BA 1st Semester History Chapter 4 Question Answer Assamese Medium 2025 | গুপ্ত সাম্ৰাজ্যৰ পৰা…. পৰৱৰ্তী গুপ্ত যুগ, হর্ষবর্ধন; সামন্ত প্রথালৈ পাঠটোৰ সকলো প্ৰশ্নোত্তৰ | BA 1st Semester History Unit 4 Question Answer Assamese Medium 2025 | ba 1st semester history question answer

BA 1st Semester History Chapter 4 Question Answer Assamese Medium 2025 | গুপ্ত সাম্ৰাজ্যৰ পৰা…. পৰৱৰ্তী গুপ্ত যুগ, হর্ষবর্ধন; সামন্ত প্রথালৈ পাঠটোৰ সকলো প্ৰশ্নোত্তৰ | BA 1st Semester History Unit 4 Question Answer Assamese Medium 2025 | ba 1st semester history question answer

গোট : 4

[a] গুপ্ত সাম্রাজ্য – প্রশাসনিক ব্যবস্থা, অর্থনীতি, সমাজ, কলা-স্থাপত্য, সাংস্কৃতিক বিকাশ

[b] পৰৱৰ্তী গুপ্ত যুগ- ভূমি দান অর্থনীতি আৰু আদি সামন্তবাদ

[c] হর্ষবর্ধন; সামন্ত প্রথা

► অতি চমু প্রশ্নোত্তৰ :

১। গুপ্তবংশৰ আটাইতকৈ ডাঙৰ দিগ্বিজয়ী সম্রাটজন কোন?

উত্তৰঃ সমুদ্রগুপ্ত হ’ল গুপ্তবংশৰ আটাইতকৈ ডাঙৰ দিগ্বিজয়ী সম্রাট।

২। ভাৰতৰ নেপোলিয়ন কাক কোৱা হয়?

উত্তৰ: ভাৰতৰ নেপোলিয়ন সমুদ্রগুপ্তক কোৱা হয়।

৩। ভাৰতৰ কোনটো যুগক সোণালী যুগ বুলি কোৱা হয়?

উত্তৰ : গুপ্ত যুগক ভাৰতৰ সোণালী যুগ বুলি কোৱা হয়।

৪। কনৌজ আৰু থানেশ্বৰ ৰাজ্য দুখন কোনে একত্ৰিত কৰিছিল

উত্তৰঃ হর্ষবর্ধনে।

S. NoBA 1st Semester History Solution – All Units
1প্ৰাচীন ভাৰতৰ ইতিহাস পুননিৰ্মাণৰ সমলৰ পৰা… পৰৱৰ্তী বৈদিক যুগৰ ধৰ্ম আৰু দৰ্শনলৈ
2দ্বিতীয় নগৰীকৰণ, মহাজনপদৰ পৰা….. গ্ৰীকসকলৰ অভিযান আৰু ফলাফললৈ
3পৰৱৰ্তী মৌর্যযুগৰ পৰা…. সংগম যুগ- সাহিত্য, সমাজ আৰু সংস্কৃতিলৈ
4গুপ্ত সাম্ৰাজ্যৰ পৰা…. পৰৱৰ্তী গুপ্ত যুগ, হর্ষবর্ধন; সামন্ত প্রথালৈ
5উত্তৰ ভাৰতত ৰাজপুতসকলৰ উত্থানৰ পৰা….. আৰবসকল – ঘজনবী আৰু ঘোৰীলৈ

► ৰচনাধৰ্মী প্রশ্নোত্তৰ:

১। গুপ্ত সাম্ৰাজ্যৰ বিস্তাৰ আৰু সুদৃঢ়কৰণৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ গুপ্ত সাম্ৰাজ্যৰ বিস্তাৰ: ৩৩৫ খ্ৰীঃত গুপ্ত সিংহাসনত আৰোহণ কৰাৰ‌ পিছতেই সমুদ্র গুপ্তই সাম্রাজ্য বিস্তাৰৰ পৰিকল্পনা গ্রহণ কৰে আৰু দিগ্বিজয় অভিযানৰ পাতনি মেলে। তেওঁৰ এই দিগ্বিজয়ৰ কাহিনী এলাহাবাদ স্তম্ভত লিপিবদ্ধ কৰা এক দীঘল প্রশস্তিত সুন্দৰকৈ উল্লেখ কৰা আছে। এই প্রশক্তি ৰচনা কৰিছিল তেওঁৰ সভা কবি হৰিসেনে। ইয়াৰ বাহিৰেও কৌশম্বী লিপি, ভিতাৰি স্তম্ভ লিপি, বিভিন্ন প্রচলিত মুদ্রা বা মোহৰ, বায়ু আৰু ভাগৱত পুৰাণ আদিৰ পৰাও সেই সময়ৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক অৱস্থাৰ বিষয়ে বিশদভাবে জানিব পাৰি।

‘এলাহাবাদ প্রশক্তি’ত স্পষ্টভাবে উল্লেখ আছে যে প্রথম চন্দ্ৰগুপ্তই তেওঁৰ মৃত্যুৰ আগতে নিজ পুত্ৰসকলৰ ভিতৰত সৰ্বাধিক ক্ষমতাৱান সমুদ্রগুপ্তক গুপ্তবংশৰ পৰৱৰ্তী শাসক হিচাপে মনোনীত কৰি থৈ গৈছিল। তেওঁৰ এই মনোনয়নত স্বাভাৱিকতেই বাকী ভাতৃসকল ক্ষুব্ধ হয় আৰু বিদ্রোহ ঘোষণা কৰে। এই বিদ্ৰোহৰ নেতৃত্ব দিছিল সমুদ্রগুপ্তৰ ডাঙৰ ককায়েক বুলি অনুমান কৰা কছই।

এলাহাবাদ প্রশস্তিৰ পৰা আৰু জনা যায় যে- সিংহাসনত বহাৰ পিছতে সমুদ্রগুপ্তই কেন্দ্রীভূত শাসন ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে সাম্রাজ্যবাদৰ পাতনি মেলি পোনপ্ৰথমে গংগা, যমুনা উপত্যকাৰ শাসকসকলক পৰাভূত কৰি নিজৰ অধীনলৈ আনে। এই ৰজাকেইজন আছিল অহিচ্ছত্ৰৰ অচ্যুত (বৰ্তমানৰ উত্তৰ প্ৰদেশৰ ৰামনগৰ আৰু ৰাইবেৰেলী), মথুৰাৰ নাগসেন, পদ্মাৱতীৰ গণপতি নাগ (গোৱালিয়ৰ) আৰু কোটা ৰাজপৰিয়ালৰ যুৱৰাজ (নিশ্চিত নহয়)।

সমুদ্রগুপ্ত এজন মহান যোদ্ধা আছিল। উত্তৰ ভাৰতত নিজকে সুৰক্ষিত কৰাৰ পিছত দাক্ষিণাত্যৰ পিনেও অভিযান আৰম্ভ কৰিছিল। সমুদ্রগুপ্তৰ এই দক্ষিণ ভাৰত অভিযানৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছিল। এইক্ষেত্রত তেওঁ ‘ধর্মবিজয়’ নীতি গ্রহণ কৰিছিল যাৰ ভিত্তি আছিল গ্রহণ (শত্রুবন্দী), মোক্ষ (মুক্তি) আৰু অনুগ্রহ (পূর্ণসংস্থাপন) অর্থাৎ তেওঁ দক্ষিণ ভাৰতৰ যিকেইজন ৰজাক পৰাস্ত কৰিছিল তেওঁলোকক প্রথমে বন্দী কৰি তাৰ পিছত মুক্তি দি পুনৰ তেওঁলোকৰ নিজ ৰাজ্যতে কৰ-কাটল দিয়াৰ প্ৰতিশ্ৰুতিত সংস্থাপন কৰি দিছিল। এলাহাবাদ প্রশস্তিত উল্লেখ থকা মতে, এইৰজাকেইজন আছিল- কোশলৰাজ মহেন্দ্র, ব্যাঘ্ৰাৰাজ (মহাকান্তাৰ), কৌৰালাৰ মন্তৰাজা, পিষ্ঠাপুৰমৰ মদেন্দ্ৰগিৰী, স্বামীদত্ত (কট্টৰ), দমন (ইৰণ্ডপাল), বিষ্ণুগোপ (কাঞ্জী), হস্তীবৰ্মন (বেংগী), নীলৰাজ (অভমুক্ত), উগ্রসেন (পালক), ধনঞ্জয় (কুষ্টলপুৰ) আৰু কুবেৰ (দেৱৰাষ্ট্র)।

সম্ভৱতঃ দক্ষিণ ভাৰতত সমুদ্রগুপ্তই সামৰিক অভিযানত ব্যস্ত থকাৰ সময়তে তেওঁৰ অনুপস্থিতিৰ সুযোগ লৈ উত্তৰ ভাৰতৰ কেইজনমান ৰজাই বিদ্রোহ ঘোষণা কৰে। ইয়াৰ মোকাবিলা কৰিবলৈ তেওঁ ততাতৈয়াকৈ উভতি আহিব লগীয়া হৈছিল। সমুদ্রগুপ্তই আহি দেখিলে যে উত্তৰ ভাৰতৰ ন জনমান ৰজাই সম্মিলিতভাবে তেওঁৰ বিজয় অভিযান প্রতিহত কৰিবলৈ এই বিদ্ৰোহৰ সূচনা কৰিছে। এই ৰজাসকলৰ ভিতৰত তিনিজন আছিল পূৰ্বতে তেওঁৰ বশ্যতা স্বীকাৰ কৰা অচ্যুত, নাগসেন আৰু গণপতি নাগ নামৰ মধ্যভাৰতৰ তিনিজন নাগৰজা। এই সম্মিলিত বিদ্রোহী গোটৰ বাকী সদস্যসকল আছিল- ৰুদ্রদের, নাগদত্ত আদি মধ্যভাৰতৰে ন নাগবংশৰ ৰজা। কবি হৰিসেনৰ প্রশস্তিৰ পৰা জনা যায় যে তেওঁলোকৰ এই সমূহীয়া প্রচেষ্টাক ৰজা সমুদ্রগুপ্তই মষিমূৰ কৰি পেলাইছিল।

দ্বিতীয় চন্দ্ৰগুপ্তৰ দিগ্বিজয় অভিযান: সমুদ্রগুপ্তৰ পুত্ৰ আৰু উত্তৰাধিকাৰী দ্বিতীয় চন্দ্রগুপ্তৰ শাসনকালতো গুপ্ত সাম্ৰাজ্যৰ যথেষ্ট সম্প্ৰসাৰণ ঘটিছিল। সিংহাসনত আৰোহণ কৰিয়েই তেওঁ সমুদ্রগুপ্তৰ মৃত্যুৰ সময়ত স্বাধীনতা ঘোষণা কৰা পশ্চিমৰ শকসকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। সংস্কৃত নাটক ‘দেৱী চন্দ্ৰগুপ্তম’ৰ পৰা জনা যায় যে এই অভিযান ৩৮৮-৪০৯ খ্রীঃৰ ভিতৰত হৈছিল। গ্ৰন্থখনত আৰু উল্লেখ আছে যে সমুদ্রগুপ্তৰ মৃত্যুৰ পিছত তেওঁৰ বৰপুত্ৰ ৰামগুপ্ত গুপ্ত সাম্ৰাজ্যৰ ৰজা হৈছিল। তেওঁৰ পত্নীৰ নাম আছিল এর দেরী। শকসকলে গুপ্ত সাম্রাজ্য আক্ৰমণ কৰাত ৰামগুপ্তই তাক প্রতিহত কৰিব নোৱাৰি তেওঁ পত্নী ধ্ৰুৱ দেৱীক শকসকলৰ হাতত অর্পণ কৰি ৰাজ্য ৰক্ষা কৰিবলৈ স্থিৰ কৰিছিল। কিন্তু এই অনৈতিক কাৰ্যৰ তীব্র প্রতিবাদ কৰি ভাতৃ দ্বিতীয় চন্দ্রগুপ্তই এক দুঃসাহসিক অভিযান চলাই শক ৰজাক পৰাস্ত আৰু হত্যা কৰি ৰাজ্যৰ নিৰাপত্তাই নহয় ৰাণীৰ মৰ্যাদাও ৰক্ষা কৰিছিল। ইয়াৰ পিছতে দ্বিতীয় চন্দ্রগুপ্তই ৰামগুপ্তক বধ কৰিছিল আৰু গুপ্ত সাম্ৰাজ্যৰ সিংহাসন আৰোহণ কৰি ৰাণী ধ্রুবৰ দেৱীক বিয়া কৰাইছিল। ৰামগুপ্তৰ অস্তিত্ব সম্পর্কে সন্দেহ আছে যদিও এই কাহিনীটোৱে ইয়াকে প্রতিপন্ন কৰে যে সমুদ্রগুপ্তৰ উত্তৰাধিকাৰীসকলে পশ্চিমলৈও সাম্রাজ্য বিস্তাৰ কৰিছিল। সমুদ্রগুপ্তৰ সাম্রাজ্য বিস্তাৰৰ বিষয়ে ইতিমধ্যে আগতে উল্লেখ কৰা হৈছে। তেওঁ উত্তৰাধিকাৰী দ্বিতীয় চন্দ্রগুপ্তলৈ এক বিশাল সাম্রাজ্য এৰি গৈছিল। দ্বিতীয় চন্দ্রগুপ্তৰ ৰাজ্য জয়ৰ বিষয়ে জানিবলৈ আমি বিভিন্ন লিপি আৰু ভৌগোলিক তথ্যৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। সমুদ্রগুপ্তই প্রধানতঃ পূব আৰু দক্ষিণে সাম্রাজ্য বিস্তাৰ কৰিছিল। তেওঁৰ পশ্চিম ভাৰত অভিযান পূব মালবাতে সীমাবদ্ধ আছিল। যিহেতু পূব আৰু দক্ষিণে পুনৰ সাম্রাজ্য বিস্তাৰ সম্ভৱ নহয় সেই হেতুকে দ্বিতীয় চন্দ্রগুপ্তই পশ্চিমফালে পশ্চিম মালৱা আৰু গুজৰাটৰ শকসত্ৰসকলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি ৰাজ্য বহলাব বিচাৰিছিল। শকসকলে যাতে মহাৰাষ্ট্ৰৰ ভকতক আৰু নাগসকলৰ লগত মিত্ৰতা কৰিব নোৱাৰে তাৰ বাবে চন্দ্ৰগুপ্ত সদায় সজাগ আছিল, কাৰণ তেওঁ জানিছিল এই মিত্ৰতাই তেওঁৰ সাম্রাজ্যবাদৰ আগত ভবিষ্যতে হেঙাৰ হৈ থিয় দিব। সেয়ে দ্বিতীয় চন্দ্রগুপ্তই ভকতক আৰু নাগসকলৰ লগত বৈবাহিক সম্পর্ক স্থাপন কৰি ৰাজনৈতিক সুযোগ-সুবিধা আৰু প্রতিপত্তি লাভকৰিছিল। ভকতক ৰাজ্যৰ ভৌগোলিক অৱস্থিতিয়ে শকসকলৰ বিৰুদ্ধে কৰা অভিযান সফল হোৱাত সহায় কৰিছিল। ইয়াৰ উপৰি গুপ্ত আৰু ভকতক ৰাজ্যৰ মিত্ৰতাই সম্ভাব্য আক্ৰমণৰ পৰা গুপ্ত সাম্ৰাজ্যৰ ৰক্ষা কৰিছিল। দ্বিতীয় চন্দ্রগুপ্তই নিজ কন্যা প্রভাৱতী গুপ্তক ভকতক বংশৰ ৰজা দ্বিতীয় ৰুদ্রসেনলৈ বিয়া দিছিল। কিন্তু কম বয়সতে তেওঁৰ মৃত্যু হোৱাত পত্নী প্রভাবৱতীয়ে নাবালক পুত্ৰৰ হৈ ৰাজপ্রতিনিধি হিচাপে ৰাজ্য শাসন কৰিছিল, যিটোৱে ভকতক ৰাজ্যত গুপ্তসকলৰ প্ৰভাৱ বৃদ্ধি কৰিছিল। প্ৰচলিত প্রবাদমতে দ্বিতীয় চন্দ্রগুপ্তই কুন্তল দেশৰ এগৰাকী কাদম ৰাজকুমাৰীৰো পাণি গ্রহণ কৰিছিল। এইদৰে একাধিক বৈবাহিক সম্পর্ক স্থাপনেৰে দ্বিতীয় চন্দ্রগুপ্তই গুপ্ত সাম্রাজ্যক সুৰক্ষিত কৰিছিল।

গুপ্ত সাম্ৰাজ্যৰ সুদৃঢ়কৰণ: সমুদ্রগুপ্তৰ শাসন কালত গুপ্ত শক্তিয়ে ভাৰতীয় ৰাজনীতিত শীর্ষস্থান অধিকাৰ কৰিছিল। তেওঁ ভাৰতক একত্ৰিত কৰি এক কেন্দ্ৰীয় শক্তিৰ অধীনলৈ অনাত সফল হৈছিল। সমুদ্রগুপ্তৰ পিছত বিশাল সাম্ৰাজ্যৰ অধিকাৰী হোৱা দ্বিতীয় চন্দ্রগুপ্তই তেওঁৰ শাসনকালত এক বৃহৎ জনজাতীয় অঞ্চল গুপ্ত সাম্ৰাজ্যৰ অন্তর্ভুক্ত কৰি একত্ৰিতকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছিল। ইয়াৰ ভিতৰত পশ্চিম ভাৰতৰ শক, কুষাণসকলৰ ৰাজ্য আৰু পূর্ব বংশৰ এটা অংশও আছিল। চন্দ্রগুপ্তই শকসকলক পৰাস্ত কৰি ভাৰতবৰ্ষত বিদেশী শাসনৰ অন্ত পেলাইছিল। এইদৰে তেওঁ বংগোপ সাগৰ আৰু আৰব সাগৰৰ মাজৰ সমগ্ৰ অঞ্চল অধিকাৰ কৰি গুপ্তবংশৰ কর্তৃত্ব দৃঢ়ভাবে প্রতিষ্ঠা কৰিছিল।

বৈবাহিক সূত্ৰৰে ৰাজনৈতিক সুযোগ-সুবিধা আৰু প্ৰতিপত্তি লাভ কৰি গুপ্তসকলৰ স্থিতি সবল কৰাৰ প্ৰক্ৰিয়া প্ৰথম চন্দ্ৰগুপ্তৰ দিনৰ পৰাই চলি আহিছিল। গুপ্ত সাম্ৰাজ্যৰ অভ্যুত্থানৰ সময়ত তেওঁ লিচ্ছবি বংশৰ লগত বৈবাহিক সম্বন্ধ স্থাপন কৰি নিজৰ সন্মান আৰু ৰাজনৈতিক মর্যাদা বৃদ্ধি কৰিছিল। দ্বিতীয় চন্দ্রগুপ্তয়ো তেওঁৰ শাসনকালত ‘কুবেৰ-নাগ’ নামৰ এগৰাকী নাগ বংশৰ ৰাজকন্যাক বিবাহ কৰি নাগবংশৰ সৌহার্দ্য লাভ কৰিছিল। বহুতৰ মতে তেওঁ দাক্ষিণাত্যৰ কুন্তল দেশৰ কদম্ব বংশৰ লগতো বৈবাহিক সূত্ৰত আবদ্ধ হৈছিল। কন্যা প্রভাৱতী গুপ্তক ভকতক বংশীয় দ্বিতীয় ৰুদ্রসেনৰ লগত বিয়া দি গুপ্ত সাম্ৰাজ্যৰ সুৰক্ষাৰ ক্ষেত্ৰত সেই বংশৰ সাহায্য লাভ কৰিছিল। এইদৰে গুপ্তশক্তি সুদৃঢ়কৰণৰ প্ৰক্ৰিয়াত এনেধৰণৰ বৈবাহিক সম্পর্কই যথেষ্ট ৰাজনৈতিক গুৰুত্ব লাভ কৰিছিল। দ্বিতীয় চন্দ্ৰগুপ্তৰ শাসনকাল শান্তিপূর্ণ আছিল। প্রজাসকল সুখী আৰু সম্পদশালী আছিল।

গুপ্তসকলে গ্ৰহণ কৰা সুস্থ-সবল নীতি আৰু ৰাজনৈতিক ছত্রছায়াৰ অধীনত সেই যুগত সাহিত্য-সংস্কৃতি, শিল্প-কলা, বিজ্ঞান, ধর্ম আদি সকলো ক্ষেত্ৰতো এক নৱজাগৰণৰ সূচনা হৈছিল। দ্বিতীয় চন্দ্রগুপ্তই তেওঁৰ ৰাজসভাত এজন শ্রেষ্ঠ পণ্ডিতৰ পৃষ্ঠপোষকতা কৰিছিল, যাক ‘নৱৰত্ন’ নামেৰে জনা গৈছিল। এইসকলৰ ভিতৰত কেৱল কালিদাসেই তেওঁৰ মহৎ সৃষ্টিৰে গুপ্তযুগক অমৰ কৰি গৈছে। গুপ্তসকলৰ শাসনকালত ব্রাহ্মহ্মণ্য ধৰ্মৰ পুনৰুত্থান হোৱা পৰিলক্ষিত হয়। সমুদ্রগুপ্তই অশ্বমেধ যজ্ঞত ঘোঁৰা বলি দিয়া কাৰ্য আৰু সেই সময়ত হোৱা সংস্কৃত ভাষাৰ ব্যাপক প্রচলনে ইয়াৰেই ইংগিত বহন কৰে। দ্বিতীয় চন্দ্ৰগুপ্তৰ ব্যক্তিগত উদ্যোগতো সংস্কৃত ভাষাৰ যথেষ্ট বিকাশ ঘটিছিল। এইদৰে গুপ্তৰাজসকলৰ ঐকান্তিক প্রচেষ্টাত সেই যুগত ভাৰতীয় সভ্যতা আৰু সংস্কৃতিয়ে পৰিপূৰ্ণতা লাভ কৰিছিল।

Leave a comment