BA 1st Semester Assamese Chapter 4 Question Answer 2025 | গোট-৪ : শংকৰদেৱৰ পৰৱৰ্তীকালৰ সাহিত্য | পাঠ : ২ | গুৰু শিষ্যৰ মণিকাঞ্চন সংযোগ | অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস (১৮২৬ চন পর্যন্ত) | BA 1st Semester Assamese Unit 4 Question Answer 2025 | ba 1st semester assamese question answer
গোট-৪ঃ শংকৰদেৱৰ পৰৱৰ্তীকালৰ সাহিত্য
পাঠ : ২
গুৰু শিষ্যৰ মণিকাঞ্চন সংযোগ
► অতি চমু প্রশ্নোত্তৰ :
১। চৰিত-পুথিৰ উল্লেখযোগ্য উদ্দেশ্য কি?
উত্তৰ: মহাপুৰুষ দুজনাকে ধৰি অন্যান্য ধর্মগুৰুসকলৰ গুণানুকীৰ্তন কৰি চৰিত্ৰ বৰ্ণনা কৰাটোৱেই হ’ল চৰিত-পুথিৰ অন্যতম উদ্দেশ্য।
২। গুৰু-চৰিত কি?
উত্তৰঃ মধ্যযুগৰ অসমীয়া সাহিত্যৰ এক বিশিষ্ট সম্পদ হ’ল গুৰ-চৰিত পুথিসমূহ। গুৰু-চৰিতসমূহ হৈছে মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, দামোদৰ দেৱ আৰু হৰিদেৱ অসমৰ এই চাৰিগৰাকী বৈষ্ণৱ ধৰ্মগুৰু আৰু তেওঁলোকৰ শিষ্য-প্রশিষ্যসমূহৰ জীৱনীমূলক গ্রন্থ। গদ্য গুৰ চৰিতসমূহ শিষ্যসকলে ৰচনা কৰিছিল। সেয়ে এই সমূহত লেখকৰ নির্দিষ্ট নাম পোৱা নাযায়।
৩। গুৰু-চৰিত ৰচনা কৰা চাৰিজন ব্যক্তিৰ নাম লিখা।
উত্তৰঃ ৰামচৰণ ঠাকুৰ, দৈত্যাৰি ঠাকুৰ, ভূষণ দ্বিজ, ৰামানন্দ দ্বিজ।
৪। মহাপুৰুষ শংকৰদেৱৰ সৈতে প্রথমে সাক্ষাতৰ সময়ত মাধৱদেৱ ক’ত আছিল?
উত্তৰঃ ধুৱাহাটৰ বেলগুৰিত।
৫। ছোট আতা কোন?
উত্তৰ: ছোট আতা হৈছে মহাপুৰুষ শংকৰদেৱৰ অন্যতম প্রধান শিষ্য মাধৱদেৱ।
৬। গুৰু শংকৰে নাধৱদেৱক কি বুলি সম্বোধন কৰিছিল?
উত্তৰ : গুৰু শংকৰে তেওঁক ‘বৰাপো’ বুলি সম্বোধন কৰিছিল।
৭। বৈষ্ণৱ ধৰ্মত শৰণ লোৱাৰ আগতে ছোট আতা (মাধৱদেৱ) কি ধর্মী লোক আছিল?
উত্তৰ: বৈষ্ণৱ ধৰ্মত শৰণ লোৱাৰ আগতে ছোট আতা ঘোৰ শাক্ত ধর্মী লোক আছিল।
► চমু প্রশ্নোত্তৰ :
১। শ্রীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কিয় ‘গুৰু-শিষ্যৰ মণি-কাঞ্চন সংযোগ’ বুলি আখ্যা দিয়া হৈছে?
উত্তৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আছিল অসমৰ নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক, এগৰাকী বিশিষ্ট ধর্মগুৰু। মহাপুৰুষ মাধৱদেৱ আছিল তেখেতৰ এগৰাকী প্রধান শিষ্য। মহাপুৰুষ মাধৱদেৱকে মহাপুৰুষ শংকৰদেৱে অসম নৱ-বৈষ্ণৱ ধৰ্মৰ পৰৱৰ্তী গুৰু হিচাপে স্থান দিছিল। মাধৱদেৱে তেওঁৰ জীৱনৰ প্ৰথম অৱস্থাত শক্তিদেৱীৰ উপাসক হিচাপে দুর্গাদেৱীৰ পূজা সেৱাত ব্ৰতী আছিল। শংকৰদেৱ যেতিয়া উজনি অসমৰ ধুৱাহাটা বেলগুৰিত থাকিবলৈ লয়; তেতিয়া তাতেই মাধৱদেৱৰ সৈতে তেওঁৰ সাক্ষাৎ হয়। শংকৰদেৱৰ সৈতে তর্ক যুদ্ধত পৰাজিত হৈ মাধৱদেৱে তেওঁকেই গুৰু মানি তেওঁৰ ওচৰত দীক্ষা গ্রহণ কৰে। মাধৱদেৱে শংকৰদেৱৰ ওচৰত দীক্ষা গ্ৰহণ কৰাৰ পাছৰে পৰা গুৰুৰ একান্ত অনুগত হৈ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ কামত নিজকে নিযুক্ত কৰে; আনকি তেওঁ বিয়া-বাৰুৰ বন্ধনতো নোসোমায়। এই গৰাকী মাধৱদের আৰু শংকৰদেৱৰ মিলনকে ‘গুৰু-শিষ্যৰ মণি-কাঞ্চন সংযোগ’ বুলি বেজবৰুৱাদেৱে আখ্যা দিছিল; আৰু আমাৰ পাঠ্যাংশত ডঃ মহেশ্বৰ নেওগদেৱে সেই আখ্যাটোকেই ব্যৱহাৰ কৰিছে। সাধাৰণতে মণি বুলি ক’লে মণি-মুকুতা সকলোকে বুজায়। কাঞ্চন মানে হ’ল সোণ। সোণত মণি-মুকুতা খটুৱালে যিদৰে তাৰ সৌন্দর্য চবে, সেইদৰে শংকৰদেৱৰ লগত মাধৱদেৱৰ মিলনেও অসমৰ নৱ বৈষ্ণৱ ধৰ্মৰ জেউতি দুগুণে বঢ়াই তুলিছিল। মণি আৰু কাঞ্চন দুয়োবিধ বহুমূলীয়া হোৱাৰ দৰে শংকৰ-মাধব দুয়ো আছিল অসীম প্রতিভা আৰু ব্যক্তিত্বৰ অধিকাৰী। শংকৰদেৱে অসমত নৱ-বৈষ্ণৱ ধৰ্মৰ উদ্ভৱ আৰু প্ৰচাৰ কৰিছিল আৰু মাধৱদেৱৰ কার্যাবলীয়ে অসমৰ বৈষ্ণব ধর্মব ইতিহাসত এটি নতুন টৌৰ সৃষ্টি কৰিছিল। এইদৰে শংকৰ-মাধৱৰ মিলনৰ ফলস্বৰূপে অসমৰ বৈষ্ণৱ ধৰ্ম আৰু তাৰ আনুষংগিক বিষয়সমূহৰ জেউতি দুগুণে চৰিছিল বাবে শংকৰ মাধৱৰ মিলনক ‘গুৰ-শিষ্যৰ মণি-কাঞ্চন সংযোগ’ আখ্যা দিয়া হৈছে।
২। ‘এ বাপ মোতপৰে নৰাধম পশু নাপালো বিচাৰি’ এই কথাষাৰ কোনে, কাক, কেতিয়া কৈছিল, বুজাই লিখা।
উত্তৰ: মাধৱদেৱক পৰীক্ষা কৰি চোৱাৰ কাৰণে এদিন শংকৰদেৱে তেওঁক ক’লে-
পশু নকৰিবা শৰ
মৰাও নানিবা জিয়াও নানিবা
সুদাহাতে নপসিবা ঘৰ
ইয়াকে কৈ পিছদিনা এটি ‘নৰপশু’ আনি দিবলৈ মাধৱদেৱক ক’লে। কথাটো শুনি মাধরদের বৰ চিন্তাত পৰিল আৰু নৰপশুৰ বিষয়ে চিন্তা কৰিবলৈ ধৰিলে। গোটেই ৰাতিটো উজাগৰে থাকি তেওঁ সপ্তদ্বীপ, চৈধ্য ব্রহ্মাণ্ড, তিনি ভুৱন- স্বৰ্গ, মর্ত্য, পাতাল বিচাৰ কৰি চালে। কিন্তু শংকৰদেৱে বিচৰা নৰপশু ক’তো বিচাৰি নাপালে। শেষত দাস্যভাবৰ পৰিপোষকতা কৰা মাধৱদেৱে নিজকেই গুৰুৱে বিচৰা ‘নৰপশু’ বুলি ধৰি ল’লে।
ইয়াকে ভাবি তেওঁ পিছদিনা শংকৰদেৱৰ ওচৰলৈ গ’ল। গুৰুৱে নৰপশুৰ কথা উলিয়ালত মাধৱদেৱে উত্তৰ দিলে যে গুৰুৰ আজ্ঞা শিৰোগত কৰি গোটেই ৰাতি উজাগৰে থাকি সপ্তদ্বীপ, চৈধ্য ব্রহ্মাণ্ড আৰু তিনি ভুৱন বিচাৰি চালে, কিন্তু নিজতকৈ অধম নৰপশু বিচাৰি নাপালে। সংসাৰত একমাত্র তেৱেঁহে নৰপণ্ড প্রাণী। গতিকে তেওঁ নিজকেই গুৰুৰ আগত নৰপশু হিচাপে উপস্থাপন কৰিছে।
সেই সময়ত শংকৰদেৱে ভাগৱতৰ একাদশ স্কন্ধৰ বিষয়বস্তুৰ ‘নিমিনৱসিদ্ধ সম্বাদ’ নামৰ তেওঁৰ পদপুথিখন ৰচনা কৰি আছিল। মাধৱদেৱৰ উত্তৰত তেওঁ অতিশয় মুগ্ধ হৈ পৰিল আৰু মাধৱদেৱৰ মনৰ আত্ম-লঘিমাৰ ভাব প্রকাশ কৰাৰ কাৰণে দাস্যভাবৰ এফাকি কবিতা তাত যোগ দিয়ে। কবিতা ফাকি হ’ল-
তোমাৰ ভৃত্যৰ ভৃত্যৰো ভৃত্যৰ
তাৰো ভৃত্য ভৈলো আমি।
মোক জগন্নাথ নকৰা অনাথ
নেৰিবা মাধৱ স্বামী।।
মাধৱদেৱৰ উত্তৰৰ মাজেদি তেওঁৰ আত্ম-লঘিমাৰ ভাব প্রকাশ হৈছে। মাধৱদেরে সদায় নিজকে সকলোতকৈ সৰু, দীন-হীন বুলি ভাবিছিল। কৃষ্ণ ভক্তি আৰু গুৰুসেৱাই আছিল তেওঁৰ জীৱনৰ ব্ৰত। মাধৱদেৱৰ এই গুণে শংকৰদেৱক বৰকৈ আকৰ্ষণ কৰিছিল।
► ৰচনাধৰ্মী প্রশ্নোত্তৰ:
১। প্রথম সাক্ষাতৰ সময়ত শংকৰদেৱ আৰু মাধৱদেৱৰ মাজত কি বিষয়ক কেন্দ্ৰ কৰি তর্ক যুদ্ধৰ সূত্রপাত হৈছিল গুৰু শিষ্যৰ মণিকাঞ্চন সংযোগ পাঠটিৰ আধাৰত লিখা।
উত্তৰ: শংকৰদেৱ লগৰ ভূঞাসকলৰ সৈতে উজনি অসমৰ মাজুলীৰ ধুৱাহাট বেলগুৰিত কীৰ্ত্তন ঘৰ নিৰ্মাণ কৰিলে। তেওঁলোকে তাতে বসবাস কৰি উজনি অসমত ধৰ্ম প্ৰচাৰৰ কাম আৰম্ভ কৰিলে। সেই সময়তে ধুৱাহাট বেলগুৰিৰ পৰা আঁতৰৰ ভৰাৰীডুবি ৰামদাসৰ ঘৰত থাকিবলৈ লৈছিল। ৰামদাস হৈছে মাধৱদেৱৰ বৈনায়েক। শংকৰদেৱক লগ পোৱাৰ পূৰ্বে মাধৱদেৱ আইছল ঘোৰ শাক্ত আছিল। তেতিয়া তেওঁ দেবী দুর্গাৰ পূজা সেৱাত নিৰত আছিল। মাধৱৰ মাক এবাৰ টান নৰিয়াত পৰিছিল। তেতিয়া মাধৱদেৱে মাকৰ আৰোগ্য বিচাৰি দেৱী দূৰ্গাৰ আগত এযোৰ ছাগলী বলি দিয়াৰ মানস কৰিছিল। মাকৰ বেমাৰ ভাল হোৱাত বলি দিবৰ বাবে ছাগলী বিচাৰি মাধবে বৈনায়েক ৰামদাসক পঠাইছিল। ইতিমধ্যে ৰামদাসে বৈষ্ণব ধর্মত দীক্ষা লৈছিল আৰু শংকৰদেৱৰ এজন শিষ্যত পৰিগণিত হৈছিল। সেয়ে তেওঁ বলিৰ বাবে পঠা ছাগলী অনাৰ কথাটো শংকৰক জনালে। শংকৰদেৱে ৰামদাসক পঠা ছাগলী কিনিবলৈ বাধা প্রদান কৰিলে আৰু মাধৱক তেওঁৰ ওচৰলৈ লৈ আহিবলৈ ক’লে। ৰামদাসে ছাগলী ননাৰ বাবে মাধৱদেৱে ৰামদাসক ককৰ্থনা কৰিছিল। ৰামদাসে তেতিয়া মাধৱক শংকৰদেৱৰ কথা ক’লে।
সেইমতে মাধৱদেৱে আহি শংকৰদেৱৰ ওচৰ পাইছিলহি। শাক্ত ধৰ্মৰ সপক্ষে তৰ্ক কৰাৰ উদ্দেশ্যেই শংকৰে বেলগুৰিত উপস্থিত হৈচিল। সেই সময়ত দেৱী পূজা কৰা নকৰাক লৈ শংকৰদেৱ আৰু মাধৱদেৱৰ মাজত তৰ্ক আৰম্ভ হৈছিল।
পাঠাংশ অনুসৰি শংকৰদেৱ আৰু মাধৱদেৱৰ মাজত দেৱীপূজা কৰা নকৰাক লৈ ন-ঘণ্টা ধৰি তৰ্ক-বিতর্ক চলিল। শংকৰদেৱে নিবৃত্তি মাগৰ্দৰ সম্পৰ্কত সমৰ্থন কৰিলে আৰু মাধৱদেৱে প্রবৃত্তি মাৰ্গৰ সম্পৰ্কত সমর্থন কৰিলে। বহু সময় কোনোৱে কাকো পৰাজয় কৰিব পৰা নাছিল। কিন্তু শংকৰদেৱে পাছত ভাগৱতৰ গুৰুমূল শ্লোক মাতি যেতিয়া নিবৃত্তি মাৰ্গৰ প্ৰকৃত অর্থ বুজাই দিলে তেতিয়াই মাধৱদেৱে নিবৃত্তি মাৰ্গৰ শ্ৰেষ্ঠত্ব মানি ল’বলৈ বাধ্য হ’ল। এইদৰে তৰ্কত পৰাজিত হোৱাৰ পিছত মাধৱদেৱে শংকৰদেৱক গুৰু মানি সেৱা জনালে। মাধৱদেবে আহিয়েই শংকৰদেৱক বৰভূঞা হিচাপেহে সেৱা কৰিছিল। কিন্তু তৰ্কত পৰাজিত হৈ সেৱা কৰিলে শংকৰদেৱক গুৰু মানি। ইয়াৰ পাছত ৰামদাস আৰু মাধৱদেৱে শংকৰদেৱৰ পৰা বিদায় লৈ নিজ স্থান ভৰাৰীডুবিলৈ প্ৰস্থান কৰে।
2 thoughts on “BA 1st Semester Assamese Chapter 4 Question Answer 2025 | গোট-৪ : শংকৰদেৱৰ পৰৱৰ্তীকালৰ সাহিত্য | পাঠ : ২ | গুৰু শিষ্যৰ মণিকাঞ্চন সংযোগ | অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস (১৮২৬ চন পর্যন্ত) | BA 1st Semester Assamese Unit 4 Question Answer 2025 | ba 1st semester assamese question answer”