BA 1st Semester History Chapter 2 Question Answer Assamese Medium 2025 |  দ্বিতীয় নগৰীকৰণ, মহাজনপদৰ পৰা….. গ্ৰীকসকলৰ অভিযান আৰু ফলাফললৈ পাঠটোৰ সকলো প্ৰশ্নোত্তৰ | BA 1st Semester History Unit 2 Question Answer Assamese Medium 2025 | ba 1st semester history question answer

BA 1st Semester History Chapter 2 Question Answer Assamese Medium 2025 |  দ্বিতীয় নগৰীকৰণ, মহাজনপদৰ পৰা….. গ্ৰীকসকলৰ অভিযান আৰু ফলাফললৈ পাঠটোৰ সকলো প্ৰশ্নোত্তৰ | BA 1st Semester History Unit 2 Question Answer Assamese Medium 2025 | ba 1st semester history question answer

গোট : 2

[a] দ্বিতীয় নগৰীকৰণ; ক্ষেত্ৰীয় ৰাজ্যৰ উত্থান- মহাজনপদ

[b] উত্তৰ ভাৰতত ধৰ্মীয় আন্দোলন-জৈনধর্ম আৰু বৌদ্ধধৰ্ম

[c] মৌর্যসকল- প্রশাসনিক ব্যবস্থা, সমাজ আৰু অর্থনীতি; অশোকৰ ধৰ্ম্ম; মৌৰ্যসকলৰ পতন

[d] গ্রীকসকলৰ অভিযান আৰু ফলাফল

► অতি চমু প্রশ্নোত্তৰ :

১। বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন?

উত্তৰ: গৌতম বুদ্ধ হ’ল বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক।

২। মহাবীৰ কিমান তম তীর্থংকৰ আছিল?

উত্তৰ: মহাবীৰ ২৪তম তীর্থংকৰ আছিল।

৩। জৈন ধৰ্মৰ চতুৰ্থাম নীতি বুলিলে কি বুজা?

উত্তৰঃ চতুৰ্থাম মানে হ’ল চাৰিটা নীতি। সেইকেইটা হ’ল- সত্যকথা কোৱা, চুৰি নকৰা, অহিংসা আৰু মায়াৰ পৰা মুক্ত হোৱা।

৪। বৌদ্ধ পিটক কেইখন আৰু কি কি?

উত্তৰ: বৌদ্ধ পিটক হ’ল তিনিখন। সেইকেইখন হ’ল- বিনয় পিটক, সূত্তপিটক আৰু অভিধর্ম পিটক।

৫। অষ্টমার্গ বুলিলে কি বুজা?

উত্তৰ: সৎ বাক্য, সৎ কর্ম, সৎ জীৱন, সৎ প্রচেষ্টা, সৎ চিন্তা, সৎ চেতনা, সৎ প্রতিজ্ঞা আৰু সৎ দর্শন বা সম্যক সমাধি এই আঠটাই হ’ল অষ্টমার্গ।

৬। গৌতম বুদ্ধৰ জন্মস্থান হ’ল কপিলাবস্তু/বুদ্ধগয়া/বৈশালী/লুম্বিনী।

উত্তৰঃ লুম্বিনী।

৭। মৌর্য বংশৰ প্ৰতিষ্ঠাতাজন কোন?

উত্তৰঃ চন্দ্ৰগুপ্ত মৌর্য হ’ল মৌর্য বংশৰ প্ৰতিষ্ঠাতা।

৮। অর্থশাস্ত্র কোনে ৰচনা কৰিছিল?

উত্তৰ: অর্থশাস্ত্র কৌটিল্য বা চাণক্যই ৰচনা কৰিছিল।

৯। মৌর্য বংশৰ শ্ৰেষ্ঠ ৰজা বুলি কাক কোৱা হয়?

উত্তৰ: অশোকক মৌর্য বংশৰ শ্ৰেষ্ঠ ৰজা বুলি কোৱা হয়।

১০। দেৱনাথ প্রিয় উপাধি কোনে গ্রহণ কৰিছিল?

উত্তৰঃ দেৱনাথ প্রিয় উপাধি অশোকে গ্রহণ কৰিছিল।

১১। যুদ্ধ বিজয়ক কোনে ধর্ম বিজয় বুলি কৈছিল?

উত্তৰ: আশোকে যুদ্ধ বিজয়ক পিছলৈ ধর্ম বিজয় হিচাপে ঘোষণা কৰিছিল।

১২। কেতিয়া কলিংগৰ যুদ্ধ সংঘটিত হৈছিল?

উত্তৰঃ খ্রীঃপূঃ ২৫০ত সংঘটিত হৈছিল।

১৩। ধর্ম বুলিলে কি বুজা?

উত্তৰঃ ধৰ্ম হ’ল সংস্কৃত ভাষাৰ ধৰ্ম শব্দৰ প্ৰাকৃত ভাষাৰূপ, যাৰ অৰ্থ হ’ল বিশ্বজনীন নীতি বা ধর্মনিষ্ঠা।

১৪। অশোকে ভাৰত আৰু আফগানিস্তানত মুঠ কিমানটা স্তুপ নিৰ্মাণ কৰাইছিল?

উত্তৰ: অশোকে ভাৰত আৰু আফগানিস্তানত প্রায় ৮৪,০০০টা স্তুপ নিৰ্মাণ কৰাইছিল।

১৫। খ্রীঃপূঃ ৩৩৪ শতিকাত সংঘটিত হোৱা ইচাচৰ যুদ্ধত আলেকজেণ্ডাৰে কাক পৰাজিত কৰিছিল?

উত্তৰ: পাৰ্চিয়ান ৰজা ডাৰিয়াছক পৰাজিত কৰিছিল।

► চমু প্রশ্নোত্তৰ :

১। প্রাচীন মগধ ৰাজ্যৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ: প্রাচীন ভাৰতৰ শক্তিশালী প্ৰথমখন ৰাজ্য আছিল মগধ। এই ৰাজ্য প্রথমে পাটনা আৰু বিহাৰৰ গয়া অঞ্চলেৰে গঠিত আছিল। সোণ আৰু গংগা নদীয়ে এই ৰাজ্যখন ঘেৰি আছিল। ইয়াৰ আদি ৰাজধানী আছিল গিৰিব্ৰজ। প্রাচীন পাটলিপুত্ৰ বা আধুনিক পাটনা এই ৰাজ্যৰ নতুন ৰাজধানী হৈছিল। গৌতম বুদ্ধৰ সময়ত বিম্বিসাৰ মগধ ৰজা আছিল। পিছলৈ মগধ শক্তিশালী ৰাজ্য আৰু উত্তৰ ভাৰতৰ মুখ্য শক্তি হিচাপে পৰিগণিত হৈছিল।

২। জৈন ধৰ্মৰ মতবাদ কেইটা আৰু কি কি?

উত্তৰঃ জৈন ধৰ্মৰ মতবাদ পাঁচটা। এই মতবাদকেইটা হ’ল-

(ক) মিছা কথা নোকোৱা

(খ) হিংসা নকৰা

(গ) চুৰি নকৰা

(ঘ) সম্পত্তি অৰ্জনৰ পৰা বিৰত থকা আৰু

(ঙ) ব্রহ্মচার্য।

S. NoBA 1st Semester History solution – All Units
1প্ৰাচীন ভাৰতৰ ইতিহাস পুননিৰ্মাণৰ সমলৰ পৰা… পৰৱৰ্তী বৈদিক যুগৰ ধৰ্ম আৰু দৰ্শনলৈ
2দ্বিতীয় নগৰীকৰণ, মহাজনপদৰ পৰা….. গ্ৰীকসকলৰ অভিযান আৰু ফলাফললৈ
3পৰৱৰ্তী মৌর্যযুগৰ পৰা…. সংগম যুগ- সাহিত্য, সমাজ আৰু সংস্কৃতিলৈ
4গুপ্ত সাম্ৰাজ্যৰ পৰা…. পৰৱৰ্তী গুপ্ত যুগ, হর্ষবর্ধন; সামন্ত প্রথালৈ
5উত্তৰ ভাৰতত ৰাজপুতসকলৰ উত্থানৰ পৰা….. আৰবসকল – ঘজনবী আৰু ঘোৰীলৈ

৩। বৌদ্ধ ধৰ্মৰ মূল বৈশিষ্ট্য বা মহান সত্য কেইটা আৰু কি কি?

উত্তৰ: বৌদ্ধ ধৰ্মৰ মূল বৈশিষ্ট্য বা মহান সত্য চাৰিটা। এই সত্যকেইটা হ’ল-

(ক) এই পৃথিৱীখন দুখ-কষ্টৰে ভৰপূৰ।

(খ) সমগ্র দুখ-কষ্টৰ মূল হ’ল মানুহৰ আকাংক্ষা।

(গ) যদি আশা-আকাংক্ষা জয় কৰিব পৰা যায়, তেতিয়া হ’লে মুক্তি লাভ কৰিব পাৰি।

(ঘ) অষ্টমার্গ বা আঠটা মূলমন্ত্র অনুকৰণ কৰিলে নির্বাণ বা মুক্তি লাভ কৰিব পাৰি।

৪। অষ্টমার্গ বা আঠটা মূলমন্ত্র কি কি?

উত্তৰ: অষ্টমার্গ বা আঠটা মূলমন্ত্র হ’ল- সৎ ধাৰণা, সৎ সিদ্ধান্ত, সৎ বাক্য, সৎ আচৰণ, সৎ দৃষ্টি, সৎ চেষ্টা, সৎ স্মৃতি আৰু সৎ ধ্যান।

৫। মৌর্য আৰু গ্ৰীকসকলৰ সম্বন্ধৰ বিষয়ে লিখা।

উত্তৰঃ খ্রীঃপূঃ ষষ্ঠ শতিকাত ভাৰতবৰ্ষৰ ৰাজনৈতিক অৱস্থা সুস্থিৰ নাছিল। আঞ্চলিকভাৱে উত্থান ঘটা ৰজা-মহাৰজাবোৰৰ মাজত কোনো মিলাপ্রীতি নাছিল। এনে অৱস্থাৰ সুযোগ গ্ৰহণ কৰি গ্ৰীকবীৰ তথা মেচিডনৰ ৰজা মহাবীৰ আলেকজেণ্ডাৰে ভাৰত আক্রমণ কৰে। তেওঁ ভাৰতৰ কিছু অংশ নিজৰ অধীনলৈ আনিছিল। পিছত প্রধান সেনাপতি চেলুকচৰ হাতত ভাৰতৰ শাসনভাৰ গতাই দি আলেকজেণ্ডাৰ গ্ৰীচলৈ উভতি যায়।

মৌৰ্যসকলৰ লগত গ্ৰীকসকলৰ সম্পৰ্ক যে কেৱল সাম্রাজ্য বিস্তাৰতে সীমাবদ্ধ আছিল তেনে নহয়, দুয়ো দেশৰ মাজত বন্ধুত্বপূর্ণ সম্পর্কও স্থাপন হৈছিল। এই সম্পর্কই পিছলৈ সাংস্কৃতিৰ পৰিৱেশ গঠনত সহায় কৰিছিল। ইয়াৰোপৰি মৌৰ্যসকলে আৰু চেলুকচৰ লগতে পশ্চিমাঞ্চলৰ গ্ৰীক ৰাজ্যসমূহৰ লগতো কটকীৰ আদান-প্রদান আৰম্ভ কৰিছিল। উদাহৰণস্বৰূপে, মেগাস্থিনিচ নামৰ এজন কটকী মৌৰ্য ৰাজসভালৈ প্ৰেৰণ কৰিছিল। মেগাস্থিনিচ কিছুদিন মগধৰ ৰাজধানী পাটলিপুত্ৰত থাকিছিল। পিছত তেওঁ ভাৰতত আহৰণ কৰা অভিজ্ঞতাবোৰ ইণ্ডিকা নামৰ এখন পুথিৰ জৰিয়তে লিপিবদ্ধ কৰিছিল। এই ইণ্ডিকা নামৰ গ্ৰন্থখনৰপৰা সেই সময়ৰ ভাৰতৰ বিষয়ে বহুতো তথ্য লাভ কৰিব পাৰি।

৬। কলিংগ অভিযানে অশোকৰ জীৱনত কি প্ৰভাৱ পেলাইছিল?

উত্তৰ: অশোকৰ শাসনকালৰ উল্লেখযোগ্য ঘটনা হ’ল খ্রীঃপূঃ ২৬০ত সংঘটিত হোৱা কলিংগ যুদ্ধ। কলিংগৰ প্ৰচুৰ সম্পদ আহৰণ কৰাটোৱেই কলিংগ যুদ্ধৰ মূল কাৰণ বুলি কোৱা হয়। উল্লেখযোগ্য যে এই যুদ্ধত হাজাৰ হাজাৰ মানুহৰ মৃত্যু ঘটিছিল। যুদ্ধক্ষেত্র তেজেৰে ৰাঙলী হৈ পৰিছিল। এনে নৰহত্যাৰ বীভৎস্য ৰূপে অশোকৰ মনত গভীৰ ৰেখাপাত কৰিছিল। ইয়াৰ বাবে তেওঁৰ মনত নানা অনুশোচনাৰ সৃষ্টি হৈছিল। এনে অনুশোচনাৰ ফলশ্রুতি হিচাপে অশোকে ভৱিষ্যতে যুদ্ধ নকৰোঁ বুলি প্রতিজ্ঞাবদ্ধ হৈছিল। এই ঘটনাৰ পিছত তেওঁ বৌদ্ধ ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈছিল। এই ঘটনাৰ প্ৰায় আঢ়ৈ বছৰ পিছত তেওঁ বৌদ্ধধৰ্মত শৰণ লৈছিল। তেওঁ যুদ্ধ বিজয়ৰ পৰিৱৰ্তে ধৰ্ম বিজয়ৰ ওপৰত গুৰুত্ব প্রদান কৰিছিল। এইক্ষেত্রত অশোক সফলো হৈছিল।

৭। অর্থশাস্ত্ৰৰ বিষয়ে চমুটোকা লিখা।

উত্তৰঃ চন্দ্ৰগুপ্ত মৌৰ্যৰ প্রধানমন্ত্রী কৌটিল্যই (চাণক্যই) অর্থশাস্ত্ৰ নামৰ গ্ৰন্থখন সংস্কৃতত লিখিছিল। মৌর্য যুগৰ শাসন সংক্রান্ত বিষয় আদি সম্পর্কে কৌটিল্যৰ এই অর্থশাস্ত্ৰ নামৰ গ্ৰন্থখনৰপৰা বহু তথ্য পোৱা যায়। অৱশ্যে এই গ্রন্থখন কৌটিল্য বা চাণক্যই ৰচনা কৰা অর্থশাস্ত্র হয় নে নহয় তাত দুই-এজন ইতিহাসবিদে সন্দেহ প্রকাশ কৰিছে। তথাপিও এই অর্থশাস্ত্ৰত যি ৰাষ্ট্ৰনীতি আৰু শাসন ব্যৱস্থাৰ বৰ্ণনা দিয়া হৈছে, সিয়ে যে মৌর্য শাসন ব্যৱস্থা তাত কোনো মতানৈক্য নাই। সেই কাৰণে মৌর্য যুগৰ শাসন সম্বন্ধে জ্ঞান লাভকৰিবলৈ হ’লে কৌটিল্যৰ অৰ্থশাস্ত্ৰৰ জ্ঞান অপৰিহার্য।

অর্থশাস্ত্ৰৰ মতে, মৌর্য শাসন ব্যৱস্থাত ৰজাই ৰাজ্যৰ সৰ্বময়কর্তা আছিল। শাসন সংক্রান্ত বিষয়ত ৰজাই কাকো বিশ্বাস নকৰিছিল আৰু নিজে সকলো বিষয়ৰ বিষয়ে পাৰস্যৰ অধিকাৰ বিস্তৃত হৈ পৰাৰ লগে লগে পাচীসকলে শাসন চলোৱাৰ কাৰণে ক্ষত্ৰপ নামৰ শাসনকর্তা নিয়োগ কৰিছিল। খ্রীঃপূঃ প্রথম শতিকাত ইণ্ডো-গ্রীক ৰজাসকলে ক্ষত্ৰপৰদ্বাৰা শাসন কৰাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰে। ক্ষত্ৰপৰদ্বাৰা শাসন কৰাৰ ব্যৱস্থা পৰিচালনা কৰা প্ৰথা গুপ্তযুগলৈ চলি আহিছিল।

ভাৰতত শক ক্ষত্ৰপসকলৰ দুটা ফৈদ আছিল। সেই দুটা হ’ল তক্ষশীলাৰ ক্ষত্ৰপ আৰু মথুৰাৰ ক্ষত্ৰপ। তেওঁলোকক উত্তৰ ক্ষত্ৰপ বুলিও কোৱা হয়। উত্তৰৰ ক্ষত্ৰপসকলৰ প্ৰধান কেন্দ্রস্থল আছিল তক্ষশীলা। এই লোকসকল বৌদ্ধ ধর্মাবলম্বী লোক আছিল।

মথুৰাত ভাৰতৰ ক্ষত্ৰপসকলৰ প্ৰধান কেন্দ্ৰ আছিল। ক্ষত্ৰপ ৰাজুযুলেয়ে এজন ক্ষমতাশালী ক্ষত্রপ আছিল। তেওঁ মহাক্ষত্রপ উপাধি গ্রহণ কৰিছিল। তেওঁ এটি বৌদ্ধ ৰূপো নিৰ্মাণ কৰাইছিল। ক্ষত্ৰপ মুদালৰ পিছত ক্ষত্ৰপসকলৰ ক্ষমতা হ্রাস পায়। পিছলৈ তেওঁলোকে হিন্দুধর্ম গ্রহণ কৰে। কুষাণসকলৰ আক্ৰমণৰ ফলত তেওঁলোকৰ পতন ঘটিছিল।

ক্ষত্ৰপসকলৰ আন এটি ফৈদে পশ্চিম ভাৰতত শাসন কৰিছিল। এই ফৈদৰ বিখ্যাত ক্ষত্রপ আছিল নহপান। তেওঁ সাতবাহনসকলৰ কবলৰ পৰা মহাৰাষ্ট্ৰৰ অধিকাংশ জয় কৰিছিল। অৱশ্যে পিছত গৌতমীপুত্র সাতকর্ণীয়ে নহপানক পৰাস্ত কৰি সাতবাহনসকলৰ শক্তি পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হয়। নহপান হিন্দুধৰ্মৰ লোক আছিল। তেওঁ বহুতো তীর্থস্থান ভ্রমণ কৰিছিল।

► ৰচনাধৰ্মী প্রশ্নোত্তৰ:

১। মৌর্য সাম্রাজ্য প্রতিষ্ঠাৰ বিষয়ে আলোচনা কৰা।

উত্তৰ: মৌর্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠা ভাৰতীয় ইতিহাসৰ এক উল্লেখযোগ্য অধ্যায়। মৌর্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা হ’ল চন্দ্রগুপ্ত মৌর্য আৰু কৌটিল্য বা চাণক্য। কাৰণ চন্দ্রগুপ্ত মৌর্যই চাণক্য বা কৌটিল্যৰ সহায়ত খ্রীঃপূঃ ৩২১ত নন্দবংশৰ ৰজাক পৰাজিত কৰি মৌর্য সাম্রাজ্য প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। মৌর্য সাম্রাজ্য প্রতিষ্ঠা হোৱাৰ পিছত চন্দ্রগুপ্তই চাণক্যক দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিয়োগ কৰিছিল।

চন্দ্রগুপ্ত মৌর্য আৰু তেওঁৰ সাম্ৰাজ্যৰ বিষয়ে বিভিন্ন উৎসৰ পৰা জানিব পাৰি।

তথপিও মৌৰ্যসকলৰ উৎপত্তিক লৈ ভিন ভিন মত পোৱা যায়। বৌদ্ধ মতবাদ অনুসৰি মৌৰ্যসকল ক্ষত্রিয় মোৰিয়া শ্ৰেণীটোৰ এটি শাসন আৰু শাক্যসকলৰ লগত জড়িত। কিন্তু পৌৰাণিক মতবাদ অনুসৰি চন্দ্রগুপ্ত মৌর্য শেষ নন্দ ৰজা আৰু তেওঁৰ শূদ্র বংশীয় ৰখিতা মুৰাৰ সন্তান। চন্দ্রগুপ্তৰ মাকৰ নাম মুৰাৰ পৰাই মৌর্য শব্দৰ উৎপত্তি হৈছে বুলি ধাৰণা কৰা হয়।

নন্দবংশৰ দুৰ্বলতাৰ সুযোগ বুজি আলেকজেণ্ডাৰৰ নেতৃত্বত ইতিমধ্যে ভাৰত আক্রমণ হৈছিল। সেয়ে চন্দ্রগুপ্তই চাণক্য বা কোটিল্যৰ সহায়ত ভাৰতৰ পৰা গ্ৰীকসকলক খেদি পঠিয়াবলৈ চেষ্টা কৰিছিল। সেয়ে তেওঁ দুর্বল নন্দবংশৰ বিৰুদ্ধে যুদ্ধৰ প্ৰস্তুতি চলায়।

চাণক্যৰ সহায়ত চন্দ্ৰগুপ্তই অতি সহজে গংগা উপত্যকাত নিজৰ স্থিতি দৃঢ় কৰি লৈ পিছত উত্তৰ-পশ্চিম দিশলৈ সমর্থন আগবঢ়ায়। ইতিমধ্যে এই অঞ্চল আলেকজেণ্ডাৰৰ সেনাপতি চেলুকচে শাসন কৰি আছিল। পিছত চন্দ্রগুপ্তই সহজে চেলুকচক যুদ্ধত পৰাজিত কৰে আৰু উত্তৰ-পশ্চিম ভাৰতৰ ঠাইসমূহ নিজৰ অধীনলৈ আনিলৈ সক্ষমো হয়। এই পৰাজয়ৰ পিছত খ্রীঃপূঃ ৩০৩ত চেলুকচ আৰু চন্দ্ৰগুপ্তৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়। এই চুক্তি অনুসৰি চেলুকচৰ নিয়ন্ত্রণাধীন অঞ্চলৰ বেছিভাগ ঠাই চন্দ্রগুপ্তৰ দখললৈ আহে। পিছলৈ গ্ৰীচ আৰু ভাৰতৰ মাজত এক মধুৰ সম্পৰ্কৰ সৃষ্টি হয়। ফলস্বৰূপে দুয়ো দেশৰ মাজত বৈবাহিক সম্পর্ক স্থাপন হৈছিল।

২। অশোকৰ ধৰ্মনীতি আলোচনা কৰা। ধৰ্ম প্ৰচাৰৰ কাৰণে তেওঁ কি ব্যৱস্থা গ্রহণ কৰিছিল?

উত্তৰ: ভাৰত বুৰঞ্জীত মহামতি অশোকৰ ৰাজত্বকাল কলিংগ যুদ্ধৰ যোগেদি সাম্ৰাজ্যৰ পৰিসীমা বৃদ্ধি কৰাৰ লগতে চন্দ্ৰগুপ্ত মৌৰ্যৰ অপূৰ্ণ হাবিয়াস পূৰ্ণ কৰিছিল।

কলিংগ যুদ্ধৰ হত্যা আৰু ধ্বাংসই তেওঁৰ জীৱনত গভীৰ প্ৰভাৱ পেলালে। কলিংগ যুদ্ধৰ আগলৈকে অশোক আছিল সাম্রাজ্যবাদী নীতিত বিশ্বাসী। কিন্তু কলিংগ যুদ্ধই তেওঁৰ মনত ইমান প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছিল যে ইয়াৰ পিছত তেওঁ আনকি পুত্ৰ পৰিবাৰ আৰু ভৱিষ্যতৰ বংশধৰ সকলকো যুদ্ধ নীতি ত্যাগ কৰিবলৈ উপদেশ দি গৈছিল আৰু অহিংসা আৰু দয়াগুণৰ যোগেদি বিশ্বভাতৃত্বৰ ভাৱ সৃষ্টি কৰাই তেওঁৰ প্ৰধান নীতি হৈ পৰিছিল। তেওঁ ত্রয়োদশ শিলালিপিত উল্লেখ কৰিছে যে কলিংগ যুদ্ধৰ ফলত তেওঁৰ মনলৈ অনুশোচনা আহিল আৰু ভৱিষ্যতে এন ধ্বংসকাৰী যুদ্ধত লিপ্ত নহ’বলৈ প্রতিজ্ঞাবদ্ধ হ’ল। তেওঁ আৰু লিখিছে যে শান্তি আৰু অহিংসা নীতিৰে যি ৰাজ্য জয় কৰা যায় সেই জয়হে স্থায়ী আৰু প্রকৃত জয়। সেয়ে তেওঁ ‘দ্বিগ্বিজয়’ৰ ঠাইত ‘ধর্মবিজয়’ আঁচনি গ্রহণ কৰিলে আৰু ধৰ্মই তেওঁৰ জীৱনৰ মূল নীতি হৈ পৰিল।

এচাম বুৰঞ্জীবিদে ক’ব বিচাৰে যে যদিও অশোক ব্যক্তিগততভাৱে বৌদ্ধ ধর্মী আছিল তথাপিও তেওঁৰ ‘ধর্ম’ আছিল ৰাষ্ট্ৰপ্ৰশাসনৰ নীতিহে, ই কোনো ‘ধর্ম’ নাছিল। সেয়ে তেওঁৰ ব্যক্তিগত ধর্মবিশ্বাস আৰু তেওঁৰ ধৰ্ম নীতি দুটা সম্পূর্ণ বেলেগ বস্তু। সুস্থ-সবল সমাজ গঠনৰ বাবে সহানুভূতি, দয়া, ভাতৃত্ববোধ আৰু অহিংসাৰ ওপৰত গুৰুত্ব দি বিশ্ব শান্তি স্থাপনৰ বাবে তেওঁ যিবোৰ নীতি গ্রহণ কৰিছিল। তাকেই তেওঁ ‘ধর্ম’ বা ‘ধৰ্ম্ম’ বুলি শিলালিপিসমূহত উল্লেখ কৰিছে। আন এচাম বুৰঞ্জীবিদে ক’ব বিচাৰে যে কলিংগ যুদ্ধই তেওঁৰ মনলৈ যি পৰিৱৰ্তন আনিলে তাৰ ফলতে তেওঁ উপগুপ্ত নামৰ বৌদ্ধ পণ্ডিত এগৰাকীৰ ওচৰত বৌদ্ধ ধৰ্ম গ্ৰহণ কৰে আৰু যুদ্ধ নীতি ত্যাগ কৰি অহিংসা নীতি গ্ৰহণ কৰে আৰু বৌদ্ধ ধৰ্ম প্ৰচাৰৰ ব্যৱস্থা কৰে।

অশোকৰ ধৰ্মৰ আন এক বিশেষত্ব আছিল ধর্মীয় সহনশীলতা। তেওঁ ব্যক্তিগতভাবে যদিও বৌদ্ধ ধর্মত বিশ্বাসী আছিল তথাপি ব্রাহ্মণ, শ্রবণ, আজিৱীৰ সন্ন্যাসী আদি সকলোরে যাতে সমব্যৱহাৰ পায় তাৰ বাবে তেওঁ ৰাজবিষয়াসকলক নির্দেশ দিছিল। সকলো ধৰ্মৰ উৎকর্ষ সাধনৰ বাবে তেওঁ ‘ধর্ম মহামাত্র’ নামৰ বিষয়াসকলক নিযুক্তি দিছিল।

অহিংসা নীতি অশোকৰ ধৰ্মনীতিৰ মূল বৈশিষ্ট্য আছিল। কলিংগ যুদ্ধই তেওঁৰ মনত যি দুখ আৰু অনুশোচনাৰ সৃষ্টি কৰিছিল তাৰ ফলতে তেওঁ সকলো প্ৰাণীৰ প্ৰতি অহিংসা নীতি গ্রহণ কৰিছিল। সমাজৰ বিভিন্ন অনুষ্ঠান বিলাকত প্রচলিত থকা জন্তু বধ কার্যও বধ কৰে। একেদৰে তেওঁ পূৰ্বপুৰুষসকলৰ দিনত প্রচলিত থকা বিহাৰ যাত্ৰাৰ ঠাইত ধৰ্ম যাত্রা নীতি গ্রহণ কৰে।

মানুহৰ নৈতিক গুণৰ বিকাশ সাধন অশোকৰ ধৰ্মনীতিৰ অন্যতম বৈশিষ্ট্য। পূজা-পাৰ্বন আৰু যাগ-যজ্ঞৰ যোগেদি যে পৰিপূৰ্ণতা পাব নোৱাৰি নৈতিক উৎকর্ষ সাধন আৰু মানৱীয় গুণৰ উৎকৰ্ষ সাধনৰ যোগেদিহে যে প্রকৃত পৰিপূৰ্ণতা পাব পাৰি তাক বুজাই দিয়াটোও আছিল অশোকৰ ধৰ্মৰ আন এক বৈশিষ্ট্য। আত্মশুদ্ধিৰ বাবে তেওঁ আত্মউপলব্ধি কৰা, খং, হিংসা, নিষ্ঠুৰতা, অহংকাৰ আদি পৰিহাৰ কৰাৰ ওপৰত গুৰুত্ব দিছিল।

তেওঁৰ মতে সমাজৰ কল্যাণ সাধনৰলগতে প্রাণীজগতৰ কল্যাণৰ বাবে বৃক্ষৰোপন কৰা, চিকিৎসালয় স্থাপন কৰা, শুদ্ধ চিন্তা, দয়া আত্মাৰ শুদ্ধতা, ধৰ্মত একাগ্রতা, শ্রদ্ধা, ভক্তি, মৰম আদি গুণৰ বিকাশৰ ওপৰত গুৰুত্ব দিছিল। নৈতিক গুণৰ উন্নতিৰ বাবে পিতৃ-মাতৃ, বন্ধু-বান্ধর, শিক্ষক, গুৰুজন, জ্যেষ্ঠজন আদিক প্রাপ্য সম্মান দিয়া আৰু দয়া আৰু সহিষ্ণুতাৰ যোগেদি মানুহৰ মাজত সম্পর্ক উন্নত কৰা প্ৰয়োজন। এইদৰে অশোকৰ মতে এজন মানুহৰ সংস্পৰ্শলে অহা ব্রাহ্মণ, শ্রমণ, আজিৱীক, সন্ন্যাসী, বন্ধু-বান্ধৱ, জ্যেষ্ঠজনৰ লগত সুসম্পৰ্ক ৰক্ষাৰ যোগেদি ধৰ্মৰ উৎকৰ্ষ সাধন কৰিব পাৰি আৰু তেওঁলোকৰ প্রতি সদব্যৱহাৰ কৰিবলৈও অশোকে নির্দেশ দিছিল।

কলিংগ যুদ্ধৰ কেইবছৰমানৰ পিছতেই তেওঁ বৌদ্ধ ধর্ম গ্রহণ কৰিছিল। বৌদ্ধ ধর্মীয় পৱিত্ৰ স্থানসমূহ ভ্রমণ কৰিছিল আৰু বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছিল। জনা যায় যে তেওঁৰ দিনতে তৃতীয় বৌদ্ধ মহামেলা পাটালিপুৰত অনুষ্ঠিত হৈছিল। কলিংগ যুদ্ধৰ আগলৈকে যদিও তেওঁ পৰৱৰ্তী মগধৰ ৰজাসকলৰ পৃথকেই অনুসৰণ কৰিছিল তথাপি কলিংগৰ যুদ্ধই তেওঁৰ জাৱনলৈ গভীৰ পৰিৱৰ্তন মানি আনিলে। তথাপিও তেওঁৰ ‘ধর্ম’ আছিল এক সম্পূর্ণ বেলেগ বস্তু। তেওঁ আছিল ধৰ্মনিৰপেক্ষ।

তেওঁৰ ‘ধর্ম’ৰ মূল কথা আছিল যাগ-যজ্ঞৰ সলনি সহজ-সৰল চিন্তাৰে মানুহ তথা সকলো প্ৰাণীৰ সৰ্বময় কল্যাণ সাধন কৰা। ব্যক্তিগতভাবে তেওঁ বৌদ্ধ ধর্মত বিশ্বাসী হ’লেও ফলিসমূহত নিজকে ‘দেৱানম প্রিয়’ বুলি উল্লেখ কৰিছে। তেওঁ ধর্ম মহামাত্ৰসকলক সকলো ধৰ্মৰ উৎকৰ্ষ সাধনৰ বাবে নির্দেশ দিছিল। তেওঁৰ আদৰ্শ বা নীতিসমূহ বহুক্ষেত্রত বৌদ্ধ ধৰ্মৰ শিকনিসমূহৰ পৰা বেলেগ নাছিল।

তেওঁ বিশ্বশান্তিৰ বাবে যুদ্ধ পৰিহাৰ কৰি মানুহৰ মানসিক তথা নৈতিক উৎকর্ষ সাধনৰ বাবে যিবোৰ অনুশাসনৰ কথা কৈছে সেইবোৰকেই তেওঁৰ ভাষাত ‘ধর্ম’ বুলি কোৱা হৈছে। একে সময়তে অহিংসা আৰু জনকল্যাণৰ ওপৰত প্ৰতিষ্ঠিত তেওঁৰ এই ‘ধর্ম’ তেওঁ ব্যক্তিগত জীৱনত প্ৰয়োগ কৰাত প্ৰজাসকলে তেওঁৰ এই অনুশাসনবোৰ মানি চলিবলৈ বহুপৰিমাণে উৎসাহিত হৈছিল।

তেওঁ দ্বিগ্বিজয়ৰ ঠাইত ‘ধর্মবিজয়’ নীতি গ্রহণ কৰাত যুদ্ধ অপ্রয়োজনীয় হৈ পৰিছিল। তদুপৰি তেওঁৰ ‘বিহাৰ যাত্ৰাৰ’ পৰিৱৰ্তে ধৰ্ম যাত্ৰা গ্ৰহণ কৰাত আৰু জনকল্যাণমূলক কার্যকলাপে প্রজাবর্গক অনুপ্রাণিত কৰিছিল। তেওঁ যুদ্ধ অপ্রয়োজনীয় বুলি কৰা ঘোষণাৰ বাবে তেৱেই হৈ পৰে আজিৰ ৰাষ্ট্ৰসংঘৰ পূৰ্বপুৰুষ। অশোকৰ ৰাজত্বকালত তেওঁৰ আদৰ্শৰে অনুপ্রাণিত হৈ প্রজাবৰ্গই তেওঁৰ ধৰ্মক অনুসৰণ কৰিছিল যদিও তেওঁৰ পৰৱৰ্তী কালত মৌর্য বংশৰ পতন আৰু ব্রাহ্মণবাদী শুংগ বংশৰ উত্থানৰ বাবে তেওঁৰ ধৰ্ম নীতিয়ে বিশেষ সফলতা লাভ কৰিব নোৱাৰিলে।

বুদ্ধধৰ্ম প্ৰচাৰৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাঃ অশোকে বৌদ্ধধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে তলৰ ব্যৱস্থাসমূহ গ্রহণ কৰিছিল-

প্রথমতে কলিংগ যুদ্ধৰ পিছত অশোকে বৌদ্ধধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে লুম্বনী, কপিলাবস্তু, সাৰানাথ, কুশীনগৰ আদি বৌদ্ধধর্মীয় বা বুদ্ধৰ জীৱনৰ লগত জড়িত পৱিত্ৰ স্থানসমূহলৈ ‘ধর্মযাত্রা’ৰ আয়োজন কৰিছিল। ইয়াৰ ফলত জনসাধাৰণ বৌদ্ধধৰ্মৰ প্ৰতি আকর্ষিত হৈছিল।

দ্বিতীয়তে অশোকে বৌদ্ধধৰ্মৰ পৃষ্ঠপোষকতা কৰি বৌদ্ধ ধর্ম ৰাষ্ট্ৰীয় ধর্ম হিচাপে ঘোষণা কৰিছিল।

তৃতীয়তে অশোকৰ চতুৰ্থ শিলালিপিৰ পৰা জনা যায় যে প্রদর্শনী সভা আৰু আলোচনা সভা অনুষ্ঠিত কৰিছিল যাৰ দ্বাৰা জনসাধাৰণক ধৰ্মৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চেষ্টা কৰা হৈছিল। অশোকৰ দিনত খ্ৰীঃপূঃ ২৫২ ত ৰাজধানী পাটালিপুত্রত তৃতীয় বৌদ্ধ মহামেলা অনুষ্ঠিত হৈছিল। এই মহাসভাই ৯ মাহ ধৰি আলোচনাৰ শেষত বৌদ্ধধৰ্মী সকলৰ মাজত থকা বৈষম্য আঁতৰাবলৈ সক্ষম হয় আৰু বৌদ্ধ ভিক্ষুকসকলৰ ধৰ্ম প্ৰচাৰত আত্মনিয়োগ কৰিবলৈ উৎসাহিত কৰে। এই মহাসভাত সভাপতিত্ব কৰিছিল মুগলীপুত্ৰ টিচাই।

চতুৰ্থতে অশোকে প্ৰজাৰ সুখৰ বাবে নিজৰ জীৱন উচৰ্গা কৰিছিল। তেওঁ জনকল্যাণ সাধনৰ উদ্দেশ্যে আলি-পদূলি নিৰ্মাণ কৰা, বৃক্ষৰোপন কৰা, চিকিৎসালয় স্থাপন কৰা, বিনামূলীয়া চিকিৎসা প্রদান কৰা, পানীযোগানৰ ব্যৱস্থা কৰা আদি কাৰ্য সম্পাদন কৰিছিল।

পঞ্চমতে অশোকে এটা ধর্মীয় বিভাগ স্থাপন কৰি ধৰ্ম প্ৰচাৰৰ বাবে ‘ধর্ম মহামাত্র’ নামৰ এক শ্রেণী বিষয়া নিয়োগ কৰিছিল। ধর্মীয় নীতিবোৰ জনসাধাৰণক বুজাই দিয়া আৰু জনসাধাৰণক নৈতিকতাৰ শিক্ষা দিয়াই এই মহামাত্ৰ সকলৰ কৰ্তব্য।

ষষ্ঠতে তেওঁ অহিংস নীতিয়ে বৌদ্ধ ধর্ম জনপ্রিয় কৰাত সহায় কৰিছিল। অশোকে অহিংসাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিল। হিংসা আৰু জীৱহত্যা বন্ধ কৰিবলৈ লোৱা অশোকৰ ব্যৱস্থা বৌদ্ধধৰ্মৰ প্ৰচাৰৰ অন্যতম মাধ্যম আছিল। তেওঁ জীৱহত্যা সম্পূর্ণরূপে নিসিদ্ধ বুলি ঘোষণা কৰিছিল। ৰাজপ্ৰসাদৰ ভোজনালয়ত হোৱা প্রাণী হত্যা সম্পূর্ণ বন্ধ কৰিছিল।

সপ্তমতে অশোকৰ শিলালিপিবোৰ আছিল বৌদ্ধ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে লোৱা ব্যবস্থা। এই লিপিসমূহত বুদ্ধৰ বাণীবোৰ খোদিত কৰি এই ধৰ্মক জনপ্ৰিয় কৰাৰ চেষ্টা কৰিছিল।

সর্বশেষত অশোকে বৌদ্ধধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে দ্বিগ্বিজয়ৰ ঠাইত ধর্মবিজয় নীতি গ্রহণ কৰিছিল। ৰাজপ্রতিনিধি ধৰ্মপ্ৰচাৰৰ উদ্দেশ্যে বিদেশী ৰাষ্ট্ৰলৈও প্ৰেৰণ কৰিছিল। তেওঁ নিজৰ পুতেক মহেন্দ্ৰ আৰু জীয়েক সংঘমিত্রাক ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে শ্রীলংকালৈ পঠাইছিল। সেইদৰে আন আন বহুতক চুবুৰীয়া অন্যান্য ৰাষ্ট্ৰলৈ প্ৰেৰণ কৰিছিল। এইদৰে অশোকে বৌদ্ধধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বিভিন্ন ব্যৱস্থা হাতত লৈছিল।

Leave a comment