BA 1st Semester SEC Panchayati Raj and Practice Chapter 2 Question Answer Assamese Medium 2025 | BA 1st Semester SEC Political Science Question Answer | BA 1st Semester SEC Panchayati raj Unit 2 Question Answer | ভাৰতীয় সংবিধানত পঞ্চায়তীৰাজ পদ্ধতিৰ ব্যৱস্থা | পঞ্চায়তীৰাজ আৰু কর্মপদ্ধতি

BA 1st Semester SEC Panchayati Raj and Practice Chapter 2 Question Answer Assamese Medium 2025 | BA 1st Semester SEC Political Science Question Answer | BA 1st Semester SEC Panchayati raj Unit 2 Question Answer | ভাৰতীয় সংবিধানত পঞ্চায়তীৰাজ পদ্ধতিৰ ব্যৱস্থা | পঞ্চায়তীৰাজ আৰু কর্মপদ্ধতি

Unit : 2
ভাৰতীয় সংবিধানত পঞ্চায়তীৰাজ পদ্ধতিৰ ব্যৱস্থা

► অতি চমু প্রশ্নোত্তৰ:

১। ৭৩তম সংশোধনীৰ দ্বাৰা সংবিধানত কিমান অংশ আৰু কিমান নং অনুসূচী সংযোগ কৰা হয়?

উত্তৰ: নৱম অংশ আৰু একাদশ নং অনুসূচী।

২। কিমানতম সংবিধান সংশোধনী আইনক স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাৰ ইতিহাসত এক মাইলৰ খুঁতি হিচাপে বিবেচনা কৰা হয়?

উত্তৰঃ ৭৩তম।

৩। ১৯৯২ চনৰ ৭৩তম সংবিধান সংশোধনীৰ জৰিয়তে পঞ্চায়ত অনুষ্ঠানসমূহক কিমানটা বিষয় প্রদান কৰা হৈছে?

উত্তৰঃ সংবিধানৰ ৭৩তম সংশোধনীৰদ্বাৰা পঞ্চায়তসমূহক সর্বমুঠ ২৯টা বিষয়, যেনে- কৃষি, ক্ষুদ্র জলসিঞ্চন, গ্রাম্য আৱাস, জল পৰিচালনা, গ্রাম্য বৈদ্যুতিকৰণ ইত্যাদি প্ৰদান কৰা হৈছে।

► চমু প্রশ্নোত্তৰ :

১। ৭৩তম সংবিধান সংশোধনী বিধেয়কৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ ভাৰতবৰ্ষৰ পঞ্চায়তীৰাজৰ ইতিহাসত এক উল্লেখযোগ্য ঘটনা হৈছে ১৯৯২ চনত সংসদৰ দ্বাৰা গৃহীত কৰা ৭৩তম সংবিধান সংশোধনী বিধেয়ক। উক্ত সংবিধান সংশোধনৰ মূল বৈশিষ্ট্য হৈছে

(১) সাংবিধানিক সত্বা।

(২) যুক্তৰাষ্ট্ৰবাদৰ এক নতুন প্রপঞ্চ।

(৩) প্রতিনিধিত্বমূলক গণতন্ত্রক জন গণতন্ত্ৰলৈ পৰিৱৰ্তন।

(৪) তিনি তৰপীয়া গাঁথনি।

(৫) একাদশ অনুসূচীত ভুক্ত ২৯টা বিষয়।

(৬) মহিলাৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা।

(৭) অনুসূচিত জাতি আৰু জনজাতি লোকৰ বাবে আসন সংৰক্ষণ।

(৮) বিত্তীয় আয়োগৰ সৃষ্টি।

(৯) ৰাজ্যিক নির্বাচন আয়োগ সৃষ্টি আৰু

(১০) জিলা পৰিকল্পনা সমিতিৰ ব্যৱস্থা।

২। ৭৩তম সংবিধান সংশোধনী আইন, ১৯৯২ৰ অধীনত পঞ্চায়ত অনুষ্ঠানসমূহত অনুসূচিত জাতি, জনজাতি আৰু মহিলাৰ কাৰণে কিমান শতাংশ আসন সংৰক্ষিত কৰাৰ ব্যৱস্থা আছে?

উত্তৰঃ ১৯৯২ চনত ভাৰত চৰকাৰে ৭৩তম সংবিধান সংশোধনী আইনৰ যোগেদি তৃণমূল পর্যায়লৈ গণতন্ত্রক স্থলাভিষিক্ত কৰাৰ উদ্দেশ্যে নতুন পঞ্চায়তীৰাজ ব্যৱস্থাৰ সূচনা কৰে। এই আইন অনুসৰি জিলা পৰ্যায়ত জিলা পৰিষদ, ব্লক পৰ্যায়ত আঞ্চলিক পঞ্চায়ত আৰু গাঁও পর্যায়ত গাওঁ পঞ্চায়ত নামেৰে তিনিতৰপীয়া পঞ্চায়ত অনুষ্ঠান গঠন কৰা হয়। ইয়াৰ এক-তৃতীয়াংশ আসন সংৰক্ষণ কৰা হয়। অনুসূচিত জাতি, জনজাতিৰ লোকসকল আৰু বিশেষকৈ মহিলাসকলৰ কাৰণে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হয়। জনগাঁথনিৰ ওপৰত ভিত্তি কৰি অনুসূচিত জাতি আৰু জনজাতিৰ লোকসকলৰ কাৰণে আসন সংৰক্ষণৰ দিহা কৰা হৈছে।

S. NoBA 1st Semester SEC Solutions (Political Science)All Units
1পঞ্চায়তৰ গণতান্ত্ৰিক কাৰ্যকৰীকৰণৰ সবলীকৰণ
2ভাৰতীয় সংবিধানত পঞ্চায়তীৰাজ পদ্ধতিৰ ব্যৱস্থা বা পঞ্চায়তৰ বিত্ত আৰু হিচাপ
3বঞ্চিত লোকসকলৰ সমস্যা আৰু প্ৰয়োজনসমূহ আৰু তেওঁলোকৰ অংশগ্ৰহণ

৩। ৭৩তম সংবিধান সংশোধনী অনুসৰি পঞ্চায়তীৰাজ অনুষ্ঠানসমূহৰ ৰাজহৰ উৎসসমূহ কি কি?

উত্তৰঃ স্বাধীন ভাৰতবৰ্ষৰ পঞ্চায়ত ৰাজ ব্যৱস্থাৰ ইতিহাসত অতি উল্লেখযোগ্য বিকাশ আছিল, ১৯৯৩ চনত সংসদে গ্রহণ কৰা ৭৩তম সংবিধান সংশোধনী বিধেয়ক। উক্ত সংশোধনীৰ জৰিয়তে পঞ্চায়তী ৰাজ ব্যৱস্থাক সাংবিধানিক মর্যাদা প্ৰদান কৰাৰ লগতে পঞ্চায়তী ৰাজক শাসন ব্যৱস্থাৰ তৃতীয় স্তৰৰ মৰ্যাদা প্রদান কৰা হয়। উক্ত সংশোধনীয়ে ভাৰতীয় সংবিধানৰ একাদশ সূচীভূক্ত ২৯টা বিভাগৰ দায়িত্ব পঞ্চায়তসমূহক অর্পণ কৰাৰ সিদ্ধান্তলয়। উল্লেখযোগ্য যে ৭৩তম সংবিধান সংশোধনীয়ে ৰাজ্যসমূহক পঞ্চায়ত গঠন কৰাটো বাধ্যতামূলক কৰি তোলে।

৭৩তম সংবিধান সংশোধনীয়ে পঞ্চায়তীৰাজ অনুষ্ঠানসমূহৰ বিত্তীয় দিশ টনকিয়াল কৰাৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰিছিল। উক্ত সংশোধনীৰ জৰিয়তে ভাৰতীয় সংবিধানৰ ২৪৩ (জ) অনুচ্ছেদত পঞ্চায়তৰ বিত্তীয় ব্যবস্থা সম্পর্কে সন্নিবিষ্ট কৰা হয়। উক্ত অনুচ্ছেদে পঞ্চায়তসমূহক কৰ, পথ কৰ, মাচুল আদি প্ৰৱৰ্তন কৰা আৰু সংগ্ৰহ কৰাৰ দায়িত্ব অর্পণ কৰে। আনহাতে ৰাজ্য চৰকাৰে সংগ্ৰহ কৰা কৰ, পথ কৰ, শুল্ক, মাচুল আদিৰ অংশ লাভ কৰা, ৰাজ্যৰ একত্ৰিত নিধিৰ পৰা সহায়ক অনুদান পঞ্চায়ত সমূহে লাভ কৰাৰ ব্যৱস্থাও সন্নিবিষ্ট কৰা হয়।

৭৩তম সংবিধান সংশোধনৰ আধাৰত ৰাজ্যসমূহে নিজা পঞ্চায়ত আইন প্রণয়ন কৰা আৰু পঞ্চায়তসমূহৰ বিত্তীয় দিশ টনকিয়াল কৰাৰ বাবে বিধি ব্যৱস্থা সন্নিবিষ্ট কৰা হয়।

► ৰচনাধৰ্মী প্রশ্নোত্তৰ:

১। ৭৩ তম সংবিধান সংশোধনী বিধেয়কৰ বৈশিষ্ট্য্যসমূহ কি কি? ভাৰতৰ পঞ্চায়তীৰাজ ব্যৱস্থা সবলকৰণৰ ক্ষেত্ৰত ৭৩ তম সংবিধান সংশোধনী বিধেয়কৰ ভূমিকা সম্পর্কে আলোচনা কৰা।

উত্তৰ: চৌষষ্ঠিতম সংবিধান সংশোধনী বিধেয়ক (জুলাই, ১৯৮৯) খন লোকসভাই গ্ৰহণ কৰিলেও ৰাজ্যসভাত কংগ্ৰেছ দলৰ সংখ্যাগৰিষ্ঠতা নোহোৱা বাবে ই গৃহীত নহ’ল। তথাপিও কিন্তু পঞ্চায়তীৰাজ ব্যৱস্থাক সাংবিধানিক মর্যাদা প্রদান কৰাৰ ধাৰণা বাদ দিয়া হোৱা নাছিল। সেয়েহে ১৯৯০ চনৰ ছেপ্টেম্বৰ মাহত ভি পি সিং নেতৃত্বাধীন নেশ্বনেল ফ্রণ্ট চৰকাৰে ৭৪তম সংবিধান সংশোধনী বিধেয়ক এখন কেন্দ্রীয় সংসদত দাঙি ধৰে। অৱশ্যে ভি পি সিং মন্ত্রীসভাৰ পতন হোৱাত উক্ত সংশোধনী বিধেয়কখন গৃহীত নহ’ল। ১৯৯১ চনত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনৰ জৰিয়তে পুনৰ কংগ্ৰেছ দল ক্ষমতালৈ আহে। পি ভি নৰসিংহ ৰাও নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ১৯৯১ চনত পুনৰ এখন সংবিধান সংশোধনী বিধেয়ক সংসদত উত্থাপন কৰে। উক্ত সংশোধনী বিধেয়কখন গৃহীত কৰাৰ বাবে প্রধানমন্ত্রী নৰসিংহ ৰাওয়ে প্রধান বিৰোধী ৰাজনৈতিক দলসমূহৰ সৈতে আলোচনাত মিলিত হয়। ইয়াৰ ফলত ভাৰতবৰ্ষৰ প্ৰধান ৰাজনৈতিক দলসমূহৰ সমৰ্থনত ৭৩তম সংবিধান সংশোধনী বিধেয়কখন ১৯৯২ চনৰ ডিচেম্বৰ মাহত কেন্দ্ৰীয় সংসদে গৃহীত কৰে। ভাৰতবৰ্ষৰ পঞ্চাশ শতাংশ ৰাজ্যই ইয়াক গ্ৰহণ কৰাৰ পিচত ১৯৯৩ চনৰ মে’ মাহৰ পৰাই উক্ত সংবিধান সংশোধন কাৰ্যকৰী হয়। ৭৩তম সংবিধান সংশোধন অনুসৰি প্ৰতিখন ৰাজ্যত পঞ্চায়তী ৰাজ অনুষ্ঠান গঠন কৰাটো বাধ্যতামূলক হৈ পৰে আৰু এই উদ্দেশ্যৰ বাবেই প্ৰতিখন ৰাজ্যই ১৯৯৪ চনৰ ২৪ এপ্রিল তাৰিখৰ ভিতৰত নতুন পঞ্চায়ত আইন প্রণয়ন কৰিব লগা হয়।

ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত গণতান্ত্রিক বিকেন্দ্ৰীকৰণ আৰু পঞ্চায়তীৰাজৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ ভিতৰত ৭৩ তম সংবিধান সংশোধনী হৈছে অতি মহত্বপূর্ণ।

৭৩তম সংবিধান সংশোধনীৰ বৈশিষ্ট্য্যসমূহ: ৭৩তম সংবিধান সংশোধনীয়ে ভাৰতবৰ্ষৰ পঞ্চায়তৰাজ ব্যৱস্থালৈ বহুকেইটা দিশৰ পৰা নতুনত্ব বহন কৰি আনিছিল। তলত উক্ত সংবিধান সংশোধনীৰ কেইটামান গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আলোচনা কৰা হ’ল-

(১) সাংবিধানিক সত্ত্বাঃ ৭৩তম সংবিধান সংশোধনীৰ জৰিয়তে শাসনৰ এক অনুষ্ঠান হিচাপে পঞ্চায়তী ৰাজ অনুষ্ঠানসমূহে সংবিধানৰ পৰা অনুমোদন লাভ কৰিলে। উক্ত সংশোধন অনুসৰি পঞ্চায়তীৰাজ অনুষ্ঠানসমূহে কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ পিছত শাসনৰ তৃতীয় স্তৰৰ মৰ্যাদা লাভ কৰিছে। আনহাতে উক্ত সংশোধনীয়ে নির্দিষ্ট ভূমিকা আৰু দায়বদ্ধতা প্ৰদানৰ জৰিয়তে পঞ্চায়তী ৰাজ অনুষ্ঠানসমূহক স্থায়ী অনুষ্ঠানৰ স্বীকৃতি প্রদান কৰিছে।

মুঠতে ৭৩তম সংবিধান সংশোধনীয়ে পঞ্চায়তীৰাজ ব্যৱস্থাক এক সাংবিধানিক সত্বা প্ৰদান কৰিছে।

(২) যুক্তৰাষ্ট্ৰবাদৰ এক নতুন প্রপঞ্চঃ যুক্তৰাষ্ট্ৰীয় গাঁথনিত সাধাৰণতে শাসনৰ দুটা গোট থাকে আৰু এক সাংবিধানিক উপায়েৰে এই দুটা গোট অর্থাৎ কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতা বিভাজন কৰা হয়। একে ধৰণে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সম্পদ আৰু ৰাজহৰ উৎসসমূহো বিতৰণ কৰা হয়। ভাৰতবৰ্ষতো একে ধৰণে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সংবিধানৰ জৰিয়তে সম্পদ আৰু ক্ষমতাৰ বিভাজন কৰা হৈছিল। ৭৩তম সংবিধান সংশোধনীয়ে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় আর্হিত এক নতুন মাত্রা সংযোগ কৰিলে। উক্ত সংশোধনীৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্যৰ লগতে স্থানীয় শাসনৰ গোট হিচাপে পঞ্চায়তী ৰাজ অনুষ্ঠানসমূহকো স্বীকৃতি প্রদান কৰিলে আৰু ৰাজনৈতিক, প্রশাসনীয় আৰু বিত্তীয় ক্ষমতা প্রয়োগ কৰাৰ কর্তৃত্বও পঞ্চায়তীৰাজ অনুষ্ঠানসমূহক অর্পণ কৰা হ’ল। গতিকে শাসনৰ ক্ষমতা আৰু ৰাজহৰ উৎস কেৱল কেন্দ্ৰ আৰু ৰাজ্যৰ মাজতে বিভাজিত হৈ নাথাকি পঞ্চায়তী ৰাজ অনুষ্ঠানসমূহলৈকেও বিকেন্দ্রীকৃত কৰা হ’ল। এনেদৰে ৭৩তম সংবিধান সংশোধনীয়ে যুক্তৰাষ্ট্ৰবাদত এক নতুন প্রপঞ্চ সংযোগ কৰিলে।

(৩) প্রতিনিধিত্বমূলক গণতন্ত্ৰৰ পৰা জন গণতন্ত্ৰলৈ ভাৰতবৰ্ষৰ গণতন্ত্র হৈছে প্রতিনিধিত্বমূলক গণতন্ত্র। জনসাধাৰণে কেন্দ্ৰীয় সংসদ আৰু ৰাজ্য বিধানসভাসমূহলৈ নির্বাচিত কৰা প্রতিনিধিসকলে সিদ্ধান্ত নির্ণয় আৰু শাসন প্রক্রিয়াত অংশগ্ৰহণ কৰে। এনেদৰে ভাৰতবৰ্ষৰ প্ৰায় এশ কোটিতকৈও অধিক জনসংখ্যাক মাত্র পাঁচ হাজাৰ সংসদ আৰু ৰাজ্য বিধানসভাৰ প্ৰতিনিধিয়ে প্রতিনিধিত্ব কৰে। স্বাভাবিকতে এনে প্রতিনিধিত্বমূলক ব্যৱস্থাই জনসাধাৰণক সঠিকভাবে প্রতিনিধিত্ব কৰিব নোৱাৰে। ইয়াৰ ফলত জনসাধাৰণে মৌলিক আৰু প্রাথমিক সা-সুবিধাসমূহৰ পৰা বঞ্চিত হৈ আহিছে। ৭৩তম সংবিধান সংশোধনীয়ে এনে প্রতিনিধিত্ব ব্যৱস্থাৰ আমূল পৰিবৰ্তন সাধন কৰিব বিচাৰিছে। উক্ত সংশোধনীয়ে ‘গাঁও সভা’ৰ ব্যৱস্থা সৃষ্টিৰ জৰিয়তে জনসাধাৰণক শাসন প্রক্রিয়াত প্রত্যক্ষভাৱে অংশ গ্ৰহণৰ সুযোগ প্রদান কৰিছে। গাঁও সভাৰ জৰিয়তে জনসাধাৰণে বিকাশমূলক কামকাজসমূহৰ সৈতে প্রত্যক্ষভাবে অংশ গ্রহণ কৰিব পাৰে। অর্থাৎ গাঁও সভা হৈছে এনে এটা প্রাথমিক অনুষ্ঠান যাৰ জৰিয়তে জনসাধাৰণে বিকাশমূলক আৰু সামূহিক উন্নয়নৰ কাম কাজত প্রত্যক্ষভাবে অংশ গ্রহণ কৰি লাভৱান হ’ব পাৰে। তেওঁলোকে ইয়াৰ জৰিয়তে নিজৰ সমস্যসমূহ আলোচনা কৰি সমাধানৰ পথ উলিয়াব পাৰে।

(৪) তিনি তৰপীয়া গাঁথনি: ৭৩তম সংবিধান সংশোধনীয়ে তিনিতৰপীয়া পঞ্চায়তীৰাজ অর্থাৎ গাঁও, উন্নয়নখণ্ড আৰু জিলা পৰ্যায়ত পঞ্চায়তীৰাজ অনুষ্ঠান গঠন কৰাৰ ব্যৱস্থা সৃষ্টি কৰিছে সমগ্ৰ পঞ্চায়তী ব্যৱস্থাটো জিলা পৰিসৰত কাৰ্য সম্পাদন কৰে। বিকাশৰ গতিক আগুৱাই নিয়াৰ বাবে সমগ্র বিকাশৰ প্ৰশাসনক তিনিটা গোটত বিভক্ত কৰাৰ ব্যৱস্থা কৰা হৈছে। এই তিনিওটা গোট কিছুমান ক্ষেত্রত স্বাধীন আৰু কিছুমান ক্ষেত্ৰত আন্তঃ নিৰ্ভৰশীল। গাঁও পঞ্চায়তসমূহে একেবাৰে নিম্ন পর্যায়ত, আঞ্চলিক পঞ্চায়তসমূহে উন্নয়নখণ্ড পর্যায়ত আৰু জিলা পঞ্চায়ত অথবা জিলা পৰিষদ সমূহে জিলা পর্যায়ত কার্য সম্পাদন কৰে। এই প্রতিটো পঞ্চায়তীৰাজ অনুষ্ঠানৰ ভূমিকা আৰু দায়িত্ব, ক্ষমতা আৰু কর্তব্য স্পষ্টভাৱে ভাগ কৰা হৈছে আৰু এই প্ৰতিটো পঞ্চায়তীৰাজ অনুষ্ঠানে নিজৰ ভাগৰ ক্ষমতা অনুসৰিয়ে কার্য সম্পাদন কৰিব পাৰে। নিম্ন পৰ্যায়ৰ গোটসমূহ অর্থাৎ গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তে বিকাশৰ কাৰ্যক আগুৱাই লৈ যাব আৰু পৰিকল্পনা, সমন্বয়, পৰিদৰ্শন আৰু তদাৰকৰ কাম-কাজ জিলা পর্যায়ত জিলা পঞ্চায়ত অথবা জিলা পৰিষদে সম্পাদন কৰিব।

(৫) একাদশ অনুসূচীত অন্তর্ভুক্ত ২৯ টা বিষয়: ৭৩তম সংবিধান সংশোধনৰ এটা অতি গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে ভাৰতীয় সংবিধানৰ একাদশ অনুসূচীৰ জৰিয়তে পঞ্চায়তীৰাজ অনুষ্ঠানসমূহক উনত্রিশটা বিষয়ৰ দায়িত্ব আৰু ক্ষমতা অর্পণ কৰা। সংবিধানে কেন্দ্ৰীয় বিষয় আৰু ৰাজ্যিক বিষয়সমূহ নির্দেশিত কৰাৰ দৰে ৭৩তম সংবিধান সংশোধনৰ জৰিয়তে পঞ্চায়তৰ বিষয়সমূহকো নির্দেশ কৰা হৈছে। উক্ত সংশোধনী মতে ৰাজ্য চৰকাৰসমূহে গাঁও পঞ্চায়ত আৰু অন্যান্য পঞ্চায়ত সমূহলৈ সুকীয়া আইন প্রণয়নৰ জৰিয়তে উনত্রিশটা বিভাগৰ দায়িত্ব প্রদান কৰাৰ ব্যৱস্থা কৰিব। আনকি কোনো ৰাজ্য চৰকাৰে বিচাৰিলে এই উনত্রিশটা বিভাগৰ উপৰি অইন বিভাগৰ দায়িত্বও পঞ্চায়তসমূহক অর্পণ কৰিব পাৰে। ৰাজ্য চৰকাৰৰ দায়িত্ব হৈছে প্ৰতিটো স্তৰৰ পঞ্চায়তকে উপযুক্ত কর্তব্য আৰু দায়িত্ব অর্পণ কৰা।

(৬) মহিলাৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা: পঞ্চায়তী ৰাজ অনুষ্ঠানসমূহৰ প্ৰতিটো স্তৰতে মহিলাসকলৰ বাবে এক তৃতীয়াংশ বা তেত্রিশ শতাংশ আসন সংৰক্ষণ কৰাটো ৭৩তম সংবিধান সংশোধনীৰ এক অন্যতম বৈশিষ্ট্য্য। প্রধানমন্ত্রী ৰাজীৱ গান্ধীয়ে সংসদৰ মজিয়াত দাঙি ধৰা চৌষষ্ঠিতম সংবিধান সংশোধনীৰ জৰিয়তে পঁশিছ শতাংশ আসন মহিলাসকলৰ বাবে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছিল। ৭৩তম সংবিধান সংশোধনীয়ে ইয়াৰ পৰিমান মুঠ আসনৰ এক তৃতীয়াংশ লৈ বৃদ্ধি কৰে। এইখিনিতে উল্লেখযোগ্য যে এক এক তৃতীয়াংশ আসনৰ সংৰক্ষণ কেৱল প্ৰতিটো স্তৰৰ পঞ্চায়ত সদস্যৰ ক্ষেত্ৰতে নহয়, ইয়াৰ সভাপতি বা অধ্যক্ষ পদবীসমূহৰ ক্ষেত্রটো প্রযোজ্য।

(৭) অনুসূচীত জাতি আৰু জনজাতি লোকৰ বাবে আসন সংৰক্ষণঃ ৭৩তম সংবিধান সংশোধনীয়ে জনসংখ্যাৰ অনুপাত ভিত্তিত অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি লোকৰ বাবেও বিভিন্ন স্তৰৰ পঞ্চায়তী অনুষ্ঠানত আসন সংৰক্ষণৰ ব্যৱস্থা সন্নিবিষ্ট কৰিছে। উল্লেখযোগ্য যে অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি লোকৰ বাবে সংৰক্ষণ কৰা আসনৰ এক তৃতীয়াংশ উক্ত জনগোষ্ঠীসমূহৰ মহিলাৰ বাবে সংৰক্ষণৰ ব্যৱস্থাও ৰখা হৈছে।

(৮) বিত্তীয় আয়োগ সৃষ্টি (Creation of Finance Commission): আগতে পঞ্চায়তীৰাজ অনুষ্ঠানসমূহে প্রয়োজনীয় বিত্তৰ অভাৱৰ বাবে সঠিক ভাবে কাম-কাজ সম্পাদন কৰিব পৰা নাছিল। বিত্তৰ অভাৱৰ বাবেয়ে বহুপৰিমানে পঞ্চায়তীৰাজ ব্যৱস্থা বিফলতাত পর্যবেশিত হৈছিল। পঞ্চায়ত ব্যৱস্থাৰ এনে দূৰ্বলতা দূৰ কৰাৰ বাবে ৭৩তম সংবিধান সংশোধনীৰ জৰিয়তে ব্যৱস্থা সংযোগ কৰি ৰাজ্যিক বিত্তীয় আয়োগ গঠন কৰাৰ ব্যৱস্থা কৰিলে। উক্ত আয়োগৰ মূল কাম হ’ল ৰাজ্য চৰকাৰ আৰু পঞ্চায়তৰ মাজত ৰাজহ বিতৰণৰ পথ নির্দেশ কৰা আৰু পঞ্চায়তসমূহৰ বিত্তীয় অৱস্থা টনকিয়াল কৰিবৰ বাবে উপাই আগবঢ়োৱা। এনে ব্যৱস্থা সন্নিবিষ্ট কৰাৰ জৰিয়তে পঞ্চায়তী ৰাজ অনুষ্ঠানৰ বিত্তৰ যোগান সু-নিশ্চিত কৰা হ’ল।

(৯) জিলা পৰিকল্পনা সমিতিৰ ব্যৱস্থা: ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহেৰুৰ দিনৰ পৰাই পৰিকল্পনাৰ ওপৰত গুৰুত্ব দি অহা হৈছে যদিও জিলা ভিত্তিত পৰিকল্পনা প্ৰস্তুত কৰাৰ কোনো সাংবিধানিক ব্যৱস্থা নাছিল। ৭৩তম সংবিধান’ সংশোধনীৰ জৰিয়তে সৃষ্টি কৰা জিলা পৰিকল্পনা সমিতিসমূহে সাংবিধানিক মর্যাদা লাভকৰিলে। ভাৰতবৰ্ষৰ পৰিকল্পনাৰ প্ৰক্ৰিয়াটো পৰিৱৰ্তন কৰাৰ বাবেয়ে জিলা পৰিকল্পনা সমিতি সমূহ গঠন কৰাৰ ব্যৱস্থা কৰা হৈছে। পৰিকল্পনাৰ এনে নতুন প্রক্রিয়া অনুসৰি একেবাৰে নিম্ন পৰ্যায়ৰ পৰা পৰিকল্পনা প্ৰস্তুত কৰাৰ ব্যৱস্থা কৰা হ’ল।

২। ৭৩তম সংবিধান সংশোধনী আইন (১৯৯২) ৰ মূল বৈশিষ্ট্যসমূহ লিখা।

উত্তৰ: ভাৰতবৰ্ষৰ স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থাৰ ইতিহাসত ৭৩তম সংবিধান সংশোধনী আইন, ১৯৯২ এই আইনখনক উল্লেখযোগ্য আইন হিচাপে বিবেচনা কৰা হয়। কাৰণ এই আইনে তৃণমূল পর্যায়ৰ স্থানীয় চৰকাৰসমূহক সাংবিধানিক মর্যাদা প্রদান কৰে, যাৰ ফলত স্থানীয় চৰকাৰসমূ প্ৰশাসনৰ অবিচ্ছেদ্য অংশ হিচাপে বিবেচিত হৈছে।

তলত ৭৩তম সংবিধান সংশোধনী আইন ৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা হ’ল-

(ক) ৭৩তম সংবিধান সংশোধনী আইন গৃহীত হোৱাৰ ফলত সংবিধানত নতুনকৈ পঞ্চায়ত নামেৰে নৱম অংশ সংযোজিত কৰা হয়।

(খ) এই নতুন অনুসূচী, অর্থাৎ একাদশ অনুসূচী সংযোজন কৰা হয়। ইয়াত ২৯ টা বিষয় অন্তৰ্ভূক্ত কৰা হয়। যিসমূহ বিষয় পঞ্চায়তলৈ সংবিধানৰ নৱম অংশৰ দ্বাৰা হস্তান্তৰ কৰা হয়। এই বিষয়সমূহ হৈছে কৃষি, লগতে কৃষি সম্প্ৰসাৰণ, ভূমি উন্নয়ন, ভূমি সংস্কাৰ ব্য ৱস্থা ৰূপায়ণ, ভূমি সংহত আৰু ভূমি সংৰক্ষণ, লঘু জলসিঞ্চন, জল সংৰক্ষণ আৰু জলচ্ছেদ উন্নয়ন, পশুপালন, দুগ্ধপাম আৰু কুকুৰা পালন, মীন পালন, সামাজিক আৰু কৃষি বনানীকৰণ, খাদী আৰু গ্রামোদ্যোগ, গ্রাম্য গৃহ নির্মাণ, খোৱা পানী, ইন্ধন আৰু পশু খাদ্য ইত্যাদি।

(গ) ৭৩তম সংবিধান সংশোধনী আইনে তিনি তৰপীয়া পঞ্চায়ত ব্যৱস্থাৰ সূচনা কৰে। গাঁও পর্যায়, ব্লক পৰ্যায়ৰ আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰ্যায়ত জিলা পৰিষদ নামেৰে তিনি তৰপীয়া ব্যৱস্থাৰ সূচনা কৰা হৈছে।

(ঘ) উক্ত আইনে পঞ্চায়তী অনুষ্ঠানৰ কাৰ্যকাল পাঁচ বছৰ নিৰ্দ্ধাৰণ কৰে, যাতে নিৰ্দ্ধাৰিত সময়ৰ অন্তৰে অন্তৰে নিয়মিত পঞ্চায়ত নির্বাচন অনুষ্ঠিত হয়।

(ঙ) অনুচ্ছেদ নং ২৪৩ অনুসৰি গ্ৰাম্য এলেকাৰ উন্নয়নৰ বাবে স্বায়ত্ব শাসিত অনুষ্ঠান হিচাপে পঞ্চায়ত গঠনৰ ব্যৱস্থা কৰে।

(চ) অনুচ্ছেদ নং ২৪৩ অনুসৰি পঞ্চায়তী অনুষ্ঠানসমূহক স্বায়ত্ব শাসিত অনুষ্ঠান হিচাপে স্বীকৃতি দিয়া হৈছে। ইয়াৰ লগতে এই অনুষ্ঠানসমূহক প্রয়োজনীয় ক্ষমতা আৰু কাৰ্যহস্তান্তৰ কৰা হৈছে যাতে গাঁও অঞ্চলৰ উন্নয়নৰ অর্থে আঁচনি যুগুত কৰি তেনে আঁচনি সফল ৰূপায়ণ কৰিব পাৰে।

(ছ) উক্ত আইনে গাঁওসভা নামৰ এক নতুন অনুষ্ঠানৰ জন্ম দিয়ে। গাওঁসভা হ’ল গাওঁ অঞ্চলৰ জনসাধাৰণৰ সাধাৰণ সভা য’ত গাওঁ অঞ্চলৰ উন্নয়নৰ চিন্তা-চৰ্চা কৰা হয়।

(জ) ৭৩তম সংবিধান সংশোধনী অনুসৰি ৰাজ্যিক বিত্ত আয়োগ গঠন কৰাৰ ব্যৱস্থা কৰা হৈছে। বিভিন্ন স্তৰৰ পঞ্চায়ত অনুষ্ঠানসমূহৰ মাজত ধন বিতৰণ কৰাই হ’ল এনে আয়োগৰ প্ৰধান কাম।

(ঝ) ৭৩তম সংবিধান সংশোধনী আইনৰ অনুচ্ছেদ নং ২৪৩ অনুসৰি এক বৈশিষ্ট্য হ’ল প্ৰতিখন জিলাৰ কাৰেণ একোখনকৈ জিলা পৰিকল্পনা কমিটি গঠন কৰা। সমগ্ৰ জিলাৰ অধীনৰ নগৰীয়া আৰু গাৱলীয়া স্থানীয় স্বায়ত্ব শাসিত কতৃপক্ষবোৰে প্ৰস্তুত কৰা বছৰেকীয়া পৰিকল্পনাবোৰ একত্ৰিত কৰা আৰু সমগ্ৰ জিলাখনৰ কাৰণে এখন খছৰা পৰিকল্পনা প্রস্তুত কৰাই হ’ল জিলা পৰিকল্পনা কমিটিৰ প্ৰধান কাম।

(ঞ) অনুসূচিত জাতি আৰু জনজাতিৰ লোকসকলৰ কাৰণে আসন সংৰক্ষণ হ’ল উক্ত সংশোধনী আইনৰ আন এটি এক বৈশিষ্ট্য। সকলোৱে যাতে দেশৰ গণতান্ত্রিক আৰু উন্নয়নী প্রক্রিয়াত অংশগ্ৰহণ কৰি নিজ জাতিৰ উন্ননয় সু-নিশ্চিত কৰিব পাৰে সেই উদ্দেশ্যে জনসংখ্যাৰ অনুপাত অনুসৰি আসন সংৰক্ষণৰ দিহা কৰা হৈছে।

(ট) ইয়াৰোপৰি মুঠ আসনৰ এক তৃতীয়াংশ আসন মহিলাসকলৰ কাৰণে আচুতীয়াকৈ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে যাতে পুৰুষৰ দৰে মহিলাসকলেও উন্নয়নী প্রক্রিয়া আৰু সিদ্ধান্ত গ্রহণ প্রক্রিয়াত অংশগ্রহণ কৰিব পাৰে।

(ঠ) উক্ত সংশোধনী আইনে পঞ্চায়ত অনুষ্ঠানসমূহৰ বাবে মুক্ত আৰু নিকা নির্বাচন অনুষ্ঠিত কৰাৰ দায়িত্ব ৰাজ্যিক নির্বাচনী আয়োগৰ হাতত ন্যস্ত কৰে।

প্রতি পাঁচ বছৰৰ মূৰে মূৰে নিয়মিত নির্বাচন অনুষ্ঠিত কৰাৰ ওপৰত উক্ত সংশোধনী আইনে গুৰুত্ব প্রদান কৰে।

ৰাজ্যিক বিধানমণ্ডলে আইন প্রণয়ন কৰি স্বায়ত্ব শাসিত অনুষ্ঠানসমূৰ বছৰেকীয়া হিচাপ চালিজাৰি চাব পাৰে আৰু তেনে হিচাপ পৰীক্ষা কৰাৰ ব্যৱস্থাও কৰিব পাৰে।

Leave a comment