BA 1st Semester Assamese Chapter 3 Question Answer 2025 | গোট-৩ : শংকৰদেৱকালীন সাহিত্য | পাঠ : ২ | চোৰধৰা | অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস (১৮২৬ চন পর্যন্ত) | BA 1st Semester Assamese Unit 3 Question Answer 2025 | ba 1st semester assamese question answer
গোট-৩ঃ শংকৰদেৱকালীন সাহিত্য
পাঠ : ২
চোৰধৰা
► অতি চমু প্রশ্নোত্তৰ :
১। অসমীয়া নাট সাহিত্যত ‘ঝুমুৰা’ৰ সৃষ্টি কর্তা কোন?
উত্তৰঃ মাধৱদেৱ।
২। ‘চোৰধৰা’ কি শ্ৰেণীৰ সাহিত্য?
উত্তৰ: চোৰধৰা এখন ঝুমুৰা নাট সাহিত্য।
৩। মাধৱদেৱৰ দ্বাৰা ৰচিত চোৰধৰা, পিম্পৰা গুচোৱা আৰু ভূমি লেটোৱা ঝুমুৰাৰ বিষয়বস্তু ক’ৰ পৰা গ্ৰহণ কৰিছে?
উত্তৰঃ লীলা শুকৰ ‘কৃষ্ণকর্ণামৃত’ গ্ৰন্থৰ পৰা।
৪। চোৰধৰা ঝুমুৰাৰ নায়ক কোন?
উত্তৰঃ শিশু কৃষ্ণ।
৫। মাধৱদেৱৰ ঝুমুৰাসমূহৰ মূল ৰস কি?
উত্তৰঃ বাৎসল্য বস।
৬। যশোদাই গোপীনীসকলক কি বুলি গালি পাৰিছিল?
উত্তৰঃ ঢাণ্ডী গোৱালীসৱ বুলি সম্বোধন কৰি গালি পাৰিছিল।
৭। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোনখন গ্রন্থক কোৱা হয়?
উত্তৰ: নামঘোষা।
৮। মাধৱদেৱৰ অর্জুন-ভঞ্জনৰ বাহিৰে বাকী কেইখন নাটক কি বোলা হয়?
উত্তৰ: ঝুমুৰা।
► ৰচনাধৰ্মী প্রশ্নোত্তৰ:
১। মাধৱদেৱৰ নাটসমূহৰ বিশ্লেষণ দাঙি ধৰা আৰু অর্জুন ভঞ্জনৰ বাহিৰে এইবোৰক কিয় সাধাৰণতে ঝুমুৰা বুলি কোৱা হয় ব্যাখ্যা কৰি এটি আলোচনা যুগুত কৰা।
উত্তৰ: অসমীয়া নাট্য সাহিত্যৰ বুৰঞ্জীত মহাপুৰুষ শংকৰদেৱৰ দৰে মহাপুৰুষ মাধৱদেৱৰ নামো উল্লেখযোগ্য আৰু মহাপুৰুষ মাধৱদেৱে নখন নাট ৰচনা কৰা বুলি জনা যায় যদিও কেবলমাত্র পাঁচখন নাটহে মহাপুৰুষ মাধৱদেৱৰ বুলি সন্দেহবিহীনভাৱে ধৰা হয়। মাধৱদেৱৰ নামত প্রচলিত নাটসমূহ হৈছে- অর্জুন ভঞ্জন, চোৰধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোরা, ভোজন বিহাৰ, ব্ৰহ্মামোহন, ৰাস ঝুমুৰা, ভূষণ হৰণ আৰু কোটোৰা খেলা। এই নাটকেইখনৰ ভিতৰত প্ৰথমৰ পাঁচখন নাটহে মহাপুৰুষ মাধৱদেৱৰ সন্দেহবিহীন নাট হিচাপে ধৰা হয়। এই নাটকেইখনত নান্দী শ্লোক আছে আৰু নাটৰ ভাষাও সুৰচিপূর্ণ। আনহাতে, তেওঁৰ আনকেইখন নাটত নান্দী শ্লোক দেখা নাযায় আৰু সেইবোৰত অন্য নাটৰ গীত-ভটিমা আদিৰো পূর্ণ ব্যৱহাৰ হৈছে। এই নাটকেইখনত ইয়াৰ উপৰি আদি ৰসাত্মক বিষয়বস্তুৰো সংযোগ কৰা হৈছে, নাটকেইখনত বাৎসল্য ৰসৰো অভাৱ ঘটিছে, তাত অসমীয়া বৈষ্ণৱ সাহ্যিতত নোপোৱা ৰাধা চৰিত্ৰৰো অৱতাৰণা কৰা হৈছে আৰু সেইবোৰৰ ভাষাও অর্বাচীন আৰু নিম্নস্তৰৰ। এইবোৰ দিশলৈ চায়েই পণ্ডিতসকলে এই নাটকেইখন মহাপুৰুষ মাধৱদেৱৰ নহয় বুলিয়েই মত দিছে।। সি যিয়েই নহওক, মহাপুৰুষ মাধৱদেৱৰ নামত সন্দেহৰ বাহিৰত থকা নাটকেইখনৰ বিষয়ে তলত এটি সামগ্রিক বিশ্লেষণ দাঙি ধৰিবলৈ যত্ন কৰা হ’ল।
মহাপুৰুষ মাধৱদেৱৰ ‘অর্জুন ভঞ্জন’ নাটকৰ বিষয়বস্তু ভাগৱতৰ দশম স্কন্ধৰ পৰা লোৱা হৈছে যদিও, নাটকৰ শেষত বর্ণনা কৰা নন্দ আৰু যশোদাৰ দম্পতী কলহৰ বৰ্ণনাখিনি ভাগৱতৰ নহয়। সেইদৰে নাটখনত ব্যৱহাৰ কৰা নান্দী শ্লোকসহ চাৰিটা শ্লোকো মাধৱদেৱৰ নিজৰ ৰচনা নহয়, তেওঁ এই শ্লোককেইটা বিশ্বমংগল বা লীলাশুকৰ ‘কৃষ্ণ-কর্ণামৃত’ আদি গ্ৰন্থৰপৰাহে সন্নিৱিষ্ট কৰিছে। মাধৱদেৱৰ অর্জুন ভঞ্জন নাটখনকেই তেওঁৰ প্ৰথম নাট বুলি বিবেচনা কৰা হয়। ‘অর্জুন ভঞ্জন’ত ইয়াৰ নায়ক শ্রীকৃষ্ণৰ চৰিত্ৰত সজীৱ আৰু স্বাভাৱিক ৰূপত শিশুসুলভব্যৱহাৰ আৰোপ কৰিছে যদিও, নাট্যকাৰে সেই কৃষ্ণৰ ঈশ্বৰত্ব সম্পর্কেও বাৰে বাৰে দৰ্শকক সোঁৱৰাই দিছে। মাধৱদেৱৰ অর্জুন ভঞ্জন নাটৰ বিষয়বস্তুক তিনিটা স্তৰত ভাগ কৰি ল’ব পাৰি।
ইয়াৰ প্ৰথমতে শিশু কৃষ্ণ আৰু মাক যশোদাৰ মাজত হোৱা স্নেহসিক্ত বিৰোধৰ কথা দাঙি ধৰি, তাৰ পিছত যমলার্জুন ভংগৰ কাহিনী বর্ণোৱা হৈছে আৰু একেবাৰে শেষত নন্দ-যশোদাৰ দম্পতী কলহৰ কথা বৰ্ণনা কৰিছে। নাটখনত স্তনপান কৰিবলৈ নোপোৱা শিশু কৃষ্ণৰ ৰোহ-ডেম-অভিমান আৰু উদ্ভণ্ডালিৰ বিৱৰণৰ লগতে যশোদাই শ্রীকৃষ্ণক শাসন কৰিবলৈ লোৱা বৃথা চেষ্টা আৰু একেবাৰে শেষত নন্দ-যশোদাৰ গ্রাম্য কলহ দর্শক-শ্রোতাৰ বাবে অতি আকর্ষণীয় ৰূপত উপস্থাপন কৰিছে।
মাধৱদেৱৰ ‘ভোজন বিহাৰ’ নাটৰো মূল বিষয়বস্তু ভাগৱত গ্ৰন্থৰ পৰা লোৱা। ভাগৱতৰ দশম স্কন্ধৰ ত্ৰয়োদশ অধ্যায়ত সন্নিবিষ্ট ঘটনাটোকেই মাধৱদেৱে অলপ ইফাল-সিফাল কৰি এই নাটখনত ৰূপ দিছে। এই নাটখনৰ নান্দী শ্লোকটো মাধৱদেৱৰ নিজা ৰচনা। চৰিত পৃথি অনুসৰি মাধৱদেৱে বৰপেটাত ১৫৮০-৯০ খৃষ্টাব্দমানৰ ভিতৰত এই নাটখন ৰচনা কৰে যদিও ৰাজৰোষত পৰি মাধৱদেৱে কোচবিহাৰলৈ যাব লগা হোৱা ঘটনাকে এই নাটখন অসম্পূর্ণ অৱস্থাত লোৱাৰ কাৰণ বুলি অনুমান কৰা হয়।
মাধৱদেৱে ‘চোৰধৰা, পিম্পৰা গুচোৱা আৰু ভূমি লেটোৱা- এই তিনিখন নাটৰ বিষয়বস্তু ভাগৱতৰ পৰা লোৱা নাই। ভাগৱতত শ্রীকৃষ্ণৰ শিশুসুলভ দুষ্টালিৰ উল্লেখ আছে যদিও নাটক তিনিখনৰ হুবহু ঘটনা ভাগৱত পুৰাণত নাই। মাধৱদেৱে ‘কৃষ্ণ-কর্ণামৃত’ গ্ৰন্থৰ শ্লোক বিশেষত উল্লেখ থকা ঘটনাক ভেটি কৰিহে এই নাটসমূহৰ বিষয়বস্তু ৰচনা কৰিছে। নাট তিনিখনৰ নান্দী শ্লোক আৰু ভিতৰৰ শ্লোকসমূহো উক্ত গ্ৰন্থখনৰ পৰাই গ্ৰহণ কৰিছে। মাধৱদেৱে ‘চোৰধৰা’ নাটখনত দুটা ঘটনাক ৰূপদান কৰিছে। এহাতে ইয়াত শ্রীকৃষ্ণক নেদেখি দামুৰি হেৰোৱা গাইৰ দৰে যশোদাই শ্রীকৃষ্ণক বিচাৰি হাবাথুৰি খাইছে আৰু আনহাতে গোপীৰ ঘৰত শ্রীকৃষ্ণই লৱণু চুৰি কৰি ধৰা পৰিছে। নাটখনত যশোদা মাতৃৰ আকুল চিত্ৰ যিদৰে দাঙি ধৰা হৈছে, সেইদৰে লৱণু চুৰি কৰি ধৰা পৰা কৃষ্ণই পুনৰ নিজৰ চতুৰালিৰে গোপীসকলকে চোৰ হিচাপে সাব্যস্ত কৰা কাৰ্য অতি সুন্দৰকৈ ৰূপায়িত কৰা হৈছে। মাধৱদেৱৰ ‘পিম্পৰা গুচোৱা’ নাটৰ বিষয়বস্তুৰ সৈতে চোৰধৰা নাটৰ বিষয়বস্তুৰ সাদৃশ্য আছে। ‘পিম্পৰা গুচোৱা’ নাটকত চোৰধৰা নাটতকৈও শিশু কৃষ্ণ বেছি চতুৰ হ’লেও কৃষ্ণই মাকৰ পৰা গালিও খাইছে; কিন্তু লগে লগে মাকৰ লগত ফেপেৰি পাতিও উঠিছে। নাটখনত গোপীসকলে কৃষ্ণৰ চতুৰালিত বলে নোৱাৰি মাকৰ আগত শ্রীকৃষ্ণৰ বিৰুদ্ধে গোচৰ দি শ্রীকৃষ্ণক গালি খুৱাইছে।
তেওঁৰ ‘ভূমি লেটোৱা’ নাটত শ্ৰীকৃষ্ণৰ চতুৰালিৰ ভিন্ন দিশ এটা প্রতিফলিত কৰিছে। ইয়াত শ্রীকৃষ্ণই প্ৰথমতে ভাণ্ডৰ লৱণু খাই শেষ কৰিছে আৰু তাৰ পাছত মাক অহা দেখা পাই আন কোনোবাই লবণু খাই শেষ কৰিলে বুলি মিছাকৈ ঠেহ পাতি যশোদা-মাতৃৰ পৰা পুনৰ লবণু বিচাৰিছে। শেষত যশোদাই তৎনাপাই দেৱতাৰ পূজাৰ বাবে সাঁচি ৰখা লবণুকেই শ্রীকৃষ্ণক দি তেওঁক শান্ত কৰিছে।
মাধৱদেৱৰ এই নাটকেইখনৰ বিষয়বস্তুলৈ চালে এটা কথা স্বাভাৱিকতে মন কৰিব পাৰি যে ইয়াত শিশু কৃষ্ণই নিজৰ চতুৰালিৰে সকলোকে মুগ্ধ কৰিছে আৰু তাৰ যোগেদিয়েই যেন নাটকেইখনৰ সৌন্দৰ্য প্রতিফলিত হৈ উঠিছে। সমালোচকৰ ভাষাত ‘বাল গোপালে লৱণুৰ আশাত নাচি দেখুৱাই দৰাচলতে আনবোৰকহে নচুৱাই ৰং চাইছে আৰু মাধৱদেৱৰ নাটৰ সৌন্দর্য তাতেই। দেখা যায় শিশু কৃষ্ণৰ চতুৰালি, ভেম, অভিমান আৰু চৌৰ্য ক্ৰিয়াৰ ৰসাল চিত্ৰণ নাটকেইখনৰ বিষয়বস্তুৰ বিশেষত্ব হিচাপে ধৰা দিছে।
মহাপুৰুষ মাধৱদেৱৰ নাটসমূহত ৰূপায়িত বিষয়বস্তুলৈ মন কৰিলে দেখা যায় যে এই নাটকেইখনত সম্পূর্ণ আখ্যান বা উপাখ্যান নাই আৰু সেইফালৰপৰা ইয়াত সংঘাতৰ পৰিসবো সীমাবদ্ধ। এই নাটসমূহৰ ঘটনাসমূহো মুহূর্ত একোটাৰহে ঘটনা; ইয়াত দীর্ঘ সময়ৰ ঘটনা ৰূপায়িত হোৱা নাই। সমালোচকে মাধৱদেৱৰ এই সৰু নাটকেইখনক আধুনিক লঘু একাংকিকাৰ শাৰীত পেলাব বিচৰা কথা এই ক্ষেত্ৰতেই উল্লেখযোগ্য।
মাধৱদেৱৰ নাটকেইখনৰ চৰিত্ৰসমূহলৈ মন কৰিলেও দেখা যায় যে শিশু কৃষ্ণই হৈছে নাটকেইখনৰ নায়ক বা প্রধান চৰিত্ৰ। নাটকৰ অন্য চৰিত্ৰসমূহৰ ভিতৰত আকৌ যশোদাই প্রধান। শিশু-পুত্র কৃষ্ণ আৰু মাতৃ যশোদা এই-দুটা প্রধান চৰিত্ৰক লৈয়ে যেন মাধৱদেৱৰ নাটকেইখন সজীব আৰু ৰসাল হৈ উঠিছে। নাট্যকাৰে বালক শ্রীকৃষ্ণৰ দুমুখীয়া ব্যক্তিত্ব নাটকেইখনত ফুটাই তুলিছে- এহাতে শ্রীকৃষ্ণ সাধাৰণ মানৱ শিশু, কিন্তু আনহাতে ভক্তসকলৰ দৃষ্টিত তেওঁ সাধাৰণ শিশু নহয়; কিন্তু তেওঁ হৈছে নৰৰূপী নাৰায়ণ। শ্রীকৃষ্ণ যে সাধাৰণ শিশুক অতিক্ৰম কৰি নৰৰূপী নাৰায়ণ সেই কথা নাট্যকাৰে বাৰে বাৰে সোঁৱৰাই দিছে আৰু এইদৰে যেন নাটকত বৈষৱ ধৰ্মৰ ভাবধাৰা প্ৰতিফলিত কৰিবলৈ বিচাৰিছে। ৰামৰ চৰিত্ৰ হিচাপে শ্রীকৃষ্ণ চৰিত্ৰটো শিশুসুলভ ভেম, অভিমান, চাতুৰী আদিৰে পৰিপূৰ্ণ আৰু আনহাতে ঐশ্বৰিক দিশেৰে তেওঁ ঐশ্বৰ্য আৰু কৰুণাৰ আধাৰ। শ্রীকৃষ্ণৰ ঐশ্বর্য আকৌ প্রকাশিত হৈছে তেওঁৰ অসীম শক্তি আৰু অলৌকিক কাৰ্যৰ যোগেদি। সি যিয়েই নহওক ভক্ত কবি আৰু লগতে বাৎসল্য ৰসৰ পৰিপোষক মাধৱদেৱে শ্রীকৃষ্ণক শিশু হিচাপে অতি সুন্দৰভাৱে ৰূপায়িত কৰি নাটকীয় কাহিনী ৰসগ্ৰাহী কৰি তুলিছে।
শ্রীকৃষ্ণৰ লগতে মাধৱদেৱৰ নাটকেইখনত যশোদা চৰিত্ৰটোও অতি ৰসগ্ৰাহী ৰূপত অংকন কৰিছে আৰু যশোদা এগৰাকী স্নেহময়ী, চিৰন্তন মাতৃ হিচাপে নাটকেইখনত ৰূপায়িত হৈছে। তেওঁ শিশু কৃষ্ণক নিজৰ একমাত্র আলসুৱা সন্তান হিচাপেই গ্রহণ কৰিছে আৰু চিৰন্তন মাতৃৰ দৰে শ্ৰীকৃষ্ণক বিচাৰি হাবাথুৰিও খাইছে আৰু গাখীৰ মথোঁতেও পুতেকৰ কথা সুঁৱৰি পৰম তৃপ্তি লাভ কৰিছে। কিন্তু সেইগৰাকী যশোদাই যেতিয়া তেওঁৰ পুত্ৰই পৰৰ ঘবত লৱণু চুৰি কৰি খোৱা শুনিছে, তেতিয়া খং-বেজাৰতে পুত্ৰক মাৰিবলৈও গৈছে। দেখা যায় পুতেকক মৰম-চেনেহৰ মাজত ডুবাই ৰখা আৰু সময়ত শাস্তি-বিধান কৰাটো সকলো মাতৃয়েই নিজৰ একচেটীয়া অধিকাৰ বুলি ভবাৰ দৰে যশোদায়ো ভাবিছে আৰু সেই হিচাপেই মাধৱদেৱৰ নাটকেইখনত যশোদা চিৰন্তন মাতৃ।
মাধৱদেৱৰ নাটত শিশু কৃষ্ণ আৰু যশোদাৰ চৰিত্ৰ অংকন- এই বিষয়লৈ চাই সমালোচকৰ মন্তব্য দাঙি ধৰিব পাৰি যে ‘মাক আৰু পুতেকৰ স্নেহসিক্ত সম্বন্ধ দেখুৱাই শিশু জীৱনৰ অপূৰ্ব চিত্র অংকন কৰাত মাধৱদেৱৰ সমকক্ষ বৈষ্ণৱ কবিসকলৰ ভিতৰত দ্বিতীয় এজন নাই। পৰৱৰ্তী কবিসকলে মাধৱক অনুসৰণহে কৰিছে, চেৰ পেলাব পৰা নাই।’
মহাপুৰুষ শংকৰদেৱৰ নাটসমূহক যাত্রা বা নাট আখ্যা দিয়া হয় যদিও মাধৱদেৱৰ অর্জুন ভঞ্জনকহে যাত্রা বা নাট আখ্যান দিয়া হয়, তেওঁৰ বাকী নাটকেইখনক ঝুমুৰাহে বোলা হয়। মহাপুৰুষ শংকৰদেৱৰ নাটকেইখনত একোটি পূর্ণ ঘটনা থকাৰ দৰে মাধৱদেৱৰ ‘অর্জুন ভঞ্জন ‘তো এটি পূর্ণ আখ্যা আছে আৰু সেয়ে ‘অর্জুন ভঞ্জন’ক নাট বা যাত্রা বোলা হয়। কিন্তু তাৰ বিপৰীতে মাধৱদেৱৰ ‘চোৰধৰা’, ‘পিম্পৰা গুচোৱা’, ‘ভোজন বিহাৰ’, ‘ভূমি লেটোৱা’ আদি নাটকেইখনত সম্পূর্ণ ঘটনা একোটিৰ অভাৱ। এই নাটকেইখনত একোটি ক্ষুদ্র কথা বস্তুহে সংযোগ কৰা হৈছে আৰু এইবোৰক সাধাৰণতে ঝুমুৰা বুলি কোৱা হয়। এই নাটকেইখনক কি কাৰণে ঝুমুৰা বোলা হয় সেই বিষয়ে ভিন ভিন্ কথাৰ অৱতাৰণা প্রসংগত ‘সংগীত দামোদৰ’ গ্ৰন্থৰ শৃংগাৰ ৰসাত্মক ঝুমুৰী নামৰ বাগিনী বিশেষৰ কথা, চাওতালী নাৰীয়ে মণ্ডলাকাৰে কৰা ঝুমুৰ নৃত্য-গীতৰ কথা আৰু প্ৰাচীন অসমীয়াৰ চুটি চুটি চৰণৰ অষ্টাক্ষৰী ঝুমুৰ ছন্দৰ কথা আদিৰ উল্লেখ কৰা হয়। এইক্ষেত্ৰত মূলতঃ মাধৱদেৱৰ চুটি চুটি নাটকেইখনক ঝুমুৰী ছন্দব খর্বাকৃতিৰ সাদৃশ্যত ঝুমুৰা বোলা হৈছিল বুলি কোৱাৰ লগতে স্ত্রী চৰিত্ৰৰ বাহুল্যৰ কাৰণেও নাটকেইখনক ঝুমুৰা আখ্যা দিয়াটো সম্ভৱ হ’ব পাৰে বুলিও কোৱা হয়। দেখা যায় যে মাধৱদেৱৰ নাটকেইখনত শ্রীকৃষ্ণ আৰু যশোদা চৰিত্ৰ দুটাই প্রধান হ’লেও অন্যান্য ভালেসংখ্যক নাৰীয়েও স্থান লাভ কৰিছে।