে। বেছি পলম কৰিলে পাত্ৰৰ গাখীৰ বেয়া হৈ বজাৰ মন্দ হ’ব। কিন্তু বেছি ভৰ উঠালে সৰু নাওখন তুলবুল কৰে আৰু নাওৰ বঠাপাতো বৰ ভাৰী হোৱা কাৰণে ৰাধাক পাৰ কৰা অসুবিধা বুলি কানাই জনাই দিলে। কাঠ-বাঁহ ভৰা ঠাইত থাকিও কি অসুবিধাত কানাই ভঙা নাও চলাই আছে বুলি ৰাধাই প্রশ্ন কৰাত নাওঁৰীয়া কানাই উত্তৰ দি কৈছে যে নাওঁখন ভঙা-চিঙা নহয়। গমাৰি গছৰ সাৰেৰে নাওঁখন জাগিছে, য’ত হাতী-ঘোঁৰা অনায়াসে পাৰ কৰিব পাৰে। তেনে কথা শুনি ৰাধাই কাকুতি কৰিলে যে কিয় তুমি চল কৰি সময় নষ্ট কৰিছা, মোক সোনকালে মথুৰাৰ ঘাটলৈ পাৰ কৰি দিয়া। এইবাৰ কানাই পুনৰ দুষ্টালি কৰি কৈছে যে আনক নৈ পাৰ কৰিলে এক অনাকৈ ভাড়া লয় যদিও ৰাধাক যদি পাৰ কৰিব লাগে তেনেহ’লে বিনিময়ত ৰাধাই কাণৰ সোন দিব লাগিব।
এনেকৈ গীতটিৰ মাজেৰে নাওঁৰীয়া ৰূপী কানাই আৰু দুগ্ধ বেপাৰ কৰা ৰাধাৰ মাজত চলা কথা-বতৰাৰ জৰিয়তে লৌকিক কৃষ্ণ আৰু প্রেয়সী ৰাধাৰ মাজত চলা নিৰ্মল ধেমালিৰ ছবিখন তুলি ধৰা হৈছে। ৰাধা-কৃষ্ণৰ এনে লৌকিক ৰূপ আৰু চুপতিৰ বৰ্ণনাই লোকসমাজক নিৰ্মল আনন্দ প্রদান কৰে আৰু ইয়াতেই লোকগীতটিৰ সাৰ্থকতা।
► ৰচনাধৰ্মী প্রশ্নোত্তৰ:
১। কামৰূপী লোকগীত বুলিলে কি বুজা যায়? কামৰূপী লোকগীতৰ বিষয়ে এটি পৰিচয়মূলক আলোচনা দিয়া।
উত্তৰঃ কামৰূপী উপভাষাত ৰচিত, পৰম্পৰাগতভাৱে অবিভক্ত কামৰূপ আৰু তাৰ দাঁতিকাষৰীয়া অঞ্চলত মুখে মুখে প্ৰচলিত হৈ অহা গীতসমূহক কামৰূপী লোকগীত বুলি কোৱা হয়।
এই লোকগীতসমূহৰ ক্ষেত্ৰ অতি বিস্তৃত আৰু বৈচিত্র্যপূৰ্ণ। অসমৰ লোকগীতৰ দুটা মুখ্য শাখা — কামৰূপী আৰু গোৱালপৰীয়া লোকগীতৰ ভিতৰত বিষয়বস্তু, গীতৰ সুৰ আৰু পৰিবেশন শৈলীত কামৰূপী লোকগীতত অধিক বৈচিত্র্য লক্ষ্য কৰা যায়। বাস্তৱতে, অসমীয়া লোকগীতৰ বহুতো শাখা কামৰূপী লোকগীতৰেই এক একটি প্ৰকাৰভেদ। যদিও এনে বিভাজন সাধাৰণতে সাহিত্যিক আলোচনা বা শিক্ষিত সমাজৰ ক্ষেত্ৰত প্ৰযোজ্য।
কামৰূপ অঞ্চলৰ লোকায়ত সমাজত বহু আগৰ পৰা পৰম্পৰাগতভাৱে চলি অহা এনে কিছুমান গীত আছে, যিবোৰ সাধাৰণভাবে অনানুষ্ঠানিক আৰু ধৰ্মনিরপেক্ষ। এই গীতসমূহত বহুসময়ত দেৱ-দেৱীৰ নাম থাকিলেও, সেইবোৰ পুৰাণ-শাস্ত্ৰৰ দেৱতা নহয়; সেইবোৰ হৈছে সমাজত গঢ়ি উঠা লৌকিক চৰিত্ৰ।
এই চৰিত্ৰসমূহ — যেনে কৃষ্ণ, ৰাধা, শিৱ, যশোদা আদিৰ কাহিনীবোৰ — মূল পুৰাণীয় আধাৰত নহয়, লোকসমাজৰ কল্পনা আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি সৃষ্টি কৰা হয়।
উদাহৰণস্বৰূপে, কামৰূপী লোকগীতত উল্লেখ হোৱা কৃষ্ণ কোনো পুৰাণৰ পৰমব্ৰহ্ম নহয়, বরঞ্চ আমাৰ সমাজৰ এজন চতুৰ, দুষ্টালি খোৱা, খিলখিলীয়া গাঁওলীয়া ল’ৰা। যিজনে ৰাধাৰ লগত চুপতি কৰে, গোপীসকলৰ লগত খেলধুলা কৰে, আৰু মাতৃ যশোদাৰ পৰা কাণ মুচৰি ধৰা খায়।
এই লোকগীতসমূহত লোকোত্তৰ ভক্তিৰ পৰিৱৰ্তে সাধাৰণ লোকৰ লৌকিক আনন্দ আৰু মনৰ তৃপ্তিক গুৰুত্ব দিয়া হয়। কামৰূপী লোকগীত পৰিবেশন কৰাৰ সময়ত দোতাৰা, একতাৰা, তাল, বাঁহী, ঢোলক, থুঞ্জৰী আদি পৰম্পৰাগত বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয়। ইয়াৰ বাবে নিৰ্দিষ্ট কোনো সাজ-পোছাকৰ নিয়ম নাই যদিও শালীনতা বজাই ৰাখি পৰিধান কৰা দেখা যায়।
সারাংশত ক’বলৈ গ’লে, কামৰূপী লোকগীত হৈছে কামৰূপ অঞ্চলৰ জনসাধাৰণ সমাজত পুৰাণীয় চৰিত্ৰসমূহৰ লৌকিক ৰূপত পুনঃউপস্থাপন — য’ত ধৰ্মীয়তা নাই, আছে কেৱল আনন্দ, শৈল্পিকতা আৰু সামাজিক বাস্তবতাক শৈলীত ৰূপদান। এই গীতসমূহ আনুষ্ঠানিক ধৰ্মীয় অনুষ্ঠানত গোৱা নহয়; ই মূলতঃ চহা সমাজৰ বাবেই সৃষ্টি কৰা এক গীত-মাতৰ ধাৰা।