AHSEC Class 11 History Chapter 1 Question Answer Assamese Medium 2025 | প্ৰাৰম্ভিক সমাজ | অধ্যায় ১ | Lesson 1 | Class 11 History Question Answer Assamese | HS 1st Year History Chapter 1 Question Answer Assamese Medium 2025

AHSEC Class 11 History Chapter 1 Question Answer Assamese Medium 2025 | প্ৰাৰম্ভিক সমাজ | অধ্যায় ১ | Lesson 1 | Class 11 History Question Answer Assamese | HS 1st Year History Chapter 1 Question Answer Assamese Medium 2025

প্রথম অধ্যায়

প্ৰাৰম্ভিক সমাজ

অতি দৰকাৰী অতি চমু প্ৰশ্নোত্তৰ

প্রশ্ন ১ : পৃথিৱীৰ বুকুত মানৱ জাতীয় প্ৰাণীৰ আৱিৰ্ভাৱ কেতিয়া ঘটিছিল?

উত্তৰ: আজিৰ পৰা প্রায় ৫.৬ নিযুত বর্ষ পূর্বে (নিঃ বঃ পূঃ) পৃথিৱীৰ বুকুত মানৱ জাতীয় প্রাণীৰ আৱিৰ্ভাৱ ঘটিছিল বুলি কোৱা হয়।

প্রশ্ন ২: আদি বাইবেল মতে মানুহৰ অস্তিত্ব কাৰ বুলি বিশ্বাস কৰা হৈছিল?

উত্তৰ: আদি বাইবেল মতে মানুহৰ অস্তিত্ব ভগৱানৰ সৃষ্টি বুলি বিশ্বাস কৰা হৈছিল।

প্রশ্ন ৩: হার্মান ছাফাউচেন কোন আছিল?

উত্তৰ : জাৰ্মানীৰ বন বিশ্ববিদ্যালয়ৰ দেহতত্ত্ব বিভাগৰ এজন বিশিষ্ট অধ্যাপক আছিল হার্মান ছাফাউচেন।

প্রশ্ন ৪ : ‘প্ৰজাতিৰ মূল’ নামৰ পুথিখন কোনে আৰু কেতিয়া লিখিছিল?

উত্তৰ : ১৮৫৯ চনৰ ২৪ নৱেম্বৰ তাৰিখে চাৰ্লচ ডাৰউইনে এই পুথিখন লিখি প্ৰকাশ কৰিছিল। প্ৰকাশৰ প্ৰথম দিনাই মুঠ ১২৫০ খন পুথি বিক্রী হৈছিল।

প্রশ্ন ৫ : প্রাইমেটবোৰ কি?

উত্তৰ: প্রাইমেট্‌ট্ৰাৰ হ’ল বৃহত্তৰ স্তন্যপ্রাণী শ্ৰেণীৰ জন্তুৰ এটা উপশাখা।

প্রশ্ন ৬ : প্রাচীন মানৱৰ অস্তিত্বৰ অৱশিষ্ট উদ্ধাৰ হোৱা স্থানসমূহৰ ভিতৰত অন্যতম কোনখন ঠাই আছিল।

উত্তৰ: ফাঁট উপত্যকা হ’ল প্রাচীন মানৱৰ অৱশিষ্ট উদ্ধাৰ হোৱা অন্যতম ঠাই।

প্রশ্ন ৭ : হমিন ইড্ কোন প্রজাতিক বুজাইছিল?

উত্তৰ : সমগ্ৰ খৰা-নেজীয়া বান্দৰ প্ৰজাতি ইয়াত অন্তর্ভুক্ত আছিল।

প্রশ্ন ৮ : মেৰী আৰু লুইলিকি কোন আছিল?

উত্তৰ : এই দুয়োজন প্রসিদ্ধ পুৰাতত্ত্ববিদ আছিল।

প্রশ্ন ৯ : অষ্টাল’পিথেকাচ্ আৰু হ’ম নামৰ জীৱাশ্মা দুবিধৰ মাজত পার্থক্য কি?

উত্তৰ : এই দুয়োবিধ জীৱাশ্মাৰ মাজত পাৰ্থক্য হ’ল এয়ে যে অষ্টাল’পিথেকাতকৈ হ’মৰ মগজু ডাঙৰ। কিন্তু খুঁতৰি আৰু দাঁত সৰু।

প্রশ্ন ১০ : কেতিয়া তুষাৰ যুগ আৰম্ভ হৈছিল?

উত্তৰ : প্ৰায় ২.৬ নিযুত বছৰ পূৰ্বে পৃথিৱীত তুষাৰ বা বৰফৰ যুগ আৰম্ভ হোৱা বুলি অনুমান কৰা হয়।

প্রশ্ন ১১: হ’ম (Homo) শব্দটো ক’ৰ পৰা আহিছে? ইয়াৰ অৰ্থ কি?

উত্তৰ : হ’ম শব্দটো লেটিন ভাষাৰ পৰা আহিছে। ইয়াৰ অৰ্থ হ’ল পুৰুষ।

প্রশ্ন ১২: কোনটো গোষ্ঠীয়ে প্রথমে চিকাৰ কাৰ্যত ব্ৰতী হৈছিল?

উত্তৰ : আদিম হ’মিনিডাবিলাকে প্রথমে চিকাৰ কাৰ্যত লিপ্ত হোৱা বুলি কোৱা হয়।

প্রশ্ন ১৩ : প্রকৃত চিকাৰ কাৰ্য কেতিয়াৰ পৰা আৰম্ভ হৈছিল বুলি ধাৰণা কৰা হয়?

উত্তৰ: প্রকৃত চিকাৰ কাৰ্য বহু যুগৰ পাছত অর্থাৎ প্রায় ৫০০,০০০ মান বছৰ পূৰ্বে আৰম্ভ হোৱা বুলি অনুমান কৰা হয়।

প্রশ্ন ১৪: কেনিয়াৰ কিল’ম্বে আৰু অ’লৰ্জেচাইলিৰ খনন স্থলীত কি কি আহিলা পোৱা হৈছিল? এই আহিলাবোৰ কোন সময়ৰ বুলি অনুমান কৰা হৈছে?

উত্তৰ: উক্ত দুই ঠাইৰ খনন স্থলীত হাজাৰ হাজাৰ কুঠাৰ আৰু আন আন চিকাৰৰ আহিলা আৰু সঁজুলি আৱিষ্কৃত হৈছিল।

এই আহিলা আৰু সঁজুলিবোৰ আনুমানিক ৭০০,০০০-৫০০,০০০ বছৰ নিযুত বৰ্ষ পূৰ্বৰ বুলি অনুমান কৰা হৈছিল।

প্রশ্ন ১৫: কিমান বছৰমানৰ আগৰে পৰা আদিম মানবে গুহা আৰু মুকলি স্থানত বাসস্থান পাতিবলৈ আৰম্ভ কৰিছিল?

উত্তৰ: ৪০০,০০০-১২৫,০০০ বছৰ মানৰ আগৰে পৰা আদিম মানৱে গুহা আৰু মুকলি স্থানত বাসস্থান পাতিবলৈ আৰম্ভ কৰিছিল।

প্রশ্ন ১৬: আহিলা তৈয়াৰ আৰু ব্যৱহাৰ কৰাৰ প্ৰাচীনতম তথ্য পোৱা দুখন ঠাইৰ নাম উল্লেখ কৰা।

উত্তৰ: আহিলা তৈয়াৰ আৰু ব্যৱহাৰ কৰাৰ প্ৰাচীনতম তথ্য পোৱা ঠাই দুখন হ’ল ইটালীৰ ইথিওপিয়া আৰু কেনিয়াৰ কিছুমান ঠাই।

প্রশ্ন ১৭: শেল আৰু ধনু-কাঁড়ৰ ব্যৱহাৰ কেতিয়া হৈছিল?

উত্তৰ: প্রায় ৩৫০০০ বছৰ আগতে প্রথমে শেল আৰু ধনু-কাঁড়ৰ ব্যৱহাৰ হৈছিল বুলি জনা যায়।

প্রশ্ন ১৮: কথা কোৱাত কিহে সহায় কৰিছিল?

উত্তৰ : হ’ম’ হেবিলিছৰ মগজুৰ কিছুমান বিশেষ গড়ে কথা কোৱাত সহায় কৰিছিল।

প্রশ্ন ১৯: কেতিয়াৰ পৰা ভাষাৰ বিকাশ হৈছিল?

উত্তৰঃ ২ নিঃ বঃ পূঃ মানৰ পৰা ভাষাৰ বিকাশ হৈছিল বুলি অনুমান কৰা হয়।

প্রশ্ন ২০: আল্টামাৰি গুহা চিত্ৰত পোৱা চিত্রটো কি আছিল?

উত্তৰ : এই চিত্ৰত এটি মেথোন বা ষাঁড় গৰুৰ চিত্ৰ পোৱা গৈছিল।

প্রশ্ন ২১: নৃতত্ত্ব বুলিলে কি বুজা?

উত্তৰ: নৃতত্ত্ব হৈছে এনে এটা বিভাগ যি মানৱ জীৱনৰ সংস্কৃতি আৰু ক্ৰমবিকাশৰ বিভিন্ন দিশ অধ্যয়ন কৰে।

অতি দৰকাৰী চমু প্ৰশ্নোত্তৰ 

প্রশ্ন ১: জীবাশ্ম (Fosil) বুলিলে কি বুজা?

উত্তৰ: কঠিন পাথৰলৈ ৰূপান্তৰিত হোৱা উদ্ভিদ, জীৱ-জন্তুৰ অস্তিত্ব বা সাঁচবোৰকে জীৱাশ্ম বোলা হয়। এনেবোৰ সাধাৰণতে শিলাস্তৰৰ মাজত নিযুত নিযুত বছৰ ধৰি সংৰক্ষিত হৈ থাকে।

প্রশ্ন 2 : নিয়েণ্ডার্থেল্ মানৱৰ লাওখোলাৰ বিষয়ে চমুকৈ উত্তৰ দিয়া।

উত্তৰ : এই লাওখোলাটোক বহুতে প্রাচীন বুলি স্বীকৃতি দিয়া নাই। সেইসকল লোকে ইয়াক নির্বোধ বা নিদান শাস্ত্ৰৰ মুৰ্খ বুলি আখ্যা দিছিল।

প্রশ্ন 3 : প্রজাতি বুলিলে কি বুজা?

উত্তৰ: উৎপাদনশীল সঁচ সৃষ্টি কৰিব পৰা একে জাতীয় জৈৱিক চৰিত্ৰ বিশিষ্ট উদ্ভিদ আৰু জীৱ-জন্তুৰ গোটকে সাধাৰণতে প্রজাতি বুলি কোৱা হয়। এই প্ৰজাতিৰ সদস্যই অন্য এটা প্রজাতিৰ সদস্যৰ সৈতে মিলন ঘটাই উৎপাদনশীল সঁচ সৃষ্টি কৰিব নোৱাৰে।

প্রশ্ন 4 : আধুনিক মানৱৰ পূৰ্বসুৰীসকলৰ চাৰিবিধ লাওখোলাৰ নাম লিখা।

উত্তৰ : এই চাৰিবিধ লাওখোলা হ’ল- (ক) খৰা-নেজীয়া বান্দৰৰ লাওখোলা। (খ) অষ্টাল পিথেকাচ্ লাওখোলা। (গ) হ’মইৰেক্টাচ্ লাওখোলা আৰু (ঘ) চেপিয়েঞ্চ লাওখোলা। উল্লেখযোগ্য যে চেপিয়েঞ্চ নামৰ লাওখোলাটোৰ পৰা জনা যায় এই লাওখোলাটোৱে বৰ্তমানৰ সকলো গোষ্ঠীৰ আধুনিক মানৱক ই প্রতিনিধিত্ব কৰে।

প্রশ্ন 5 : হ’মিন’ইড্ আৰু হমিনিডৰ প্ৰজাতিৰ মাজত থকা পাৰ্থক্যবোৰ উল্লেখ কৰা। 

উত্তৰ : হ’মিন’ইডৰ পৰাই হ’মিনিড নামৰ প্ৰজাতিৰ বিৱর্তন ঘটিছিল। তথাপি দুয়োৰে মাজত কিছু পার্থক্য লক্ষ্য কৰা যায়। উদাহৰণ হিচাপে হ’মিনইডৰ মগজু হ’মিনিডৰতকৈ তুলনামূলকভাৱে যথেষ্ট নমনীয়। হ’মিনিড্ নামৰ প্ৰজাতিয়ে দুই ভৰিৰ ওপৰত দণ্ডায়মান হৈ খোজ কঢ়িছিল। ইয়াৰ উপৰি হ’মিনইকৈ এই প্ৰজাতিৰ হাতবোৰ বহুত পৃথক। কাৰণ এনে হাতেৰে তেওঁলোকে সকলো ধৰণৰ আহিলা তৈয়াৰ কৰিছিল আৰু সেইবোৰৰ ব্যৱহাৰ কৰিছিল।

প্রশ্ন 6 : মেৰী আৰু লুটলিকিৰ বিষয়ে চমুকৈ উল্লেখ কৰা।

উত্তৰ: মেৰী আৰু লুটলিকি দুয়োজন প্রসিদ্ধ পুৰাতত্ত্ববিদ আছিল। জার্মানীৰ অল্ডোৱাটগিৰিখাটটো তেওঁলোকে আৱিষ্কাৰ কৰিছিল। ইয়াত প্রায় তেওঁলোকে চল্লিশ বছৰতকৈও বেছি সময় অধ্যয়ন কৰিছিল। ইয়াতে তেওঁলোকে প্রাচীন মানৱৰ লাওখোলা আৰু জীৱাশ্মা আৱিষ্কাৰ কৰিছিল। পিছলৈ অল্ডোৱাটগিৰিখাটটো মেৰী আৰু লিকিৰ নামেৰে বেছিকৈ জনাজাত হৈ পৰিছিল। পিছত লিকিয়ে পৃথিৱীৰ প্ৰাচীনতম মানৱৰ আৱিষ্কাৰ (Finding world’s Earliest Man) নামৰ এখন বিখ্যাত কিতাপ লিখি উলিয়াই। এই কিতাপখনৰ পৰাই আদিম মানৱৰ ধাৰাবাহিক বিৱৰণ পোৱা যায়।

প্রশ্ন 7 : তুষাৰ যুগ আৰম্ভ হোৱাৰ ফলত পৃথিৱীৰ কেনে পৰিৱৰ্তন ঘটিছিল?

উত্তৰ : প্ৰায় ২.৫ নিযুত বৰ্ষৰ পূৰ্বে পৃথিৱীক তুষাৰ যুগ আৰম্ভ হৈছিল বুলি ঠাৱৰ কৰা হয়। তুষাৰ যুগ আৰম্ভ হোৱাৰ ফলত পৃথিৱীৰ বিস্তীর্ণ অঞ্চল বৰফৰ ডাঠ তৰপে ঢাকি ৰাখিছিল। ইয়াৰ ফলত উদ্ভিদ জগত আৰু জলবায়ুৰ সাংঘাটিক পৰিৱৰ্তন ঘটিছিল। কাৰণ পৃথিৱীৰ উত্তাপ অভাৱণীয়ভাবে কমি গৈছিল। ফলত অৰণ্যবিলাক ধ্বংস হৈ বিস্তীর্ণ তৃণভূমিলৈ ৰূপান্তৰিত হৈছিল। এনে অৱস্থাত অৰণ্য জীৱনৰ লগত অভ্যস্ত আদিম ৰূপত অস্ট্রাল ‘পিথেকাচ্ বিলাকৰ লগে লগে বিলুপ্তি ঘটিল। সুস্থ বাতাবৰণত নিজকে বেছি ভালদৰে খাপ খুৱাই ল’ব পৰা নুতন প্ৰজাতিৰ উন্নত অষ্ট্ৰাল’পিথেকাচে আগৰবোৰৰ স্থান ল’লে। আদিম হ’ম’ (Homo) বা পুৰুষ শ্রেণী ইহঁতৰ অন্তৰ্ভূক্ত আছিল।

প্রশ্ন 8 : কৃষি-কৰ্ম আৰু পশুপালনৰ ফলত সমাজত কেনে ধৰণৰ পৰিৱৰ্তন ঘটিছিল।

উত্তৰ : কৃষি-কৰ্ম আৰু পশুপালনে সমাজত বিভিন্ন ধৰণে পৰিৱৰ্তন আনিছিল।

(ক) প্রথমে উৎপাদিত শস্য ৰখা আৰু ৰন্ধা-বঢ়া কৰিবৰ বাবে বিভিন্ন ধৰণৰ মাটিৰ পাত্ৰ তৈয়াৰ কৰাৰ বিদ্যা মানুহে আয়ত্ত কৰিছিল।

(খ) দ্বিতীয়তে, নতুন নতুন ধৰণৰ আহিলাৰ নিৰ্মাণ আৰু ইয়াৰ ব্যৱহাৰ হৈছিল।

(গ) কৃষি কৰ্মত নাঙলৰ দৰে নতুন আহিলাৰ ব্যৱহাৰ আৰম্ভ হৈছিল।

(ঘ) চতুৰ্থতে, নাঙলৰ উপৰি তাম, টিন আদি জাতীয় ধাতুৰো সমাজত ব্যৱহাৰ হ’বলৈ ধৰিছিল।

(ঙ) পঞ্চমতে, মাটিৰ বাচন তৈয়াৰ আৰু যাতায়াত, পৰিবহণত প্রয়োজন হোৱা চকাৰো বহুল ব্যৱহাৰ হ’বলৈ ধৰিছিল।

এনেদৰে দেখা যায় কৃষি কর্ম আৰু পশুপালনৰ প্ৰচলনৰ ফলত সমাজত নানা ধৰণৰ পৰিৱৰ্তন আহি পৰিছিল। এনে পৰিৱৰ্তনে মানৱ সমাজৰ বিৱৰ্তনত বিশেষভাবে অৰিহণা যোগাইছিল।

প্রশ্ন 9 : গুহাৰ আৱিষ্কাৰ সম্বন্ধে চমুকৈ লিখা।

উত্তৰ : প্ৰায় ৩০,০০০ৰ পৰা ১২,০০০ বছৰ পূৰ্বে অংকন কৰা শশ জীৱ-জন্তুৰ চিত্ৰ ফ্ৰান্সৰ লাচাক্ৰ আৰু চৌডেট্ তথা স্পেইনৰ আল্টাসিৰা ইত্যাদি গুহাবিলাকত আৱিষ্কৃত হৈছে। এই গুহাবিলাকত মেথোন, ঘোঁৰা, ৰামছাগলী, হৰিণা, বৃহদাকাৰ হাতী, গঁড়, সিংহ, ভালুক, নাহৰফুটুকী বাঘ, হায়েনা, ফেঁচা ইত্যাদি বিভিন্ন জীৱ-জন্তুৰ চিত্ৰ অংকিত আছে। অৱশ্যে ইয়াত আঁকা চিত্ৰসমূহৰ অৰ্থ বা এইবোৰ কি উদ্দেশ্যে আঁকা হৈছিল, সেই সম্বন্ধে সঠিক উত্তৰ পাবলৈ টান।

অতি দৰকাৰী ৰচনাধৰ্মী প্রশ্নোত্তৰ 

প্রশ্ন ১ : মানৱৰ ক্ৰমবিকাশৰ কাহিনী চমুকৈ বৰ্ণনা কৰা।

অথবা

আধুনিক মানৱৰ ক্ৰমবিকাশৰ কাহিনীৰ চমু ইতিহাস ব্যাখ্যা কৰা।

উত্তৰ : প্রাচীন মানৱ বা আধুনিক মানৱৰ ক্ৰমবিকাশৰ কাহিনী অতি প্রাচীন আৰু ৰোমাঞ্চকৰ। হ’ম চেপিয়েন্‌চৰ প্ৰাচীনতম প্রমাণবোৰ আফ্ৰিকাৰ বিভিন্ন অঞ্চলত পোৱা গৈছে।

আধুনিক মানৱৰ উৎপত্তিৰ মূল স্থান নিৰ্ণয় কৰাটো অতি কঠিন আৰু বিতর্কিত। এই সম্বন্ধে দুটা আর্হিমত বা তথ্যৰ কথা উল্লেখ কৰিব পাৰি। উদাহৰণ হিচাপে এটা আর্হিমত বা তথ্য মতে আধুনিক মানৱৰ উৎপত্তি কে’বাটাও মূলস্থানৰ পৰা একেলগে হোৱা বুলি সমর্থন কৰে। ইয়াকে আঞ্চলিক ধাৰাবাহিকতা আৰ্হিমত বুলি কোৱা হয়। আকৌ আনটো আর্হিমত বা তথ্য মতে কেৱল আফ্রিকা মহাদেশকে প্রাচীন আৰু আধুনিক মানৱৰ একক মূল স্থান বুলি বিশ্বাস কৰা হয়। ইয়াক স্থানান্তৰণ আৰ্হিমত বুলিও কোৱা হয়। আঞ্চলিক ধাৰাবাহিকতা আৰ্হিমত অনুসৰি আর্কাইক্ হ’ম চেপিয়েনঢ়চিলাক বিভিন্ন মহাদেশৰ নানা অঞ্চলত কালক্ৰমত আধুনিক মানৱলৈ ক্রমবিকশিত হৈছিল। সেই কাৰণেই আধুনিক মানৱে বিশ্বৰ বিভিন্ন স্থানত আৰু বিভিন্ন সময়ত আত্মপ্রকাশ কৰিছিল বুলি কোৱা হয়। এই অভিমত বর্তমান আধুনিক মানৱৰ আকাৰ, প্ৰকাৰ আৰু আঞ্চলিক ভিন্নতাৰ ওপৰত প্ৰতিষ্ঠিত।

স্থানান্তৰণ আৰ্হিমত অনুসৰি আধুনিক মানৱৰ যিকোনো প্ৰকাৰৰ আদি ৰূপ আফ্রিকা মহাদেশৰ বাহিৰে আন কোনো স্থানতে পোৱাটো সম্ভৱ নহয়। ইয়াৰ সমৰ্থনত আগবঢ়োৱা যুক্তি হ’ল আধুনিক মানৱৰ জন্মতাত্ত্বিক আৰু দেহতাত্ত্বিক একজাতীয়তা। এই আৰ্হিমতৰ যুক্তি হ’ল যে বহু ভিন্নতা সত্ত্বেও আধুনিক মানৱৰ মাজত সীমাহীন একজাতীয়তা অন্তর্নিহিত হৈ আছে। ইয়াৰ কাৰণ হ’ল, আফ্ৰিকাৰ দুটা মাত্ৰ অঞ্চলৰ পূৰ্বপুৰুষসকলৰ বংশধৰ সকলেই আছিল আধুনিক মানৱ। আধুনিক মানৱৰ প্ৰাচীনতম আদি ৰূপৰ জীৱাশ্মা ইথিওপিয়াৰ অ’ম অঞ্চলত লাভ কৰাৰ তথ্য প্রমাণে স্থানান্তৰণ আৰ্হিমতকে সমর্থন কৰে। এই আৰ্হিমতৰ পণ্ডিতসকলৰ মতে, আধুনিক মানৱৰ মাজত যিবোৰ শাৰীৰিক ভিন্নতা দেখা যায় সেইবোৰ তেওঁলোকে প্রব্রজন কৰা অঞ্চলৰ পৰিবেশৰ লগত খাপ খুৱাবলৈকে হাজাৰ হাজাৰ বছৰৰ ব্যৱধানত হোৱা শাৰীৰিক বিকাশ বা পৰিৱৰ্তনৰহে ফল।

প্রশ্ন ২ : আদিম মানৱৰ খাদ্য সম্বন্ধে আলোচনা কৰা।

অথবা

আদিম মানবে কেনেকৈ খাদ্য সংগ্ৰহ কৰিছিল সেই বিষয়ে চমুকৈ উল্লেখ কৰা।

উত্তৰ : আদিম মানৱৰ ক্ৰমবিকাশৰ লগে লগে ইয়াৰ খাদ্যৰো প্ৰয়োজন হৈছিল। কাৰণ বৰ্তি থকাৰ কাৰণে তেওঁলোকে নানা ধৰণৰ খাদ্য গ্ৰহণৰ কথা জানিব পাৰি।

আদিম মানৱে সাধাৰণতে দুই ধৰণে খাদ্য সংগ্ৰহ কৰিছিল। এই দুইবিধ হ’ল সন্ধান কৰি ফল-মূল সংগ্ৰহ আৰু চিকাৰৰ জৰিয়তে নিজৰ খাদ্য সংগ্ৰহ কৰিছিল। অর্থাৎ আদিম মানরে ফল-মূল আৰু মাংসকে প্রধান খাদ্য হিচাপে গ্রহণ কৰিছিল। ফল-মূল মানুহৰ ভিতৰত বিভিন্ন বীজ বা টান খোলাজাতীয় ফল। এই ফলবোৰ হ’ল বাদাম, নাৰিকল, নুলি গুটি, জামু, কল, আম, বগৰী, আলু, কচু আদি। অৱশ্যে আদিম মানরে ফলমূলক খাদ্য হিচাপে গ্রহণ কৰাৰ প্ৰমাণ এতিয়ালৈ পোৱা হোৱা নাই। কাৰণ এতিয়ালৈ আৱিষ্কৃত জীৱাশ্মাসমূহত হাড়জাতীয় পদার্থহে পোৱা গৈছে। ইয়াত কোনো ধৰণৰ উদ্ভিদৰ অৱশিষ্ট উদ্ধাৰ হোৱা নাই। আনহাতে, নানা ধৰণৰ মাংস আদিম মানৱে গ্রহণ কৰিছিল যদিও এইবোৰ সিজাই বা ৰান্ধি খোৱাৰো প্ৰমাণ পোৱা নাযায়। কাৰণ এতিয়ালৈ কোনো এঙাৰৰ সন্ধান পোৱা হোৱা নাই। কাৰণ এঙাৰবোৰ বহুদিনলৈ নষ্ট হৈ নোযোৱাৰ প্ৰমাণ বর্তমানেও পোৱা যায়।

সাধাৰণতে চিকাৰৰ জৰিয়তে আদিম মানৱে নানা ধৰণৰ জীৱ-জন্তুৰ মাংস খাদ্য হিচাপে গ্রহণ কৰিছিল। নানা ধৰণৰ হিংস্র জন্তুও চিকাৰ কৰিছিল।

পণ্ডিতসকলৰ মতে প্রায় ৫০০,০০০ মান বছৰ পূৰ্বৰ পৰাহে চিকাৰ কাৰ্য আৰম্ভ হৈছিল। আদিম মানৱে চিকাৰ কৰাৰ কথা দক্ষিণ ইংলেণ্ডৰ বক্ৰগ্ৰুভ নামে ঠাইত আৰু জার্মানীৰ শ্বনিংজেন নামে ঠাইত পোৱা তথ্যৰ পৰা জনা যায়। এই দুই ঠাইত পোৱা তথ্য অনুসৰি আদিম মানৱে মাছক প্রধান চিকাৰ হিচাপে লৈছিল। কাৰণ ইয়াত আৱিষ্কৃত হোৱা জীৱাশ্মাসমূহত সিঁচৰতি হৈ থকা নানা ধৰণৰ মাছৰ কাঁইটৰ পৰা এই কথাৰ প্ৰমাণ পোৱা যায়। 

আনহাতে, ৩৫,০০০ বছৰ পূৰ্বে ইউৰোপৰ বিভিন্ন স্থানত আদিম মানৱৰ পৰিকল্পিত চিকাৰৰ প্ৰমাণ পোৱা যায়। সাধাৰণতে নদীৰ কাষত বা পাৰত মানুহসকল বাস কৰিছিল। কাৰণ পানীক কেন্দ্ৰ কৰি মাছৰ লগতে ইয়াৰ কাষত নানা ধৰণৰ জীৱ-জন্তুবে বসবাস কৰিছিল। সাধাৰণতে আদিম মানৱে প্ৰধানকৈ পহু আৰু ঘোঁৰাবোৰক চিকাৰৰ জৰিয়তে প্রধান খাদ্য হিচাপে ব্যৱহাৰ কৰিছিল। কাৰণ এই দুয়োবিধ জন্তু নদীৰ কাষত বাস কৰিছিল। অৱশ্যে ঋতু ভিত্তিকভাৱে আন ধৰণৰ জীৱ-জন্তুও চিকাৰ কৰাৰ প্ৰমাণ পোৱা যায়।

খাদ্য সংগ্ৰহ আৰু চিকাৰ কাৰ্যত পুৰুষৰ লগতে মহিলাসকলৰ ভূমিকাৰ বিষয়ে বিশেষ তথ্য পোৱা নাযায়। বৰ্তমানৰ সমাজ ব্যৱস্থালৈ চাই সেই সময়তো আহাৰ সংগ্ৰহত পুৰুষৰ লগতে নিশ্চয় মহিলাসকলেও সমানে দায়িত্ব পালন কৰিছিল বুলি ভবাৰ যুক্তি নোহোৱা নহয়।

প্রশ্ন ৩ : আদিম মানৱৰ আহিলা নিৰ্মাণ সম্বন্ধে আলোচনা কৰা।

উত্তৰ : আদিম মানৱৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়াৰ লগত আহিলা নিৰ্মাণৰ সম্পৰ্ক আহি পৰিছিল। অৱশ্যে মানুহৰ উপৰিও চৰাই-চিৰিকটি আৰু জন্তুবোৰেও খাদ্যৰ অন্বেষণৰ কাৰণে কিছুমান আহিলা প্রস্তুত কৰিছিল। কিন্তু দেহতাত্ত্বিক আৰু স্নায়ুতাত্ত্বিক ক্ৰমবিকাশৰ ফলত মানুহৰ হাত বেছি দক্ষভাৱে ব্যৱহাৰৰ বাবে উপযোগী হৈ পৰিছিল। এয়া বোধহয় মানৱ জীৱনত আহিলা-পাতিৰ ক্ৰমবৰ্দ্ধিত প্ৰভাৱৰ বাবেই হৈছিল। ইয়াৰ উপৰি আন আন জীৱ-জন্তুতকৈ মানুহৰ বুদ্ধি আৰু স্মৃতিশক্তিয়েও এনে আহিলা নিৰ্বাচনৰ ক্ষেত্ৰত বিশেষভাৱে অৰিহণা যোগাইছিল। আনহাতে, চিম্পাঞ্জী আৰু বান্দৰবোৰৰ এনে গুণৰ অভাৱ পৰিলক্ষিত হয়।

আদিম মানৱে আহিলা তৈয়াৰ কৰাৰ প্ৰমাণ প্রথমে ইটালীৰ ইথিওপিয়া আৰু কেনিয়াৰ কিছুমান ঠাইত উদ্ধাৰ হোৱা আহিলাৰ পৰা জনা যায়। 

অন্যান্য কাম-কাজৰ দৰে আহিলা-পাতিৰ নিৰ্মাণ কার্যত সম্ভৱতঃ পুৰুষ-মহিলা উভয়ে অংশগ্রহণ কৰিছিল। নিজৰ আৰু শিশুসকলৰ আহাৰৰ কাৰণে মহিলাসকলে আহিলা নির্মাণ কৰিছিল বুলি অনুমান কৰা হয়।

চিকাৰৰ সঁজুলি হিচাপে নানা ধৰণৰ আহিলা তৈয়াৰ কৰা হৈছিল। ৩৫০০০ বছৰ আগতে প্রথমে চিকাৰৰ সঁজুলি হিচাপে শোল আৰু ধনু-কাঁড়ৰ ব্যৱহাৰ হৈছিল। এই দুবিধ সঁজুলিয়ে মানুহৰ জন্তু চিকাৰৰ দক্ষতা বৃদ্ধি কৰিছিল। চিকাৰ কৰি পোৱা মাংসবোৰ সম্ভৱতঃ হাড় গুচাই আৰু ধোঁৱা দি বহুদিনলৈ সাঁচি ৰখা হৈছিল। এনেদৰে সাঁচি থোৱা মাংসবোৰ বহুদিনলৈ খাদ্য হিচাপে ব্যৱহাৰ কৰিছিল।

সময়ৰ লগে লগে মানুহে বস্তু হিচাপে জন্তুৰ চাল ব্যৱহাৰ কৰিবলৈ লৈছিল। ফলত জন্তুৰ ছাল চিলোৱাৰ কাৰণে চিলাই বেজীৰ আৱিষ্কাৰ হৈছিল। ২১,০০০ বছৰ পূৰ্বে মানুহে প্রথম কাপোৰ চিলোৱাৰ প্ৰামাণিক তথ্য পোৱা গৈছে। ইয়াৰ উপৰি বটালিৰ দবে আহিলা ব্যৱহাৰৰ ফলত হাড়, পহুৰ শিং, হাতীৰ দাঁত নাইবা কাঠ ইত্যাদিৰ ওপৰত খোদাই বা চিত্র অংকন কৰিবলৈ সক্ষম হৈছিল।

প্রশ্ন ৪ : আদিম মানৱৰ চিত্ৰ কলা সম্বন্ধে আলোচনা কৰা।

অথবা

প্রাচীন কালৰ চিত্ৰ কলাৰ অগ্ৰগতিৰ বিষয়ে উল্লেখ কৰা।

উত্তৰ : জীৱবিদসকলে ধাৰণা কৰা মতে কথিত ভাষাৰ বিকাশৰ লগে লগে আদিম মানৱৰ চিত্ৰ কলাৰ লগতো সম্পৰ্ক ঘটিছিল। কাৰণ দুয়োটাক মানুহে ভাব-প্ৰকাশৰ মাধ্যম হিচাপে গ্রহণ কৰিছিল। লাহে লাহে মানুহে নানা ধৰণৰ চিত্ৰ-অংকন কৰিবলৈ লৈছিল। বিশেষকৈ আদিম মানৱৰ আশ্রয়স্থলী গুহাবিলাকত এনে চিত্ৰবোৰ অংকন কৰা হৈছিল। ইয়াৰ প্ৰমাণ ফ্ৰান্সৰ লাচাক্ৰ আৰু চৌড়েট্ নামৰ আৱিষ্কৃত গুহা দুটাৰ পৰা পোৱা যায়। কাৰণ এই গুহা দুটাত শ শ জীৱ-জন্তুৰ চিত্ৰ আৱিষ্কৃত হৈছিল। আৰু এইবোৰ আজিৰ পৰা ৩০,০০০ৰ পৰা ১২,০০০ বছৰ পূৰ্বে অংকন কৰা হৈছিল বুলি পণ্ডিতসকলে অনুমান কৰিছে। ইয়াত আঁকা জীৱ-জন্তুৰ চিত্ৰসমূহৰ ভিতৰত মেথোন, ঘোঁৰা, ৰামছাগলী, হৰিণা, বৃহদাকাৰ হাতী, গঁড়, সিংহ, ভালুক, নাহৰফুটুকী বাঘ, হায়েনা, ফেঁচা আদি আছিল উল্লেখযোগ্য। কিন্তু চিত্র শিল্পবিলাক বা চিত্র অংকন কার্য কি উদ্দেশ্যেৰে কৰা হৈছিল। সেই বিষয়ে ইয়াৰ কোনো সঠিক তথ্য পোৱা নাযায়। তথাপিও পণ্ডিতসকলে ধাৰণা কৰা মতে চিকাৰৰ লগত সংগতি ৰাখি জন্তুৰ এনে চিত্ৰবোৰ অংকন কৰিছিল। এনে অংকনৰ জৰিয়তে হয়তো জীৱ-জন্তুবিলাক কেনেদৰে চিকাৰ কৰিব পাৰি তাৰ বাবে হয়তো আগতীয়াকৈ পূজা-পাতল বা যাদু-মন্ত্র অনুষ্ঠিত হৈছিল। ইয়াৰ উপৰি হয়তো এনে চিত্ৰৰ জৰিয়তে মানুহে জীৱ-জন্তু চিকাৰৰ কৌশল অৱলম্বন কৰিছিল। ইয়াৰ উপৰি জ্ঞান অৰ্জনৰ কাৰণেও হয়তো জীৱ-জন্তুবোৰৰ চিত্ৰ অংকন কৰা হৈছিল। তথাপিও উদ্দেশ্যে যিয়েই নহওক কিয় প্রাচীন কালৰ এনে চিত্র শিল্পই বৰ্তমান যুগৰ কলা-সংস্কৃতিৰ দিশত প্ৰভূত অৰিহণা যোগাই আহিছে। 

প্রশ্ন ৫ : আদিম মানৱৰ উৎপত্তিৰ বিষয়ে চমু আভাস দিয়া।

অথবা

জীৱাশ্মা উৎপত্তিৰ বিষয়ে বৰ্ণনা কৰা।

উত্তৰ: আদিম মানৱৰ উৎপত্তি বা জীৱাশ্মাৰ উদ্ধাৰ সম্বন্ধে সঠিক সময় জানিব পৰা নাযায়। তথাপি নৃ-তত্ত্ববিদসকলে ধাৰণা কৰা মতে আজিৰ পৰা প্রায় ৫ নিযুত বৰ্ষ পূর্বে (নিঃ বঃ পূঃ) পৃথিৱীৰ বুকুত মানৱ জাতীয় প্ৰাণীৰ আৱিৰ্ভাৱ ঘটিছিল বুলি ধাৰণা কৰিছে। আনহাতে, বৰ্তমানৰ অৱস্থা প্রাপ্ত আধুনিক মানৱৰ উৎপত্তিৰ কাল আজিৰ পৰা ১৬০,০০০ বছৰৰ আগৰ বুলি ধাৰণা কৰা হৈছে। মানৱ ইতিহাসৰ এই সুদীর্ঘ সময়ছোৱাত মানুহে ফল-মূল আৰু জীৱ-জন্তু চিকাৰৰ জৰিয়তে জীৱন ধাৰণ কৰিছিল। চিকাৰৰ কাৰণে নানান ধৰণৰ শিলৰ আৰ্হি বা সঁজুলি তৈয়াৰ কৰি লৈছিল।

মানুহৰ ক্ৰমবিকাশৰ আহিলা হিচাপে জীৱাশ্মাসমূহৰ পৰা আমি বহুতো কথাৰ সম্ভেদ পাবলৈ সক্ষম হৈছো। ইয়াৰ উপৰি বিভিন্ন সময়ত আৱিষ্কাৰ হোৱা চিত্র-গুহা মানুহৰ পৰাও আমি প্রাচীন মানৱৰ ইতিহাস জানিব পাৰিছো। অৱশ্যে এনে ধৰণৰ আৱিষ্কাৰবোৰক পণ্ডিতসকলে প্রথমে প্রাচীন মানৱৰ অস্তিত্ব বুলি মানিবলৈ টান পাইছিল।

পিছলৈ পণ্ডিতসকলে জীৱাস্মাবোৰৰ পৰা মানৱৰ ক্ৰমবিকাশ সম্বন্ধে নানা ধৰণৰ প্রামাণিক তথ্য লাভ কৰিছিল। ৰাসায়নিক বিশ্লেষণৰ দ্বাৰা জীৱাশ্মাবোৰৰ প্ৰত্যক্ষভাৱে কাল নিৰূপণ কৰি সিদ্ধান্তত উপনীত হৈছিল। ইয়াৰ উপৰি শিলত লুকাই থকা জীৱাশ্বাসমূহৰ সময় বা বয়স সম্বন্ধে শিলবোৰৰ বয়স নিৰ্দ্ধাৰণৰ দ্বাৰাও নিৰূপণ কৰা হৈছিল। এনেদৰে জীৱাশ্মাসমূহৰ সময়ৰ দ্বাৰা মানৱ সমাজৰ উৎপত্তিৰ বয়স নিৰূপণ কৰা হৈছিল।

অৱশ্যে ধর্মীয় বিশ্বাসৰ কাৰণে বহুতো পণ্ডিতে এতিয়ালৈ আৱিষ্কৃত হোৱা জীৱাশ্মা সমূহৰ লগত আধুনিক মানৱৰ কোনো সম্পর্ক নাই বুলি ক’ব খোজে। কাৰণ বাইবেলত বিশ্বাসী পণ্ডিতসকলে মানৱৰ অস্তিত্ব ভগৱানৰ সৃষ্টি আছিল বুলি বিশ্বাস কৰে। উদাহৰণ হিচাপে ১৮৫৬ চনত জার্মানীৰ ডাছেলডর্ফ নামৰ নগৰৰ ওচৰত অৱস্থিত নিয়েণ্ডাৰ উপত্যকাৰ এটি গিৰিখাটত এটি চূণ শিলৰ খনিত থলুৱাসকলে এটি মানৱৰ লাওখোলা আৰু কংকালৰ কিছু অংশ আৱিষ্কাৰ কৰিছিল। পিছত কার্লফালৰ’ট নামৰ এজন শিক্ষকে এইখিনি বস্তুৰ ওপৰত অধ্যয়ন কৰিছিল। এনে অধ্যয়ন বা গৱেষণাৰ অন্তত তেওঁ সেই আৱিষ্কৃত জীৱাশ্মাখিনি আধুনিক মানৱৰ অৱশিষ্ট নাছিল বুলি মতপোষণ কৰিছে। কিন্তু ইয়াৰ পিছত এই অৱশিষ্টখিনি জার্মানীৰ বন বিশ্ববিদ্যালয়ৰ দেহতত্ত্ব বিভাগৰ অধ্যাপক হাৰ্মান ছাফাউচেনে গভীৰভাৱে অধ্যয়ন কৰে। অধ্যয়নৰ অন্তত তেৱোঁ এই জীৱাশ্মাখিনি আধুনিক মানৱৰ পৰিৱৰ্তে ইতিমধ্যে বিলুপ্ত হোৱা মানৱ প্ৰজাতিৰ বুলি দাবী কৰি এই বিষয়ে এটি বিবৃতি প্রকাশ কৰে। অৱশ্যে জার্মানীৰ আন আন পণ্ডিতসকলে ছাফাউচেনৰ সিদ্ধান্ত মানি ল’বলৈ টান পালে। তেওঁলোকে এই জীৱাস্মা আৰু লাওখোলাটো অতীতৰ কোনোবা আধুনিক মানৱৰ অৱশিষ্ট বুলি ঘোষণা কৰিছিল।

এইখিনিতে উল্লেখ কৰিব পাৰি যে জীৱাশ্মা উদ্ধাৰৰ প্ৰক্ৰিয়াটো এটি কষ্টকৰ বিষয়। সঠিক কাল নিৰূপণৰ বাবে জীৱাশ্মাৰ অৱস্থান সঠিকভাৱে নিৰ্ণয় কৰাটো অত্যন্ত জৰুৰী।

Leave a comment