BA 1st Semester SEC Historical Tourism in North East India Chapter 3 Question Answer Assamese Medium 2025
Unit : 3
স্থাপত্য-কলাসন্মত ঐতিহ্য
► অতি চমু প্রশ্নোত্তৰ :
১। স্বর্গদেউ চ্যুকাফাই ক’ত আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী স্থাপন কৰিছিল?
উত্তৰঃ ১২৫৩ খ্রীঃত স্বৰ্গদেউ চ্যুকাফাই চৰাইদেউত আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী স্থাপন কৰিছিল।
২। কোনগৰাকী আহোম ৰজাই গড়গাঁও নগৰখন নিৰ্মাণ কৰিছিল?
উত্তৰঃ ১৫৩৯ চনৰ পৰা ১৫৫২ চনলৈকে ৰাজত্ব কৰা চুক্লেনমুং নামৰ ৰজাজনে গড়গাঁও নগৰখন নিৰ্মাণ কৰিছিল বুলি জনা যায়।
৩। কোনগৰাকী আহোম ৰজাৰ শাসনকালত ৰাজধানী গড়গাঁওৰপৰা ৰংপুৰলৈ স্থানান্তৰ কৰে?
উত্তৰ : ৰুদ্ৰসিংহৰ শাসনকালত ১৬৯৮ চনত ৰংপুৰলৈ আহোম ৰাজধানী স্থানান্তৰ কৰা হৈছিল।
৪। হয়গ্ৰীৱ-মাধৱ মন্দিৰ ক’ত অৱস্থিত?
উত্তৰঃ হয়গ্ৰীৱ-মাধৱ মন্দিৰ হাজোৰ মণিকূট পাহাৰৰ ওপৰত অৱস্থিত।
► চমুটোকা লিখা :
(i) কামাখ্যা।
উত্তৰঃ কামাখ্যা দেৱীৰ মন্দিৰ হিন্দুসকলৰ পবিত্ৰতীৰ্থ আৰু তান্ত্রিকসাধনাৰ কেন্দ্র। গুৱাহাটী ৰেল ষ্টেচনৰ পৰা প্ৰায় ৮ কিঃ মিঃ দূৰত ব্ৰহ্মপুত্ৰৰ পাৰৰ নীলাচল পৰ্বতত অৱস্থিত।
ভাৰতৰ অন্যান্য ঠাইৰদেৱী মন্দিৰৰ দৰে কামাখ্যাত দেৱীৰ মূৰ্তি দেখিবলৈ পোৱা নাযায়। ই কামাখ্যা মন্দিৰৰ এটা প্রধান আৰু গুৰুত্বপূর্ণ বৈশিষ্ট্য। মন্দিৰৰ ভিতৰৰ এটা গুহাৰ শিলত যোনিপীঠৰ চিহ্ন অংকিত আছে। চিৰপ্ৰবহমান এটি পাহাৰীয়া জুৰিব জলশ্রোতে উক্ত যোনিপীঠক তিয়াই ৰাখে।
কালাপাহাৰে কামাখ্যাৰ প্ৰাচীন মন্দিৰটো ১৬শ শতিকাৰ প্ৰথম ভাগত ধ্বংস কৰিছিল বুলি জনা যায়। কিন্তু ১৬৬৫ খৃঃত কোচ ৰজা নৰনাৰায়ণে এই মন্দিৰটোৰ পুনৰ নিৰ্মাণ কৰে। মন্দিৰটোৰ ভিতৰ ভাগত ৰজা নৰনাৰায়ণৰ এখন শিলালিপি আৰু ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ৰ শিলৰ মূৰ্তি দেখিবলৈ পোৱা যায়। এই মন্দিৰৰ ভাস্কৰ্য আৰু স্থাপত্য পৰ্যটকৰ বাবে আকৰ্ষণৰ বিষয়বস্তু। কামাখ্যাৰ মূল মন্দিৰটোৰ আশেপাশে কান্সী, তাৰা, ছিন্নমস্তা, বগলা ভৈৰৱী, ধূমাবতী, কামেশ্বৰ, সিদ্ধেশ্বৰ, কোটিলিঙ্গ আদি কেইবাটাও মন্দিৰ বিদ্যমান।
জনপ্রবাদ মতে, মা কামাখ্যাক দৰ্শন কৰিলে মনৰ সকলো ইচ্ছা পূৰণ হয় বুলি মানুহে বিশ্বাস কৰে। প্ৰধানকৈ অম্বুবাচী মেলা আৰু দুর্গা পূজা উৎসৱৰ সময়ত ইয়াত হাজাৰ হাজাৰ তীৰ্থযাত্ৰী আৰু ভক্তৰ সমাগম হয়। নীলাচল পাহাৰৰ পৰা গুৱাহাটী চহৰৰ দৃশ্য প্রত্যক্ষ কৰিবলৈ অতি বিতোপন। সোঁফালে ব্ৰহ্মপুত্ৰৰ নিৰ্মল জলধাৰা আৰু পাৰৰ জিলিকা বলুকাৰাশিৰ সৈতে নৈত ঢৌ তুলি উজাই বা ভটিয়াই যোৱা জাহাজ, পাল তৰা আৰু টুলুঙা নাওবোৰৰ দৃশ্যাৱলী সঁচাই আকর্ষণীয়। অন্যহাতে, বাওঁফালে গুৱাহাটী মহানগৰৰ ঘৰবোৰ সোণালী ধাননি পথাৰত বিলীন হৈ যোৱা যেন লাগে আৰু দিগন্তত নীলবৰণীয়া পানীৰে দীপৰ বিল আৰু সেউজীয়া পাহাৰবোৰে মানুহৰ মন-মগজুত জোৱাৰ তোলে।
(ii) চৰাইদেউ।
উত্তৰ: চৰাইদেউ: পৃথিৱীৰ বিভিন্ন অভিৰুচিৰ পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ অসম এখন সমৃদ্ধিশালী ৰাজ্য। ইয়াৰে ‘চৰাইদেউ’ এখন বুৰঞ্জী প্রসিদ্ধ ঠাই। ১২৫৩ খ্রীঃত স্বৰ্গদেউ চ্যুকাফাই চৰাইদেউত আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী স্থাপন কৰিছিল। ড° লীলা গগৈয়ে ‘চেৰাই-ডয়’ শব্দৰপৰাই চৰাদেউ শব্দৰ উৎপত্তি হোৱা বুলি কৈছে। শব্দগত অর্থ হৈছে চে-নগৰ; ৰায়- জিলিকা, ডয়- পাহাৰ অৰ্থাৎ পাহাৰত জিলিকা নগৰ। বৰ্তমান চৰাইদেউৰ মৈদামসমূহ পৰ্যটকৰ আকৰ্ষণৰ থলী। আহোম স্বৰ্গদেউসকলৰ মৃত্যু হ’লে এক বিশেষ পদ্ধতিৰে অন্ত্যেষ্টিক্রিয়া সমাপন কৰা হৈছিল। মাটিৰে বা ইটাৰে একোটা সমাধি নিৰ্মাণ কৰা হৈছিল বাবে ইয়াক মৈদাম বোলা হয়। আকৌ মি- ডামৰ অৰ্থ হ’ল মূৰৰ দেৱতাৰ স্থান। মৈদামত ৰাজ পৰিয়ালৰ শৰ লগতে সোণ, ৰূপ, হীৰা, ধন, লিগিৰা-লিগিৰী, চালপীৰা, চন্দ্ৰতাপ, কাটি, লোটা, ঘটি আদি মূল্যৱান সামগ্রী দিয়া হৈছিল। মৈদাম বখাসকলক মৈদামীয়া বুলিছিল। এই মৈদামসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ মৈদামটো হৈছে গদাধৰ সিংহ।
S. No | BA 1st Semester SEC Solutions (History) – All Units |
---|---|
1 | পৰ্যটনৰ তাত্ত্বিক দিশ, প্রাথমিক ভূগোল আৰু উত্তৰ-পূব ভাৰতৰ জৈৱ-বৈচিত্র্য |
2 | উত্তৰ-পূব ভাৰতৰ ঐতিহাসিক ধ্বংসাবশেষ আৰু গুৰুত্বপূৰ্ণ পর্যটন ক্ষেত্র |
3 | স্থাপত্য-কলাসম্মত ঐতিহ্য |
4 | উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন মেলা আৰু উৎসৱ |
► ৰচনাধৰ্মী প্রশ্নোত্তৰ:
১। অসমৰ প্ৰাচীন ঐতিহ্যক্ষেত্ৰ চৰাইদেউৰ বিষয়ে লিখা।
উত্তৰ: ১২২৮ খ্ৰীঃত অসমৰ প্ৰথমজন আহোম ৰজা চুকাফাই উজনি অসমৰ চৰাইদেউত আহোম ৰজাসকলৰ প্ৰথমখন স্থায়ী ৰাজধানী পাতে। নগাপাহাৰৰ নিকটৱৰ্তী এখন পাহাৰত তেওঁ ১২৫৩ খৃঃত আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী হিচাপে গঢ়ি তোলে। কালক্ৰমত উক্ত ঠাইখনেই চৰাইদেউ নামেৰে জনাজাত হয়। বৰাহী ৰজা থাকুমথাৰ পৰামৰ্শতে চুকাফাই চৰাইদেউত ৰাজধানী পাতিছিল বুলি জনবিশ্বাস আছে।
চৰাইদেউৰ নাম আৰু ইয়াৰ অৰ্থ সম্পৰ্কত বিভিন্ন মতাদর্শ দেখা যায়। ‘টাই-সংস্কৃতিৰ ৰূপৰেখা’ নামৰ গ্ৰন্থখনত ‘চে-ৰাই-ডয়’ শব্দটোৰ পৰাই চৰাইদেউ নামটোৰ সৃষ্টি হোৱা অনুমান কৰা হৈছে। আনহাতে, ডঃ মহেশ্বৰ নেওগদেৱৰ ‘পৱিত্ৰ অসম’ গ্ৰন্থৰ উপৰিও অন্য এটা টাই শব্দ ‘চে-ৰা-ডেউ’ৰ পৰাহে চৰাইদেউৰ উৎপত্তি হৈছে বুলি কোনো কোনোরে ক’ব খোজে।
আহোম বুৰঞ্জীবোৰত চুকাফাৰ ৰাজধানীখন বুজাবলৈ ‘জয়জে’ বা ‘ডয়চে’ শব্দটোৰ ব্যৱহাৰ কৰা হৈছে বুলি উল্লেখ আছে। প্রত্নতত্ত্ব সঞ্চালকালয়ৰ দ্বাৰা প্ৰকাশিত ‘চৰাইদেউ’ নামৰ গ্ৰন্থখনত উল্লেখ থকা মতে, চুকাফাই স্থাপন কৰা ৰাজধানীখনৰ নাম আছিল জেতাম-ডয়-জেলুং-জেখাম’। প্রকৃতাৰ্থত, চৰাইদেউ নামটোৰ উৎপত্তি সম্পর্কে কোনো নির্দিষ্ট তথ্য নাই।
চৰাইদেউৱে আহোম ৰাজত্ব কালত যথেষ্ট গুৰুত্ব লাভ কৰিছিল। ইয়াতেই প্রথমে আহোম ৰজাসকলৰ শিঙৰি ঘৰত উঠি কৰা ৰাজঅভিষেক কাৰ্য সম্পন্ন কৰা হৈছিল।
চৰাইদেউৱে আটাইতকৈ গুৰুত্ব লাভ কৰিছিল বিশেষকৈ আহোম ৰজা, ৰাজপৰিয়ালৰ লোক আৰু ডা-ডাঙৰীয়া আদিৰ শেষকৃত্য সমাধা কৰা স্থান হিচাপে। উপৰোক্ত ব্যক্তিসকলৰ মৃত্যুৰ পিছত নির্দিষ্ট নীতি-নিয়মেৰে পৰম্পৰাগতভাবে মৈদাম সাজি মৃতদেহ চৰাইদেউত সমাধিস্থ কৰা হৈছিল।
চৰাইদেউ প্রধানকৈ মৈদামসমূহৰ বাবে জনাজাত। আহোমসকলৰ অন্ত্যেষ্টিক্রিয়াব পদ্ধতি অনুসৰি উৰিয়াম কাঠেৰে নিৰ্মিত ‘কংডাং’ নামৰ এটা বাকচত মৃতদেহ ভৰাই বিভিন্ন নীতি-নিয়ম পালন কৰি সেইবোৰৰ ওপৰত কেঁচা মাটি বা ইটাৰে একেটা সমাধি নিৰ্মাণ কৰা হৈছিল। মৈদামবোৰক ইজিপ্তৰ ৰজাসকলৰ পিৰামিডৰ লগত তুলনা কৰিব পাৰি। এই মৈদামসমূহ মধ্যযুগৰ অসমৰ সংস্কৃতি আৰু স্থাপত্য শিল্পৰ এক চৰম নিদর্শন। চৰাইদেউত মৈদাম দিয়া অঞ্চলটো দিখৌ নৈৰ পৰা নিমনা নৈলৈকে প্রায় ১০ কিঃ মিঃ মান আৱৰি আছিল।
চৰাইদেউত থকা বেছিভাগ মৈদামেই মাটিৰে তৈয়াৰ কৰা। পকী মৈদামবোৰ নিৰ্মাণ কৰোতে প্রধানকৈ, শিলচুণ, শামুক চূণ, গুৰ, মাহ, শণ, চকাচুণ, মাছ, তেল, ধূনা, লঠিয়া শিল, ইটা আদি সামগ্রী ব্যৱহাৰ কৰা হৈছিল।
চাংৰুং ফুকনৰ বুৰঞ্জীৰ বিভিন্ন তথ্যৰ পৰা গম পোৱা গৈছে যে, পকী মৈদামবোৰৰ দৌল, গা-মৈদাম, টুপ, গড়, নখ আদি বিভিন্ন অংশ আছিল। মৃতদেহ সমাধিস্থ কৰা ভূগর্ভস্থ মূল ঘৰটোক ‘দৌল’ বোলা হৈছিল।
সম্প্রতি, চৰাইদেউৰ বৈছিভাগ মৈদামেই ধ্বংসৰ গৰাহত পৰিছে। কেৱল মাত্র আঠটা মৈদামহে অসম চৰকাৰৰ পূৰাতত্ত্ব বিভাগে সংৰক্ষণ কৰি ৰাখিছে। মৈদামবোৰক সামৰি চৰাইদেউত ইতিমধ্যে এখন প্রত্নতাত্ত্বিক উদ্যানো গঢ়ি তোলা হৈছে। উল্লিখিত আঠটা মৈদামতকৈ ডাঙৰ আৰু এইকেইটা আহোম ৰজা গদাধৰ সিংহ, ৰুদ্ৰসিংহ, শিৱসিংহ আৰু ৰাজশ্বেৰ সিংহৰ বুলি ধাৰণা কৰা হৈছে। এই মৈদামবোৰৰ ভিতৰত গদাধৰ সিংহৰ বুলি অনুমান কৰা মৈদামটোৱেই সকলোতকৈ ডাঙৰ।
এক সমীক্ষা মতে, ২০০৩ চনত কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগে খননকার্য চলোৱা শিৱসিংহৰ বুলি অনুমান কৰা মৈদামটোত ভালেমান সামগ্রী উদ্ধাৰ হৈছে। সেইবোৰৰ ভিতৰত প্রধানতঃ – টেকেলি, পাঁচটা মানৱ লাওখোলা, প্রায় ২০ টা দাঁত আৰু মানৱ হনু, প্রায় ৩০ ডাল মানুহৰ হাড় আৰু হাড়-সংযোগী অংশ, তামৰ গজাল সহ পালেঙৰ খুঁটা, লোহাৰ গজাল, কাৰু-কার্য খোদিত শৰাইৰ খুড়া, কড়ি, শামুকৰ খোলা, চিচাৰ টুকুৰা, হাতীদাঁতৰ টুকুৰা, সোণৰ ফুলবচা পাত, শালকাঠ ইত্যাদি।
মধ্যযুগৰ ইতিহাসৰ এক গৌৰৱময় সম্পদ হৈছে চৰাইদেউৰ মৈদামসমূহ। জাতীয় ঐতিহ্যৰ পৰিচায়ক আৰু পৰ্যটন উদ্যোগৰ বিকাশৰ স্বাৰ্থত এই মৈদামসমূহ উপযুক্ত ৰূপত সংৰক্ষণ কৰাটো নিতান্তই প্রয়োজনীয়।
চিহাবুদ্দিন তালিছৰ মতে মোগল সেনাপতি মীৰজুমলাই চৰাইদেউৰ দহটা মৈদাম খান্দি প্রায় ৯০ হাজাৰ টকা মূল্যৰ ধন-সম্পত্তি হস্তগত কৰিছিল।
চৰাইদেউত যথেষ্ট সংখ্যক ইতিহাস প্রসিদ্ধ পুখুৰী আছে। বিভিন্ন তথ্যৰ পৰা জনা যায় যে, পুখুৰীবোৰ শ-সৎকাৰৰ লগত জড়িত বিভিন্ন কামত ব্যৱহাৰৰ বাবে খন্দা হৈছিল। সৎকাৰ কাৰ্যত ব্যৱহৃত কোৰ ধুবৰ বাবে কোৰধোৱা পুখুৰী নামৰ আন এটা পুখুৰীও আছিল।