BA 1st Semester Geography Chapter 3 Question Answer Assamese Medium 2025 | জলবায়ু বিজ্ঞান পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ | BA 1st Semester Geography | BA 1st Semester Geography Unit 3 Question Answer Assamese Medium 2025 | BA 1st Sem Geography | জলবায়ু বিজ্ঞান (Climatology)

BA 1st Semester Geography Chapter 3 Question Answer Assamese Medium 2025 | জলবায়ু বিজ্ঞান পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ | BA 1st Semester Geography | BA 1st Semester Geography Unit 3 Question Answer Assamese Medium 2025 | BA 1st Sem Geography | জলবায়ু বিজ্ঞান (Climatology)

Unit : 3

জলবায়ু বিজ্ঞান (Climatology)

► অতি চমু প্রশ্নোত্তৰ :

১। বায়ুমণ্ডল বুলিলে কি বুজা?

উত্তৰ: নানাবিধ গেছীয় পদাৰ্থ আৰু জলীয় বাষ্পৰ এটা বৃহৎ আৱৰণে পৃথিৱীৰ উপৰি ভাগক আগুৰি আছে। ধৰা পৃষ্ঠক আগুৰি থকা গেছীয় পদাৰ্থৰ এই বৃহৎ আৱৰণটোকে বায়ুমণ্ডল বুলি কোৱা হয়।

২। বায়ুত ঘাইকৈ কি কি গেছ থাকে?

উত্তৰ: নাইট্ৰ’জেন আৰু অক্সিজেন।

৩। বায়ুমণ্ডলৰ কোনটো স্তৰে জলবায়ু নিয়ন্ত্ৰণ কৰাত মুখ্য ভূমিকা লয়?

উত্তৰ: ট্রপ ‘মণ্ডল নামৰ স্তৰটোৱে।

৪। পৃথিবীপৃষ্ঠত দেখিবলৈ পোৱা বতৰ আৰু জলবায়ুৰ পৰিৱৰ্তন কোনটো মণ্ডলৰ পৰিৱৰ্তনৰ বাবে হয়?

উত্তৰ: পৃথিৱীপৃষ্ঠত দেখিবলৈ পোৱা বতৰ আৰু জলবায়ুৰ পৰিবৰ্তন একমাত্র ট্রপ’ মণ্ডলৰ পৰিৱৰ্তনৰ বাবেই হয়।

৫। বতৰৰ উপাদানবোৰ কি কি?

উত্তৰ: উত্তাপ, বায়ুচাপ, বতাহ, আর্দ্রতা, বৃষ্টিপাত, কুঁৱলী, তুষাৰপাত আৰু মেঘ আদি অন্যতম।

৬। বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা কিহৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰঃ বায়ুৰ উত্তাপৰ ওপৰত।

৭। তাপৰ অনুভূমিক বিতৰণৰ ফলস্বৰূপে তাপ মণ্ডলক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি?

উত্তৰ: তিনিটা ভাগত আৰু ভাগবোৰ হ’ল- গ্রীষ্ম মণ্ডল, সমমণ্ডল আৰু শীতমণ্ডল।

► চমু প্রশ্নোত্তৰ :

১। জলবায়ুৰ সংজ্ঞা লিখা।

উত্তৰঃ বিস্তীর্ণ এলেকাৰ ক্ষেত্ৰত প্রযোজ্য হোৱাকৈ কমপক্ষেও পঞ্চাশ বছৰ কাল জুৰি প্ৰকাশ পোৱা বায়ুমণ্ডলৰ উত্তাপ, আর্দ্রতা, চাপ, অধঃক্ষেপণ, বতাহৰ গতি, বৰষুণ প্রভৃতি অৱস্থাৱলীৰ সামগ্রিক ৰেহ-ৰূপকএলেকাটোৰ জলবায়ু বা Climate বুলি কোৱা হয়।

S.NoBA 1st Semester Geography Solution – All Units
1প্রাকৃতিক ভূগোল-বিজ্ঞানৰ বিবর্তন আৰু বিকাশ (Evolution and Growth of Physical Geography)
2ভূ-আকৃতি তত্ত্ব (Geomorphology)
3জলবায়ু বিজ্ঞান (Climatology)
4সমুদ্র বিজ্ঞান (Oceanography)
5জীৱ-ভূগোল (Biogeography)

২। জলবায়ু নিয়ন্ত্ৰণ কৰা প্ৰধান কাৰকবোৰ কি কি লিখা।

উত্তৰঃ এখন ঠাইৰ বা এটা অঞ্চলৰ জলবায়ু নানাবিধ কাৰকৰ ওপৰত নিৰ্ভৰ কৰে।

ঠাই এখনৰ জলবায়ু নিয়ন্ত্ৰণ কৰা এই কাৰকবোৰ হ’ল-

(ক) অক্ষাংশ

(খ) উচ্চতা

(গ) বায়ুপ্রবাহ

(ঘ) সাগৰৰ সান্নিধ্য

(ঙ) বৰষুণ আৰু তুষাৰপাত

(চ) সাগৰীয় সোঁত

(ছ) পর্বত আৰু উচ্চভূমিৰ অৱস্থান

(জ) উদ্ভিদৰ প্ৰাচুৰ্যতা

(ঝ) মাটিৰ প্ৰকৃতি আৰু গঠন

(ঞ) ভূমিৰ ঢাল

৩। অধ্যাপক কোপেনৰ জলবায়ুৰ শ্ৰেণীবিভাগ চমুকৈ আলোচনা কৰা।

উত্তৰঃ জলবায়ু নিয়ন্ত্ৰণ কৰা কাৰকবোৰৰ পৰিপ্ৰেক্ষিতত ধৰাপৃষ্ঠৰ ভিন্ ভিন্ অঞ্চলত ভিন্ন প্ৰকাৰৰ জলবায়ুৰ উদ্ভৱ হৈছে। যিহেতু পৃথিৱীৰ সকলোবিলাক ঠাইৰ জলবায়ু একে প্রকৃতিৰ নহয় সেইবাবে এই জলবায়ুবোৰৰ বিষয়ে বিতংকৈ জানিবৰ বাবে ধৰাপৃষ্ঠৰ জলবায়ুৰ শ্ৰেণীবিভাজন অতীৱ প্ৰাসংগিক বুলি ধাৰণা হয়। পৃথিৱীৰ জলবায়ু বিভিন্ন বিজ্ঞানীয়ে বিভিন্নধৰণে শ্ৰেণীবিভাগ কৰিছে যদিও এইক্ষেত্ৰত অষ্ট্ৰিয়াৰ বিজ্ঞানী অধ্যাপক ড° ক্লডিমিৰ কোপেনৰ জলবায়ুৰ শ্ৰেণীবিভাজন অন্যতম বুলি চিনাক্ত কৰা হৈছে।

অধ্যাপক কোপেনে পৃথিৱীৰ জলবায়ুবোৰক প্রধানকৈ পাঁচটা বৃহৎ সমষ্টিত ভাগ কৰিছে আৰু সহজতে মনত ৰখাৰ উদ্দেশ্যে এই ভাগ পাঁচটাক A, B, C, D আৰু E জলবায়ু হিচাপে নামকৰণ কৰিছে। তলত এই পাঁচ প্ৰকাৰৰ জলবায়ুৰ নাম উল্লেখ কৰা হ’ল-

(A) ক্রান্তীয় সেমেকা জলবায়ু [A- Tropical Rainy climate]

(B) মৰু জলবায়ু [B – Dry climate]

(C) উপক্রান্তীয় নাতিশীতোষ্ণ জলবায়ু [C- Temperate climate]

(D) নাতিশীতোষ্ণ হিম অৰণ্য জলবায়ু [D-Temperate Micro Thermal climate]

(E) মেৰু জলবায়ু [E – Polar climate]

৪। বায়ুমণ্ডলৰ উলম্বিক স্তৰবোৰৰ একাদিক্রমে নামবোৰ লিখা।

উত্তৰ: জলপৃষ্ঠক আৰু স্থলপৃষ্ঠক আগুৰি থকা বায়ুমণ্ডলক উলম্বিকভাবে কেবাটাও স্তৰত ভাগ কৰা হৈছে। ধৰাৰ বুকুৰ পৰা ক্ৰমশঃ ওপৰলৈ চিনাক্ত কৰা এই উলম্বিক স্তৰবোৰ হ’ল- (ক) ট্র’প’স্ফিয়েৰ (খ) স্ট্রেট’স্ফিয়েৰ (গ) মেছ’স্ফিয়েৰ

(ঘ) থার্মস্ফিয়েৰ।

৫। বতৰ আৰু জলবায়ুৰ পাৰ্থক্য আলোচনা কৰা।

উত্তৰ: বতৰ আৰু জলবায়ুৰ পাৰ্থক্য: বতৰ আৰু জলবায়ুক একে যেন লাগিলেও এই দুটাৰ মাজত যথেষ্ট পার্থক্য আছে। প্রকৃততে ধৰাপৃষ্ঠক আগুৰি থকা বায়ুমণ্ডলৰ অৱস্থাৰ পৰিৱৰ্তনৰ ফলতে বতৰ আৰু জলবায়ুৰ সৃষ্টি হয়। সাধাৰণতে বতৰ আৰু জলবায়ু হ’ল বায়ুমণ্ডলৰ যথাক্রমে খন্তেকীয়া আৰু সুদীর্ঘ সময়ৰ পৰিৱৰ্তনৰ সমষ্টি মাথোঁ। বায়ুমণ্ডলৰ খন্তেকীয়া অৱস্থাৰ পৰিৱৰ্তনৰ ফলত আমি বতৰ পাওঁ। সেইবাবে একোটা দিনতে বা এবেলাৰ ভিতৰতে একেখন ঠাইতে বায়ুমণ্ডলৰ অৱস্থা সলনি হোৱা অনুভব কৰিবলৈ পাওঁ। এনেকুৱা খন্তেকীয়া পৰিৱৰ্তনৰ ফলতে পুৱা ফৰকাল আকাশ দেখিবলৈ পোৱাৰ পিছত ৯-১০ মান বজাত আকাশ সম্পূর্ণরূপে মেঘাচ্ছন্ন হোৱা, তাৰ পিছত বৰষুণ হোৱা আৰু আবেলিলৈ আকাশৰ পৰা মেঘৰ আৱৰণ আঁতৰি গৈ পুনৰ ফৰকাল অৱস্থা দেখিবলৈ পাওঁ। বায়ুমণ্ডলৰ অৱস্থাৰ পৰিৱৰ্তনৰ ফলতে আমি দিনটোৰ বা বেলাটোৰ ভিতৰতে ইমানবোৰ পৰিৱৰ্তন উপভোগ কৰিবলৈ পাওঁ। এনেকুৱা পৰিৱৰ্তনবোৰ মূলতঃ বায়ুমণ্ডলৰ উত্তাপ, চাপ, আর্দ্রতা, বতাহ, বৰষুণ আদিৰ প্ৰভাৱত সংঘটিত হয়। বায়ুমণ্ডলৰ এনেকুৱা খন্তেকীয়া পৰিৱৰ্তনকে বতৰ বোলে। বতৰ আৰু জলবায়ু একে নহয়। বতৰে যেনেকৈ বায়ুমণ্ডলৰ খন্তেকীয়া অৱস্থাৰ কথা কয়, জলবায়ুৱে তেনেকৈ বায়ুমণ্ডলৰ সুদীর্ঘ সময়ত হোৱা সমগ্ৰ পৰিৱৰ্তনৰ গড় অৱস্থাৰ কথাহে কয়। ঠাই এখনৰ বা অঞ্চল এটাৰ এক সুদীর্ঘ সময়ৰ ভিতৰত বায়ুমণ্ডলৰ যিমানবোৰ পৰিৱৰ্তন সংঘটিত হয়, এই সকলোবিলাক পৰিৱৰ্তনৰ সমষ্টিত অঞ্চলটোত এক নির্দিষ্ট অৱস্থাৰ সৃষ্টি কৰে। বায়ুমণ্ডলৰ দীর্ঘদিনীয়া অৱস্থাৰ সমষ্টিকে জলবায়ু বুলি কোৱা হয়। সেয়েহে এখন ঠাইৰ জলবায়ু বুলিলে ঠাইখনৰ অতি কমেও ৩০ বছৰৰ বতৰৰ সমষ্টিৰ গড় অৱস্থাৰ কথাহে জনা যায়। সেইবাবে বতৰ দিনটোৰ বা বেলাটোৰ ভিতৰতে সঘনাই সলনি হ’ব পাৰে যদিও জলবায়ু, দিনটোৰ, মাহটোৰ বা বছৰটোৰ ভিতৰতে পৰিৱৰ্তন হ’ব নোৱাৰে। ওচৰা-উচৰিকৈ থকা দুখন ঠাইৰ বতৰ ভিন ভিন হ’ব পাৰে, কিন্তু তেনেকুৱা দুখন ঠাইৰ জলবায়ু কিন্তু ভিন ভিন নহয়।

৬। মৌচুমী জলবায়ু কাক বোলে?

উত্তৰ: ঋতুভেদে চলাচল কৰা মৌচুমী বতাহৰ প্ৰভাৱত সৃষ্টি হোৱা জলবায়ুকে মৌচুমী জলবায়ু বুলি কোৱা হয়।

৭। মৌচুমী জলবায়ুৰ অন্তৰ্গত দেশ কেইখনমানৰ নাম লিখা?

উত্তৰ: মৌচুমী জলবায়ুৰ অন্তৰ্গত দেশ কেইখনমান হ’ল-ভাৰতবৰ্ষ, বাংলাদেশ, থাইলেণ্ড, ইণ্ডোনেছিয়া, ম্যানমাৰ, ফিলিপাইন, দক্ষিণ চীন, মধ্য আমেৰিকা, মেক্সিকোৰ উপকূলীয়, আফ্রিকাৰ আবিচিনিয়াৰ পূর্বাংশ, মধ্য আফ্রিকাৰ পূব উপকূলীয় অঞ্চল, মালাগাছি আৰু অষ্ট্ৰেলিয়াৰ উত্তৰ উপকূলীয় অঞ্চল।

৮। মৌচুমী জলবায়ুৰ ঠাইবোৰত উত্তাপৰ পৰিমাণ কিমান হয় উল্লেখ কৰা।

উত্তৰঃ গ্ৰীষ্মকালত ২৭০-৩২° ছে.গ্রে. আৰু শীতকালত ১৫০-২১° ছে.গ্ৰেৰ ভিতৰত থাকে।

► ৰচনাধৰ্মী প্রশ্নোত্তৰ:

১। জলবায়ু নিয়ন্ত্ৰণ কৰা কাৰকবোৰৰ বিষয়ে চমু আলোচনা কৰা।

উত্তৰঃ জলবায়ু নিয়ন্ত্ৰণ কৰা কাৰকবোৰঃ জলবায়ু আৰু বতৰৰ কথা আমি সকলোবে ভালদৰে জানো। বতৰৰ দৰে এখন ঠাইৰ জলবায়ু নির্দিষ্ট এটা কাৰণত সৃষ্টি নহয়। ঠাই এখনৰ জলবায়ু কেবাটাও কাৰক বা উপাদানৰ ওপৰত নিৰ্ভৰ কৰে। এই কাৰকবোৰ তলত উল্লেখ কৰা হ’ল-

(ক) অক্ষাংশ

(খ) উচ্চতা

(গ) সমুদ্ৰৰ সান্নিধ্য

(ঘ) সাগৰীয় সোঁত

(ঙ) বায়ুপ্রবাহ

(চ) অধঃক্ষেপণ বা বৰষুণ

(ছ) উচ্চভূমিৰ অৱস্থান

(জ) উদ্ভিদৰ প্ৰাচুৰ্যতা

(ঝ) মাটিৰ গঠন

(ঞ) ভূমিৰ ঢাল

ওপৰত উল্লেখ কৰা প্ৰতিবিধ কাৰকৰ বিষয়ে তলত অতি চমুকৈ আলোচনা কৰা হ’ল –

(ক) অক্ষাংশ: বায়ুমণ্ডলৰ উত্তাপ অক্ষাংশৰ লগত ওতপ্রোতভাবে জড়িত। বিষুব অঞ্চলত সূৰ্যৰ কিৰণ সদায়ে পোনভাবে পৰা বাবে সেই অঞ্চলত জলবায়ুও গৰম। বিষুৱৰ পৰা মেৰুলৈ এই কিৰণ লাহে লাহে হেলনীয়া হৈ যোৱাৰ বাবে বায়ুৰ উত্তাপো ক্রমশঃ কমি যায়। এই বাবেই বিষুব অঞ্চল গ্রীষ্মপ্রধান আৰু মেৰুত শীতপ্রধান জলবায়ু হৈছে।

(খ) উচ্চতা: উচ্চতা বঢ়াৰ লগে লগে বায়ুৰ উত্তাপ কমে। এই কাৰণতে একে অক্ষাংশত অৱস্থিত হ’লেও পৰ্বতৰ ওপৰৰ ঠাইৰ উত্তাপ সমভূমিৰ ঠাইখনতকৈ কম হয়। উদাহৰণ স্বৰূপে ছিলং আৰু এলাহাবাদৰ কথা ক’ব পাৰি।

(ণ) সমুদ্ৰৰ সান্নিধ্য: সাধাৰণতে সমুদ্ৰৰ বিশাল জলৰাশিয়ে স্থলভাগৰ জলবায়ুত যথেষ্ট প্রভাৱ বিস্তাৰ কৰে। উপকূলীয় অঞ্চলৰ জলবায়ু জলবতাহ আৰু স্থলবতাহৰ প্রভাৱত প্রায়েই মৃদু হয়। কিন্তু সমুদ্ৰৰ পৰা বহু দূৰত কোনো বৃহৎ স্থলভাগৰ মাজত অৱস্থিত ঠাইবোৰৰ জলবায়ু গৰম হোৱা দেখা যায়।

(ঘ) সাগৰীয় সোঁত: সাগৰ-মহাসাগৰত প্রবাহিত হোৱা গৰম আৰু চেঁচা পানীৰ সোঁতে উপকূল অঞ্চলত যথেষ্ট প্রভাৱ বিস্তাৰ কৰে। কানাডাৰ পূব উপকূলেৰে লাৱাডোৰ নামৰ চেঁচা পানীৰ সোঁত প্রবাহিত হোৱা বাবে পশ্চিম উপকূলৰ তুলনাত ই যথেষ্ট চেঁচা। গৰম উপসাগৰীয় সোঁত প্রবাহিত হোৱা বাবে পশ্চিম ইউৰোপৰ বন্দৰসমূহ চিৰকাল বৰফমুক্ত হৈ থাকে।

(ঙ) বায়ু প্রবাহঃ ভূ-পৃষ্ঠৰ ওপৰেৰে প্ৰবাহিত হোৱা বতাহবোৰেও জলবায়ুত যথেষ্ট প্ৰভাৱ পেলায়। সাধাৰণতে যিবোৰ ঠাইৰ ওপৰেৰে গৰম বতাহ বয় সেইবোৰৰ উত্তাপ তুলনামূলকভাবে অধিক। তেনেকৈ ভাৰতবৰ্ষৰ ওপৰেৰে গ্ৰীষ্মকালত প্রবাহিত মৌচুমী বতাহ সমুদ্ৰৰ পৰা আহে বাবে ধাৰাসাৰ বৰষুণ দিয়ে, কিন্তু শীত মনচুন স্থলভাগৰ পৰা অহা বাবে ভাৰতবৰ্ষত শীতকাল শুকান হৈ পৰে।

(চ) অধঃক্ষেপণ বা বৰষুণ বৰষুণৰ পৰিমাণেও কিছু কিছু ঠাইৰ জলবায়ু নিয়ন্ত্রণ কৰে। উল্লেখযোগ্য যে বছৰৰ সকলো সময়তে অত্যধিক বৰষুণ হোৱা বাবে বিষুৱ অঞ্চলৰ জলবায়ু গৰম আৰু সেমেকা। আনহাতে, বৰষুণহীন হোৱাৰ ফলত মৰুভূমিৰ জলবায়ু গৰম আৰু শুকান।

(ছ) উচ্চ ভূমিৰ অৱস্থান: পৰ্বত-পাহাৰৰ অৱস্থানেও কোনো কোনো ঠাইৰ জলবায়ু নিয়ন্ত্ৰণ কৰা দেখা যায়। উদাহৰণস্বৰূপে ভাৰতবৰ্ষৰ কথা ক’ব পাৰি। পশ্চিমঘাট পর্বত পশ্চিম উপকূলৰ সমান্তৰালকৈ থকা বাবে গ্রীষ্মকালত গ্রীষ্ম মনচুনৰদ্বাৰা ইয়াৰ পশ্চিম ঢালত প্ৰচুৰ বৰষুণ দিয়ে, কিন্তু পূব ঢালৰ জলবায়ু প্রায় শুকান। আনহাতে, এনেকুৱা উচ্চ ভূমিবিলাকে মেৰুৰ পৰা প্ৰবাহিত হোৱা চেঁচা বতাহক বাধা দিব পাৰে বাবে উচ্চভূমিবিলাকৰ দুই ফালৰ ঠাইবোৰৰ জলবায়ু ভিন ভিন হয়।

(জ) উদ্ভিদৰ প্ৰাচুৰ্যতা: ভূ-পৃষ্ঠৰ ওপৰৰ প্ৰাকৃতিক অৰণ্যসমূহেও জলবায়ুৰ ওপৰত প্রভাৱ পেলায়। অত্যধিক অৰণ্য থকা অঞ্চলত সাধাৰণতে বৰষুণৰ পৰিমাণ বেছি। আকৌ অতব্য অৰণ্যবিলাকে সূৰ্যৰ কিৰণ মাটিত পৰাত বাধা দান কৰি কোনো কোনো অঞ্চলৰ জলবায়ু অধিক জীপাল আৰু সেমেকা কৰি তোলে। উদাহৰণস্বৰূপে নিৰক্ষীয় অঞ্চলৰ কথা ক’ব পাৰি।

(ঝ) মাটিৰ গঠন: শিলাময় আৰু বালিময় অঞ্চলবিলাক যিদৰে দিনত সোনকালে উত্তপ্ত হ’ব পাৰে সেইদৰে ৰাতি সহজে চেঁচাও হয়। এই গুণৰ বাবে শিলাময় পর্বত, পাহাৰ, মালভূমি আৰু বালিময় মৰুভূমিবোৰ দিনত অত্যধিক গৰম আৰু ৰাতি অতিপাত চেঁচা হৈ পৰে।

(ঞ) ভূমিৰ ঢাল: ভূ-ভাগৰ ঢালে জলবায়ুত যথেষ্ট প্রভাৱ পেলায়। সাধাৰণতে পাহাৰৰ যিটো ঢালত সূৰ্যৰ কিৰণ প্ৰত্যক্ষভাৱে পৰে সেই ঢালত অৱস্থিত ঠাইবোৰৰ উষ্ণতা বিপৰীত ঢালৰ ঠাইবোৰতকৈ বেছি হয়। সেই কাৰণতে হিমালয় পৰ্বতৰ উত্তৰৰ ঢালৰ তুলনাত দক্ষিণৰ ঢালৰ উত্তাপৰ মাত্ৰ অধিকেই নহয় উত্তৰৰ তুলনাত দক্ষিণৰ ঢালত চিৰতুষাৰ ৰেখাৰ উচ্চতা কিছু বেছি।

২। কোপেনৰ মতানুসৰি পৃথিৱীৰ জলবায়ুবোৰৰ নাম লিখা আৰু প্ৰতিবিধৰ বিষয়ে চমু আলোচনা কৰা।

উত্তৰ: অধ্যাপক কোপেনে বিভিন্ন চিন্তা-চৰ্চাৰ অন্তত পৃথিৱীৰ জলবায়ুক প্রধানকৈ পাঁচটা বৃহৎ সমষ্টিত ভাগ কৰিছে। জলবায়ুৰ এই সমষ্টি পাঁচটা হ’ল-

(ক) ক্রান্তীয় সেমেকা জলবায়ু (A)

(খ) মৰু জলবায়ু (B)

(গ) উপক্রান্তীয় নাতিশীতোষ্ণ জলবায়ু (C)

(ঘ) হিম অৰণ্য জলবায়ু (D)

(ঙ) মেৰু জলবায়ু (E)

(ক) ক্রান্তীয় সেমেকা জলবায়ু ক্রান্তীয় সেমেকা জলবায়ুৰ অঞ্চল বিষুৱৰ পৰা ২০০-৫০০ অক্ষাংশৰ মাজৰ ঠাইবোৰত বিৰাজমান। এই অঞ্চলৰ দৈনিক তাপৰ পৰিসৰ বার্ষিক সর্বোচ্চ আৰু সর্বনিম্ন তাপৰ পৰিসৰতকৈ বেছি। এই অঞ্চলত শীতলতম মাহৰ উত্তাপ ৬৪°F তকৈ কম নহয়। ক্রান্তীয় সেমেকা জলবায়ু অঞ্চল পৃথিবীৰ ব্যাপক অঞ্চলত বিদ্যমান। অৱশ্যে নিৰক্ষীয় অঞ্চলৰে উচ্চ অঞ্চলবোৰত উত্তাপ কম কাৰণে এই জলবায়ুর প্ৰভাৱ নপৰে। জানিব পৰা মতে, পৃথিৱীৰ শতকৰা ৬০ ভাগ আৰু অকল স্থলভাগৰ ২০ শতাংশ ঠাই এই জলবায়ুৰ অঞ্চলৰ অন্তৰ্গত। অৱশ্যে এই জলবায়ুৰ ভিতৰৰ সকলোবিলাক ঠাইতে বার্ষিক বৰষুণৰ পৰিমাণ একে সমান নহয়। সেয়েহে বৰষুণৰ তাৰতম্য মতে এইবিধ জলবায়ুক আকৌ তিনিটা ভাগত ভাগ কৰা হৈছে। এই ভাগ তিনিটা হ’ল-

(ক) ক্রান্তীয় আর্দ্র জলবায়ু (Af.)

(খ) ক্রান্তীয় ছাভানা জলবায়ু অঞ্চল (Aw.)

(গ) ক্রান্তীয় মৌচুমী জলবায়ু অঞ্চল (Am.)

(খ) মৰু জলবায়ুঃ বৃষ্টিহীন শুকান মৰুময় অঞ্চলত এইবিধ জলবায়ু পৰিলক্ষিত হয়। এই অঞ্চলৰ জলবায়ুৰ বিশেষ বৈশিষ্ট্য হ’ল এই অঞ্চলত যিমান বৰষুণ হয় তাতকৈ গছ-গছনি, মাটি আৰু পানীৰ পৰা অধিক পৰিমাণৰ বাষ্পীভবন হয়। পানীৰ অভাৱ মৰ জলবায়ুৰ অন্যতম লক্ষণ। এই জলবায়ুৰ অন্তৰ্গত ঠাইবোৰত দুই-এখন স্থায়ী নদী আছে যদিও বাষ্পীভৱনৰ বাবে পানীৰ প্ৰবাহ বৰ সন্তোষজনক নহয়। উদাহৰণ হিচাপে ইজিপ্তৰ নীল নদী, যুক্তৰাষ্ট্ৰৰ ক’লেবাডো নদী, পাকিস্তানৰ সিন্ধু নদীৰ কথা ক’ব পাৰি। মৰু জলবায়ু দুই প্ৰকাৰৰ (ক) খৰাং মৰুভূমি (খ) আংশিকভাবে খৰাং বা মৰুপ্ৰায়। মৰুপ্ৰায় জলবায়ুক ষ্টেপভূমি বা তৃণভূমি জলবায়ুও বোলে। উত্তৰ গোলাৰ্ধৰ আফ্রিকা মহাদেশৰ চাহাৰা মৰুভূমিৰে পৰিবেষ্টিত হৈ থকা তৃণভূমি, এছিয়াৰ আৰব দেশ, মধ্য এছিয়া, পশ্চিম চীনদেশ আৰু মংগোলিয়াত মৰু ষ্টেপ জলবায়ু পোৱা যায়। আনহাতে, উত্তৰ আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ পশ্চিমৰ অংশবিশেষ আৰু মেক্সিকোৰ মধ্য অঞ্চলত খৰাং জলবায়ু বিদ্যমান। এইবিধ জলবায়ুৰ উপভাগ হ’ল- (ক) উষ্ণ মৰু (Bwh) (খ) ষ্টেপ জলবায়ু (Bsh)

(গ) উপক্রান্তীয় নাতিশীতোষ্ণ ও জলবায়ু: এইবিধ জলবায়ু মূলতঃ মধ্য অক্ষাংশৰ অঞ্চলত বিৰাজমান। নাতিশীতোষ্ণ বৃষ্টি অৰণ্য জলবায়ু অঞ্চলত বৰষুণ যথেষ্ট হয়, শীত ঋতু স্পষ্টভাৱে দেখা যায়। নাতিশীতোষ্ণ বৃষ্টি অৰণ্য জলবায়ুক আকৌ কেতবোৰ ভাগত ভগাব পাৰি। এই ভাগবোৰ হ’ল-

(ক) নাতিশীতোষ্ণ সেমেকা জলবায়ু (Cf)

(খ) নাতিশীতোষ্ণ খৰাং শীতপ্রধান জলবায়ু (Cw)

(গ) ভূমধ্যসাগৰীয় জলবায়ু (Cs)

ওপৰৰ তিনি প্ৰকাৰৰ নাতিশীতোষ্ণ বৃষ্টি অৰণ্য জলবায়ুৰ অন্তৰ্গত নাতিশীতোষ্ণ সেমেকা জলবায়ু ঠাইবোৰত বছৰৰ সকলো মাহতে বৰষুণ হয়। আনহাতে, Cwৰ অন্তৰ্গত ঠাইবোৰত শীতকালত বৰষুণ নহয়। তেনেদৰে নাতিশীতোষ্ণ খৰাং গৰম জলবায়ু বা ভূমধ্য সাগৰীয় জলবায়ু অঞ্চলত গ্রীষ্মকাল শুকান আৰু শীতকালত প্ৰচুৰ বৰষুণ হয়।

(ঘ) হিম অৰণ্য জলবায়ু অধ্যাপক কোপেনে D জলবায়ুক সেমেকা সূক্ষ্মতাপ জলবায়ু বুলি নামকৰণ কৰিছে। এইবিধ জলবায়ুক চৰম জলবায়ু বুলিও কোৱা হয়। কাৰণ এই অঞ্চলৰ ঠাইবোৰত শীতকালত অতিকৈ ঠাণ্ডা হয় আৰু সঘনে বৰফ পৰে। উত্তৰ গোলার্ধত ৪০০ আৰু ৫০০ অক্ষাংশৰ পৰা প্রায় মেৰুলৈকে এই জলবায়ু মহাদেশবোৰৰ অভ্যন্তৰ ভাগত পোৱা যায়। দক্ষিণ গোলার্ধত তেনে কোনো বৃহৎ ভূ-ভাগ নথকাৰ কাৰণে এই জলবায়ু প্রায়েই নাই। এই জলবায়ুৰ ঠাইবোৰত পচোৱা বতাহৰ প্ৰভাৱৰ কাৰণে মহাদেশবোৰৰ পশ্চিম উপকূলত মৃদু নাতিশীতোষ্ণ জলবায়ু পোৱা যায়। এই জলবায়ুক আকৌ দুভাগে ভাগ কৰা হৈছে। এই ভাগ দুটা হ’ল- (ক) খৰাং শীত হিম অৰণ্য জলবায়ু (Dw) (খ) হিম অৰণ্য সেমেকা জলবায়ু (Df)

(ঙ) মেৰু জলবায়ু : এই শ্ৰেণীৰ জলবায়ু অঞ্চলৰ সীমা আটাইতকৈ গৰম মাহৰ গড় উত্তাপৰদ্বাৰা নিৰ্ধাৰণ কৰা হয়। সাধাৰণতে গ্ৰীষ্ম কালৰ ৫০° ফাৰেনহাইট সমতাপ ৰেখাকে মেৰু জলবায়ুৰ সীমা বুলি বিবেচনা কৰা হয়। মহাদেশৰ অভ্যন্তৰৰ সু-উচ্চ পাৰ্বত্য অঞ্চলৰ বাদে এই জলবায়ু পৃথিৱীৰ দুয়ো মেৰুৰ নিকটৱৰ্তী অঞ্চলতহে বিৰাজমান। মেৰু জলবায়ুৰ মুখ্য বৈশিষ্ট্য হ’ল- দিন আৰু ৰাতিৰ দৈর্ঘ্য। এই অঞ্চলত ছমাহ একেৰাহে দিন আৰু ছমাহ একেৰাহে ৰাতি হৈ থাকে। কিন্তু ছমাহ একেৰাহে দিন হৈ থাকিলেও মেৰু প্রদেশত সূৰ্যৰ প্ৰখৰতা অতিকৈ কম। উষ্ণতা একেবাৰে কম হোৱা হেতুকে মেৰু জলবায়ু অঞ্চলত চিৰকাল তুষাৰপাত হয় আৰু ভূ-ভাগ তুষাৰৰ ডাঠ তৰপে গোটেই বছৰ ঢাকি ৰাখে। মেৰু জলবায়ুৰ এয়েই বিশেষত্ব যে ইয়াৰ মাটিভাগ কোনো সময়তে বৰফৰ আৱৰণৰ পৰা মুক্ত হ’ব নোৱাৰে। আনকি এই অঞ্চলৰ সাগৰ-মহাসাগৰৰ পানীও বৰফ হৈহে থাকে। মেৰু প্ৰদেশৰ বাহিৰে মহাদেশীয় সু-উচ্চ ভূমিতো এনেকুৱা হিমচেঁচা জলবায়ু দেখা যায়। কোপেনে এই শ্ৰেণীৰ জলবায়ুক আকৌ তিনিটা উপভাগত ভাগ কৰিছে। এইবোৰ হ’ল- (ক) হিমপ্রধান মেৰু জলবায়ু (EF) (খ) তুন্দ্রা জলবায়ু (ET) (গ) পার্বত্য জলবায়ু (EH)

৩। মৌচুমী জলবায়ু বুলিলে কি বুজা? মৌচুমী বতাহৰ গতি-প্রক্রিয়া চমুকৈ আলোচনা

উত্তৰ: ঠাই এখনৰ জলবায়ু ভালেমান কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। এনেকুৱা কাবকবোৰৰ ভিতৰত ধৰাপৃষ্ঠৰ ওপৰেৰে প্রবাহিত হৈ থকা বতাহো এক অন্যতম কাৰক হিচাপে বিবেচনা কৰা হৈছে। অর্থাৎ বতাহৰদ্বাৰাও একো একোখন ঠাইৰ অথবা একো একোটা অঞ্চলৰ জলবায়ু নিয়ন্ত্রিত হ’ব পাৰে। ধৰাপৃষ্ঠত প্রবাহিত বতাহবোৰৰ ভিতৰত মৌচুমী বতাহো এবিধ। এই মৌচুমী বতাহ মূলতঃ ঠাইবিশেষে ঋতু অনুসৰি চলাচল কৰা এক প্ৰকাৰৰ বতাহ। ঋতুভেদে প্রবাহিত হোৱা এইবিধ বতাহৰ প্ৰভাৱত কোনো কোনো অঞ্চলত একপ্ৰকাৰৰ জলবায়ুৰ সৃষ্টি হোৱাটো পৰিলক্ষিত হৈছে। ঋতুভেদে চলাচল কৰা এই মৌচুমী বতাহৰ প্ৰভাৱত সৃষ্টি হোৱা জলবায়ুকে মৌচুমী জলবায়ু বা monsoon climate বুলি কোৱা হয়। আনহাতে, যিবোৰ ঠাইত মৌচুমী বতাহৰদ্বাৰা জলবায়ু নিয়ন্ত্রিত হয় সেই ঠাইবোৰক মৌচুমী জলবায়ু অঞ্চল বা দেশ বুলি কোৱা হয়। উল্লেখ্য যে বর্ষাসিক্ত গ্রীষ্মকাল আৰু শুকান শীতকাল মৌচুমী জলবায়ুৰ অন্যতম বৈশিষ্ট্য।

মৌচুমী বতাহৰ গতি-প্রক্রিয়া: মৌচুমী বতাহ এক প্ৰকাৰৰ সাময়িক বতাহ। অর্থাৎ এইবিধ বতাহ নিয়ত বতাহ বা আয়ন বতাহৰ দৰে ধৰাপৃষ্ঠত নিয়মিতভাৱে সদায় প্রবাহিত হৈ নাথাকে আৰু ইয়াৰ গতিও সদায় একে নাথাকে। মৌচুমী জলবায়ুৰ উৎপত্তিৰ বিষয়ে কিছু মতবিৰোধ আছে। আৰবী শব্দ ‘মৌচম’ নতুবা মালায়ালম শব্দ ‘মানচিন’ৰ পৰাই ‘মনচুন’ শব্দটোৰ উৎপত্তি হোৱা বুলি বহুতে ক’ব খোজে। গতিকে ‘মানচিন’ শব্দৰ পৰাই ‘মনচুন’ শব্দটোৰ উৎপত্তি হোৱাৰ সম্ভাৱনা অধিক। যি কি নহওক মৌচুমী বতাহ মূলতঃ ঋতু অনুসৰি ঠাইবিশেষে প্রবাহিত বতাহ আৰু এই বতাহ প্রবাহিত হোৱা ঠাইবোৰৰ জলবায়ুকে মৌচুমী জলবায়ুৰ দেশ বুলি কোৱা হয়।

সাধাৰণতে ক্রান্তীয় অঞ্চলৰ যিবোৰ ঠাইত মৌচুমী বতাহ প্রবাহিত হয় সেই ঠাইবোৰ বাণিজ্য বায়ুপ্রবাহৰ অন্তৰ্গত। জহকালত উপকূলীয় স্থলভাগৰ উত্তাপ বৃদ্ধি হোৱাৰ বাবে ঠাইবোৰত নিম্নচাপৰ সৃষ্টি হয়। উত্তাপ বৃদ্ধি হোৱাৰ ফলত স্থলভাগৰ ভিতৰ ভাগত বায়ু চাপ ক্রমশঃ হ্রাস হয়। সেই সময়ত তাপ নিৰক্ষৰেখা উত্তৰলৈ স্থানান্তৰিত হয়। স্থলভাগত সৃষ্টি হোৱা প্রবল নিম্নচাপ কেন্দ্রই ক্রান্তীয় বাণিজ্য বতাহক আকৰ্ষণ কৰে। ফলস্বৰূপে দক্ষিণ-পূর্ব বাণিজ্য বতাহ নিম্নচাপ কেন্দ্ৰলৈ প্রবল বেগেৰে প্রবাহিত হয়। কিন্তু বিষুৱৰেখা অতিক্ৰম কৰাৰ পাছত এই বতাহ দক্ষিণ-পশ্চিমৰ পৰা উত্তৰ-পূবলৈ প্রবাহিত হ’বলৈ আৰম্ভ কৰে। ক্ৰমশঃ তপত অঞ্চলৰ ফালে গতি কৰাৰ সময়ত এই বতাহে সাগৰৰ পৰা যথেষ্ট পৰিমাণে জলীয়বাষ্প আহৰণ কৰে। এই জলীয়বাষ্প পূর্ণ বতাহ স্থলভাগৰ উচ্চভূমিত বাধা পালে তৎক্ষণাত ঊর্ধ্বগামী হয়। এই জলীয়বাষ্পপূর্ণ বতাহ ঊর্ধ্বগামী হৈ লাহে লাহে পুনৰ চেঁচা হ’বলৈ লয় আৰু শেষত মেঘৰ সৃষ্টি হয়। এই মেঘৰ পৰা সেইবোৰ ঠাইত পৰ্যাপ্ত পৰিমাণৰ বৰষুণ হয়। আকৌ শীতকালত স্থলভাগ জলভাগতকৈ সোনকালে শীতল হয়। ফলত জলৰাশিৰ ওপৰত নিম্নচাপৰ উদ্ভৱ হয় আৰু স্থলভাগৰ নিম্নচাপ কেন্দ্র স্থানান্তৰিত হৈ উচ্চচাপ কেন্দ্ৰৰ সৃষ্টি হয়। নিম্নচাপ কেন্দ্রলৈ বতাহে গতি কৰিবলৈ লয়। এই বতাহ স্থলভাগতে উৎপত্তি হোৱা হেতুকে স্বাভাবিকতে শুকান। কিন্তু যদিহে এই বতাহে গতিপথত কোনো সাগৰ বা মহাসাগৰৰ অতিক্ৰম কৰিবলগীয়া হয়, ই প্ৰচুৰ পৰিমাণে জলীয়বাষ্প আহৰণ কৰে। এই বতাহ গৈ স্থলভাগৰ ওপৰেদি প্রবাহিত হ’লে সেইবিলাক ঠাইত প্ৰচুৰ পৰিমাণে বৰষুণ দিয়ে। এই বাবে ভাৰতবৰ্ষৰ দক্ষিণ-পূব উপকূল আৰু শ্রীলংকাত শীতকালতো কিছু বৰষুণ দিয়ে। ঋতু অনুসৰি বতাহৰ গতি ভিন ভিন্ ধৰণৰ হোৱা হেতুকেও এই বতাহক মৌচুমী বতাহ নামেৰে নামকৰণ কৰা হৈছে।

৪। মৌচুমী জলবায়ুৰ প্ৰধান বৈশিষ্ট্যবোৰ কি কি?

উত্তৰ: মৌচুমী জলবায়ুৰ বৈশিষ্ট্য: ধৰাৰ বুকুৱেদি চলাচল কৰা বায়ুপ্রবাহবোৰৰ‌ ভিতৰত এক অন্যতম বায়ুপ্রবাহ হ’ল মৌচুমী বতাহ। আকৌ মৌচুমী বতাহ চলাচল কৰা অঞ্চলবিলাকক মৌচুমী জলবায়ু অঞ্চল বুলি জনা যায়। ধৰাপৃষ্ঠত বিভিন্ন অঞ্চলত মৌচুমী জলবায়ুৰ প্ৰভাৱ পৰিলক্ষিত হয় যদিও বিশেষকৈ দক্ষিণ-পূব এছিয়াত এইবিধ বতাহৰ প্ৰভাৱ সর্বাধিক। মৌচুমী জলবায়ুৰ অন্তৰ্গত ঠাইবোৰৰ কেতবোৰ নিজা নিজা বৈশিষ্ট্য আছে। এই বৈশিষ্ট্যবোৰৰ ভিতৰত আছে-

(ক) মৌচুমী জলবায়ুৰ ঠাইবোৰত ঋতু অনুসৰি প্রবাহিত বতাহৰ গতিৰ দিশ পৰিৱৰ্তন হয়।

(খ) এই জলবায়ুৰ অন্তৰ্গত ঠাইবোৰত গ্ৰীষ্মকালত পর্যাপ্ত পৰিমাণে বৰষুণ হয় আৰু শীতকাল তেনেই শুকান আৰু খৰাং।

(গ) বার্ষিক বৰষুণ নব্বৈ শতাংশ গ্রীষ্মকালত গ্রীষ্ম মৌচুমী বতাহৰ প্ৰভাৱত হয়। এই অঞ্চলত হোৱা বৰষুণ প্ৰধানকৈ শৈলোৎক্ষেপ প্ৰক্ৰিয়াৰে হয়।

(ঘ) বাৰিষাৰ বতৰত মৌচুমী অঞ্চলত বৰষুণৰ পৰিমাণ ইমানে বেছি যে শুকান ঋতুতো মাটি সেমেকি থাকে। ফলত চিৰসেউজীয়া অৰণ্যৰ বৃদ্ধিত সুবিধা হয়। কোনো কোনো ঠাইত ক্রান্তীয় সেমেকা অঞ্চলতকৈও মৌচুমী অঞ্চলত বার্ষিক গড় বৰষুণৰ পৰিমাণ অধিক হয়। সেইবাবে পৃথিৱীৰ সৰ্বাধিক বৰষুণ মৌচুমী অঞ্চলতে হয়।

(ঙ) মৌচুমী জলবায়ুৰ ঠাইবোৰত বাৰিষা কালত বৰষুণৰ দৰে উত্তাপৰ পৰিমাণো অধিক হয়। সেইবাবে এই জলবায়ুৰ অন্তৰ্গত ঠাইবোৰৰ জলবায়ু গৰম আৰু সেমেকা হৈ থাকে। অত্যধিক বৰষুণ হোৱা ঠাইবোৰত বিশেষকৈ জুলাই-আগষ্ট মাহৰ বতৰে অত্যন্ত অশান্তিকৰ পৰিৱেশৰ সৃষ্টি কৰে।

(চ) মৌচুমী জলবায়ুৰ অন্য এক বৈশিষ্ট্য হ’ল সময়ে সময়ে এইবোৰ ঠাইত অত্যধিক বৰষুণৰ ফলত বানপানী আৰু শীতত শুকান আৰু খৰাং তেনেই নৈমিত্তিক ঘটনা। সেইবাবে এই অঞ্চলৰ শস্য খৰাং আৰু বানপানীৰদ্বাৰা যথেষ্ট নষ্ট হয়।

(ছ) ধানখেতি মৌচুমী অঞ্চলৰ আন এক অন্যতম বৈশিষ্ট্য। সেইবাবে ভাত মৌচুমীৰ অন্তৰ্গত মানুহবোৰৰ প্ৰধান খাদ্য।

(জ) কৃষিকার্য সহজসাধ্য, ভালেমান পলসুৱা সুবৃহৎ নদী উপত্যকা হোৱা হেতুকে এই অঞ্চলত জনসংখ্যাৰ ঘনত্ব সর্বাধিক হোৱা দেখা যায়।

1 thought on “BA 1st Semester Geography Chapter 3 Question Answer Assamese Medium 2025 | জলবায়ু বিজ্ঞান পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ | BA 1st Semester Geography | BA 1st Semester Geography Unit 3 Question Answer Assamese Medium 2025 | BA 1st Sem Geography | জলবায়ু বিজ্ঞান (Climatology)”

Leave a comment