BA 1st Semester Geography Chapter 5 Question Answer Assamese Medium 2025 | জীৱ-ভূগোল পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ | BA 1st Semester Geography | BA 1st Semester Geography Unit 5 Question Answer Assamese Medium 2025 | BA 1st Sem Geography | জীৱ-ভূগোল (Biogeography)

BA 1st Semester Geography Chapter 5 Question Answer Assamese Medium 2025 | জীৱ-ভূগোল পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ | BA 1st Semester Geography | BA 1st Semester Geography Unit 5 Question Answer Assamese Medium 2025 | BA 1st Sem Geography | জীৱ-ভূগোল (Biogeography)

Unit : 5

জীৱ-ভূগোল (Biogeography)

► অতি চমু প্রশ্নোত্তৰ :

১। ‘জীব-ভূগোল’ ভূগোলবিজ্ঞানৰ কোনটো শাখাৰ অন্তৰ্গত?

উত্তৰ: প্রাকৃতিক ভূগোলৰ।

২। জীব-ভূগোলৰ প্ৰতিষ্ঠাপক বুলি কাক কোৱা হয়?

উত্তৰ: আলেকজেণ্ডাৰ ভন হামব’ল্টক।

৩। ‘Ecology’ শব্দটো মূল কি ভাষাৰ পৰা আহিছে?

উত্তৰঃ গ্ৰীক ভাষাৰ ‘Oekologie’ শব্দটোৰ পৰা।

৪। উদ্ভিদৰ সালোকসংশ্লেষণ কাৰ্যত বায়ুমণ্ডলৰ কোনবিধ গেছৰ প্ৰয়োজন?

উত্তৰঃ কাৰ্ব-ডাই-অক্সাইড (CO₂)।

৫। জৈৱ-বৈচিত্র্যৰ অৰ্থ কি?

উত্তৰ: কোনো এক নির্দিষ্ট ভৌগোলিক পৰিবেশত থকা জীৱবোৰৰ সংখ্যা আৰু এইবোৰৰ প্ৰকাৰ।

৬। পৰিস্থিতিতন্ত্ৰৰ মূল ভাগ দুটাৰ নাম কি?

উত্তৰঃ (ক) জলজ পৰিস্থিতিতন্ত্ৰ আৰু (খ) স্থলজ পৰিস্থিতিতন্ত্র।

৭। ইকট’ন কি?

উত্তৰ: সন্নিহিত দুই বায়ামৰ মিশ্রিত লক্ষণযুক্ত উমৈহতীয়া এলেকাটোক ইকট’ন (Ecotone) বোলে।

৮। পৰিস্থিতিতন্ত্ৰৰ উপাদান তিনিটা কি কি?

উত্তৰঃ (ক) উৎপাদক (খ) উপভোক্তা আৰু (গ) বিয়োজক।

৯। তাপৰ ভিত্তিত ধৰাপৃষ্ঠৰ উদ্ভিদবোৰক কেইটা ভাগত ভাগ কৰা হৈছে?

উত্তৰঃ চাৰিটা।

১০। অতি শুকান অঞ্চলত জন্মা উদ্ভিদবোৰক কি নামে জনা যায়?

উত্তৰ: মৰুজ উদ্ভিদ (Xerophyte)।

১১। চাইবেৰিয়াৰ তুন্দ্ৰা আৰু ষ্টেপ অঞ্চলৰ মাজত অৱস্থিত অঞ্চলটোৰ নাম কি?

উত্তৰঃ টাইগা অঞ্চল।

১২। স্থলজ পৰিস্থিতিতন্ত্ৰবোৰৰ অন্য নাম কি?

উত্তৰ: বায় ‘ম বা জীবতন্ত্র (Biome)।

১৩। বায় ‘ম মানে কি বুজা?

উত্তৰ: সাধাৰণতে একে ধৰণৰ উদ্ভিদ থকা আৰু একে ধৰণৰ প্ৰাণী বসবাস কৰা একোটা ভৌগোলিক অঞ্চলক বায়’ম বা জীৱতন্ত্র (Biome) বুলি জনা যায়।

S.NoBA 1st Semester Geography Solution – All Units
1প্রাকৃতিক ভূগোল-বিজ্ঞানৰ বিবর্তন আৰু বিকাশ (Evolution and Growth of Physical Geography)
2ভূ-আকৃতি তত্ত্ব (Geomorphology)
3জলবায়ু বিজ্ঞান (Climatology)
4সমুদ্র বিজ্ঞান (Oceanography)
5জীৱ-ভূগোল (Biogeography)

১৪। পৃথিৱীৰ বৃহত্তম জীবতন্ত্র (Biome) টোৰ নাম কি?

উত্তৰঃ টাইগা বায় ‘ম।

► চমু প্রশ্নোত্তৰ :

১। জীব-ভূগোল বুলিলে কি বুজা?

উত্তৰঃ জীৱ-ভূগোল হ’ল প্রাকৃতিক ভূগোলৰ এটা শাখা। প্রাকৃতিক ভূগোলৰ যিটো শাখাত পৃথিৱীৰ বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণীৰ আবাসস্থল আৰু বিভিন্ন ধৰণৰ কাৰ্যকলাপৰ বিষয়ে শৃংখলাবদ্ধভাবে অধ্যয়ন কৰা হয় তাকেই জীৱ-ভূগোল বোলে।

২। জীৱমণ্ডল বুলিলে কি বুজা?

উত্তৰঃ পৃথিৱীৰ পৰিবেশৰ সম্যক জ্ঞান লাভ কৰিবলৈ ইয়াক অশ্মমণ্ডল, বাৰিমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল- এই চাৰিটা ভাগ কৰি ভূগোলবিজ্ঞানীসকলে অধ্যয়ন কৰে। শেষ ভাগটো অর্থাৎ ‘জীৱমণ্ডলটো’ অশ্মমণ্ডল, বাৰিমণ্ডল আৰু বায়ুমণ্ডলৰ এটা উপাংশহে। এই উপাংশটোত পৃথিৱীৰ সকলো শ্ৰেণীৰ জীৱকে (মানুহ, জন্তু, পোক-পৰুৱা, অণুবীক্ষণিক জীৱ আৰু উদ্ভিদ) দেখা যায়। অর্থাৎ অশ্মমণ্ডল, বাৰিমণ্ডল আৰু বায়ুমণ্ডলৰ যি অংশত উদ্ভিদ আৰু জীৱ-জন্তুবোৰ বসবাস কৰি থাকে তাকে জীৱমণ্ডল বোলে। জৈৱিক পদাৰ্থৰে ভৰপূৰ এই জীৱমণ্ডলটোক পৃথিৱীৰ আন অংশটোৱে অর্থাৎ অজৈৱিক অংশটোৱে আগুৰি ৰাখিছে। সেইবাবে কিছুমান ভূগোলবিজ্ঞানীয়ে পৃথিৱীৰ এই অজৈৱিক অংশটোক অজৈৱিক মণ্ডল (Inorganic sphere) বোলে।

জীরমণ্ডলটো উদ্ভিদ, অণুজীব, জন্তু আৰু মানুহ- এইকেইটা প্রধান উপাদানেৰে গঠিত। এই জীববোৰৰ বিতৰণৰ ওপৰত ভিত্তি কৰি ইয়াৰ ঘনত্ব নিৰ্ণয় কৰা হয়। বায়ুমণ্ডলৰ বহিসীমাৰ পৰা ইয়াৰ ভিতৰলৈ প্ৰায় ২৪ কিলোমিটাৰ ডাঠৰ স্তৰটোৱেই হ’ল জীবমণ্ডল। ই পৃথিৱীৰ মুঠ বেধৰ প্ৰায় ৫৫০ ভাগৰ ১ অংশ।

৩। পৰিস্থিতিতন্ত্র বুলিলে কি বুজা?

উত্তৰঃ পৃথিবী ব্যাপী থকা জীৱসমূহে পাৰস্পৰিকভাবে অজৈর প্রাকৃতিক পৰিবেশৰ লগত পদার্থ আৰু শক্তি হস্তান্তৰৰ মাধ্যমত প্রতিষ্ঠা কৰা আন্তঃসম্পৰ্কৰ প্ৰণালী অথবা তন্ত্রটোক পৰিস্থিতিতন্ত্র বুলি কোৱা হয়।

৪। পৰিস্থিতিতন্ত্ৰৰ উপাদানবোৰৰ মূল প্ৰকাৰ কি কি? জৈৱিক উপাদানবোৰৰ প্ৰকাৰবোৰ কি?

উত্তৰ: পৰিস্থিতিতন্ত্ৰৰ উপাদান (Components of Ecosystem): পৰিস্থিতিতন্ত্র

এটা দুই প্ৰকাৰৰ উপাদানৰ সমষ্টি। এই দুই প্ৰকাৰৰ উপাদান হ’ল-

(ক) অজৈৱিক উপাদান (Abiotic Components)।

(খ) জৈবিক উপাদান (Biotic Components)।

জৈৱিক উপাদানবোৰ হ’ল নানা প্রকাৰ জীৱ। এই জীৱিত উপাদানবোৰৰ লক্ষণ বা ধৰণ-কৰণ অনুসৰি ইয়াক মূলতঃ তিনিটা শ্রেণীত ভাগ কৰিব পাৰি। এইবোৰ হ’ল-

(ক) উৎপাদক (Producer)

(খ) ভক্ষণ (Consumer)

(গ) বিয়োজক (Decomposer)

৫। জৈৱ-বৈচিত্র্যৰ অৰ্থ কি?

উত্তৰ: কোনো এক ভৌগোলিক পৰিসৰত বসবাস কৰা জীৱসমূহৰ প্ৰজাতি আৰু সাংখ্যিক বৈচিত্র্যক সাধাৰণ অৰ্থত জৈৱ-বৈচিত্র্য (Biodiversity) বোলে। অর্থাৎ জৈৱ-বৈচিত্র্য শব্দৰে অঞ্চল এটাত কি জাতৰ কিমানবিধ উদ্ভিদ আৰু প্ৰাণী আছে, এই উদ্ভিদ আৰু প্ৰাণীবোৰৰ জাতিগত লক্ষণবোৰ কেনেকুৱা আৰু এনেবোৰ জীৱ-প্ৰজাতিৰ সংযুতিয়ে পৰিস্থিতিতন্ত্ৰটোৰ জৈৱিক আচৰণত কেনেকুৱা প্রভাৱ পেলাইছে এই সকলোবিলাকৰ দিশৰে একোটা পোনপটীয়া ইংগিত বহন কৰে।

৬। জৈৱ-বৈচিত্র্যৰ উষ্ম অঞ্চল (হটস্পট) বুলিলে কি বুজা?

উত্তৰঃ পৃথিৱীৰ বিভিন্ন অঞ্চলত জৈৱ-বিচিত্ৰতাৰ ভিন্নতা একে নহয়। জৈৱ-বিচিত্ৰতাৰ প্রজাতীয় বিচিত্রতাই কোনো এক অঞ্চলত কিমান প্ৰকাৰৰ প্ৰজাতিৰ জীৱ আছে সেইটো বুজিব পাৰি প্ৰজাতিৰ প্ৰাচুৰ্যতা, সংখ্যা আৰু প্ৰকাৰৰ জৰিয়তে। ধৰাৰ বুকুৰ কিছুমান অঞ্চল আন কিছুমানতকৈ জৈৱ-বিচিত্ৰতাৰ ক্ষেত্ৰত ধনী বা চহকী। সাধাৰণতে যিবোৰ অঞ্চলত বেলেগ বেলেগ ধৰণৰ অধিক পৰিমাণ বা সংখ্যক প্রজাতি দেখা যায় সেইবোৰ অঞ্চলকে জৈৱ-বিচিত্ৰতাৰ অতি চহকী অঞ্চল বা হটস্পট বুলি কোৱা হয়। বনৰীয়া জীৱ-জন্তুৰ ক্ষেত্ৰত আমাৰ অসমৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ অভয়াৰণ্য আদি একো একোখন জৈৱ-বৈচিত্ৰৰ হটস্পট।

৭। জীৱমণ্ডলৰ উপাদান বুলিলে কি বুজা?

উত্তৰ: পৃথিৱীৰ অশ্মমণ্ডল, বাৰিমণ্ডল আৰু বায়ুমণ্ডলত জীবই বসবাস কৰে বা নানাপ্রকাৰৰ জীৱৰ বাসস্থান। অর্থাৎ জীবমণ্ডল মানেই হ’ল জীৱৰ আবাস-ভূমি। জীৱমণ্ডলৰ বিস্তৃতি সমুদ্রতলীৰ পৰা বায়ুমণ্ডলৰ যথেষ্টখিনি উচ্চতালৈ আছে। জীবমণ্ডলত কিমান যে জীৱই বাসস্থান সাজিছে তাৰ সংখ্যা গণনা কৰাটো তেনেই সহজসাধ্য নহয়। জীৱমণ্ডলত বাস কৰা সকলোবিলাক সৰু-বৰ জীৱই হ’ল জীৱমণ্ডলৰ মূল উপাদান। আকাৰ বা প্রকৃতি অনুসৰি জীৱমণ্ডলত বিচৰণ কৰা নানা প্ৰকাৰৰ এই উপাদানসমূহক মূলতঃ চাৰিটা ভাগত ভাগ কৰিব পাৰি।

৮। বায়ম বা জীবীয় অঞ্চল কাক বোলে?

উত্তৰ: মহাদেশীয় পৰিস্থিতিতন্ত্ৰৰ অন্তৰ্গত পৃথিৱীৰ সকলোবিলাক অঞ্চলৰ মাটি, পানী, জলবায়ু আৰু বাসিন্দা জীৱবোৰৰ লক্ষণ হুবহু একে নহয়। এনেবোৰ জৈৱ-অজৈর উপাদানৰ তাৰতম্যৰ আধাৰত সমগ্র স্থলভাগক কিছুমান জীৱ-ভৌগোলিক অঞ্চল অথবা বায়মত ভাগ কৰা হৈছে। এক বিস্তীর্ণ অঞ্চলত বসবাস কৰা উদ্ভিদ আৰু প্ৰাণীৰ সমষ্টিসহ অঞ্চলটোৰ সামগ্রিক পৰিবেশক বায়ম (Biome) বোলে। উল্লেখযোগ্য যে একোটা বায়মৰ অন্তৰ্গত উদ্ভিদ তথা প্ৰাণ বোৰৰ মাজত যথেষ্ট সামঞ্জস্য থাকে।

► ৰচনাধৰ্মী প্রশ্নোত্তৰ :

১। জৈৱ-বৈচিত্র্য বুলিলে কি বুজা?

উত্তৰ: একোটা ভৌগোলিক পৰিসৰত বসবাস আৰু বিচৰণ কৰা জীবসমূহৰ প্ৰজাতি আৰু সাংখ্যিক বৈচিত্র্যক সাধাৰণ অৰ্থত জৈৱ-বৈচিত্র্য বোলে। অর্থাৎ জৈৱ-বৈচিত্র্য শব্দৰে অঞ্চল এটাত কি কি জাতৰ কিমানবিধ উদ্ভিদ আৰু প্ৰাণী আছে, এই উদ্ভিদ অথবা প্রাণীসমূহৰ জাতিগত লক্ষণবোৰ কেনেকুৱা আৰু এনেবোৰ জীৱ-প্ৰজাতিৰ সংযুতিয়ে পৰিস্থিতিতন্ত্ৰটোৰ জৈৱিক আচৰণত কেনেধৰণৰ প্ৰভাৱ সৃষ্টি কৰিছে এই সকলোবোৰ দিশৰে একোটা পোনপটীয়া ইংগিত বহন কৰে। জৈৱ-বৈচিত্র্য সমৃদ্ধিশালী হ’লে পৰিস্থিতিতন্ত্ৰৰ প্ৰকাৰ্য বহুমুখী, সুদৃঢ় আৰু দীর্ঘস্থায়ী হয়। আনহাতে, সীমিত অথবা ক্রমসংকোচনশীল জৈৱ-বৈচিত্র্যই পৰিস্থিতিতন্ত্ৰৰ অস্থিৰ অৱস্থা আৰু আসন্ন মৃত্যুৰ অশনি সংকেত প্ৰদৰ্শন কৰে। কাৰণ, জীৱ প্ৰজাতিৰ সংখ্যা অথবা জীৱসংখ্যা কমি যোৱা মানেই জীৱসমূহৰ মাজৰ সুস্থ সম্পৰ্ক বিঘ্নিত হোৱাৰ অৱস্থা আৰম্ভ হোৱা। জীৱ সম্প্ৰদায়ৰ মাজত স্বাভাৱিক আন্তঃসম্পর্ক বেয়াৰ ফালে ঢাল খোৱাৰ ফলত জীৱ প্রজাতিসমূহ এটা এটাকৈ বিলুপ্তি ঘটি গোটেই পৰিস্থিতিতন্ত্রটোত অচলতা সৃষ্টি কৰে।

আজিৰ পৃথিৱীত বৰ্তি থকা বিভিন্ন প্রজাতিৰ উদ্ভিদ, প্রাণী আৰু অণুজীৱসমূহ বিগত এশ কোটি বছৰ ব্যাপী আগুৱাই অহা নিৰৱচ্ছিন্ন বিৱৰ্তন প্রক্রিয়া এটাৰ পৰিণতি মাত্র। আৰ্কিয়জইক যুগৰ শেষৰ ফালে পৃথিৱীৰ পৰিবেশত উদয় হোৱা কছাৰৱেট শ্ৰেণীৰ সৰল এককোষী জীৱসমূহৰ পৰাই নানাধৰণৰ বিৱৰ্তনৰ মাজেৰে পৃথিৱীত বিভিন্ন প্ৰজাতিৰ জীৱৰ সৃষ্টি হৈছে। ইফালে, পৰিবেশৰ অহৰহ পৰিৱৰ্তন পৰিক্ৰমাৰ প্ৰতিক্ৰিয়া স্বৰূপে প্রাচীন যুগত উৎপত্তি হোৱা বহুতো প্ৰজাতিৰ জীৱৰ ইতিপূর্বে পূর্ণবিলুপ্তি ঘটিছে। আজিৰ পৃথিৱীত আমাৰ জ্ঞাত-অজ্ঞাত ৪৫ নিযুতমান প্রজাতিৰ জীৱ আছে বুলি ঠাৱৰ কৰা হয়। পাৰিস্থিতিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত এই জীৱসমূহৰ প্ৰতিটো প্ৰজাতিৰেই স্বকীয় পৰিসৰৰ নিশ্চিত অৱদান আছে। বাঘে হৰিণ বধ কৰি আওপকীয়াকৈ তৃণভূমিৰ উপকাৰ সাধন কৰে। সেইদৰেই অতিশয় অনিষ্টকাৰী বুলি চিহ্নিত জীৱ-প্ৰজাতি এটায়ো পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য প্রতিষ্ঠাত অতিশয় মূল্যবান অৱদান দিব পাৰে। সেয়েহে, জীৱ-প্ৰজাতিৰ সংখ্যা অধিকৰো অধিক হোৱা মানে জীৱজগতৰ স্থায়িত্ব আৰু কৰ্ম পৰিসৰ সু-সংগত হোৱাকে বুজায়।

২। জীবীয় অঞ্চল বুলিলে কি বুজা? ধৰাপৃষ্ঠত দেখিবলৈ পোৱা মুখ্য জীবীয় অঞ্চলবোৰৰ এখন তালিকা প্রস্তুত কৰা।

উত্তৰ: জীৱমণ্ডলৰ বিভিন্ন পৰিবেশত বিভিন্ন ধৰণৰ উদ্ভিদ আৰু প্রাণীসমূহ দেখা যায়। ধৰাপৃষ্ঠৰ সকলোবিলাক উদ্ভিদ আৰু প্ৰাণীৰ বাবে যিদবে ভিন ভিন প্ৰকাৰৰ উত্তাপৰ প্রয়োজন তেনেদৰে ভিন্ন ভিন্ন জলবায়ু বা প্রাকৃতিক পৰিবেশৰো আৱশ্যক। জলবায়ু আৰু অন্যান্য কেতবোৰ কাৰকৰ পৰিপ্ৰেক্ষিতত ধৰাপৃষ্ঠৰ ভিন ভিন অঞ্চলত ভিন ভিন প্ৰকাৰৰ উদ্ভিদ আৰু প্ৰাণীয়ে বিচৰণ কৰা দেখা যায়। কিন্তু একো একোটা নির্দিষ্ট পৰিবেশত একে ধৰণৰ উদ্ভিদ আৰু একে প্রকৃতিৰ প্ৰাণীয়ে বসবাস কৰাও পৰিলক্ষিত হয়। প্রাণীবোৰে প্রাকৃতিক পৰিবেশৰ লগত দৈহিক গঠন প্রণালীৰ বিশেষ পৰিৱৰ্তন নোহোৱাকৈ সহজে নিজকে খাপ খুৱাই ল’ব পাৰে, কিন্তু উদ্ভিদসমূহে পৰিবেশৰ লগত খাপ খোৱাকৈ সিহঁতৰ দৈহিক গঠন প্রণালীও পৰিবেশভেদে বেলেগ বেলেগ কৰি ল’বলৈ সক্ষম। সাধাৰণতে একে ধৰণৰ উদ্ভিদ আৰু একে ধৰণৰ প্ৰাণী বসবাস কৰা অঞ্চলবোৰক লৈ সমগ্ৰ ধৰাপৃষ্ঠক আমি কেইটামান অঞ্চলত ভাগ কৰিব পাৰো। একে প্ৰকৃতিৰ উদ্ভিদ আৰু একে প্ৰকাৰৰ প্ৰাণীৰ সমষ্টিৰে গঠিত এই অঞ্চলবিলাককে জীবীয় অঞ্চল বা বায়’ম (Biotic region or Biome) বুলি কোৱা হয়। একো একোটা জীবীয় অঞ্চলত যিদৰে একে উত্তাপ, বৃষ্টিপাত, দৈনিক আৰু ঋতুজনিত পৰিৱৰ্তন পৰিলক্ষিত হয় তেনেদৰে একোটা জীবীয় অঞ্চলত এক নির্দিষ্ট প্রেণীৰ উদ্ভিদহে জন্মে আৰু এইবোৰে এক নির্দিষ্ট বা বিশেষ শ্ৰেণীৰ প্রাণীকহে আশ্রয় দিয়ে।

ধৰাপৃষ্ঠৰ বিভিন্ন বায়’ম বা জীবীয় অঞ্চলবোৰ (Various types of Biotic regions of the world): ধৰাপৃষ্ঠত বাস কৰা নানা প্ৰকাৰৰ উদ্ভিদ আৰু প্ৰাণীবোৰৰ বিতৰণৰ ওপৰত লক্ষ্য কৰিলে দেখা যায় যে একো একোটা নির্দিষ্ট অঞ্চলত কেতবোৰ একে ধৰণৰ গছ-গছনি বা ঘাঁহ-বন গজে আৰু এইবোৰক আশ্ৰয় কৰি সেইবোৰ অঞ্চলত কেতবোৰ বিশেষ প্ৰকাৰৰ প্ৰাণীহে বাস কৰে। সেয়েহে ধৰাৰ বুকুত বিচৰণ কৰা নানা তৰহৰ প্ৰাণী আৰু উদ্ভিদক লৈ সৰ্বমুঠ এঘাৰটা (১১) জীৱীয় অঞ্চল চিনাক্তকৰণ কৰা হৈছে। এই জীবীয় অঞ্চল বা বায় ‘মবোৰ হ’ল-

(ক) তুন্দ্রা জীবীয় মণ্ডল (Tundra Biotic Region)।

(খ) টাইগা জীৱীয় মণ্ডল (Tiga Biotic Region)।

(গ) নাতিশীতোষ্ণ পর্ণপাতী গছৰ অৰণ্য অঞ্চল (Temperate decidous Forest Biotic Region)।

(ঘ) নাতিশীতোষ্ণ তৃণভূমি (Temperate grassland Biotic Region)।

(ঙ) ভূমধ্য সাগৰীয় অঞ্চল (Mediterranean Biotic Region)।

(চ) মৰুভূমি অঞ্চল (Desert Biotic Region)।

(ছ) ক্রান্তীয় তৃণভূমি অঞ্চল (Tropical Grassland Biotic Region)।

(জ) ক্রান্তীয় পর্ণপাতী অৰণ্য অঞ্চল (Tropical decidous Biotic Region)।

(ঝ) ক্রান্তীয় গুল্মভূমি অঞ্চল (Tropical Savanah Biotic Region)।

(ঞ) ক্রান্তীয় বৃষ্টিসিক্ত অৰণ্য অঞ্চল (Tropical Rainforest Biotic Region)।

(ট) পার্বত্য অঞ্চল (Mountaineous Biotic Region)।

৩। জীৱ-ভূগোলৰ অৰ্থ, পৰিসৰ আৰু গুৰুত্ব সম্পকে আলোচনা কৰা।

উত্তৰঃ জীৱ-ভূগোলৰ অৰ্থঃ ভূগোল বিজ্ঞানৰ যিটো ভাগে পৃথিবীত থকা সমষ্ট জীৱবোৰৰ বিষয়ে অধ য়ন কৰে তাকে জীৱ ভূগোল বিজ্ঞান বোলে। এইটো ভাগত জীৱবোৰৰ বিতৰণ জীৱৰ ক্ৰমবিকাশ, প্ৰকাৰ আৰু পার্থিব পৰিৱেশৰ লগত কেনেকৈ মিলি থাকি বসবাস কৰে এইবোৰ কথা আলোচনা কৰা হয়। জীৱবোৰৰ ভিতৰত বৰ্তমান সময়ত মানুহৰ গুৰুত্ব অধিক যেন দেখা গৈছে বিশেষকৈ প্রযুক্তি বিজ্ঞানত। সেইকাৰণে সকলেবোৰ ক্ষেত্ৰতে মানুহৰ আধিপত্য যেনেকৈ বাঢ়িছে, পৃথিবীৰ সামূহিক পৰিৱেশৰ ওপৰত মানুহৰ কু-কাৰ্যৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। এই কু-প্ৰভাৱৰ পৰা জীৱ-জড়ক কেনেকৈ ৰক্ষা কৰিব পাৰি, এই ধৰণৰ কথাৰ ওপৰত গুৰুত্ব দিবলগীয়া হোৱাত বিস্তৃতভাৱে জীৱ-জীবন আৰু পৰিৱেশৰ সম্পৰ্ক অধ্যয়ন কৰাটো অতিকৈ জৰুৰী হৈ পৰিছে।

জীব-ভূগোলৰ পৰিসৰ জীৱ ভুগোল বিজ্ঞান প্রাকৃতিক ভূগোল বিজ্ঞানৰ এটা প্রধান অংশ যদিও ইয়াৰ লগত আন বহুতো বিষয়ো জড়িত হৈ আছে।

জীৱ ভূগেল বিজ্ঞানৰ পৰিসৰ বুলি ক’লে, জীৱবোৰ থকা মণ্ডল বা অঞ্চলবোৰকে ধৰা হয়। প্রাকৃতিক ভূগোল তিনিটা মণ্ডল যেনে- স্থল মণ্ডল, জল মণ্ডল আৰু বায়ু মণ্ডল। তিনিওটাতে জীৱৰ বিস্তৃতি দেখা যায়। অতি সূক্ষ্ম জীৱবোৰ বায়ুমণ্ডলত উৰি ফুৰে, মধ্যম আকাৰৰ জীৱবোৰ জলভাগত থাকে আৰু অতিকে ডাঙৰ, মধ্যম বা সৰু আকৃতিৰ জীৱবোৰক স্থলভাগত তাতকৈ কম আৰু বায়ুমণ্ডলত অতিকৈ কম পৰিমাণে পোৱা যায়। জীৱমণ্ডলৰ স্থানৰ পৰিসৰ বুলি ক’লে গোটেই পৃথিৱীৰ স্থল, জল আৰু বায়ুমণ্ডলক সামৰি উপৰিভাগক বুজায়।

জীৱবোৰক তিনিটা প্রধান ভাগত ভগোৱা হয়, যেনে- উদ্ভিদ, প্রাণী আৰু অণুজীৱ।

সেই হিচাবে ভাগো তিনিটা কৰা হৈছে, যেনে- উদ্ভিদ বিজ্ঞান, প্রাণী বিজ্ঞান আৰু অণুজীৱ বিজ্ঞান।

মণ্ডলীয় ভিত্তিটো জীৱনক অধ্যয়ন কৰিব পাৰি, যেনে- স্থলমণ্ডলীয় জীৱৰ অধ্যয়ন, জলমণ্ডলীয় জীৱৰ অধ্যয়ন, বায়ুমণ্ডলীয় জীৱৰ অধ্যয়ন, উভৈচৰী জীৱৰ অধ্যয়ন আদি। জীৱবোৰ সদায় পৰিৱেশ সংবেদনশীল। বেলেগ বেলেগ পৰিৱেশত বেলেগ বেলেগ জীৱ থাকে। পৰিৱেশীয় ভূগোলত স্থলভাগ, জলভাগ, আনকি বায়ুমণ্ডলকো বিভিন্ন পৰিৱেশত ভাগ কৰি লৈ সেইমতে জীৱবোৰক অধ্যয়ন কৰিব পৰা যায়।

জীৱ-ভূগোলৰ গুৰুত্বঃ শস্যৰ উৎপাদন বঢ়োৱা, জীৱ-জন্তুৰ উৎপাদন বঢ়োৱা আদি কাৰ্যৰ দ্বাৰা মানুহৰ প্ৰয়োজনীয় খাদ্য পাব পাৰি অথবা অধিক উৎপাদন কৰিব পাৰিলে, এইবোৰৰ সহায়ত বেপাৰ-বাণিজ্যও চলাব পাৰি। জীৱ ভূগোল অধ্যয়নে মানুহক বহু ধৰণে সহায় কৰিব পাৰে। সেইকাৰণে ইয়াৰ গুৰুত্ব ক্ৰমাৎ বাঢ়ি অহা দেখা গৈছে। মানুহৰ প্ৰয়োজনীয় সকলো বস্তুই পৃথিৱীৰ পৰা আহৰণ কৰা হয়। এইক্ষেত্ৰত জীৱ ভূগোলে মানুহক আটাইতকৈ বেছি পৰিমামে সহায় কৰে। জীৱ ভূগোলৰ কেইটামান গুৰুত্বপূৰ্ণ ধাৰণা যেনে- জীৱমণ্ডল, পৰিস্থিতি বিজ্ঞান, পৰিস্থিতিতন্ত্র, জৈৱ বৈচিত্রতা।

Leave a comment