BA 1st Semester SEC Historical Tourism in North East India Chapter 1 Question Answer Assamese Medium 2025 | BA 1st Semester SEC History Unit 1 Question Answer | পৰ্যটনৰ তাত্ত্বিক দিশ, প্রাথমিক ভূগোল আৰু উত্তৰ-পূব ভাৰতৰ জৈৱ-বৈচিত্র্য

BA 1st Semester SEC Historical Tourism in North East India Chapter 1 Question Answer Assamese Medium 2025

Unit : 1
পৰ্যটনৰ তাত্ত্বিক দিশ, প্রাথমিক ভূগোল আৰু উত্তৰ-পূব ভাৰতৰ জৈৱ-বৈচিত্র্য

► অতি চমু প্রশ্নোত্তৰ :

১। ‘পর্যটন’ মানে কি?

উত্তৰঃ সাধাৰণ অৰ্থত পর্যটন বুলিলে কর্মব্যস্ততাৰপৰা কিঞ্চিত বিৰতি লৈ আমোদ-প্রমোদৰ উদ্দেশ্যে এখন নতুন ঠাইলৈ যোৱাকে বুজায়।

২। অসম কিয় এখন আকর্ষণীয় পর্যটন কেন্দ্র?

উত্তৰ: মনোমোহা জলবায়ু আৰু চকুত লগা প্রাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ বাবে অসম হৈছে এখন জনপ্রিয় পর্যটন কেন্দ্র।

৩। ব্ৰহ্মপুত্র নদী ক’ৰ পৰা ওলাই কোন দিশেৰে গতি কৰি কোন স্থানত পৰিছেগৈ?

উত্তৰ: ব্ৰহ্মহ্মপুত্র নদী তিব্বতৰ পৰা ওলাই অসম, বাংলাদেশ আৰু পশ্চিমবংগৰ মাজেদি প্ৰৱাহিত হৈ গংগাৰ সৈতে লগ লাগি বংগোপসাগৰত পৰিছে।

৪। অসমৰ বৃহত্তম নদীদ্বীপ কি?

উত্তৰঃ মাজুলী।

► চমু প্রশ্নোত্তৰ :

১। ‘পর্যটন’ বুলিলে কি বুজা সংজ্ঞা দিয়া।

উত্তৰঃ সাধাৰণ অৰ্থত পর্যটন বুলিলে কর্মব্যস্ততাৰপৰা কিঞ্চিত বিৰতি লৈ আমোদ-প্রমোদৰ উদ্দেশ্যে এখন নতুন ঠাইলৈ যোৱাকে বুজায়।

১৯১২ চনত অধ্যাপক Hunzilber আৰু Krapf নামৰ ছুইজাৰলেণ্ডৰ দুজনে পৰ্যটন সম্পর্কে সংজ্ঞা দিছে এনেদৰে ‘কোনো ব্যক্তিয়ে স্থায়ী বসতি বা অর্থনৈতিক লাভালাভৰ উদ্দেশ্য নোহোৱাকৈ অন্য দেশ ভ্রমণ কৰোঁতে উৎপন্ন হোৱা সাংস্কৃতিক বিনিময় আৰু ইয়াৰ লগত সম্পর্কযুক্ত সমগ্র ঘটনাৱলীক সামগ্রিকভাবে পর্যটন বুলি কোৱা হয়।’

১৯৭৬ চনত ইংলেণ্ডত Tourism Society য়ে পর্যটন সংজ্ঞা দিছে এনেদবে-‘পর্যটন হ’ল মানুহে তেওঁলোকৰ স্থায়ী বাসস্থান আৰু কৰ্মস্থলৰপৰা অস্থায়ীভারে কোনো গন্তব্য স্থানলৈ কৰা হ্রস্বম্যাদী ভ্রমণ আৰু ভ্ৰমণ স্থানত সংঘটিত কৰা কার্যকলাপ।’

২। অসমৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ বিষয়ে চমু আলোচনা কৰা।

উত্তৰ: অসমৰ প্ৰধান নদী হৈছে ব্রহ্মপুত্র। হিমালয়ৰ মানস সৰোবৰ নামৰ হ্ৰদৰপৰা ব্ৰহ্মপুত্ৰৰ উৎপত্তি হৈছে। মানস সৰোবৰৰ পুবফালে থকা ‘টামচুক খামবাৰ’ (31°N আৰু 42°E) নামৰ এটা হিমবাহৰপৰা ওলাই অহাৰ পিছত নদীখনৰ নাম হৈছে চাংপো। চাংপো নদী অৰুণাচল প্রদেশত সোমোৱাৰ পিছত দিহং নামে জনা যায়। দিহং, দিবং আৰু লোহিত নামৰ তিনিটা নদী লগ লাগি তিনিচুকীয়া জিলাত ব্রহ্মপুত্র হৈছে। অসমৰ মাজেদি বৈ গৈ ব্রহ্মপুত্র নদী বাংলাদেশত প্ৰৱেশ কৰিছে আৰু তাত নদীখনৰ নাম হৈছে যমুনা। যমুনা নদী বাংলাদেশত পদ্মা নদীৰ লগ লাগি মেঘনা নাম লৈছে আৰু বংগোপসাগৰত পৰিছে। ব্ৰহ্মপুত্র নদীখন বংগোপসাগৰত পৰালৈকে মুঠ দৈর্ঘ্য হৈছে ২,৮৮০ কিল মিটাৰ; কিন্তু অসমৰ ভিতৰত ইয়াৰ দৈর্ঘ্য হৈছে ৭২০ কিল’মিটাৰ। ব্ৰহ্মপুত্র নদীত কিছুমান উপনৈ উত্তৰৰপৰা আহি পৰিছে আৰু কিছুমান দক্ষিণৰপৰা আহি পৰিছে।

কাছাৰ আৰু কৰিমগঞ্জ জিলাৰ মাজেৰে বৰাক নদী প্রৱাহিত হৈছে। ইয়াৰ উৎপত্তিস্থান হ’ল মণিপুৰৰ উত্তৰ সীমাৰ মৰাম অঞ্চলৰ এক ওখ পৰ্বতমালা। পূবৰপৰা পশ্চিমলৈ বৈ যোৱা এই নদীত উত্তৰ আৰু দক্ষিণৰপৰা কিছুমান উপনদী আহি লগ লাগিছে। বৰাক নদী বাংলাদেশত সোমাই ভৈৰৱ বজাৰত ব্ৰহ্মপুত্র, অর্থাৎ মেঘনা নদীৰ লগ লাগিছে। উৎসৰপৰা বংগোপসাগৰলৈ এই নদীৰ দৈর্ঘ্য হৈছে ৯০০ কিল’মিটাৰ আৰু অসমত ইয়াৰ দৈর্ঘ্য ১২৫ কিল’মিটাৰ। উত্তৰফালৰ পৰা অহা প্রধান উপনদীবোৰ হৈছে- জাটিংগা, জিনাম, মথুৰা, জিবি, চিৰি আৰু লাবাক ইত্যাদি। দক্ষিণফালৰপৰা অহা প্রধান উপনদীবোৰ হৈছে- সোণাই, ঘাগ্রা, কাটাখাল, ধলেশ্বৰী, সিংলা ইত্যাদি।

৩। অসমৰ ভূ-প্রকৃতি কেনেদৰে গঢ় লৈ উঠিছে?

উত্তৰ: অসমৰ ভূ-তাত্ত্বিক গঠন আৰু বিন্যাসৰ ভিত্তিত অসমৰ ভূ-প্রকৃতি গঢ় লৈ উঠিছে। অর্থাৎ অসমৰ ভূ-ত্বকৰ মূল ভেটিটোৰ ওপৰত যুগ যুগ ধৰি চলি থকা তাপ, চাপ, বতাহ, বৰষুণ, নদ-নদী আদি বাহ্যিক কাৰকবোৰৰ ক্ৰিয়া-প্ৰক্ৰিয়া আৰু ভু-গান্ধ আলোড়নৰ (Earth’s movement) ফলত ভূ-প্রাকৃতিক অৱয়রসমূহৰ সৃষ্টি হৈছে। ভূ-প্রাকৃতিক অৱয়ৱসমূহ, যেনে- সমভূমি, প্লাবনভূমি, পাহাৰ-পৰ্বত, পাহাৰৰ পাদদেশ, মালভূমি, নদী-উপত্যকা আদিৰ আলমত অসমৰ ভূ-প্রকৃতি বৰ্ণনা কৰিব পাৰি।

S. NoBA 1st Semester SEC Solutions (History) – All Units
1পৰ্যটনৰ তাত্ত্বিক দিশ, প্রাথমিক ভূগোল আৰু উত্তৰ-পূব ভাৰতৰ জৈৱ-বৈচিত্র্য
2উত্তৰ-পূব ভাৰতৰ ঐতিহাসিক ধ্বংসাবশেষ আৰু গুৰুত্বপূৰ্ণ পর্যটন ক্ষেত্র
3স্থাপত্য-কলাসম্মত ঐতিহ্য
4উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন মেলা আৰু উৎসৱ

৪। আন্তঃৰাষ্ট্ৰীয় ভ্রমণকাৰী কেই শাখাত ভাগ কৰিব পাৰি আৰু কি কি?

উত্তৰঃ কোনো লোকে আন্তঃৰাষ্ট্ৰীয় ভ্রমণকাৰীক দুটা শাখাত ভাগ কৰিছে- (ক) পর্যটক আৰু (খ) এক্সাৰটনিষ্ট। পর্যটন হৈছে কোনো এখন দেশত ন্যূনতম ২০ ঘণ্টা অতিবাহিত কৰা ভ্রমণ আৰু এক্সাৰটনিষ্ট বুলি ২০ ঘণ্টাতকৈ কম সময় দেশখনত অতিবাহিত কৰা সাময়িক ভ্রমণকাৰীক কোৱা হয়।

► ৰচনাধৰ্মী প্রশ্নোত্তৰ:

১। ‘পর্যটন’ সম্পর্কে এটি আলোচনা আগবঢ়োৱা।

উত্তৰ: অতি প্রাচীন কালৰপৰাই বিভিন্ন ঠাইৰ, বিভিন্ন সময়ত, বহু লোকে অন্ন-বস্ত্র-বাসস্থানৰ সন্ধানত পৰিভ্ৰমণ কৰি ফুৰিছিল। প্ৰথম অৱস্থাত মানুহে জীব-জন্তু পুহিবলৈ লৈছিল আৰু তেতিয়া জীৱ-জন্তুৰ খাদ্যৰ সন্ধানত এঠাইৰপৰা আন ঠাইলৈ অহা-যোৱা আৰম্ভ কৰিছিল। এনেদৰে কৃষিকৰ্মৰ সৈতে তেওঁলোক পৰিচিত হৈ পৰে। সময়ৰ লগে লগে মানুহৰ প্ৰয়োজন বাঢ়ি যোৱাৰ লগে লগে বেহাবেপাৰ, শিক্ষাৰ বাবে, নতুন সাগৰীয় বাণিজ্যক পথৰ আৱিষ্কাৰে মানুহক নিজ দেশৰ সীমা অতিক্ৰম কৰি আন দেশত ভ্রমণ কৰিবলৈ উদ্‌গনি দিয়ে। যুদ্ধ-বিগ্রহৰ বাবেও অর্থনৈতিক সংকটত পৰি প্ৰাচীন কালত মানুহবোৰে পৰিভ্ৰমণ কৰি ফুৰিছিল। সেইদৰে ‘ধর্ম’ৰ বিশেষ ভূমিকাও দেখা যায়। ধৰ্মৰ প্রাধান্যতা যেতিয়া মানুহবোৰৰ মাজত দেশ গ’ল, তেতিয়া ধর্মীয় কাৰণতো তীর্থস্থানসমূহ ভ্ৰমণ কৰা দেখা যায়। ১৯ শতিকাত শিল্প বিপ্লবে সৃষ্টি কৰা পৰিৱেশ, পৰিস্থিতি, মানুহৰ ৰুচিবোধৰ পৰিৱৰ্তন আদিৰ ফলত ভ্ৰমণৰ এক জটিল আৰু আধুনিক ধাৰণা ‘পর্যটন’ আৰু ‘পৰ্যটনৰ’ সকলো দিশ সামৰি ‘পর্যটন উদ্যোগ’ৰ সৃষ্টি হ’ল বুলি ক’ব পাৰি। সাধাৰণ অর্থত পর্যটন বুলিলে কর্মব্যস্ততাৰ পৰা কিঞ্চিত বিৰতি লৈ আমোদ-প্রমোদৰ উদ্দেশ্যে এখন নতুন ঠাইলৈ যোৱাকে বুজায়।

ইংৰাজী ‘Tourism’ শব্দৰ অসমীয়া প্রতিশব্দ হ’ল পর্যটন। এই ‘Tourism’ শব্দটো ইংৰাজী ‘Tour’ শব্দৰ পৰা আহিছে, যিয়ে ভ্রমণক বুজায়। কোনো কোনো পণ্ডিতৰ মতে, লেটিন শব্দ ‘Tomure’ আৰু গ্ৰীক শব্দ ‘Tornas’ৰ পৰা ‘Tour’ শব্দটো আহিছে, যাৰ অৰ্থ বৃত্ত। অর্থাৎ একক কেন্দ্ৰীয় বিন্দুৰ চৌদিশে কৰা সঞ্চালন। একাংশ পণ্ডিতৰ মতে, ‘Tour’ শব্দটো পুৰণি আৰমিক ভাষাৰ ‘Tur’ৰ পৰা আহিছে, যাক ব্যক্তিৰ যাত্রা, অভিযান আৰু সঞ্চালন বুজাবলৈ ব্যৱহাৰ হৈছিল। কৰাচী অভিজাত ডেলা টোৰৰ সৈতে ‘Tour’ শব্দটোৰ সম্পর্ক স্থাপন কৰিবলৈ প্ৰয়াস কৰে। ১৫২৬ চনত ফৰাচী ৰজা পঞ্চম কার্লোচে ইংলেণ্ডৰ সৈতে এক চুক্তি সম্পাদন কৰিছিল, যাৰ দ্বাৰা ৰজাই ডেলা টোৰ পৰিয়ালৰ বাণিজ্যিক আৰু অন্যান্য ব্যৱসায় পৰিচালনাৰ বিশেষ অধিকাৰ প্ৰদান কৰিছিল। ১৮শ শতিকাত ইউৰোপৰ বিভিন্ন দেশৰ গণ্যমান্য ব্যক্তিসকলে ইটালী ভ্রমণ কৰিছিল আৰু ইটালী ভ্ৰমণ কৰিলেহে শিক্ষা আহৰণ পূৰ্ণ হোৱা বুলি ভাবিছিল। এনেদৰে ইউৰোপৰ মহাভ্রমণ The Grand Tourৰ ধাৰণা সৃষ্টি হৈছিল। ১৭৬৩-১৭৯৩ খ্রীষ্টাব্দলৈ এই সময়ছোৱাক ‘Grand Tour’ৰ সোণালী যুগ বুলি অভিহিত কৰা হয়। ‘Grand Tourist’সকলে প্রাচীন বিশ্বৰ কলা-সংস্কৃতি, সাহিত্য, শিল্পৰ অনুৰাগী আছিল।

১৯১২ চনত ছুইজাৰলেণ্ডৰ দুজন অধ্যাপক Hunziker আৰু Krapf য়ে পর্যটন সম্পর্কে এনেদৰে সংজ্ঞা দিছে- ‘Tourism is the totality of the relationship and phenomenon arising from the travel and stay of strongers, provided the ustay does not imply the establishement of a permanent residence and is not connected with remuneratid activity.’ (কোনো ব্যক্তিয়ে স্থায়ী বসতি বা অর্থনৈতিক লাভালাভৰ উদ্দেশ্য নোহোৱাকৈ অন্য দেশ ভ্রমণ কৰোঁতে উৎপন্ন হোৱা সাংস্কৃতিক বিনিময় আৰু ইয়াৰ লগত সম্পর্কযুক্ত সমগ্র ঘটনাৱলীক সামগ্রিকভাবে পর্যটন বুলি কোৱা হয়)।

১৯৭৬ চনত ইংলেণ্ডত Tourism Society য়ে পৰ্যটনৰ সংজ্ঞা দিছে এনেদৰে-‘Tourism is the temparary short term movement of people to destinations outside the places where they normally live and worle and their activities doing the stay this destinations, it includes movement for all purposes, as well as day visits or excursions.” (পর্যটন হ’ল মানুহে তেওঁলোকৰ স্থায়ী বাসস্থান আৰু কৰ্মস্থলৰপৰা অস্থায়ীভাবে কোনো গন্তব্যস্থানলৈ কৰা হ্রস্বম্যাদী ভ্রমণ আৰু ভ্ৰমণ স্থানত সংঘটিত কৰা কাৰ্যকলাপ।

১৯৮১ চনত International Association of Scientific Experts in Tourism-এ আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় সম্মিলনৰ মতে, ‘Tourism may be defined in term of particular activities by choice and undertaken outside the home enviroment. Tourism may or may not in value overnight stays away from home.’

এনেধৰণৰ সংজ্ঞাৰ আধাৰত ক’ব লাগিব যে মানুহে নিজৰ স্থায়ী ঠাই বা বাসস্থানৰ পৰা অন্য ঠাইত, নিজ ইচ্ছাৰে আনন্দ উপভোগৰ বাবে নাইবা ধর্মীয়, শিক্ষাগত, ব্যৱসায়িক কাৰ্যত ভ্ৰমণ কৰাকে ব ব লাগিব। ইয়াৰ লগতে বিভিন্ন দিশৰ সহায়কসকল, পৰিবহণ ব্যবস্থা, ট্রেভেল এজেন্সীসমূহ, অৱসৰ-বিনোদন, আতিথ্য সেৱা আদিক ইয়াৰ ভিতৰুৱা বুলি ক’ব পাৰি।

সেইদৰে পৰ্যটকৰ কিছুমান নীতি দেখা যায়-

(ক) আনন্দ-প্রমোদৰ বাবে, ঘৰুৱা বা স্বাস্থ্যজনিত কাৰণত কৰা ভ্ৰমণকাৰীসকল।

(খ) ব্যৱসায়িক উদ্দেশ্যত ভ্ৰমণ কৰা ভ্রমণকাৰী।

(গ) সভা-সমিতি, শিক্ষামূলক কাৰ্যৰ সৈতে জড়িত ভ্রমণকাৰী।

(ঘ) বৈজ্ঞানিক, প্রশাসনিক, কূটনৈতিক কামত যোৱা ভ্রমণকাৰী।

(ঙ) ধর্মীয় পর্যটনস্থলী দৰ্শনৰ উদ্দেশ্যে যোৱা ভ্রমণকাৰী।

আনহাতে, ভ্রমণকাৰীসকলক কেতিয়া পর্যটক বুলি গণ্য কৰা নহয়, তলত সেয়া উল্লেখ কৰা হ’ল-

(ক) যদি কোনো লোকে আন এখন দেশত স্থায়ীভাবে বসবাস কৰিবলৈ একেবাৰে যায়, তেনে লোকক।

(খ) কেতিয়াবা কর্মসূত্রে বাস কৰা কিছু লোকক।

(গ) বিদ্যালয়, মহাবিদ্যালয় বা উচ্চ শিক্ষাৰ অৰ্থে অইন দেশত বাস কৰা সকলক।

(ঘ) সীমান্তবর্তী এলেকাৰ বাসিন্দাসকল।

উল্লেখ কৰিব লাগি যে জাতিসংঘই আগবঢ়োৱা পৰ্যটকৰ সংজ্ঞাটো ১৯৪৫ চনত ৰাষ্ট্ৰসংঘয়ো গ্ৰহণ কৰে আৰু কোৱা হয় যে এজন ভ্রমণকাৰীয়ে প্ৰব্ৰজনৰ কোনো উদ্দেশ্য নোহোৱাকৈ আন এখন দেশত ২৪ ঘণ্টাৰপৰা ছমাহ পর্যন্ত অতিবাহিত কৰিলে তেওঁক পর্যটক বুলি কোৱা হয়।

পৰ্যটনৰ প্ৰকৃতি সম্পর্কে বিভিন্ন পণ্ডিতে উল্লেখ কৰা দেখা যায় যে –

(ক) ভ্ৰমণৰ প্ৰকৃতি সাময়িক বা হ্রস্বম্যাদী হয়।

(খ) স্থায়ী বসবাস বা কর্মসংস্থাপন ভ্রমণৰ উদ্দেশ্য নহয়।

(গ) এই পৰ্যটনৰ সৈতে পৰিবহণ, বাসস্থান, খাদ্য আৰু বিনোদনৰ ব্যৱস্থা ইত্যাদি থাকে।

(ঘ) বিভিন্ন সেৱাৰ সৈতে জড়িত বিমান সংস্থা, ৰে’লৱে, টেক্সি সেৱা, হোটেল, ৰিজ’ৰ্ট, মোটেল, ট্রেভেল এজেন্সী ইত্যাদি।

পর্যটন কৰিবলৈ হ’লে এগৰাকী ব্যক্তিক কিছু বস্তুৰ প্ৰয়োজন হয়। সেইবোৰ হৈছে-

(ক) সময়ৰ প্ৰয়োজন।

(খ) ধনৰ প্ৰয়োজন।

(গ) উপযুক্ত যোগাযোগৰ প্ৰয়োজন।

(ঘ) সহায়কাৰী সকলৰ পৰা পোৱা সুবিধা।

(ঙ) পৰ্যটকৰ নিজস্ব প্রয়োজনীয় বস্তু লগত নিয়া।

(চ) স্বাস্থ্যজনিত দৰব বা আনুসংগিক বস্তুৰ প্ৰয়োজন।

২। গুৰুত্বপূৰ্ণ বন্যজীৱৰ আবাসস্থল হিচাপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যনৰ বিষয়ে বহলাই লিখা।

উত্তৰঃ এটা খড়গযুক্ত গঁড়ৰ বাবে পৃথিবী বিখ্যাত কাজিৰঙা অসমৰ গোলাগাট আৰু নগাঁও জিলাৰ ৪৩০ বর্গ কিলোমিটাৰ এলেকা আগুৰি থকা এখন ডাঙৰ বনভূমি। গুৱাহাটীৰপৰা পূবে ২১৭ কিলোমিটাৰ দূৰত্বত অৱস্থিত কাজিৰঙাই হ’ল ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি পোৱা অসমৰ প্ৰথমখন বনভূমি। এই বাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতিৰ কথা কওঁতে এগৰাকী ব্ৰিটিছ মহিলাৰ প্ৰসংগ আহি পৰে। ১৯০০ চনৰ প্ৰথমৰপৰাই ইংৰাজসকলে অসমত চাহ বাগান খোলাৰ কাম আৰম্ভ কৰিবলৈ লয়। তেতিয়া ইংৰাজসকলে আমোদ-প্রমোদৰ বাবে বহুতো জীৱ-জন্তুক হত্যা কৰিছিল আৰু বহুতো প্রাণীক নিজৰ বাগানৰ মাটি উলিয়াবলৈ যাওঁতে হত্যা কৰিছিল। ১৯০৩ চনত ইংৰাজসকলে জানিব পাৰে যে অসমৰ কাজিৰঙা নামৰ ঠাইত তিনিটা নখ আৰু এটা শিং থকা জন্তু আছে। এই কথা ইংলণ্ডত থকা ব্রিটিছ প্রশাসক লর্ড কার্ডনৰ পত্নী লেডী মেৰী ভিক্তোৰিয়া কার্জনে জানিব পাৰে আৰু এই জন্তুটোকে চাবলৈ তেওঁ ১৯০৫ চনত কাজিৰঙালৈ আহে। দুর্ভাগ্যবশতঃ তেওঁৰ কাজিৰঙাত উক্ত জন্তুটো দেখাৰ সৌভাগ্য নহ’ল। কিন্তু জন্তুটোৰ ভৰিৰ খোজহে দেখিবলৈ পালে। অৱশেষত তেওঁ ইংলণ্ডলৈ ঘূৰি যায় আৰু লর্ড কার্জনক জন্তুবিধৰ সংৰক্ষণৰ কথা চিন্তা কৰিবলৈ কয়। ফলস্বৰূপে লর্ড কার্জনে পত্নীৰ অনুৰোধ ৰক্ষা কৰি ১৯০৫ চনৰ ১ মে’ৰপৰা ২৩২ কিলোমিটাৰ মাটিকালি সামৰি কাজিৰঙাক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰিবলৈ আগ্রহ প্রকাশ কৰে। অৱশ্যে তাৰ তিনি বছৰৰ পিছত বনাঞ্চলখনৰ মাটিকালি ১৫২ কিলোমিটাৰ পৰ্যন্ত বঢ়োৱা হয় আৰু ১৯০৮ চনৰ ৩ জানুৱাৰীৰ দিনা সেই সমগ্ৰ অৰণ্য অঞ্চলক কাজিৰঙা সংৰক্ষিত বনাঞ্চল হিচাপে লর্ড কার্জনে ঘোষণা কৰে। ১৯১৬ চনৰ ১০ নৱেম্বৰত কাজিৰঙাক মৃগয়াবন (প্রমোদ উদ্যান) (Game Sanctuary) হিচাপে ঘোষণা কৰা হৈছিল যদিও ‘মৃগয়া’ শব্দটোৱে চিকাৰৰ বৈধতাক সূচোৱা বাবে ১৯৫০ চনত কাৰিঙাক বন্যপ্রাণী অভয়াৰণ্য বুলি ঘোষণা কৰা হয়। ১৯৩৭চনত কাজিৰঙাক পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হয়। গঁড়ৰ চোৰাং চিকাৰ বন্ধ কৰাৰ প্রয়াসেৰে ১৯৫৪ চনত চৰকাৰে Assam Rhinoceros Bill গ্ৰহণ কৰে। ১৯৬৮ চনত The Assam National Park আইনখন বলৱৎ কৰি কাজিৰঙাক ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে গ্রহণ কৰে। ১৯৭৪ চনৰ ১১ ফেব্ৰুৱাৰীত কাজিৰঙাই ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভকৰে। ১৯৮৫ চনৰ ডিচেম্বৰ মাহত ইউনেস্ক ‘ৱে কাজিৰঙাক ‘বিশ্ব ঐতিহ্য অঞ্চল’ হিচাপে স্বীকৃতি প্রদান কৰে। ২০০৬ চনত কাজিৰঙাক ব্যাঘ্র সংৰক্ষণ এলেকাৰ অন্তৰ্ভূক্ত কৰা হয়।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভৌগোলিক অবস্থান ২৬°৩০′ উত্তৰৰপৰা ২৬°৪৫ উত্তৰ অক্ষাংশ আৰু ৯৩°০৮′ পূবৰপৰা ৯৩°৩৬′ পূব দ্রাঘিমাংশৰ ভিতৰত। অভয়াৰণ্যখন দীঘলে পূবৰপৰা পশ্চিমলৈ ৪০ কিলোমিটাৰ আৰু বহলে উত্তৰৰপৰা দক্ষিণলৈ ১৩ কিলোমিটাৰ।

চাৰিসীমা: কাজিৰঙাৰ উত্তৰে বিশাল ব্ৰহ্মপুত্র নদী, দক্ষিণে কাৰ্বি পাহাৰ, পূবে গোলাঘাট জিলাৰ বোকাখাত মহকুমা আৰু পশ্চিম দিশত আছেনগাঁও জিলাৰ জখলাবন্ধা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কহৰা, অগৰাতলী, বাগৰি আৰু বুঢ়াপাহাৰ-এই চাৰিটা প্রশাসনিক বনাঞ্চলত ভাগ কৰা হৈছে। এই বনাঞ্চলকেইখন কেইবাটাও ব্লকৰ অন্তর্ভুক্ত। সেইকেইটা হ’ল- বাগৰি, হালধিবাৰী, কাজিৰঙা, পাণবাৰী, ভৱানী, চাৰিঘৰীয়া, বৰালিমাৰা আৰু তামুলীপথাৰ।

জলবায়ুঃ ৰাষ্ট্ৰীয় উদ্যানখনৰ জলবায়ু ক্রান্তীয় সেমেকা। গ্রীষ্মকালত সকলোতকৈ বেছি বৰষুণ হয়। বার্ষিক বৃষ্টিপাতৰ পৰিমাণ ১,৩২০ মিলিমিটাৰ। গড় সর্বোচ্চ তাপমান ৩৭ ডিগ্রী চেলছিয়াছ আৰু সর্বনিম্ন ৮.৯০ ডিগ্রী চেলছিয়াছ। আর্দ্রতা শতকৰা ৮৫ শতাংশ।

উদ্ভিদৰাজি: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৰণ্যৰাজিক চাৰিভাগত ভগাব পাৰি। সেইবোৰ হ’ল- (ক) পলসুৱা ঘাঁহনি অঞ্চল (খ) পলসুৱা ভূমিৰ অৰণ্য (গ) মিশ্র সেমেকা পৰ্ণপাতী অৰণ্য আৰু (ঘ) ক্রান্তীয় অর্ধ চিৰসেউজ অৰণ্য। ১৯৮৬ চনৰ তথ্য অনুসৰি কাজিৰঙাত ৪১ শতাংশ দীঘল ঘাঁহ, ১১ শতাংশ চুটি ঘাঁহ, ২৯ শতাংশ মুকলি হাবি, ৪ শতাংশ পিটনি, ৮ শতাংশ সৰু নদী, জলাশয় আৰু বাকী ৬ শতাংশ বালিৰে ভৰা। উদ্যানখনৰ মাজেৰে বৰজুৰি, কঁহৰা, দিহিং, ভালুকজুৰি, দেওপানী, মৰা ডিফলু আদি সৰু নৈ আৰু জুৰি বৈ গৈছে।

ৰাষ্ট্ৰীয় উদ্যানখনৰ বিশালতা আৰু ইয়াৰ জীৱানুকুল পৰিৱেশৰ বাবেই উদ্যানখনত বিভিন্ন প্রজাতিৰ গছ-গছনি আৰু পশু-পক্ষীৰ প্ৰাচুৰ্য দেখা যায়। ৰাষ্ট্ৰীয় উদ্যানখনৰ উদ্ভিদৰাজিৰ ভিতৰত শিমলু, ঔ-টেঙা, চোম, আমলখি, কৰৈ, এজাৰ, ভেলকৰ, ভেলেউ, ভেৰ, হিজল, বগৰী, আঁহত, বিভিন্ন প্রজাতিৰ ডিমৰু আদিয়েই প্রধান। ঘাঁহনি অঞ্চলত সততে দেখা কেইবিধমান ঘাঁহৰ প্ৰজাতি হৈছে- ইকৰা, নল, উলুখেৰ, খাগৰি, বিৰিণা, বৰতা খেৰ, সৰণখেৰ, লকচা, দূবৰি, কঁহুৱা, তৰা, ববছা বন, বিহলভী ইত্যাদি। প্রতিবছৰেই ডিচেম্বৰ মাহৰপৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই ঘাঁহবোৰ জুই লগাই জ্বলাই দিয়া হয়। তাৰপৰা বাৰিষাৰ লগে লগে তৃণভোজী জন্তুবোৰৰ বাবে নতুন ঘাঁহ ওলায়। এই জুই কাঠনী বা ডাঙৰ গছৰ হাবিৰে ভৰা অঞ্চললৈ আৰু চৰাই বাস কৰা অঞ্চলবোৰলৈ বিয়পি নাযাবলৈ যথোচিত ব্যৱস্থা লোৱা হয়। উদ্যানখনত থকা বিল আৰু জলাশয়বোৰ বিভিন্ন ধৰণৰ জলজ উদ্ভিদেবে ভৰি আছে। ইয়াৰ ভিতৰত দল, কলমৌ, হেলচী, বৰপুণী, সৰুপুণী, ভেট, পদুম, মেটেকা, পানীশিঙৰী আদি উল্লেখযোগ্য। বিভিন্ন প্রজাতিৰ অৰ্কিড উদ্যানখনৰ এক উল্লেখযোগ্য সম্পদ।

জীব-জন্তুঃ কাজিৰঙাৰ মুখ্য আকর্ষণ এটা খড়গযুক্ত গঁড় যদিও কাজিৰঙাৰ আন এক আপুৰুগীয়া সম্পদ হ’ল দলহৰিণ। ইয়াৰ উপৰি উদ্যানখন বিভিন্ন প্রজাতিৰ স্তন্যপায়ী। জন্তু, বনৰীয়া চৰাই, নানাবিধ সৰীসৃপ, মাছ, কাছ আদিৰে বাসস্থান। ১৯০৮ চনত উদ্যানখনত গঁড়ৰ সংখ্যা আছিল ১২টা। ২০০৮ চনৰ তথ্য অনুসৰি বনৰীয়া ম’হৰ সংখ্যা ১,৬৬৬টা আৰু হাতীৰ সংখ্যা প্রায় ১,৯৪০টা। ২০১২ চনৰ লোকপিয়ল মতে, কাজিৰঙাত গঁড়ৰ সংখ্যা ২২৯০টা। এশিঙীয়া গঁড়, দলহৰিণ, বনৰীয়া ম’হ, বাঘ আৰু হাতী- এই পাঁচবিধ প্রাণীৰে উদ্যানখন বিশেষভাৱে গৌৰৱান্বিত। পৃথিৱীৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতে বাঘৰ ঘনত্ব সর্বাধিক। উদ্যানখনত থকা আন স্তন্যপায়ী জন্তুৰ ভিতৰত- হলৌ বান্দৰ, হনুমান বান্দৰ, মলুৱা বান্দৰ, সোণালী বান্দৰ, শৰপহু, খুটীয়া পহু, ভালুক, বনৰীয়া গাহবি, শিহু, বিভিন্ন প্রজাতিৰ উদ, জহামাল, গেৰেলা, মেচেকা, নেউল, শিয়াল, গোধাফুটুকী, নাহৰফুটুকী, লতামাকৰি, হেপা, বনৰৌ আদিয়েই প্রধান।

পক্ষীকুল: পক্ষীকুলৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন বিখ্যাত। বর্তমান ৪৮০ৰো অধিক পৰিভ্ৰমী আৰু স্থানীয় চৰাই নথিভুক্ত হৈছে। কাজিৰঙাত বাস কৰা বিভিন্ন প্রজাতিৰ চৰাইৰ বাবে পক্ষীৰ জগতত কাজিৰঙাৰ স্থান ‘Corbet National Park’-ৰ পিছতেই দ্বিতীয় স্থানত। কাজিৰঙাত পোৱা বিভিন্ন চৰাইৰ ভিতৰত- পেলিকান, হাড়গিলা, বৰটোকোলা, ধনেশ, চিলনী, বালিমাহী, দহিকতৰা, মইনা, শৰালি, বৰশৰালি, ভদৰকলী, সখীয়তী, মাটিমাহী, ঢোঁৰা কাউৰী, পাতিকাউৰী, বনকুকুৰা, ঘিলাহাঁহ, খন্তীয়া হাঁহ, কুৰুৱা, গোধাচিলনী, শগুন, মণিয়ৰী, বৰবগ, মাজুবগ, শামুকভঙা, হয়কলি, উলূমৰা, ঢেকৰ, ডাউক, কপৌ, কুকুহা, হুদু, দিনকণা, ধনেশ, বিভিন্ন প্রজাতিৰ মাছৰোকা, হেঁটুলুকা, বাঢ়ৈটোকা, ফেঁচু, ভাটো, শালিকা, বুলবুলি, মইনা, কুলি, কেতেকী, কলাখোৱা, মৌপিয়া আদি উল্লেখযোগ্য। কাজিৰঙা Birdlife International-ৰ দ্বাৰা Important Bird Area হিচাপে স্বীকৃত হৈছে। তদুপৰি উদ্যানখনৰ চহলা বিলৰ কাষত পৰিভ্ৰমী চৰাই পেলিকান যথেষ্টসংখ্যক থাকে বাবে সেই ঠাইক ‘পেলিকান কলনী’ বুলি কোৱা হয়।

ৰাষ্ট্ৰীয় উদ্যানখনত ২৭টা প্ৰজাতিৰ সৰীসৃপ আৰু ৪২টা প্ৰজাতিৰ মাছ পোৱা যায়। সৰীসৃপৰ ভিতৰত অজগৰ, গুই, মচোৱা গোম, পানী মড়লী, ফেঁটীসাপ, ৰাজফেটী আদি সাপৰ লগতে বিভিন্ন প্রজাতিৰ কাছ কাজিৰঙাত পোৱা যায়।

Leave a comment