BA 1st Semester Assamese Chapter 3 Question Answer 2025 | গোট-৩ : শংকৰদেৱকালীন সাহিত্য | পাঠ : 8 | বেউলাৰ নৃত্য | অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস (১৮২৬ চন পর্যন্ত) | BA 1st Semester Assamese Unit 3 Question Answer 2025 | ba 1st semester assamese question answer

BA 1st Semester Assamese Chapter 3 Question Answer 2025 | গোট-৩ : শংকৰদেৱকালীন সাহিত্য | পাঠ : 8 | বেউলাৰ নৃত্য | অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস (১৮২৬ চন পর্যন্ত) | BA 1st Semester Assamese Unit 3 Question Answer 2025 | ba 1st semester assamese question answer

গোট-৩ঃ শংকৰদেৱকালীন সাহিত্য
পাঠ : 8
বেউলাৰ নৃত্য

► অতি চমু প্রশ্নোত্তৰ :

১। মনসা সাহিত্য বা পাঁচালী সাহিত্য বুলিলে কি বুজা?

উত্তৰ : সৰ্পৰ অধিষ্ঠাত্রী দেবী হ’ল মনসা। যিবোৰ কাব্যত দেৱী মনসাৰ মাহাত্ম্য প্রকাশ পাইছে সেই শ্রেণী অসমীয়া সাহিত্যক মনসা সাহিত্য বা পাঁচালী সাহিত্য বুলি কোৱা হয়।

২। পাঁচালী কবিসকলে ৰচনা কৰা সাহিত্যৰ প্ৰধান ভাগ দুটা কি কি?

উত্তৰ: পাঁচালী কবিসকলে ৰচনা কৰা সাহিত্যৰ প্ৰধান ভাগ দুটা হ’ল-

(ক) মনসা বা পদ্মাদেৱীৰ মাহাত্ম্য প্রকাশক আৰু

(খ) ৰামায়ণ, মহাভাৰত আদিৰ কাহিনী সম্বলিত।

৩। সুকবি নাৰায়ণদেৱৰ একমাত্ৰ ৰচনা কি?

উত্তৰঃ সুকবি নাৰায়ণদেৱৰ একমাত্ৰ ৰচনা হৈছে পদ্মা-পুৰাণ’।

► চমু প্রশ্নোত্তৰ :

১। সুকবি নাৰায়ণদেৱৰ একমাত্র কাব্য ‘পদ্মা-পুৰাণ’ৰ চমু পৰিচিতি আগবঢ়োৱা।

উত্তৰঃ সুকবি নাৰায়ণদেবৰ একমাত্র কাব্য হ’ল পদ্মা-পুৰাণ। পদ্মা-পুৰাণ কাব্যৰ কলেবৰ বৃহৎ। জনসমাজত এই কাব্য ‘সুকনান্নী’ নামে জনাজাত। পদ্মা-পুৰাণ গ্ৰন্থত পদ্মাৰ জন্ম, বেউলা-লখীন্দাৰৰ কৰণ কাহিনী, দেৱপুৰীত বেউলাৰ নৃত্য, লখীন্দাৰৰ পুনৰ জীৱন লাভ, আৰু শেষত চন্দ্ৰধৰৰ মনসা-পূজাৰ বিৱৰণৰ লগতে অসংখ্য উপকাহিনী সৃষ্টি কৰা হৈছে। মূল কাহিনীৰ লগত জালোমালো, শংখ ওজা, পৰীক্ষিত বধ, হাচান হুচেনৰ যুদ্ধ, উষা-অনিৰুদ্ধ, ভীম-হনুমান, কেশৱ কুমাৰ আদিৰ কাহিনী সন্নিবিষ্ট হৈছে। চান্দো দৃঢ় পৌৰুষত্ব, শির, ভঙুৱা, নাৰদ টুটুকীয়া, পদ্মা-প্রতিশোধপৰায়ণা, বেউলা-চতুৰা, পতিব্রতা আৰু নৃত্য-নিপুণা। বেউলা চৰিত্ৰক কবিয়ে অধিক আকর্ষণীয় কৰি তুলিছে।

পদ্মা-পুৰাণ কাব্যত অসমীয়া সমাজৰ লোক-বিশ্বাস, ৰীতি-নীতি, সাজ-পাৰ, বেহা-বেপাৰ আদিৰ আভাস পোৱা যায়। গ্ৰন্থখনত বিবিধ ৰসৰ সমাৱেশ ঘটিছে যদিও কবিয়ে করুণ, হাস্য আৰু শৃংগাৰ ৰসৰ সৃষ্টিত কবিয়ে অধিক গুৰুত্ব দিয়া যেন অনুমান হয়। কাব্যখনৰ গীতবোৰক কবিয়ে পাঁচালী আৰু লাচাৰী বুলিছে। কীৰ্ত্তনৰ ঘোষা আৰু পদবোৰৰ দৰে পদ্মা-পুৰাণৰ গীত একোটিতো দিহা আৰু পদ বিভক্ত থকা দেখা যায়।

সুকবি নাৰায়ণদেৱৰ কাব্যৰ দুটামান ফাকি উল্লেখ কৰিলেই কথাটো স্পষ্ট হৈ পৰে।

দিহা-

এ কানাই মুৰুলী বজায় এ মুৰুলী বজায়।

তৰুৱা কদমৰ তলে মুৰুলী বজায়।।

পদ-

চান্দো বোলে পাত্রগণ শুনাহা বচন।

বিবাহৰ কাৰণে লখাই কৰাহা মাজন।।

মুঠতে সুকবি নাৰায়ণদেৱৰ পদ্মা-পুৰাণ এখন সুখপাঠ্য কাব্য।

২। চমুটোকা লিখা: সুকবি নাৰায়ণদেৱৰ ‘পদ্মা-পুৰাণ’।

উত্তৰঃ সুকবি নাৰায়ণ দেৱৰ পদ্মা পূৰাণত অনেক উপাখ্যান বা বিৱৰণ পোৱা যায়। জানকীনাথ, ৰঘুনাথ, চন্দ্ৰপতিৰ ভনিতাও পোৱা যায়। সুকবি নাৰায়ণদেৱৰ পদ্মা পুৰাণ হিন্দু-মুছলমান উভয় জাতিৰ মাজত বৰ জনপ্রিয় আছিল। এই দুই জাতিৰ মাজত সাংস্কৃতিক সম্পর্ক স্থাপনত এই কাব্যখনে অৰিহণা স্তাপন এই কাব্যখনে অৰিহণা যোগাইছিল। এসময়ত মুছলমানৰ ওজাসকলে পদ্মাপুৰাণৰ গীত গাইছিল। সম্ভৱত মুছলমান ওজাৰ হাতত বা সেই সময়ত শ্রোতাসকলক উদ্দেশ্য কৰি ‘হাচান-হুচেন’ পালা কাব্যখনত সন্নিৱিষ্ট কৰিছে।

সুকবি নাৰায়ণদেৱৰ অভিজ্ঞতা আৰু সামাজিক পৰিসৰ বৰ ব্যাপক। সমাজৰ সকলো দিশ, প্রাচীন ঐতিহ্য আৰু কথাৰ লগত তেওঁৰ সম্যক পৰিচয় থকাৰ প্ৰমাণ সুকান্নানীয়ে দাঙি ধৰে। মনকৰ-দূৰ্গাবৰৰ ৰচনাতকৈ নাৰায়ণদেৱৰ কাব্যত ব্যাপকতাই আৰু প্রাসঙ্গিক কথাৰ আধিক্যই বিবিধ পৰিস্থিতি আৰু বৈচিত্র্যপূর্ণ ঘটনা সংযোগ কৰিবলৈ সুবিধা দিছে। কিন্তু স্বকীয়তাৰে বঢ়া-টুটা কৰা কাৰণে মূল ঘটনা বিক্ষিপ্ত হৈ পৰিছে। কাব্য-কাহিনী সংগতিপূর্ণ নোহোৱা কাৰণে অনেক ঠাইত মূল কাহিনীৰ আঁত হেৰাই যোৱাৰ উপক্ৰম হৈছে। সেইবাবে নাৰায়ণদেৱৰ কাব্যৰ কাব্য নুবুলি পুৰাণ বোলা হৈছে। পুৰাণৰ লক্ষণ নাই যদিও পুৰাণ ৰচনাৰ পদ্ধতি অনুসৰণ কৰিছে।

সুকবি নাৰায়ণদেৱৰ ৰচনাত বিভিন্ন ৰসৰ সমাবেশ ঘটিছে যদিও বিশেষকৈ কৰণ আৰু হাস্য ৰসৰ প্রাধান্য প্রকাশ পাইছে। গীতবোৰ মধুৰ আৰু অন্তস্পর্শী নহয়, কিন্তু পৰিস্থিতি বা অৱস্থা চিত্ৰণত নাৰায়ণদেৱৰ পাৰদৰ্শিতা নথকা নহয় আৰু পর্যবেক্ষণ শক্তিটো যথেষ্ট পৰিচয় পোৱা যায়। চন্দ্ৰধৰৰ মানসিক দৃঢ়তা আৰু নিষ, ঠা প্রধানকৈ পদ্মাৰ লগত সংঘৰ্ষৰ ক্ষেত্ৰত প্রকাশ পাইছে। নাৰায়ণদেৱৰ শিৱভক্ত বৎসল, ভঙুৱা আৰু কামপৰশ, নাৰদ টুটনীয়া, পদ্মা প্রতিশোধপৰায়ণ, কৌশলযুক্তা আৰু উদাৰতা গুণহীন ঠেক মনৰ দেৱী। কিন্তু নাৰায়ণদেৱে বেউলাৰ চৰিত্ৰত ক’তো চেক পেলোৱা নাই। বেউলা চতুৰা, নৃত্যগীত নিপুনা, কর্মকুশলতা আৰু পতিব্রতা। সুকবি নাৰায়ণদেৱে খুব যতনেৰে বেউলাৰ চৰিত্ৰ অংকন কৰিছে।

গোট বিষয়বস্তু
গোট: 1অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস (১৮২৬ চন পর্যন্ত); ভাষিক আৰু সাহিত্যিক পটভূমি, সাহিত্যিক আৰু সাহিত্য-কর্ম
গোট: 2
প্রত্ন অসমীয়া আৰু প্ৰাক্-শংকৰী যুগৰ সাহিত্যঃ

পাঠ-১: লোকগীত: একবাৰ হৰি বোল মন ৰচনা

পাঠ-২: লোকগীত: কানাই পাৰ কৰা হে

পাঠ-৩ঃ চর্যাগীত: উঞ্চা উঞ্চা পৰৱত তই সবৰী বালী

পাঠ-৪: বড়ু চণ্ডী দাস: বিজয় নাম বেলাতে
(‘জন্মখণ্ড’ শ্রীকৃষ্ণ কীর্তন)


পাঠ-৫: হেম সৰস্বতী: প্ৰহ্লাদ চৰিত (সম্পূর্ণ)

পাঠ-৬: মাধৱ কন্দলিঃ লংকাৰ বিৱৰণ
(‘সুন্দৰাকাণ্ড’ ৰামায়ণ)
গোট: 3শংকৰদেৱকালীন সাহিত্য:

পাঠ-১: শংকৰদেৱ নাৰায়ণ কাহে ভকতি কৰো তেৰা (বৰগীত)

পাঠ-২: মাধৱদেৱঃ চোৰধৰা (ঝুমুৰা)

পাঠ-৩ঃ ৰাম সৰস্বতী: ভীমচৰিত (বধকাব্য)

পাঠ-৪: সুকবি নাৰায়ণ দেবঃ বেউলাৰ নৃত্য (পদ্মা পুৰাণ)
গোট: 4শংকৰদেৱৰ পৰৱৰ্তীকালৰ সাহিত্যঃ

পাঠ-১: ভট্টদেব: অর্জুনৰ বিষাদ যোগ (কথাগীতা)

পাঠ-২: মহেশ্বৰ নেওগ (সম্পা.): গুৰু শিষ্যৰ মণিকাঞ্চন সংযোগ (গুৰু চৰিত কথা)

পাঠ-৩: সূর্যকুমাৰ ভূঞা (সম্পা.): অসমৰ ৰণোদ্যম (সাতসৰী অসম বুৰঞ্জী)

পাঠ-৪: সুকুমাৰ বৰকাথ: হাতীৰ লক্ষণ (হস্তীবিদ্যার্ণৱ)

► ৰচনাধৰ্মী প্রশ্নোত্তৰ:

১। নাৰায়ণদেৱৰ কাব্যখনত অসমীয়া সমাজ জীৱনৰ চিত্ৰ কেনেদৰে প্ৰকাশ পাইছে বহলাই আলোচনা কৰা।

উত্তৰ: অসমীয়া সাহিত্যত সুকবি নাৰায়ণদেৱৰ ৰচনা ‘অ’ কি বেউলা জাগ অ’ গীতটোৰ কাহিনীভাগ পদ্মা পুৰাণৰ পৰা গ্ৰহণ কৰিছে। কবিয়ে এই গীতটোৰ জৰিয়তে লৌকিক কথাবে বেউলা আৰু লখিন্দাৰৰ মাজত এক প্রণয় কাহিনী ব্যক্ত কৰি মনসা দেৱীৰ মাহাত্ম্যৰ কথা জনমানসত প্ৰচাৰ কৰিবলৈ সক্ষম হৈছে। অতি প্রাচীন কালত অসমত জন্ম গ্ৰহণ কৰা চান্দ সদাগৰ নামে এজন বণিকৰ জীৱন কাহিনীৰ আধাৰত এই আখ্যানটি ৰচনা কৰিছিল। চান্দ সদাকৰৰ পুত্ৰ ‘লখিন্দাৰ’ আৰু বণিক সাহাৰ কন্যা ‘বেউলা’ সমসাময়িকভাৱে জন্মগ্রহণ কৰা দুটি শিশু। দুয়ো শিশুৱে একেসময়তে ডাঙৰ-দীঘল হোৱাত দুয়ো নিজকে উপযুক্ত বুলি ভাবিলে। লখিন্দাৰৰ পিতৃ চন্দ্ৰ বণিক বা চান্দ সদাগৰ আছিল হিন্তুসকলৰ আৰাধ্য দেৱতা শিৱৰ একান্ত ভক্ত। শিৱৰ ‘মনসা’ নামৰ এজনী কন্যা আছিল। মনসা আছিল সৰ্বৰ দেৱী। পৃথিৱীত তেওঁক কোনেও পূজা নকৰাত তেওঁ অসন্তুষ্ট হৈ পৰিছিল আৰু পিতৃ শিৱক এই কথা ব্যক্ত কৰিছিল। মনসাৰ কথাত শিৱই তেওঁক কৈছিল- যদি কোনো শিৱ ভক্তই বা শিৱ উপাসকে তেওঁৰ প্ৰথম মনসা পূজা কৰে তেন্তে মর্ত্যলোকত মনসা পূজাৰ প্ৰচলন হ’ব। মনসাদেৱী শিৱৰ কথাত আশ্বস্ত হ’ল আৰু শিৱৰ পৰম ভক্ত চান্দ সদাগৰক এই কথাৰ প্ৰস্তাৱ আগবঢ়ালে।

মনসাৰ এই কথাত চান্দ সদাগৰ আশ্বস্ত হ’ব নোৱাৰিলে আৰু মনসাক পূজা কৰাৰ কথাটো অস্বীকাৰ কৰিলে। চান্দ সদাগৰৰ কথাত মনসা দেৱী বৰ ক্ষুণ্ণ হৈ পৰিল আৰু চান্দ সদাগৰক অভিশাপ দিক’লে যে তেওঁ চান্দ সদাগৰৰ প্ৰতিজন পুত্রকে বিনাস কৰিব। লখিন্দাৰৰ উপযুক্ত বয়সত চান্দ সদাকৰে বিবাহৰ আয়োজন কৰি পুত্ৰক ‘মেৰঘৰ’ সাজি সুৰক্ষিত কৰি ৰাখিব বিচাৰিলে। সেয়েহে তেওঁ বিশ্বকৰ্মাৰ হতুৱাই সাপে ছিদ্র কৰিব নোৱাৰাকৈ ‘মেৰঘৰ’ সাজি ভিতৰত বেউলা-লখিন্দাৰক ৰখাৰ ব্যৱস্থা কৰিলে। কিন্তু বিধিৰ বিপাক ছিদ্রযুক্ত বেৰৰ মাজেৰে প্ৰৱেশ কৰি মনসা দেৱীয়ে কালনিদ্ৰাত মগ্ন হৈ থকা লখিন্দাৰক দংশন কৰিলে। কালনাগৰ দংশনত অতিষ্ঠ হৈ লখিন্দাৰ চমকি উঠিল আৰু নিদ্রাবানত শুই পৰা বেউলাক জগাই তুলিবলৈ আপ্রাণ চেষ্টা চলালে আৰু মৰণকাতৰ অৱস্থাৰে বিনাই বিনাই এই গীতফাকি গাই প্রাণ ত্যাগ কৰিলে। সুকবি নাৰায়ণদেৱে গীতফাকিৰ মাজেৰে গাইছে- হে বেউলা, কালসর্প দংশনত মোৰ প্ৰাণ নৰহে, নিদ্ৰাৰ পৰা জাগি উঠা আৰু এবাৰ মোক চকু মেলি চোৱা। মন্দ তপৰ ফলত তুমি অকালতে বিধৱা হ’লা, তোমাৰ নিচিনা অভাগিনী এই পৃথিৱীতনাই। বিয়াৰ অষ্টদিন পাৰ নৌহওঁতেই পদ্মাবতীয়ে মোৰ জীৱন লৈ তোমাক বিধৱা কৰিলে। তোমাৰ নিচিনা ৰূপবতী কন্যা এজনীয়ে কেনেকৈ বিধৱা জীৱন নির্বাহ কৰিবা সেই কথা ভাবিয়েই মোৰ মনত বৰ দুখ লাগিছে। শতপুত্ৰ জন্ম দিয়াৰ পিছতো যদি নাৰী পতিহীনা হয় তথাপি লোকে তেওঁক অভাগী বুলিহে কয়। এনেবোৰ কথা ভাবিয়েই লখাই কান্দি কান্দি বিষ যন্ত্রণাত পৰি কালনিদ্রাত থকা বেউলাক জগাবলৈ চেষ্টা কৰিছে। সুকবি নাৰায়ণদেৱে সুৰস পাঁচালী গীতৰ মাজেৰে লখবাইৰ বিষাদপূর্ণ ক্রন্দনকে বর্ণনা কৰিছে।

এই কবিতাটিৰ জৰিয়তে কবিয়ে মনসা দেৱীৰ মাহাত্ম্য প্ৰকাশ কৰি জনমানসত মনসা পূজাৰ অস্তিত্ব প্রতিপন্ন কৰি বৈদিক ধাৰাটো অক্ষুন্ন ৰাখিবলৈ সমর্থবান হৈছে। আনফালে পতিব্রতা নাৰীৰ একান্তিকা ভক্তিৰ মাহাত্ম্য প্রকাশ কৰি জনমানসত নাৰীৰ ব্যক্তিত্ব আৰু স্ব-ধৰ্ম সুৰক্ষিত কৰিছে।

Leave a comment