BA 1st Semester SEC Historical Tourism in North East India Chapter 4 Question Answer Assamese Medium 2025 | BA 1st Semester SEC History Unit 4 Question Answer | উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন মেলা আৰু উৎসৱ

BA 1st Semester SEC Historical Tourism in North East India Chapter 4 Question Answer Assamese Medium 2025

Unit : 4
উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন মেলা আৰু উৎসৱ

► অতি চমু প্রশ্নোত্তৰ :

১। অসমৰ প্ৰধান জাতীয় উৎসব কি?

উত্তৰ: অসমৰ প্ৰধান জাতীয় উৎসর বিহু।

২। তিৱা বা লালুংসকলে ৰঙালী বিহুৰ ঠিক পিছৰটো বুধবাৰে উদ্যাপন কৰা বসন্তকালীন উৎসৱটো কি?

উত্তৰঃ ছগ্রা মিছাৱা।

৩। অসমৰ কোন পৱিত্ৰ মন্দিৰত প্ৰতিবছৰে (জুন, জুলাই মাহত) ‘অম্বুবাচী মেলা’ অনুষ্ঠিত হয়?

উত্তৰঃ কামাখ্যা মন্দিৰত।

৪। ব্রিটিছ শাসনাধীন কালত অবিভক্ত অসমৰ সৈতে কি কি ৰাজ্য সংশ্লিষ্ট আছিল?

উত্তৰ : অসমৰ চৌপাশে থকা অৰুণাচল, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মেঘালয় আৰু ত্ৰিপুৰা ব্ৰিটিছ শাসনাধীন কালত অবিভক্ত অসমৰ সৈতে সংশ্লিষ্ট আছিল।

► চমুটোকা লিখা :

(i) বিহু উৎসৱ।

উত্তৰঃ বিহু অসমীয়া জাতিৰ জাতীয় উৎসব। ইয়াক সেয়ে বাপতি সাহোন বুলিও কোৱা হয়। বিহু ঘাইকৈ তিনিটা- ব’হাগ মাহৰ বিহুক ৰঙালী, কাতি মাহৰ বিহুক কঙালী আৰু মাঘ মাহৰ বিহুক ভোগালী বোলা হয়। বিহু উৎসৱত অসমীয়া লোকে সকলোবে উরবি খাই পবে। অসমৰ বিভিন্ন ঠাইত নিজা আচাৰ ব্যৱহাৰৰ দ্বাৰাই বিহু পালন কৰা হয়।

বঙালী বিহুত বিহুগীত, বিহু-নাচ আৰু চৰি একেবাৰে একাকাৰ হৈ পৰে। বিহু গীতবোৰত চহা সমাজৰ মনৰ অভিব্যক্তি ইয়াত গ্রাম্য জীৱনৰ বাৰেবৰণীয়া ছবিবোৰ ফুটি ওলায়। কৃষিজীবী আৰু শ্রমজীবী লোকসকলে খেতি-বাতিত লগাৰ আগে আগে প্রকৃতিৰ বিনন্দীয় ৰূপত আপ্লুত হৈ বিহুবলিয়া হৈ পৰে। বিহুৰ গীত, ঢোল, নানা থলুৱা বাদ্য, নাচনীৰ বিভিন্ন অংগী-ভংগীৰ নাচ আদিয়ে সকলোকে উন্মনা কৰি তোলে। বহাগ বিহু সাত দিনব্যাপী চলে যদিও কিছুমান ঠাইত ব’হাগৰ গোটেই মাহটোতেই ইয়াক উদ্যাপন কৰা হয়।

কাতি বিহুত বিশেষ আড়ম্বৰতা নাই, কেৱল পথাৰ আৰু শইচৰ মংগল কামনা কৰি প্ৰাৰ্থনা কৰে চহা ৰাইজে। কিন্তু ভোগালী বিহুত খেতি চপোৱাৰ কাম শেষ হোৱাৰ পিছত মুকলিমূৰীয়া মন লৈ নানাবিধ খাদ্য সম্ভাৰ প্ৰতি ঘৰতে তৈয়াৰ কৰা হয় নানা ধৰণৰ পিঠা-পনা, চিৰা, কোমল চাউল, হুৰউম আদি। নানাধৰণৰ সুস্বাদু খাদ্য বা বনোৱাত ব্যস্ত থাকে পৰিয়ালৰ জীয়ৰী-বোৱাৰীসকলে। ঘৰৰ সকলোকে খুৱাই-বুৱাই মিতিৰ-কুটুমৰো সোধপোছ কৰে এই জুতিলগা খাদ্যৰ দ্বাৰা আপ্যায়ন কৰি।

জনজাতি মূলীয় উৎসৱ হ’লেও বিহুৱে আজি অসমীয়া সমাজক সকলোৱে চুইছে। বিহুৰ বিহুৱান এতিয়া এখন গামোচা নহয়। ইয়াত নিহিত আছে মৰম, চেনেহ, ভালপোৱা আৰু আশীর্বাদ। ড° ভূপেন হাজৰিকাই কোৱাৰ দৰে বিহু অসমীয়াৰ জাতীয় উৎসব হোৱাৰ উপৰি ই হ’ল অসমীয়া আয়ুস ৰেখা।

(ii) কামাখ্যাৰ অম্বুবাচী মেলা।

উত্তৰ: অম্বুবাচী মেলা অসমৰ অতি প্রাচীন উৎসব। অম্বুবাচী বা আমতি প্ৰতিবছৰে আহৰ মাহত পালন কৰা হয়। আহাৰ মাহৰ মৃগশিৰা নক্ষত্ৰ তিনিপাদ অতীত হ’লে চতুর্থপাদ আর্দ্রা নক্ষত্ৰৰ পাদৰ ভিতৰত পৃথিৱী ঋতুমতী হয়। ইয়াকে অম্বুবাচী মেলা বোলা হয়।

নাৰী ঋতুমতী হোৱাৰ দৰে এই সময়ত আই বসুমতী শস্যসম্ভৱা হ’বৰ বাবে ঋতুমতী হয়। এই উৎসৱক অসমৰ ঋতুকালীন কৃষি উৎসৱ বুলিও বহুতে ক’ব খোজে। সেইকেইদিন কামাখ্যা মন্দিৰৰ লগতে সমগ্ৰ উত্তৰ-পূব ভাৰতৰ মন্দিৰ বন্ধ থাকে। আনহাতে, মন্দিৰ দেৱীৰ স্নান আৰু পূজা কৰিহে দৰ্শনাৰ্থীৰ বাবে খোলা হয়। সেইদিনা প্ৰতিঘৰ মানুহে ঘৰ-দুৱাৰ মচি, কাপোৰ-কানি ধুই পৰিষ্কাৰ কৰে। এই উৎসৱ চাবলৈ কামাখ্যালৈ অসম, ভাৰত বা আন বিদেশৰপৰা বহু লোকৰ সমাগম হোৱা দেখা যায়। বর্তমান এই মেলাই আন্তর্জাতিক আৰু ৰাষ্ট্ৰীয় সম্প্রীতিত ভালেখিনি অৰিহণা যোগাইছে।

(iii) মাজুলীৰ ৰাস উৎসব।

উত্তৰ: নদীদ্বীপ মাজুলীৰ শাৰদীয় ঋতুৰ এক আকর্ষণীয় উৎসৱ হ’ল শ্রীকৃষ্ণৰ বাসযাত্রা। ৰাস উৎসৱত শ্রীকৃষ্ণৰ লীলাসমূহ অভিনয়ৰ মাজেদি এক ধর্মীয় অনুভূতি আৰু ভক্তিৰসৰ সৃষ্টি কৰি আহিছে। ৰাস উৎসৱত ৰঙ্গমঞ্চত অভিনীত ৰাসলীলাত আলোকসজ্জা, মঞ্চসজ্জা, দৃশ্যসজ্জা, ৰূপসজ্জা আদি প্রয়োগৰ মাজেদি আধুনিক কলা-কৌশল আৰু কাৰিকৰী জ্ঞানৰ নিদৰ্শনো দাঙি ধৰিছে। শাৰদীয় ঋতুত উদ্যাপন কৰা মাজুলীৰ এই ৰাস উৎসবে হাজাৰ হাজাৰ পৰ্যটকক আকৰ্ষণ কৰি আহিছে। মাজুলীত অৱস্থিত চাৰি সংহতিৰ সত্ৰসমূহত যেনে- গড়মূৰ সত্ৰ, দক্ষিণপাট সত্র, মাজুলী কমলাবাৰী সত্ৰ, উত্তৰ কমলাবাৰী সত্র, আউনীআটী সত্র, বেঙেনাআটী সত্ৰ ভোগপুৰ সত্ৰ, চামগুৰি সত্ৰ, বিহিমপুৰ সত্ৰ আদি প্ৰায়বোৰ সত্ৰতে অতীজৰে পৰা নিজস্ব ৰীতি-নীতি আৰু পৰম্পৰাৰে বৰ আড়ম্বৰপূৰ্ণভাৱে প্ৰতি বছৰে ৰাস উৎসৱ পালন কৰি আহিছে। ৰাস উৎসৱৰ লগত সংগতি ৰাখি প্ৰায়বোৰ সত্ৰতে মেলাও পতা হয়।

S. NoBA 1st Semester SEC Solutions (History) – All Units
1পৰ্যটনৰ তাত্ত্বিক দিশ, প্রাথমিক ভূগোল আৰু উত্তৰ-পূব ভাৰতৰ জৈৱ-বৈচিত্র্য
2উত্তৰ-পূব ভাৰতৰ ঐতিহাসিক ধ্বংসাবশেষ আৰু গুৰুত্বপূৰ্ণ পর্যটন ক্ষেত্র
3স্থাপত্য-কলাসম্মত ঐতিহ্য
4উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন মেলা আৰু উৎসৱ

► ৰচনাধৰ্মী প্রশ্নোত্তৰ:

১। অসমীয়া সংস্কৃতিৰ অন্যতম উৎসৱ ‘বিহু’ৰ বিষয়ে লিখা।

উত্তৰ: অসমত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ জীৱন সংগ্ৰামৰ মূল দিশবোৰ প্রতিফলিত কৰি এক সামূহিক উৎসৱ হিচাপে আত্মপ্রকাশ কৰিছিল বিহু উৎসবে। বিহু শব্দৰ উৎপত্তি সম্পর্কে পণ্ডিত সকলৰ নানান মত আছে। বিষুৱ সংক্ৰান্তিৰ এই উৎসৱ পালন কৰালৈ চাই বহুতে সংস্কৃত ‘বিষুব’ শব্দৰ পৰা ইয়াৰ উৎপত্তি হোৱা বুলি মত প্রকাশ কৰিছে। কিছুমানে বড়ো ভাষাৰ বৈচাণ্ড শব্দৰ পৰাই বিহু শব্দটো আহিছে বুলিছে। উল্লেখনীয় যে ডিমাছাসকলৰ বুচু আৰু দেউৰীসকলৰ বিচু শব্দৰ লগতো বিহু শব্দটোৰ সঙ্গতি আছে। তিৱাসকলৰ মাজতো বসুমতীৰ পূজা হিচাপে বিচু উৎসৱ প্রচলন আছে। অথর্ববেদ আৰু ঐতিৰীয় ব্ৰহ্মণত সূৰ্য্যৰ গতি নিৰ্ণয় কৰি শস্যৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে কৰা বিষুবন যজ্ঞৰ কথা আছে। এই সকলো বিলাকতে দেখা যায় যে কৃষিৰ উৎপাদনৰ লগত ইয়াৰ এক ওতঃপ্রোত সম্পর্ক।

বিহু তিনিটা- ব’হাগ বিহু, কাতি বিহু আৰু মাঘ বিহু। বছৰৰ বেলেগ বেলেগ সময়ত উদ্যাপন কৰা এই বিহু কেইটাক সময় আৰু অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আমি ৰঙালী বিহু, কঙালী বিহু, আৰু ভোগালী বিহু বোলা হয়।

নতুন বছৰটোৰ আৰম্ভণিৰ লগে লগে চ’ত-বহাগৰ সংক্ৰান্তিৰ দিনাই আৰম্ভ হয় বহাগ বিহু। বসন্তৰ পৰশ লাগি প্রকৃতি হৈ উঠে ৰঙে ৰূপে বিভূষিতা। চতুর্দিশে গছে গছে নতুন কুঁহি পাত, কুলি-কেতেকীৰ পৰান জুৰুৱা মিঠা মাত আৰু নতুন নতুন ফল-ফুলৰ প্ৰাণস্পর্শী শোভাই প্রকৃতিক সচাঁই সজাই তোলে ন কন্যাজনীৰ সাজেৰে। প্ৰকৃতিৰ মাজত প্রস্ফুটিত হয় গর্ভসম্ভবা মাতৃৰ অনাবিল সৌন্দৰ্য্য। প্রকৃতিৰ প্ৰেমৰ এই বঙীন ছবিয়ে মানুহকো বলীয়া কৰে। ডেকা-গাভৰুৰ মনলৈ আনে অফুৰন্ত উদ্দাম আৰু আশা বাসনা। সেইবাবেই বহাগ বিহুক ভবা হয় যৌৱনৰ উৎসৱ বুলি। সেই বুলি প্রেমত বলীয়া মানুহে পাহৰি যায় যে সিহঁতৰ জীৱন যৌৱনক ধৰি ৰখাৰ একমাত্র উপাদান-‘খেতি-পথাৰ’ৰ বাবেও এয়া সাজু হোৱাৰ সময়। সেয়েহে বিহুৰ প্রথম দিনাই মানুহে পালন কৰে গৰু বিহু। গৰু বিহুৰ দিনা মাহ হালধীৰে গৰু, গাইক নোৱাই-ধুৱাই লাউ বেঙেনা কেবেলা আদি দলিয়াই সিহঁতৰ শ্রীবৃদ্ধি কামনা কৰা হয়।

সন্ধিয়া গৰু গাইক আদৰি আনি গোহালিৰ ওচৰত জাগ দিয়া হয়। সিহঁতক মাখিয়তিবে বিচি গোৱা হয় “মাখিয়তী মাখি পাত। মাখি মাৰে জাক জাক।” ইত্যাদি।

গৰু বিহুৰ পিছদিনা মানুহৰ বিহু। মানুহৰ বিহুত ৰাতিপুৱা সকলোৱে গা-পা ধুই নতুন কাপোৰ পিন্ধে। সৰুৱে ডাঙৰক সেৱা জনায় আশীর্বাদ লয়। আপোনজনক বিহ্বান দি চেনেহৰ আদান প্রদান কৰা হয়। ইঘৰে সিঘৰে অহা যোৱা-খোৱা বোৱা আদিৰ মাজেৰে মিলা-প্রীতি আৰু মৰম-স্নেহৰ সম্পৰ্কক আৰু সুদৃঢ় কৰা হয়।

ইয়াৰ পিছৰ দিনা হ’ল গোঁসাই বিহু। গোঁসাই বিহুৰ দিনাৰ আনুষ্ঠানিকতা হ’ল গোঁসাই বিগ্রহক নোৱাই ধোৱাই সামূহিক নামকীৰ্ত্তন ইত্যাদি কৰা হয়। এই কেইটাই হ’ল মূল বিহু। ইয়াৰ উপৰিও চেৰা বিহু, চেনাইৰ বিহু, তাতৰ বিহু, নাঙলৰ বিহু আদি সাতবিহু পালন কৰা হয়।

হুঁচৰি ৰঙালী বিহুৰ এক অতি আকর্ষণীয় আৰু অবিচ্ছেদ্য অংগ। গৃহস্থৰ চোতালত ই এটা অতি গাম্ভীর্যপূর্ণ আৰু ভক্তিৰসযুক্ত অনুষ্ঠান। নাৰীৰ বাহিৰে ল’ৰা, ডেকা, আদহীয়া আৰু বুঢ়া সকলোৱে হুঁচৰিত অংশগ্ৰহণ কৰিব পাৰে। গাঁৱৰ ৰাইজ একগোট হৈ প্ৰতিঘৰলৈ গৈ ভক্তিৰসাত্মক গীত গাই গাই আশীৰ্বাদ দি গৃহস্থৰ কুশল কামনা কৰাই হুঁচৰিৰ মূল উদ্দেশ্য।

হুঁচৰি গাবলৈ অহা ৰাইজৰ সকলোৱে আমাৰ জাতীয় পোছাক অর্থাৎ ধুতি, পাঞ্জাবী চোলা বা ফটহু চোলা, মূৰত গামোচা আদি পৰিধান কৰা নিয়ম। ৰাইজে গৃহস্থৰ পদূলিত উপস্থিত হৈ ঢোলত কুৰুলি বাই আগমনৰ সংকেত দিয়াৰ লগে লগে গৃহস্থই ৰাইজক আদৰি নিয়ে। প্ৰথমতে হুঁচৰি দলে মঙ্গলসূচক হৰিধ্বনি দিয়ে। তাৰ পিছত দলৰ নেতাজনে

ঘোষা আৰু পদ লগাই দিয়ে। নেতাজনে লগাই দিয়াৰ পিছত দলৰ বাকীসকলে দোহাৰে আৰু বৃত্তকাৰে ঘূৰি ঘূৰি নাচে। কেতিয়াবা কঁকালত ধৰাধৰিকৈ নাচে। হুঁচৰি গোৱা হোৱাৰ পিছত গৃহস্থই গুৱা-পাণৰ শৰাই আৰু যথাসাধ্যে মাননী আগ বঢ়াই সেৱা লয় আৰু ৰাইজে এজাউৰি আশীর্বাদ দিয়ে। গৃহস্থই ‘নাম সেরা’ লোৱাৰ পিছত হুঁচৰি দলৰ মুখিয়ালজনে গৃহস্থৰ পৰা লোৱা অনুমতি অনুসৰি বিহুৱাই যোজনা বা জোঙলা নাম দি বিহু আৰম্ভ কৰে। হুঁচৰিত খৰা ছেও, ধেমেলীয়া ছেও, কছাৰী ছেও, দুমুনী ছেও, মিচিং ছেও আদি নানা ছেও বজাই নচা দেখা যায়।

এয়া হ’ল বহাগ বিহুৰ লগত জড়িত কৃষিকেন্দ্রিক সমাজৰ বিভিন্ন নীতি-নিয়ম বা আনুষ্ঠানিকতা। কিন্তু ইয়াৰ উপৰিও ৰঙালী বিহুৰ লগত জড়িত হৈ থকা ডেকা গাভৰুৰ সমূহীয়া নৃত্য-গীতৰ ব্যৱস্থাটোৱে তাক এক বিশেষ ধৰণৰ স্থান প্রদান কৰিছে। এই গীত মাত বোৰৰ মাজতে আছে প্রকৃতিক শষ্য সম্ভৱা কৰি তোলাৰ প্ৰচেষ্টাত গোৱা যৌৱনৰ উন্মাদনাৰ উন্মুক্ত প্রকাশ। গীত-নাচ প্রতিটোৰ মাজতে, ঢোলৰ চেওত বা টকাৰ মাতত, পেঁপাৰ শব্দত বা গগনাৰ মাতত আছে যৌৱনৰ মোহময়ী প্রকাশ। এই প্রকাশেই বিহুক এক যুগমীয়া সম্পদ কৰি তুলিছে। ড০ ভূপেন হাজৰিকাই কোৱাৰ দৰে অসমীয়া জাতিৰ হৈ আয়ুস ৰেখা গনা জীৱনৰ ই সাহ। বিহুৰ এই দিনবোৰেই ইয়াক যৌৱনৰ উৎসৱ কৰি অসমীয়া ডেকাক সাহস দিছে, মিলাপ্ৰীতি, সন্মান আদিৰ মাজেৰে এটা সম্মিলিত জাতি গঢ়ি তোলাত সহায় কৰিছে আৰু এনেদৰেই ই হৈ পৰিছে আমাৰ জাতীয় উৎসব।

আহিনৰ শেষত লাহে লাহে সোনবৰনীয়া হ’বলৈ ধৰা শইচ মুঠি আদৰিবৰ বাবে খেতিয়কৰ মন উখল মাখলহয়। পথাৰৰ পূৰঠ হওঁ হওঁ কৰা ধান মুঠি যাতে পোক পৰুৱাই অনিষ্ট নকৰে তাৰে কামনা কৰি আহিনৰ সংক্ৰান্তিৰ দিনা তুলসীৰ তলত চাকি জ্বলোৱাৰ লগতে পথাৰত আকাশ বন্তি জ্বলায়। অভাব অনাটনবেৰ জৰ্জৰিত এই উৎসৱ উপলক্ষে কোনো বিশেষ ধৰণৰ অনুষ্ঠান বা খাদ্য আদিৰ ব্যৱহাৰ নাই। মাত্র সন্ধিয়া তুলসীৰ তলত চাকি জ্বলায় বুট-মণ্ড ইত্যাদি দিয়া হয়। আর্থিক দুৰৱস্থাৰ এই সময়ছোৱাৰ প্রতি লক্ষ্য ৰাখিয়েই হ’বলা এই বিহুক কঙালী বোলা হয়।

পুহৰ সংক্ৰান্তিৰ সময়ত উদ্যাপিত হয় ভোগালী বিহু। আঘোণ পুহ মাহত সোণোৱালী শইচ চপাই আনি ভঁৰাল ভৰাই কৃষকে স্বস্তিৰ নিশ্বাস পেলায়। বছৰ জোৰা সাধনাৰ ফল ঘৰ চপোৱাৰ আনন্দৰে গাওঁবোৰ উল্লাসিত হৈ পৰে। ইফালে এই সময়ছোৱাতে প্ৰায়বোৰ বস্তুৰে উভৈনদীৰ সময়। সেইবাবেই ডেকাবোৰ লগ হৈ পথাৰত মেজি সাজে আৰু তাত ভোজ ভাত খায় আনন্দ কৰে। পুৱা এই ঘৰত জুই দি অগ্নি দেৱতাক প্রনাম জলোৱা হয়। ঘৰে ঘৰে চিৰা, পিঠা, লাৰু, মুড়ি উভৈনদী হৈ পৰে আৰু ইজনে সিজনক নিমন্ত্রন দিয়া অতি আদৰেৰে খুউৱা ধুউৱা কৰে। ভোগালী বিহুত থকা মেজি জ্বলোৱাৰ পৰম্পৰা বহুতৰ মতে জনজাতীয় সমাজ ব্যৱস্থাত থকা সময়ৰে থকা ঠাইৰ পৰা বহু দূৰৈত খেতিৰ বাবে সাজি লোৱা অস্থায়ী টঙী ঘৰ বা আস্থানবোৰত খেতি চপাই শেষ কৰি ডেকাবোৰে আনন্দ উৎসৱ পালন কৰে আৰু সেইবোৰ ভাঙি জুই জ্বলাই দি ঘৰমুৱা হয়। হয়তো পৰবৰ্তী কালত জনজাতীয় এনে পৰম্পৰাৰ ওপৰতে অগ্নিপূজাৰ নীতিটো যোগ হৈ এনে ৰূপ লয়। দ্বিতীয়তে মাঘ মাহৰ পিছতেই আৰম্ভ হোৱা পচোৱা বতাহৰ সময়ত অগ্নি দেৱতা বৰ ৰুষ্ট হৈ পৰে। চাৰিওফালে খৰাং বতৰ। অকনমান কিৰিঙতিতে এৱলিত হয়। সেই ভয়ৰ বাবেও তাহানি মানুহে তেওঁলোকৰ শইচ আদি যাতে নিৰাপদে থাকে তাৰ কামনা কৰি অগ্নি দেৱতাক পূজা কৰিব পাৰে। সি যিয়েই নহওক চাৰিওফালে ভোগৰ সামগ্ৰীৰে ভৰি থকা এই সময়ছোৱাত উদ্যাপিত এই বিহুক ভোগালী বিহু বোলা হয়। এই বিহুৰ লগত সংগতি ৰাখি ম’হযুঁজ, কণীযুঁজ, বুলবুলি চৰাই যুঁজ আদি অনুষ্ঠিত হয়।

Leave a comment