BA 1st Semester SEC Panchayati Raj and Practice Chapter 3 Question Answer Assamese Medium 2025 | BA 1st Semester SEC Political Science Question Answer | BA 1st Semester SEC Panchayati raj Unit 3 Question Answer | বঞ্চিত লোকসকলৰ সমস্যা আৰু প্রয়োজনসমূহ আৰু তেওঁলোকৰ অংশগ্ৰহণ | পঞ্চায়তীৰাজ আৰু কর্মপদ্ধতি

BA 1st Semester SEC Panchayati Raj and Practice Chapter 3 Question Answer Assamese Medium 2025 | BA 1st Semester SEC Political Science Question Answer | BA 1st Semester SEC Panchayati raj Unit 3 Question Answer | বঞ্চিত লোকসকলৰ সমস্যা আৰু প্রয়োজনসমূহ আৰু তেওঁলোকৰ অংশগ্ৰহণ | পঞ্চায়তীৰাজ আৰু কর্মপদ্ধতি

Unit : 3
বঞ্চিত লোকসকলৰ সমস্যা আৰু প্রয়োজনসমূহ আৰু তেওঁলোকৰ অংশগ্ৰহণ

► অতি চমু প্রশ্নোত্তৰ :

১। ভাৰতীয় সংবিধানে কিমানটা অনুসূচীত জনজাতিক স্বীকৃতি প্রদান কৰিছে?

উত্তৰঃ ২১২ টা।

২। বঞ্চিত শ্ৰেণীৰ লোক বুলিলে কি বুজা?

উত্তৰঃ সাধাৰণতে আর্থ-সামাজিক, সাংস্কৃতিক আদি বিভিন্ন কাৰণত আন লোকসকলৰ সমান সুযোগ সুবিধাৰ পৰা বঞ্চিত হৈ সমাজৰ অৱহেলিত স্থানত অৱস্থান কৰা লোক সকলক বুজায়।

৩। কোনে অস্পৃশ্যসকলক ‘হৰিজন’ বুলি সম্বোধন কৰিছিল?

উত্তৰ: মহাত্মা গান্ধীয়ে।

৪। সংবিধানৰ কোনটো অনুচ্ছেদে অনুসূচীত জাতি আৰু জনজাতিৰ শৈক্ষিক আৰু অৰ্থনৈতিক দিশৰ ওপৰত গুৰুত্ব প্রদান কৰিছে?

উত্তৰ: অনুচ্ছেদ ৪৬।

৫। সংবিধানৰ কোনটো অনুচ্ছেদে অনুসূচীত জাতি আৰু জনজাতিৰ চাকৰি আৰু পদসমূহৰ সংৰক্ষণৰ কথা নিৰ্দেশ কৰিছে?

উত্তৰ: অনুচ্ছেদ ৩৩৫।

► চমু প্রশ্নোত্তৰ :

১। বঞ্চিত শ্ৰেণীৰ লোক বুলিলে কি বুজা?

উত্তৰঃ বঞ্চিত শ্ৰেণীৰ লোক বুলিলে সাধাৰণতে আর্থ-সামাজিক, সাংস্কৃতিক আদি বিভিন্ন কাৰণত আন লোকসকলৰ সমান সুযোগ-সুবিধাৰ পৰা বঞ্চিত হৈ সমাজৰ অৱহেলিত স্থানত অৱস্থান কৰা লোকসকলক বুজায়। ভাৰতবৰ্ষৰ পৰিপ্ৰেক্ষিতত মহিলা, অনুসূচীত জাতি আৰু জনজাতিৰ লোকসকলক এই শ্ৰেণীত ধৰিব পাৰি। লিংগভিত্তিক বৈষম্যৰ কাৰণে মহিলাসকলে সম্ভাৱনীয়তা আৰু যোগ্যতা থকাৰ পিছতো সমাজৰ বাকী শ্ৰেণীৰ লোকসকলৰ সমান সা-সুবিধাৰপৰা বঞ্চিত হৈ আহিছে।

২। বর্তমান পঞ্চম অনুসূচীভুক্ত ৰাজ্য সমূহ আৰু পঞ্চম অনুসূচীভুক্ত নোহোৱা ৰাজ্য সমূহ কি কি?

উত্তৰঃ বৰ্তমান পঞ্চম অনুসূচীভুক্ত ৰাজ্যসমূহ হ’ল- অন্ধ্র প্রদেশ, তেলেংগানা, চট্টিছগড়, গুজৰাট, হিমাচল প্রদেশ, ঝাৰখণ্ড, মধ্য প্রদেশ, মহাৰাষ্ট্ৰ, উৰিষ্যা, ৰাজস্থান। আনহাতে, সংবিধানৰ ষষ্ঠ অনুসুচীয়ে সামৰি লোৱা আৰু পঞ্চম অনুসুচীয়ে সামৰি নোলোৱা চাৰিখন ৰাজ্য ক্রমে- অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰাম।

S. NoBA 1st Semester SEC Solutions (Political Science)All Units
1পঞ্চায়তৰ গণতান্ত্ৰিক কাৰ্যকৰীকৰণৰ সবলীকৰণ
2ভাৰতীয় সংবিধানত পঞ্চায়তীৰাজ পদ্ধতিৰ ব্যৱস্থা বা পঞ্চায়তৰ বিত্ত আৰু হিচাপ
3বঞ্চিত লোকসকলৰ সমস্যা আৰু প্ৰয়োজনসমূহ আৰু তেওঁলোকৰ অংশগ্ৰহণ

৩। পি.ই. এচ. এ (PESA) কি?

উত্তৰ: পঞ্চায়ত আইন, ১৯৯৬ অনুসূচীত এলেকাৰ পৰিবৰ্ধন (PESA) হৈছে জনজাতীয় লোকসকলৰ বাবে গ্রহণ কৰা এক ঐতিহাসিক আইন আৰু ইয়াৰ দ্বাৰা কেৱল ই উন্নয়নৰ প্ৰক্ৰিয়াৰ সৈতে জনজাতীয় লোকসকল জড়িত হোৱাই নহয়, সিদ্ধান্ত গ্রহণ, প্ৰৱৰ্তন, নিৰীক্ষণ আৰু মূল্যায়নৰ অধিকাৰো লাভ কৰে। এই আইনৰ মূল উদ্দেশ্য আছিল জনজাতীয় সমাজক জীৱিকা নিৰ্বাহৰ পদ্ধতিৰ নিয়ন্ত্রণ, প্রাকৃতিক সম্পদৰ ব্যৱহাৰ সন্দৰ্ভত মাত মতাৰ অধিকাৰ আৰু তেওঁলোকৰ নিজস্ব পৰম্পৰাগত সংস্কৃতি আৰু অধিকাৰ ৰক্ষা কৰাৰ বাবে স্বীকৃতি প্রদান কৰা।

► ৰচনাধৰ্মী প্রশ্নোত্তৰ:

১। অনুসূচীভুক্ত এলেকালৈ পঞ্চায়তীৰাজ সম্প্ৰসাৰণ আইন (PESA) কি? অনুসূচীভুক্ত এলেকালৈ পঞ্চায়তীৰাজ সম্প্ৰসাৰণ আইন (PESA)ৰ মূল উদ্দেশ্যসমূহ কি কি?

উত্তৰঃ সংবিধানৰ 73তম সংশোধনীয়ে সংবিধানৰ নৱম অধ্যায়ত পঞ্চায়তীৰাজ ব্যৱস্থাক সাংবিধানক মর্যাদা প্রধান কৰি গোটেই দেশতে পঞ্চায়তীৰাজৰ অনুষ্ঠান প্রতিষ্ঠা কৰিবলৈ নিৰ্দেশ দিয়ে। সেই অনুসৰি সংবিধানত নৱম অধ্যায় অন্তর্ভুক্ত কৰি পঞ্চায়তীৰাজ নামেৰে নামকৰণ কৰি একাদশ অনুসুচীৰ জৰিয়তে 29 টা বিষয় প্রত্যজ্ঞভাবে পঞ্চায়ত সমূহলৈ হস্তান্তৰি কৰা হয়। কিন্তু সংবিধানৰ নৱম অধ্যায়ে পঞ্চম অনুসূচীৰ অর্ন্তগত এলেকা সমূহক সামৰি লোৱা নাই। সেয়েহে 1996 চনৰ 24 ডিচেম্বৰত 73তম সংশোধনী আইনখনৰ জৰিয়তে পঞ্চম অনুসূচীভুক্ত এলেকাসমূহলৈকো পঞ্চায়তৰ সম্প্ৰসাৰণৰ চিন্তা কৰা হয়। সেই অনুসৰি অনুসূচীভুক্ত এলেকালৈ পঞ্চায়তীৰাজ সম্প্ৰসাৰণ আইন 1996 গ্রহণ কৰা হয়। এই আইন অনুসৰি পঞ্চম অনুসূচীভুক্ত কেইখনমান ৰাজ্যৰ জনজাতীয় প্রধান এলেকাসমূহলৈ পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰৱেশ ঘটে। সংবিধানৰ পঞ্চম অনুসূচীয়ে অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ বাহিৰে অন্যান্য অনুসুচীত জাতি আৰু জনজাতীয় প্রধান এলেকাৰ প্ৰধান এলেকাৰ প্ৰশাসন ব্যৱস্থা সামৰি লৈছে। বর্তমান পঞ্চম অনুসূচীভুক্ত এলেকা থকা ৰাজ্যসমূহ হ’ল- অন্ধ প্রদেশ, তেলেংগানা, চট্টিছগড়, গুজৰাট, হিমাচলপ্রদেশ, ঝাৰখণ্ড, মধ্যপ্রদেশ, মহাৰাষ্ট্ৰ, উৰিষ্যা আৰু ৰাজস্থান। অনুসূচীত অঞ্চললৈ পঞ্চায়ত সম্প্ৰসাৰণ আইনৰ অধীনত সংবিধানৰ 244(1) অনুচ্ছেদ অনুসৰি সংবিধানৰ নৱম অধ্যায়ৰ কিছু সাল-সলনি কৰি অনুসূচীত এলেকালৈ পঞ্চায়ত ব্যৱস্থাৰ সম্প্ৰসাৰণৰ ব্যৱস্থা কৰিছে। অনুসূচীভুক্ত এলেকালৈ পঞ্চায়তীৰাজ সম্প্ৰসাৰণ আইন 1996 ৰ অধীনত ভাৰতবৰ্ষৰ কেইখনমান ৰাজ্যৰ জনজাতীয় প্রধান অনুসুচীত অঞ্চলত (যি সমূহত পোনতে পঞ্চায়তীৰাজৰ কোনো ব্যৱস্থা নাছিল) পঞ্চায়তী ৰাজ ব্যৱস্থাইপ্ৰৱেশ কৰে। এই ৰাজ্যবোৰ হ’ল ক্রমে- অন্ধপ্রদেশ, গুজৰাট, হিমাচল প্রদেশ, মধ্যপ্রদেশ, উৰিষ্যা আৰু ৰাজস্থান।

অনুসূচীভুক্ত এলেকালৈ পঞ্চায়তীৰাজ সম্প্ৰসাৰণ আইনৰ মূল উদ্দেশ্যঃ

(ক) অনুসূচীত এলেকালৈ পঞ্চায়ত সম্প্ৰসাৰণৰ বাবে সংবিধানৰ নৱম অধ্যয়ৰ সম্প্ৰসাৰণ।

(খ) জনজাতীয় এলেকালৈ বৃহৎ হাৰত স্ব-শাসনৰ ব্যৱস্থা প্ৰদান কৰা।

(গ) অংশগ্ৰহণকাৰী গণতন্ত্ৰৰ বাবে স্থানীয় শাসনৰ ব্যৱস্থা কৰা আৰু গাঁওসভাসমূহক সকলো ধৰণৰ কাম-কাজৰ মূল কেন্দ্ৰত পৰিগণিত কৰা।

(ঘ) জনজাতীয় সম্প্রদায়সমূহৰ পৰম্পৰা আৰু প্ৰথা সমূহ সুৰক্ষা আৰু ৰক্ষাণাবেক্ষণা প্ৰদান কৰা।

(ঙ) জনজাতীয় সম্প্রদায়সমূহক দৰকাৰী সা-সুবিধা প্রদান কৰি পঞ্চায়তসমূহক শক্তিশালী কৰা।

অনুসুচীভুক্ত এলেকালৈ পঞ্চায়তীৰাজৰ সম্প্ৰসাৰণ আইন Section 4(b) অনুসৰি গাঁও সমূহ হ’ব কিছুমান স্থায়ী নিবাসী গোটৰ সমষ্টি যিবিলাক একে সম্প্রদায় নাইবা একে পৰম্পৰাগত ৰীতি-নীতি পালন কৰি থাকে। আইনখনৰ Section 4(c) অনুসৰি প্ৰত্যেক গাঁৱৰ অধীনত একোখন গাঁওসভা থাকিব আৰু গাওঁৰ নিবাসী প্রত্যেকজন ব্যক্তি যাৰ নাম নির্বাচন আয়োগত পঞ্জীকৃত কৰা আছে সেই সকলোবোৰ গাঁও সভাৰ সদস্য হ’ব।

গুৰুত্বঃ অনুসূচীভুক্ত এলেকালৈ পঞ্চায়তীৰীজৰ সম্প্ৰসাৰণ আইনখনৰ সঠিক ৰূপায়নে পঞ্চম অনুসূচীভুক্তএলেকা বিলাকৰ উন্নয়ন কৰাই নহয়, ইয়ে পঞ্চম অনুসূচীভুক্ত এলেকাসমূহত গণতন্ত্রক সফল কৰিব। ইয়ে অনুসুচীভুক্ত এলেকাসমূহৰ জনসাধাৰণক পঞ্চায়তীৰাজ ব্যৱস্থাত অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰি তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ লগতে তেওঁলোকৰ ৰাজনৈতিক অংশগ্রহণকো নিশ্চয়তা প্রদান কৰিব। গতিকে, নিঃসন্দেহে এই আইনখনৰ যথেষ্ট সুবিধা আছে। ইয়ে সিদ্ধান্ত গ্রহণ প্ৰক্ৰিয়াত জনসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধি কৰিব। ৰাজহুৱা সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত নিয়ন্ত্রণ সাব্যস্ত কৰি ইয়ে জনজাতীয় এলেকাসমূহক বঞ্চিত হোৱাৰ পৰা ৰক্ষা কৰিব। এই আইনখনে জনজাতীয় লোকসকলক স্থানীয় প্রাকৃতিক সম্পদৰ ওপৰত নিয়ন্ত্ৰণৰ ক্ষমতা প্রদান কৰাৰ ফলত তেওঁলোকৰ দৰিদ্ৰতা হ্রাস পোৱাৰ লগতে প্ৰব্ৰজনৰ পৰিমানো কমিব। স্থানীয় প্রাকৃতিক সম্পদৰ ব্যৱহাৰ তেওঁলোকৰ আয় বৃদ্ধি কৰাৰ লগতে জীৱন নিৰ্বাহৰ মানদণ্ড উন্নত কৰিব। এই আইনখন সঠিকভাৱে ৰূপায়ণ কৰিব পাৰিলে জনজাতীয় এলেকাসমূহৰ আইন বর্হিভূতভাবে তুমি অধিগ্রহণো ৰোধ কৰিব পৰা যায়। এই সকলোবোৰৰ উপৰিও ‘PESA’ আইনখনে জনজাতীয় লোক সকলৰ সাংস্কৃতিক ঐতিহ্য, পৰম্পৰা তথা ৰীতি-নীতি আদি সংৰক্ষণ কৰি তেওঁলোকৰ পৃথক সাংস্কৃতিক পৰিচয় ৰক্ষা কৰিব।

২। পিছপৰা বা বঞ্চিত শ্ৰেণীৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা কেতবোৰ গুৰুত্বপূৰ্ণ সাংবিধানিক ৰক্ষণব্যৱস্থাৰ আলোচনা কৰা।

উত্তৰঃ ভাৰতীয় সংবিধানত অনুচ্ছেদ ১৫(৪) আৰু ১৬ (৪) ত পিছপৰা শ্ৰেণীৰ বা অৱহেলিত আৰু নিম্নশ্রেণীৰ লোকক ৰাষ্ট্ৰক সামাজিক আৰু শৈক্ষিক দিশত পিছপৰা শ্ৰেণীৰ নাগৰিকৰ বাবে বিশেষ ব্যৱস্থা ল’বলৈ কোৱা হৈছে। আনহাতে অনুচ্ছেদ ৩৪০(১) ৰ দ্বাৰা পিছপৰা শ্ৰেণীৰ পৰিস্থিতি অনুসন্ধান কৰিবলৈ বিশেষ আয়োগৰ নিযুক্তিৰ ব্যৱস্থা কৰা হৈছে।

পিছপৰা শ্ৰেণীৰ বাবে কাকা ছাহেব কালেলকাৰৰ নেতৃত্বত গঠন কৰা প্ৰথমখন আয়োগে ১৯৫৫ চনত দাখিল কৰা প্ৰতিবেদনত পিছপৰা ৰূপে চিহ্নিত হোৱা মুঠ ২৩৯৯ টা জাতি আৰু সম্প্রদায়ক তালিকাভুক্ত কৰা হৈছিল। ইয়াৰে ২৩৭ গোটকসকলোতকৈ অধিক পিছপৰা ৰূপে চিনাক্ত কৰি এইসমূহৰ বাবে বিশেষ মনোযোগ দিয়াৰ প্ৰস্তাৱ দিয়া হৈছিল। অৱশ্যে এই প্রতিবেদনত পিছপৰা শ্ৰেণীক বুজাবলৈ কোনো অর্থনৈতিক গোটৰ পৰিৱৰ্তে ‘জাতি’ সংজ্ঞা ব্যৱহাৰ কৰাৰ বাবে ইয়াক কেন্দ্ৰীয় চৰকাৰে নাকচ কৰিছিল।

পৰৱৰ্তী পৰ্যায়ত বি. পি. মণ্ডলৰ নেতৃত্বত গঠন হোৱা দ্বিতীয়খন পিছপৰা শ্ৰেণীৰ আয়োগে ১৯৮০ চনত প্রতিবেদন দাখিল কৰে। এই প্রতিবেদনত ৩৪৭৩ টা জাতিক পিছপৰা ৰূপে চিনাক্ত কৰি তালিকাভুক্ত কৰা হৈছিল। সামাজিক আৰু শৈক্ষিক দিশত কিমান অনগ্ৰসৰ সেয়া নির্ধাৰণ কৰিবলৈ আয়োগে এঘাৰটা দিশ বিবেচনা কৰিছিল। ইয়াৰে মুখ্য দিশসমূহ আছিল শ্ৰেণী স্তৰত নিম্নমান, বিবাহৰ সময়ত কম বয়স, অধিক কাৰ্যত মহিলাৰ নিয়োগ, বিদ্যালয় এৰাৰ উচ্চ হাৰ, খোৱাপানীৰ অভাৱ, পৰিয়ালৰ সম্পত্তিৰ নিম্নমানৰ গড় মূল্য, অধিক সংখ্যক কেঁচা ঘৰৰ ব্যৱহাৰ আদি।

মূল সুঁতিৰ উন্নয়নৰ সৈতে জড়িত কৰিবলৈ অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ লোকসকলৰ বাবে ভাৰতীয় সংবিধানে বহুকেইটা বিশেষ সুবিধা আগবঢ়াইছে। পিছপৰা শ্ৰেণীৰ উন্নয়নৰ বাবে গ্রহণ কৰা কেতবোৰ এনে সাংবিধানিক ৰক্ষণ ব্যৱস্থাসমূহ হৈছে-

(ক) সংবিধানৰ তৃতীয় অধ্যায়ত সন্নিবিষ্ট কৰা মৌলিক অধিকাৰসমূহে বাৰতৰ সকলো নাগৰিকক ধর্ম, বর্ণ, জাতি, লিংগ অথবা জন্মৰ স্থান নির্বিশেষে বৈষম্যহীনতাৰ আশ্বাস দিছে (অনুচ্ছেদ ১৫)

(খ) অনুচ্ছেদ ১৬-ত চৰকাৰী নিয়োগৰ ক্ষেত্ৰত সকলোৰে বাবে সমান সুযোগ সুবিধা প্রদান কৰা হৈছে। অনুচ্ছেদ ১৭এ অস্পৃশ্যতা নিষিদ্ধ কৰিছে।

(গ) অনুচ্ছেদ ২৩-ত মানৱ সৰবৰাহ আৰু জোৰ জুলুমকৈ নিয়োগ কৰা শ্রমিক প্রথা আদি অজনজাতীয় লোকসকলে জনজাতীয় লোকসকলৰ ওপৰত কৰা অত্যাচাৰ নিষিদ্ধ কৰিছে।

(ঘ) সংবিধানৰ চতুৰ্থ অধ্যায়ৰ, অনুচ্চেদ ৪৬-ত আছে যে ‘ৰাষ্ট্ৰই পিছপৰা শ্ৰেণী বিশেষকৈ অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ শৈক্ষিক আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰিব আৰু সামাজিক অন্যায় আৰু সকলোধৰণৰ শোষণৰ পৰা তেওঁলোকক সুৰক্ষা প্ৰদান কৰিব।’

(ঙ) দশম অধ্যায়ৰ, ২৪৪ অনুচ্ছেদত ‘পঞ্চম অনুসুচী’ অন্তর্ভুক্ত কৰি অসমৰ বাহিৰে অন্যান্য ৰাজ্যৰ অনুসূচীত জনজাতীয় এলেকাৰ কবাবে সুকীয়া প্রশাসন ব্যৱস্থাৰ উল্লেখ আছে। অসমৰ জনজাতীয় লোকসকলৰ প্ৰশাসনীয় ব্যৱস্থা অন্তভূক্ত কৰা হৈছে ষষ্ঠ অনুসুচীত।

(চ) দ্বাদশ অধ্যায়ৰ, ২৭৫ অনুচ্ছেদত অনুসূচীত জনজাতিৰ উন্নয়নৰ বাবে কেন্দ্রীয় চৰকাৰৰ বিশেষ সাহাৰ্য আৰু তেওঁলোকৰ বাবে উন্নত প্রশাসনৰ ব্যৱস্থা লোৱাৰ কথা উল্লেখ আছে।

(ছ) ষষ্ঠদশ অধ্যয়ৰ, অনুচ্ছেদ ৩৩০ আৰু অনুচ্ছেদ ৩৩২-ত লোকসভা আৰু ৰাজ্যৰ বিধানসভাত অনুসূচীত জনজাতি আৰু অনুসূচীত জাতিৰ লোকৰ বাবে বিশেষ আসন সংৰক্ষণৰ ব্যৱস্থা আছে।

(৬) ৩৩৫ অনুচ্ছেদত, বিভিন্ন সেৱাৰ বাবে পদভৰ্তিৰ সময়ত অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ লোকৰ বাবে বিশেষ সংৰক্ষণৰ উল্লেখ আছে।

(ঝ) ৩৩৮ অনুচ্ছেদত অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ বাবে ৰাষ্ট্ৰপতিয়ে এজন বিশেষ বিষয়া নিয়োগৰ কথা উল্লেখ আছে।

(ঞ) ৩৪০ অনুচ্ছেদত পিছপৰা শ্ৰেণীৰ উন্নয়নৰ বুজ ল’বলৈ আৰু এইক্ষেত্রত বিহিত ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ প্রদান কৰিবলৈ এক বিশেষ আয়োগ নিয়োগ কৰিবলৈ ৰাষ্ট্ৰপতিক অধিকাৰ প্ৰদান কৰা হৈছে।

(ট) অনুচ্ছেদ ২৪৪ আৰু ২৭৫ ত অর্ন্তভূক্ত কৰা ষষ্ঠ অনুসীচৰ দ্বাৰা অসমৰ জনজাতীয় এলেকাৰ প্ৰশাসনৰ বাবে ক্রমে জিলা পৰিষদ আৰু আঞ্চলিক পৰিষদ লৈ স্বায়ত্বশাসিত জিলা আৰু স্বায়ত্বশাসিত অঞ্চল গঠন কৰাৰ নিদের্শ দিয়া আছে। এই পৰিষদসমূহক ভূমি আবন্টন, অৰণ্য আৰু জানৰ পানী ব্যৱহাৰ, ঝুম খেতিৰ নিয়ন্ত্রণ, গাওঁ আৰুনগৰ সমিতি গঠন কৰি তেওঁলোকৰ ক্ষমতা নির্ধাৰণ, মুৰব্বীৰ নিয়োগ-উত্তৰাধিকাৰ নিৰ্ধাৰণ, সম্পদৰ উচিত প্রয়োগ, বিবাহ অথবা অন্যান্য সামাজিক নিয়ম সন্দর্ভত আইন প্রণয়ন কৰাৰ আধিকাৰ প্ৰদান কৰা হৈছে।

মুঠতে ষষ্ঠ অনুসূচীৰ দ্বাৰা অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ জনজাতীয় এলেকাৰ বাবে যথেষ্ট পৰিমাণৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক স্বায়ত্বশাসনৰ অধিকাৰ অৰ্পণ কৰা হৈছে।

Leave a comment