Unit : 1
প্রাক্ ছক্রেটিচ (Pre-Socratics)
Important Question Answer
১। গ্রীক দৰ্শনৰ উদ্ভৱ প্রথমে ক’ত হয়?
উত্তৰ: গ্ৰীক দৰ্শনৰ উদ্ভৱ হয় এছিয়াৰ মাইনৰৰ পশ্চিম সীমান্তবর্তী আয়োনিয়া অঞ্চলৰ মিলেটাছ নগৰত।
২। মিলেছিয়ান সম্প্রদায় কি?
উত্তৰঃ আয়োনিয়া অঞ্চলৰ মিলেটাছ নগৰত গঢ়ি উঠা দার্শনিক সম্প্রদায়ক মিলেছিয়ান সম্প্রদায় বোলা হয়।
৩। ‘থেলছেই হ’ল সকলো দৰ্শনৰ প্ৰৱৰ্তক আৰু জনক।’- উক্তিটো কাৰ?
উত্তৰ: ডব্লিউ. টি. ষ্টেচৰ (W. T. Stace)।
৪। থেলছে কিহক জগতৰ আদি মূল বুলি ভাবিছিল?
উত্তৰ: থেলছে পানীক জগতৰ আদি মূল বুলি ভাবিছিল।
৫। থেলছক কাৰ সৃষ্টিতত্ত্ববিদ সম্প্ৰদায়ৰ প্ৰৱৰ্তক বুলি অভিহিত আৰু অভিমত প্রকাশ কৰিছে?
উত্তৰ: থেলছক মিলেটাছৰ সৃষ্টিতত্ত্ববিদ সম্প্ৰদায়ৰ প্ৰৱৰ্তক বুলি অভিহিত আৰু অভিমত প্রকাশ কৰিছে।
৬। থেলছৰ মতে জগতৰ ‘মূলসত্তা’ কি?
উত্তৰ: থেলছৰ মতে জগতৰ মূলসত্তা ইন্দ্রিয়লব্ধ জড় বস্তু, অর্থাৎ পানী।
৭। এৰিষ্ট’টলে তেওঁৰ ‘প্রথম তত্ত্ব’ বা অধিবিদ্যামূলক আলোচনাত কিহৰ ব্যাখ্যা দিছে?
উত্তৰঃ এৰিষ্ট’টলে তেওঁৰ ‘প্রথম তত্ত্ব’ বা অধিবিদ্যামূলক আলোচনাত পৰিৱৰ্তনীয় সত্তাৰ ব্যাখ্যা দিছে।
৮। থেলছৰ মূলসত্তা পানীৰ ধাৰণাৰ ওপৰত জন বার্নেটে (John Burnet) কি মন্তব্য প্রদান কৰিছে?
উত্তৰ: জন বার্নেটে (John Burnet) থেলছৰ মূলসত্তা পানীৰ ধাৰণাৰ ওপৰত মন্তব্য কৰিছে যে জগত বৈভৱৰ উৎপত্তি কাল পিছৰ।
৯। এনেক্সিমেণ্ডাৰ কোন?
উত্তৰঃ এনেক্সিমেণ্ডাৰ থেলছৰ সমসাময়িক আৰু জ্যোতির্বিজ্ঞান, ভূগোল আৰু বিশ্বতত্ত্ব সম্পর্কীয় ব্যাখ্যাত পার্গত আছিল। আয়োনিক দার্শনিক সম্প্ৰদায়ৰ দ্বিতীয়জন দার্শনিক এনেক্সিমেণ্ডাৰৰ জন্ম হৈছিল এছিয়া মাইনৰৰ মিলেটাছ জিলাত ৬১১ খ্রীষ্টপূৰ্বত আৰুঃ মৃত্যু হৈছিল ৫৪৭ খ্রীষ্টপূর্বত।
১০। এনেক্সিমেন্ডাৰে জগতৰ মূল সত্তাক কি বুলি ভাবিছিল?
উত্তৰঃ এনেক্সিমেণ্ডাৰে জগতৰ মূল সত্তাক জড় বস্তু বুলি ভাবিছিল।