BA 1st Semester Geography Chapter 4 Question Answer Assamese Medium 2025 | সমুদ্র বিজ্ঞান পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ | BA 1st Semester Geography | BA 1st Semester Geography Unit 4 Question Answer Assamese Medium 2025 | BA 1st Sem Geography | সমুদ্র বিজ্ঞান (Oceanography)
Unit : 4
সমুদ্র বিজ্ঞান (Oceanography)
► অতি চমু প্রশ্নোত্তৰ :
১। ধৰাপৃষ্ঠৰ কিমান শতাংশ ঠাই সাগৰে আগুৰি আছে?
উত্তৰঃ ৭১%।
২। পৃথিৱীৰ মহাসাগৰ কেইখন আৰু কি কি?
উত্তৰ: মহাসাগৰ পাঁচখন। সেইকেইখন হ’ল- প্রশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ।
৩। সমুদ্রতলৰ প্ৰধান অৱয়বসমূহ উল্লেখ কৰা।
উত্তৰ: সমুদ্রতলৰ প্ৰধান অৱয়ৱসমূহ হ’ল- (ক) মহীসোপান (খ) মহীঢাল (গ) বিতল আৰু (ঘ) সমুদ্রখাত।
৪। মহীসোপান কি?
উত্তৰঃ সাগৰীয় উপকূলৰ চাৰিওকাষে থকা ইয়াৰ অগভীৰ অংশকে মহীসোপান বোলে। ইয়াৰ গভীৰতা প্রায় ২০০০ মিটাৰ।
৫। ছিল বুলিলে কি বুজা?
উত্তৰ : সমুদ্রতলৰ দুটা উপত্যকা বা দুটা অৱবাহিকাৰ মাজৰ জলমগ্ন উচ্চ ভূমিক ছিল বোলে।
৬। সিন্ধুপংক কাক বোলে?
উত্তৰঃ সমুদ্ৰ তলত বহু যুগ ধৰি মাটি, বালি, বোকা, শিল জীৱজন্তুৰ অৱশেষ আৰু জ্বালামুখীৰ পৰা ওলাই অহা লাভা আদি সঞ্চিত হৈ যি অৱক্ষেপৰ সৃষ্টি কৰে তাকে সিন্ধুপংক বোলে।
S.No | BA 1st Semester Geography Solution – All Units |
---|---|
1 | প্রাকৃতিক ভূগোল-বিজ্ঞানৰ বিবর্তন আৰু বিকাশ (Evolution and Growth of Physical Geography) |
2 | ভূ-আকৃতি তত্ত্ব (Geomorphology) |
3 | জলবায়ু বিজ্ঞান (Climatology) |
4 | সমুদ্র বিজ্ঞান (Oceanography) |
5 | জীৱ-ভূগোল (Biogeography) |
৭। সমুদ্রত কি কি সোঁতৰ সৃষ্টি হয়?
উত্তৰ: শীতল সোঁত আৰু উষ্ণ সোঁত।
৮। সাগৰীয় পানীৰ উত্তাপৰ ভিন্নতাত প্ৰভাৱ পেলোৱা কাৰকবোৰ উল্লেখ কৰা।
উত্তৰঃ সাগৰীয় পানীৰ উত্তাপৰ ভিন্নতাত প্ৰভাৱ পেলোৱা কাৰকবোৰ হ’ল-
(ক) অক্ষাংশ (খ) ভূ-ভাগ আৰু জলভাগৰ অসমান বিতৰণ (গ) প্রচলিত বতাহ (ঘ) সাগৰীয় পানীৰ সোঁত।
৯। সাগৰীয় সোঁতৰ সৃষ্টিত সহায় কৰা চাৰিটা মূখ্য শক্তি উল্লেখ কৰা।
উত্তৰঃ সাগৰীয় সোঁতৰ সৃষ্টিত সহায় কৰা চাৰিটা মুখ্য শক্তি হ’ল- (ক) সূৰ্যৰ উত্তাপ (খ) বতাহ (গ) মধ্যাকর্ষণ আৰু (ঘ) কেৰিঅ’লিচ।
১০। পৃথিৱীৰ গভীৰতম খাতটো কি?
উত্তৰ: সমুদ্র খাতসমূহৰ ভিতৰত প্ৰশান্ত মহাসাগৰৰ তলিত থকা মেৰিয়ানা বা চেলেঞ্জাৰ খাত।
► চমু প্রশ্নোত্তৰ :
১। পৃথিৱীৰ জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ ভূ-পৃষ্ঠৰ সাগৰ-মহাসাগৰকে ধৰি নদ-নদী, হ্রদ আদিৰ পানীৰে আগুৰি থকা বৃহৎ অংশকে জলমণ্ডল (Hydrosphere) বোলা হয়। পৃথিৱীৰ উপৰিভাগৰ সমগ্ৰ পানীভাগক জলমণ্ডল বোলে। ইয়াৰে ৯৪.৫% পানী সাগৰ আৰু মহাসাগৰত পোৱা যায়। আনহাতে ৩.৪২% পানী মেৰু অঞ্চলত বৰফ হিচাপে গোট মাৰি আছে। প্রায় ১.৬৮% পানী পৃথিৱীৰ ভূ-ভাগৰ তলত আছে। বাকী থকা ০.৪% পানী নৈ, বিল, জান-জুৰি, জলাহ অঞ্চলত আছে। পানী হৈছে জীৱৰ প্ৰাণ। প্রাণী আৰু উদ্ভিদৰ জীৱন-ধাৰণ পৰিপুষ্টি সাধন আৰু বংশ বৃদ্ধিৰ বাবে পানীৰ প্ৰয়োজন অপৰিহাৰ্য। পানীয়ে মাটি জীপাল কৰি ৰাখে, পৰিবেশ সজীৱ কৰি ৰাখে আৰু জীৱকুল সতেজ কৰি ৰাখে। পানী এবিধ যৌগিক পদার্থ। হাইড্র’জেন আৰু অক্সিজেন ইয়াৰ মূল উৎস। প্রাণীয়ে বিভিন্ন উৎসৰপৰা পানী আহৰণ কৰি জীৱন ধাৰণ কৰে। আনহাতে উদ্ভিদে মাটিৰ তলৰপৰা শিপাৰে পানী শুহি লয়।
২। মহীসোপান বুলিলে কি বুজা?
উত্তৰঃ মহাদেশৰ উপকূলৰ চাৰিওকাষে কম ঢালযুক্ত অগভীৰ পানীৰ তলত থকা মহাদেশীয় স্থলভাগৰ অংশবিশেষকে মহীসোপান বোলা হয়। মহীসোপান অঞ্চলত সমুদ্ৰৰ তলিখনৰ গড় কৌণিক ঢাল মাত্র ১ ডিগ্রীহে। সমুদ্রতলিত দেখিবলৈ পোৱা সমুদ্র বন্ধৰ মূলতঃ মহীসোপানৰ অন্তৰ্গত।
৩। সমুদ্র খাত বুলিলে কি বুজা?
উত্তৰঃ সমুদ্র তলিৰ চতুর্থবিধ প্রধান স্থলাকৃতি হ’ল সমুদ্র খাত। ই আয়তনত ঠেক যদিও গভীৰতা যথেষ্ট বেছি। এনে খাতৰ গভীৰতা ১০ কিঃমিঃ পর্যন্ত হ’ব পাৰে। মেৰিয়ানা খাতৰ গভীৰতা প্রায় ১১,০২২ মিটাৰ।
৪। সাগৰৰ ফালে গ’লে তুমি কি কি উত্তাপৰ স্তৰ পাবা? গভীৰতা বঢ়াৰ লগে লগে উত্তাপৰ তাৰতম্য হয় কিয়?
উত্তৰ: সাগৰৰ পানীৰ গভীৰতা বাঢ়ি যোৱাৰ লগে লগে উত্তাপৰ পৰিমাণ কমি যায়। সেয়ে গভীৰ সমুদ্ৰত পানীৰ উত্তাপৰ স্তৰ স্পষ্টভাৱে বিৰাজমান। সাধাৰণতে তিনিটা স্তৰ থকাটো পৰিলক্ষিত হৈছে। সেইকেইটা হ’ল-
(i) প্ৰথম তৰপঃ ই ওপৰৰ তৰপ আৰু ইয়াৰ পানী গৰম। এই তৰপটো ৫০০ মিটাৰ ডাঠ আৰু ইয়াৰ উত্তাপ ২০০-২৫° ছেলছিয়াছৰ ভিতৰত থাকে। ক্রান্তীয় অঞ্চলত ই সদায় থাকে, কিন্তু মধ্য অক্ষাংশত ইয়াক গ্রীষ্মকালতহে পোৱা যায়।
(ii) দ্বিতীয় স্তৰঃ এই স্তৰটোক থার্মোক্লাইন স্তৰ বোলা হয়। এই স্তৰত উত্তাপৰ পৰিমাণ খুব বেগাই তললৈ কমি যায়। এই স্তৰটো ৫০০-১০০০ মিটাৰ ডাঠ।
(iii) তৃতীয় স্তৰ: এই স্তৰটো একেবাৰে নিম্ন স্তৰ। ই বৰশীতল আৰু সাগৰৰ গভীৰতম স্থানলৈ বিয়পি আছে। এই অংশৰ পানীৰ উত্তাপ ০° ছেলছিয়াছৰ ওচৰত থাকে।
সূৰ্যৰ ৰশ্মিয়ে হ’ল পৃথিৱীৰ উত্তাপৰ উৎস। সেয়ে যিবোৰ অঞ্চলত সূৰ্যৰ ৰশ্মিৰ পৰিমাণ বেছি তাত গৰম আনহাতে য’ত ৰশ্মিৰ পৰিমাণ সামান্য বা নাই তেনেবোৰ ঠাই স্বাভাৱিকতে শীতল। সেয়ে সাগৰৰ পানীৰ গভীৰতা বঢ়াৰ লগে লগে উত্তাপৰ তাৰতম্য বা হ্রাস হয়।
৫। সাগৰৰ পানীৰ লৱণতা কি?
উত্তৰঃ সাগৰৰ পানীত থকা লোণৰ পৰিমাণক লৱণতা (Salinity) বোলা হয়। প্রাকৃতিত পোৱা সকলো ধৰণৰ পানীত কম বেছি পৰিমাণৰ লোণ (Salt) পোৱা যায়।
অৱশ্যে সাগৰৰ পানীত ইয়াৰ পৰিমাণ কিছু বেছি। সাগৰৰ পানীত থকা লোণৰ পৰিমাণ প্রতি ১০০০ গ্রাম পানীত কিমান গ্রাম লোণ আছে ইয়াক উলিয়াই পানীৰ লৱণতা প্রকাশ কৰা হয়। ইয়াক ব্যক্ত কৰা হয় হাজাৰ ভাগৰ অংশ হিচাবে (%)। সাগৰৰ পানীত ২৪.৭% পৰিমাণৰ লৱণতা থাকিলে তাক লুণীয়া পানী বুলি চিহ্নিত কৰা হয়। লবণতা সাগৰৰ পানীৰ এটা বিশেষ বৈশিষ্ট্য।
৬। জোৱাৰবোৰ কি?
উত্তৰ: সাগৰৰ পানীৰ উলম্বিক গতিক জোৱাৰ ভাটা বোলে। অর্থাৎ সাগৰৰ পানীৰ পৃষ্ঠা সময়ে সময়ে উলম্বিক ভাবে উঠা নমা কৰা কাৰ্য্যক জোৱাৰ ভাটা (Tides) বোলা হয়। পৃথিৱীৰ ওপৰত সূৰ্য আৰু চন্দ্ৰৰ আকৰ্ষণ থাকে। এই আকৰ্ষণৰ ফলত পৃথিৱীৰ পৃষ্ঠৰ জলভাগ আকৰ্ষিত হয়। পানীৰ এই ঢৌ বোৰক জোৱাৰ বোলা হয়।
চন্দ্ৰ আৰু সূৰ্যৰ আকৰ্ষণৰ উপৰিও পৃথিৱীৰ বিঃকেন্দ্রিক শক্তি (Centrifugal) ব ফলতো পৃথিৱী পৃষ্ঠৰ পানীভাগত ঢৌৰ সৃষ্টি হয়।
৭। ছুনামি (Tsuname) কাক বোলে? চমুকৈ লিখা।
উত্তৰঃ ভূমিকম্পৰ উৎপত্তি হ’লে তাৰ কেন্দ্ৰৰ পৰা শক্তিৰ মুক্তি ঘটে। এই শক্তিয়ে পৃথিৱীপৃষ্ঠ বা ইয়াৰ ভূ-ভাগত কঁপনিৰ সৃষ্টি কৰে। ভূমিকম্পৰ উপকেন্দ্ৰ যেতিয়া সাগৰৰ তলিত থাকে আৰু যদি ভূমিকম্পৰ প্ৰাৱল্য অধিক হয়, তেনেহ’লে উক্ত ভূমিকম্পৰ ফলত সাগৰৰ পানীত ভয়ানক ঢৌৰ সৃষ্টি হয়। ভূমিকম্পৰ ফলত সৃষ্টি হোৱা ভয়ানক সাগৰীয় ঢৌবোৰক ছুনামি বোলে। (উদাহৰণ 26 ডিচেম্বৰ, 2004 চন ভাৰত মহাসাগৰ, আৰু বংগোপসাগৰ)।
► ৰচনাধৰ্মী প্রশ্নোত্তৰ:
১। সমুদ্র বিজ্ঞান বুলিলে কি বুজা? সমুদ্র বিজ্ঞানৰ পৰিসৰ আৰু প্ৰয়োজনীয়তা সম্পর্কে আলোচনা কৰা।
উত্তৰঃ সমুদ্ৰই ধৰাপৃষ্ঠৰ ৭১ শতাংশ ঠাই অধিকাৰ কৰি আছে। এই অংশক বাৰিমণ্ডল বুলি কোৱা হয়। এই অংশৰ শৃংখলাবদ্ধ অধ্যয়ন অর্থাৎ সমুদ্ৰৰ পানীৰ প্ৰকৃতি, গতিপথ, উষ্ণতা, সোঁত, গভীৰতা আৰু ইয়াত বসবাস কৰা জীৱ-জন্তু আদিৰ বিজ্ঞানসন্মত অধ্যয়নকে সমুদ্রবিজ্ঞান বুলি কোৱা হয়।
সমুদ্র তলৰ প্ৰাকৃতিক, জৈৱিক আৰু প্রায়োগিক সমস্যাসমূহৰ সুসংবদ্ধ অধ্যয়নেই হ’ল সমুদ্র বিজ্ঞানৰ বিষয়বস্তু। সমুদ্ৰৰ পৰিবেশ মানব সমাজৰ লগত ওতঃপ্রোত ভাবে জড়িত। মানুহৰ খাদ্য আৰু শক্তিৰ উৎস হিচাপে সমুদ্ৰৰ অৱদান অতি গুৰুত্বপূর্ণ। বর্তমান পৃথিবীৰ বিভিন্ন প্রান্তত বিভিন্ন উদ্যোগিক ক্ষেত্রত সমুদ্ৰৰ পৰা আহৰণ কৰা শক্তি ব্যৱহাৰ কৰা হৈছে। ইয়াৰ উপৰিও সমুদ্ৰৰ পানীত বহুতো মহামূল্যবান খনিজ পদার্থ যেনে-মেগনেছিয়াম, লোণ, ব্র’মিন আদি পোৱা যায়। ভালেমান বহুমূলীয়া মণিক, মুক্তা, প্রাকৃতিক গেছ আদি প্রাকৃতিক সম্পদ সমুদ্ৰৰ পৰা আহৰণ কৰা হয়। পৃথিৱীৰ বিখ্যাত মাছৰ আবাসস্থল সমূহো সমুদ্ৰৰ মহীসোপান বোৰতেই পোৱা যায়। অতীতৰ পৰাই মানুহে সমুদ্ৰৰ মাছ সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰি আহিছে। বৰ্তমান পৃথিৱীৰ মুঠ সংগৃহিত মাছৰ প্ৰায় তিনি চতুর্থাংশ সমুদ্ৰৰ পৰাই সংগ্ৰহ কৰা হয়। বিভিন্ন অঞ্চলৰ মানুহৰ, বিশেষকৈ সাগৰীয়া উপকূলৰ কাষৰ মানুহখিনিৰ সমুদ্ৰত মাছ ধৰা, সামুদ্রিক পৰিবহন আৰু বাণিজ্য আদিৰ ওপৰতে জীৱিকা নিৰ্ভৰ কৰে। পৃথিৱীৰ বহুতো এনে দেশ আছে যাৰ স্থলপথৰে বাণিজ্যিক আদান প্রদান অসম্ভর। যেনে গ্রেট বৃটেইন, জাপান, অস্ট্রেলিয়া আদি দেশ। এই দেশসমূহৰ বাবে বায়ু পথৰে বাণিজ্যিক আদান প্রদানো যথেষ্ট ব্যয় বহুল। এনেক্ষেত্ৰত এইবোৰ দেশৰ আন্তজার্তিক বাণিজ্য সামুদ্রিক পথৰ ওপৰতে সৰ্বাধিক নিৰ্ভৰ কৰে। সমগ্ৰ বিশ্বৰ দেশসমূহৰ বাণিজ্যতেই সমুদ্ৰ পৰিবহনে গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰে।
জলবায়ুৰ ওপৰতো সমুদ্রই প্রভাৱ বিস্তাৰ কৰে। সমুদ্র প্রান্তীয়, উপদ্বীপীয় আৰু দ্বীপয় দেশসমূহৰ জলবায়ুৰ আতিশয্য সমুদ্ৰৰ প্রভাৱত প্রশমিত হোৱা দেখা যায়। এনে মৃদু জলবায়ু অঞ্চলত বসবাস কৰা মানুহ কৰ্মঠ আৰু উদ্যমী হয়। জাপান, পশ্চিম ইউৰোপৰ সমুদ্র উপকূলীয় বিভিন্ন দেশৰ মানুহবোৰ বা উত্তৰ আমেৰিকাৰ সমুদ্ৰৰ কাষত অৱস্থিত দেশসমূহৰ সুন্দৰ স্বাস্থ্যকৰ জলবায়ু সাগৰীয় সোঁতৰ প্রত্যক্ষ প্রভাৱতহে সম্ভৱ। সেইদৰে বায়ুমণ্ডলৰ বৰ্ধিত সৌৰৰশ্মি বিকিৰণ সমুদ্রই প্রশমিত কৰে। বর্তমান যান্ত্রিক পৃথিৱীৰ বিভিন্ন পাৰমাণৱিক অপদ্রব্য আৰু আন আন বৰ্জিত দ্রব্যসমূহৰ বাবে সমুদ্র এক ডাষ্টবিনৰ দৰে হৈ পৰিছে।
বাৰিমণ্ডলৰ বিভিন্ন অংশত মহাসাগৰ দেখা যায়। এচিয়া, উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ মাজত প্রশান্ত মহাসাগৰ, অষ্ট্ৰেলিয়াৰ পশ্চিমে, এচিয়াৰ দক্ষিণে, আফ্ৰিকাৰ পূবে আৰু এন্টার্কটিকা মহাদেশৰ উত্তৰে ভাৰত মহাসাগৰ, সুমেৰু বৃত্তৰ মাজত সুমেৰু মহাসাগৰ, কুমেৰু বৃত্তৰ মাজত দক্ষিণ মহাসাগৰ অৱস্থিত। প্রকৃততে এই মহাসাগৰ আট্ট্লান্টিক, প্রশান্ত আৰু ভাৰত মহাসাগৰৰ দক্ষিণাংশক লৈ গঠিত হৈছে।
মহাসাগৰৰ তলৰ অবয়ব, ইয়াৰ বিভিন্ন উপাংশ, সমুদ্ৰৰ অবক্ষেপ, সমুদ্ৰৰ দ্রোণীসমূহ, সমুদ্ৰৰ জলৰাশিৰ সংযুতি আৰু বৈশিষ্ট্যসমূহ আৰু সামুদ্রিক জীৱবোৰৰ ভৌগোলিক অধ্যয়ন সমুদ্র বিজ্ঞানত কৰা হয়। ইয়াৰ উপৰিও পৃথিৱীৰ বায়ুমণ্ডলৰ লগত সমুদ্ৰৰ সম্বন্ধ, ইয়াৰ প্ৰভাৱ, বতৰজনিত পৰিবৰ্তন আদিৰ ওপৰত সমুদ্ৰৰ নিয়ন্ত্ৰণ আদি সমুদ্র বিজ্ঞানৰ বিষয়বস্তু। সাম্প্ৰতিক কালৰ ভূ-ভৌতিক বিজ্ঞানৰ গৱেষণা, নৌবিদ্যা, সমুদ্র পৰিবহন, সমুদ্ৰ প্ৰতিৰক্ষা, মৎস্য, ব্যৱসায়, সমুদ্রজ সম্পদসমূহৰ সংৰক্ষণ আদিও সমুদ্র বিজ্ঞানৰ অধ্যয়নৰ বিষয়বস্তু।
২। সমুদ্র তলৰ অবয়ববোৰ কি কি? এই সমূহৰ বিষয়ে বর্ণনা দিয়া।
উত্তৰ: সমুদ্রতলত থকা অবয়ববোৰ সাধাৰণতে পানীৰ তলত থাকে বাবে দৃষ্টিগোচৰ নহয়। গভীৰতাৰ ভিত্তিত সমুদ্রতলক চাৰিটা প্রধান অংশত ভাগ কৰা হৈছে-
(ক) মহীসোপান
(খ) মহীঢাল
(গ) সমুদ্রতল আৰু
(ঘ) গভীৰ সমুদ্রখাত।
মহীসোপান আৰু মহীঢাল অংশত সমুদ্ৰৰ গুৰুত্বপূর্ণ স্থলাবয়বসমূহ পোৱা যায়। সেই সমূহ এনে ধৰণৰ-
(i) নিমজ্জিত উপত্যকা: এই শ্ৰেণীৰ উপত্যকাসমূহ সাধাৰণতে মহীসোপান অঞ্চলত দেখা যায়। প্রথমতে নিমজ্জিত উপত্যকাবোৰৰ উপকূলীয় স্থলভাগত ক্ষয়ীভৱন কাৰ্য্যৰ দ্বাৰা সৃষ্টি হয়। ভূ-আন্দোলনৰ ফলত অধোক্ষিপ্ত হৈ পিছলৈ এইবোৰ নিমজ্জিত উপত্যকালৈ পৰিবৰ্তিত হয়। উত্তৰ মহাসাগৰত এনে ধৰণৰ নিমজ্জিত উপত্যকা আছে।
(ii) জোৱাৰ ধাৰা: সাগৰৰ উপকূলীয় অঞ্চল কিছুমানত জোৱাৰৰ খনন কাৰ্য্যৰ ফলত কেতবোৰ ধাৰাৰ সৃষ্টি হয়। পাছতহে ই নিমজ্জিত হৈ জোৱাৰত পৰিণত হয়। জোৱাৰ ধাৰা আৰু নিমজ্জিত নদী উপত্যকাৰ মাজত যথেষ্ট পার্থক্য আছে। কেতিয়াবা নিমজ্জিত নদী উপত্যকা জোৱাৰ সোঁতৰ দ্বাৰা খণ্ডিত হৈ জোৱাৰ ধাৰাৰ ৰূপ ল’ব পাৰে। চুণ্ডা সাগৰৰ দ্বীপবোৰৰ মাজত, উত্তৰ সাগৰৰ দক্ষিণ পূব উপকূলৰ কাষত এনে ধৰণৰ জোৱাৰ ধাৰা দেখা যায়।
(iii) নিমজ্জিত হৈমবাহিক দ্রোণী: উচ্চ অক্ষাংশ অঞ্চলবোৰৰ উপকূলীয় অঞ্চলত ইয়াৰ মহীসোপানবোৰত কিছুমান দ্রোণীৰ আকৃতিৰ নিমজ্জিত হিমক্ষয়িত খাতৰ সৃষ্টিৰ মাজত পার্থক্য আছে। কিছু সমুদ্র বিজ্ঞানীৰ মতে এই সমূহ অতীতত হিমবাহবোৰৰ ক্ষয় কাৰ্য্যৰ ফলত সৃষ্টি হৈছিল। ইয়াৰ ফলত সাগৰ সমতল, তললৈ নামি গৈছিল। হিমবাহ বোৰে মহীসোপান অঞ্চলত ক্ষয়কাৰ্য্যৰ দ্বাৰা এক প্ৰকাৰ দ্রোণীৰ সৃষ্টি কৰিছিল। পাছত এই দ্রোণীবোৰ অধোক্ষিপ্ত হৈ হৈমবাহিক দ্রোণীৰ সৃষ্টি হয়। নিমজ্জিত হৈমবাহিক দ্রোণীবোৰ সাধাৰণতে বিসর্পিত আকাৰত দেখা যায় আৰু কিছুমান উপহৈমবাহিক দ্রোণী ঝুলন উপত্যকাৰ দৰে থাকে। ফুণ্ডি উপসাগৰ, ছেণ্টলৰেঞ্চ উপসাগৰ নিমজ্জিত হৈমবাহিক দ্রোণীৰ উদাহৰণ।
(iv) সমুদ্র তলীয় কন্দৰ: সমুদ্রতল দেশৰ মহীসোপান আৰু মহীঢালত গঢ় লোৱা সংকীর্ণ জলধাৰা বা গভীৰ উপত্যকাকে সাধাৰণ অৰ্থত সমুদ্রতলীয় কন্দৰ বোলা হয়। সমুদ্র তলীয় কন্দৰ মহীসোপান, মহীঢাল আৰু বিতলৰ কিছু অংশলৈকে জুৰি থকা দেখা যায়। এই কন্দৰ তিনিটা ভাগত ভাগ কৰিব পাৰি-
(১) ইয়াৰ প্ৰথম অংশটো মহীসোপানত থাকে আৰু দেখাত অগভীৰ উপত্যকাৰ দৰে।
(২) দ্বিতীয় অংশটো থাকে মহীঢালত-ই গভীৰ আৰু অতি থিয় ঢালযুক্ত।
(৩) তৃতীয় অংশটো বহল আৰু অগভীৰ উপত্যকাৰ দৰে। ই গভীৰ সমুদ্রতল বা বিতলত থাকে।
সমুদ্ৰৰ বিতল বা সমুদ্রতল খন স্থলভাগৰ দৰেই ওখোৰা মোখোৰা। ইয়াৰ গভীৰতা সকলো অংশতে সমান নহয়। বিতলত বহু অবয়বৰ সৃষ্টি হৈছে। এই অবয়ববোৰ দুটা ভাগত ভাগ কৰিব পাৰি- (১) বিয়োগাত্মক অবয়ব (২) যোগাত্মক অবয়ব। সমুদ্রতলীয় দ্রোণী, বিস্তীর্ণ খাত আৰু সংকীর্ণ খাত বা ঠেক গৰ্ত আদিয়েই গভীৰ সমুদ্রতলৰ মুখ্য বিয়োগাত্মক অবয়ব। দ্রোণীবোৰ হৈছে বিতলৰ প্ৰায় ঘূৰণীয়া আকৃতিৰ বিশাল নিম্নভূমি। বিস্তীর্ণ খাত সাগৰতলৰ বহল নিম্নভূমি আৰু ইয়াৰ কাষৰ ঢাল বৰ থিয় নহয়। সমুদ্রতলৰ ঠেক দীঘলীয়া থিয় ঢালযুক্ত খাতক সংকীর্ণ খাত বোলা হয়।
বিতলৰ মুখ্য যোগাত্মক অবয়ববোৰ হৈছে-উচ্চ ভূমি, শৈলশিৰা আৰু মালভূমি। বিতলৰ ভালেমান অঞ্চলত দীঘল-বহল জলমগ্ন উচ্চভূমি দেখা যায়। বিতলৰ ঠেক দীঘলীয়া উচ্চ ভূমিৰ নাম শৈলশিৰা। সেইদৰে স্থলভাগৰ দৰে সমুদ্রতলতো উচ্চ, বহল সমতল ভূমি দেখা যায়। এইবোৰক মালভূমি বোলে। সমুদ্রতলৰ দুটা উপত্যকা বা দুটা অৱবাহিকাৰ মাজৰ জলমগ্ন উচ্চভূমিক ছিল বোলা হয়। সমুদ্র তলত বহু যুগধৰি মাটি, বালি, বোকা, শিল জীৱজন্তুৰ অৱশেষ আৰু জ্বালামুখীৰ পৰা ওলাই অহা লাভা আদি সঞ্চিত হৈ যি অবক্ষেপৰ সৃষ্টি কৰে ইয়াকে সিন্ধুপংক বোলে। ইয়াৰোপৰি বিতলত বহুতো দ্বীপ দেখা যায়। এইবোৰো সমুদ্রতলৰ অবয়ব। চাৰিওফালে জল পৰিবেষ্টিও ভূমিভাগকে দ্বীপ বোলে। দ্বীপ কেইবা প্রকাৰৰো হ’ব পাৰে। সেইবোৰ হ’ল-
(১) প্রবাল দ্বীপ
(২) মহাদেশীয় দ্বীপ
(৩) মহাসাগৰীয় দ্বীপ
(৪) জ্বালামুখী দ্বীপ।
1 thought on “BA 1st Semester Geography Chapter 4 Question Answer Assamese Medium 2025 | সমুদ্র বিজ্ঞান পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ | BA 1st Semester Geography | BA 1st Semester Geography Unit 4 Question Answer Assamese Medium 2025 | BA 1st Sem Geography | সমুদ্র বিজ্ঞান (Oceanography)”