BA 1st Semester History Chapter 3 Question Answer Assamese Medium 2025 | পৰৱৰ্তী মৌর্যযুগৰ পৰা…. সংগম যুগ- সাহিত্য, সমাজ আৰু সংস্কৃতিলৈ পাঠটোৰ সকলো প্ৰশ্নোত্তৰ | BA 1st Semester History Unit 3 Question Answer Assamese Medium 2025 | ba 1st semester history question answer
গোট : 3
[a] পৰৱৰ্তী মৌর্যযুগৰ ৰাজনৈতিক বিকাশ- শুংগ, কুষাণ, খাৰভেল আৰু সাতবাহনসকল
[b] সংগম যুগ- সাহিত্য, সমাজ আৰু সংস্কৃতি
► অতি চমু প্রশ্নোত্তৰ :
১। শুংগ বংশৰ প্ৰতিষ্ঠাতাজন কোন?
উত্তৰঃ পুষ্যমিত্র শুংগ।
২। ক’ত আৰু কেতিয়া সাতবাহন ৰাজবংশৰ উত্থান ঘটিছিল?
উত্তৰ: খ্ৰীষ্টপূর্ব প্রথম শতিকাৰ পৰা তৃতীয় খ্ৰীষ্টাব্দলৈ দক্ষিণ ভাৰতত সাতবাহন ৰাজবংশৰ উত্থান ঘটিছিল।
৩। পুষ্যমিত্র শৃংগৰ দিনত ভাৰত আক্ৰমণ কৰা গ্ৰীক ৰজাজন কোন আছিল?
উত্তৰঃ দেমিত্রিয়াছ।
৪। শুংগসকলৰ দিনত হিন্দুধৰ্ম গ্ৰহণ কৰা গ্ৰীক ৰাষ্ট্ৰদূতজনৰ নাম কি?
উত্তৰ: হেলিঅ’দৰাছ।
৫। কণিষ্কই কোন বর্ষত এটা নতুন কল্পৰ আৰম্ভণি কৰে?
উত্তৰঃ ৭৮ খ্রীষ্টাব্দ।
► ৰচনাধৰ্মী প্রশ্নোত্তৰ:
১। কুষাণসকল কোন? তেওঁলোকৰ বৰঙণি আলোচনা কৰা।
উত্তৰ: কুষাণসকল আছিল ইউ চি নামৰ এটা অঘৰী তুৰস্ক জাতীয় লোক। চীন দেশৰ উত্তৰ-পশ্চিমে থকা তুর্কীস্থান আছিল তেওঁলোকৰ বাসস্থান। আনুমানিক খ্রীঃপূঃ ১৬৫ মানত হিউংনু নামৰ এটা অঘৰী জাতিৰ আক্ৰমণৰ বাবে তেওঁলোকে ভটীয়াই আহি চিদৰিয়া অঞ্চলত বসবাস কৰি থকা শকসকলক খেদাই সেই অঞ্চল অধিকাৰ কৰি লয়। তেতিয়াৰপৰা তেওঁলোকৰ অঘৰী জীৱনৰ অন্ত পৰে আৰু স্থায়ীভাবে বসবাস কৰিবলৈ লয়। সেই সময়তে তেওঁলোকৰ মাজত পাঁচটা ভাগত সৃষ্টি হয়। পৰৱৰ্তী কালত শক, গ্রীক আৰু পল্লৱসকলৰ দৰে তেওঁলোকেও ভাৰতত প্ৰৱেশ কৰি ৰাজ্য পাতি শাসন কৰিবলৈ লয়। পৰৱৰ্তী কালত ভাৰতৰ ৰাজনীতি আৰু সংস্কৃতিত এই কুষাণসকলে গুৰুত্বপূৰ্ণ প্রভাৱ পেলায়।
প্রথম কডফাইচিচৰ দিনতে কুষাণ সাম্ৰাজ্যৰ বীজ ৰোপিত হয়। তেওঁৰ মৃত্যুৰ পিছত পুতেক ভীম, কডফাইচিচ কুষাণসকলৰ ৰজা হয়। এওঁৰ দিনত কুষাণ সাম্ৰাজ্যৰ সম্প্ৰসাৰণ ঘটে আৰু ভাৰতৰ প্ৰাকৃতিক সীমা পাৰ হৈ ‘বাৰাণসী’ পর্যন্ত বিস্তাৰিত হয়। এওঁ ভাৰতীয় ৰাজ্যখণ্ড শাসন কৰিবলৈ প্রাদেশিক শাসনকর্তা নিয়োগ কৰিছিল। ভাৰতৰ কুষাণ সাম্ৰাজ্যৰ প্রকৃত প্রতিষ্ঠাপক কণিষ্ক প্রথমতে এই অঞ্চলৰ শাসনকর্তা আছিল।
দ্বিতীয় কডফাইচিচৰ মৃত্যুৰ পিছত কণিষ্ক আৰু আন প্রাদেশিক শাসনকর্তাসকলৰ মাজত হোৱা প্রতিদ্বন্দ্বিতাত কণিষ্কই জয়লাভ কৰে আৰু কেডফাইচিচৰ সমগ্ৰ ৰাজ্যখণ্ডত তেওঁৰ অধিকাৰ সাব্যস্ত কৰে। তেওঁৰ দিনত সমগ্ৰ উত্তৰ ভাৰত কুষাণ সাম্ৰাজ্যৰ ভিতৰুৱা আছিল। তেওঁৰ সাম্রাজ্যই পূবে বিহাৰৰ পৰা পশ্চিমে খোৰাচানলৈকে, উত্তৰে খটানৰ পৰা দক্ষিণে কংকনলৈ বিস্তৃত আছিল। সি যি কি নহওঁক, কুষাণসকলৰ ভিতৰত কণিষ্ক নিঃসন্দেহে আটাইতকৈ শক্তিশালী আৰু বিস্তৃত ৰাজ্যৰ অধিকাৰী আছিল। হিউৱেন চাঙে উল্লেখ কৰিছে যে গান্ধাৰ আৰু ৰাধালী পুৰুষপুৰ বা পেছোৱাৰ কণিষ্ক সাম্ৰাজ্যৰ ভিতৰুৱা আছিল আৰু তেওঁৰ সাম্রাজ্যই পূবে চুংলিং পর্বত স্পৰ্শ কৰিছিল। এইটোও জনা যায় যে চীন দেশৰ পশ্চিমৰ এখন তলতীয়া ৰাজ্যৰ ৰজাই তেওঁৰ পুতেকক পণ হিচাপে কণিষ্কৰ ওচৰলৈ প্ৰেৰণ কৰিছিল। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে সম্ভৱতঃ কণিষ্কই চীনৰ বিপক্ষে এটা অভিযান চলাইছিল আৰু কাচগড়, খোটান আদি অঞ্চল জয় কৰিছিল।
চীনৰ তুর্কীস্থানত উদ্ধাৰ হোৱা খাৰষ্টী লিপিয়েও ইয়াৰ প্ৰমাণ দিয়ে। কিন্তু তেওঁ ৰাজত্বৰ শেষৰফালে চীনা সম্রাট হোটিৰ বিৰুদ্ধে চলোৱা অভিযানত তেওঁ চীনা সেনাপতি পানচাওৰ হাতত পৰাজিত হয়। ৰাজত ৰংগিণী আৰু বৌদ্ধ সাহিত্যসমূহৰ পৰা কাশ্মীৰত কণিষ্কৰ শাসনৰ কথা জনা যায়। এইদৰে দেখা যায় যে কণিষ্ক এখন বিশাল সাম্ৰাজ্যৰ গৰাকী আছিল। ভাৰতৰ বাহিৰেও আফগানিস্তান, বেত্রিয়, খোটান, কাচগড় আদি তেওঁৰ সাম্ৰাজ্যৰ ভিতৰত আছিল। আকৌ ভাৰতত তেওঁৰ সাম্রাজ্যই পঞ্জাব, কাশ্মীৰ, সিন্ধু প্রদেশ, উত্তৰ প্ৰদেশ, বিহাৰৰ একাংশ পর্যন্ত বিস্তৃত আছিল।
ভাৰতৰ সাংস্কৃতিক বুৰঞ্জীতো কুষাণসকলৰ বৰঙণি অসীম। কুষাণসকলে শিক্ষা-সংস্কৃতিৰো পৃষ্ঠপোষকতা কৰিছিল। বিখ্যাত বৌদ্ধ পণ্ডিত অশ্বঘোষ, পাশ্ব, বসুমিত্র আদিয়ে কণিষ্কৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। মাথৰ আছিল কণিষ্কৰ ৰাজসভাৰ এজন বিখ্যাত ৰাজনীতিবিদ। ৰায়চৌধুৰীৰ মতে, এই সকলোবোৰ পণ্ডিত আৰু মহান অভিযন্তা, এজিচিলাছে কণিষ্কৰ দিনত ভাৰতৰ ধৰ্মীয়, সাহিত্যিক, দার্শনিক, বৈজ্ঞানিক আৰু অন্যান্য দিশত বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
ভাৰতীয় স্থাপত্য-ভাস্কৰ্যৰ ক্ষেত্ৰতো কুষাণসকলৰ প্ৰভাৱ পৰিছিল। এই সময়ত ভাৰতীয় কলাশিল্পই বিশেষ উন্নতি সাধন কৰিছিল। সেই সময়তে গান্ধাৰক কেন্দ্ৰ কৰি এক বিশেষ কলাশৈলী গঢ় লৈ উঠিছিল। এই সময়তেই বহুতো ধুনীয়া ধুনীয়া চিত্রশিল্পৰ সৃষ্টি হৈছিল। মহাৰাষ্ট্ৰত বহুতো শিলত কটা গুহাৰ সৃষ্টি কৰা হৈছিল। মথুৰাৰ বুদ্ধ মূর্তি আৰু কণিষ্ক মূর্তি সেই সময়ৰ উন্নত কলাশিল্পৰ জ্বলন্ত নিদর্শন। এই সময়তেই পশ্চিমীয়া দেশবোৰৰ লগত ঘটা সংযোগৰ ফলত ভাৰতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰতো বহু উন্নতি সাধন কৰে। কণিষ্কৰ সময়তেই ‘কণিষ্ক শক’ৰো প্ৰচলন হয়।
হিউৱেন চাং আৰু আলবেৰুণীৰ মতে, কণিষ্কৰ দিনত নির্মাণ হোৱা পেচোৱাৰ বৌদ্ধ আশ্রম বৌদ্ধ সংস্কৃতিৰ অন্যতম আকর্ষণীয় কেন্দ্ৰ আছিল। কণিষ্কৰ সময়ত কাশ্মীৰ বা জলন্ধৰত চতুৰ্থ বৌদ্ধ মহাসভা অনুষ্ঠিত হৈছিল। উল্লেখযোগ্য যে সেই সময়ত বৌদ্ধ ধৰ্মৰ আদৰ্শবাদক লৈ ইয়াৰ ভক্তসকলৰ মাজত মতানৈক্য আৰম্ভ হয় আৰু তাৰ ফলত বৌদ্ধধর্ম বিভাজন হৈ মহাযান আৰু হীনযান পন্থাৰ সৃষ্টি হয়। এই সময়তে বৌদ্ধ ধর্মীয় গ্রন্থসমূহত পালি ভাষাৰ ঠাইত সংস্কৃত ভাষাৰ ব্যৱহাৰ আৰম্ভ হয়।
কুষাণসকলৰ দিনত বৈদেশিক বাণিজ্যৰ যোগেদি লাভৱান হোৱাৰ লগতে সেই সময়ৰ ৰাজনৈতিক শান্তিয়ে প্ৰজাৰ সমৃদ্ধিত বৰঙণি যোগাইছিল। কুষাণসকলৰ সময়ত ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰতো বহুখিনি উন্নতি হৈছিল। কুষাণসকলৰ দিনত ৰোমান সাম্ৰাজ্যৰ লগত গঢ়ি উঠা ভাৰতৰ লাভজনক ব্যৱসায়, কুষাণ সাম্ৰাজ্যৰ লগত গঢ়ি উঠা ভাৰতৰ লাভজনক ব্যবসায়ে কুষাণ সাম্রাজ্যক অর্থনৈতিকভাৱে শক্তিশালী কৰাত অৰিহণা যোগাইছিল।
কণিষ্কৰ পিছত তেওঁৰ উত্তৰাধিকাৰীসকলে প্রায় ডেৰশ বছৰ কাল ৰাজত্ব কৰিছিল। কিন্তু তেওঁলোকৰ দিনত কুষাণ শক্তি বহুগুণে হ্রাস পায়। খ্রিষ্টীয় ২৪১-৫০ৰ ভিতৰত কুষাণ শক্তি একেবাৰে ম্লান হোৱা নাছিল। পঞ্জাব আৰু কাবুল অঞ্চলত কুষাণসকলৰ কেদাৰ ফৈদৰ ৰজাসকলে চতুর্থ শতিকাপর্যন্ত ৰাজত্ব কৰিছিল বুবলি জনা যায়। এইদৰে ভাৰতৰ ৰাজনৈতিক বৰঞ্জীত কুষাণসকলে এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছিল।