BA 1st Semester SEC Historical Tourism in North East India Chapter 2 Question Answer Assamese Medium 2025
Unit : 2
উত্তৰ-পূব ভাৰতৰ ঐতিহাসিক ধ্বংসাবশেষ আৰু গুৰুত্বপূৰ্ণ পৰ্যটন ক্ষেত্ৰ
► অতি চমু প্রশ্নোত্তৰ :
১। হাজোৰ পোৱমক্কা মছজিদটো কোনে নির্মাণ কৰিছিল?
উত্তৰঃ গিয়াচুদ্দিন আউলিয়াই।
২। টাৱাং কিয় বিখ্যাত?
উত্তৰ: প্রাচীন বৌদ্ধ ভাস্কৰ্যবোৰৰ বাবে টাৱাং পর্যটকসকলৰ বাবে অতি আকৰ্ষণৰ প্রাণকেন্দ্র। টাৱাঙত ষষ্ঠ দালাই লামা চেং-য়াং গিয়াটচুৰ আবির্ভাব হৈছিল।
৩। দেও পৰ্বতৰ অপূৰ্ব ভাস্কৰ্যসমূহৰ ভিতৰত পৰ্যটকসকলৰ দৃষ্টি সততে আকর্ষণ কৰা ভাস্কৰ্যসমূহ কি কি?
উত্তৰঃ দেও পৰ্বতৰ অপূর্ব ভাস্কৰ্যসমূহৰ ভিতৰত পৰ্যটকসকলৰ দৃষ্টি সততে আকর্ষণ কৰা ভাস্কৰ্যসমূহ হ’ল- উৰন্ত অপ্সৰা, বিদ্যাধৰ আৰু কীৰ্তিমুখ।
► চমু প্রশ্নোত্তৰ :
১। হিন্দু-মুছলমানৰ পৱিত্ৰ মিলনস্থলি পোৱামক্কাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ হাজোৰ আটাইতকৈ ওখ টিলা গৰুড়াচলৰ ওপৰত মুছলিম জগতৰ পৱিত্ৰতম মক্কাৰ পৱিত্ৰতাৰ পোৱা ভাগ লৈ পোৱামক্কা অৱস্থিত। এই ঠাইত এটি প্রাচীন মছজিদ আছে; তাৰ বেৰত ফাৰ্চী ভাষাত লিখা এখন লিপি বিদ্যমান। লিপিখনিমতে দিল্লীৰ শ্বাহানশ্বাহ শাহজাহানৰ ৰাজত্বকালত মীৰ লুটফুল্লা-ই-চিৰাজে ১০৫৭ হিজৰী অর্থাৎ ১৬৫৭ খ্রীষ্টাব্দত মছজিদটি নিৰ্মাণ কৰিছিল। লুটফুল্লা চিৰাজী হাজোৰ থানাদাৰ আছিল। মছজিদৰ সন্মুখত এটি প্রাচীন কবৰ আছে; সেইটি ষোড়শ শতিকাৰ ইছলাম-প্ৰচাৰক গিয়াছুদ্দিন আউলিয়াৰ কবৰ। এৱেই পোনতে হাজোত মুছলমান উপনিৱেশ আৰু পোৱামক্কাৰ মছজিদ স্থাপন কৰে: মীৰ লুটফুল্লাই তাক পুননির্মাণ মাত্র কৰে। কথিত আছে, মছজিদৰ ভেটিৰ কাৰণে মক্কা ছবিফৰ পৰা অলপ মাটি অনা হৈছিল। চুজাবাদ বা হাজোৰ নতুন মছজিদৰ আধাৰশিলা আবুল ঘাজী চুজাউদ্দিন মহম্মদ শাহ হাজোৰ শাসক থকা কালত লুটফুল্লাহ স্থাপন কৰিলেও তেওঁৰ পুতেক নিয়ামতুল্লাইহে নির্মাণ সম্পূর্ণ কৰে। আৰু কথিত আছে, গিয়াছুদ্দিনে কেদাৰনাথৰ মঠ ভাঙিবলৈ যাওঁতে খটখটিতে তেজে বতিয়াই মৰে। হিন্দু-মুছলমান উভয়েই গিয়াছুদ্দিনৰ কবৰত সেৱা দি নানা মানসেৰে ওচৰৰ গছ বা খুটাত ডোল-ফহটি বান্ধিছিল।
মুছলমানসকলৰ অতি পৱিত্ৰ তীৰ্থ হৈছে হাজোৰ গৰুড়াচলত অৱস্থিত পোৱামক্কা।
এই তীৰ্থত যোড়শ শতিকাৰ ধৰ্মপ্ৰচাৰক গিয়াছুদ্দিন আউলিয়াৰ সমাধি আৰু তাৰ লগত মছজিদ এটাও আছে। আনহাতে, গিয়াছুদ্দিনে পবিত্র মক্কাৰপৰা এপোৱা মাটি আনি তাত দিছিল বাবেই তীৰ্থখনৰ নাম পোৱামক্কা হ’ল। হিন্দু জনশ্রুতি অনুসৰি এই তীর্থ অৱস্থিত পাহাৰখনত গৰুড়পখীয়ে আহাৰ গ্ৰহণ কৰিছিল বাবে গৰুড়াচল নাম পালে। পোৱামক্কাৰ মছজিদৰ বেৰত নবাব ছুজাউদ্দিনৰ নাম সম্বলিত পার্টী ভাষাত লিখা এখন ফলি আছে। এই ফলিৰ মতে, গিয়াছুদ্দিনৰ সমাধিৰ কাষতে দিল্লীৰ বাদশাহ শাহজাহানৰ শাসন কালত আবুল গাজি ছুজাউদ্দিনে মছজিদটো সজাই দিছিল। গৰুড়াচল পাহাৰৰ তলৰ ফকীৰতোলাত ডেবশটা মান পৰিয়ালে বাস কৰে আৰু এওঁলোকে পাল পাতি মছজিদৰ তত্ত্বাৱধানৰ দায়িত্ব গ্রহণ কৰে।
S. No | BA 1st Semester SEC Solutions (History) – All Units |
---|---|
1 | পৰ্যটনৰ তাত্ত্বিক দিশ, প্রাথমিক ভূগোল আৰু উত্তৰ-পূব ভাৰতৰ জৈৱ-বৈচিত্র্য |
2 | উত্তৰ-পূব ভাৰতৰ ঐতিহাসিক ধ্বংসাবশেষ আৰু গুৰুত্বপূৰ্ণ পর্যটন ক্ষেত্র |
3 | স্থাপত্য-কলাসম্মত ঐতিহ্য |
4 | উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন মেলা আৰু উৎসৱ |
২। চেৰাপুঞ্জীৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: এই অঞ্চলটো ছিলঙৰপৰা ৬০ কিল’মিটাৰ দূৰৈত অৱস্থিত। সাগৰ পৃষ্ঠৰ পৰা ১৩০০ মিটাৰ উচ্চতাত অৱস্থিত চেৰাপুঞ্জী এখন মনোৰম আৰু পৃথিৱীৰ ভিতৰত আটাইতকৈ আর্দ্র স্থান। বছৰি প্রায় ২৩০০ ছেন্টিমিটাৰ পৰিমাণৰবৰষুণেৰে বিশ্বৰ দ্বিতীয় সৰ্বাধিকবৰষুণ হোৱা ঠাই নামেৰে পৰিগণিত হৈছে। উত্তৰ-পূব দিশতবলাবংগোপসাগৰীয় মৌচুমী বতাহজাকে চেৰাপুঞ্জীৰ পাহাৰীয়া অঞ্চ লত খুন্দা মৰাৰ ফলত ইয়াত সর্বাধিক বৃষ্টিপাত হয়। চেৰাপুঞ্জীৰ কাষতে অৱস্থিত মৌচিনৰাম পৃথিৱীৰ ভিতৰত সৰ্বাধিকবৰষুণ হোৱা ঠাই ৰূপে বিখ্যাত। বৰষুণৰবতৰত কেতিয়াবা এই অঞ্চলত দুমাহলৈকে সূৰ্যৰ মুখ দেখা নাযায়। চেৰাপুঞ্জীত শুকানবতৰৰ আৰম্ভণি নৱেম্বৰ মাহৰপৰা আৰম্ভ হয়। সুন্দৰ জলপ্রপাত আৰু চুণ শিলৰ গুহাৰে আবৃত চেৰাপুঞ্জীত বিভিন্ন প্ৰজাতিৰ ঢেঁকীয়া বৰ্গৰ উদ্ভিদ, মচ জাতীয় তৃণ আৰু অর্কিড পোৱা যায়।
► ৰচনাধৰ্মী প্রশ্নোত্তৰ:
১। অসমৰ পুৰাতাত্ত্বিক পৰ্যটনস্থলীসমূহৰ বিষয়ে এটি আলোচনা আগবঢ়োৱা।
উত্তৰ: পৰ্যটন উদ্যোগত প্রত্নতাত্ত্বিক পৰ্যটনৰ এক সুকীয়া স্থান আছে। পুৰাতাত্ত্বিক পর্যটনস্থলীত স্থাপত্য-ভাস্কর্য সম্বলিত বুৰঞ্জীগত স্থান, অভিজ্ঞতাই বিশেষ স্থান অধিকাৰ কৰি আছে। তলত সেইবোৰ আলোচনা কৰা হ’ল-
তেজপুৰৰ দ-পৰ্বতীয়া তোৰণ: তেজপুৰ চহৰৰ সবাতোকৈ গুৰুত্বপূৰ্ণ এখন শৈলী হৈছে দ-পৰ্বতীয়া তোৰণ। এটা পুৰণি মন্দিৰৰ ভেটিত আহোম যুগত নির্মিত এই ভগ্ন শিৱ মন্দিৰৰ তোৰণখনে গুপ্ত শিল্পকলাৰ চানেকি বহন কৰিছে। শৈল তোৰণখন দুটা সমান্তৰাল শিলাখণ্ড আৰু তাৰ ওপৰত পথালিকৈ থকা শিলেৰে গঠিত। শিলাখণ্ড দুটাৰ মুখ্য সৌন্দর্য হৈছে খোদিত গংগা আৰু যমুনাৰ মূৰ্তি দুটা। শিলাখণ্ডৰ সোঁমাজত শিৱৰ ভাস্কর্য আছে। তোৰণখনৰ কাৰুকাৰ্যই সংস্কৃতিৰ লগত প্রাচীন অসমৰ সংস্কৃতিৰ নিবিড় সম্পৰ্কৰ প্ৰমাণ দিছে। কিছুসংখ্যক প্রত্নতাত্ত্বিকবিদে শিলত কটা মূর্তিসমূহৰ প্রকাশভংগী আৰু গঠন হেলনিক আৰু গ্ৰীচৰ শিল্পকলাৰ লগত সম্পর্ক আছে বুলি কয়।
বামুণী পাহাৰঃ তেজপুৰ নগৰৰ প্ৰায় ৩ কিলোমিটাৰ পূবে ব্ৰহ্মপুত্ৰৰ দাঁতিত ‘বামুণী পাহাৰ’ নামৰ এটি টিলা প্রাচীন মন্দিৰৰ ভগ্নাৱশেষেৰে সমৃদ্ধ। পুৰাতাত্ত্বিকসকলে ইয়াত দুটা মন্দিৰ আৰু পূবফালে এটাসহ মুঠ সাতটা মন্দিৰ আছিল কয়। ডাঙৰ মন্দিৰটো উত্তৰ-পূব পিনে মুখ কৰি আছে। সৰু মন্দিৰকেইটাৰ বিগ্রহ স্থাপনৰ বেদীসমূহো অক্ষত অৱস্থাত দেখা গৈছিল। মন্দিৰসমূহ বিষ্ণু, শিৱ, শক্তি, সূর্য আৰু গণেশৰ আছিল বুলি অনুমান কৰা হৈছে। এই ধ্বংসস্তূপবোৰ শালস্তম্ভীয় বংশৰ ৰজা বনমালা বর্মনে নির্মাণ কৰিছিল বুলি অনুমান কৰা হৈছে। বামুণী পাহাৰৰ শিলৰ ভিতৰত ফুল কটা ভিন্ন ভিন্ন আকৃতিৰ অসংখ্য শিলালিপি পোৱা যায়।
দেও পাহাৰঃ গোলাঘাট জিলাৰ ঐতিহ্যসমূহৰ ভিতৰত নুমলীগড়ৰ ‘দেও পাহাৰ’ অন্যতম। কার্বি জনজাতিৰ লোকসকলে দেও পাহাৰ নামটো ৰাখিছিল। ‘দেও’ বা দের মানে শিৱক বুজায়। এই পাহাৰত প্ৰাক্ আহোম যুগৰ অসংখ্য কাৰুকার্য খচিত ভাস্কর্য বিশৃংখলভাৱে সিঁচৰতি হৈ আছে। দেও পৰ্বতৰ অপূৰ্ব ভাস্কৰ্যসমূহৰ ভিতৰত পৰ্যটকসকলৰ দৃষ্টি সততে আকৰ্ষণ কৰা ভাস্কৰ্যসমূহ হ’ল- উৰন্ত অপ্সৰা, বিদ্যাধৰ আৰু কীর্তিমুখ। মন্দিৰটোৰ ভগ্নাৱশেষত দৃশ্যমান কীর্তিমুখৰ শিল্প ৰূপৰ সৈতে ভাৰতৰ বৌদ্ধস্তূপৰ প্ৰাচীন ভাৰতীয় শিল্পকলাৰ সাদৃশ্য দেখা যায়। গ্রেনাইট শিলেৰে ইয়াৰ ভাস্কৰ্যসমূহ নিৰ্মাণ কৰা হৈছিল বুলি জনা যায়। প্রত্নতত্ত্ব বিদ্যালয়ৰ মতে, এই ভাস্কৰ্যসমূহৰ লগত গুপ্তযুগ আৰু পালবংশৰ ভাস্কৰ্যৰ সাদৃশ্য আছে। এই পাহাৰতে ‘কবাথান’ নামৰ এটি শিৱ মন্দিৰ আছে। এই মন্দিৰটো নাৰায়ণ কন্দলি নামৰ এজন ব্রাহ্মণে ঊনবিংশ শতিকাৰ শেষৰফালে থানখন প্ৰতিষ্ঠা কৰিছিল। তদুপৰি পাহাৰখনত বন্যপ্রাণী হলৌ বান্দৰ, লাজুকী বান্দৰ, লতামাকৰি বাঘ, নাহৰফুটুকী, ঢেঁকীয়াপতীয়া, কেটেলা, শহা, বগলী, গুই, কেঁকোসাপ আদিৰ লগতে এটা ‘পখিলা কেন্দ্র’ আছে। সেইদৰে পৰিভ্ৰমী বৰমৌ দেওপাহাৰত বিশেষভাবে পোরা যায়। যাৰ বাবে প্ৰতিবছৰে এই পাহাৰলৈ বিভিন্ন পর্যটকৰ সমাগম হোৱা দেখা যায়।
1 thought on “BA 1st Semester SEC Historical Tourism in North East India Chapter 2 Question Answer Assamese Medium 2025 | BA 1st Semester SEC History Unit 2 Question Answer | উত্তৰ-পূব ভাৰতৰ ঐতিহাসিক ধ্বংসাবশেষ আৰু গুৰুত্বপূৰ্ণ পর্যটন ক্ষেত্র”