BA 1st Semester History Chapter 1 Question Answer Assamese Medium 2025 | প্ৰাচীন ভাৰতৰ ইতিহাস পুননিৰ্মাণৰ সমলৰ পৰা… পৰৱৰ্তী বৈদিক যুগৰ ধৰ্ম আৰু দৰ্শনলৈ পাঠটোৰ সকলো প্ৰশ্নোত্তৰ | BA 1st Semester History Unit 1 Question Answer Assamese Medium 2025 | ba 1st semester history question answer

BA 1st Semester History Chapter 1 Question Answer Assamese Medium 2025 | প্ৰাচীন ভাৰতৰ ইতিহাস পুননিৰ্মাণৰ সমলৰ পৰা… পৰৱৰ্তী বৈদিক যুগৰ ধৰ্ম আৰু দৰ্শনলৈ পাঠটোৰ সকলো প্ৰশ্নোত্তৰ | BA 1st Semester History Unit 1 Question Answer Assamese Medium 2025 | ba 1st semester history question answer

গোট : 1

[a] প্রাচীন ভাৰতৰ ইতিহাস পুনৰচনাৰ সমল-পুৰাতাত্ত্বিক আৰু সাহিত্যগত

[b] হৰপ্পা সভ্যতা- উৎপত্তি, পৰিসৰ, বৈশিষ্ট্যসমূহ; প্রথম নগৰীকৰণ আৰু পতন

[c] বৈদিক সংস্কৃতি-আদি বৈদিক যুগ আৰু পৰৱৰ্তী বৈদিক যুগঃ জনজাতীয় ৰাজনীতি, অর্থনৈতিক বিকাশ; সামাজিক স্তৰীকৰণ: ধর্ম আৰু দর্শন

► অতি চমু প্রশ্নোত্তৰ :

১। প্রাচীন ভাৰতৰ ইতিহাসৰ সমলবোৰ কি কি?

উত্তৰ: প্রাচীন ভাৰতৰ ইতিহাসৰ সমলবোৰ হ’ল- দেশীয় সাহিত্য, বৈদেশিক সাহিত্য, লিপি, মুদ্রা আৰু ভগ্নাৱশেষ।

২। ভাৰতৰ প্ৰাচীনতম সাহিত্য কি আছিল?

উত্তৰঃ ঋগ্বেদ হ’ল ভাৰতৰ প্ৰাচীনতম সাহিত্য।

৩। বেদ কেইখন আৰু কি কি?

উত্তৰঃ বেদ চাৰিখন। সেয়া হ’ল- ঋগ্বেদ, যজুর্বেদ, অথর্ববেদ আৰু সামবেদ।

৪। সিন্ধু উপত্যকাত আৱিষ্কাৰ হোৱা এবিধ গুৰুত্বপূৰ্ণ সমল উল্লেখ কৰা।

উত্তৰঃ তাম।

৫। সিন্ধু সভ্যতাৰ যুগৰ দুখন প্রধান চহৰৰ নাম উল্লেখ কৰা।

উত্তৰঃ সিন্ধু সভ্যতাৰ যুগৰ দুখন প্রধান চহৰৰ নাম হ’ল-

(ক) মহেঞ্জোদাৰো আৰু

(খ) হৰপ্পা।

৬। সিন্ধু সভ্যতা উত্তৰ আৰু দক্ষিণ দিশত কিমান মাইলজুৰি বিস্তৃত আছিল?

উত্তৰঃ দুয়োফালে প্রায় ১,৬০০ কিল’মিটাৰ ঠাই বিস্তৃত আছিল।

৭। সিন্ধু সভ্যতাই ___ কিঃমিঃ সামৰি আছিল। ২২,৪০,০০০/২২,৬০,০০০/২২,৭০,০০০ ইয়াৰ কিমান বর্গ

উত্তৰঃ ২২,৪০,০০০ বর্গ কিঃমিঃ সামৰি আছিল।

৮। ভাৰতবৰ্ষৰ আটাইতকৈ প্ৰাচীন ধৰ্মপুথিখনৰ নাম কি লিখা।

উত্তৰঃ ঋগ্বেদ হ’ল ভাৰতবৰ্ষৰ আটাইতকৈ প্রাচীন ধর্মপুথি।

৯। আৰ্যসকলৰ ধৰ্ম কি পদ্ধতিৰ আছিল?

উত্তৰ: আৰ্যসকলৰ ধৰ্ম যজ্ঞকেন্দ্ৰিক পদ্ধতিৰ আছিল।

১০। চতুৰাশ্ৰম বুলিলে কি বুজা?

উত্তৰ: চতুৰাশ্ৰম হ’ল জীৱনৰ চাৰিটা পর্যায়। যেনে- ব্রহ্মচর্য, গার্হস্থ্যাশ্রম, বাণপ্রস্থাশ্রম আৰু সন্ন্যাসাশ্রম।

১১। চাৰি শ্ৰেণী কি?

উত্তৰঃ চাৰি শ্ৰেণী হ’ল- ব্রাহ্মণ বা পুৰোহিত শ্রেণী, ক্ষত্রিয়, বৈশ্য আৰু শূদ্র।

১২। বেদৰ যুগত প্ৰশাসনক সহায় কৰা দুটা অংগৰ নাম লিখা।

উত্তৰঃ এই দুটা অংগ বা ভাগ হ’ল সভা আৰু সমিতি।

১৩। সকলোতকৈ প্রাচীন বেদ কোনখন?

উত্তৰঃ সকলোতকৈ প্রাচীন বেদখন হ’ল ঋগ্বেদ।

► চমু প্রশ্নোত্তৰ :

১। প্রাচীন ভাৰতৰ ইতিহাস ৰচনাৰ বাবে প্রয়োজনীয় সমলবোৰ কি কি চমুকৈ আলোচনা কৰা।

উত্তৰ: ইতিহাস হৈছে সভ্যতাৰ ক্ৰমবিকাশৰ ধাৰা। মানৱ জাতিৰ গতিশীলতাক লিপিবদ্ধ কৰাই হ’ল ইতিহাসৰ মুখ্য উদ্দেশ্য। আজিৰপৰা প্ৰায় ৫.৬ নিযুত বর্ষ পূর্বে পৃথিবীৰ বুকুত মানৱজাতীয় প্রাণীৰ আৱিৰ্ভাৱ ঘটিছিল। সেই তেতিয়াৰপৰা পৃথিৱীৰ বুকুত জীয়াই থকাৰ বাবে মানৱ জাতিৰ যি অহৰহ প্ৰচেষ্টা, সেয়া ইতিহাসৰ পাতত পোৱা যায়। প্রকৃত ইতিহাস প্রণয়ন কৰিবলৈ কিছুমান নির্ভৰযোগ্য তথ্য বা সমলৰ প্ৰয়োজন হয়। প্রাচীন ভাৰতৰ এক পূর্ণাংগ ইতিহাস ৰচনাৰ বাবে যিবোৰ তথ্য পোৱা গৈছে, সেইবোৰৰ এতিয়াও পুংখানুপুংখ অধ্যয়ন হোৱা নাই। বহু সময়ত প্রাপ্ত তথ্যবোৰৰ অৰ্থ অস্পষ্ট হৈ আছে। আনহাতে, অতি প্রাচীন কালৰ মানুহৰ জীৱন-যাত্ৰাৰ বিষয়েও সমসাময়িক কোনো লিখিত বিৱৰণ এতিয়ালৈকে উদ্ধাৰ হোৱা নাই। ইতিহাসে ঢুকি নোপোৱা প্রাগ্ ঐতিহাসিক এই যুগৰ মানুহে অৱশ্যে দৈনন্দিন জীৱনত যিবোৰ বস্তু ব্যৱহাৰ কৰিছিল, তাৰ কিছুমান নিদর্শন আবিষ্কৃত হৈছে। সেই বস্তুবোৰৰ সহায়ত সেই যুগৰ ইতিহাস নিৰ্ণয় কৰিব পাৰি। আনহাতে, ঐতিহাসিক যুগৰ ইতিহাস প্রণয়ন কৰিবলৈ মূলতঃ তিনি প্ৰকাৰৰ সমল পোৱা গৈছে। সেয়া হৈছে-

(ক) সাহিত্যগত সমল

(খ) প্রত্নতাত্ত্বিক সমল আৰু

(গ) বিদেশী ভ্রমণকাৰীসকলৰ টোকা।

সাহিত্যগত সমলসমূহক আকৌ দুটা ভাগত ভাগ কৰা হৈছে-

(ক) ধর্মীয় গ্রন্থ

(খ) ধৰ্মনিৰপেক্ষ গ্রন্থ।

সেইদৰে প্রত্নতাত্ত্বিক সমলবোৰক তিনি ভাগত বিভক্ত কৰা হৈছে-

(ক) অভিলেখ বা লিপিসমূহ

(খ) মুদ্রা আৰু

(গ) স্মৃতিস্তম্ভ বা সৌধ।

বিদেশী ভ্রমণকাৰীসকলৰ টোকাবোৰকো তিনি ভাগত ভগোৱা হৈছে।

(ক) গ্রীক আৰু ৰোম

(খ) চীনা আৰু

(গ) মুছলমান ভ্রমণকাৰীৰ টোকা।

S. NoBA 1st Semester History solution – All Units
1প্ৰাচীন ভাৰতৰ ইতিহাস পুননিৰ্মাণৰ সমলৰ পৰা… পৰৱৰ্তী বৈদিক যুগৰ ধৰ্ম আৰু দৰ্শনলৈ
2দ্বিতীয় নগৰীকৰণ, মহাজনপদৰ পৰা….. গ্ৰীকসকলৰ অভিযান আৰু ফলাফললৈ
3পৰৱৰ্তী মৌর্যযুগৰ পৰা…. সংগম যুগ- সাহিত্য, সমাজ আৰু সংস্কৃতিলৈ
4গুপ্ত সাম্ৰাজ্যৰ পৰা…. পৰৱৰ্তী গুপ্ত যুগ, হর্ষবর্ধন; সামন্ত প্রথালৈ
5উত্তৰ ভাৰতত ৰাজপুতসকলৰ উত্থানৰ পৰা….. আৰবসকল – ঘজনবী আৰু ঘোৰীলৈ

২। সিন্ধু সভ্যতাৰ সময়ত আবিষ্কৃত কেইখনমান ঠাই বা চহৰৰ নাম লিখা।

উত্তৰঃ সিন্ধু সভ্যতাৰ সময়ত বহুতো ঠাই উদ্ধাৰ কৰা হৈছে। এই ঠাইসমূহ হ’ল লোথালা (গুজৰাট), চান হুদাৰো (সিন্ধু প্রদেশ), কালিবাগান (ৰাজস্থান), ৰূপাৰ (হাৰিয়ানা) আদি।

৩। প্রাচীন ভাৰতৰ ইতিহাস ৰচনাৰ ক্ষেত্ৰত বৈদিক সাহিত্যই কিদৰে সহায় কৰে? -চমুকৈ আলোচনা কৰা।

উত্তৰ: প্রাচীন ভাৰতৰ আৰ্য সংস্কৃতিৰ বিষয়ে জানিবলৈ আমাক সহায় কৰা প্ৰধান সমলটোৱেই হৈছে বৈদিক সাহিত্য। বৈদিক সাহিত্যৰ প্ৰথম আৰু প্ৰধান গ্রন্থ হৈছে ‘বেদ’। ‘বিদ’ ধাতুৰপৰা ‘বেদ’ৰ উৎপত্তি হৈছে। যাৰ অৰ্থ বিদ্যা বা জ্ঞান। বেদ হৈছে হিন্দু সভ্যতাৰ মূল ভেটিস্বৰূপ। বেদক ভগৱানৰ মুখৰ বাণী বুলি বিশ্বাস কৰিছিল। প্ৰথম অৱস্থাত বেদ লিখিত ৰূপত নাছিল, পৰম্পৰাগতভাৱে বেদ মুখস্থ কৰি মনত ৰখা হৈছিল আৰু পুৰুষাণুক্রমে এইবোৰ আওৰোৱা হৈছিল। সেইবাবেই বেদক ‘শ্রুতি’ বোলা হৈছিল। লিপি উদ্ভাৱন হোৱাৰ পিছতহে বেদ লিখিত ৰূপত পোৱা গৈছিল। বেদ চাৰিখন- ঋক্, যজু, সাম আৰু অথর্ব বেদ। প্ৰতিখন বেদৰে চাৰিটাকৈ ভাগ আছে। সেয়া হ’ল- সংহিতা, ব্রাহ্মণ, আৰুণ্যক আৰু উপনিষদ।

চাৰিখন বেদৰ ভিতৰত ঋগ্বেদেই আটাইতকৈ প্রাচীন আৰু প্ৰধান বেদ। বৈদিক যুগত ৰচনা হোৱা কোনো গ্রন্থৰে সঠিক সময় নাজানিলেও পণ্ডিতসকলে অনুমান কৰিছে যে আৰ্যসকলে পঞ্জাব আৰু সপ্তসিন্ধু অঞ্চলত বসবাস কৰি থাকোঁতেই আনুমানিক খ্রীঃপূঃ ১৫০০ৰ পৰা খ্ৰীঃপূঃ ১০০০ৰ আগতেই ঋগ্বেদ আৰু খ্ৰীঃপুঃ ৬০০ৰ ভিতৰত বাকী তিনিখন বেদ ৰচনা কৰা হৈছিল। বিশ্বাস কৰা হয় যে বেদসমূহ মানুহৰদ্বাৰা ৰচিত নহয়, ভগৱানে কোনোবা ঋষিৰদ্বাৰা লেখাইছিল। আনহাতে, উপবেদ, বেদাংগ, ধর্মশাস্ত্র, সূত্র সাহিত্য আদি মানুহৰদ্বাৰা ৰচনা কৰা হৈছিল।

► ৰচনাধৰ্মী প্রশ্নোত্তৰ:

১। হৰপ্পা সভ্যতাক সিন্ধু উপত্যকাৰ সভ্যতা বুলি কিয় কোৱা হয়? হৰপ্পা সভ্যতাৰ বৈশিষ্ট্যসমূহৰ বিষয়ে লিখা।

উত্তৰঃ ১৯২২-২৩ চনত তিনিজন প্রত্নতত্ত্ববিদ ক্রমে ৰাখাল দাস বেনাৰ্জী, দয়াৰাম চাহানী আৰু চাৰজন মার্চেলে খনন কাৰ্যৰ দ্বাৰা হৰপ্পা আৰু মহেঞ্জোদাৰো নগৰত এক জাতীয় সভ্যতাৰ ধ্বংসাৱশেষ আৱিষ্কাৰ কৰে। খনন কাৰ্যত পোৱা বেছিভাগ নগৰেই আছিল সিন্ধু নদীৰ পাৰত অৱস্থিত। সেয়েহে এই সভ্যতাক সিন্ধু উপত্যকাৰ সভ্যতা বুলি জনা যায়। যিহেতু এই সভ্যতা প্রথমতে হৰপ্পাত আৱিষ্কৃত হৈছিল সেয়েহে কিছুমান পণ্ডিতে এই সভ্যতাক হৰপ্পা সভ্যতা বুলি নামকৰণ কৰে। হৰপ্পা সভ্যতাৰ মূল বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা ধৰণে আলোচনা কৰিব পাৰি।

(ক) নগৰীয়া সভ্যতা: মহেঞ্জোদাৰো আৰু হৰপ্পা নামৰ নগৰ দুখন অতি সুন্দৰ প্রণালীৰে গঢ়া নগৰ আছিল। নগৰ দুখনৰ নিৰ্মাণকাৰ্য অতি উন্নতধৰণৰ আছিল। বাট-পথবোৰ পকা আৰু আহল-বহল আছিল। ৰাজপথৰ দুয়ো কাষে ইটাৰে শৃংখলা লগাই সজা শাৰী শাৰী ঘৰ আছিল। প্ৰতিঘৰৰ লগতে একোটাকৈ পকী নাদ, পণ্য সামগ্রী চলাচল কৰিবলৈ নিৰ্মাণ কৰা সুন্দৰ খালেৰে পৰিপূৰ্ণ আছিল। ব্যৱহাৰ কৰা পানী ওলাই যোৱাৰ কাৰণে সুন্দৰ নৰ্দমাৰ ব্যৱস্থা কৰা হৈছিল। এই নগৰৰ মাজভাগত থকা সুবৃহৎ স্নানাগাৰটো আছিল অতি উল্লেখযোগ্য। ই প্রায় ১৮০ ফুট দীঘল আৰু ১০৮ ফুট বহল আছিল। ইয়াৰ মাজত এটা ডাঙৰ পুখুৰীও আছিল। সেয়ে এইটো নিঃসন্দেহে ক’ব পৰা যায় যে এনে পৰিকল্পিত নগৰীয়া জীৱনৰ প্ৰমাণ সেই যুগত অন্য কোনো ঠাইতে পোৱা বিৰল।

(খ) অর্থনৈতিক আৰু সামাজিক দিশ: এই দুই নগৰৰ অধিবাসীসকলে অর্থনৈতিক আৰু সামাজিক দিশত ব্যৱহাৰ কৰা বহুতো নিদর্শন পোৱা গৈছে। এই নিদর্শনে দুই নগৰৰ জনসাধাৰণৰ কাৰিকৰী দিশৰ শ্ৰেষ্ঠতাকে প্রতিপন্ন কৰে। নানা সুন্দৰ কাৰৰুকাৰ্যৰে সুশোভিত মাটি আৰু তামৰ পাত্ৰ আদিয়ে আৰু মোহৰত অংকিত কৰা ফল আৰু অন্যান্য প্রতিকৃতিয়ে সেই যুগৰ শিল্পকলা আৰু প্ৰতিভাৰ নিদৰ্শন দাঙি ধৰে।

হৰপ্পাত উদ্ধাৰ হোৱা দুটা শিলামূর্তিয়ে সেই কালৰ ভাস্কৰ্য শিল্পৰ শ্ৰেষ্ঠ বৈশিষ্ট্য। সোণ, ৰূপ আৰু হাতীৰ দাঁতৰ বিভিন্ন অলংকাৰো সেই যুগৰ শ্ৰেষ্ঠ নিদর্শন। ল’ৰা-ছোৱালীৰ খেলাৰ পুতলাৰ নানা নিদর্শন পোৱা গৈছে। খেলৰ সামগ্ৰীৰ ভিতৰত গাড়ী আৰু চকী উল্লেখযোগ্য।

(গ) কৃষি-পশুপালন: কৃষি আৰু পশুপালন সিন্ধু সভ্যতাৰ ঘাই বৈশিষ্ট্য আছিল। কৃষি আৰু পশুপালন আছিল মানুহৰ জীৱিকাৰ প্ৰধান আহিলা। কৃষি পদ্ধতি অতি উন্নত ধৰণৰ আছিল, সেই বিষয়ে সন্দেহ নাই। জলসিঞ্চন পদ্ধতিৰে উন্নত ধৰণৰ খেতি কৰিছিল। সাধাৰণতে গম আৰু যৱ ধানৰ খেতি কৰিছিল। সমূহীয়া ভঁৰালৰ জৰিয়তে উৎপাদিত শস্যসমূহ সংৰক্ষণ কৰি ৰাখিছিল। গৰু, হাতী, গাহৰি, ভেঁড়া আদি জন্তু পুহিছিল। খননকার্যত পোৱা বিভিন্ন জঁকা আৰু মুদ্রাত থকা জন্তুৰ মূৰ্তিৰপৰা সাধাৰণতে সিন্ধু উপত্যকাৰ মানুহে যে পশুপালন কৰিছিল, তাৰ বিষয়ে জানিব পাৰি। অৱশ্যে ঘোঁৰাৰ ব্যৱহাৰ কৰাৰ প্রমাণ পোৱা নাযায়।

(ঘ) ব্যৱসায় আৰু বাণিজ্য: বিভিন্ন দেশৰ মাজত চলা ব্যবসায়-বাণিজ্যও সিন্ধু উপত্যকাৰ সভ্যতাৰ আন এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। জলপথ আৰু স্থলপথেৰে বিভিন্ন দেশৰ লগত ব্যৱসায়-বাণিজ্য চলিছিল। বিভিন্ন ঠাইৰ বস্তু, বিভিন্ন ধৰণৰ প্ৰসাধন সামগ্রী বাহিৰৰ পৰা আমদানি কৰা হৈছিল। নাৰী সমাজে ওঁঠত ৰং লগোৱাৰ প্ৰমাণ পোৱা যায়।

(ঙ) ধর্মঃ সিন্ধু উপত্যকাৰ জনসাধাৰণৰ ধৰ্মমত সম্বন্ধে সঠিককৈ কোৱা টান। কিন্তু তাত পোৱা বিভিন্ন চিত্ৰসমূহৰ পৰা অনুমান কৰিব পাৰি যে শিৱ আৰু দুর্গা পূজাৰ প্ৰচলন আছিল। গছ আৰু জীৱ-জন্তুকো পূজা-পাতল দিয়া হৈছিল বুলি অনুমান কৰা যায়। মৃতদেহ দাহন কৰা বা সমাধিস্থ কৰা দুয়োটা প্রথা প্রচলন আছিল। পণ্ডিত মার্চেল ছাহাবৰ মতে, সিন্ধু উপত্যকাৰ ধৰ্ম অনুসৰি ভাৰতীয় ভাবাপন্ন আছিল আৰু প্ৰচলিত হিন্দুধৰ্মৰ লগত ইয়াৰ পাৰ্থক্য অতি সামান্য।

২। প্রাচীন ভাৰত বুৰঞ্জীৰ সমলসমূহৰ বিষয়ে লিখা।

উত্তৰ : প্ৰাচীন ভাৰত বুৰঞ্জীৰ সমলসমূহৰ বিষয়ে তলত আলোচনা কৰা হ’ল-

(i) প্রত্নতাত্ত্বিক সমল: প্রাচীন ভাৰতৰ প্ৰত্নতাত্ত্বিক সমলবোৰ হ’ল-

(ক) খনন কাৰ্যৰ পৰা পোৱা সমল: প্রাচীন ভাৰতত খনন কাৰ্যৰ যোগেদি হৰপ্পা আৰু মহেঞ্জোদাৰোত উদ্ধাৰ হোৱা ধ্বংসাবশেষসমূহে আর্যসকল ভাৰতলৈ অহাৰ বহু পূর্বে ভাৰতত গঢ়ি উঠা উচ্চ মানদণ্ডৰ নগৰীয়া সভ্যতাৰ পৰিচয় দিয়ে। তক্ষশিলাৰ খনন কাৰ্যই কৃষাণসকলৰ বিষয়ে তথ্য যোগান ধৰে। একেদৰে পাটলিপুত্ৰৰ ধ্বংসাৱশেষসমূহে মৌৰ্যসকলৰ প্ৰাচীন ৰাজধানী চহৰৰ গাঁথনিৰ আভাস দিয়ে। সৰনাথৰ খনন কার্যই অশোক আৰু বৌদ্ধধৰ্মৰ তথ্যৰ যোগান ধৰে।

(খ) ফলিসমূহঃ প্রত্নতাত্ত্বিক সময়ত শিল, খুঁটা বা ফলি আদিত লিপিসমূহ খোদিত কৰা হৈছিল। ইয়াত সংস্কৃত, পালি, তামিল, কানাড়া আদি ভাষা ব্যৱহাৰ কৰা হৈছিল। ভাৰতৰ প্ৰায় সকলো ঠাইতে পোৱা অশোকৰ ফলিসমূহেই হৈছে উদ্ধাৰ হোৱা ফলিবোৰৰ ভিতৰত প্রাচীন। এই ফলিসমূহে তেওঁৰ শাসন ব্যৱস্থা, ধর্মীয় জীৱন আদিৰ বিৱৰণ দিয়ে।

(গ) মুদ্রাসমূহ: প্রত্নতাত্ত্বিকসকলৰ অন্যতম নিদর্শন হৈছে মুদ্রাসমূহ। বুৰঞ্জীৰ ক্ৰম নির্ণয় কৰাত এই মুদ্রাসমূহে বিশেষভাৱে সহায় কৰে। মুদ্রাসমূহে ৰজাৰ ক্ষমতা, সাম্ৰাজ্যৰ পৰিসীমা, ৰজাৰ ধৰ্ম, অর্থনৈতিক অবস্থা আদিৰ বিষয়ে তথ্য যোগান ধৰে। সমুদ্রগুপ্তৰ এটা মুদ্রাত তেওঁক হাতত বীণা লৈ বহি থকা দেখুওৱা হৈছে। ৰজাসকলে গ্রহণ কৰা বিভিন্ন উপাধিসমূহ, পালন কৰা অশ্বমেধ যজ্ঞ আৰু বৈদেশিক সম্পৰ্কৰ বিষয়ে জনাৰ ক্ষেত্রত মুদ্রাসমূহে সহায় কৰে।

(ঘ) শিল্পকলা, চিত্র, স্থাপত্য-ভাস্কর্যসমূহঃ শিল্পকলা, চিত্র, স্থাপত্য-ভাস্কর্যসমূহ হৈছে প্রত্নতাত্ত্বিক সমলৰ আন এক নিদর্শন। এইবোৰৰপৰা আৰ্থ-সামাজিক আৰু ধর্মীয় অবস্থা, বিজ্ঞানৰ উন্নতি, উপাস্য দেৱ-দেৱীৰ ধাৰণা বা ধৰ্মীয় সহনশীলতা আদি সংস্কৃতিক বুৰঞ্জীৰ জ্ঞান পাব পাৰি।

(ii) বৈদেশিক সমলসমূহ: প্রাচীন ভাৰত বুৰঞ্জীৰ সমলসমূহৰ ভিতৰত বৈদেশিক সমলসমূহো বিশেষভাবে উল্লেখযোগ্য।

সেইসমূহ তলত উল্লেখ কৰা হ’ল-

বৈদেশিক সমলসমূহে বিদেশী ভ্রমণকাৰীসকলৰ বিৱৰণীকে সূচায়। চীনা লেখকসকলৰ টোকাৰপৰাই কৃষাণ আৰু ইউ চিসকলৰ ভাৰতৰ আক্ৰমণৰ বিষয়ে জনা যায়। গুপ্ত সম্রাট দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্ব কালত ভাৰত ভ্ৰমণ কৰা চীন দেশৰ পৰিব্ৰাজক ফাহিয়ানে ভাৰতৰ আর্থ-সামাজিক, ৰাজনৈতিক, ধর্মীয় বিৱৰণযুক্ত বিস্তৃত বিৱৰণী দি গৈছে। হর্ষবর্ধনৰ সময়ত ভ্রমণকাৰী হিউৱেন ছাঙেও ভাৰত বুৰঞ্জীৰ সকলো দিশৰ বিৱৰণযুক্ত চি-ইউ কি নামৰ পুথি ৰচনা কৰি গৈছে। সেইদৰে জাস্টিন, প্লিনি আদি লেটিন ভাষাৰ লেখকসকলৰ লিখিনিৰপৰাও ভাৰতৰ ৰাজনৈতিক গাঁথনিৰ আভাস পোৱাৰ লগতে পশ্চিমৰ দেশসমূহৰ লগত ভাৰতৰ সম্পৰ্কৰ কথা জানিব পাৰি। এইদৰে দেখা যায় যে প্রাচীন ভাৰতৰ লিখিত কোনো বুৰঞ্জী নাথাকিলেও উপৰোক্ত সমলসমূহ অধ্যয়ন কৰি শুদ্ধ তথ্যবোৰ বাছি উলিয়াব পাৰিলে প্রাচীন ভাৰতৰ এখন বুৰঞ্জী প্ৰস্তুত কৰিব পৰা যাব।

(ক) সাহিত্যৰ সমল: প্রাচীন ধর্মীয় সাহিত্যসমূহৰপৰা ভাৰতৰ ৰাজনৈতিক আৰু সামাজিক জীৱনৰ বিষয়ে জানিব পাৰি। এই ধর্মীয় সাহিত্যসমূহক ব্রহ্মণ্য, বৌদ্ধ আৰু জৈন- এই তিনি শ্রেণীত বিভক্ত কৰিব পাৰি। ব্রাহ্মণ্য সাহিত্যসমূহৰ ভিতৰত বেদসমূহ হৈছে সকলোতকৈ উল্লেখযোগ্য। বৈদিক সাহিত্যসমূহৰপৰা আৰ্য আৰু অনাৰ্যসকলৰ সংঘর্ষ, ঋগ্বেদৰ যুগত ‘সভা’ আৰু ‘সমিতি’ৰ গুৰুত্ব, পৰৱৰ্তী কালত এইবোৰৰ অৱনমিত ক্ষমতা, আৰ্যসকলৰ সামাজিক গাঁথনি, ধর্মীয় জীৱন আদিৰ বিষয়ে জানিব পাৰি। বেদসমূহৰ ভিতৰত ঋগ্বেদ হৈছে সকলোতকৈ পুৰণি। সামবেদ, যজুর্বেদ আৰু অথর্ববেদ হৈছে পিছত সৃষ্টি হোৱা।

(খ) মহাকাব্যঃ ব্রাহ্মণ্য সাহিত্যসমূহৰ ভিতৰত অন্যতম সৃষ্টি ‘ব্রামায়ণ’ আৰু ‘মহাভাৰত’। এই মহাকাব্য দুখনৰপৰা পৰৱৰ্তী আৰ্যসকলৰ আৰ্থ-সামাজিক, ৰাজনৈতিক জীৱনৰ জ্ঞান পোৱা যায়। সেইদৰে পুৰণাসমূহে প্রাচীন ভাৰতৰ বিভিন্ন ৰাজবংশবোৰ ক্ৰমানুসাৰে সজোৱাত সহায় কৰে। তদুপৰি এইবোৰত থকা বিভিন্ন আখ্যানসমূহৰো বুৰঞ্জীমূলক গুৰুত্ব অসীম।

(গ) বৌদ্ধ আৰু জৈন সাহিত্য: বৌদ্ধ আৰু জৈনধর্মীয় সাহিত্যসমূহো ভাৰত বুৰঞ্জীৰ মূল্যবান সমল। পালি ভাষাত ৰচিত বৌদ্ধধর্মীয় সাহিত্যসমূহক জাতক, পিটক আৰু নিকায়- এই তিনিটা ভাগত ভগোৱা হয়। এইবোৰৰপৰা বৌদ্ধধৰ্ম আৰু বুদ্ধদেৱৰ জীৱনৰ লগতে সমসাময়িক ভাৰতৰ সামাজিক আৰু ধৰ্মীয় জীৱনৰ বিষয়ে জানিব পাৰি। পালি ভাষাত লিখা দ্বীপবংশ, মহাবংশ, মিলিন্দা আদি পুথি আৰু বৌদ্ধ পণ্ডিত বসবন্ধু, নাগার্জুন, অশ্বাংগ আদিৰ লিখনিসমূহ মূল্যৱান সমল।

(ঘ) পাণিনি আৰু পতঞ্জলিৰ ব্যাকৰণঃ পাণিনি আৰু পতঞ্জলিৰ ব্যাকৰণসমূহৰপৰা খ্রীঃ পূঃ আৰু দ্বিতীয় শতিকাৰ ভাৰতৰ অৱস্থা আৰু বিশেষকৈ গ্ৰীকসকলৰ ভাৰত আক্ৰমণৰ বিষয়ে জানিব পাৰি। আকৌ আৰ্যভট্টৰ দ্বাৰা ৰচিত ‘সূর্য সিদ্ধান্ত’, ‘শাসুৰ সিদ্ধান্ত’ চৰকাৰৰ দ্বাৰা ৰচিত ‘চৰক সংহিতা’ আদি পুথিও বুৰঞ্জীমূলক সমলৰ আকৰ। তদুপৰি খ্রিষ্টীয় প্রথম, নৱম আৰু চতুর্দশ শতিকাৰ তামিল সাহিত্যসমূহৰপৰা দক্ষিণ ভাৰতৰ পাণ্ড্য, চেৰ, চোল, পল্লব, ৰাষ্ট্ৰকূট আদি ৰাজবংশবোৰৰ বিষয়ে জানিব পাৰি।

(ঙ) বুৰঞ্জীমূলক গ্রন্থ: বুৰঞ্জীমূলক গ্রন্থ, যেনে- দ্বীপবংশ, মহাবংশ আদিৰপৰা ভাৰত আৰু শ্রীলংকাৰ বৌদ্ধধৰ্ম প্ৰসাৰৰ জ্ঞান পোৱা যায়। এইবোৰৰপৰা দক্ষিণ ভাৰতৰ ৰাজনৈতিক অৱস্থাৰো আভাস পোৱা যায়। প্রাচীন ভাৰতৰ সকলোতকৈ উল্লেখযোগ্য পুথি হ’ল কলহনৰ ৰাজতৰংগিণী। ইয়াত আৰম্ভণিৰপৰা দ্বাদশ শতিকালৈকে কাশ্মীৰৰ বুৰঞ্জী পোৱা যায়। ইয়াত উল্লেখ পোৱা সমসাময়িক ভাৰতৰ আন আন ৰাজ্যৰ বিৱৰণীয়ে সেই ৰাজ্যবোৰৰ বিষয়ে জনাত সহায় কৰে।

(চ) ৰাজনীতি সম্বন্ধীয় গ্রন্থঃ ৰাজনীতি সম্বন্ধীয় গ্রন্থ, যেনে- কৌটিল্যৰ ‘অর্থশাস্ত্র’, কামান্দৰৰ ‘নীতিশাস্ত্ৰ’ আদিয়েও প্রাচীন ভাৰত বুৰঞ্জী অধ্যয়নত সহায় কৰে। কৌটিল্যৰ অর্থশাস্ত্রক সমসাময়িক ভাৰতৰ সকলোতকৈ উৎকৃষ্ট গ্রন্থ আখ্যা দিয়া হয়। ইয়াৰপৰা মৌর্য শাসন ব্যৱস্থা আৰু সমসাময়িক আর্থ-সামাজিক অৱস্থাৰ বিষয়ে জানিব পাৰি। গুপ্তযুগত ৰচিত কামান্দকৰ ‘নীতিশাস্ত্ৰ’ৰপৰা গুপ্তযুগৰ বিষয়ে জানিব পাৰি।

(ছ) অন্যান্য পুথি: জীৱনীমূলক গ্রন্থসমূহ, বুৰঞ্জীমূলক পুথি, ৰাজনীতি সম্বন্ধীয় পুথি, নাটক, বিজ্ঞান আৰু কাৰিকৰী জ্ঞান সম্বন্ধীয় পুথি, চিকিৎসা সম্বন্ধীয় পুথি, জ্যোতিষ আৰু গণিত পুথিসমূহেও শুদ্ধ তথ্য যোগান ধৰাত সহায় কৰে। কণিষ্কৰ সমসাময়িক অশ্বঘোষৰদ্বাৰা ৰচিত ‘বুদ্ধ চৰিত’ বাণভট্টৰ ‘হৰ্ষ চৰিত’, কনৌজৰ ৰজা যন্বেৰ্মনৰ পৃষ্ঠপোষকতাত বাক্‌পতিৰদ্বাৰ ৰচিত ‘গৌড়বাহ কাব্য’, ‘ৰাম চৰিত’, ‘কুমাৰপাল চৰিত’ আদি উল্লেখযোগ্য চৰিত পুথি, কালিদাসৰ ৰঘুবংশ, মালবিকাগ্নিমিত্র, বিশাখাদত্তৰ মুদ্রাৰাক্ষস আদি নাটকসমূহে বুৰঞ্জীমূলক তথ্যৰ যোগান ধৰে।

Leave a comment