BA 1st Semester Assamese Chapter 4 Question Answer 2025 | গোট-৪ : শংকৰদেৱৰ পৰৱৰ্তীকালৰ সাহিত্য | পাঠ : ৩ | অসমৰ ৰণোদ্যম | অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস (১৮২৬ চন পর্যন্ত) | BA 1st Semester Assamese Unit 4 Question Answer 2025 | ba 1st semester assamese question answer

BA 1st Semester Assamese Chapter 4 Question Answer 2025 | গোট-৪ : শংকৰদেৱৰ পৰৱৰ্তীকালৰ সাহিত্য | পাঠ : ৩ | অসমৰ ৰণোদ্যম | অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস (১৮২৬ চন পর্যন্ত) | BA 1st Semester Assamese Unit 4 Question Answer 2025 | ba 1st semester assamese question answer

গোট-৪: শংকৰদেৱৰ পৰৱৰ্তীকালৰ সাহিত্য
পাঠ : ৩
অসমৰ ৰণোদ্যম

► অতি চমু প্রশ্নোত্তৰ :

১। ‘সাতসৰী অসম বুৰঞ্জী’ প্ৰকৃততে কি?

উত্তৰ: ‘সাতসৰী অসম বুৰঞ্জী’ সূর্যকুমাৰ ভূঞাই সম্পাদনা কৰি উলিওৱা সাতখন বুৰঞ্জীৰ সংকলিত ৰূপ।

২। ‘সাতসৰী অসম বুৰঞ্জী ‘খনত কিমানখন বুৰঞ্জী আছে?

উত্তৰ: ‘সাতসৰী অসম বুৰঞ্জী’ খনত সাতখন বুৰঞ্জী সন্নিবিষ্ট কৰা হৈছে।

৩। ড০ সূৰ্য্য কুমাৰ ভূঞা সম্পাদিত ‘সাতসৰী অসম বুৰঞ্জী’ ক’ৰপৰা প্ৰকাশিত হৈছিল?

উত্তৰ: ড° সূৰ্য্য কুমাৰ ভূঞা সম্পাদিত ‘সাতসৰী অসম বুৰঞ্জী’ (১৯৬০) গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰকাশন বিভাগৰ দ্বাৰা প্ৰকাশিত।

৪। ইতিহাসবিদ হিচাপে খ্যাতি অর্জন কৰা সূর্যকুমাৰ ভূঞাৰ ঐতিহাসিক তথ্যপূর্ণ পুথিসমূহ কি কি?

উত্তৰঃ ‘কোঁৱৰ বিদ্ৰোহ’, ‘বুৰঞ্জীৰ বাণী’, ‘ৰমণী গাভৰু’, ‘মীৰজুমলাৰ অসম আক্ৰমণ’ আৰু ‘লাচিত বৰফুকন’।

৫। দোৱাল আৰু তেৱাল কি?

উত্তৰ: দোৱাল আৰু তেৱাল হ’ল দুই শ্ৰেণীৰ পাইক। আহোমৰ দিনত ৰাজ্যৰ সমস্যাৰ সময়ত প্রতি গোট বা পৰিয়ালৰ পৰা তিনিটাকৈ মানুহে খাটি দিব লাগিছিল, ইয়াৰে প্ৰথমটোক মূল, দ্বিতীয়টোক দোৱাল আৰু তৃতীয়টোক তেৱাল বোলা হৈছিল।

► চমু প্রশ্নোত্তৰ :

১। ড০ সূৰ্য্য কুমাৰ ভূঞা সম্পাদিত ‘সাতসৰী অসম বুৰঞ্জী’ৰ তাৎপর্য কি?

উত্তৰঃ ‘সাতসৰী অসম বুৰঞ্জী’ ড° সূৰ্য্য কুমাৰ ভূঞা সম্পাদিত বুৰঞ্জীলানিৰ ভিতৰতে এখন উল্লেখযোগ্য বুৰঞ্জী। ই সাতখন বিভিন্ন সময়ত ৰচিত হাতে লিখা বুৰঞ্জীৰ একত্র সঙ্কলন কৰি ‘সাতসৰী অসম বুৰঞ্জী’ নাম দি প্ৰকাশ কৰা হৈছে। সম্পাদকে নিজেই বুৰঞ্জীখনৰ সম্পাদকৰ পাতনি ‘ত বুৰঞ্জীখনৰ নামকৰণ তাৎপর্য ব্যাখ্যা কৰি কৈছে- “পূর্ব্বে প্রকাশিত কেইবাখনিও বুৰঞ্জীক অসম বুৰঞ্জী বোলা হৈছে। এইদৰে একে নাম হোৱা কাৰণে ইখনৰ পৰা সিখনক পৃথক কৰিবলৈ টান হৈ পৰে। ইখন যিখন বুৰঞ্জীৰ পাৰ্থক্যৰ সঙ্কেত দিবৰ নিমিত্তে প্রতিখন অসম বুৰঞ্জীক এটি সুকীয়া নামেৰে অভিহিত কৰিলে অতি সুবিধা হয়। এই উদ্দেশ্যে ‘সাতসৰী অসম বুৰঞ্জী’ নামকৰণ কৰা হৈছে। অৱশ্যে ইয়াৰ অন্তৰ্গত প্ৰতিখন বুৰঞ্জীৰে সুকীয়া নাম নিদি, প্রথমখন বুৰঞ্জী, দ্বিতীয়খন বুৰঞ্জী, এই অনুক্রমে আখ্যা দিয়া হৈছে।” যদিও বুৰঞ্জীখন বিভিন্ন সময়ত ৰচনা কৰা সাতখন বুৰঞ্জীৰ সমষ্টি তথাপি ইয়াত আহোমৰ ৰাজত্বকালৰ আদিৰ পৰা অন্তলৈকে বহু কথাৰেই আভাস পাব পাৰি। কেৱল সেয়ে নহয়, অসমীয়া বুৰঞ্জীৰ ৰচনা পদ্ধতি, পুৰণি কালৰ মাত-কথা, বিভিন্ন ৰাজনৈতিক সমস্যাৰ সমাধান প্রণালীকে আদি কৰি দেশৰ অৰ্থনৈতিক তথা সামাজিক অৱস্থাৰ কথাও বুৰঞ্জীখনে জানিব দিয়ে। সম্পাদকে ‘সম্পাদকৰ পাতনি’ত নিজেই এই কথা উল্লেখ কৰিছে।

গোট বিষয়বস্তু
গোট: 1অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস (১৮২৬ চন পর্যন্ত); ভাষিক আৰু সাহিত্যিক পটভূমি, সাহিত্যিক আৰু সাহিত্য-কর্ম
গোট: 2
প্রত্ন অসমীয়া আৰু প্ৰাক্-শংকৰী যুগৰ সাহিত্যঃ

পাঠ-১: লোকগীত: একবাৰ হৰি বোল মন ৰচনা

পাঠ-২: লোকগীত: কানাই পাৰ কৰা হে

পাঠ-৩ঃ চর্যাগীত: উঞ্চা উঞ্চা পৰৱত তই সবৰী বালী

পাঠ-৪: বড়ু চণ্ডী দাস: বিজয় নাম বেলাতে
(‘জন্মখণ্ড’ শ্রীকৃষ্ণ কীর্তন)


পাঠ-৫: হেম সৰস্বতী: প্ৰহ্লাদ চৰিত (সম্পূর্ণ)

পাঠ-৬: মাধৱ কন্দলিঃ লংকাৰ বিৱৰণ
(‘সুন্দৰাকাণ্ড’ ৰামায়ণ)
গোট: 3শংকৰদেৱকালীন সাহিত্য:

পাঠ-১: শংকৰদেৱ নাৰায়ণ কাহে ভকতি কৰো তেৰা (বৰগীত)

পাঠ-২: মাধৱদেৱঃ চোৰধৰা (ঝুমুৰা)

পাঠ-৩ঃ ৰাম সৰস্বতী: ভীমচৰিত (বধকাব্য)

পাঠ-৪: সুকবি নাৰায়ণ দেবঃ বেউলাৰ নৃত্য (পদ্মা পুৰাণ)
গোট: 4শংকৰদেৱৰ পৰৱৰ্তীকালৰ সাহিত্যঃ

পাঠ-১: ভট্টদেব: অর্জুনৰ বিষাদ যোগ (কথাগীতা)

পাঠ-২: মহেশ্বৰ নেওগ (সম্পা.): গুৰু শিষ্যৰ মণিকাঞ্চন সংযোগ (গুৰু চৰিত কথা)

পাঠ-৩: সূর্যকুমাৰ ভূঞা (সম্পা.): অসমৰ ৰণোদ্যম (সাতসৰী অসম বুৰঞ্জী)

পাঠ-৪: সুকুমাৰ বৰকাথ: হাতীৰ লক্ষণ (হস্তীবিদ্যার্ণৱ)

২। ড০ সূৰ্য্য কুমাৰ ভূঞা সম্পাদিত ‘সাতসৰী অসম বুৰঞ্জী’ৰ ‘অসমৰ ৰণোদ্যম’ পাঠ্যাংশৰ বিষয়বস্তু কি?

উত্তৰ: সাতসৰী অসম বুৰঞ্জীৰ ‘অসমৰ ৰণোদ্যম’ পাঠ্যাংশ সাতসৰী অসম বুৰঞ্জীৰ ভিতৰুৱা তৃতীয়খন বুৰঞ্জীৰ অন্তৰ্গত। এই তৃতীয়খন বুৰঞ্জীত গৌড়ৰ সৈতে আহোম ৰাজ্যৰ মিত্ৰতা, বিশ্বসিংহৰ কোচ ৰাজ্য স্থাপন, খোৰাৰজাৰ দিনত আহোম ৰাজ্যৰ সৈতে কোচ ৰাজ্যৰ যুদ্ধ, প্রতাপসিংহ স্বৰ্গদেৱৰ দিনত আহোম কছাৰীৰ দ্বন্দ্ব, জয়ধ্বজ সিংহৰ দিনত মীৰজুমলাৰ অসম আক্রমণ, আহোম মোগলৰ যুদ্ধত আহোমৰ পৰাজয়, জয়ধ্বজ সিংহৰ ৰাজধানী ত্যাগ, বাঁহগড়ীয়া বুঢ়াগোহাঁইৰ পৰামৰ্শমৰ্মে মোগলৰ সৈতে সন্ধি, চক্ৰধ্বজ সিংহৰ ৰাজপাট আৰোহন আৰু মোগলৰ অধীনৰ পৰা গুৱাহাটী কামৰূপ উদ্ধাৰৰ যত্ন, ৰামসিংহৰ সৈতে লাচিতৰ শৰাইঘাটৰ ৰণ ডেবেৰা বৰবৰুৱা তথা লালুক সোলা বৰফুকনৰ প্ৰতিপত্তি, গদাধৰ সিংহৰ ৰাজপাট লাভআৰু ৰাজশাসন, ইটাখুলিৰ ৰণ, ৰুদ্ৰসিংহৰ ৰংপুৰ নগৰ স্থাপন, চাৰিং ৰজাৰ বিদ্রোহ, লেচাই নামৰূপীয়া গোহাঁইৰ বিদ্ৰোহ, কছাৰীৰ সৈতে পুনৰ ৰণ, শিৱসিংহৰ ৰাজত্বকালত ফুলেশ্বৰীৰ দ্বাৰা সন্ত-মহন্তৰ অপমান, উগ্ৰসিংহ তিপাম ৰজাৰ সিংহাসন আকাংক্ষাক মষিমূৰ কৰি প্ৰমত্ত সিংহক ৰাজপাটত অধিষ্ঠিত কৰোৱালৈকে তিনিশ বছৰৰ নানা ঘটনা বর্ণিত হৈছে, যক্সত আহোম ৰাজ্যৰ ৰাজনৈতিক উত্থান-পতনক সামৰি লোৱাৰ লগতে আহোম ৰাজ্য-সমাজ ব্যৱস্থাৰ কূটনৈতিক কৌশল, ন্যায়-সমাজ ব্যবস্থাও প্রতিফলিত হৈছে। উদাহৰণস্বৰূপে, প্রতাপসিংহৰ বাজত্বকালত মোমাই তামুলী বৰবৰুৱাৰ প্ৰজা সংগঠনসমূলক নীতিয়ে সমকালীন আর্থিক-বিতণ ব্যৱস্থাক তুলি ধৰিছে। তেনেদৰে বিভিন্ন ৰাজ্যৰ ৰজাৰ সৈতে হোৱা সন্ধিয়েও বিতৰণ-বিনিময়-অর্থনৈতিক স্বচ্ছলতাৰ সমকালীন স্থিতিক প্রতিফলিত কৰিছে। আহোম ৰাজত্বকালত সাধাৰণ প্ৰজাৰ গুৰুত্ব, নাৰীৰ মৰ্যাদা-অৱস্থানৰ ইংগিতো সন্ধিসমূহো দিয়ে। প্রমত্ত সিংহৰ প্ৰতি বুঢ়াগোঁহায়ে আগবঢ়োৱা ৰাজ্যৰ ন্যায় ব্যৱস্থা-ৰাজধর্ম সম্পর্কীয় উপদেশ আহোম ৰাজধর্মকে প্রতিনিধিত্ব কৰিছে।

► ৰচনাধৰ্মী প্রশ্নোত্তৰ:

১। সাহিত্যিক, বুৰঞ্জীবিদ ড০ সূৰ্য্য কুমাৰ ভূঞাৰ এটি পৰিচয়মূলক টোকা লিখা। 

উত্তৰ: প্রখ্যাত ইতিহাসবিদ ড° সূর্যকুমাৰ ভূঞাৰ ১৮৯২ চনত জন্ম হয় নগাঁও চহৰত।

১৯০৯ চনত তেওঁ শ্বিলং চৰকাৰী স্কুলৰ পৰা অসম উপত্যকাৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰি স্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হয় আৰু ভিক্ট’ৰিয়া মেম’ৰিয়েল স্বর্ণ পদক লাভ কৰে। ভূঞাই ১৯১১ চনত কটন কলেজৰ পৰা আই. এ. আৰু ১৯১৩ চনত কলকাতাৰ প্ৰেছিডেন্সি কলেজৰ পৰা ইংৰাজী বিষয়ত সম্মান (honours) সহকাৰে বি. এ. পাছ কৰে। ১৯১৬ চনত তেওঁ কলকাতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত এম. এ. পাছ কৰে। সেই বছৰতে যোৰহাটৰ বেজবৰুৱা স্কুলত শিক্ষক হিচাপে চাকৰিত যোগদান কৰি কৰ্মজীৱনৰ পাতনি মেলে। তাৰ দুবছৰ পাছত তেওঁ কটন কলেজৰ ইংৰাজীৰ অধ্যাপক ৰূপে নিযুক্ত হয়। ১৯৪৬ চনত তেওঁ কটন কলেজৰ অধ্যক্ষ ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। সূর্যকুমাৰ ভূঞা আছিল কটন কলেজৰ প্রথমগৰাকী অসমীয়া অধ্যাপক আৰু অধ্যক্ষ। গৱেষণা কর্মত নিয়োজিত হোৱাৰ উদ্দেশ্যে তেওঁ ১৯৩৬ চনত ইংলেণ্ডলৈ যায় আৰু তাৰ দুবছৰ পাছত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্রী লাভ কৰে। ১৯৫২ চনত তেওঁ এই বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডি. লিট. ডিগ্রী লাভকৰে। এই বছৰতে তেওঁ গোৱালিয়ৰত অনুষ্ঠিত ইণ্ডিয়ান হিস্ট্রি কংগ্ৰেছৰ আধুনিক ইতিহাস শাখাৰ সভাপতি মনোনীত হয়। ১৯৫২ চনতে তেওঁ ৰাজ্যসভাৰ সদস্য পদ আৰু ১৯৫৬ চনত ‘পদ্মশ্রী’ সম্মান লাভ কৰে। ১৯৫৭ চনৰ পৰা ১৯৬০ চনলৈ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য হিচাপে সেৱা আগবঢ়ায়। তেওঁ অসম সাহিত্য সভাৰ শ্বিলং অধিৱেশনৰ (১৯৫৩) সভাপতিৰ আসনো অলংকৃত কৰে।

সূর্যকুমাৰ ভূঞাই কবি হিচাপে প্রথমতে আত্ম প্রকাশ কৰে যদিও ইতিহাসবিদ হিচাপেহে তেখেতৰ খ্যাতি আছে। ছাত্রজীৱনৰে পৰা ভূঞাদেৱে আলোচনীত বিভিন্ন লেখা প্রকাশ কৰিছিল। তেখেতৰ অসমীয়া আৰু ইংৰাজীত ৰচিত আৰু সম্পাদিত গ্ৰন্থৰ সংখ্যা একুৰিৰো অধিক। তেওঁ কেবাখনো মূল্যবান গ্রন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে। তেওঁৰ একমাত্ৰ কবিতা পুথিখনৰ নাম ‘নিৰ্মালি’। নিৰ্মালীৰ কবিতাসমূহত স্বদেশপ্রীতি আৰু প্ৰেমৰ সুৰ শুনিবলৈ পোৱা যায়। কবিতাসমূহ তেওঁৰ আগবয়সৰ ৰচনা। জোনাকী যুগৰ চুটি গল্পৰ ভঁৰাল চহকী কৰি তোলাৰ ক্ষেত্ৰত সূর্যকুমাৰ ভূঞাৰ নাম ল’বই লাগিব। তেখেতৰ চুটি গল্পৰ পুথি- ‘পঞ্চমী’। তেওঁ ৰচনা কৰা গল্পৰ সংখ্যা তেনেই কম। উল্লেখ্য যে ‘পঞ্চমী’ তেওঁৰ ৰচিত পাঁচটা গল্পৰ সংকলন। সংখ্যাত কম হ’লেও এই পাঁচটা গল্পৰ যোগেদিয়েই ভূঞাই চুটি গল্পৰ ক্ষেত্ৰতো সুকীয়া পৰিচয় দিবলৈ সক্ষম হয়। তেখেতৰ উল্লেখযোগ্য প্রবন্ধ সংকলন-‘ত্রিপদী’ আৰু ‘সূর্যকুমাৰ ভূঞাৰ বিবিধ প্রবন্ধ’। তেওঁৰ আন উল্লেখযোগ্য গ্রন্থসমূহ হ’ল: জীৱনীমূলক গ্রন্থ ‘গোপাল কৃষ্ণ গোখলে’, ‘আনন্দৰাম বৰুৱা’, ‘অসম জীয়ৰী’, ‘জোনাকী’, আৰু ‘চানেকী’। ঐতিহাসিক তথ্যপূর্ণ পুথি ‘কোঁৱৰ বিদ্ৰোহ’, ‘বুৰঞ্জীৰ বাণী’, ‘ৰমণী গাভৰু’, ‘ৰাজেশ্বৰ সিংহ’, মীৰজুমলাৰ অসম আক্ৰমণ আৰু ‘লাচিত বৰফুকন’। ইংৰাজীত ৰচিত উল্লেখযোগ্য গ্রন্থবোৰ হ’ল- An Assamese Nur-Jahan, Early British Relations with Assam, Lachit Borphukan and His Times, Atan Buragohain & His Times, Men I Have Met, London Memories আৰু গবেষণা গ্রন্থ Anglo-Assamese Relations 1771 – 1826. ইয়াৰ উপৰিও তেওঁ কেবাখনো বুৰঞ্জী পুথি সম্পাদনা কৰিছিল।

২। সাতসৰী অসম বুৰঞ্জীৰ বিশেষত্বসমূহ কি কি আলোচনা কৰা।

উত্তৰঃ সাতসৰী অসম বুৰঞ্জী সূর্যকুমাৰ ভূঞাই সম্পাদনা কৰি উলিওৱা সাতখন বুৰঞ্জীৰ সংকলিত ৰূপ। পূর্বে প্রকাশিত অসম বুৰঞ্জীৰ পৰা ই সুকীয়া। অন্যান্য বুৰঞ্জীৰ দৰে সাতসৰী অসম বুৰঞ্জী তেনে এখন বুৰঞ্জী যদিও বুৰঞ্জীখনৰ কেতবোৰ নিজা বৈশিষ্ট্য আছে। সেইসমূহ বৈশিষ্ট্য তলত উল্লেখ কৰা হ’ল-

(ক) সাতসৰী অসম বুৰঞ্জীৰ প্ৰথম আৰু প্ৰধান বৈশিষ্ট্যটোৱে হ’ল ই এখন নহয়, সৰু-বৰ সাতখন বুৰঞ্জীৰ সমষ্টি।

(খ) বুৰঞ্জীসমূহে একেজন লেখকৰ দ্বাৰা লিখিত বা ৰচিত নহয়। তদুপৰি একে সময়ৰ ৰচনাও নহয়। বৰং বিভিন্ন সময়ত লিখা ভিন্নজনৰ বুৰঞ্জীহে।

(গ) বুৰঞ্জীসমূহ এখনৰ সৈতে আন এখনৰ ধাৰাবাহিক নহয়। অৱশ্যে সাতোখন বুৰঞ্জী লগ লগাই আহোম যুগৰ অৰ্থাৎ আহোম শাসনৰ আৰম্ভণিৰ পৰা শেষলৈ একোটি ধাৰাবাহিক বিৱৰণ দিব পৰা যায়।

(ঘ) সাতখন বুৰঞ্জীৰ সমষ্টিক একে লগে সাতসৰী অসম বুৰঞ্জী নাম দিয়া হৈছে যদিও এককভারে কোনোখন বুৰঞ্জীৰে নিজস্ব নাম নাই। নামৰ পৰিৱৰ্তে প্ৰতিখন বুৰঞ্জীকে ক্রমাগতভাৱে প্ৰথমখন বুৰঞ্জী, দ্বিতীয়খন বুৰঞ্জী হিচাপে নামকৰণ কৰা হৈছে।

(ঙ) প্ৰথমৰ ছখন বুৰঞ্জীত বিভিন্ন ৰজা-মহাৰজাৰ ৰাজত্বকালৰ বিভিন্ন ঘটনাৱলী একোটি নির্দিষ্ট সময়ৰ গণ্ডীত বৰ্ণনা কৰিছে। কিন্তু সপ্তমখন বুৰঞ্জীত ভাল বা কোনো বিশেষ ৰজাৰ ৰাজত্বকাল অথবা ঘটনাৱলীৰ বিৱৰণৰ পৰিৱৰ্তে ‘আহোমৰ দিনৰ বিষয়াসকলৰ নিৱন্ধ’ত আহোম ৰাজনীতি আহোম যুগৰ ভিন্ ভিন্ বিষয়াৰ মৰ্যাদা তথা সামাজিক নীতি- নিয়মৰ কথাহে বর্ণিত হৈছে। বুৰঞ্জীখন আকাৰতো আনকেইখনৰ তুলনাত তেনেই চুটি।

(চ) একেজন ৰজাৰ ৰাজত্ব কালৰ বিৱৰণ একাধিক বুৰঞ্জীত দেখিবলৈ পোৱাতো বুৰঞ্জীখনৰ আন এটি উল্লেখযোগ্য বৈশিষ্ট্য। উদাহৰণ স্বৰূপে, চুকাফাৰ পূৰ্বীয় ৰজাসকলৰ বিৱৰণ প্ৰথম আৰু দ্বিতীয় দুয়োখন বুৰঞ্জী আছে। সেইদৰে চুহুংমুং দিহিঙ্গীয়া ৰজাৰ ৰাজত্বকালৰ বিৱৰণ দ্বিতীয়, তৃতীয় আৰু চতুৰ্থখন বুৰঞ্জীত আছে।

(ছ) একেটা ঘটনা ভিন্ন বুৰঞ্জীত অর্থাৎ বুৰঞ্জী বিশেষে ভিন্ ভিন্ ধৰণেৰে আছে। তদুপৰি এখনত থকা বহু কথা আকৌ আনখনত দেখিবলৈ পোৱা নাযায়।

(জ) বুৰঞ্জীসমূহে ৰাজনৈতিক ঘটনাৰ বিৱৰণ দিয়াৰ লগতে সামাজিক স্তৰৰো বিভিন্ন দিশ সামৰি লৈছে, যেনে- সমাজৰ নীতি-নিয়ম, আচাৰ-ব্যৱহাৰ ইত্যাদি।

(ঝ) বিভিন্ন ঘটনা আৰু কাৰ্যৰ বৰ্ণনাৰ সময়ত চুটি কথাৰ মাজেৰে বৰ্ণনা কৰাৰ উপৰিও উপকথা, প্রবাদ-প্রবচনৰো ওচৰ চপা দেখা যায়।

(ঞ) আলঙ্কাৰিক নামকৰণ বুৰঞ্জীৰ ক্ষেত্ৰ বিৰল। কিন্তু সম্পাদকে বুৰঞ্জীখনৰ নামটোত ‘সাতসৰী’ শব্দটো ব্যৱহাৰ কৰি সাহিত্যিক ব্যঞ্জনা দিবলৈ চেষ্টা কৰিছে। সেই ফালৰ পৰা নামটিয়েই বুৰঞ্জীখনলৈ সুকীয়া বৈশিষ্ট্য এটি কঢ়িয়াই আনিছে বুলি ক’ব পাৰি।

3 thoughts on “BA 1st Semester Assamese Chapter 4 Question Answer 2025 | গোট-৪ : শংকৰদেৱৰ পৰৱৰ্তীকালৰ সাহিত্য | পাঠ : ৩ | অসমৰ ৰণোদ্যম | অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস (১৮২৬ চন পর্যন্ত) | BA 1st Semester Assamese Unit 4 Question Answer 2025 | ba 1st semester assamese question answer”

Leave a comment