BA 1st Semester History Chapter 5 Question Answer Assamese Medium 2025 | উত্তৰ ভাৰতত ৰাজপুতসকলৰ উত্থানৰ পৰা….. আৰবসকল – ঘজনবী আৰু ঘোৰীলৈ পাঠটোৰ সকলো প্ৰশ্নোত্তৰ | BA 1st Semester History Unit 5 Question Answer Assamese Medium 2025 | ba 1st semester history question answer

BA 1st Semester History Chapter 5 Question Answer Assamese Medium 2025 | উত্তৰ ভাৰতত ৰাজপুতসকলৰ উত্থানৰ পৰা….. আৰবসকল – ঘজনবী আৰু ঘোৰীলৈ পাঠটোৰ সকলো প্ৰশ্নোত্তৰ | BA 1st Semester History Unit 5 Question Answer Assamese Medium 2025 | ba 1st semester history question answer

গোট : 5

[a] উত্তৰ ভাৰতত ৰাজপুতসকলৰ উত্থান

[b] দক্ষিণ ভাৰতত ৰাজনৈতিক বিকাশ- চোলসকল, ৰাষ্ট্ৰকূটসকল আৰু বাদামিৰ চালুক্যসকল

[c] আৰবসকল- ঘজনবী আৰু ঘোৰী

► অতি চমু প্রশ্নোত্তৰ :

১। ৰাষ্ট্ৰকূট বংশৰ প্ৰতিষ্ঠাতা কোন আছিল?

উত্তৰঃ দন্তিদুর্গ।

২। চালুক্যসকলৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল?

উত্তৰঃ চালুক্যসকলৰ শ্ৰেষ্ঠ ৰজাজন হ’ল দ্বিতীয় পুলকেশী।

৩। তৰাইনৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত হৈছিল?

উত্তৰ: মহম্মদ ঘোৰী আৰু পৃথ্বীৰাজ চৌহানৰ মাজত।

৪। চোলসকলৰ প্ৰথমজন ঐতিহাসিক ৰজা কোন আছিল?

উত্তৰ: চোলসকলৰ প্ৰথমজন ঐতিহাসিক ৰজা আছিল কাৰিকল।

► চমু প্রশ্নোত্তৰ :

। চোলসকলৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ: নৱম শতিকাত দাক্ষিণাত্যত চোলসকলৰ উত্থান ভাৰতৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ ঘটনা বুলি চিহ্নিত হৈছিল। পল্লৱসকলৰ পতনৰ পাছতে চোলসকলে দাক্ষিণাত্যত প্ৰভাৱ বিস্তাৰ কৰিছিল। চোল বংশৰ প্রতিষ্ঠাতা আছিল বিজয়ালয়। ৮৫০খ্রীঃত চোলসকলৰ শাসক বিজয়ালয়ই পল্লৱসকলক পৰাস্ত কৰি তাঞ্জোৰ দখল কৰিছিল। তেওঁৰ পুত্ৰ আদিত্য চোলই প্রথমে পল্লৱ ৰজা অপৰাজিতক প্রায় ৯০৩ খ্ৰীঃত পৰাস্ত কৰি পল্লৱ সাম্ৰাজ্যৰ এক বৃহৎ অংশ দখল কৰিছিল। আদিত্যৰ পুত্ৰ পৰান্তই প্রথমে পাণ্ড্য শাসক ৰাজসিংহক পৰাজিত কৰি তথা মাদুৰাই অধিকাৰ কৰি এই বংশৰ শৌর্য বৃদ্ধি কৰিছিল। কিন্তু ৰাষ্ট্ৰকুট ৰজা কৃষ্ণা তৃতীয়ৰ হাতত তেওঁ শোচনীয়ভাৱে পৰাক্ত হৈছিল। ৰাষ্ট্ৰকূটসকলৰ হাতত পৰাজয়ে চোল বংশক এক গভীৰ আঘাত দিছিল আৰু পৰান্তকৰ উত্তৰাধিকাৰীসকলে বহুকাল ধৰি বংশীয় মর্যাদা পুনৰুদ্ধাৰ কৰিব পৰা নাছিল।

এই বংশৰ মৰ্যাদা ৰাজাৰাজ চোলৰ সময়ত পুনৰুদ্ধাৰ হয়। তেওঁ চেৰা, পাণ্ড্য আৰু ভেংগিৰ চালুক্যসকলক পৰাজিত কৰিছিল। তেওঁ তাঞ্জোৰ আৰু মহীশুৰো নিজৰ সাম্ৰাজ্যৰ অন্তৰ্গত কৰি লৈছিল। তেওঁৰ পাছত পুত্ৰ ৰাজেন্দ্ৰেই (১০১৫-১০৩৫ খ্রীঃ) ৰাজসিংহাসনত বহে। ৰাজেন্দ্ৰই নৌ সেনাৰ সহায়ত আন্দামান, নিকোবৰ আৰু মালৱাৰ ওপৰত ক্ষমতা বিস্তাৰ কৰে। ৰাজেন্দ্ৰৰ পাছত তেওঁৰ পুত্ৰ ৰাজাধিৰাজ ৰজা হয়। তেওঁ এই বংশৰ এগৰাকী সফল শাসক আছিল। চোলসকলৰ শেষৰৰজা শাসক ৰাজেন্দ্ৰ তৃতীয়ই পাণ্ড্য ৰজা জৈন বৰ্মনৰ হাতত পৰাজিত হৈছিল আৰু তেওঁৰ সাম্রাজ্য পাণ্ড্য সাম্রাজ্যত অন্তর্ভুক্ত হৈছিল। এনেদৰেই চোল বংশৰ অৱসান ঘটিছিল।

S. NoBA 1st Semester History Solution – All Units
1প্ৰাচীন ভাৰতৰ ইতিহাস পুননিৰ্মাণৰ সমলৰ পৰা… পৰৱৰ্তী বৈদিক যুগৰ ধৰ্ম আৰু দৰ্শনলৈ
2দ্বিতীয় নগৰীকৰণ, মহাজনপদৰ পৰা….. গ্ৰীকসকলৰ অভিযান আৰু ফলাফললৈ
3পৰৱৰ্তী মৌর্যযুগৰ পৰা…. সংগম যুগ- সাহিত্য, সমাজ আৰু সংস্কৃতিলৈ
4গুপ্ত সাম্ৰাজ্যৰ পৰা…. পৰৱৰ্তী গুপ্ত যুগ, হর্ষবর্ধন; সামন্ত প্রথালৈ
5উত্তৰ ভাৰতত ৰাজপুতসকলৰ উত্থানৰ পৰা….. আৰবসকল – ঘজনবী আৰু ঘোৰীলৈ

► ৰচনাধৰ্মী প্রশ্নোত্তৰ:

১। আৰবসকলৰ সিন্ধু আক্ৰমণ আৰু ভাৰতীয় ইতিহাসত ইয়াৰ প্ৰভাৱ সম্পর্কে আলোচনা কৰা।

উত্তৰঃ হজৰত মহম্মদেৰ ইছলাম ধৰ্ম সমগ্ৰ আৰৱতে প্ৰচাৰ কৰে। তেওঁৰ মৃত্যুৰ পিছত ইছলাম ধৰ্ম প্ৰচাৰৰ দায়িত্ব পৰে খলিফাসকলৰ ওপৰত। খলিফা বা ধর্মীয় গুৰুসকলৰ দিনত চিৰিয়া, ইৰান, আফগানিস্থান, বেলুচিস্তান আদিলৈ ইছলাম ধৰ্মৰ প্ৰসাৰ ঘটে। ইয়াৰ পিছত ভাৰত আৰু আৰবৰ মাজত বাণিজ্যিক সম্পর্ক গঢ়ি উঠিছিল।

ঐতিহাসিক ষ্টেনলীলন পোলেৰ মতে আৰৱসকলৰ এই সিন্ধু বিজয় এটা ‘নিস্ফল ঘটনা’ মাত্র। এই ফলাফলবিহীন প্রশাসনৰ বাবে ঐতিহাসিকসকলে দুটা কাৰণ নিৰ্ণয় কৰিছে। আভ্যন্তৰীণ আৰু বৈদেশিক। বৈদেশিক ক্ষেত্রত প্রথমে উল্লেখ কৰিব পাৰি যে সিন্ধুজয়ৰ পিছত তেওঁলোকে ভাৰতৰ আন আন ঠাইসমূহ জয় কৰিবলৈ চেষ্টা কৰা নাছিল। কেৱল জুনেইদ নামৰ এজন গভৰ্ণৰে কুচ আক্রমণ কৰিছিল। অৱশ্যে ভাৰতৰ ৰাজপুত ৰাজ্যবোৰ জয় কৰাতো আৰৱসকলৰ বাবে সহজসাধ্য নাছিল। দ্বিতীয়টো ভাৰতৰ সভ্যতা সংস্কৃতিক লৈ গৌৰৱ কৰা ভাৰতীয় সকলে যে একগোট হৈ আৰৱসকলৰ বিপক্ষে ঠিয় দিব সেইকথা আৰৱসকলে উপলব্ধি কৰিছিল। তৃতীয়তে সিন্ধখন মৰুভূমিময় হোৱাৰ বাবে আৰৱসকল আর্থিকভাৱে টনকীয়াল হ’ব পৰা নাছিল আৰু সেয়ে সিন্ধুক কেন্দ্ৰ কৰি বৃহৎ আঁচনি গ্রহণ কৰাটো তেওঁলোকৰ বাবে সমভৱ হোৱা নাছিল।

ঐতিহাসিকসকলে আৰৱসকলৰ সময়তে ভাৰতত ইছলাম ধৰ্ম প্ৰতিষ্ঠাৰ আধাৰশিলা স্থাপন হয় বুলি ক’ব খোজে। এই আক্ৰমণৰ ফলতে ভাৰতত ইছলাম ধৰ্মৰ বহুদূৰ প্ৰসাৰ ঘটিছিল। সেয়ে ভাৰতত নিজকে স্থাপন কৰি তেওঁলোকে বহুতো ভাৰতীয়ক ইছলাম ধৰ্মত দীক্ষিত কৰিছিল। কিন্তু দাহিৰৰ পিছতে তেওঁলোকে তেনে মনোভাৱৰ সলনি ঘটাইছিল। খলিফা দ্বিতীয় ওমৰৰ দিনত দাহিৰৰ পুত্র জয়সিংহই ইছলাম ধর্মত দীক্ষিত কৰিছিল।

ভাৰতৰ সম্পদসমূহে আৰৱসকলক আকৰ্ষণ কৰিছিল। গতিকে ধৰ্ম প্ৰচাৰৰ লগতে ভাৰতৰ সম্পদসমূহে আৰৱসকলক ভাৰতৰ প্ৰতি লোভনীয় দৃষ্টি নিক্ষেপ কৰিবলৈ ধৰিছিল। তদুপৰি আৰৱসকলৰ ভাৰত আক্ৰমণৰ তৎকালীন কাৰণ হিচাপে তিনিটা সূত্র পাওঁ। প্রথমতে শ্রীলংকাত বেপাৰ-বাণিজ্য কৰা কেইজনমান আৰৱীয় বণিকৰ মৃত্যু হোৱাত তেওঁলোকৰ কন্যাসকলক শ্রীলংকাৰ ৰজায়ে ইৰাকৰ আৰৱীয় গভর্ণ হাজজাজৰলৈ পঠাইছিল। কিন্তু বাটতে সিন্ধুৰ কিছুমান জলদস্যুৱে তেওঁলোকক অপহৰণ কৰে। দ্বিতীয়তে শ্রীলংকাৰ ৰজাই পঠোৱা কিছুমান সা-সম্পত্তি জলদস্যুসকলে লুট-পাট কৰে। তৃতীয়তে হাজজাজৰ আদেশৰ মতে ভাৰতৰ পৰা ক্ৰয় কৰা কেতবোৰ ক্রীতদাস আৰু বহুমূলীয়া বস্তু জলদস্যুসকলে হস্তগত কৰিছিল। মুঠতে জলদস্যুসকলে আৰৱৰ জাহাজত আক্রমণ চলাইছিল। এই আক্রমণত অতীষ্ঠ হৈ হাজজাজে জলদস্যুবোৰ দমন কৰিবলৈ সিন্ধুৰ ৰজা দাহিৰক অনুৰোধ কৰিলে। কিন্তু দাহিৰে জলদস্যুবোৰ তেওঁৰ বশ নহয় বুলি কৰা মন্তব্যত অসন্তুষ্ট হৈ হাজজাজে তিনিবাৰ সিন্ধু আক্ৰমণ কৰে।

আৰৱৰ সিন্ধু বিজয় ফলাফলবিহীন ঘটনা হ’লেও ই বৈদেশিক আক্রমণকাৰীসকলৰ বাবে স্পষ্ট কৰি দিছিল যে ভাৰত আক্ৰমণ কৰি জয় কৰাটো বৰ জটিল নহয়। ই ভাৰতৰ দুৰ্বলতাৰ প্ৰমাণ দিছিল। সেইসময়ত ভাৰতত বহুতো সৰু সৰু স্বাধীন ৰজা আছিল। কিন্তু ইয়াৰ ৰজাসকলৰ মাজত মিলাপ্রীতি নাছিল। তেওঁলোকৰ মাজত থকা পাৰস্পৰিক বিদ্বেষ আৰু হিংসাই বাজৈনতিকভাবে তেওঁলোকৰ স্থিতি দুৰ্বল কৰি তুলিছিল। ইয়ে ভাৰতৰ পৰৱৰ্তী বৈদেশিক আক্রমণকাৰীসকলৰ বাবে মুকলি কৰি দিছিল।

Leave a comment