পৰিস্থিতিতন্ত্র | BA, B.Sc, B.Com 1st Semester VAC Environmental Studies Chapter 2 Question Answer Assamese Medium 2025 | পৰিৱেশ অধ্যয়ন | BA 1st Semester VAC Environmental Studies Unit 2 Question Answer Assamese Medium 2025 | BA 1st Semester VAC Environmental Studies Chapter 2 Question Answer Assamese Medium
Unit : 2
পৰিস্থিতিতন্ত্র
► অতি চমু প্রশ্নোত্তৰ:
১। পৰিস্থিতি বিজ্ঞানৰ মূল উদ্দেশ্য কি?
উত্তৰ: পৰিস্থিতি সাপেক্ষে জীৱৰ জীৱন ধাৰণ প্ৰণালী, প্রকৃতি, বংশবৃদ্ধি, বাসস্থান আদিৰ অধ্যয়ন কৰা।
২। উদ্ভিদে খাদ্য প্রস্তুত কৰা প্ৰণালীটোক কি বোলে?
উত্তৰ: সালোক সংশ্লেষণ।
৩। খাদ্য শৃংখল কি?
উত্তৰঃ কোনো এটা পৌষ্টিক স্তৰত থকা জীৱসমূহৰ মাজত খাদ্য খোৱা আৰু খাদ্য খুওৱাব প্রক্রিয়াৰে খাদ্যশক্তি এক শৃংখলিত ৰূপত প্রৱাহিত হৈ থকা ব্যৱস্থাটোকে খাদ্য শৃংখল বোলে।
৪। পৰিস্থিতিতন্ত্র বুলিলে কি বুজায়?
উত্তৰ: পৰিবেশত থকা জৈৱ আৰু অজৈব উপাদানৰ পৰস্পৰৰ মাজত সৃষ্টি হোৱা এক সম্মিলিত ব্যৱস্থাই হ’ল পৰিস্থিতিতন্ত্র।
৫। জৈৱিক উপাদান আৰু অজৈৱিক উপাদানবোৰ কি কি?
উত্তৰ: কোনো এটা পৰিস্থিতিতন্ত্ৰত থকা সকলো জীৱকে জৈবিক উপাদান বুলি কোৱা হয়। আনহাতে, বায়ু, পানী, পোহৰ, উষ্ণতা, প্র’টিন, কার্বন-ডাই-অক্সাইড, নিউক্লীয় এছিড আদি অজৈৱিক উপাদান।
৬। পৰিস্থিতিতন্ত্ৰৰ উপাদানকেইটাৰ নাম লিখা।
উত্তৰ: পৰিস্থিতিতন্ত্ৰৰ প্ৰধান উপাদানকেইটা হ’ল- জৈৱিক উপাদান আৰু অজৈৱিক উপাদান।
৭। খাদ্য শৃংখল কাক বোলে? ই কেই প্ৰকাৰৰ?
উত্তৰঃ কোনো এটা পৌষ্টিক স্তৰত থকা জীৱসমূহৰ মাজত খাদ্য খোৱা আৰু খাদ্য খুওৱাৰ প্ৰক্ৰিয়াৰে খাদ্য শক্তি এক শৃংখলিত ৰূপত প্রবাহিত হৈ থকা ব্যৱস্থাটোকে খাদ্য শৃংখল বোলে।
খাদ্য শৃংখল দুই প্ৰকাৰৰ। সেয়া হ’ল-
(ক) ঘাঁহনি বা চৰণীয়া পথাৰ খাদ্য শৃংখল
(খ) বিয়োজিত বা অৱক্ষয়জনিত খাদ্য শৃংখল।
৮। খাদ্যচক্র বা খাদ্যজাল কি?
উত্তৰঃ খাদ্য শৃংখলসমূহৰ মাজত বিভিন্ন পৌষ্টিক স্তৰত এখন জালিকাৰ দৰে সংযোগ ঘটে। ইয়াকেই খাদ্য চক্র বা খাদ্যজাল বোলে।
৯। শক্তি প্রবাহ কেনে ধৰণে পৰিচালিত হয়?
উত্তৰঃ তাপগতি বিজ্ঞানৰ দুটা প্ৰধান নিয়মৰ দ্বাৰা শক্তি প্রবাহ পৰিচালিত হয়। প্রথম নিয়মটো হ’ল- শক্তি উৎপন্ন বা ধ্বংস কৰিব নোৱাৰি, কেৱল এটা অৱস্থাৰ পৰা আন এটা অৱস্থালৈ ৰূপান্তৰিত কৰিব পাৰি। দ্বিতীয় নিয়ম অনুসৰি শক্তিৰ ৰূপান্তৰ প্ৰক্ৰিয়াত কিছু শক্তিৰ অপচয় হয়।
১০। পৌষ্টিক স্তৰ কি?
উত্তৰঃ একেটা উৎসৰ পৰা শক্তি আহৰণ কৰা জীৱসমূহক একেটা পৌষ্টিক স্তৰত থকা বুলি কোৱা হয়।
১১। পৰিস্থিতিক পিৰামিড কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ পৰিস্থিতিক পিৰামিড তিনি প্ৰকাৰৰ। সেয়া হ’ল- (ক) সংখ্যাজনিত পিৰামিড, (খ) জীর সমুদায় পিৰামিড (গ) শক্তি পিৰামিড।
১২। মূখ্য পৰিস্থিতিতন্ত্র কেইটা কি কি?
উত্তৰ: মূখ্য পৰিস্থিতিতন্ত্র তিনিটা। সেয়া হ’ল- স্থলজ পৰিস্থিতিতন্ত্র, পৰিস্কাৰ পানীৰ পৰিস্থিতি তন্ত্ৰ আৰু সাগৰীয় পৰিস্থিতিতন্ত্র।
► চমু প্রশ্নোত্তৰ :
১। পৰিস্থিতিতন্ত্র কি?
উত্তৰ: পৰিস্থিতি বিজ্ঞান (Ecology), বিজ্ঞান শাস্ত্ৰৰেই এটা ভাগ। পৰিবেশতন্ত্র (ecosystem) শব্দটো প্রথমে Tansley য়ে ১৯৫৩ চনত ব্যৱহাৰ কৰে। পৰিবেশতন্ত্ৰক জীৱ আৰু জড়ৰ মাজত পাৰস্পৰিক সম্পৰ্ক থকা বাস্তব্য বিদ্যাৰ কাৰ্যক্ষম একক হিচাপে ধৰা হয়।
যিকোনো এটা পৰিবেশৰ জীৱসমূহ আৰু ইহঁতৰ চৌপাশৰ পৰিবেশৰ বিষয়ে কৰা অধ্যয়নকে পাৰিস্থিতিক বিজ্ঞান বুলি কোৱা হয়।
২। পৰিস্থিতিতন্ত্র এটাত শক্তিৰ প্ৰবাহ কিদৰে হয় লিখা।
উত্তৰ: পৰিস্থিতিতন্ত্র এটাত উৎপাদকক প্রাথমিক উপভোক্তাই খায়। প্রাথমিক উপভোক্তাবোৰ অৰ্থাৎ তৃণভোজী প্রাণীবোৰ দ্বিতীয় উপভোক্তাই খায়। কিছুমান (গৌণ উপভোক্তা) মাংসভোজী প্রাণীয়ে মাংসভোজী প্রাণীক খায়। আনহাতে মানুহে সকলো ধৰণৰ স্তৰৰ জীৱকে ভক্ষণ কৰে। এইবাবে মানুহক দুটা পৌষ্টিক স্তৰত ধৰা হয়। জীৱৰ খাদ্য অনুসৰি বেলেগ বেলেগ পৌষ্টিক স্তৰত ধৰা হয়। বিয়োজকবোৰে মৃত প্রাণী বা উদ্ভিদৰ পৰা শক্তি আহৰণ কৰি জটিল জৈৱ পদার্থ ভাঙি সৰল অজৈৱ পদাৰ্থলৈ ৰূপান্তৰ কৰে। অজৈৱ পদার্থ মাটিৰ লগত মিহলি হয়। উদ্ভিদে সালোকসংশ্লেষণৰ সময়ত মাটিৰ পৰা পোষক দ্রব্য আহৰণ কৰি খাদ্য প্রস্তুত কৰে। এনেদৰে পোষকদ্রব্যবোৰ পৰিস্থিতি তন্ত্রত চক্রীয়ভাবে গতি কৰি খাদ্য প্রস্তুত কৰে। এনেদৰে পৰিস্থিতিতন্ত্র এটাত শক্তিৰ প্রবাহ অপৰিৱৰ্তনীয় হৈ থাকে।
৩। খাদ্য শৃংখল আৰু খাজ্যজালৰ বৈশিষ্ট্যবোৰ লিখা।
উত্তৰঃ খাদ্য শৃংখল আৰু খাজ্যজাল তন্ত্র এটাত মুখ্য ভূমিকা লয় কিয়নো শক্তিৰ প্ৰৱাহ খাদ্যশৃংখল আৰু খাদ্যজাল তন্ত্র। আৰু খনিজ লবণৰ চক্ৰাকাৰ চলন ইহঁতৰ দ্বাৰাই সংগঠিত হয়।
খাদ্যশৃংখলে ভিন ভিন জীৱৰ জনসংখ্যাও নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে, ফলত তন্ত্রটো এটা সাম্য অৱস্থাত থাকে।
খাদ্যশৃংখলে দেখুওৱা একক ধৰ্মটো হ’ল কেতবোৰ ৰাসায়নিক পদাৰ্থৰ জৈৱিক পৰিবৰ্ধন। বহুতো কীটনাশক, গধুৰ ধাতু আৰু অন্য বাসায়নিক পদার্থ আছে যিবোৰ জৈৱিক অৱনমিত নহয়। তেনেবোৰ ৰাসায়নিক পদাৰ্থক অণুজীবয়ে ভাঙিব নোৱাৰে আৰু সেইবোৰ এটা পৌষ্টিক স্তৰৰ পৰা আন এটালৈ প্রবাহিত হৈ থাকে ফলত ইহঁতৰ গাঢ়তা বাড়ে। এইটোৱেই জৈৱিক পৰিবৰ্ধনকৰণ।
৪। শক্তিপ্রবাহ সদায় একমুখী হয়- কাৰণ দর্শোরা।
উত্তৰঃ সূৰ্যক শক্তিৰ মূল উৎস বুলি কোৱা হয়। সূৰ্যৰ অবিহনে জীৱকূলৰ অস্তিত্ব নাই। এই শক্তি সূৰ্যৰ পৰা উৎপাদকলৈ আৰু উৎপাদকৰ পৰা খাদ্য শৃংখলত থকা বিভিন্ন উপভোক্তালৈ শইক্ত সদায় এটা দিশত প্রবাহিত হয়। উদাহৰণস্বৰূপে, উদ্ভিদে পাতত থকা পত্ৰহৰিৎ কণাৰ সহায়ত সূৰ্যৰ পোহৰত সালোক সংশ্লেষণ পদ্ধতিৰে প্রয়োজনীয় আহাৰ প্রস্তুত কৰি লয়। উদ্ভিদক প্রাথমিক উৎপাদক বোলা হয়। উদ্ভিদৰ পৰা খাদ্য শৃংখলত থকা বিভিন্ন জীৱই খাদ্যৰ মাধ্যমত পোনপটীয়াকৈ আৰু বহু সময়ত আওপকীয়াকৈ এই শক্তি আহৰণ কৰে। সেয়েহে ক’ব পাৰি যে শক্তি প্রবাহ সদায় একমূখী হয়।
৫। সূর্য ঘাঁহ গৰু বাঘ খাদ্য শৃংখলটোৰ কথা লিখা।
উত্তৰ : সূৰ্য ঘাঁহ গৰু বাঘ এইটো এটা চাৰিটা খাদ্য শিকলিৰে গঠিত শৃংখল। এই শৃংখলত সূর্য হ’ল শক্তিৰ উৎস। সূৰ্যৰ পৰা ঘাঁহ-বনে শক্তি লাভ কৰি পৰিপুষ্টি সাধন কৰে। গৰুৱে ঘাঁহ খাই শক্তি আহৰণ কৰে। বাঘে গৰু খাই শক্তি লাভকৰে। ইয়াত ঘাঁহ-বন হৈছে উৎপাদক আৰু গৰু তৃণভোজী অর্থাৎ প্রাথমিক উপভোক্তা। বাঘ মাংসভোজী জীৱ অথবা গৌণ উপভোক্তা। সূৰ্যৰ পৰা সালোক সংশ্লেষণৰ দ্বাৰা উদ্ভিদে সৌৰশক্তি লাভ কৰে। উদ্ভিদৰপৰা গৰুলৈ শক্তিৰ পৰিবহণ হয়। গৰুৰ মাংস খোৱা বাবে বাঘৰ দেহলৈ শক্তিৰ এটা অংশ পৰিবহণ হয়। এনেদৰে খাদ্য শৃংখলটো সম্পূৰ্ণ হৈছে।
৬। পৰিবেশতন্ত্র এটাত ভিন্ন পদাৰ্থৰ প্ৰবাহৰ সম্পৰ্কে বুজাই লিখা।
উত্তৰ: পদাৰ্থৰ চক্ৰীয় ৰূপান্তৰ পৰিবেশতন্ত্ৰৰ আন এক বৈশিষ্ট্য। জীৱিত বস্তুৰ দেহ গঠন আৰু বৃদ্ধিৰ বাবে বহুতো অজৈৱিক পদার্থ পৰিবেশৰ পৰা আহৰণ কৰে। এই অজৈৱ পদাৰ্থবোৰ জীৱ দেহত জৈৱ পদাৰ্থলৈ ৰূপান্তৰ ঘটি শেষত জীৱৰ মৃত্যু হ’লে পুনৰ অজৈৱ পদাৰ্থলৈ পচনকাৰী জৈৱ খনিজ ভৱনলৈ ৰূপান্তৰ কৰি পৰিবেশলৈ মুক্ত কৰে।
► ৰচনাধৰ্মী প্রশ্নোত্তৰ:
১। পৰিস্থিতি বিজ্ঞান কাক বোলে?
উত্তৰ: পৰিস্থিতি বিজ্ঞান (Ecology), বিজ্ঞান শাস্ত্ৰৰেই এটা ভাগ। যদি বিজ্ঞান বুলিলে পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান আদিকেই মূলতঃ বুজা যায়, সাম্প্রতিক কালত পৰিস্থিতিক বিজ্ঞানৰ গুৰুত্ব বহুখিনি বাঢ়ি আহিছে আৰু বহুলভাবে চর্চিত বিষয় হৈ পৰিছে।
যিকোনো এটা পৰিবেশৰ জীৱসমূহ আৰু ইহঁতৰ চৌপাশৰ পৰিবেশৰ বিষয়ে কৰা অধ্যয়নকে পাৰিস্থিতিক বিজ্ঞান বুলি কোৱা হয়।
অৱশ্যে বিজ্ঞানীসকলে পাৰিস্থিতিক বিজ্ঞান বা ইক’ল’জী সম্পর্কে বিভিন্ন সংজ্ঞা আগবঢ়াইছে।
১৮৬৯ চনত আর্নেষ্ট হেকেল নামৰ জাৰ্মান বিজ্ঞানী এজনে পোন প্ৰথমবাৰৰ বাবে ইক’ল ‘জী শব্দটো ব্যৱহাৰ কৰিছিল। হেকেলে জীৱসমূহৰ জীয়াই থকা পৰিবেশৰ জৈৱিক অধ্যয়নকে ইক’ল’জী বুলি কৈছিল। ইক’ল’জী মূল গ্রীক ভাষাৰ ইক’জ (Oikos) আৰু ঔক’ছ (Logos)ৰ যুগ্ম ৰূপান্তৰ। গ্ৰীক ভাষাত ঔকছৰ অৰ্থ ‘ঘৰ’ (Home) আৰু ল’গজৰ অর্থ বোধজ্ঞান। ইয়াৰ অৰ্থৰ ভিত্তিতেই হেকেলে জীৱৰ ঘৰ অথাৎ জীয়াই থকা পৰিবেশৰ অধ্যয়নক ইক’ল ‘জীৰ সূত্ৰৰূপে গ্রহণ কৰিছিল।
আকৌ ১৯২৭ চনত এল্টন (Elton) নামৰ পাৰিস্থিতিক বিজ্ঞানী এজনে উদ্ভিদ আৰু প্রাণীসমূহৰ বাসস্থান আৰু আচৰণৰ বিষয়ে কৰা অধ্যয়নক ইকল’জী বা পাৰিস্থিতিক বিজ্ঞানৰ সূত্ৰ হিচাপে আগবঢ়াইছিল।
সাম্প্ৰতিক কালক পাৰিস্থিতিক বিজ্ঞান এক বিশেষ তাৎপর্যপূর্ণ বিষয় হৈ পৰিছে। বিভিন্ন পৰিবেশৰ জৈৱিক উপাদান অর্থাৎ জীৱসমূহৰ অৱলুপ্তি, নতুন জীৱৰ সৃষ্টি জীৱসমূহৰ প্ৰকৃতিৰ বিভিন্নতা আদিৰ বিষয়ে সম্যক ধাৰণা লাভৰ বাবে পাৰিস্থিতিক বিজ্ঞানৰ অধ্যয়ন অতি তাৎপর্যপূর্ণ। বিভিন্ন সময়ত পৃথিৱীৰ বিভিন্ন আৱিষ্কৃত জীৱাশ্মসমূহৰ পৰা সাম্প্ৰতিক কালত দুষ্প্রাপ্য ডাইনচ’ৰ আদিৰ দৰে প্ৰাণীসমূহৰ অৱলুপ্তিৰ কাৰণে পাৰিস্থিতিক বিজ্ঞান অধ্যয়ন অবিহনে সম্ভৱ নহয়। বর্তমান কালতো, আন কিছুমান জীৱ-জন্তু লাহে লাহে বিলুপ্ত হৈ অহাটো পৰিলক্ষিত হয়। কোনো কোনো সময়ত উচ্চহাৰত সামুদ্রিক প্রাণী মৃত্যু হোৱা দেখা যায়। আজি কেইবছৰমানৈ আগতে আমাৰ অসমতো উচ্চ হাৰত মাছৰ মৃত্যু হোৱা দেখা গৈছিল। সেইবোৰ মাছৰ কিছুমান আজিও দেখিবলৈ পোৱা নাযায়। ভৌতিক উপাদানৰ তাৰতম্যই জৈৱিক উপাদানৰ অৱলুপ্তি অথবা অতিবৃদ্ধিৰ কাৰণ হ’ব পাৰে; কিন্তু পাৰিস্থিতিক বিজ্ঞানৰ সম্যক জ্ঞান অবিহনে সেইটো ঠাৱৰ কৰা সহজ নহয়।
পাৰিস্থিতিক বিজ্ঞানৰ বিস্তৃত অধ্যয়নে জৈৱিক উপাদানসমূহৰ অনুকূল পৰিবেশ ৰচনাত বিশেষভাবে সহায় কৰে। সেয়েহে, পাৰিস্থিতিক বিজ্ঞানৰ অধ্যয়ন তাৎপর্যপূর্ণ।
২। পৰিস্থিতিক পিৰামিড কাক বোলে? এটা পৰিস্থিতিতন্ত্র দেখা পোৱা বিভিন্ন পৰিস্থিতিতন্ত্র পিৰামিডৰ ব্যাখ্যা কৰা।
উত্তৰ: এটা পৰিস্থিতিতন্ত্ৰৰ জীৱ সংখ্যা বা জীব সমুদায়, খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰত সঞ্চিত শক্তিৰ লৈখিক উপস্থাপনক পৰিস্থিতিক পিৰামিড বোলে। চার্লচ এলটন নামৰ এজন ইংৰাজ বিজ্ঞানীয়ে ১৯২৭ চনত পৰিস্থিতিক পিৰামিডৰ ধাৰণাটো প্রথমে উদ্ভাৱন কৰিছিল।
বিভিন্ন পৰিস্থিতিক পিৰামিডৰ বিষয়ে তলত আলোচনা কৰা হ’ল :
(ক) সংখ্যাজনিত পিৰামিড: সংখ্যাজনিত পিৰামিডত বিভিন্ন পৌষ্টিক স্তৰত থকা জীৱ সংখ্যাৰ আকাৰৰ লেখাচিত্র উপস্থাপন কৰা হয়। তৃণভূমি পৰিস্থিতিতন্ত্র বা পুখুৰী পৰিস্থিতিতন্ত্র সংখ্যাজনিত পিৰামিডৰ উৎকৃষ্ট উদাহৰণ। পৰভক্ষী খাদ্য শৃংখলত পৌষ্টিক স্তৰৰ জীৱৰ আকাৰ খাদ্য উৎপাদনৰ পৰা ক্ৰমে উর্ধমুখী হৈ মাংসভোজীলৈ বৃদ্ধি হয় যদিও সিহঁতৰ সংখ্যা ক্ৰমাৎ হ্রাস হয়। পুখুৰী পৰিস্থিতিতন্ত্র উদ্ভিদ প্লাবকৰ পৰা ডাঙৰ মাছলৈ আৰু তৃণভূমি পৰিস্থিতিতন্ত্র ঘাঁহনিৰ পৰা পৰভক্ষী চৰাই, উৎপাদকবোৰ ক্ষুদ্ৰাকৃতিৰ কিন্তু সংখ্যাত সৰহ আনহাতে উচ্চখাপৰ মাংসহাৰী প্ৰাণীবোৰ ডাঙৰ হ’লেও সংখ্যাত কম।
(খ) জীৱ সমুদায় পিৰামিড: কোনো এটা পৰিস্থিতিতন্ত্র থকা জীৱ পদাৰ্থৰ শুদ্ধ ওজনকেই জীব সমুদায় বোলা হয়। পৌষ্টিক স্তৰৰ প্ৰতি একক গোটত থকা জীর সমুদায়র লৈখিক উপস্থাপনক জীৱ সমুদায় পিৰামিড বোলা হয়। স্থলজ পৰিস্থিতিতন্ত্র জীর সমুদায় পিৰামিড সদায় উলম্ব। উৎপাদক পর্যায়ত জীর সংখ্যা আটাইতকৈ বেছি আৰু পৌষ্টিক স্তৰৰ ক্ৰমাৎ উচ্চখাপৰ ফালে জীৱৰ সংখ্যা কমি যায়।
জলজ পৰিসি জীৱ সমুদায় পিৰামিড ওলোটা বা লাটুম আকৃতিৰ। ইয়াত পৌষ্টিক স্তৰৰ জীৱসমূহ সমুদায়ৰ প্ৰজনন ক্ষমতা আৰু আয়ুসৰ ওপৰত নিৰ্ভৰশীল। কাৰণ, প্রাণী প্লৱকৰ জীৱসংখ্যা উদ্ভিদ প্লৱকৰ জীৱ সংখ্যাতকৈ বেছি অথচ গৌণ উপভোক্তাতকৈ কম।
(গ) শক্তি পিৰামিড: এটা পৌষ্টিক স্তৰৰ প্ৰতি একক ক্ষেত্ৰ আৰু একক সময়ত ধাৰণ কৰা শক্তিৰ পৰিমাণৰ লৈখিক প্রকাশকে শক্তিৰ পিৰামিড বোলা হয়। শক্তি পিৰামিড সদায় পোন আৰু উলম্ব। তাপগতি বিজ্ঞানৰ দ্বিতীয় সূত্র অনুসৰি তলৰ পৌষ্টিক স্তৰৰ পৰা ওপৰৰ স্তৰলৈ গতি কৰোতে প্ৰতিবাৰতেই শতকৰা ৮০-৯০ ভাগ শক্তি স্বভোজীৰ বাবে সহজলভ্য হয়। উদ্ভিদভোজী আৰু মাংসভোজীয়ে বিপাকীয় কাৰ্যৰ বাবে যথাক্রমে শতকৰা ১০ ভাগ আৰু ২০ ভাগ শক্তিহে লাভ কৰে। প্রত্যেক পৌষ্টিক স্তৰত শতকৰা ১০ ভাগ ৰাসায়নিক শক্তি ৰাহি হয়।