পৰিৱেশ প্ৰদূষণ আৰু আইন-কানুন | BA, B.Sc, B.Com 1st Semester VAC Environmental Studies Chapter 3 Question Answer Assamese Medium 2025 | পৰিৱেশ অধ্যয়ন | BA 1st Semester VAC Environmental Studies Unit 3 Question Answer Assamese Medium 2025 | BA 1st Semester VAC Environmental Studies Chapter 3 Question Answer Assamese Medium

পৰিৱেশ প্ৰদূষণ আৰু আইন-কানুন | BA, B.Sc, B.Com 1st Semester VAC Environmental Studies Chapter 3 Question Answer Assamese Medium 2025 | পৰিৱেশ অধ্যয়ন | BA 1st Semester VAC Environmental Studies Unit 3 Question Answer Assamese Medium 2025 | BA 1st Semester VAC Environmental Studies Chapter 3 Question Answer Assamese Medium

Unit : 3
পৰিৱেশ প্ৰদূষণ আৰু আইন-কানুন

► অতি চমু প্রশ্নোত্তৰ :

১। প্ৰদূষণৰ সংজ্ঞা লিখা।

উত্তৰঃ বায়ু, পানী আৰু মাটিৰ যি ভৌতিক, ৰাসায়নিক আৰু জৈৱক পৰিৱৰ্তনে মানুহ আৰু অন্যান্য প্ৰাণীৰ ওপৰত কু-প্রভাব পেলাব পাৰে তাক প্ৰদূষণ বোলে।

২। প্ৰদূষণৰ প্ৰধান ভাগ কেইটা আৰু কি কি?

উত্তৰ : প্ৰদূষণৰ প্ৰধান ভাগ চাৰিটা- (ক) বায়ু প্রদূষণ, খ) জল প্রদূষণ, (গ) স্থল প্রদূষণ, (ঘ) শব্দ প্রদূষণ।

৩। বায়ু প্ৰদূষণৰ প্ৰধান উৎসসমূহ কি কি?

উত্তৰঃ বায়ু প্ৰদূষণৰ প্ৰধান উৎসসমূহ হ’ল- প্রাকৃতিক উৎস আৰু মানৱ সৃষ্ট উৎস।

৪। পানী প্ৰদূষণৰ মূখ্য কাৰণসমূহ কি?

উত্তৰঃ পানী প্ৰদূষণৰ মূখ্য কাৰণসমূহ হ’ল- পেলনীয়া আৱৰ্জনা, কীটনাশক দ্রব্য, সাৰ, তৈল নিঃসৰণ, উদ্যোগৰ পেলনীয়া দ্রব্য আদি।

৫। কার্বন মন ‘ক্সাইডে তেজত থকা হিম’গ্ল’বিনৰ সৈতে বিক্ৰিয়া কৰি কি উৎপন্ন কৰে?

উত্তৰঃ কার্বক্সি হিম’গ্ল’বিন (Carboxy Haemoglobin) উৎপন্ন কৰে।

৬। কোনবিধ বিষাক্ত পদাৰ্থৰ বাবে মিনামাটা ৰোগ হৈছিল?

উত্তৰঃ মিথাইল মার্কাৰি।

৭। অ’জন বিন্ধা কি?

উত্তৰঃ ক্ল’ৰিণ অণুৱে অ’জন অণু ভাঙি দিয়াৰ ফলত অ’জন স্তৰত সূক্ষ্ম সূক্ষ্ম ছিদ্র হয়। এনে ছিদ্রক অ’জন বিন্ধা বোলে।

৮। ১৯৭২ চনৰ সংযুক্ত ৰাষ্ট্ৰ সন্মিলনৰ মানৱ পৰিবেশ সম্মিলনখন ক’ত অনুষ্ঠিত ৰ হৈছিল?

উত্তৰঃ ছুইডেনৰ ষ্টকহ’মত।

৯। ভাৰতবৰ্ষৰ পৰিবেশ (সংৰক্ষণ) আইন কেতিয়া বলবৎ হয়?

উত্তৰঃ ১৯৮৬ চনত।

১০। ‘ভূ-শীর্ষ সম্মিলন’ কি?

উত্তৰঃ ১৯৯২ চনৰ জুন মাহত ব্রাজিলৰ ৰাজধানী চহৰ ৰিঅ’দা জেনেৰিঅ’ত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰ সংঘৰ পৰিবেশ আৰু উন্নয়ন বিষয়ক সভাখনক ‘ভূ-শীর্ষ সম্মিলন’ বুলি জনা যায়।

১১। কোনটো দশকক ৰাষ্ট্ৰসংঘই দুর্যোগ হ্রাসকৰণ আর্ন্তজাতিক দশক হিচাপে ঘোষণা কৰিছিল?

উত্তৰঃ ১৯৯০-২০০০ ৰ দশকটোক ৰাষ্ট্ৰসংঘই দুর্যোগ হ্রাসকৰণ আন্তর্জাতিক দশক হিচাপে ঘোষণা কৰিছিল।

► চমু প্রশ্নোত্তৰ :

১। প্ৰদূষণৰ অৰ্থ লিখা।

উত্তৰ: পৰিবেশৰ মূল উপাদানসমূহ দূষিত হোৱাকে পৰিবেশ প্ৰদূষণ বুলি কোৱা হয়। পৰিবেশ প্ৰদূষণ আধুনিক যুগৰ এক ভয়াবহ সমস্যা। পৰিবেশ প্ৰদূষণে পৰিবেশৰ মূল উপাদান বায়ু, পানী আৰু মাটিৰ প্ৰদূষণ ঘটাইছে। সহজ অৰ্থত অনিষ্টকাৰী দ্রব্যই পৰিৱেশ বিনষ্ট কৰা প্রক্রিয়াকে সহজ কথাত প্রদূষণ (Pollution) বুলি ক’ব পাৰি। পৰিৱেশৰ প্ৰধান উপাদান মাটি, পানী আৰু বায়ু নানা কাৰণত প্ৰদূষিত হৈ মানুহ আৰু জীৱজগতৰ অনিষ্ট সাধন কৰিব পাৰে। সম্প্রতি এই তিনিটা উপাদানৰ প্ৰদূষণে পৃথিৱীৰ বিভিন্ন ঠাইত ভয়াৱহ সমস্যাৰ সৃষ্টি কৰিছে।

২। পৰিবেশ প্ৰদূষণৰ বিভিন্ন প্ৰকাৰবোৰ কি কি?

উত্তৰঃ পৰিবেশ প্ৰদূষণৰ বিভিন্ন প্ৰকাৰবোৰ হ’ল-

(১) পৰিবেশ অনুসৰিঃ যেতিয়া পৰিবেশৰ বিভিন্ন অংশ প্রদূষণত আক্রান্ত হয় তেতিয়া সেইবোৰক এইদৰে ভাগ কৰিব পাৰি-

(ক) বায়ু প্রদূষণ

(খ) জল প্রদূষণ

(গ) ভূমি প্রদূষণ

(২) প্ৰদূষক অনুসৰি : প্ৰদূষক অনুসৰি প্ৰদূষণ নিন্মোক্ত প্ৰকাৰৰ হ’ব পাৰে-

(ক) তাপ প্রদূষণ

(খ) শব্দ প্রদূষণ

(গ) তেজস্ক্ৰিয় প্ৰদূষণ

(ঘ) গোটা আবৰ্জনাৰ প্ৰদূষণ

(ঙ) তৈল প্রদূষণ

(চ) ঔদ্যোগিক প্রদূষণ

(ছ) সাগৰীয় প্ৰদূষণ

৩। ভূ-উষ্মীকৰণ কি?

উত্তৰঃ বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধিৰ ফলত পৃথিৱীপৃষ্ঠৰ গড় উষ্ণতা বৃদ্ধি পাইছে। পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ বাবে যদিও মূলতঃ কার্বন-ডাই-অক্সাইড গেছেই দায়ী, তাৰ লগতে মিথেন, নাইট্রাছ অক্সাইড, ক্ল’ৰ’ফ্ল’ৰ’ কাৰ্বন (CFC) শ্ৰেণীৰ গেছকেইটায়ো উষ্ণতা বৃদ্ধি কৰাত বুজন পৰিমাণৰ অৰিহণা যোগাইছে।

উষ্ণতা বৃদ্ধিয়ে পাৰিপাৰ্শ্বিক ভাৰসাম্যতা বিনষ্ট কৰাই নহয়, জৈৱ বিচিত্ৰতাৰো হ্রাস কৰিব। এনেদৰে জীৱ জগতৰ বহু জীৱৰ অৱলুপ্তি ঘটিব পাৰে। ভূ-উষ্মীকৰণে কুমেৰু মহাদেশৰ বৰফ গলাই পৃথিৱীত বতৰৰ আমূল পৰিৱৰ্তন ঘটোৱাটোও অস্বাভাৱিক নহ’ব বুলি ভবা হৈছে। কার্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলত পৰিস্থিতিতন্ত্রত সূদূৰপ্ৰসাৰী প্রভাব পেলাব।

৪। বায়ু প্রদূষণ কেনেকৈ হয়? বায়ু প্ৰদূষণৰ উৎস কেইটামান উল্লেখ কৰা।

উত্তৰঃ বিশ্ব স্বাস্থ্যসংস্থাৰ সূত্র অনুসৰি বায়ু প্ৰদূষণ হ’ল মানুহৰ বিভিন্ন ক্রিয়া-কলাপৰ ফলত সৃষ্টি হোৱা বিভিন্ন প্ৰকাৰৰ পদাৰ্থ বায়ুত মিহলি হৈ মানুহকে আদি কৰি সমস্ত প্রাণীজগত আৰু উদ্ভিদজগতৰ ক্ষতি কৰা এক প্রক্রিয়া। বায়ুত মিহলি হোৱা নানা ধৰণৰ ক্ষতিকাৰক (জীৱ আৰু উদ্ভিদৰ) পদাৰ্থৰ উপস্থিতিয়েই বায়ু প্রদূষণ।

বায়ু প্ৰদূষণৰ উৎসসমূহ হ’ল-

(ক) ধূলিকণা আৰু জীৱাণু

(খ) কার্বন-ডাই-অক্সাইড

(গ) ছালফাৰ-ডাই-অক্সাইড

(ঘ) কার্বন মন’ক্সাইড

(ঙ) হাইড্র’জেন অক্সাইড

(চ) নাইট্র’জেন অক্সাইড

(ছ) সীহ ইত্যাদি।

৫। পানী কেনেদৰে প্ৰদূষিত হয়? পানী প্ৰদূষণৰ কেইটামান দ্ৰব্যৰ নাম লিখা।

উত্তৰ: বিভিন্ন ধৰণৰ উৎসৰ পৰা অহা প্ৰদূষক পানীত মিহলি হৈ পানী প্রদূষিত কৰে। পানী প্ৰদূষণ কৰা দ্রব্যসমূহ হ’ল-

(ক) নলা-নর্দমাৰ লেতেৰা পানী

(খ) ৰাসায়নিক সাৰ

(গ) অজৈব পদার্থ আৰু অন্যান্য ৰাসায়নিক দ্রব্য

(ঘ) গেছ বা পলস

(ঙ) উত্তাপ

(চ) তেজস্ক্রিয় পদার্থ

(ছ) কীটনাশক প্রদূষণ।

► ৰচনাধৰ্মী প্রশ্নোত্তৰ:

১। পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতবৰ্ষত কি কি আইন প্রণয়ন কৰা হৈছে, বহলাই আলোচনা কৰা।

উত্তৰঃ তলত কেইখনমান পৰিৱেশ সুৰক্ষা আইনৰ বিষয়ে আলোচনা কৰা হ’ল-

(ক) বন্যপ্রাণী সুৰক্ষা আইন, ১৯৭২: বন্যপ্রাণী আৰু উদ্ভিদ প্রজাতিৰ সংখ্যা ১৯৬০ চন মানৰপৰা নিম্নগামী হৈ বিপৰ্যয়ৰ সম্ভাৱনা প্রকট হৈ পৰাত আৰু ষ্টকহম শীর্ষ সম্মিলনে এই বিষয়ত নীতি-নির্দেশনা জাৰি কৰাৰ পৰিপ্ৰেক্ষিতত এই আইন বিধিগতভাবে গ্রহণ কৰা হয়। আইনখনত থকা ৬৬টা ধাৰাৰ কেইবাটাও পিছৰ বছৰবোৰত বাদ দিয়া হয়।

আইনখনৰ কেইটামান দফা তলত দিয়া হ’ল-

(ক) বন্যপ্রাণী সুৰক্ষাৰ কাৰণে কর্তৃত্বশীল সমিতি গঠন (ধাৰা ৩-৮)

(খ) নির্দিষ্ট কিছুমান উদ্ভিদৰ ৰক্ষণাবেক্ষণ (ধাৰা-১৭ ক)

(গ) বন্যপ্ৰাণীৰ চিকাৰ নিষিদ্ধকৰণ (ধাৰা ৯ আৰু ১১)

(ঘ) ৰাষ্ট্ৰীয় উদ্যান (ধাৰা-৩৫) অভয়াৰণ্য (ধাৰা-১৮) আৰু সংশ্লিষ্ট বিষয়ৰ এলেকা নির্ধাৰণ (ধাৰা-৩৭)

(ঙ) শিক্ষা, গৱেষণা আৰু গৱেষণাভিত্তিক বিজ্ঞানসম্মত পোহপালৰ কাৰণে প্রাণী চিকাৰৰ অনুজ্ঞা-পত্ৰ প্ৰদান (ধাৰা-১২)

(চ) বন্যপ্রাণী, বন্যপ্ৰাণীৰ সামগ্ৰী আদিৰ ব্যৱসায় কৰাৰ অনুজ্ঞা-পত্র প্রদান (ধাৰা-৪৪, ৪৮ আৰু ৪৯)

ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় বন্যপ্রাণী সংস্থাৰ (Indian Board of Wildlife, IBWL) পৰামৰ্শ অনুযায়ী ১৯৭২ চনত বন্যপ্রাণী (সুৰক্ষা) আইন প্রণয়ন কৰে। এই আইন মতে, বনৰীয়া জন্তুক বন্দী কৰা, গুলীওৱা বা ৰখা, সিহঁতৰ মাংস পৰিৱেশন কৰা, বন্যপ্রাণী পৰিবহণ কৰা বা ৰপ্তানি কৰা ইত্যাদি নিয়ন্ত্রণ তথা বন্ধ কৰা হৈছে। এই আইন মতে, বিপদাপন্ন প্রাণীসমূহৰ সুৰক্ষা প্ৰদানৰ ব্যৱস্থা লোৱা হৈছে।

(খ) জল (প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্রণ) আইন, ১৯৭৪: পানীৰ বিশুদ্ধতা ৰক্ষা কৰাৰ উদ্দেশ্যে ১৯৭৪ চনত ভাৰত চৰকাৰে সকলো ৰাজ্যতে প্রযোজ্য হোৱাকৈ জল প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্রণ আইনখন প্রণয়ন কৰে। আইনখনৰ প্ৰধান বৈশিষ্ট্যবোৰ এনেধৰণৰ-

(i) ইয়াৰদ্বাৰা সকলো প্ৰকাৰৰ পৃষ্ঠজল আৰু ভূতল জল ভাণ্ডাৰ সুপৰিচালিত কৰা আৰু পুনৰুদ্ধাৰ কৰাৰ ব্যৱস্থা কৰা হৈছে।

(ii) ইয়াৰ অধীনত প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰিষদসমূহ গঠন কৰাৰ ব্যৱস্থা কৰা হৈছে। সেই পৰিষদবোৰক যথাবিহিত ক্ষমতা দিয়া হৈছে আৰু পৰিষদবোৰৰ কাম-কাজ নিৰ্দ্ধাৰিত কৰি দিয়া হৈছে।

(iii) এই আইনৰ বিধানমতে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদবোৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা বিত্তীয় সাহায্য লাভ কৰাৰ ব্যৱস্থা আছে।

এই আইনখনৰ অধীনত কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় প্রদূষণ নিয়ন্ত্ৰণ পৰিষদ গঠন কৰে (চেন্ট্রেল পলিউশ্যন কন্ট্র’ল ব’ৰ্ড) আৰু ৰাজ্য চৰকাৰে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ (ষ্টেট পলিউশ্যন কন্ট্র’ল ব’ৰ্ড) গঠন কৰে।

জলপ্রদূষণ আইনখনত ৮টা অধ্যায় আছে আৰু সেইবোৰত কেন্দ্ৰীয় পৰিষদসমূহৰ গঠন, ক্ষমতা আৰু কৰ্তব্য সম্পর্কে বিশদ বর্ণনা আছে। এই আইন ভংগকাৰীৰ বিৰুদ্ধে উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থাও আছে। ১৯৭৮ আৰু ১৯৮৮ চনত আইনখন সংশোধন কৰা হয়। এই আইনৰ অধীনত উদ্যোগ আৰু স্থানীয় প্রতিষ্ঠানসমূহে পানী ব্যৱহাৰ কৰাৰ বাবদ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক শুল্ক আদায় দিব লাগে।

আইনখনৰ অষ্টম অধ্যায়ত থকা নির্দেশমতে বিভিন্ন ৰাজ্যত দূষিত পানী পৰীক্ষা কৰাৰ বাবে পৰীক্ষাগাৰ স্থাপন কৰাৰ ব্যৱস্থা আছে।

(গ) বন সংৰক্ষণ আইন, ১৯৮০: ব্যাপক হাৰত বনাঞ্চল ধ্বংস কৰাটো ৰোধ কৰিবৰ বাবে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে অৰণ্য (সুৰক্ষা) আইন, ১৯৮০ প্রণয়ন কৰে। এই আইন মতে, অৰণ্যভূমিক আন কামত ব্যৱহাৰ কৰিবলৈ হ’লে আগতীয়া অনুমতি লোৱাৰ প্রয়োজন।

এই আইন ১৯৮৮ চনত সংশোধন কৰা হয় আৰু আইন ভংগকাৰীলৈ কঠোৰ শাস্তি বিহাৰ ব্যৱস্থা ৰখা হয়। সংশোধিত আইন মতে, কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ অবিহনে গছ-গছনি কটা নিষিদ্ধ কৰা হৈছে।

ভাৰতীয় সংবিধানৰ ৪৮ (ক) অনুচ্ছেদৰ নিৰ্দেশানুক্রমে বনাঞ্চল ধ্বংস ৰোধ কৰাৰ উদ্দেশ্যেৰে এই আইনখন প্রণয়ন কৰা হৈছে। সংবিধানৰ ৫১- (ক) (ছ) অনুচ্ছেদ [51-A(g)] অনুসৰি প্ৰাকৃতিক পৰিৱেশ আৰু বন্য প্রাণীক ৰক্ষণাবেক্ষণ দিয়াটো প্রতিজন নাগৰিকৰে মৌলিক কর্তব্য। এই আইন সমগ্র ভাৰততে প্রযোজ্য যদিও জম্মু-কাশ্মীৰক অন্তর্ভুক্ত কৰা হোৱা নাই।

(ঘ) বায়ু প্রদূষণ আইন ১৯৮১: বায়ু (প্ৰতিৰোধ আৰু প্ৰদূষণ নিয়ন্ত্রণ) আইন ১৯৮১ অনুসৰি বায়ুমণ্ডলত গেছীয় নির্গমনৰ হেতু উদ্যোগসমূহে ব’ৰ্ডৰ পৰা অনুমতি লোৱাটো বাঞ্ছনীয়। নির্গমনৰ পৰিমাণ তথা গুণগত মানদণ্ডৰ লগতে ইয়াৰ ফ্রিকুৱেন্সি নিয়ন্ত্ৰণৰ ক্ষেত্রতো ব’র্ডে উদ্যোগসমূহক অনুমতি প্রদান কৰে।

উদ্যোগ স্থাপন/চালনৰ অনুমতি: বায়ু প্ৰদূষণ/জল প্রদূষণ সম্ভাৱনা থকা উদ্যোগ স্থাপনৰ ক্ষেত্ৰত উদ্যোগবোৰে বায়ু আইন আৰু জল আইনৰ অধীনত অনুমতি ল’ব লাগে। এই অনুমতি দুটা পর্যায়ত লোৱা হয়। যেনে –

(i) উদ্যোগ স্থাপনৰ অনুমতি: এই অনুমতি উদ্যোগ স্থাপনৰ পূৰ্বে লোৱা হয়।

(ii) উদ্যোগ চালনৰ অনুমতি (প্ৰাৰম্ভিক আৰু নৱীকৰণ): প্ৰস্তাৱিত উদ্যোগটো যাৱতীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব্যৱস্থাৰ সৈতে স্থাপন কৰাৰ পাছত উদ্যোগীসকলে উদ্যোগটি চলোৱাৰ বাবে অনুমতি ল’ব লাগে। এই অনুমতি এক নির্দিষ্ট সময়ৰ বাবে দিয়া হয়, যাৰ নিয়মীয়া নৱীকৰণ বাঞ্ছনীয়।

বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে ভাৰতত ১৯৮১ চনত বায়ু প্ৰদূষণ আইন গৃহীত হৈছিল আৰু তেতিয়াৰ পৰা কেতবোৰ ক্ষেত্ৰত তাৎপর্যপূর্ণ প্রগতি লাভ কৰা হৈছে। তথাপি ২০১৩ ৰ পৰিৱেশিক দক্ষতা সূচকাংকৰ ক্ষেত্ৰত ভাৰতে ১৭৮ খন দেশৰ মাজত ১৫৫তম স্থানহে লাভ কৰিছে। ইয়ে স্পষ্ট কৰে যে ভাৰতেও এই ক্ষেত্ৰত কৰিব লগা বহু আছে।

(ঙ) বায়ু (প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্রণ) আইন, ১৯৮৬: এই আইন ১৯৮১ চনৰ ১৬ মে’ৰ পৰা বলবৎ কৰা হৈছে। ১৯৮৭ত এই আইনৰ সংশোধন কৰা হয়। এই আইনৰ বিভিন্ন দিশসমূহ উলংঘা কৰাসকলৰ বাবে কঠোৰ শাস্তি বিহাৰ ব্যৱস্থা কৰা হয়। এই সংশোধিত আইনৰ অৱধিৰ ভিতৰত শব্দকো (প্ৰদূষণ) সামৰা হৈছে।

(চ) পৰিৱেশ সুৰক্ষা আইন ১৯৮৬: ১৯৮৬ চনত পৰিৱেশ (সুৰক্ষা) আইন এখন প্ৰৱৰ্তন কৰা হয়। মানুহৰ উপৰিও প্রাণী জগত, উদ্ভিদ জগত, বিভিন্ন সা-সম্পত্তি আৰু পৰিৱেশ সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যে এই গুৰুত্বপূৰ্ণ আইনখন প্ৰৱৰ্তন কৰা হৈছে। আইনখনত চাৰিটা অধ্যায় আৰু ২৬টা অনুচ্ছেদ আছে।

পৰিৱেশ, পৰিৱেশ প্রদূষণ, বিপদজনক দ্রব্য আদি কেইবাটাও প্রয়োজনীয় বিষয়ৰ সংজ্ঞা দিয়া হৈছে। এই আইনখনত দিয়া মতে পৰিৱেশ হ’ল পানী, বায়ু, মাটি আৰু এই তিনিবিধ উপাদানৰ সৈতে মানব প্রজাতি, অন্যান্য জীৱ, উদ্ভিদ, ক্ষুদ্র প্রজাতি আৰু সম্পদৰ মাজত থকা অন্তর্নিহিত সম্পর্ক।

আইনখনৰদ্বাৰা কেন্দ্ৰীয় চৰকাৰক এনে কিছুমান ক্ষমতা দিয়া হৈছে যিবোৰ ব্যৱহাৰ কৰি পৰিৱেশ উন্নত কৰিব পৰা যায় আৰু সংৰক্ষিত কৰিব পৰা যায়। চৰকাৰসমূহকো তদ্রুপ কিছুমান ক্ষমতা দিয়া হৈছে।

এই আইনখনৰ অধীনত কেন্দ্ৰীয় চৰকাৰক পৰিৱেশ সংৰক্ষণ নিয়মাৱলী প্ৰস্তুত কৰাৰ অধিকাৰ দিয়া হৈছে। সেইমতে কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্রণালয়ে পৰিৱেশ (সংৰক্ষণ) নিয়মাৱলী (১৯৮৬) প্রণয়ন কৰি বলৱৎ কৰিছে। এই নিয়মাৱলী অনুসৰি য’তে-ত’তে উদ্যোগ স্থাপন কৰাত বাধা প্রদান কৰা হৈছে। ১৯৮৭ চনত আইনখনৰ কিছু সংশোধন ঘটোৱা হৈছে।

পৰিৱেশ (সুৰক্ষা) আইনৰ অধীনত ৰাসায়নিক দুর্ঘটনা (আপদকালীন পৰিকল্পনা, প্রস্তুতি আৰু সঁহাৰি) নিয়মাবলী (১৯৯৬) প্রতিখন ৰাজ্যতে প্ৰৱৰ্তন কৰা হৈছে। এই নিয়মাৱলীৰ অধীনত ৪৩১ বিধ ৰাসায়নিক পদাৰ্থ পৰিৱেশৰ বাবে বিষাক্ত বুলি গণ্য কৰা হৈছে। ইয়াৰ উপৰিও ১৮বিধ পেলনীয়া বস্তু পৰিৱেশৰ বাবে বিপদজনক বুলি চিহ্নিত কৰা হৈছে।

(ছ) ৰাষ্ট্ৰীয় পৰিবেশ ট্রিবিউনেল আইন, ১৯৯৫: ব্রাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত বহা শীর্ষ সন্মিলনৰ অনুমোদন সাপেক্ষে ভাৰতীয় লোকসভাতো ৰাষ্ট্ৰীয় পৰিবেশ ট্রিবিউনেল বিল দাখিল কৰা হয়। সেই অনুক্রমেই ১৯৯৫ চনত এই বিল সংশোধনেৰে গৃহীত হৈ আইনত পৰিণত হয়। এই আইন অনুসৰি ৰাষ্ট্ৰীয় পৰিৱেশ ট্রিবিউনেলে দেৱানী আদালতৰ (Civil Court) মর্যাদা লাভ কৰে।

সাধাৰণতে ঔদ্যোগিক গোটবিলাকত শ্রমিকে বিপজ্জনক বিষাক্ত দ্রব্য প্রয়োগ কৰোঁতে দুর্ঘটনাবশতঃ শাৰীৰিক সংস্পৰ্শলৈ অহাৰ কাৰণে ৰোগক্রান্ত, চিৰঘুণীয়া আনকি মৃত্যু পর্যন্ত হ’ব পাৰে। এইক্ষেত্রত যাতে দুর্ঘটনাত বলি হোৱা ব্যক্তিয়ে শীঘ্রে ক্ষতিপূৰণ পাব পাৰে তাৰ নিশ্চয়তা প্রদানৰ উদ্দেশ্যে এই আইন প্রণয়ন কৰা হৈছে।

শাস্তিৰ বিধান: মানুহ, অর্থাৎ শ্রমিক দুর্ঘটনাৰ বলি হোৱাৰ উপৰি বিষাক্ত দ্রব্য নির্গত হৈ যদি বায়ু, পানী, মাটি, পৰিৱেশ, অন্যান্য উদ্ভিদ আৰু প্ৰাণীৰ যদি ক্ষতি সাধন হয়, তেন্তে আইনৰ ৩নং ধাৰাৰ অধীনত ক্ষতিপূৰণ আদায় দিয়াৰ ব্যৱস্থা ৰখা হৈছে। ট্রিবিউনেলৰ ৰায় অমান্য কৰিলে অভিযুক্তক তিনি বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু দহ লাখ টকা পর্যন্ত জৰিমনা বিহাৰ ব্যৱস্থা ৰখা হৈছে (ধাৰা-২৫)।

(জ) ৰাষ্ট্ৰীয় পৰিৱেশ সম্বন্ধীয় আপীল কর্তৃত্ব আইন ১৯৯৭: এই আইনে কেন্দ্রীয় চৰকাৰক এনে এটা কর্তৃত্ব স্থাপনৰ নিৰ্দেশ দিয়ে যি কর্তৃত্বই যিবোৰ ঠাইত উদ্যোগ স্থাপনৰ বাবে বাধা আৰোপ কৰিছে, সেই ঠাইত উদ্যোগ স্থাপন কৰাৰ বিৰুদ্ধে কৰা আপীলৰ মীমাংসা কৰে।

ভাৰতৰ ক্ষেত্ৰত পৰিৱেশ আৰু অৰণ্য মন্ত্রণালয় (Ministry of Environment and Forest); কেন্দ্রীয় প্রদূষণ নিয়ন্ত্রণ ব’র্ড (Central Pollution Control Board), ৰাজ্যিক পৰিৱেশ বিভাগসমূহ (State Departments of Environment), ৰাজ্যিক প্রদূষণ নিয়ন্ত্রণ ব’র্ড (State Pollution Control Boards) আৰু মিউনিচিপাল কৰ্প’ৰেচন (Municipal Corporations) আদি পৰিৱেশ আইন আৰু নীতিসমূহ ৰূপায়ণ কৰাৰ দায়িত্বত থাকে।

২। মন্ট্রিয়েল (Montreal) আৰু কায়োটো প্রটোকল (Kyoto Protocols) ৰ বিষয়ে আলোচনা কৰা।

উত্তৰ: মন্ট্রিয়েল প্রটোকল (Montreal Protocols): 1973 চনত কেলিফোর্নিয়া বিশ্ববিদ্যালয়ত Irvine, Mario Molina ই তেওঁৰ পৰামৰ্শদাতা F. sherwood Rowland ক পৰামৰ্শ দি কৈছিল যে ক্ল’ৰ’ফ্লৰ’কাৰ্বনে (CFC) পৃথিৱীৰ বায়ুমণ্ডলৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। যদিও এই গৱেষণা সাহিত্যৰ ওপৰত প্ৰতিষ্ঠিত আছিল, Rowland য়ে এই ধাৰণাৰ প্ৰচাৰ কৰিছিল যে ক্ল’ৰ’ফ’ৰ কাৰ্বনে ষ্টেট ‘স্ফেৰিক অ’জন স্তৰ ধ্বংস কৰিব পাৰে। পৰীক্ষাগাৰৰ গৱেষণা অবিহনে CFC নিষিদ্ধ কৰিবলৈ এক অভিযান আৰম্ভ কৰা হৈছিল।

অ’জন স্তৰৰ অৱক্ষয় কৰা পদাৰ্থৰ বাবে মন্ট্রিয়েল প্রটোকল (অ’জন স্তৰৰ সুৰক্ষাৰ বাবে ভিয়েনা সম্মিলনৰ এক Protocol) হ’ল আন্তর্জাতিক চুক্তি, যাক অ’জন স্তৰক সুৰক্ষিত কৰি ৰাখিবৰ বাবে প্ৰস্তুত কৰা হৈছে; ই সেইবোৰ পদার্থ ধ্বংস কৰিব যিবোৰে অ’জন স্তৰৰ অৱক্ষয়ত সহায় কৰে।

দক্ষিণ মেৰুত অ’জন স্তৰত হোৱা বিন্ধাৰ বাবে CFC ৰ ওপৰত দোষাৰোপ কৰা হৈছিল। মন্ট্রিয়েল প্রটোকলে CFC নিষিদ্ধ কৰাটো গোলকীয় বিষয় হৈ পৰিছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি বিগানে (Reagan) তেওঁৰ কেবিনেটৰ পৰামৰ্শৰ বিৰোধিতা কৰিছিল, 1987 চনৰ ডিচেম্বৰৰপৰা 1987 চনৰ 16 ছেপ্তেম্বৰৰ ভিতৰত মন্ট্রিয়েল প্রটোকলত স্বাক্ষৰ কৰে। CFC ক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছিল আৰু আমেৰিকাই ৰাষ্ট্ৰসংঘৰ দ্বাৰা শাসিত কমিটিক $500 মিলিয়ন ডলাৰৰ সাহায্য প্রদান কৰিছিল।

CFC হ’ল কিছুমান অদাহ্য ৰাসায়নিক দ্রব্য, য’ত কাৰ্বন, ক্ল’ৰিন আৰু ফ্ল’ৰিন থাকে। CFC বোৰ শীতাতপ নিয়ন্ত্রক যন্ত্র, এজমা ৰোগৰ উপশমৰ বাবে আৰু আন কিছুমান কামত ব্যৱহাৰ কৰা হৈছিল। Dupont য়েও নিষিদ্ধকৰণৰ ওপৰত গুৰুত্ব দিছিল। দক্ষিণ মেৰুত এই ৰাসায়নিক দ্রব্যবিধৰ ক্ষমতা সম্পর্কে কেতিয়াও পৰীক্ষা কৰা হোৱা নাছিল।

কায়োটো প্রটোকল (Kyoto Protocols): কায়োটো প্রটোকল, যাক কায়োটো চুক্তি বুলিও জনা যায়। ইহ’ল ঔদ্যোগিক ৰাষ্ট্ৰসমূহৰ এক আন্তর্জাতিক সংগঠন, যিয়ে সেউজগৃহ গেছসমূহৰ নিগৰ্মনৰ মাত্রা নির্ধাৰণ কৰিছে। কার্বন-ডাই অক্সাইড হ’ল মানুহে সৃষ্টি কৰা গোলকীয় উষ্ণতাৰ প্ৰধান কাৰণ। গতিকে কাৰ্বনৰ মাত্রা হ্রাস কৰিবলৈ বহুতো দেশে কায়োটো প্রটোকলত স্বাক্ষৰ কৰিছে। 1997 চনৰ 11 ডিচেম্বৰত জাপানৰ Kyoto ত Kyoto Protocol অনুষ্ঠিত কৰা হৈছিল আৰু সকলো দেশৰ অংশগ্ৰহণৰ সৈতে 2005 চনৰ 16 ফেব্ৰুৱাৰীৰ পৰা ইয়াক কাৰ্যকৰী কৰা হয়।

ৰাষ্ট্ৰসমূহৰ লক্ষ্য ভিন্ন ভিন্ন হয়। কিছুমানক নির্গমন বৃদ্ধি কৰিবলৈ অনুমতি দিয়া হয়; আনে প্রয়োজন অনুসৰি পৰিৱৰ্তন কৰিব পাৰে। ইয়াৰ লক্ষ্য আছিল 1990 চনৰ পৰা 2012 চনলৈ 50 শতাংশ হ্রাস কৰা (নাইবা 2008-12)। নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’ব নোৱাৰিলে জৰিমনা ভৰিবলগীয়া হৈছিল, যাৰ ফলত 2011 চনত কানাডাই তাৰ পৰা বাহিৰ হ’বলগীয়া হৈছিল।

Leave a comment