BA 1st Semester Geography Chapter 1 Question Answer Assamese Medium 2025 | প্রাকৃতিক ভূগোল-বিজ্ঞানৰ বিবর্তন আৰু বিকাশ পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ | BA 1st Semester Geography | BA 1st Semester Geography Unit 1 Question Answer Assamese Medium 2025 | BA 1st Sem Geography

BA 1st Semester Geography Chapter 1 Question Answer Assamese Medium 2025 | প্রাকৃতিক ভূগোল-বিজ্ঞানৰ বিবর্তন আৰু বিকাশ পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ | BA 1st Semester Geography | BA 1st Semester Geography Unit 1 Question Answer Assamese Medium 2025 | BA 1st Sem Geography

Unit : 1

প্রাকৃতিক ভূগোল-বিজ্ঞানৰ বিবর্তন আৰু বিকাশ (Evolution and Growth of Physical Geography)

► অতি চমু প্রশ্নোত্তৰ :

১। প্রাকৃতিক ভূগোল কি?

উত্তৰ : প্ৰকৃতিৰ কাৰ্যবোৰ বৈজ্ঞানিক দৃষ্টিভংগীৰে যিটো বিষয়ত অধ্যয়ন কৰা হয় তাকে প্রাকৃতিক ভূগোল বোলে।

২। প্রাকৃতিক ভূগোলৰ এটা সংজ্ঞা দিয়া।

উত্তৰ: টেইলৰৰ মতে, ‘ভূগোল-বিজ্ঞান হ’ল সহ-সম্বন্ধযুক্ত বিজ্ঞান’। আনহাতে স্পাইমেনৰ মতে, ‘ভূগোল-বিজ্ঞানে মানুহ, ঠাই আৰু সম্পদৰ বিষয়ে অধ্যয়ন কৰে’।

৩। প্রাকৃতিক ভূগোল বিজ্ঞানৰ প্ৰধান ভাগ কেইটা আৰু কি কি?

উত্তৰ : চাৰিটা। এইকেইটা হ’ল- স্থলাকৃতি ভূগোল-বিজ্ঞান, জলবায়ু ভূগোল-বিজ্ঞান, সমুদ্র ভূগোল-বিজ্ঞান আৰু জীব-ভূগোল বিজ্ঞান।

৪। পৃথিৱীৰ প্ৰাকৃতিক অঞ্চলসমূহ প্ৰধানকৈ কিহৰ ওপৰত ভিত্তি কৰি নামকৰণ কৰা হয়।

উত্তৰ: পৃথিৱীৰ প্ৰাকৃতিক অঞ্চলসমূহ প্রধানকৈ জলবায়ু (climate) আৰু প্ৰাকৃতিক উদ্ভিদৰ (Natural vegetation) বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি নামকৰণ কৰা হয়।

৫। পৃথিৱীৰ সর্বোচ্চ শৃংগ এভাৰেষ্টৰ উচ্চতা কিমান?

উত্তৰ: পৃথিৱীৰ সৰ্বোচ্চ শৃংগ এভাৰেষ্টৰ উচ্চতা ৮,৮৪৮ মিটাৰ।

৬। পৃথিৱীৰ উচ্চতম মালভূমিটোৰ নাম কি?

উত্তৰ: পামিৰ মালভূমি।

► চমু প্রশ্নোত্তৰ :

১। প্রাকৃতিক ভূগোল বুলিলে কি বুজা?

উত্তৰ: মানৱ আৰু মানৱ সমাজক প্রভাবান্বিত কৰা পৰিবেশৰ সকলো উপাদানক সুসংহত কৰি সেইসমূহৰ মাজত থকা গতিশীল আন্তঃসম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰা বিষয়কে প্রাকৃতিক ভূগোল বোলা হয়। ভূগোল বিজ্ঞানৰ যি শাখাত এই প্রাকৃতিক অবয়ববোৰৰ উৎপত্তি, গঠন, পৰিবৰ্তন আদি তন্ন তন্ন কৈ অধ্যয়ন কৰে তাকেই প্রাকৃতিক ভূগোল বুলি কোৱা হয়। সকলো প্রাকৃতিক বিজ্ঞানক প্রাকৃতিক ভূগোলে অধ্যয়ণৰ বাবে অন্তর্ভুক্ত কৰিলে বুলিয়েই ই সকলো প্রাকৃতিক বিজ্ঞানৰ মূল একত্ৰিকৰণ নহয়।

S.NoBA 1st Semester Geography Solution – All Units
1প্রাকৃতিক ভূগোল-বিজ্ঞানৰ বিবর্তন আৰু বিকাশ (Evolution and Growth of Physical Geography)
2ভূ-আকৃতি তত্ত্ব (Geomorphology)
3জলবায়ু বিজ্ঞান (Climatology)
4সমুদ্র বিজ্ঞান (Oceanography)
5জীৱ-ভূগোল (Biogeography)

২। প্রাকৃতিক ভূগোলৰ বিভিন্ন শাখাসমূহ কি কি?

উত্তৰ: প্রাকৃতিক ভূগোলক অধ্যয়নৰ সুবিধার্থে কিছুমান শাখাত বিভক্ত কৰা হৈছে।

প্রাকৃতিক ভূগোলৰ এনে মূল শাখাসমূহ হ’ল-

(ক) ভূ-আকৃতি তত্ত্ব (Geomorphology)

(খ) সমুদ্র বিজ্ঞান (Oceanography)

(গ) জলবায়ু বিজ্ঞান (Climatology)

(ঘ) মৃত্তিকা ভূগোল (Soil Geography)

(ঙ) জল বিজ্ঞান (Hydrology)

(চ) জীৱ বিজ্ঞান (Bio-Geography)

(ছ) জল-ভূ-আকৃতি তত্ত্ব (Fluvial Geography)

৩। ভূ-আকৃতিক বিজ্ঞানৰ সংজ্ঞা দিয়া।

উত্তৰ: ভূগোল বিজ্ঞানৰ যি শাখাই পৃথিৱীৰ উপৰিভাগৰ স্থলাকৃতি বোৰৰ উৎপত্তি (origin) ক্রমবিকাশ (Evolution) আকাৰ-আকৃতি আৰু বিতৰণ সম্বন্ধে অধ্যয়ন কৰে সেই শাখাটোক বা বিভাগটোক ভূ-আকৃতিক বিজ্ঞান (Geomorphology) বোলা হয়।

৪। ভূ-আকৃতিক প্ৰক্ৰিয়াৰ অৰ্থ লিখা।

উত্তৰঃ যি বিলাক প্ৰক্ৰিয়াৰ প্ৰভাৱত ভূ-পৃষ্ঠত নানান ধৰণৰ স্থলাকৃতিৰ সৃষ্টি হয়। এই স্থলাকৃতি সমূহৰ সৃষ্টি আৰু বিকাশৰ লগত জড়িত প্রক্রিয়া বোৰক ভূ-আকৃতিক প্রক্রিয়া (Geomorphic Process) বোলা হয়।

৫। বাহ্যিক প্রক্রিয়া বা কাৰকৰ ভিতৰত কি কি পৰে লিখা।

উত্তৰ: পৃথিৱীৰ উপৰি ভাগ সমান নহয় অর্থাৎ ই খলা বমা। এই খলা বমা হোৱাৰ মূল কাৰণ হ’ল পৃথিৱীৰ অন্ত ভাগত সৃষ্টি হোৱা কিছুমান আন্ত্যন্তৰীণ শক্তি আৰু ভূ-পৃষ্ঠৰ ওপৰত সংঘটিত হোৱা বাহ্যিক কাৰকৰ বাবে, অর্থাৎ পৃথিৱীৰ উপৰিভাগত ক্ৰিয়া কৰা বিভিন্ন প্ৰকাৰৰ প্ৰক্ৰিয়া বোৰক বাহ্যিক প্রক্রিয়া (Exogenetic Process) বোলা হয়। এই প্রক্রিয়া বোৰ বিভিন্ন ধৰণৰ হ’ব পাৰে। যেনে- 

(ক) বতাহ (Wind)

(খ) বৰষুণ (Rain)

(গ) নদ-নদী (River)

(ঘ) হিমবাহ (Glacier)

(ঙ) বোৱতি পানী (Running Water)

(চ) সাগৰৰ ঢৌ (Ocean wave)

► ৰচনাধৰ্মী প্রশ্নোত্তৰ:

১। ভূগোল বিজ্ঞানৰ সংজ্ঞা লিখা আৰু ইয়াৰ পৰিসৰ সম্পৰ্কে চমু আলোচনা কৰা।

উত্তৰ: ভূগোল বিজ্ঞান এক জটিল বিষয়। সময়ৰ অগ্ৰগতিৰ লগে লগে ভূগোল বিজ্ঞানৰ বিষয়বস্তুৰ যিদৰে পৰিৱৰ্তন ঘটিছে, সেইদৰে ইয়াৰ সংজ্ঞাও সলনি হৈ আহিছে। অর্থাৎ তাহানিৰ সেই কি? ক’ত? আৰু কিয়ৰ? মাজতে ভূগোল বিজ্ঞানৰ সংজ্ঞা সীমাব

হৈ নাথাকি ইয়াৰ বহুতো পৰিবৰ্তন ঘটিছে। বিভিন্ন সময়ত, বিভিন্ন পণ্ডিতে আগবঢ়োর ভূগোল বিজ্ঞানৰ সংজ্ঞাবোৰৰ ওপৰত নানা প্ৰকাৰৰ আলোচনা-বিলোচনা কৰি, আধুনি কালত খাপ খোৱাকৈ ভূগোলবিদসকলে এক নতুন সংজ্ঞা উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে বৰ্তমান যুগৰ ভূগোলবিদসকলে উদ্ভাৱন কৰা এই সংজ্ঞাটোরে কৈছে- ‘ভূগোল বিজ্ঞান হ’ল পৃথিৱীৰ উপৰি ভাগত নিৰবচ্ছিন্ন গতিৰে সংঘটিত হৈ অহা বিভিন্ন প্রাকৃতিক তথা আর্থ-সামাজিক ঘটনা-পৰিঘটনাসমূহৰ স্থানিক বিতৰণৰ (Spatial distribution) বিজ্ঞান।’ ইংৰাজীত এই সংজ্ঞাটো লিখিছে এনেদৰে ‘Geography is a science of the spatial distribution of phenomena over the surface of the earth.’ সহজ অৰ্থত ক’বলৈ হ’লে ধৰাৰ বুকুৰ বিভিন্ন স্থানৰ ভূ-প্রকৃতি, জলবায়ু, নদ-নদী, প্রাকৃতিক উদ্ভিদ, মৃত্তিকা, কৃষিকার্য, শিল্পকর্ম, জনসংখ্যা, জনবসতি, অর্থনীতি, ৰাজনীত আদিৰ মাজত থকা ভিন্নতা আৰু পৰস্পৰৰ মাজৰ সম্বন্ধৰ বিষয়ে বিজ্ঞানভিত্তিক বিশ্লেষণ কৰাকে ভূগোল বিজ্ঞান (Geography) বুলি জনা যায়।

ভূগোল বিজ্ঞানৰ পৰিসৰ (Scope of Geography): ভূগোল বিজ্ঞানত আলোচনা কৰা বিষয়বস্তু কিমান বিশাল বা ব্যাপক এই কথা বিভিন্ন বৈচিত্র্যৰে গঠিত পৃথিৱী পৃষ্ঠলৈ মন কৰিলেই ভালকৈ বুজিব পাৰি। পৃথিৱীৰ কিদৰে উৎপত্তি হ’ল এই কথাৰ পৰা আৰম্ভ কৰি এই ৰহস্যময় পৃথিৱীত থকা স্থলভাগ, জলভাগৰ লগতে ধৰাপৃষ্ঠক আগুৰি থকা বায়ুমণ্ডলৰ বিষয়ে সূক্ষ্মভাবে অধ্যয়ন কৰাৰ লগতে জীৱমণ্ডলৰ অধ্যয়নকো ভূগোল বিজ্ঞানৰ পৰিসৰৰ অন্তৰ্ভূক্ত কৰা হৈছে। সেইবাবে পৃথিবী পৃষ্ঠত দেখিবলৈ পোৱা বিবিধ প্ৰকাৰৰ ভূ-প্রাকৃতিক অবয়ব তথা বিভিন্ন প্ৰকাৰৰ মানৱসৃষ্ট অবয়ববোৰৰ বিষয়ে সূক্ষ্মভাৱে অধ্যয়ন কৰা আৰু এইবোৰৰ কাৰণ আৰু ফলাফলৰ সম্বন্ধ বিশ্লেষণ কৰা ভূগোল বিজ্ঞানৰ মুখ্য আলোচ্য বিষয় বুলি বিবেচনা কৰা হৈছে। বর্তমান অৱস্থাত এই বিষয়টোৱে পৃথিৱীৰ নানাবিধ প্রাকৃতিক তথা মানৱে সৃষ্টি কৰা অৱয়ববোৰৰ যথাযথ বৰ্ণনা কৰা কাৰ্যতে সীমাবদ্ধ হৈ নাথাকি, পৃথিৱীৰ বুকুৰ ভিন ভিন প্ৰকাৰৰ অৱয়ববোৰৰ স্থান, কাল, অৱস্থা বিশেষে বিজ্ঞানসম্মত দৃষ্টিভংগীৰে বিশ্লেষণ কৰি এইবোৰৰ সত্য-সত্যতা নিৰূপণ কৰিবলৈ সক্ষম হৈছে। মুঠতে, ভূগোল বিজ্ঞানে ধৰাপৃষ্ঠক মানুহৰ বাসস্থান হিচাপে বিবেচনা কৰি পৃথিৱীৰ বিষয়ে শিক্ষা প্রদান কৰি আহিছে। অৰ্থাৎ পৃথিৱীৰ বসবাস কৰা মানুহ আৰু নানা প্ৰকাৰৰ ভৌগোলিক পৰিৱেশৰ মাজত কি ধৰণৰ সম্পর্ক স্থাপন হৈছে এইবোৰ কথাৰ বিজ্ঞানৰ দৃষ্টিৰে বিশ্লেষণ কৰাটো আধুনিক কালত ভূগোলৰ মুখ্য আলোচ্য বিষয় বুলি বিবেচিত হৈছে।

ভূগোল বিজ্ঞানৰ বিষয়বস্তুৰ পৰিসৰৰ ওপৰত ভিত্তি কৰি ইয়াক প্ৰধানকৈ দুভাগে বিভক্ত কৰা হৈছে। এই দুটা ভাগ হ’ল- (ক) প্রাকৃতিক ভূগোল (Physical Geography) আৰু আনটো হ’ল (খ) মানৱ ভূগোল (Human Geography)। প্রাকৃতিক ভূগোলত মূলতঃ পৃথিৱীৰ উৎপত্তিৰ পৰা আৰম্ভ কৰি ইয়াৰ আকাৰ, আয়তন, সংৰচনা আৰু ইয়াত থকা নানা বিধ প্রাকৃতিক অনুঘটকৰ প্ৰভাৱ, ক্রিয়া-বিক্ৰিয়াবোৰ বিশ্লেষণ কৰে। আকৌ মানৱ ভূগোলত পৃথিৱীখনক মানুহৰ বাসভূমি হিচাপে গণ্য কৰি ইয়াৰ ওপৰত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সংঘটিত মানুহক স্পৰ্শ কৰা সকলোবিলাক কাৰ্যৰে বিচাৰ-বিশ্লেষণ দাঙি ধৰা হয়।

২। ভূগোল বিজ্ঞানৰ মুখ্য ভাগ দুটা কি কি? দুয়োটা ভাগৰ আলোচ্য বিষয়ৰ ওপৰত চমু আলোচনা কৰা।

উত্তৰঃ ভূগোল বিজ্ঞানত বিশ্লেষণ কৰা নানা প্ৰকাৰৰ বিষয়বস্তুৰ প্ৰতি লক্ষ্য কৰিলে দেখা যায় যে এইবোৰক প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰি। এই ভাগ দুটা হ’ল ভূগোল বিজ্ঞানৰ অন্তৰ্গত বিবিধ প্রাকৃতিক অৱয়বক লৈ সৃষ্টি হোৱা প্রাকৃতিক পৰিবেশ আৰু বিভিন্ন প্রাকৃতিক পৰিবেশত মানুহে নিজৰ জ্ঞান আৰু বুদ্ধিৰ দ্বাৰা সৃষ্টি কৰা মানৱ পৰিবেশ। ভূগোল বিজ্ঞানৰ অন্তৰ্গত এই দুই প্ৰকাৰৰ পৰিবেশৰ বিজ্ঞান ভিত্তিক বিশ্লেষণৰ অধ্যয়নৰ সুবিধার্থে ভূগোল বিজ্ঞানক দুটা প্রধান শাখাত ভাগ কৰা হৈছে। ভূগোল বিজ্ঞানৰ এই ভাগ দুটা হৈছে

(ক) প্রাকৃতিক ভূগোল (Physical Geography) আৰু (খ) মানৱ ভূগোল (Human Geography) ভূগোল বিজ্ঞানৰ অন্তৰ্গত অন্যান্য ভাগসমূহ মূলতঃ প্রাকৃতিক ভূগোল আৰু মানৱ ভূগোলৰ সুকীয়া সুকীয়া ভাগহে মাথোন। তলত প্রাকৃতিক ভূগোল আৰু মানৱ ভূগোলত অধ্যয়ন কৰা বিভিন্ন বিষয়বস্তুৰ ওপৰত চমু আলোচনা কৰা হ’ল-

(ক) প্রাকৃতিক ভূগোল (Physical Geography): ভূগোল বিজ্ঞানৰ অন্তৰ্গত প্রাকৃতিক পৰিবেশ বুলি কওতে সাধাৰণতে বিশ্বব্ৰহ্মাণ্ডৰ উৎপত্তিৰ পৰা আৰম্ভ কৰি ইয়াৰ গঠন, ভূ-প্রকৃতি, নদ-নদী, জলবায়ু, প্রাকৃতিক উদ্ভিদ, মৃত্তিকা, প্রাকৃতিক সম্পদ আদিকে বুজা যায়। ভূগোল বিজ্ঞানৰ যিটো শাখাত এনেকুৱা প্রাকৃতিক অৱয়ববোৰৰ উৎপত্তি, গঠন, বিকাশ আৰু পৰিৱৰ্তনৰ সকলো দিশ বিতংভারে আলোচনা কৰা হয় তাকে প্রাকৃতিক ভূগোল (Physical Geography) বুলি নামকৰণ কৰা হৈছে। ভূগোল বিজ্ঞানৰ এই শাখাটো সৰ্বকালৰ জনপ্ৰিয় আৰু ইয়াৰ ভেটিও অতিকৈ দৃঢ়। প্রাকৃতিক ভূগোলত অধ্যয়ন কৰা বিবিধ বিষয়বস্তুৰ প্ৰতি লক্ষ্য কৰিলে দেখা যায় যে ইয়াৰ পৰিসৰ সুবিস্তৃত। কিয়নো ভূগোলৰ এই শাখাটোৱে সৌৰজগতৰ উৎপত্তিৰ পৰা আৰম্ভ কৰি ধৰাপৃষ্ঠৰ বিবিধ স্থলাকৃতিৰ উৎপত্তি, বিকাশ, বিতৰণ আদিৰ উপৰিও বায়ুমণ্ডল, জলমণ্ডল তথা জীৱমণ্ডলৰো বিভিন্ন কথা সামৰি লোৱা পৰিলক্ষিত হৈছে। বিষয়বস্তুৰ এনেকুৱা ভিন্নতাৰ বাবে প্ৰাকৃতিক ভূগোলত একেলগে এই সকলোবিলাক বিষয়ক সামৰি লোৱাটো বর্তমান সময়ত যথেষ্ট কষ্টকৰ তথা বিশৃংখল বুলি অনুভৱ কৰা হৈছে। সেয়েহে প্রতিটো বিষয়বস্তুৰ ওপৰত অতি সূক্ষ্মভাৱে চিন্তা-চৰ্চা কৰাৰ উদ্দেশ্যে প্রাকৃতিক ভূগোলকো কেইবাটাও শাখাত বিভক্ত কৰা হৈছে। প্রাকৃতিক ভূগোলৰ এই শাখাসমূহ হৈছে-

(ক) ভূ-আকৃতি তত্ত্ব (Geomorphology)

(খ) সমুদ্র বিজ্ঞান (Oceanography)

(গ) জলবায়ু বিজ্ঞান (Climatology)

(ঘ) মৃত্তিকা ভূগোল (Soil Geography)

(ঙ) জল বিজ্ঞান (Hydrology)

(চ) জীৱ বিজ্ঞান (Bio-Geography)

(ছ) জল-ভূ-আকৃতি তত্ত্ব (Fluvial Geography)

(খ) মানৱ ভূগোল (Human Geography): প্রাকৃতিক ভূগোলৰ বিপৰীতে ভূগোল বিজ্ঞানৰ আনটো ভাগ হ’ল- মানৱ ভূগোল (Human Geography)। মানর ভূগোল হ’ল মূলতঃ মানৱ পৰিবেশৰ বিভিন্ন অৱয়ববোৰৰ ওপৰত বিশ্লেষণ কৰা ভূগোল বিজ্ঞানৰ এটা মুখ্য ভাগ। মানুহ হ’ল মানৱ ভূগোলৰ মূল উপাদান। মানুহে নিজৰ জ্ঞান আৰু চিন্তা শক্তিৰ প্ৰভাৱত সকলো ক্ষেত্ৰত প্ৰাকৃতিক পৰিবেশৰ দ্বাৰা সম্পূৰ্ণভাৱে পৰিচালিত হোৱাৰ পৰিৱৰ্তে, প্রাকৃতিক পৰিবেশক আৱশ্যক অনুসৰি নিয়ন্ত্ৰণ কৰি নিজৰ কামত লগাকৈ সজাবলৈ অহৰহ চেষ্টা চলাই আহিছে। ফলস্বৰূপে এহাতে মানুহ আৰু প্রাকৃতিক পৰিবেশৰ মাজত যিদৰে মধুৰ সম্পৰ্ক স্থাপিত হৈছে আনহাতে বহু ক্ষেত্রত সংঘাতৰো সৃষ্টি হৈছে। ভূগোল বিজ্ঞানৰ যিটো শাখাত প্রাকৃতিক পৰিবেশ আৰু মানুহৰ মাজত সংঘটিত হোৱা এনেকুৱা সম্বন্ধবোৰ বহলাই আলোচনা কৰে আৰু এইবোৰৰ সত্যা-সত্য নির্ণয় কৰে তাকেই মানৱ ভূগোল নামেৰে নামকৰণ কৰা হৈছে। অর্থাৎ মানৱ ভূগোলৰ মূল আলোচ্য বিষয় প্রাকৃতিক পৰিবেশৰ সলনি ভিন ভিন প্রাকৃতিক পৰিবেশত মানুহে কিদৰে নিজকে খাপ খুৱাই ৰাখিবলৈ চেষ্টা কৰিছে এই বিষয়ে বিজ্ঞান ভিত্তিক আলোচনা কৰাহে। ক’বলৈ গ’লে মানৱ ভূগোলৰ বিষয়বস্তু প্রাকৃতিক ভূগোলতকৈও অধিক জটিল আৰু বৃহৎ। কিয়নো মানুহৰ কাম-কাজৰ অন্ত নাই। মানুহ আৰু প্রাকৃতিক পৰিবেশৰ মাজৰ সম্বন্ধ আৰু বিভিন্ন ক্রিয়া-কলাপসমূহ বুজিবলৈ যোৱাৰ ফলত ভূগোলবিদসকলৰ দৰকাৰ হৈ পৰিল লোকসংখ্যাৰ বিতৰণ আৰু সিহঁতৰ বসতিৰ বিষয়ে, মানুহৰ কাৰ্যপ্রণালী আৰু জীৱিকাৰ উপায়বিলাকৰ বিষয়ে অধ্যয়ন কৰাৰ। গতিশীল পৰিবেশ আৰু গতিশীল মানৱ সমাজৰ মাজৰ অন্তর্নিহিত সম্পৰ্কটোৰ অধ্যয়ন কেৱল মাত্ৰ মানৱ ভূগোলৰ গভীৰ ভিতৰতহে সম্ভৱ। মানুহ। বিভিন্ন প্ৰকাৰৰ কাম-কাজবোৰক বিভিন্ন ধৰণে অধ্যয়ন কৰিবলৈ লোৱা ফলস্বৰূপে মানৱ ভূগোলকো বিভিন্ন শাখা প্রশাখাত বিভক্ত কৰিব লগা হৈছে।

মানৱ ভূগোলৰ শাখা হিচাপে পৰিগণিত হোৱা এই ভাগবোৰৰ ভিতৰত আছে-

(ক) সামাজিক ভূগোল (Social Geography)

(খ) অর্থনৈতিক ভূগোল (Economic Geography)

(গ) ৰাজনৈতিক ভূগোল (Political Geography)

(ঘ) ঐতিহাসিক ভূগোল (Historical Geography)

(ঙ) জনসংখ্যা ভূগোল (Population Geography)

প্রাকৃতিক ভূগোল আৰু মানৱ ভূগোলত উদ্ভৱ হোৱা এই শাখা-প্রশাখাবিলাকে ভূগোল বিজ্ঞানৰ প্ৰসাৰতা যে দিনে দিনে বাঢ়িব লাগিছে এই কথা বুজিবলৈ সহজ কৰি তুলিছে।

৩। প্রাকৃতিক ভূগোল বুলিলে কি বুজা? প্রাকৃতিক ভূগোলৰ বিভিন্ন শাখাবোৰ কি কি? ভূ-আকৃতিতত্ত্ব সম্পর্কে চমু আলোচনা কৰা।

উত্তৰ: ভূগোল বিজ্ঞানৰ বিষয়বস্তু অতিকৈ জটিল প্ৰকৃতিৰ আৰু যথেষ্ট বিস্তৃত।

বিষয়টোত আলোচনা কৰা বিষয়বস্তুবোৰক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে। এই ভাগ দুটা হ’ল প্রাকৃতিক অবয়ব আৰু মানৱসৃষ্ট অৱয়ব। এই দুই প্ৰকাৰৰ অৱয়বৰ ভিত্তিতে ভূগোল বিজ্ঞানক দুটা মুখ্য ভাগত ভাগ কৰা হৈছে। প্রাকৃতিক অৱয়ববোৰৰ সমষ্টিক প্রাকৃতিক পৰিবেশ (Physical environment) আৰু মানৱৰ দ্বাৰা সৃষ্টি হোৱা অৱয়ববোৰৰ সমষ্টিকে মানৱ পৰিবেশ (Human environment) বুলিও কোৱা হয়। প্রাকৃতিক পৰিবেশৰ মূল উপাদান হ’ল- অৱস্থান, ভূ-প্রকৃতি, ভূ-সংৰচনা, জলবায়ু, নদ-নদী, প্রাকৃতিক উদ্ভিদ, মৃত্তিকা আদি অন্যতম। ভূগোল বিজ্ঞানৰ যিটো শাখাত এই প্রাকৃতিক অৱয়ববোৰৰ উৎপত্তি, গঠন, পৰিৱৰ্তন আদি তন্ন-তন্নকৈ অধ্যয়ন কৰে তাকেই প্রাকৃতিক ভূগোল (Physical Geography) বুলি কোৱা হয়। ভূগোল বিজ্ঞানৰ এই শাখাটো অতিকৈ প্রাচীন আৰু ইয়াৰ ভেটিও অতিকৈ সুদৃশ। বিষয়বস্তুৰ দিশৰ পৰা প্ৰাকৃতিক ভূগোলত অশ্মমণ্ডল, বাৰিমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ লগত জড়িত সকলোবিলাক কথাকে সামৰি লোৱা হৈছে। সেই দিশৰ পৰা চাবলৈ গ’লে প্রাকৃতিক ভূগোলৰ বিষয়বস্তুও অতিকৈ বিস্তৃত। সেইবাবে অধ্যয়নৰ সুবিধাৰ অর্থে প্রাকৃতিক ভূগোলক কেতবোৰ উপশাখাত বিভক্ত কৰা হৈছে। প্রাকৃতিক ভূগোলৰ এই উপশাখাবোৰৰ ভিতৰত অতি জনপ্রিয় হ’ল-

(ক) ভূ-আকৃতিতত্ত্ব (Geomorphology)

(খ) সমুদ্র বিজ্ঞান (Oceanography)

(গ) জলবায়ু বিজ্ঞান (Climetology)

(ঘ) জল বিজ্ঞান (Hydrology)

(ঙ) মৃত্তিকা ভূগোল (Padology Soilgeography)

চ) জল ভূ-আকৃতি তত্ত্ব (Fluvial Geomorphology)

(ছ) জীর ভূগোল (Bio-Geography)

(জ) বতৰ বিজ্ঞান (Weather)

(ক) ভূ-আকৃতি তত্ত্ব (Geomorphology): প্রাকৃতিক ভূগোলত আলোচনা কৰিব লগা বিষয়বস্তু ইমান বিশাল আৰু জটিল প্ৰকৃতিৰ যে বৰ্তমান অৱস্থাত ইয়াৰ সকলো বিলাক কথা একেটা বিষয় হিচাপে অধ্যয়ন কৰাটো যথেষ্ট কঠিন হৈ পৰিছে। কিয়নো প্রাকৃতিক ভূগোলত ধৰাপৃষ্ঠৰ সংৰচনাৰ পৰা আৰম্ভ কৰি ইয়াৰ উৎপত্তি, বিকাশ, পৰিৱৰ্তন আৰু এইবোৰৰ লগত ওতপ্রোতভাবে জড়িত বিভিন্ন কাৰকসমূহৰ বহলভাৱে বিশ্লেষণ কৰাৰ লগতে ভূগোলৰ এই গুৰুত্বপূৰ্ণ শাখাতে বাৰিমণ্ডল, বায়ুমণ্ডল তথা জীৱমণ্ডলৰ বিষয়েও বহলভাৱে আলোচনা কৰা হয়। এই সকলোবিলাক বিষয়কে প্রাকৃতিক ভূগোলত সামৰি লোৱাৰ পৰিপ্ৰেক্ষিতত ইয়াক শ্রেণী বিভাজন কৰি সুকীয়া সুকীয়া বিষয় হিচাপে অধ্যয়ন কৰাৰ নিতান্ত প্রয়োজনীয়তা অনুভৱ কৰা হৈছে। প্রাকৃতিক ভূগোলৰ অন্তৰ্গত বিষয়বস্তুৰ জটিলতা হ্রাস কৰাৰ উদ্দেশ্যে আৰু ইয়াৰ অন্তৰ্গত প্রতিটো ঘটনাকে পুংখানুপুংখৰূপে আলোচনাৰ অৰ্থে প্রাকৃতিক ভূগোলক কেইবাটাও ভাগত ভাগ কৰা হৈছে। ভূ-‘আকৃতিতত্ত্ব’ বা ‘Geomorphology’ প্রাকৃতিক ভূগোলৰ সবাতোকৈ গুৰুত্বপূৰ্ণ এটা শাখা।

প্রাকৃতিক ভূগোলৰ যিটো শাখাত ভূ-পৃষ্ঠৰ উৎপত্তিৰ পৰা আৰম্ভ কৰি ইয়াৰ প্ৰতিবিধ স্থলাকৃতি বা প্রাকৃতিক অবয়বৰ উৎপত্তি, বিকাশ, পৰিৱৰ্তন, বিতৰণ, শ্ৰেণী বিন্যাস আৰু ইয়াৰ লগত জড়িত কাৰকসমূহৰ পূৰ্ণ ব্যাখ্যা কৰা হয় তাকে ‘ভূ-আকৃতিতত্ত্ব’ বুলি কোৱা হয়। মূলতঃ প্রাকৃতিক ভূগোলৰ এই শাখাটোৱে ভূ-পৃষ্ঠৰ অশ্মমণ্ডলৰ (lithosphere) বিবিধ কথাৰ বিজ্ঞানভিত্তিক বিশ্লেষণ কৰে। ইংৰাজীত ভূ-আকৃতিতত্ত্বৰ সংজ্ঞা দিছে এনেদৰে ‘Geomorphology is the interpretatine description of the relief features of the earth.’ গতিকে ভূ-আকৃতিতত্ত্বৰ এই সংজ্ঞাৰ পৰা ভালদৰে বুজিব পাৰি যে প্রাকৃতিক ভূগোলৰ এই গুৰুত্বপূৰ্ণ শাখাটোত ভূতত্ত্বকৰ সংৰচনাৰ পৰা আৰম্ভ কৰি ইয়াৰ পৰিৱৰ্তন, পর্বত, মালভূমি, সমভূমি আদিৰ কি ধৰণে উৎপত্তি হৈছে আৰু বাহ্যিক আৰু আন্তঃশক্তিৰ প্ৰভাৱত এইবোৰ কি ভাবে পৰিৱৰ্তন হৈ আহিছে এই সকলোবিলাক কথা ভূ-আকৃতিতত্ত্বৰ পাঠত বিতংভাৱে আলোচনা কৰা হয়। আলোচ্য বিষয়বস্তুৰ পৰা অনুমান কৰিব পাৰি ‘ভূ-আকৃতি তত্ত্ব’ অধ্যয়নৰ গুৰুত্ব ভূগোল বিজ্ঞানৰ অন্যান্য ভাগবোৰৰ সদায়ে ঊর্ধত আছে আৰু থাকিবও। প্রাকৃতিক ভূগোলৰ এই শাখাটোৰ আশানুরূপ সাফল্যৰ বাবে বৈজ্ঞানিক থৰ্নবেৰি, উইলিয়াম ম’ৰিচ ডেভিছ, ফিলিপ লেক, মংক হাউছ, পেক্ষ, এল চি কিং, ওৱেচেষ্টাৰ আদিৰ নাম চিৰস্মৰণীয় হৈ থাকিব। বর্তমান অবস্থাত ভূ-আকৃতি তত্ত্বৰ পৰিসৰ ইমানেই বৃদ্ধি পাইছে যে ইয়াকো পুনৰ ভিন ভিন শাখাত ভাগ কৰি অধ্যয়ন কৰিবলৈ লোৱা হৈছে।

৪। প্রাকৃতিক ভূগোলৰ প্ৰকৃতি আৰু ইয়াৰ পৰিসৰ সম্পৰ্কে আলোচনা কৰা।

উত্তৰ: প্রাকৃতিক ভূগোলৰ অধ্যয়নে গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰি আহিছে। অতীজৰে পৰা প্ৰাকৃতিক ভূগোলবিদসকলে এই উপ-ভাগটোৰ বিকাশ আৰু উন্নয়নত বিশেষভাবে অৰিহণা যোগাই আহিছে। অনুসন্ধিৎসু ব্যক্তিসকলে শিল, গুহা, পাহাৰ-পৰ্বত, নদ-নদীৰ উৎপত্তি, কার্যপদ্ধতি আদি বুজিবলৈ চেষ্টা কৰিছিল। নদ-নদী, সমভূমি, মালভূমি, পাহাৰ-পৰ্বত, সাগৰ-মহাসাগৰ ইত্যাদিৰ বৈশিষ্ট্য, সিহঁতৰ মাজৰ সম্বন্ধ আৰু মানৱ জীৱনত পৰা প্ৰভাৱৰ কথাবোৰ নিৰীক্ষণ কৰিছিল। তদুপৰি ভূমিকম্প, খৰাং বতৰ, বানপানী, জ্বালামুখী উদ্‌দ্গীৰণ, সাগৰ-মহাসাগৰৰ পানীৰ সোঁত, ক্রিয়াকলাপ ইত্যাদি বিভিন্ন নৈসর্গিক ঘটনাবোৰ মানুহে ঘৰুৱা পৰিবেশত অনুধাৱন কৰি বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিছিল। এনেকৈয়ে পৃথিৱীৰ বিভিন্ন দেশত প্রাকৃতিক ভূগোলৰ অধ্যয়নে পাতনি মেলিছিল।

সময়ৰ লগে লগে মানুহৰ অভিজ্ঞতা বাঢ়িল, বুদ্ধি-বৃত্তিৰ বিকাশ হ’ল আৰু বৈজ্ঞানিক দিশত উন্নতি ঘটিল। ফলত প্রাকৃতিক ভূগোলৰ আছুতীয়া অধ্যয়ন বাঢ়িল। বিশেষকৈ গ্রীচ, জার্মানী, আমেৰিকা, ব্ৰিটিছ দ্বীপপুঞ্জ, ছোভিয়েট ৰুছিয়া, ফ্রান্স আদি পশ্চিমীয়া সভ্যতাৰ দেশত ইয়াৰ অধ্যয়ন খৰতকীয়া হ’ল। পিছলৈ এই বিষয়ৰ অধ্যয়ন বর্ণনাত্মক দিশৰ পৰা বিশ্লেষণাত্মক দিশলৈ ঢাল খাই বিজ্ঞানৰ মৰ্যাদা লাভ কৰি বিজ্ঞানসন্মত বিভিন্ন পদ্ধতি ইয়াৰ লগত জড়িত হৈ পৰে।

বিভিন্ন ধৰণৰ গাণিতিক আৰু পৰিসাংখ্যিক কৌশলবোৰ প্ৰাকৃতিক ভূগোলৰ অধ্যয়নত বহুলভাবে ব্যৱহাৰ কৰা দেখা যায়। ডব্লিউ এম ডেভিছ, এ পেল্ক, ভি পি ক’নে, চি ডব্লিউ, থর্নঅ ‘ৱেইট আদি মনীষীসকলৰ অৱদান এই ক্ষেত্রত বিশেষভাবে উল্লেখযোগ্য। বৈজ্ঞানিক উৎকর্ষ সাধনৰ লগে লগে আজি বিশ্বৰ প্ৰাকৃতিক ভূগোল অধ্যয়নৰ এক আলোড়ন সৃষ্টি হৈছে। পৃথিৱীৰ উপৰিভাগৰ অলেখ পৰিৱৰ্তন সম্বন্ধীয় অধ্যয়ন, কম্পিউটাৰ, উপগ্রহ, দূৰ-সংবেদন পদ্ধতি, ভৌগোলিক তথ্য প্রণালী, ভৌগোলিক অৱস্থান প্রণালী আদি অত্যাধুনিক সা-সুবিধাবোৰে প্ৰাকৃতিক ভূগোলৰ অধ্যয়ন যথেষ্ট সুচল কৰিছে। ফলস্বৰূপে পৃথিৱীৰ যিকোনো সুবিধাজনক ঠাইৰ পৰা বিশ্বৰ বিভিন্ন প্রান্তত ঘটি থকা ঘটনাৱলীৰ পৰিৱৰ্তন সহজে অধ্যয়ন কৰা সম্ভৱ হৈছে।

প্রাকৃতিক ভূগোলৰ পৰিসৰ অতিকৈ বৃহৎ আৰু জটিল প্ৰকৃতিৰ। প্ৰাকৃতিক ভূগোলে সমগ্র পৃথিৱীৰ প্ৰাকৃতিক পৰিবেশৰ পূৰ্ণ আভাস দিয়ে। প্রাকৃতিক পৰিবেশৰ বৃহৎ ক্ষেত্ৰবোৰ হ’ল- ভূপ্রকৃতি, জলবায়ু, উদ্ভিদ আৰু প্ৰাণী, সমুদ্ৰ আৰু এইবিলাকৰ বৃহৎ তালিকাভুক্ত বিষয়সমূহ। পৃথিৱীৰ অৱস্থান, ইয়াৰ উৎপত্তি, ৰূপান্তৰৰ দৰে জ্যোতিবিজ্ঞানীয় আৰু ভূ-তাত্বিক সমস্যাবিলাক, ধৰাপৃষ্ঠৰ ভূ-প্রকৃতি, উৎপত্তি, বিকাশ, জলবায়ুৰ বিভিন্ন উপাদান, কাৰক আৰু প্ৰক্ৰিয়া বিলাক, জীৱজাগতৰ বিভিন্ন বৈশিষ্ট্য আৰু প্রক্রিয়াসমূহ, পৃথিৱীৰ অর্ন্তভাগৰ গঠন, উপাদান আৰু প্রক্রিয়াসমূহ, সমুদ্ৰৰ গঠন, জলভাগৰ বিভিন্ন প্রক্রিয়া আৰু স্তৰ এই সকলো বিলাকেই প্রাকৃতিক বিজ্ঞানৰ অধ্যয়নৰ বিষয়বস্তু। অর্থাৎ প্রাকৃতিক ভূগোলৰ পৰিসৰ অকল অশ্মমণ্ডলতে সীমাবদ্ধ নাথাকি বায়ুমণ্ডল, জীৱমণ্ডললৈকো প্ৰসাৰিত হৈছে। এইবিলাকৰ উপৰিও স্বতন্ত্ৰ আৰু মুখ্যতঃ আন্তঃসম্পর্কিত ৰূপে গঢ়ি তোলা মানৱ সমাজৰ প্ৰাকৃতিক পৰিবেশ প্রাকৃতিক ভূগোলৰ মূল অধ্যয়নৰ বিষয়। অৱশ্যে সকলো প্রাকৃতিক বিজ্ঞানক প্রাকৃতিক ভূগোলে অধ্যয়ণৰ বাবে অন্তর্ভূক্ত কৰিলে বুলিয়েই ই সকলো প্রাকৃতিক বিজ্ঞানৰ স্থূল একত্ৰীকৰণ নহয়। মানৱ সমাজৰ লগত জড়িত অংশসমূহ আৰু মানুহৰ লগত সিবিলাকৰ আন্তঃক্ৰিয়াৰ বিশেষত্ব সমূহহে ই কৰে যিবোৰ প্ৰাকৃতিক বিজ্ঞানবিলাকৰ অধ্যয়নৰ বিষয়বস্তু নহয়।

বর্তমান অৱস্থাত প্রাকৃতিক ভূগোলৰ অন্তৰ্গত বিভিন্ন ঘটনাৰ সত্যতা নির্ণয় কৰিবলৈ প্রাকৃতিকভূগোলে ভূ-বিদ্যা, পদার্থবিদ্যা, জ্যোতিষবিদ্যা, জীৱবিদ্যা আদি অনেক বিষয়ৰ জ্ঞান আহৰণ কৰাটোৱো অপৰিহাৰ্য হৈ পৰিছে। গতিকে সময়ৰ লগে লগে প্রাকৃতিক বিজ্ঞানৰ পৰিসৰো বৃদ্ধি পাইছে। এনে পৰিসৰ বৃদ্ধিৰ পৰা সৃষ্টি হোৱা জটিলতা হ্ৰাসৰ উদ্দেশ্যে বর্তমান প্রাকৃতিক ভূগোলক বিভিন্ন শাখাত বিভক্ত কৰি অধ্যয়ন কৰা হয়। এনে শাখাসমূহৰ ভিতৰত ভূ-আকৃতি বিজ্ঞান, জলবায়ু বিজ্ঞান, সমুদ্র বিজ্ঞান, মৃত্তিকা বিজ্ঞান, জলবিজ্ঞান, জীৱ ভূগোল বিজ্ঞান আদি কেইবাটাও শাখাত উল্লেখনীয়।

প্রাকৃতিক ভূগোলৰ অধ্যয়ন ক্ষেত্র-জীর স্তৰ, পদাৰ্থ আৰু শক্তি প্রবাহৰ দ্বাৰা একেৰাহে প্রতিদিনেই পৰিবৰ্তিত হৈ থাকে। বৰ্তমানৰ বিজ্ঞানে পৰিবেশ বিজ্ঞান বিষয়ত অধ্যয়নত ধ্যান-ধাৰণা কেন্দ্ৰীভূত কৰিছে। কিন্তু ভূগোলে ইয়াৰ আৰম্ভণীৰে পৰা এই দিশত অধ্যয়ণ কৰি আহিছে। যিহেতু প্ৰকৃতিৰ সম্পদ নদী, মাটি, জলচ্ছেদ, পানী, বায়ুমণ্ডল আদি সকলো প্রকৃতি প্রদত্ত বস্তুৰ ওপৰত অধ্যয়নেই প্রাকৃতিক ভূগোল সেয়ে এই বিলাকৰ ওপৰত বিশদ অধ্যয়ন প্রাকৃতিক ভূগোলৰ অভিজ্ঞতাক বাদ দি পৰিবেশ বিজ্ঞানীসকলে এখোজো আগবাঢ়িব নোৱাৰে। প্ৰকৃতি আৰু মানবৰ আন্তঃসম্পৰ্ক অধ্যয়ন কৰাই প্রাকৃতিক ভূগোলৰ ক্ষেত্র।

S.NoBA 1st Semester Geography Solution – All Units
1প্রাকৃতিক ভূগোল-বিজ্ঞানৰ বিবর্তন আৰু বিকাশ (Evolution and Growth of Physical Geography)
2ভূ-আকৃতি তত্ত্ব (Geomorphology)
3জলবায়ু বিজ্ঞান (Climatology)
4সমুদ্র বিজ্ঞান (Oceanography)
5জীৱ-ভূগোল (Biogeography)

3 thoughts on “BA 1st Semester Geography Chapter 1 Question Answer Assamese Medium 2025 | প্রাকৃতিক ভূগোল-বিজ্ঞানৰ বিবর্তন আৰু বিকাশ পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ | BA 1st Semester Geography | BA 1st Semester Geography Unit 1 Question Answer Assamese Medium 2025 | BA 1st Sem Geography”

Leave a comment