গণতন্ত্ৰ আৰু শিক্ষা | BA 1st Semester Education Chapter 5 Question Answer Assamese Medium 2025 | ba 1st semester education question answer | ba 1st semester education book pdf | BA 1st Semester Education Unit 5 Question Answer Assamese Medium 2025 | Democracy And Education

গণতন্ত্ৰ আৰু শিক্ষা | BA 1st Semester Education Chapter 5 Question Answer Assamese Medium 2025 | ba 1st semester education question answer | ba 1st semester education book pdf | BA 1st Semester Education Unit 5 Question Answer Assamese Medium 2025 | Democracy And Education

Unit : 5
গণতন্ত্ৰ আৰু শিক্ষা (Democracy And Education)

► অতি চমু প্রশ্নোত্তৰ :

(ক) গণতন্ত্ৰত শিক্ষাৰ লক্ষ্য হ’ল –

 (i) ব্যক্তিত্ব বিকাশ

 (ii) ধৰ্মসমূহৰ বিকাশ

 (iii) জাতীয় অখণ্ডতাৰ বিকাশ।

 (iv) অৰ্থনৈতিক বিকাশ

 উত্তৰ :  (iii) জাতীয় অখণ্ডতাৰ বিকাশ।

 (খ) আব্ৰাহাম লিংকনৰ মতে অৱমাননাৰ সংজ্ঞা কি?

 উত্তৰ :  জনসাধাৰণৰ চৰকাৰ, দ্বাৰা…  মানুহৰ বাবে আৰু জনসাধাৰণৰ বাবে।

 (গ) “গণতন্ত্ৰ” শব্দটো কোনটো ভাষাৰ পৰা উদ্ভৱ হৈছে?

 উত্তৰ :  গ্ৰীক ভাষা।

 (ঘ) সমাজবাদ শব্দটো কোনটো ভাষাৰ পৰা উদ্ভৱ হৈছে?

 উত্তৰ :  গ্ৰীক ভাষা।

S.NoBA 1st Semester Education Solution – All Units
1শিক্ষাৰ ধাৰণা (Concept of Education)
2শিক্ষাৰ লক্ষ্যসমূহ (Aims of Education)
3পাঠ্যক্রম (Curriculum)
4অনুশাসন আৰু স্বাধীনতা (Discipline and Freedom)
5গণতন্ত্ৰ আৰু শিক্ষা (Democracy and Education)

► ৰচনাধৰ্মী প্রশ্নোত্তৰ:

১/ গণতন্ত্ৰৰ বাবে শিক্ষা বুলিলে কি বুজা? এনে শিক্ষাৰ বিশেষ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰ : ভাৰতবৰ্ষক পৃথিৱীৰ ভিতৰতে এখন সৰ্ববৃহৎ গণতান্ত্রিক দেশ হিচাপে স্বীকৃতি দিব পাৰি কিয়নো, ভাৰতবৰ্ষৰ গণতান্ত্রিক ভাৱধাৰাৰ সৈতে পৃথিৱীৰ কোনো দেশৰে মতাদর্শ নিমিলে। ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা গণতান্ত্রিক ভাৱধাৰাৰে পৰিচালিত। অর্থাৎ শিক্ষাৰ এক প্রধান লক্ষ্য হৈছে জাতি, ধর্ম বর্ণ, ভাষা নির্বিশেষে সকলোকে শিক্ষাৰ সম সুযোগ সুবিধা প্রদান কৰা। গণতান্ত্রিক মূল্যবোধে প্রত্যেক আৰু প্ৰতিজন ব্যক্তিৰে ব্যক্তিত্বক সন্মান প্রদর্শন কৰে। এখন গণতান্ত্রিক আৰ্হিৰ সমাজত মুক্ত প্রকাশ, নিজস্ব গুণ, অনুশাসন, সক্রিয়তা আৰু স্বকীয়তাৰ গুণসমূহৰ বিকাশ ঘটে। গণতান্ত্রিক সমাজত প্রধানকৈ ক্ষমতা একতা আৰু ভ্রাতৃত্ববোধৰ ওপৰত গুৰুত্ব দিয়া হয়। সমাজৰ প্ৰগতি সেই সমাজত বাস কৰা ব্যক্তিসকলৰ সবঙ্গীন উন্নতিৰ ওপৰত নিৰ্ভৰ কৰে। ব্যক্তিসকলৰ সর্বাঙ্গীন উন্নতিৰ ওপৰত নিৰ্ভৰ কৰে। ব্যক্তিসকলৰ সর্বাঙ্গীন বিকাশৰ বাবে আৰু গণতান্ত্রিক মূল্যবোধৰ চেতনা জাগ্রত কৰি তুলিবৰ কাৰণে গণতান্ত্রিক ভাবধাৰাৰে উদ্বুদ্ধ শিক্ষাৰ ব্যৱস্থা কৰাটো প্রয়োজনীয়।

গণতন্ত্ৰত শিক্ষাৰ বিশেষ বৈশিষ্ট্যসমূহ :

(i) শিক্ষাৰ লক্ষ্য : গণতান্ত্রিক সমাজৰ শিক্ষাৰ কেতবোৰ লক্ষ্য তলত উল্লেখ কৰা হ’ল-

(ক) সুনাগৰিকত্বৰ বিকাশ সাধনঃ গণতান্ত্রিক সমাজৰ শিক্ষাৰ এক গুৰুত্বপূর্ণ লক্ষ্য হ’ল-সু-নাগৰিকত্বৰ গুণসমূহৰ বিকাশ সাধন কৰা। যেনে- বন্ধুত্বসুলভমনোভাৱ ন্যায়, সহযোগিতা আদি। কিয়নো, ব্যক্তিৰ প্ৰগতিশীল মনোভাবে নতুন দৃষ্টিভংগী আৰু নেতৃত্বৰ গুণাগুণে গণতন্ত্ৰৰ আদৰ্শক প্রস্ফুটিত কৰে। এনে আদৰ্শৰ দ্বাৰা ব্যক্তিয়ে দায়িত্ব পালনত অংশগ্রহণ কৰিব পাৰে।

(খ) ব্যক্তিত্বৰ সৰ্বাঙ্গীন বিকাশ সাধন কৰা: গণতান্ত্রিক সমাজৰ শিক্ষাৰ অন্য এক লক্ষ্য হৈছে ব্যক্তিত্বৰ সৰ্বাঙ্গীন বিকাশ সাধন কৰ। কিয়নো, ব্যক্তিৰ সর্বাঙ্গীন বিকাশেই গণতন্ত্ৰৰ কৃতকার্যতাৰ মূল চাবি-কাঠি। সেয়েহে প্রত্যেকৰে অন্তর্নিহিত প্রতিভাসমূহৰ বিকাশ সাধন কৰি যাতে সমাজৰ প্ৰগতিশীল বিকাশত সহায় কৰিব পাৰে তাৰ প্ৰতি গুৰুত্ব দিয়াটো শিক্ষাৰ এক লক্ষ্য।

(গ) নেতৃত্ব সুলভ গুণৰ বিকাশ সাধন: গণতান্ত্রিক সমাজৰ শিক্ষাৰ অন্য এক লক্ষ্য হ’ল- নেতৃত্ব সুলভ গুণৰ বিকাশ সাধন। কিয়নো গণতন্ত্র জনসাধাৰণৰ দ্বাৰা, জনসাধাৰণক লৈ গঠিত হোৱা চৰকাৰ। য’ত দেশৰ জনগণৰ হাততে শাসনভাৰ ন্যস্ত থাকে বুলি ক’ব পাৰি। সেয়েহে দেশৰ জনগণৰ মাজত নেতৃত্ব সুলভ গুণাৱলীৰ বিকাশ সাধন কৰাটো শিক্ষাৰ এক লক্ষ্য হিচাপে পৰিগণিত হৈছে।

(ঘ) গণতান্ত্রিক মূল্যবোধৰ বিকাশ সাধন কৰা: জনসাধাৰণৰ মাজত প্রকৃত অর্থত গণতান্ত্রিক মূল্যবোধ জগাই তোলাটোও শিক্ষাৰ এক লক্ষ্য গতিকে দেশৰ ঐক্য সাধনৰ বাবে উঠি অহা প্ৰজন্মৰ মাজত নৈতিক চেতনা, ভ্রাতৃত্ববোধ বন্ধুত্বসুলভমনোভাৱ আদিৰ বিকাশ সাধন কৰিব লাগিব।

(ঙ) অন্তনির্হিত প্ৰতিভাৰ বিকাশ সাধন কৰা: গণতন্ত্ৰৰ মূল উদ্দেশ্য হৈছে প্রত্যেক নাগৰিকৰে সুপ্ত প্রতিভা আৰু শক্তি জাগ্ৰত কৰি মুক্ত কৰি তোলা। ব্যক্তিৰ আত্মউপলদ্ধিৰ বিকাশ সাধনে দেশৰ প্ৰগতিশীল বিকাশতো সহায় কৰিব। গতিকে প্রত্যেকৰে অন্তনির্হিত সুপ্ত প্রতিভাসমূহৰ বিকাশ সাধন কৰি ব্যক্তিৰ মৰ্যদা নির্ণয় কৰাটোও শিক্ষা লক্ষ্য।

(চ) সকলোকে সা-সুবিধা প্রদান কৰা: গণতান্ত্রিক শিক্ষাৰ অন্য এক লক্ষ্য হৈছে সকলোকে সমান সা-সুবিধা প্রদান কৰি নিজৰ, যোগ্যতা আৰু অভিক্ষমতাৰ বিকাশ সাধন কৰা। জাতি, ধর্ম, বর্ণ, ভাষা নির্বিশেষে সকলোকে সমানে সুযোগ সুবিধা বিতৰণ কৰাটো শিক্ষাৰ এক লক্ষ্য।

(ছ) স্বাধীনতা প্রদানঃ গণতান্ত্রিক সমাজৰ অন্য এক লক্ষ্য হ’ল- স্বাধীনতা প্ৰদান কৰা। শিক্ষা এনেদৰে প্ৰদান কৰিব লাগিব যাতে সকলোৱে মুক্তভাৱে নিজৰ সম্ভাৱনীয়তাক পূর্ণ বিকাশৰ সম সুযোগ সুবিধা লাভ কৰিব পাৰে।

(জ) সহযাগিতা মনোভাৱৰ বিকাশ: শিক্ষা এনেদৰে প্ৰদান কবিব লাগিব যাতে, সমাজৰ প্ৰত্যেক ব্যক্তিয়ে সহযোগিতা আৰু ভ্ৰাতৃত্ব সুলভ মনোভাৱেৰে আগুৱাই যাব পাৰে। কিয়নো, প্রত্যেক ব্যক্তিৰ মাজত সহযোগিতা থকাটো গণতন্ত্ৰৰ অন্যতম লক্ষ্য।

(ঝ) ব্যক্তিৰ চৰিত্ৰ গঠন কৰা: গণতান্ত্রিক সমাজৰ শিক্ষাৰ অন্য এক লক্ষ্য হ’ল- ব্যক্তিৰ মাজত সু-চৰিত্ৰ গঠন কৰা। সু-চৰিত্ৰৰ অধিকাৰী ব্যক্তিসকলেই সমাজৰ দায়িত্ব বহন কৰি সমাজক প্রগতিশীল দিশত আগুৱাই নিয়াত সহায় কৰিব পাৰে। সেয়েহে ব্যক্তিৰ চৰিত্ৰৰ বিকাশ সাধন কৰাটো গণতান্ত্রিক সমাজৰ শিক্ষাৰ মৌলিক স্বত্ব।

(ii) পাঠ্যক্রম ব্যবস্থা: গণতান্ত্রিক শিক্ষাৰ বাবে প্ৰস্তুত কৰা পাঠ্যক্ৰম গতিশীল আৰু সহজে সলনি বা পৰিৱৰ্তন কৰিব পৰা বিধৰ হ’ব লাগে। এই পাঠ্যক্ৰমৰ মূল ভেঁটি হ’ল- শিশুৰ আগ্রহ, অভিৰুচি, প্রয়োজন, অভিক্ষমতা অনুসৰি শিক্ষা প্রদান কৰা। ইয়াৰোপৰি পাঠ্যক্রমখনে গণতান্ত্রিক মূল্যবোধক বাস্তৱত পৰিণত কৰা বিধৰ হ’ব লাগিব। পাঠ্যক্রমখনত এনেকুৱা কিছুমান বিষয়বস্তু সন্নিৱিষ্ট কৰিব লাগিব যিবিলাকে সমাজৰ ছাত্ৰ-ছাত্ৰীসকলৰ মনত এক সুস্থ বৈজ্ঞানিক চিন্তাধাৰাৰ উন্মেষ ঘটাব পাৰে আৰু সুখী জীৱন ধাৰণত সহায় কৰিব পাৰে। গণতান্ত্রিক সমাজৰ কাৰণে প্রতিফলিত হোৱা পাঠ্যক্রমখন নিম্নলিখিত ধৰণৰ হ’ব লাগিব।

শিশুকেন্দ্রিক পাঠ্যক্রমঃ গণতান্ত্রিক শিক্ষাৰ পাঠ্যক্ৰমখনে শিশুৰ আগ্রহ; প্রয়োজন, কচি, অভিৰুচি অনুসৰি শিক্ষা প্ৰদান কৰিব লাগিব। শিশুৱেই এনে শিক্ষা ব্যৱস্থাত মূল কেন্দ্রবিন্দু। সেয়েহে প্ৰত্যেকৰে শিক্ষাৰ ক্ষমতাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাৰ সম সুবিধা প্রদান কৰা উচিত।

-বিভাজিত পাঠ্যক্রম: প্রত্যেক শিশুকে ব্যক্তিগত বৈষম্য অনুসৰি শিক্ষা প্রদান কৰিব পৰাকৈ পাঠ্যক্ৰমখনত বিভিন্ন ধৰণৰ বিষয়ববস্তু সন্নিবিষ্ট কৰিব লাগে। তেতিয়াহে ছাত্র-ছাত্রীয়ে নিজৰ আগ্রহ অনুসৰি সেই শিক্ষাৰ সুবিধা গ্রহণ কৰি নিজৰ কৰ্তব্য পালন কৰিব পাৰিব আৰু সমাজক আগুৱাই নিয়াত সহায় কৰিব।

– হাতে-কামে শিক্ষা: ‘কৰ্মৰ মাজেৰে শিক্ষা’ প্রদান কৰাব ওপৰত এনে পাঠ্যক্ৰমত গুৰুত্ব দিয়া হৈছে। পাঠ্যক্ৰমত এনেধৰণৰ কিছুমান বিষয়বস্তু সন্নিবিষ্ট কৰিব লাগে যিবিলাকে ছাত্ৰ-ছাত্ৰীৰ সৃজনীশীল প্রতিভাৰ বিকাশ সাধন কৰিব পাৰে।

-শিশু মনোবিজ্ঞানসম্মত পাঠ্যক্রমঃ মনোবিজ্ঞানসম্মত নীতি-নিয়মৰ ওপৰত ভিত্তিকৰি পাঠ্যক্ৰমখন প্রস্তুত কৰা উচিত। কিয়নো শিশু মনোবিজ্ঞানৰ জ্ঞানৰ অবিহনে ছাত্র-ছাত্রীৰ ভিন্ন আগ্রহ অনুযায়ী সু-শিক্ষা প্রদান কৰাটো বাস্তৱসন্মত নহয়।

গতিকে দেখা গ’ল পাঠ্যক্ৰমখনত ছাত্ৰ-ছাত্ৰীৰ সমগ্ৰ দিশৰ বিকাশ সাধন কৰিব পৰাকৈ বিভিন্ন ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব লাগিব। প্রাকৃতিক বিজ্ঞান, সমাজ বিজ্ঞান, ভাষা, দর্শন, শিল্প-কলা, নৈতিকতা আদি দিশসমূহ সন্নিবিষ্ট কৰি পাঠ্যক্ৰমখনত এনেধৰণৰ বিষয়বস্তু অন্তর্ভূক্ত কৰিব লাগে। অর্থনৈতিক, সামাজিক, ৰাজনৈতিক, আধ্যাত্মিক দিশৰ বিকাশ সাধনত সহায় কৰিব পৰাকৈ আৰু বিভিন্ন বৃত্তিমূলক বিষয়সমূহ পাঠ্যক্ৰমত ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ সমগ্ৰ দিশৰ বিকাশ সাধনত সহায় কৰে আৰু ভৱিষ্যত জীৱনৰ বাবে ব্যক্তিক প্ৰস্তুত কৰি তোলে।

(iii)  গণতান্ত্রিক শিক্ষা আৰু শিক্ষাদান পদ্ধতি : শিক্ষাদান আৰু শিক্ষাগ্রহণ প্রক্রিয়াত গণতান্ত্রিক আদৰ্শ ৰূপায়ণৰ বাবে শিক্ষাদানৰ পদ্ধতিৰ ক্ষেত্ৰতো কিছু সংশোধন কৰাৰ প্ৰয়োজনীয়তা আছে। কিয়নো পৰম্পৰাগত বক্তৃতা পদ্ধতিয়ে কেৱল ছাত্ৰ-ছাত্ৰীৰ সমগ্ৰ দিশৰ বিকাশ সাধনত সহায় কৰিব নোৱাৰে। ছাত্ৰ-ছাত্ৰীক ‘কৰ্মৰ মাজেৰে শিক্ষা’ দিয়াৰ ওপৰত যিহেতু গুৰুত্ব দিয়া হৈছে সেয়েহে এনে ধৰণৰ কিছুমান শিক্ষাদানৰ পদ্ধতিৰ ব্যৱহাৰ কৰিব লাগিব যিবিলাকে ছাত্ৰ-ছাত্ৰীৰ সক্রিয় অংশগ্রহণত সুবিধা দিয়ে, অন্তনির্হিত প্রতিভাৰ বিকাশ সাধন কৰে। নিজ অভিজ্ঞতাৰ দ্বাৰা শিশুৱে শিক্ষা আহৰণ কৰিব পৰাকৈ প্ৰজেক্ট পদ্ধতি, আত্ম শিক্ষণ পদ্ধতি, মণ্টেছৰী পদ্ধতি, আলোচনা চক্র, চেমিনাৰ, কৰ্মশালা আদিৰ ব্যৱস্থা কৰাটো বর্তমান সময়ত খুবেই প্রয়োজনীয় হৈ পৰিছে। যিয়ে ছাত্ৰ-ছাত্ৰীৰ অবিৰত আৰু সামগ্রিক মূল্যায়নতো সহায় কৰিব। সেয়েহে শিক্ষাদান আৰু শিক্ষাগ্রহণ প্রক্রিয়াক অধিক ফলপ্রসূ আৰু সজীৱ কৰি তুলিবলৈ বৰ্তমান গণতান্ত্রিক আৰ্হিৰ সমাজ বিলাকত এনে ধৰণৰ শিক্ষাদানৰ পদ্ধতি সমূহৰ ব্যৱহাৰ পৰিলক্ষিত হৈছে।

(iv) গণতন্ত্র আৰু অনুশাসন ব্যৱস্থাঃ গণতান্ত্রিক শিক্ষা ব্যৱস্থাত আত্ম অনুশাসন ব্যবস্থাক গুৰুত্ব দিয়া হয়। আত্ম অনুশাসন ব্যৱস্থাৰ যোগেদি ছাত্র-ছাত্ৰীৰ মাজত গণতান্ত্রিক মূল্যবোধৰ বিকাশ সাধন হয়। বিদ্যালয়ত একে নীতি-নিয়ম, একে পোছাক পৰিধান কৰা আদিয়ে অনুশাসন ব্যৱস্থাক প্রতিফলিত কৰে। এই বিদ্যালয়ত জাতি-ধর্ম, বর্ণ, ভাষা সকলো অনুশাসন ব্যৱস্থাক প্রতিফলিত কৰে। এই বিদ্যালয়ত জাতি-ধর্ম, বর্ণ, ভাষা সকলো সম্প্ৰদায়ৰ সকলো লোকেই সমানে শিক্ষা পোৱাটো অনুশাসন ব্যৱস্থাৰে নিদর্শন। ছাত্র-ছাত্রীৰ মাজত সামাজিক ন্যায়ৰ ধাৰণা বিকাশ সাধন কৰিবলৈ এনে ধৰণৰ অনুশাসন ব্যৱস্থাৰ গুৰুত্ব উপলব্ধি কৰা হয়।

(v)  শিক্ষকৰ ভূমিকা: গণতান্ত্রিক আৰ্হিৰ সমাজৰ শিক্ষা ব্যৱস্থাত শিক্ষকে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শিক্ষকৰ আদৰ্শ, মনোভাৱ আৰু সচেতনতাৰ ওপৰতে শিক্ষা ব্যৱস্থাৰ উন্নতি বহু পৰিমাণে নিৰ্ভৰশীল। কিয়নো এখন সমাজৰ প্ৰগতিৰ ক্ষেত্ৰত শিক্ষকেই পথপ্রদর্শক। সেয়েহে শিক্ষকজনে গণতান্ত্রিক মূল্যবোধ, আদর্শ, নীতি-নিয়মসমূহক বাস্তৱত পৰিচালিত কৰিব পৰাকৈ নিজকে গঢ় দি সমাজৰ উঠি অহা প্রজন্মক সঠিক দিশ নির্দেশনাৰে বাট দেখুৱাব লাগিব। এইক্ষেত্রত শিক্ষকজনে বন্ধু, দার্শনিক আৰু পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰে। ছাত্ৰ-ছাত্ৰীৰ মাজত বন্ধুত্বসুলভ মনোভাব, ভ্রাতৃত্ববোধ, সু-চৰিত্ৰ, সু-নাগৰিকত্ব, সহযোগিতা আদিৰ বিকাশ ঘটাই বিভিন্ন সমাজকল্যাণমূলক কাৰ্য্যত অংশগ্ৰহণ কৰিব পৰাকৈ গঢ় দি তোলাৰ ক্ষেত্ৰতো শিক্ষকৰ ভূমিকা অপৰিসীম।

Leave a comment