BA 1st Semester SEC Panchayati Raj and Practice Chapter 1 Question Answer Assamese Medium 2025
Unit : 1
পঞ্চায়তৰ গণতান্ত্রিক কাৰ্যকৰীকৰণৰ সবলীকৰণ
► অতি চমু প্রশ্নোত্তৰ :
১। সংবিধানৰ ৭৩তম সংশোধনৰ দুটা ব্যৱস্থা লিখা।
উত্তৰঃ সংবিধানৰ ৭৩তম সংশোধনৰ দুটা ব্যৱস্থা হ’ল- তিনিখলপীয়া পঞ্চায়তীৰাজ ব্যৱস্থা আৰু এক-তৃতীয়াংশ আসন মহিলাৰ বাবে সুৰক্ষিত।
২। ১৯৯৪ চনৰ অসম পঞ্চায়তীৰাজ আইন অনুসৰি সকলো প্ৰকাৰৰ পঞ্চায়তীৰাজ অনুষ্ঠানত কিমান শতাংশ আসন মহিলাৰ কাৰণে সংৰক্ষিত?
উত্তৰঃ ৩৩ শতাংশ আসন।
৩। কোনখন কমিটীৰ প্ৰতিবেদনক পঞ্চায়ত ব্যৱস্থাৰ মহাঅভিকাৰ পত্ৰ হিচাপে জনা যায়?
উত্তৰঃ বলবন্ত ৰায় মেহতা কমিটীৰ প্ৰতিবেদনক।
৪। ৭৩তম সংশোধনীৰদ্বাৰা সংবিধানত কিমান অংশ আৰু কিমান নং অনুসূচী সংযোগ কৰা হয়?
উত্তৰ: নৱম অংশ আৰু একাদশ নং অনুসূচী সংযোগ কৰা হয়।
৫। সংবিধানৰ কোনটো অনুসূচীত নগৰপালিকা সম্বন্ধীয় বিষয় অন্তর্ভুক্ত কৰা হৈছে?
উত্তৰ: সংবিধানৰ দ্বাদশ অনুসূচীত নগৰপালিকা সম্বন্ধীয় ওঠৰটা বিষয় অন্তর্ভুক্ত কৰা হৈছে।
৬। ব্ৰিটিছ শাসিত ভাৰতবৰ্ষত কাৰ শাসনকালত স্থানীয় স্বায়ত্তশাসন ব্যবস্থা প্রবর্তন কৰা হৈছিল?
উত্তৰঃ লর্ড ৰিপনৰ শাসনকালত।
৭। বর্তমান গাঁও পঞ্চায়তৰ কাৰ্যকাল কিমান?
উত্তৰঃ ৫ বছৰ।
৮। বলৱন্ত ৰায় মেহতা কমিটীয়ে কেইতৰপীয়া পঞ্চায়ত ব্যৱস্থাৰ পৰামৰ্শ আগবঢ়াইছিল?
উত্তৰঃ তিনি তৰপীয়া।
► চমু প্রশ্নোত্তৰ :
১। ভাৰতৰ পঞ্চায়তী ৰাজঅনুষ্ঠানৰ বিকাশত ৰাজীৱ গান্ধীৰ প্ৰচেষ্টা সম্পর্কে আলোচনা কৰা।
উত্তৰ : পঞ্চায়তীৰাজৰ ওপৰত অধ্যয়ন চলাবৰ বাবে অশোক মেহতা কমিটি গঠন কৰিছিল জনতা দলৰ চৰকাৰে ১৯৭৭ চনত আৰু এই সমিতিয়ে ১৯৭৮ চনত ইয়াৰ প্রতিবেদন দাখিল কৰে। জনতা দলৰ চৰকাৰৰ পতন ঘটাত ইয়াৰ পৰৱৰ্তী কেন্দ্ৰৰ কংগ্ৰেছ দলৰ চৰকাৰে ৰাজনৈতিক কাৰণতে অশোক মেহতা কমিটিৰ পৰামৰ্শাৱলী গ্ৰহণ কৰাৰ পৰা বিৰত থাকে। তথাপিও কিন্তু কংগ্ৰেছ চৰকাৰে পঞ্চায়তীৰাজ ব্যৱস্থাৰ প্ৰাসংগিকতাক উলাই কৰিব পৰা নাছিল। সেয়েহে ক্রমাগতভাৱে এই দলৰ চৰকাৰে পঞ্চায়তীৰাজ ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিবলৈ ধৰে। বিশেষকৈ ৰাজীৱ গান্ধীয়ে ১৯৮৪ চনত প্ৰধানমন্ত্ৰীৰ পদবী গ্ৰহণ কৰাৰ পিছত পঞ্চায়তী ৰাজ ব্যৱস্থাক শক্তিশালী কৰিবলৈ বহুকেইটা পদক্ষেপ ল’বলৈ বাধ্য হয়। অকংগ্ৰেছী ৰাজ্যসমূহত পঞ্চায়তী ৰাজৰ সফলতা, বিভিন্ন ৰাজ্যত কংগ্ৰেছ দলৰ চৰকাৰৰ জনপ্রিয়তা হ্রাস আদি কাৰণত ৰাজীৱ গান্ধীৰ প্ৰধানমন্ত্ৰীৰ কালছোৱাত পঞ্চায়তী ৰাজ ব্যৱস্থান প্রতি বিশেষ গুৰুত্ব দিবলৈ বাধ্য হৈছিল।
S. No | BA 1st Semester SEC Solutions (Political Science) – All Units |
---|---|
1 | পঞ্চায়তৰ গণতান্ত্ৰিক কাৰ্যকৰীকৰণৰ সবলীকৰণ |
2 | ভাৰতীয় সংবিধানত পঞ্চায়তীৰাজ পদ্ধতিৰ ব্যৱস্থা বা পঞ্চায়তৰ বিত্ত আৰু হিচাপ |
3 | বঞ্চিত লোকসকলৰ সমস্যা আৰু প্ৰয়োজনসমূহ আৰু তেওঁলোকৰ অংশগ্ৰহণ |
২। স্থানীয় স্বায়ত্ত শাসন কি?
উত্তৰঃ চৰকাৰে ক্ষমতা বিকেন্দ্ৰীকৰণ নীতি অৱলম্বন কৰি প্ৰত্যেক ৰাজ্যক কিছুমান সৰু সৰু প্রশাসনিক গোটত ভাগ কৰি সেইবোৰক কিছুমান দায়িত্ব আৰু ক্ষমতা ন্যস্ত কৰিছে। এই প্রশাসনিক গোটবোৰৰ কাৰ্যকলাপ আৰু ক্ষমতা পৰিচালনা ন্যস্ত কৰা হৈছে সংশ্লিষ্ট অঞ্চলৰ স্থানীয় বাসিন্দাসকলৰদ্বাৰা নিৰ্বাচিত প্রতিনিধিসকলৰ হাতত। সংক্ষেপে স্থানীয় স্বায়ত্ত শাসন মানে স্থানীয় লোকৰদ্বাৰা ক্ষুদ্র ক্ষুদ্র অঞ্চল একোটাৰ প্ৰশাসন কার্য চলোৱা অনুষ্ঠান।
৩। ৭৩তম সংবিধান সংশোধনী আইন (১৯৯২) আৰু ৭৪তম সংবিধান সংশোধনী আইন (১৯৯২) ৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ ৭৩তম সংবিধান সংশোধনী আইন (১৯৯২) ৰ দুটা বৈশিষ্ট্যঃ
(ক) একাদশ অনুসূচী সংযোজন কৰা হয়। ইয়াত ২৯টা বিষয় অন্তর্ভূক্ত কৰা হয়।
যিসমূহ বিষয় পঞ্চায়তলৈ সংবিধানৰ নৱম অংশৰ দ্বাৰা হস্তান্তৰ কৰা হয়। এই বিষয়সমূহ হৈছে- কৃষি, লগতে কৃষি সম্প্ৰসাৰণ, ভূমি উন্নয়ন, ভূমি সংস্কাৰ ব্য ৱস্থা ৰূপায়ণ, ভূমি সংহত আৰু ভূমি সংৰক্ষণ, লঘু জলসিঞ্চন, জল সংৰক্ষণ আৰু জলচ্ছেদ উন্নয়ন, পশুপালন, দুগ্ধপাম আৰু কুকুৰা পালন, মীন পালন, সামাজিক আৰু কৃষি বনানীকৰণ, খাদী আৰু গ্ৰামোদ্যোগ, গ্রাম্য গৃহ নির্মাণ, খোৱা পানী, ইন্ধন আৰু পশু খাদ্য ইত্যাদি।
(খ) ৭৩তম সংবিধান সংশোধনী আইনৰ অনুচ্ছেদ নং ২৪৩ অনুসৰি এক বৈশিষ্ট্য হ’ল প্ৰতিখন জিলাৰ কাৰেণ একোখনকৈ জিলা পৰিকল্পনা কমিটি গঠন কৰা। সমগ্ৰ জিলাৰ অধীনৰ নগৰীয়া আৰু গাৱলীয়া স্থানীয় স্বায়ত্ব শাসিত কর্তৃপক্ষবোৰে প্ৰস্তুত কৰা বছৰেকীয়া পৰিকল্পনাবোৰ একত্ৰিত কৰা আৰু সমগ্ৰ জিলাখনৰ কাৰণে এখন খছৰা পৰিকল্পনা প্রস্তুত কৰাই হ’ল জিলা পৰিকল্পনা কমিটিৰ প্রধান কাম।
৭৪তম সংবিধান সংশোধনী আইন (১৯৯২) ৰ দুটা বৈশিষ্ট্য:
(ক) ২৪৩ নং অনুচ্ছেদ অনুসৰি নগৰীয়া এলেকাৰ প্ৰশাসন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ নগৰ পঞ্চায়ত, পৌৰসভা আৰু পৌৰনিগম নামেৰে তিনিতৰপীয়া নগৰীয়া স্বায়ত্বশাসিত অনুষ্ঠানৰ সৃষ্টি কৰা হয়। ইয়াৰ প্রতিনিধিসকলক নিজ সমষ্টিৰ ভোটাৰসকলে প্রত্যক্ষভাবে নির্বাচিত কৰে। প্রত্যেক পৌৰ এলেকাক কিছুমান সৰু সৰু ভৌগলিক এলেকাত বিভক্ত কৰা হয় আৰু এনে এলেকাসমূহক বার্ড বোলে। প্রত্যেক বাৰ্ডৰ পৰা এজনকৈ সদ্যস প্রত্যক্ষ নির্বাচন পদ্ধতিৰে নির্বাচিত কৰা হয়। সদস্যসকল প্রাপ্তবয়স্ক ভোটাৰ ভিত্তিত নির্বাচিত হয়। ৰাজ্যিক বিধানমণ্ডলে আইন প্রণয়নৰ জৰিয়তে বাৰ্ড কমিটিৰ গঠন আৰু বাৰ্ড এলেকাৰ সীমা নির্ধাৰণ কৰিব পাৰে।
(খ) ৰাজ্যিক বিধানমণ্ডলে আইন প্রণয়নৰ জৰিয়তে এনে অনুষ্ঠানসমূহলৈ ক্ষমতা আৰু কৰ্তৃত্ব হস্তান্তৰ কৰিব পাৰে, যাতে এনে অনুষ্ঠানসমূহ স্বায়ত্বশাসিত অনুষ্ঠান হিচাপে গঢ় লয়। পৌৰ অনুষ্ঠানসমূহে সংবিধানৰ দ্বাদশ অনুসূচীৰ অধীনত অন্তভূক্ত ওঠৰটা বিষয়ৰ ওপৰত আঁচনি যুগুত আৰু ৰূপায়ণ কৰিব পাৰে। পৌৰ অনুষ্ঠানসমূহলৈ কৰ আৰোপ আৰু সংগ্ৰহ কৰৰ ক্ষমতা অর্পণ কৰা হৈছে। পৌৰ এলেকাৰ অন্তৰ্ভূক্ত পৰিসীমাৰ ভিতৰত এই অনুষ্ঠানসমুহে কৰ আৰোপ আৰু সংগ্ৰহ কৰি পুঁজি গঠন কৰিব পাৰে।
৪। ১৯৯৪ চনৰ অসম পঞ্চায়ত আইনৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰ: ১৯৯৪ চনৰ অসম পঞ্চায়ত আইনৰ চাৰিটা বৈশিষ্ট্য হ’ল-
(ক) ১৯৯৪ চনৰ অসম পঞ্চায়ত আইন অনুসৰি অসমত তিনি তৰপীয়া পঞ্চায়ত ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। গাঁও পঞ্চায়ত গাঁও ভিত্তিত, উন্নয়ন খণ্ডৰ ভিত্তিত আঞ্চলিক পঞ্চায়ত আৰু জিলা ভিত্তিত জিলা পৰিষদ।
(খ) গাঁও অঞ্চলৰ স্বায়ত্ত শাসন প্রতিষ্ঠানসমূহত মহিলাসকলৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে।
(গ) স্থানীয় স্বায়ত্ত শাসন প্রতিষ্ঠানসমূহত অনুসূচিত জাতি আৰু জনজাতিৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে।
(ঘ) প্রতিটো স্বায়ত্ত শাসন অনুষ্ঠানে যাতে নিজৰ কাৰ্য দক্ষতাৰে সম্পন্ন কৰিব পাৰে, তাৰ বাবে বাধ্যতামূলকভাৱে কমিটী স্থাপন কৰাৰ বিষয়ে এই আইনত উল্লেখ কৰা হৈছে।
৫। কোনটো অনুচ্ছেদ অনুসৰি পঞ্চায়তী অনুষ্ঠানসমূহক স্বায়ত্ব শাসিত অনুষ্ঠান হিচাপে স্বীকৃতি দিয়া হৈছে?
উত্তৰঃ অনুচ্ছেদ নং ২৪৩ অনুসৰি পঞ্চায়তী অনুষ্ঠানসমূহক স্বায়ত্ব শাসিত অনুষ্ঠান হিচাপে স্বীকৃতি দিয়া হৈছে। ইয়াৰ লগতে এই অনুষ্ঠানসমূহক প্রয়োজনীয় ক্ষমতা আৰু কাৰ্য হস্তান্তৰ কৰা হৈছে যাতে গাঁও অঞ্চলৰ উন্নয়নৰ অৰ্থে আঁচনি যুগুত কৰি তেনে আঁচনি সফল ৰূপায়ণ কৰিব পাৰে।
► ৰচনাধৰ্মী প্রশ্নোত্তৰ:
১। ভাৰতৰ পঞ্চায়তী ৰাজ ব্যৱস্থাৰ বিকাশত বলৱন্ত ৰায় মেহতা কমিটীৰ পৰামৰ্শাৱলীসমূহ আৰু গুৰুত্ব সম্পর্কে আলোচনা কৰা।
উত্তৰঃ ১৯৫২ চনৰ পৰা ভাৰতবৰ্ষত সামূহিক বিকাশ কার্যসূচী (Community Development Programme) আৰু ইয়াৰ এবছৰ পিছৰ পৰা ৰাষ্ট্ৰীয় সম্প্ৰসাৰণ সেৱা (National Extension Service) ৰ সূচনা কৰা হয়। অৱশ্যে এই কার্যসূচী বিশেষ সফল নহ’ল। সেয়েহে ১৯৫৭ চনত কেন্দ্ৰীয় চৰকাৰে সামূহিক বিকাশ কাৰ্যসূচী আৰু ৰাষ্ট্ৰীয় সম্প্ৰসাৰণ সেৱাৰ ওপৰত অধ্যয়ন চলাই পৰামৰ্শ আগবঢ়াবৰ বাবে বলৱন্ত ৰায় মেহতাৰ অধ্যক্ষতাত এখন কমিটী গঠন কৰি দিয়ে। এই কমিটীখনকে বলৱন্তৰায় মেহতা কমিটী নামেৰে জনা যায়। এই কমিটীয়ে আগবঢ়োৱা পৰামৰ্শ সমূহে ভাৰতবৰ্ষত পঞ্চায়ত ৰাজৰ বিকাশ আৰু শক্তিশালী কৰাত বিশিষ্ট ভূমিকা পালন কৰিছিল।
বলৱন্ত ৰায় মেহতা কমিটীয়ে সামুহিক বিকাশ কাৰ্যসূচী আৰু ৰাষ্ট্ৰীয় সম্প্ৰসাৰণ সেৱাৰ আঁচনি মূল্যায়ন কৰি এটা সিদ্ধান্তত উপনীত হৈছিল যে এই কার্যসূচীসমূহে জনপ্রিয়তা লাভ কৰিব পৰা নাই আৰু ই জনসাধাৰণক সক্রিয়ভাবে জড়িত কৰিব লব পৰা নাই। পঞ্চায়তসমূহকো বিকাশমূলক কাৰ্যৰ সৈতে জড়িত কৰি নোলোৱা বাবে প্রকৃতার্থত গ্রামাঞ্চলৰ সামাজিক আৰু অর্থনৈতিক উন্নয়ন সম্ভৱ হোৱা নাছিল।
বলৱন্ত ৰায় মেহতা কমিটীয়ে আগবঢ়োৱা পৰামৰ্শাৱলী চমুকৈ তলত দিয়া ধৰণে দাঙি ধৰিব পাৰি-
(১) মেহতা কমিটীয়ে জনপ্রিয় অংশগ্রহণ আৰু সামুহিক বিকাশ কাৰ্যসূচী সমূহক আগুৱাই নিয়াৰ বাবে নিম্ন পর্যায়ত গণতান্ত্রিক আৰু নিৰ্বাচিত অনুষ্ঠানৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিছিল।
(২) মেহতা কমিটীয়ে গণতান্ত্রিক বিকেন্দ্ৰীকৰণৰ কাৰ্যসূচীক কাৰ্যত ৰূপায়িত কৰাৰ বাবে জিলা, উন্নয়নখণ্ড আৰু গাঁও পৰ্যায়ত গণতান্ত্রিক অনুষ্ঠান প্রতিষ্ঠা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।
(৩) মেহতা কমিটীয়ে গাঁও সভা আৰু গাঁও পঞ্চায়তসমূহক বিশেষ ভূমিকা প্রদান কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল।
(৪) কমিটীয়ে গাঁও পর্যায়ত গাঁও পঞ্চায়ত, উন্নয়ন খণ্ডত পঞ্চায়ত সমিতি আৰু জিলা পৰ্যায়ত জিলা পৰিষদ গঠন কৰাৰ পৰামৰ্শ আগবঢ়াইছিল। ৫। মেহতা কমিটীয়ে উন্নয়নখণ্ড পৰ্যায়ত গঠন কৰা পঞ্চায়ত সমিতিৰ ওপৰত অধিক গুৰুত্ব দিছিল। মেহতা কমিটিৰ প্ৰতিবেদনে গ্রাম্য বিকাশৰ কাৰ্যসূচীসমূহ পঞ্চায়ত সমিতিৰ হাতত ন্যাস্ত কৰি গাঁও পঞ্চায়ত আৰু জিলা পৰিষদৰ সহযোগত কাৰ্যকৰী কৰাটো বিচাৰিছিল।
(৫) মেহতা কমিটীয়ে জিলা পৰিষদ আৰু পঞ্চায়ত সমিতিৰ সদস্য নিৰ্বাচনৰ কাৰণে পৰোক্ষ নিৰ্বাচনৰ পৰামৰ্শ আগবঢ়াইছিল। আনহাতে নিম্ন পর্যায়ত থকা গাঁও পঞ্চায়তৰ সদস্যসকলক প্রত্যক্ষভাৱে নির্বাচন কৰাৰ পৰামৰ্শ আগবঢ়াইছিল।
(৬) পঞ্চায়তৰ কাম-কাজ সম্পর্কেও মেহতা কমিটীৰ প্ৰতিবেদনত পৰামৰ্শ সন্নিবিষ্ট কৰা হৈছিল। এই অনুসৰি পঞ্চায়ত সমিতিৰ প্ৰধান কাৰ্য হ’ল কৃষি উন্নয়ন, গো উন্নয়ন, জনকল্যান, প্রাথমিক শিক্ষা ইত্যাদি। আনহাতে জিলা পৰিষদক কোনো কামৰ দায়িত্ব দিয়াৰ পৰিৱৰ্তে ইয়াক এক সমন্বয়ৰক্ষী আৰু পৰামৰ্শদানকাৰী অনুষ্ঠান হিচাপে প্রতিষ্ঠা কৰাৰ পৰামৰ্শ আগবঢ়াইছিল।
(৭) মেহতা কমিটীয়ে তদর্থ ভিত্তিত নিকায় গঠনৰ পৰিৱৰ্তে জনসাধাৰণৰ দ্বাৰা নির্বাচিত পঞ্চায়ত গঠনৰ পৰামৰ্শ আগবঢ়াইছিল যাতে স্থানীয় প্রচেষ্টা আৰু স্থানীয় জনসাধাৰণৰ অংশগ্ৰহণৰ জৰিয়তে গণতান্ত্রিক প্রক্রিয়াক আগবঢ়াই লৈ যাব পৰা যায়।
(৮) মেহতা কমিটীয়ে ‘District Board’ সমূহ নাকচ কৰি তাৰ ঠাইত জিলা পৰিষদ গঠনৰ পৰামৰ্শ আগবঢ়াইছিল। আনহাতে পূৰ্বৰ পৰা প্ৰচলিত ‘Block Advisory Board’ ৰ পৰিৱৰ্তে পঞ্চায়ত সমিতি গঠন কৰাৰ পোষকতা কৰিছিল।
মুঠতে বলৱন্ত ৰায় মেহতা কমিটীয়ে ভাৰতবৰ্ষত পঞ্চায়ত ৰাজ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এক নতুন ধাৰণা আগবঢ়াবলৈ সক্ষম হৈছিল। সেয়া আছিল ‘গণতান্ত্রিক বিকেন্দ্ৰীকৰণৰ ধাৰণা’। এগৰাকী লিখকৰ মতে – বলবন্ত ৰায় মেহতা কমিটীৰ প্ৰতিবেদন ওঠৰটা শাখাত বিভক্ত আছিল। প্রত্যেকটো শাখা সমস্যাৰ কোনো এটা বিশেষ দিশৰ লগত জড়িত আছিল। কমিটীৰ পৰামৰ্শাৱলীৰ মূল বৈশিষ্ট্য আছিল তিনি তৰপীয়া পঞ্চায়ত ব্যবস্থা, গাঁও পঞ্চায়ত, পঞ্চায়ত সমিতি আৰু জিলা পৰিষদ, গাঁও পঞ্চায়ত আৰু পঞ্চায়ত সমিতিৰ মাজৰ কাৰ্যৰ বিভাজন আৰু আয়ৰ উৎসৰ বিতৰণ; পঞ্চায়ত ব্যৱস্থা পৰিচালনা কৰিবৰ বাবে প্রশিক্ষিত কৰ্মচাৰীৰ স্থায়ী কেডৰ প্ৰতিষ্ঠা কৰা ইত্যাদি।
মুঠতে মেহতা কমিটীৰ পৰামৰ্শাৱলীৰ মূল দিশ আছিল ক্ষমতাৰ বিকেন্দ্ৰীকৰণ আৰু পঞ্চায়ত সমিতি সমূহক উন্নয়ন খণ্ডসমূহৰ সৈতে বিকাশমূলক কাম কাজৰ কেন্দ্ৰ বিন্দু হিচাপে গঢ়ি তোলা।
বলৱন্তৰায় মেহতা কমিটীৰ প্ৰতিবেদনত সন্নিবিষ্ট পৰামৰ্শাবলীয়ে ৰাজ্যসমূহৰ পৰা বিশেষ সমর্থন লাভ কৰিবলৈ সক্ষম হৈছিল। মেহতা কমিটীৰ পৰামৰ্শৰ আধাৰতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য চৰকাৰে আইন প্ৰণয়ন কৰি গণতান্ত্রিক বিকেন্দ্ৰীকৰণ অর্থাৎ তিনি তৰপীয়া পঞ্চায়ত গঠনৰ ব্যৱস্থা কৰিছিল। মেহতা কমিটীৰ পৰামৰ্শ কাৰ্যকৰী কৰা প্ৰথমখন ৰাজ্য আছিল ৰাজস্থান। ইয়াৰ পিছত অন্ধ্রপ্রদেশে মেহতা কমিটিৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰাৰ বাবে ব্যৱস্থা গ্রহণ কৰে। মেঘালয়, নাগালেণ্ড আৰু কেন্দ্রীয় শাসিত অঞ্চল লাক্ষাদ্বীপ আৰু মিজোৰামৰ বাহিৰে অইন সকলোবোৰ ৰাজ্যই পঞ্চায়তীৰাজ ব্যৱস্থা প্রতিষ্ঠাৰ বাবে মেহতা কমিটিয়ে আগবঢ়োৱা পৰামৰ্শৰ আধাৰত আইন প্রণয়ন কৰিছিল। ইয়াৰে বাৰখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলে তিনি তৰপীয়া পঞ্চায়ত ব্যৱস্থা আৰু চাৰিখন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চলে দু-তৰপীয়া পঞ্চায়ত ব্যৱস্থা গ্রহণ কৰিছিল। আনহাতে পঞ্চায়তসমূহ গঠনৰ বাবে গ্রহণ কৰা নিৰ্বাচন ব্যৱস্থাও ৰাজ্যভেদে বেলেগে বেলেগ আছিল। যিয়েইনহওক স্বাধীনতাৰ পিছত বলৱন্ত ৰায় মেহতা কমিটিয়ে আগবঢ়োৱা পৰামৰ্শাৱলীয়ে পঞ্চয়তীৰাজ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এক বিশিষ্ট ভূমিকা পালন কৰিছিল।
২। ভাৰতীয় সংবিধানৰ ৭৩তম সংশোধনী আইনখনৰ বৈশিষ্ট্যসমূহ কি কি?
উত্তৰ: ভাৰতীয় সংবিধানৰ ৭৩তম সংশোধনী আইনখনৰ বহুতো বৈশিষ্ট্য আছে আৰু সেই বৈশিষ্ট্যবিলাকৰ বিষয়ে তলত দিয়াৰ দৰে আলোচনা কৰিছে।
(১) পঞ্চায়ত এলেকা: প্রতিখন পঞ্চায়তত এক নির্দিষ্ট এলেকা থাকিব আৰু এনে প্রশাসনীয় এলেকা চৰকাৰে নিৰ্ধাৰণ কৰিব পাৰিব। যিবিলাক এলেকাত সংবিধানৰ ২৪৪ (১) আৰু ২৪৪ (২) অনুচ্ছেদ কার্যকৰী হৈ আছে, যেনে- নাগালেণ্ড, মিজোৰাম, মেঘালয় আৰু আন জনজাতীয় অঞ্চল, তেনে ৰাজ্য বা অঞ্চলত পঞ্চায়ত গঠন কৰিব নোৱাৰি।
(২) গাঁও সভাঃ প্রত্যেক গাঁৱতে এখন গাঁওসভা গঠিত হ’ব আৰু এনে গাঁওসভাবিলাকে ৰাজ্যিক চৰকাৰে প্ৰণয়ন কৰা পঞ্চায়ত আইনে যি ক্ষমতা দিয়ে সেই ক্ষমতা প্রয়োগ কৰিব পাৰিব।
(৩) নির্বাচন: সকলো পৰ্যায়ৰ পঞ্চায়তৰ সদস্য প্রত্যক্ষভাৱে নির্বাচিত হ’ব। সেই অনুপাতে গাঁও পঞ্চায়তৰ সভাপতিৰ নিৰ্বাচনো প্রত্যক্ষভাৱে হ’ব। আনহাতে মধ্যবর্তী পৰ্যায়ৰ পৰা জিলা পৰিষদৰ সভাপতি নির্বাচন পৰোক্ষ হ’ব।
(৪) সাংবিধানিক মর্যাদা: ভাৰতীয় সংবিধানৰ ৭৩ তম সংশোধনী আইনে পঞ্চায়তবিলাকক সাংবিধানিক মর্যাদা প্রদান কৰিছে। পঞ্চায়তবিলাকে কেন্দ্রীয়, ৰাজ্যিক চৰকাৰৰ পিছত প্ৰশাসনৰ তৃতীয় স্তৰ হিচাপে মর্যাদা লাভ কৰিছে।
(৫) আসনৰ সংৰক্ষণ: অনুসূচিত জাতি আৰু জনজাতি লোকৰ কাৰণে তেওঁলোকৰ জনসংখ্যা অনুপাতে আসন সংৰক্ষণ কৰিব পাৰিব। আনহাতে মহিলাৰ কাৰণে ৩৩ শতাংশ আসন সংৰক্ষিত হ’ব। অর্থাৎ প্রতিটো পঞ্চায়তে নিৰ্বাচনত মহিলাৰ কাৰণে একেটা সমষ্টিকে সংৰক্ষণ কৰিব নালাগিব।
(৬) পঞ্চায়তৰ কাৰ্যকাল: ৭৩তম সংশোধনী অনুসৰি পূৰ্বৰ তিনি বছৰীয়া কাৰ্যকালৰ পৰিৱৰ্তে পঞ্চায়তৰ কাৰ্যকাল ৫ বছৰ হ’ব। কোনো পঞ্চায়ত ভংগ হ’লে নতুন পঞ্চায়ত গঠন কৰিব কাৰণে ৬ মাহৰ ভিতৰতে নির্বাচন অনুষ্ঠিত কৰিব লাগিব। সেইদৰে পঞ্চায়তৰ নির্বাচন ইয়াৰ ৫ বছৰীয়া কাৰ্যকাল অন্ত পৰাৰ আগতে অনুষ্ঠিত কৰিব লাগিব।
(৭) বিত্তীয় আয়োগঃ পঞ্চায়তবিলাকত এখন বিত্তীয় আয়োগ গঠন কৰিব পাৰিব।
এনে বিত্তীয় আয়োগৰ কাৰ্যকাল ৫ বছৰ হ’ব। এই আয়োগে পঞ্চায়তৰ বিত্তীয় স্থিতি পর্যালোচনা কৰিব পাৰিব। তদুপৰি বিত্তীয় আয়োগে ৰাজ্যিক চৰকাৰ আৰু স্বায়ত্তশাসিত অনুষ্ঠানৰ মাজত অনুদান বিতৰণত অনুমোদন দিব পাৰিব।
(৮) পৃথক নির্বাচনী আয়োগ: পঞ্চায়তৰ নিৰ্বাচন নিয়মীয়াকৈ অনুষ্ঠিত কৰিবৰ কাৰণে এখন পৃথক নির্বাচনী আয়োগ গঠন কৰিব পাৰিব।
(৯) ন্যায়াধীকৰণ গঠন: পঞ্চায়তৰ নিৰ্বাচন সম্পখীয় গোচৰবিলাক নিষ্পত্তি কৰিবৰ কাৰণে পৃথক ন্যায়ধীকৰণ গঠনৰ বিধানো আছে।
(১০) ২৯টা বিষয় অন্তর্ভুক্ত: ৭৩তম সংশোধনী আইনৰ আন এটা বৈশিষ্ট্য হ’ল যে ভাৰতীয় সংবিদানৰ একাদশ অনুসূচীত থকা ২৯ টা বিষয় পঞ্চায়তবিলাকৰ হাতত অর্পণ কৰা হৈছে।
(১১) জিলা পৰিকল্পনা সমিতি: আইনখনৰ আন এটা বৈশিষ্ট্য হ’ল যে প্রতিখন জিলাতে এখনকৈ জিলা পৰিকল্পনা সমিতি গঠন কৰিব পাৰিব। এই সমিতিখনে আগন্তুক বছৰটোৰ কাৰণে প্ৰয়োজন হোৱা পৰিকল্পনা প্রস্তুত কৰিব পাৰিব।
(১২) প্ৰাৰ্থীৰ বয়স: আইনখনত নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলগীয়া প্রার্থীৰ বয়স নির্ধাৰণ কৰি দিছে। ২১ বছৰ প্রাপ্ত লোকে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব পাৰিব। অৱশ্যে দেউলীয়া লোকে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব নোৱাৰে।
(১৩) অধিক ক্ষমতাঃ পঞ্চায়তবিলাকক পূৰ্বৰ তুলনাত অধিক ক্ষমতা প্রদান কৰিছে।
পঞ্চায়তত কৰ আৰোপ আৰু সংগ্ৰহ কৰাৰ কর্তৃত্ব থাকিব। তদুপৰি পঞ্চায়তবিলাকে ৰাজ্যখনৰ সঞ্চিত পুঁজিৰ পৰা সহায়ক অনুদান দিব পাৰিব। ছকোয়ালিনী
(১৪) পূৰ্বৰ পঞ্চায়তঃ ৭৩তম সংশোধনীৰ আগতে যিবিলাক পঞ্চায়ত কাৰ্যকৰী হৈ আছিল সেই পঞ্চায়তবিলাকৰ পূৰ্বৰ কাৰ্যকাল সম্পূর্ণ নোহোৱালৈকে বলবৎ থাকিব।
(১৫) ৰাজ্য চৰকাৰৰ ক্ষমত: সংশোধিত আইনখনৰ মতে পঞ্চায়ত প্রতিষ্ঠানবিলাক ৰাজ্যিক চৰকাৰে নিয়ন্ত্ৰণ কৰিব পাৰিব। ৰাজ্য চৰকাৰে বিশেষকৈ গাঁওসভাৰ দায়িত্ব, প্রতিনিধিত্ব নিয়ম, নির্বাচন পদ্ধতি, আসন সংৰক্ষণ, কোনো সদস্যৰ অযোগ্যতা ঘোষণা, কৰ-কাটল, বিত্তীয় পৰিচালনা, হিচাপ পৰীক্ষা আদি বিষয়ৰ ওপৰত বিধি প্ৰস্তুত কৰিব পাৰিব।
(১৬) হিচাপ পৰীক্ষা (Audit): পঞ্চায়ত অনুষ্ঠানবিলাকত খৰচৰ হিচাপ পৰীক্ষা কৰাটো বাধ্যতামূলক হ’ব।
৩। ভাৰতৰ পঞ্চায়তী শাসন ব্যৱস্থা বা স্থানীয় স্বায়ত্তশাসন ব্যৱস্থাৰ উৎপত্তি আৰু বিকাশ সম্পর্কে আলোচনা কৰা।
উত্তৰ: ব্ৰিটিছসকলে শাসন কৰা সময়ত ভাৰতত স্বায়ত্তশাসনৰ ধাৰণাটো উৎপত্তি হৈছিল যদিও ১৯৯২ চনত সংবিধানৰ ৭৩তম সংশোধনী কার্যকৰী হোৱাৰ লগে লগে এই ব্যৱস্থাটোৱে সাংবিধানিক মৰ্যদা লাভ কৰে।
লর্ড বিপনৰ শাসনকালত ১৮৮২ চনত স্থানীয় স্বায়ত্তশাসন প্ৰৱৰ্তনৰ কাৰণে এই যুগন্তকাৰী সিদ্ধান্তটো গ্ৰহণ কৰা হৈছিল। পৰৱৰ্তী সময়ত ১৯১৯ চনৰ ভাৰত শাসন আইনৰ অধীনত স্থানীয় স্বায়ত্তশাসন বিষয়টোক দ্বৈত শাসনৰ অধীনত হস্তান্তৰিত বিষয় হিচাপে উল্লেখ কৰিছিল। এই সময়তে প্রদেশসমূহত গাঁও পঞ্চায়ত গঠন কৰা হৈছিল।
স্বাধীনতা লাভৰ পিচত ৰচিত দেশৰ সংবিধানৰ ৪০নং অনুচ্ছেদত গাঁও পঞ্চায়তসমূহক স্থানীয় স্বায়ত্তশাসনৰ গোট হিচাপে ৰাষ্ট্ৰৰ নিৰ্দেশনাত্মক নীতি হিচাপে সন্নিবিষ্ট কৰিছিল।
১৯৫১ চনত পঞ্চমবার্ষিক পৰিকল্পনা, ১৯৫২ চনত সমূহীয়া উন্নয়ন প্রকল্প আৰু ১৯৫৩ চনত ৰাষ্ট্ৰীয় সম্প্ৰসাৰণ সেৱা আদি গ্ৰহণৰ জৰিয়তে গাঁৱৰ সামাজিক, অর্থনৈতিক, সাংস্কৃতিক আদি উন্নয়নৰ ওপৰত গুৰুত্ব দিয়া হৈছিল।
স্থানীয় স্বায়ত্তশাসন শক্তিশালী আৰু অধিক গণতান্ত্রিক বিকেন্দ্ৰীকৰণৰ বাবে ১৯৫৭চনত কেন্দ্ৰীয় চৰকাৰে পৰামৰ্শ দিবলৈ বলবন্ত ৰায় মেহতা কমিটী গঠন কৰে। এই কমিটীয়ে ভাৰতত তিনি তৰপীয়া পঞ্চায়ত গঠনৰ পৰামৰ্শ আগবঢ়াইছিল।
ইয়াৰ পিচত ১৯৬৪ চনত চিদ্দিক আলী কমিটী, ১৯৭৪ চনত অশোক মেহতা কমিটী, ১৯৮৫ চনত জি. ভি. কে. ৰাও কমিটী আদি গঠন কৰিছিল।
অৱশেষত সংসদে সংবিধানৰ ৭৩তম আৰু ৭৪তম সংশোধনীৰ জৰিয়তে ভাৰতত পঞ্চায়তীৰাজ শাসন ব্যৱস্থাক সাংবিধানিক স্বীকৃতি প্রদান কৰে। এই সংশোধনীয়ে সংবিধানত নতুনকৈ নরম অংশ আৰু একাদশ অনুসূচী সংযোগ কৰি পঞ্চায়ত সম্বন্ধীয় ব্যৱস্থাসমূহ লিপিবদ্ধ কৰে।